গোড্ডা (বিহাৰ): ধৰ্মী পাহাৰিনী এগৰাকী চাৰিফুট তিনি ইঞ্চি উচ্চতাৰ মহিলা। ধৰ্মীৰ দেহৰ ওজন মূৰত কঢ়িয়াই অনা ৪০ কিলোগ্ৰাম ওজনৰ খৰিৰ বোজাটোতকৈও কম। তেওঁ দেৱৰানমডৰ হাটলৈ আহিছে। দেৱৰানমডত সপ্তাহত এবাৰ বা দুবাৰ বজাৰ বহে। বজাৰখনৰ পৰা ধৰ্মীৰ গাঁও ছেৰকাটিয়া সাত কিলোমিটাৰ দূৰত্বত অৱস্থিত। অৰ্থাৎ তেওঁ সাত কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এই বজাৰলৈ আহিছে। কিন্তু বজাৰমুৱা হোৱাৰ পূৰ্বে তেওঁ ২৪ কিলোমিটাৰ পথ খোজ কাঢ়ি গৈ জংঘলৰ পৰা খৰি লুৰুকি আনি পাছত সৰু সৰু জোখত কাটি বজাৰলৈ আনে। জংঘলৰ পৰা খৰিৰ সংগ্ৰহৰ পৰা বজাৰলৈ যোৱালৈকে তেওঁ এনেদৰে মুঠতে ৩১ কিলোমিটাৰ পথ খোজ কাঢ়িবলগীয়া হয়। খৰিখিনি বিক্ৰী কৰি আঠ বা ন টকা পায়।

ওখোৰা-মোখোৰা পথটো ৰাজমহল পাহাৰৰ মাজেৰে পাৰ হৈ গৈছে। কিন্তু জীয়াই থাকিবৰ বাবে ধৰ্মীয়ে সপ্তাহত অন্ততঃ এবাৰ এই পথেৰে অহা-যোৱা কৰিবলগীয়া হয়। ধৰ্মী হৈছে দেশৰ ভিতৰতে পিছপৰা ৰূপে চিহ্নিত পাহাৰীয়া জনজাতিৰ মহিলা। গোড্ডা জিলাত উক্ত জনজাতিৰ প্ৰায় ২০ হেজাৰ লোকে বাস কৰে। এই জিলাৰ অন্তৰ্গত পুৰণি চান্থাল সংমণ্ডলত পাহাৰীয়া জনজাতিৰ লোকসকলে বাস কৰে। দশকৰ পিছত দশক ধৰি দি অহা প্ৰতিশ্ৰুতিসমূহ, পৰিকল্পনা, আঁচনি আৰু প্ৰগতিয়ে তেওঁলোকৰ দুৰৱস্থা দূৰ কৰিব পৰা নাই।

দৰিদ্ৰতাই ধৰ্মা আৰু তেওঁৰ দৰে সহশ্ৰজনক মহাজন (ঋণদাতা/ব্যৱসায়ী)ৰ জালত বন্দী হবলৈ বাধ্য কৰাইছে। সেই সূত্ৰে জীয়াই থাকিবলৈ মহাজনৰ নিৰ্দেশ মানি তেওঁলোকে খৰি কাটিবলগীয়া হয়। বহু পাহাৰীয়া জনজাতি লোকৰ বাবে খৰি হৈছে জীৱিকাৰ গুৰুত্বপূৰ্ণ উৎস। তদুপৰি কাঠৰ চোৰাং ব্যৱসায়ত জড়িত কিছুসংখ্যক মহাজনৰ হৈ এই জনজাতিৰ বহু লোকে কাম কৰে। ইয়াৰ ফলস্বৰূপে কি হৈছে, তাৰ বিষয়ে গোড্ডা কলেজৰ ডঃ সুমন দাৰাধিয়াৰে এনেদৰে কয়, কাঠৰ এই চোৰাং কাৰবাৰৰ ফলত ব্যাপক হাৰত বন ধ্বংস হৈছে। ইয়ে পাহাৰীয়া অঞ্চলসমূহৰ এক বৃহৎ অংশত পৰিৱেশতান্ত্ৰিক ভাৰসাম্যৰ ক্ষতিসাধন কৰিছে। কলেজত ডঃ দাৰাধিয়াৰে চান্থাল পাৰাগণাৰ পাহাৰীয়া সম্প্ৰদায়ৰ পৰিৱেশতন্ত্ৰক লৈ চলোৱা এক অধ্যয়নত কোৱা হৈছে যে মহাজনসকলে দৰিদ্ৰ আৰু অসহায় লোকসকলক ক্ষমাহীনভাৱে কৰা শোষণৰ পৰিৱেশতন্ত্ৰৰ ক্ষতিৰ সৈতে সম্পৰ্ক আছে।

Woman assessing weight of load of wood
PHOTO • P. Sainath

ফটোঃ বজাৰলৈ যাত্ৰাৰ পূৰ্বে তেওঁ নিজৰ দেহৰ ওজনতকৈও অধিক ওজনৰ খৰিৰ বোজাটোৰ ওজন জুখি চাইছে। ইয়াৰ উদ্দেশ্য হৈছে দীঘলীয়া পথ খোজকাঢ়ি যাওঁতে যাতে ভাৰসাম্য ৰক্ষা কৰিব পাৰে

হাটত মই ধৰ্মীক ক’লো যে তেওঁ এই বোজা লৈ অতদূৰ বাট খোজকঢ়াৰ কথা বিশ্বাস কৰিবলৈ টান পাইছো। তেতিয়া চাৰিওকাষে জুম বান্ধি ৰৈ থকা মানুহবোৰে খঙত ভোৰভোৰালে। প্ৰায় ১২ জন মানুহে কৈ উঠিল যে ধৰ্মীতকৈ অধিক বাট খোজকাঢ়ি বজাৰলৈ অহা বহু মহিলা আছে। ইয়াৰ সত্যাসত্য জনাৰ এটাই উপায় আছে। পিছদিনা আমি পাহাৰীয়া বাটেৰে পাহাৰীয়া মহিলাৰ সৈতে খোজকাঢ়ি সেই দূৰত্ব অতিক্ৰম কৰিব লাগিব।

থেথ্ৰিগোড্ডা পাহাৰৰ থিয় বাটত পুৱা ৬ বজাত সেই যাত্ৰা খুব এটা ভাল পৰিকল্পনা নহয়। পাহাৰীয়া গাঁৱৰ কিছুমান ঠাই পাবলৈ আপুনি দুই-তিনিটা টিলা অতিক্ৰম কৰিব লাগিব। আমি আঠ কিলোমিটাৰ অতিক্ৰম কৰিলোঁ। ইয়াৰে বৃহৎ অংশৰ যাত্ৰা পাহাৰৰ ওপৰলৈ আছিল। কোনো নিৰ্দিষ্ট লক্ষ্য নোহোৱাকৈ যাত্ৰা কৰি থকাৰ পাছত হাতত কাঁচি লৈ খৰখেদা খোজেৰে পাহাৰৰ ফালে যোৱা পাহাৰীয়া জনজাতিৰ একাংশ মহিলাক দেখিবলৈ পালোঁ। তেওঁলোকৰ মিহি অথচ খৰ খোজৰ সৈতে খোজ মিলোৱাটো কঠিন। আমি ফোপাই-জোপাই অনুসৰণ কৰিলো। পাহাৰৰ পৰা নামনিৰ ফালে নামি আহোতে আমি আন বহুসংখ্যক মহিলাক দেখিবলৈ পালোঁ। তেওঁলোকৰ কোনোবাই নিজ নিজ গাঁৱৰ ফালে আৰু আন কোনোবাই জংঘলৰ ফালে গৈ আছে। প্ৰতিগৰাকী মহিলাই মূৰত ৩০-৪০ কিলোগ্ৰাম ওজনৰ ডাঙৰ একোটা খৰিৰ বোজা কঢিয়াই নিছে।

*

মহিলাসকলৰ শাৰীৰিক শক্তি আৰু মনৰ উজ্জীৱতা অনুধাৱন কৰিলে বুজা যায় যে তেওঁলোকৰ অতি কমসংখ্যকেহে ৫০ বছৰৰ দেওনাত ভৰি দিবলৈ সক্ষম হয়। গোড্ডাৰ বহু পাহাৰীয়া জনজাতিৰ গাঁৱত ৫০ৰ দেওনা অতিক্ৰম কৰা পুৰুষ-মহিলা পোৱাটো কঠিন। আনকি মহিলাসকলে ৪৫ বছৰ জীৱিত থাকিবলৈ সক্ষম নহয়।

বজাৰলৈ খৰি বিক্ৰী কৰিবলৈ অহা দিনা গুহি পাহাৰিনীয়ে ৪০ কিলোমিটাৰৰো অধিক পথ খোজকাঢ়িবলগীয়া হয়। খৰি কাটিবলৈ যোৱা বাটটো তেওঁৰ চুটি জীৱনটোৰ দীঘলীয়া বাটৰ একাংশহে। আকৌ পানী আনিবলৈ নিতৌ ছয়ৰ পৰা আঠ কি.মি. বাট খোজকাঢ়িবলৈ আছেই।

কিন্তু তেওঁ হাঁহিমুখেৰে কয়, পানীৰ উৎস বেছি দূৰত নাই (তাৰমানে উৎসস্থললৈ দুই কিলোমিটাৰ দূৰত্ব)। তেওঁ লগতে কয়, ‘কিন্তু মই একেবাৰতে বেছি পানী আনিব নোৱাৰোঁ বাবে কেতিয়াবা তিনি-চাৰিবাৰ যাবলগীয়া হয়।’ বজাৰলৈ খৰি বেচিবলৈ সপ্তাহত দুবাৰ অত দূৰ খোজ কঢ়াৰ উপৰি মহিলাগৰাকীয়ে এনেদৰে পানী সংগ্ৰহ কৰিবলৈ খোজকাঢ়িবলগীয়া হয়। পানীৰ উৎসস্থল ‘দুই কি.মি.’ ঠিকেই, কিন্তু তালৈ যোৱা বাট থিয় আৰু দুৰ্গম, দেহা মাৰিবলগীয়া।

গুহীৰ জীৱন ব্যতিক্ৰম নহয়। অধিকাংশ পাহাৰীয়া জনজাতিৰ মহিলাই জীৱন পথত এনেদৰে চুঁচৰিবলগীয়া হৈছে। আমি ঠেকি শিকিলো যে যে বৰষুণৰ দিনত পাহাৰীয়া বাটৰ থিয় গঢ়াবোৰ অধিক বিপজ্জনক হৈ পৰে। গুহীৰ দৰে পাহাৰীয়া জনজাতিৰ মহিলাসকলে বছৰত দিল্লীৰ পৰা বম্বেলৈ যিমান দূৰত্ব তাৰ চাৰি-পাঁচগুণ দূৰত্বৰ সমান দূৰত্ব খোজ কাঢ়ে।

পাহাৰৰ খাঁজৰ মাটিত পাহাৰীয়া জনজাতিৰ পুৰুষসকলে ঝুম খেতি কৰে। মানুহে খেতি কৰাৰ পাছত এডোখৰ মাটি পুনৰ পূৰ্বৰ দৰে গছ গজিবলৈ ১০ বছৰৰ বাবে এৰি দিলেহে ঝুম খেতি বহনক্ষম। এসময়ত পাহাৰীয়া জনজাতিৰ লোকসকলে এনেদৰেই খেতি কৰিছিল। কিন্তু ধাৰৰ বোজা, ভূমিৰ ওপৰত পৰা চাপ আৰু জীয়াই থকাৰ তাড়নাত ১০ বছৰ নহওঁতেই তেওঁলোকে পুনঃপুনঃ খেতি কৰিবলৈ ল’লে। তাৰ বাবে শস্যৰ অৱশিষ্ট অংশ জ্বলাই দিয়া হ’ল। এই প্ৰক্ৰিয়া চক্ৰাকাৰে অব্যাহত থকাত অৰণ্য শূন্য হৈ পৰিল। তদুপৰি একেবোৰ মাটিতে অত্যধিক খেতি কৰি থকাত ফচলৰ উৎপাদনো হ্ৰাস পালে।

ইয়াত উৎপাদন কৰা কেতবোৰ বীন মুম্বাইত উচ্চ দামত বিক্ৰী হয়। এনেদৰে জীৱনধাৰণ সন্দৰ্ভত চন্দ্ৰশ্বেখৰ পাহাৰীয়াই কয়, ‘কেৱল পাহাৰীয়াসকলকে নহয়, মোক ঋণ দিয়া মহাজনকো খাদ্য-শস্য বিক্ৰী কৰিবলগীয়া হয়।’ গতিকে তেওঁ এটকাত এক কিলোগ্ৰামকৈ শস্য বিক্ৰীৰ বাবে সাজু কৰিবলগীয়া হয়। উৎপাদন কৰা খাদ্যশস্য পাহাৰীয়াসকলে কেতিয়াও নিজে খাবলৈ নাপায়। উৎপাদন কৰা সকলো খাদ্যশস্য মহাজনক বিক্ৰী কৰিবলগীয়া হয়। ডঃ দাৰাধিয়াৰ অধ্যয়নত উল্লেখ যে মহাজনক  ঋণৰ ধাৰ মাৰোতে পাহাৰীয়াসকলৰ আয়ৰ ৪৬ শতাংশ ব্যয় হয়। তদুপৰি আন ৩৯ শতাংশ ঋণদাতালৈ পৰোক্ষভাবে ( প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় আদিৰ জৰিয়তে) যায়।

আমি এটা পাহাৰৰ আন এটা পাহাৰলৈ গৈ মহিলাসকলে কৰা কামৰ বুজ লোৱাৰ সময়ত দেখিছিলো যে পাহাৰবোৰ দুঃখলগাকৈ টকলা হৈ পৰিছে। আমি পোৱা গাঁওসমূহত স্কুল বুলিবলৈ কাগজে-কলেমেহে আছে আৰু থাকিলেও ছাত্ৰ-ছাত্ৰীৰ সংখ্যা শূন্য। পাহাৰীয়া লোকসকলৰ মাজত সাক্ষৰ মহিলা পোৱাটো দুৰূহ।

ফটো তুলি এই মহিলাসকলৰ ২০ মিটাৰ আগলৈ যোৱাটো সম্ভৱ নহয়। যেতিয়া আমি ভাবিছিলো যে আমি আৰু ৰ’দৰ এই প্ৰচণ্ড উত্তাপ সহ্য কৰি তেওঁলোকৰ সৈতে আগবাঢ়িব নোৱাৰিম, তেনে সময়ত তেওঁলোকে পাহাৰৰ এঢলীয়া খাজত ৰৈ জুৰিৰ পানী আনি আমাক খাবলৈ দিলে। এই পানী খোৱাৰ লগে লগে আমাৰ হাঁও-ফাঁও শাঁত পৰে আৰু সাহ বাঢ়িল। তেওঁলোকে খোজ লোৱা এতিয়া তিনিঘণ্টা পাৰ হ’ল।

ডঃ দাৰাধিয়াৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা পোৱা যায় যে পাহাৰীয়া লোকসকলে খোৱাপানী সংগ্ৰহ কৰা জান-জুৰিবোৰত আয়’ডিন নাই আৰু এই পানীৰ গুণাগুণ অতি নিম্ন মানৰ। অঞ্চলটোৰ জনস্বাস্থ্য দুখলগা, এই ক্ষেত্ৰত কৰণীয় ভালেখিনি, তেওঁ এইদৰে কয়।

পানীযোগানৰ নাম-গোন্ধেই অঞ্চলটোত নাই। এয়া অঞ্চলটোৰ প্ৰতি কৰি অহা দীৰ্ঘদিনীয়া অৱহেলা-অনীহাৰ ফল। পৰিণতিত পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে পানীৰ পৰা হোৱা বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আহিছে। এনে ৰোগৰ অন্যতম হৈছে ডায়েৰিয়া, গ্ৰহণী আৰু উদৰ স্ফীতি ৰোগ। বহুতে কাঁচি-কোষ ৰক্তহীনতা, গঁৰল, যক্ষ্মাৰ দৰে ৰোগতো আক্ৰান্ত হৈ আহিছে। তদুপৰি অঞ্চলটো মেলেৰিয়া অধ্যুষিত অঞ্চলৰূপে খ্যাত। এই সম্পৰ্কত অঞ্চলটোৰ ডৰিঅ’ গাঁৱৰ ৪৫ বছৰীয়া গান্ধে পাহাৰীয়াই কয়, “কোনোবা গুৰুতৰভাবে অসুস্থ হ’লেও চিকিৎসা কৰাবলৈ সুবিধা নাই। বেমাৰীক বাঁহৰ চাঙিত ভাৰ বান্ধি দুৰ্গম পথেৰে প্ৰায় ১৫ কিলোমিটাৰ দূৰৈৰ চিকিৎসালয়লৈ নিওঁ।

মহিলাসকলে খোৱাপানী সংগ্ৰহৰ কাম সামৰি আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ধৰিলে। এগৰাকী যুৱতীয়ে ভৱিষ্যতে হ’বলগীয়া আত্মীয়ৰ বাবে পানী সংগ্ৰহ কৰিব পাৰিবনে নোৱাৰে, তাৰেই পৰীক্ষা এই পানীসংগ্ৰহৰ কাম। পাহাৰীয়াসকলৰ পৰম্পৰা মতে যুৱতীয়ে শাহুৰ-ননদ আদিৰ সৈতে থাকিবলৈ লোৱাৰ বহুদিনৰ পাছতহে তেওঁৰ বিয়াৰ আয়োজন কৰা হয়।

এই সম্পৰ্কত শব্দৰপাহাৰীয়া ব্লক (উন্নয়ন খণ্ড)ৰ অন্তৰ্গত উপৰ চিডলাৰ গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি এট্ৰো পাহাৰীয়াই কয়, ‘অৱস্থা চাই ব্যৱস্থা! যেতিয়া এগৰাকী যুৱতীয়ে আমাৰ এনে পৰিৱেশত খোৱাপানী সংগ্ৰহ কৰিব পাৰিলেহে কইনা হিচাপে আদৰি লোৱা হয়।’

অৱশ্যে বিগত ১৫ বছৰ ধৰি পাহাৰীয়াসকলৰ উন্নয়মৰ বাবে কাম কৰি অহা চান্থাল পাহাৰীয়া সেৱা মণ্ডলৰ গিৰিধৰ মাথুৰে কয় যে বিয়াৰ পূৰ্বে পাহাৰীয়াসকলৰ যুৱতীসকলে শাহু-ননদৰ সৈতে বাস কৰিবলগীয়া সময়ৰ ম্যাদ অতিৰঞ্জিতভাবে দীঘলীয়া কৰা হৈছে। কিন্ত পুৰুষৰ ক্ষেত্ৰত কৰ্মদক্ষমতাৰ এনে পৰীক্ষা লোৱা নহয়। অৱশ্যে যুৱতীসকলেও কোনো পুৰুষক বিয়াৰ ক্ষেত্ৰত নাকচ কৰিব পাৰে। আনকি বিয়াৰ পূৰ্বে শাহুৰ-ননদৰ সৈতে থকাৰ পাছতো এগৰাকী যুৱতীয়ে এজন পুৰুষক স্বামীৰূপে বৰণ নকৰিব পাৰে আৰু নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে। মাথুৰে এনেদৰে কয়।

*

টেথ্ৰিগড্ডা আৰু ভ’ড্ডা খোটাৰ মাজৰ পথ জোঙা , পিচল আৰু এঢলীয়া শিলৰ। কিন্তু এনে এটা পথত অহা-যোৱা কৰিবলৈ পাহাৰীয়া জনজাতিৰ লোকসকলে কোনো চিন্তা নকৰে যেন বোধ হয়। এই সম্পৰ্কত মাথুৰে কয়, ‘আমাৰ ইয়াৰ পথবোৰ উন্নয়নৰ নহয়, শোষণৰ প্ৰতীক। পাহাৰৰ চূড়াত থকা গাঁওসমূহত বাস কৰা পাহাৰীয়া জনজাতিৰ লোকসকলৰ তুলনাত পাহাৰৰ নামনিত বাস কৰা পাহাৰীয়া জনজাতিৰ লোকসকল মহাজনসকলৰ দ্বাৰা অধিক শোষিত হয়।’

পাহাৰীয়া জনজাতিৰ লোকসকলক কোনো উন্নয়ন আঁচনিয়ে ঢুকি নাপায়। পাহাৰীয়াসকলেও চৰকাৰী নীতি-প্ৰস্তুতৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত জড়িত নকৰে। এবাৰ এখন পৰীক্ষামূলক আঁচনি লৈ পাহাৰীয়া জনজাতিৰ প্ৰতিটো পৰিয়ালক দুজনীকৈ গৰু দিয়া হৈছিল। কিন্তু পাহাৰীয়াসকলে গৰুৰ গাখীৰ নাখায়। তেওঁলোকে ভাবে যে এজনী গৰুৰ গাখীৰ তাইৰ পোৱালিটোৰ বাবেহে।

আনকি পাহাৰীয়াসকলে দুগ্ধজাত সামগ্ৰীও নাখায়। কিন্তু কিয়, এই কথা কোনেও নাজানে। কিন্তু তেওঁলোকে গৰুৰ মাংস খায়, ঋণৰ ভালেখিনি তেনেকৈয়ে পেটত সোমাল। আনসকলে গৰুক খৰাঙৰ প্ৰাণীৰূপে পোহাৰ চেষ্টা কৰিলে। ফলত পাহাৰীয়া ওখোৰা-মোখোৰা স্থানত গৰুবোৰ মৃত্যুমুখত পৰিল।  এনেদৰে সবাতোকৈ দৰিদ্ৰ এক শ্ৰেণীৰ লোকে ঋণ পৰিশোধ কৰিবলগীয়া হ’ল, যি ঋণ তেওঁলোকে বিচৰাও নাছিল।

মাথুৰে আঙুলিয়াই দিয়ে যে চৰকাৰী পুঁজিয়ে কেৱল ঠিকাদাৰসকলৰ উদৰহে পুৰাইছে। দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ উৎপীড়নত পাহাৰীয়াসকল মহাজনসকলৰ হাতোৰাত অধিক বন্দী হৈছে। এই সম্পৰ্কত ৰাজনৈতিকভাবে সচেতন পাহাৰীয়া লোকসকলৰ মাজৰ মধু সিঙে কয়, ‘চৰকাৰী বিষয়াসকল অস্থায়ী বাস্তৱ। মহাজনসকল স্থায়ী বাস্তৱ।’

ৰাজনৈতিক আন্দোলনসমূহৰ প্ৰভাবো তেনেই সীমিত। ৬০ আৰু ৭০ৰ দশকত চি পি আইৰ নেতৃত্বত গঢ়ি উঠা এক আন্দোলনৰ জৰিয়তে মহাজনসকলৰ কবলৰ পৰা পাহাৰীয়া জনজাতিৰ লোকসকলৰ ভূমি উদ্ধাৰ হয়। কিন্তু এয়া বাহাল ৰখাত চৰকাৰ ব্যৰ্থ হল আৰু স্থিতাৱস্থা বাহাল থাকিল। সফলতা অবিহনেই এই অঞ্চলত বহু এন জি অ (ইয়াৰে কিছুসংখ্যকৰ ভাল অৱস্থিতি আছে)ই বহু বছৰ ধৰি কাম কৰিছে।

অঞ্চলটোলৈ অধ্যয়নৰ বাবে যোৱা ড. দাৰাধিয়াৰ আৰু তেওঁৰ সহযোগী ড. পি কে বাৰ্মাৰ মতে পাহাৰীয়া জনজাতিৰ লোকসকলৰ জনসংখ্যা হ্ৰাস পাবলৈ ধৰিছে।  অৱশ্যে চৰকাৰে এনে তথ্য অস্বীকাৰ কৰিছে। কিন্তু মানি লৈছে যে এনে এটা বিপদৰ আশংকা আছে। এই বিপদৰ আশংকা দূৰ কৰিবলৈ চৰকাৰে বহু কৰ্ম-আঁচনি ঘোষণা কৰিছে, কিন্তু এনে কৰ্ম-আঁচনিয়ে পাহাৰীয়াসকলৰ পৰিৱৰ্তে ঠিকাদাৰসকলক আৰু মহাজনসকলকহে উপকৃত কৰিব। এই সম্পৰ্কত মধু সিঙে কয়, আমাৰ বন-অৰণ্য নিঃশেষ হবলৈ ধৰিছে। আমাৰ মাটি-বাৰীৰ পৰিমাণ কম, কিন্তু পীড়া অধিক।

*

আমি অৱশেষত পাহাৰপুৰ এৰি থৈ হাট পালোগৈ। কিন্তু আমি পাহাৰীয়া মহিলাসকলক প্ৰথম দেখাৰপৰা সেয়া আছিল ২৪ কিলোমিটাৰ দূৰত। গোটেই দিনটোত আমি ৪০ কিলোমিটাৰ কোনোমতে চুঁচৰি-বাগৰি গৈছিলো। আগন্তুক আঠদিনলৈ এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি হৈ থাকিব, সেই চিন্তাই মনৰ শান্তি হৰিছিল। ইফালে আমাৰ সমুখতে মহিলাসকলে ৩০ৰ পৰা ৪০ কিলোগ্ৰাম ওজনৰ খৰিৰ বোজা পাঁচৰ পৰা সাত টকা দৰত বিক্ৰী কৰিলে।

পাছদিনা সৰ্বশৰীৰ বিষ, তাৰ মাজতে মই ১৯৪৭ চনত স্থাপিত স্বাধীনতা স্তম্ভ (ফ্ৰীডম পিলাৰ) দেখিলো। স্তম্ভত খোদিত প্ৰথমটো নাম হৈছে পাহাৰীয়া লোকৰ। আচলতে স্তম্ভত খোদিত অধিকাংশই পাহাৰীয়া শ্বহীদ।

কিন্তু স্বাধীনতাৰ হকে প্ৰথমে মৃত্যুবৰণ কৰাজনেই ইয়াৰ পৰা উপকৃত হোৱা শেষৰজন।

পি চাইনাথৰ ‘এভ্ৰিবডী লাভছ এ গুড ড্ৰট’ৰ সংক্ষিপ্ত কিয়দংশ, পেংগুইন ইণ্ডিয়াৰ সৌজন্যত।

অ’ৰ্ডফ্ৰণ্টৰ কুৰি শতিকাৰ শ্ৰেষ্ঠ প্ৰতিবেদন হিচাপে ‘যন্ত্ৰণাৰ পাহাৰবোৰ’ নিৰ্বাচিত আৰু প্ৰকাশিত হৈছিল।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath