তেনেহ’লে পাতনি মেলো...

পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিয়ে ২০১৪ৰ পৰা ভাৰতীয় বৈচিত্ৰময় ভাষাৰ জগতখনক প্ৰতিনিধিত্ব কৰি আহিছে, এনে এখন দেশ, য’ত ৮৩.৩ কোটি লোকে প্ৰায় ৮৬ টা ভিন্ন লিপিৰ ৭০০ টা ভাষা কয়। এই ভাষাবোৰে, যাৰ কিছুমানৰ কোনো লিপি নাই, সেইবোৰেই লগ লাগি ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যৰ ধাৰাক প্ৰৱাহিত কৰি ৰাখিছে। এই ভাষাবোৰৰ অবিহনে ভাৰতীয় জনজীৱনৰ ভঁৰাল এটাৰ কথা কল্পনা কৰিব নোৱাৰি, বাস্তৱ ৰূপ দিয়া দূৰৰে কথা। পাৰিৰ প্ৰতিটো ষ্ট’ৰিৰ ক্ষেত্ৰত এই ভাৰতীয় ভাষাবোৰলৈ অনুবাদৰ এক অপৰিসীম ভূমিকা থাকে।

“জনজীৱনৰ এই জীৱন্ত মহাফেজখানাই সাংবাদিকতাৰ ক্ষেত্ৰখনত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। অনুবাদক ই সামাজিক ন্যায়ৰ দৃষ্টিৰে চায়,” স্মিতা খাটোৰে কয়। “গ্ৰামাঞ্চলৰ সংখ্যাগৰিষ্ঠ ভাৰতীয়ই এতিয়াও ইংৰাজী ভাষাৰ পৰা শত যোজন দূৰত থকা এনে সময়ত জ্ঞানৰ উন্মোচন আৰু ইয়াৰ প্ৰসাৰ কেৱল ইংৰাজী ভাষাত দীক্ষিত, ইংৰাজী ভাষা কওঁতা শ্ৰেণীটোৰে যাতে কেৱল বিশেষাধিকাৰ হৈ নাথাকে, সেয়া ই নিশ্চিত কৰে।”

আমাৰ ভাষা সম্পাদক আৰু অনুবাদকসকলে প্ৰায়ে শব্দৰ সাংস্কৃতিক প্ৰসংগ, বাক্যাংশৰ সঠিক অনুবাদ আদিক লৈ সঘনে আলোচনা কৰে, তৰ্ক কৰে আৰু নিজ নিজ ভাৱ বিনিময় কৰে। এনেকুৱাই এটা দিনৰ কথা...

স্মিতা : পুৰুষোত্তম ঠাকুৰৰ সেই ষ্ট’ৰিটো মনত আছে, তাত যে তেওঁ তেলাংগনাৰ এটা ইটাৰ ভাতীত কাম কৰি থকা কুৰুমপুৰিৰ পৰা প্ৰব্ৰজিত শ্ৰমিকক লগ পোৱাৰ কথা বৰ্ণনা কৰিছিল। তেওঁলোক যে কিমান আনন্দিত হৈ পৰিছিল পুৰুষোত্তমদাক দেখি। বয়সীয়া মানুহবোৰৰ এজনে তেওঁক কৈছিল, ‘বহুদিনৰ মুৰত মই ওড়িয়া ভাষা কোৱা মানুহ এজন লগ পাইছো। আপোনাক দেখি যে কিমান সন্তোষ পাইছো!’

আৰু মহাৰাষ্ট্ৰৰ পৰা জ্যোতি শিনৌলিয়ে ৰঘু নামৰ প্ৰব্ৰজিত শ্ৰমিকজনৰ ওপৰত কৰা ষ্ট’ৰিটো । যাৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো আছিল নতুন স্কুলখন অভ্যস্ত হোৱা, য’ত শিক্ষক আৰু বন্ধুসকলৰ কোনেও তেওঁ বুজি পোৱা ভাষাত কথা পতা নাছিল। ষ্ট’ৰিটোত ল'ৰাটোৰ মাক গায়ত্ৰীয়ে কয়, “মাত্ৰ তিনি সপ্তাহ চেন্নাইৰ স্কুলখনলৈ যোৱাৰ পিছত এদিন কান্দি কান্দি সি ঘৰলৈ উভতি আহিল। স্কুললৈ আৰু সি হেনো নাযায়। সিহঁতে কি কথা পাতে, সি একো বুজি পোৱা নাছিল আৰু কোনেও তাৰ সৈতে ভালকৈ কথা পতা নাছিল।”

মানুহে জীৱিকাৰ সন্ধানত দূৰ-দূৰণিলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হোৱা পৰিস্থিতিত ভাৰতৰ গ্ৰামাঞ্চলৰ মানুহৰ বাবে ভাষিক পৰিচয় অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰে।

PHOTO • Labani Jangi

শংকৰ : কিন্তু স্মিতা, কেতিয়াবা শব্দবোৰেও ইখন ঠাইৰ পৰা সিখনলৈ প্ৰব্ৰজন কৰে। সেন্থালিৰৰ হস্ত-পৰাগযোগৰ ষ্ট’ৰি এটাৰ অনুবাদৰ সময়ত মই বুজিলো যে পথাৰত মহিলাকসকলে ‘ক্ৰছ’ বা ‘ক্ৰছিং’ বোলা ইংৰাজী শব্দটো তেওঁলোকে ফুলবোৰত হাতেৰে পৰাগযোগ ঘটোৱা কামটো বুজাবলৈ ব্যৱহাৰ কৰে। ইংৰাজী শব্দ এটাই তেওঁলোকৰ মৌখিক ভাষাৰ অংশ হৈ পৰিছে। এনে বহু শব্দ আপুনি শুনিবলৈ পাব।

এই কামটো ভালো লাগে, আকৌ কেতিয়াবা সমস্যাতো নপৰা নহয়। কেতিয়াবা নিজৰ ৰাজ্যখনৰে, কৰ্ণাটকৰ কেতবোৰ ষ্ট’ৰি ইংৰাজীত যেতিয়া পঢ়ো, এনে লাগে যেন সেইবোৰ কথা খাপ খোৱা নাই, সেইবোৰ বাক্য তেওঁলোকৰ মুখৰ নহয়। কিতাপৰ ভাষা যেন লাগে। সেইবোৰত যেন প্ৰাণ নাই, ৰঙো ঢেলা। সেয়ে মই যেতিয়া অনুবাদ কৰিবলৈ লওঁ, তেতিয়া মানুহজনৰ কথা শুনো, কেনেকৈ কথা কয় জানিবলৈ চেষ্টা কৰোঁ। নিশ্চিত কৰোঁ যাতে সেই ষ্ট’ৰিটো শিল্প হৈ উঠাৰ পৰিৱৰ্তে তেওঁলোকৰ নিজৰ হৈ উঠে।

প্ৰতিষ্ঠা : এই কামটো কেতিয়াও উজু বা পোনপটীয়া নহয়। সাংবাদিকসকলে তেওঁলোকৰ মাতৃভাষাত লিখা ষ্ট’ৰিটো অনুবাদ কৰোঁতে বহুত গুণাগঁথা কৰিবলগীয়া হৈ যায়। এটা ষ্ট’ৰি মূলতঃ গুজৰাটী বা হিন্দীত ভালেই লাগে। কিন্তু যেতিয়া মই সেইটো ইংৰাজীলৈ নিষ্ঠাৰে অনুবাদ কৰোঁ, তেতিয়া ষ্ট’ৰিটোৰ শাহটো, বাক্যৰ গাঁথনি, ৰচনাভংগীৰ সাৱলীলতা ভংগ হোৱা যেন অনুভৱ কৰোঁ। তেতিয়া ভাবো এনে পৰিস্থিতিত মোৰ আনুগত্য কি হোৱা উচিত। অনুবাদত উপান্ত শ্ৰেণীৰ অভিজ্ঞতা সামৰা মূল কাহিনীটোৰ প্ৰতি আনুগত্য ৰাখিম; নে মূল লিপি, ব্যৱহৃত শব্দ, গাঁথনিক সততাৰে অনুবাদ কৰিম? মই ভাৰতীয় ভাষাত সম্পাদনা কৰোঁ নে ইংৰাজীত সম্পাদনা কৰোঁ? শেষত ই এক কষ্টসাধ্য দীঘলীয়া প্ৰক্ৰিয়া হৈ পৰে। প্ৰক্ৰিয়াটোত ধাৰণাৰ সালসলনি কৰা হয় আৰু কেতিয়াবা তৰ্কৰ মাজেৰে দুখোজ আগলৈ, এখোজ পিছলৈ কৰি গৈ থকা হয।

অনুবাদ সম্ভৱ, কাৰণ ভাষাসমূহৰ মাজত সংযোগ আৰু যোগাযোগৰ উপায় আছে। কিন্তু ছবি, ধ্বনি, ৰচনাশৈলী, ভাষা এটাৰ মাজত নিহিত জ্ঞানৰ ভাণ্ডাৰ আৰু ইয়াৰ সাংস্কৃতিক জগতখনৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্ক আৰু ইয়াৰ স্বকীয়তাৰ কথা মই কেৱল পাৰিৰ সৈতে কাম কৰাৰ পিছতহে ভালদৰে পৰিচিত হ’লো। বহু সময়ত আমি একেটা ষ্ট’ৰিৰে দুটা ভাষাৰ দুটা সংস্কৰণ বুকুত কঢ়িয়াই লৈ ফুৰিছো – অথচ কাহিনী একেটাই। কিন্তু ইমানেই সুকীয়া যে ইটোক আনটোৰ অনুবাদ বুলি ক’বলৈ দ্বিধাবোধ হয়।

জশুৱা : প্ৰতিষ্ঠা বাইদেউ, অনুবাদ আচলতে একধৰণৰ পুনৰ্সৃষ্টি নহয়নে? জাঁতশালৰ গীত যেতিয়া বাংলা ভাষাত মই অনুবাদ কৰোঁ, আচলতে তাক বাংলাত পুনঃ সৃষ্টি কৰি তোলো। ওৱিবোৰক মোৰ মাতৃভাষাত অনুবাদ কৰোঁতে মই কেতবোৰ ছন্দৰ তত্ত্বক এৰাই চলিব লাগে, কথোপকথনৰ কেতবোৰ শৈলী পাহৰি যাবলগীয়া হয়। কবি হোৱাটো পাহাৰৰ টিলা এটা বগোৱাৰ লেখীয়া, কিন্তু কবিতাৰ অনুবাদ যেন পৰ্বতাৰোহণ!

মাৰাঠী মৌখিক সাহিত্যৰ প্ৰকাশভংগী, ধাৰণা, চিত্ৰকল্প, ৰচনাশৈলী, ছন্দ, উপমাৰ সমগ্ৰ জগতখন অক্ষত ৰাখি আন এটা ভাষাত কেনেকৈ তাক পুনৰ গঢ়া সম্ভৱ? গ্ৰাম্য গায়ক-গীতিকাৰৰ পৰা অনুপ্ৰাণিত হৈ মই সেই কবিতাবোৰক নাৰীৰ দৃষ্টিৰে জুকিয়াই চাওঁ। এনেকৈ চাওঁ যেন জাতি ব্যৱস্থা, পিতৃপ্ৰধান ব্যৱস্থা, শ্ৰেণী সংগ্ৰামৰ যুঁজখন জাঁতশালতে চলিছে, দুৰ্ভগীয়া শস্যৰ দৰে পিচা যাবলৈ দিও নিজৰ চিন্তাক। বংগৰ গ্ৰামাঞ্চলৰ নাৰীসমাজৰ সংগীত আৰু কাব্যৰ মৌখিক ধাৰাৰ বৰ্ণালীত বুৰ গৈ স্থানীয় মৌখিক পৰম্পৰা যেনে টুছু, ভাদু, কুলো-ঝাৰা গান, ব্ৰতকথা আদিৰ পৰা অনুপ্ৰাণিত হৈ অনুবাদত ধৰো।

একে সময়তে কেতিয়াবা হতাশ হওঁ, কেতিয়াবা আচম্বিতে মুগ্ধ হৈ চমকি উঠো।

PHOTO • Labani Jangi

মেধা : মই আপোনালোকক কওঁ কিহৰ অনুবাদ বেছি টান। হাস্যৰসৰ অনুবাদ। সাইনাথৰ যে লিখনীবোৰ। এলিফেণ্ট মেন এণ্ড দা বেলী অৱ দা বীষ্ট পঢ়োতে মোৰ হাঁহিও উঠিছিল আৰু আনফালে বুজি উঠিছিলো যে এই হাস্যৰস অনুবাদত ধৰি ৰখাটো উজু নহ’ব। প্ৰতিটো শাৰী, প্ৰতিটো শব্দই তিনিজন মানুহে শান্ত-শিষ্ট পাৰ্বতী নামৰ হাতীটোৰ পিঠিত উঠি তাইৰ অতিকৈ মৰমৰ মাউত পৰভুৰ সৈতে কথা পাতি থকাৰ এক মনোমুগ্ধকৰ দৃশ্য ফুটাই তোলে। এই হাতীটোৱে কেনেকৈনো ইমান খাদ্য খায়, তাকে লৈ তেওঁলোকৰ আলোচনা চলে।

হাতীটোৰ পিঠিত উঠি তেওঁলোকৰ যাত্ৰাৰ ছন্দ আৰু গতিৰ সৈতে মিলাই হাস্যৰসৰ ক’তো অকণো উজুতি নোখোৱাকৈ মই মাৰাঠীলৈ সেইটো অনুবাদ কৰিবলগীয়া আছিল।

উজুটি পিছে শিৰোনামটোতে খালো, যিটো পাৰিৰ প্ৰায়ভাগ ষ্ট’ৰিৰ ক্ষেত্ৰতে অনুবাদকে খায়েই। অনুবাদ কৰি গৈ থাকোতে শেষৰফালে মোৰ মনত পৰিল, কেনেকৈ বকাসুৰেও এই হাতীটোৰ দৰে সকলো গোগ্ৰাসে গিলিছিল। কেনেকৈ বকাসুৰক গোটেই গাওঁখনে আলপৈচান ধৰি তত নাপাইছিল। সেয়ে মই মাৰাঠীত ষ্ট’ৰিটোৰ শিৰোনামটো অনুবাদ কৰিলো এনেদৰে: हत्ती दादा आणि बकासुराचं पोट

বেলী অৱ দা বিষ্ট নাইবা পেণ্ডোৰাজ বক্স নাইবা থিয়েটাৰ অৱ দা অপটিক্স আদি বাক্যাংশ অনুবাদ কৰোঁতে আমাৰ ভাষাটোৰ সৈতে পৰিচিতি থকা শব্দ, ধাৰণা, চৰিত্ৰ আদি বিচাৰি উলিওৱাটো জৰুৰী বুলি মই ভাবো।

প্ৰতিষ্ঠা : আন এক সাংস্কৃতিক পৰিৱেশত জন্ম হোৱা কবিতা এটা অনুবাদ কৰাৰ ক্ষেত্ৰত মই এনে স্বাধীনতা লওঁ। পাৰিৰ ষ্ট’ৰি এটাৰ ক্ষেত্ৰত কিয় কোনোবাই সেয়া কৰে, সেয়া মই বুজি পাওঁ। আচলতে অনুবাদ কৰাখিনিৰ অৰ্থ পাঠকে নিজে নিৰ্ধাৰণ কৰে।

PHOTO • Labani Jangi

‘পাৰিৰ অনুবাদবোৰ কেৱল ভাষাতত্ত্ব সম্বন্ধীয় কামেই নহয়, আকৌ ইংৰাজী ভাষাৰ কেৱল অনুবাদ হিচাপেই ইয়াৰ ভূমিকা সীমাবদ্ধ নহয়। আমাৰ চিনাকি শব্দবোৰৰ আঁৰত লুকাই থকা আনুষংগিক অৰ্থ পৰিস্ফুট কৰি তোলাটোও পাৰিৰ অনুবাদৰ উদ্দেশ্য’ পি. সাইনাথ

কমলজীত : পাঞ্জাৱীত কথাবোৰ কেনেকুৱা মই কওঁ শুনক। বহু সময়ত অনুবাদ কৰি যাওতে মই মোৰ নিজৰ ভাষাটোৰ নিয়মবোৰ সামান্য হেৰফেৰ কৰিবলগীয়া হৈ পৰে। এই কামটোৰ বাবে মই কেতিয়াবা সমালোচনাৰো সন্মুখীন হওঁ।

উদাহৰণ স্বৰূপে ইংৰাজীত সামাজিক মৰ্যাদা নিৰ্বিশেষে সকলোৰে বাবে একেই সৰ্বনাম ব্যৱহাৰ কৰা হয়। পাঞ্জাৱীত, আন বহু ভাৰতীয় ভাষাৰ দৰে ব্যক্তিৰ পদমৰ্য্যাদা, বয়স, শ্ৰেণী, সামাজিক স্থিতি, লিংগ আৰু জাতি অনুসৰি সৰ্বনাম সলনি হয়। সেয়েহে পাৰিৰ ষ্ট’ৰি এটা ইংৰাজীৰ পৰা পাঞ্জাৱীলৈ অনুবাদ কৰাৰ সময়ত মই মোৰ ভাষাৰ যদি সামাজিক-ভাষিক নিয়ম অনুসৰণ কৰিবলৈ যাওঁ, তেতিয়া ই আমাৰ আদৰ্শগত বিশ্বাসসমূহৰ সৈতে দ্বন্দৰ সৃষ্টি কৰিব।

সেয়ে আমি আৰম্ভণিৰে পৰা সিদ্ধান্ত ল’লো যে অনুবাদৰ প্ৰক্ৰিয়াত আমি সকলোকে সমান সন্মানেৰে সম্বোধন কৰিম, সেয়া লাগিলে এজন গুৰু হওঁক, এজন ৰাজনীতিবিদ, এজন বিজ্ঞানী, এজন অনাময় কৰ্মী, এজন পুৰুষ কিম্বা এগৰাকী ৰূপান্তৰিত নাৰীয়েই হওঁক।

সেয়ে আমি তৰন তাৰন জিলাৰ মহাজনৰ ঘৰে ঘৰে গৰু-ম’হৰ গোবৰ চাফা কৰা মনজিত কৌৰ নামে দলিত মহিলা এগৰাকীৰ ষ্ট’ৰি এটাৰ অনুবাদ কৰোঁতে মানুহে মোক উভতি ধৰিলে, “আপুনি কিয় আপোনাৰ ভাষাত মনজিত কৌৰক ইমান সন্মান দিছে?” বহুতে ভাবিছিল যে মই অনুবাদত মেচিনৰ সহায় লৈছো, কিয়নো মই নিয়মবোৰ অনুসৰণ কৰা নাছিলো আৰু ‘হা’ৰ ঠাইত ‘হে’ ব্যৱহাৰ কৰিছিলো।

দেৱেশ : আৰে, আনকি হিন্দীতো উপান্ত শ্ৰেণীৰ বাবে সন্মানসূচক শব্দৰ অভাৱ আছে। বাস্তৱতঃ তেওঁলোকৰক উপহাস নকৰা শব্দ পাবলৈ টান। কিন্তু আন ভাষাৰ পৰা শিকি, নিজাকৈ কিছুমান শব্দৰ সৃষ্টি কৰি অনুবাদৰ সময়ত এই সমস্যা সমাধানৰ বাবে আমি বাধ্য হৈ পৰো।

প্ৰকৃতি, বিজ্ঞান, লিংগ আৰু যৌনতা আনকি অক্ষমতাক লৈও সঠিক শব্দ বিচাৰি পোৱাত কেতিয়াবা সমস্যাৰ সন্মুখীন হওঁ। হিন্দী অভিধানত সঠিক শব্দৰ অভাৱ পৰিলক্ষিত হয়। কেতিয়াবা ভাষাৰ মহিমামণ্ডিতকৰণৰ ফলতো কেতবোৰ মৌলিক প্ৰশ্ন হেৰাই যায়। এই ধৰক মহিলাক দেৱী হিচাপে কৰা সম্বোধন, আকৌ অক্ষম ব্যক্তিক দিব্যাংগ বুলি কোৱাটো। কিন্তু বাস্তৱ প্ৰেক্ষাপটত এইসকলৰ অৱস্থা আগতকৈও শোচনীয়।

ষ্ট’ৰি এটা, এই ধৰক কবিতা আয়াৰৰ ‘मैं नलबंदी कराने के लिए घर से अकेली ही निकल गई थी’ ষ্ট’ৰিটো অনুবাদ কৰোঁতে অনুভৱ কৰিছিলো যে হিন্দীত সাহিত্যৰ বিশাল ভাণ্ডাৰ থকা স্বত্ত্বেও অনা-সাহিত্যৰ ধাৰাত মানুহৰ দুখ-কষ্টক স্পষ্ট ৰূপত দাঙি ধৰাৰ উদাহৰণ খুবেই কম। জ্ঞান, বিজ্ঞান, চিকিৎসাশাস্ত্ৰ আৰু স্বাস্থ্য আৰু সমাজৰ সমস্যাসমূহ প্ৰকাশ কৰিব পৰাকৈ শব্দ পৰ্য্যাপ্ত পৰিমাণে এতিয়াও নাই।

PHOTO • Labani Jangi

স্বৰ্ণ কান্তা : ভোজপুৰীতো কাহিনীটো একেই। আচলতে তাতোকৈ শোচনীয়। এই ভাষাটোত লিখকতকৈ কওঁতা বেছি। শিক্ষাৰ চৰকাৰী মাধ্যম নোহোৱাৰ বাবে ভোজপুৰীত নতুন নতুন জীৱিকা যেনে চিকিৎসাশাস্ত্ৰ, অভিযান্ত্ৰিক বিদ্যা, ইণ্টাৰনেট, সামাজিক গণমাধ্যম আদি বিষয়ক বহু শব্দ নাই।

নতুন শব্দ যোগ দিব পাৰি দেৱেশ, কিন্তু বিভ্ৰান্তিয়ে দেখা দিব পাৰে। ট্ৰান্সজেণ্ডাৰ - এই শব্দটোৰ বাবে মুখে মুখে হিজৰা, চাক্কা, লৌণ্ডা আদি অভিধা চলি আহিছে। ট্ৰান্সজেণ্ডাৰ শব্দটোৰ পৰিৱৰ্তে এইবোৰ শব্দ চৰম অপমানজনক। একেদৰে কিছুমান বাক্যাংশ যেনে মহিলা দিৱস, মানসিক স্বাস্থ্য, আইনৰ নাম, স্বাস্থ্যসেৱাৰ আইন-কানুন, টুৰ্ণামেণ্টৰ নাম আদি অনুবাদ কৰাটো কঠিন কাম হৈ পৰে।

বিহাৰৰ সমস্তিপুৰৰ এগৰাকী ১৯ বৰ্ষীয় যুৱতী শিৱানীৰ ষ্ট’ৰিটো অনুবাদ কৰা মনত পৰে। জাত-পাত আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে, পৰিয়ালৰ বিৰুদ্ধে এইগৰাকী মহাদলিত যুৱতীয়ে অকলে যুঁজিছিল। এই বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে মই ভালদৰেই জানো যদিও এনে কাহিনী বাস্তৱ জীৱনত খুবেই কম পঢ়িবলৈ পোৱা যায়।

অনুবাদে, মোৰ বোধেৰে, সমাজ এখনৰ বৌদ্ধিক আৰু সামাজিক অগ্ৰগতিত যথেষ্টখিনি অৰিহণা যোগায়।

নিৰ্মল : মানক ৰূপ এটা নোপোৱা ভাষাৰ ক্ষেত্ৰতো এনে হয়। চত্তিশগড়ী ভাষাটো ৰাজ্যখনৰ পাঁচটা অঞ্চল - উত্তৰ, দক্ষিণ, পূৱ, পশ্চিম আৰু কেন্দ্ৰীয় ভাগত এক ডজনৰো অধিক ঠাঁচত কোৱা হয়। সেয়ে চত্তিশগড়ী ভাষাত অনুবাদ কৰাৰ সময়ত মানক ভাষা এটা নথকাক লৈ আমি বিপাঙত পৰো। নিৰ্দিষ্ট এটা শব্দ বাচি লোৱাৰ সময়ত ঠিক-বেঠিক নিৰ্ণয় কৰাটো আমাৰ বাবে কঠিন হৈ পৰে। এনে পৰিস্থিতিত সাংবাদিক বন্ধু, সম্পাদক, লিখক, শিক্ষকৰ আৰু কিতাপৰ কাষ চাপো।

সাইনাথৰ উপহাৰৰ টোপোলাধাৰী ঠিকাদাৰৰ পৰা সাৱধান শীৰ্ষক প্ৰতিবেদনখনৰ অনুবাদৰ সময়ত মই ভালেমান চত্তীশগড়ী শব্দ পালো, যিবোৰ সচৰাচৰ ব্যৱহাৰ কৰা নহয়। চত্তীশগড়ৰ সুৰগুজা এলেকাটো ঝাৰখণ্ডৰ সীমান্তত লাগি আছে। তাত ঘাইকৈ ওৰাওঁ আদিবাসীসকলৰ ঘৰ। তেওঁলোকৰ মৌখিক ভাষাত হাবিৰ সৈতে জৰিত শব্দ কিছুমান আছে। একেটা সম্প্ৰদায়ৰে মহিলা এগৰাকীক কেন্দ্ৰ কৰি ষ্ট’ৰিটো লিখা হৈছে হেতুকে মই সেই আদিবাসীসকলৰ সৈতে যোগাযোগৰ চেষ্টা কৰিলো আৰু তেওঁলোকে সাধাৰণতে ব্যৱহাৰ কৰা শব্দ গোটাবলৈ যত্ন কৰিলো। অৱশ্যে অঞ্চলটোৰ লোকে কুৰুখ ভাষাত কথা পাতে।

ভাবি আচৰিত হওঁ যে কিছুমান শব্দ যেনে সুকুৰদুম, কৌৱা, হাঁকা, হাঁকে, লানদা, ফাঁন্দা, খেদা, আলকৰহা আদি এটা সময়ত দৈনন্দিন জীৱনৰ অংশ আছিল, কিন্তু সম্প্ৰদায়বোৰ তেওঁলোকৰ জল, স্থল আৰু অৰণ্যৰ পৰা বিতাড়িত হোৱাৰ ফলত এতিয়া এই শব্দবোৰ হেৰাই গ’ল।

PHOTO • Labani Jangi

‘আমাৰ পৰিস্থিতিতন্ত্ৰ, জীৱিকা আৰু গণতন্ত্ৰ আদি আমাৰ ভাষাৰ ভৱিষ্যতৰ সৈতে ওতঃপ্ৰোতঃভাৱে সাঙুৰ খাই আছে। ভাষাই যি বিবিধতাৰ সম্ভাৰ আনে, সেয়া অমূল্য, কিন্তু সেই ভাষাবোৰৰেই অৱস্থা আজি উদ্বেগজনক’ – পি সাইনাথ

পংকজ : অনুবাদৰ সময়ত, যিটো গোষ্ঠী বা সম্প্ৰদায়ৰ বিষয়ে, যিটো সাংস্কৃতিক পটভূমিত ষ্ট’ৰিটো লিখা হৈছে, সেই জগতখনত সোমাই পৰাটো কিমান গুৰুত্বপূৰ্ণ সেই কথাটো মই পাৰিৰ অনুবাদৰ সময়ত বাৰুকৈয়ে উপলব্ধি কৰিছো। আৰুচক লৈ লিখা ষ্ট’ৰিটো অনুবাদ কৰিবলৈ যাওতে মই কেৱল ৰূপান্তৰকামী পুৰুষ আৰু এগৰাকী মহিলাৰ প্ৰেমৰ নিবিড় সম্পৰ্কই অনুধাৱন কৰিবলগীয়া হোৱা নাই, তাৰ লগতে তেওঁলোকে জীৱন যাত্ৰাত সন্মুখীন হোৱা জটিলতা আৰু প্ৰত্যাহ্বানখিনিও হৃদয়ংগম কৰিবলগীয়া হৈছে। তেনেক্ষেত্ৰত তেওঁলোকৰ ষ্ট’ৰিটোত ব্যৱহৃত প্ৰতিটো সুকীয়া শব্দ চয়নত সাৱধান হ’বলগীয়া হৈছে। উদাহৰণ স্বৰূপে আৰুচৰ ক্ষেত্ৰত হ’বলগীয়া অস্ত্ৰোপচাৰত জেণ্ডাৰ ৰিএচাইনমেণ্ট শব্দটো (জনপ্ৰিয় যদিও) ব্যৱহাৰৰ পৰিৱৰ্তে জেণ্ডাৰ এফাৰ্মেচন অভিধাটোতহে বেছি জোৰ দিয়া গৈছে, কিয়নো আৰুচৰ পৰিচয় ইতিমধ্যে এজন পুৰুষ, গতিকে তেওঁক জেণ্ডাৰ ৰি-এচাইন কৰাৰ কথা নাহে, এফাৰ্মেচন, বা স্বীকৃতিৰ কথাহে আহে।

ট্ৰান্সজেণ্ডাৰ এজনক ৰূপান্তৰকামী ব্যক্তি বুলি লিখিব পাৰি। আৰু তেওঁ কোন লিংগৰ, সেয়া জনাৰ পিছত ৰূপান্তৰিত পুৰুষ বা নাৰী বুলি লিখিব পাৰি। সেয়া ভালেই শব্দ। একেদৰে লেছবিয়ান বা গে’ অভিধাৰ বাবে সমকামী বুলিও অসমীয়া শব্দ আছে। কিন্তু কুইয়াৰ সকলক প্ৰতিনিধিত্ব কৰিবপৰাকৈ তেনে কোনো মানক শব্দ অসমীয়াত বোধকৰোঁ নাই। ভুল বা অপমানজনক শব্দ এটা জনমানসত প্ৰতিষ্ঠা হোৱাৰ আগেয়ে ভাল শব্দ এটা বিচাৰ কৰাটো আমাৰ দায়িত্ব। সদ্যহতে আমি লিপ্যন্তৰ কৰিয়ে থ’বলগীয়া হৈছে।

ৰাজসংগীত: পংকজ, ক’ভিড মহামাৰীৰ সময়ত যৌনকৰ্মীৰ সৈতে জড়িত আন এটা কাহিনীৰ কথা মনলৈ আহিছে যিটো পঢ়ি মই যথেষ্ট আৱেগিক হৈ পঢ়িছিলো। বিশ্বই এই নতুন ৰোগটোৰ সৈতে যুঁজি থকাৰ সময়ত দুখীয়াৰ প্ৰতি এক ব্যৱস্থাগত মইবৰ ভাব আৰু অৱজ্ঞাই সৰ্বসাধাৰণজনৰ সমস্যা আৰু গুৰুতৰ কৰি পেলাইছিল। যি সময়ত বিশেষ সুবিধাভোগী শ্ৰেণীৰ লোকসকলৰ বাবেও জীৱনটো কঠিন আছিল, সেই সময়ত সমাজৰ প্ৰান্তীয় লোকসকলৰ প্ৰতি গুৰুত্ব দিবলৈ কোনো নাছিল। কামাথিপুৰাৰ আকাংক্ষাৰ কাহিনীটোৱে আমাক মানুহৰ সীমাহীন দুখ-কষ্ট অনুধাৱন কৰিবলৈ বাধ্য কৰালে, যিসকলৰ কথা আগতে কেতিয়াও আমাৰ চেতনাত নাছিল।

দেশজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত, তেওঁলোকে বাস কৰা আৰু গ্ৰাহক অহা সৰু সৰু শ্বাসৰুদ্ধকৰ কোঠাবোৰেই এতিয়া তেওঁলোকৰ কণমানিহঁতৰ আশ্ৰয়স্থল হৈ পৰিল। এই নতুন পৰিস্থিতিৰ প্ৰভাৱ পৰিয়ালৰ কণমানিবোৰৰ ওপৰত কেনে আছিল? এগৰাকী যৌনকৰ্মী আৰু মাতৃ হিচাপে প্ৰিয়াই নিজৰ আৱেগ আৰু জীয়াই থকাৰ সংগ্ৰামৰ মাজত বিধ্বস্ত হৈ পৰিছিল। আনফালে তাইৰ পুত্ৰ বিক্ৰমে তেওঁলোকৰ অন্ধকাৰচ্ছন্ন অস্তিত্বৰ মাজত নিজৰ জীৱনৰ অৰ্থ বিচাৰি হাবাথুৰি খাইছিল।

পৰিয়াল, প্ৰেম, আশা, সুখ আৰু প্ৰতিপালনৰ বিষয়ক ধাৰণাবোৰে এই কাহিনীটোত হৃদয় বিদাৰক ৰূপত অৱতীৰ্ণ হৈছে, যদিওবা সেই একেখন সামাজিক পটভূমিত সি বৰ্ণিত হৈছে। এই কাহিনীবোৰ অনুবাদত আশাৰ সন্ধানত ব্যগ্ৰ হৈ পৰা মানুহৰ অন্তৰতম আগ্ৰহৰ কথা জানিবলৈ পালো।

সুধাময়ী : এইটো ক্ষেত্ৰত ময়ো একমত। এল.জি.বি.টি.কিউ. এ প্লাচ- সকলৰ ষ্ট’ৰি অনুবাদ কৰিবলৈ যোৱাৰ আগেয়ে মোৰ তেওঁলোকৰ বিষয়ে একো ধাৰণা নাছিল। আচলতে মই তেওঁলোকক বৰ আচহুৱা পাইছিলো। তেওঁলোকক ৰাস্তাত, ট্ৰেফিক চিগনেলত, বা আমাৰ ঘৰলৈ অহা দেখিলে তেওঁলোকৰ ফালে চাবলৈও ভয় লাগিছিল। আগতে ময়ো ভাবিছিলো যে তেওঁলোকে অস্বাভাৱিক ধৰণৰ আচৰণ কৰে।

অনুবাদৰ সময়ত মই বিষয়টোৰ ওপৰত দখল থকা আৰু পৰিভাষাবোৰ ভালদৰে জনা মানুহৰ কাষ চাপিছিলো। এনেকৈ অনুবাদৰ আগেয়ে পঢ়া আৰু তেওঁলোকক বুজিবলৈ যত্ন কৰাৰ পিছত মই তেওঁলোকৰ প্ৰতি থকা অহেতুক সংকোচবোধ আঁতৰিল। এতিয়া য’তেই আৰু যেতিয়াই তেওঁলোকক দেখা পাওঁ, মৰম আৰু আগ্ৰহেৰে দুআষাৰ কথা পাতিবলৈ যত্ন কৰোঁ।

ক’বলৈ গ’লে অনুবাদে আমাক আমাৰ বদ্ধমূল কিছুমান ধাৰণাৰ পৰা মুক্তি দিছে।

PHOTO • Labani Jangi

প্ৰণতিঃ তেনেকুৱাই কিছুমান ধাৰণাৰ পৰা আমি মুক্ত হ’ব পাৰিছিলো কেতবোৰ সংস্কৃতি বিষয়ক ষ্ট’ৰিৰ অনুবাদৰ জৰিয়তে। বিভিন্ন সাংস্কৃতিক উৎসৰ পৰা অহা বিষয়বস্তুবোৰ ভালদৰে পঢ়ি আৰু ভালদৰে অনুবাদ কৰিলেই অনুবাদকে ব্যাপক পৰিসৰত বিভিন্ন সাংস্কৃতিক ৰীতি-নীতিৰ সৈতে পৰিচিত হৈ পৰে। কোনো এটা বিষয়বস্তুৰ সাংস্কৃতিক সূক্ষ্মতাবোৰ মূল ভাষাত বুজাটো অতি প্ৰয়োজনীয় হৈ পৰে।

এটা সময়ত ব্ৰিটিছ ঔপনিৱেশিকতা ভাৰতত থকাৰ বাবে ইংৰাজী ভাষা বহু সময়ত সংযোগী ভাষা হৈ পৰে। কেতিয়াবা আমি কোনো লোকৰ মূল ভাষা নাজানো বাবে কামৰ সময়ত ইংৰাজীৰ ওপৰত নিৰ্ভৰশীল হৈ পৰো। কিন্তু এজন বিবেকবান অনুবাদকে অধ্যৱসায় আৰু ধৈৰ্য্যৰে বিভিন্ন সাংস্কৃতিক ৰীতি-নীতি, ইতিহাস আৰু ভাষা শিকি উৎকৃষ্ট মানৰ অনুবাদ কৰিব পাৰে।

ৰাজীৱ : কেতিয়াবা বিচাৰি চলাথ কৰিলেও মই মোৰ ভাষাত ইংৰাজী ভাষাটোৰ সমতুল্য শব্দ এটা বিচাৰি নাপাওঁ, বিশেষকৈ নিৰ্দিষ্ট বৃত্তিৰ সৈতে জড়িত কেতবোৰ প্ৰতিবেদন অনুবাদ কৰাৰ সময়ত। ষ্ট’ৰি এটাত দেখুওৱা সকলোবোৰ সঁজুলি আৰু সা-সৰঞ্জামৰ অনুৰূপ শব্দ এটা বিচাৰি পোৱাটো, নিজৰ ভাষাত তাক সঠিকভাবে বৰ্ণনা কৰাটো এক প্ৰত্যাহ্বানজনক কাম। কাশ্মীৰৰ শিপিনী উফাক ফাটিমাৰ ষ্ট’ৰিটোত চাৰখানা আৰু ছছম-এ-বুলবুল এই ধৰণৰ বয়ন আৰ্হিৰ অনুবাদ অসম্ভৱ। সেয়ে মই বৰ্ণনাৰ আশ্ৰয় ল’বলগীয়া হ’ল। মালায়ালম ভাষাত এনে কোনো শব্দ নাই। আনকি পাট্টু শব্দটোও বৰ চিন্তা কৰিবলগীয়া শব্দ। কাশ্মীৰি ভাষাত পাট্টু মানে ঊণ সূতাৰ পৰা তৈয়াৰ কৰা কাপোৰ, আনহাতে মালায়ালম ভাষাত তাৰ অৰ্থ মুগাৰ কাপোৰ।

কমাৰ : উৰ্দু ভাষাতো শব্দভাণ্ডাৰৰ প্ৰসংগ বিচাৰ্য্য বিষয়। বিশেষকৈ পাৰিত জলবায়ু পৰিৱৰ্তন আৰু মহিলা প্ৰজনন স্বাস্থ্য আৰু অধিকাৰ বিষয়ক অনুবাদৰ সময়ত। হিন্দীৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া। সেইটো কেন্দ্ৰ চৰকাৰৰ পৃষ্ঠপোষকতা প্ৰাপ্ত ভাষা। ভাষাটোৰ কাৰণে উৎসৰ্গিত অনুষ্ঠান আছে। সেয়ে হিন্দী ভাষাত যিকোনো অভিধা, পৰিভাষা সোনকালেই সৃষ্টি কৰা হয়। উৰ্দুত তেনে নহয়। বহুক্ষেত্ৰত আমি ইংৰাজী শব্দৰেই লিপ্যন্তৰ কৰিবলগীয়া হয়।

এটা সময়ত উৰ্দু ভাষাৰ গুৰুত্ব আছিল অপৰিসীম। ইতিহাসে কয় যে দিল্লী মহাবিদ্যালয় আৰু হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠান উৰ্দু গ্ৰন্থ অনুবাদৰ বাবে বিখ্যাত আছিল। কলিকতাৰ ফ’ৰ্ট উইলিয়াম কলেজৰ ঘাই উদ্দেশ্য আছিল বৃটিছ বিষয়াসকলক ভাৰতীয় ভাষাত প্ৰশিক্ষণ দিয়া, অনুবাদৰ কাম কৰিবলৈ। আজিৰ তাৰিখত সেইবোৰৰ চিন-মোকাম নাই। দেশৰ স্বাধীনতাৰ পাছতো চলি থকা উৰ্দু আৰু হিন্দীৰ দ্বন্দ আমি সকলোৱে দেখিছো আৰু উৰ্দু ভাষাটোৱে যিমানখিনি গুৰুত্ব পাব লাগিছিল, তাৰে সামান্যতমো পোৱা নাই।

PHOTO • Labani Jangi

কমলজীত : আপুনি ভাবে নেকি যে দেশ বিভাজনে ভাষাৰ মাজত বিভেদ আনিলে? মই নাভাবো যে ভাষাক কোনেও বিভাজিত কৰিব নোৱাৰে, যদিওবা মানুহৰ বিভাজন হ’ব পাৰে।

কমাৰ : এটা সময়ত উৰ্দ ভাষাটো গোটেই দেশখনৰ ভাষা আছিল। আনকি দক্ষিণ প্ৰান্ততো ই আছিল। তেওঁলোকে এই ভাষাটোক দক্ষিণী (বা ডেক্কানি) উৰ্দু বুলিছিল। এই ভাষাটোত লিখা বহু কবি আছিল আৰু ধ্ৰুপদী উৰ্দু পাঠ্যক্ৰমৰ সেইবোৰ এটা অংশ আছিল। কিন্তু মুছলিম শাসনৰ অন্ত পৰাৰ লগে লগে ভাষাটোৰো আধিপত্যৰ অৱসান ঘটিল। আধুনিক উৰ্দু ভাষাটো এতিয়া হিন্দী বলয়ৰ ৰাজ্য যেনে উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগত কোনোমতে বৰ্তি আছে।

ইয়াত উৰ্দু ভাষাত বিদ্যালয়ত পঢ়োৱা হৈছিল। হিন্দু হওঁক বা মুছলমান, সেয়া বিচাৰ্য্য বিষয় নাছিল। সংবাদ মাধ্যমত কাম কৰা বহু জ্যেষ্ঠ হিন্দু লোকে কয় যে তেওঁলোকে উৰ্দু জানে। তেওঁলোকে শৈশৱত স্কুলতে উৰ্দু পঢ়িছিল। কিন্তু উৰ্দু এতিয়া স্কুলত শিকোৱা নহয়। পাঠ্যক্ৰমত অন্তৰ্ভূক্ত নকৰিলে ভাষা এটা কেনেকৈ বাচি থাকিব?

আগতে উৰ্দু পঢ়ি মানুহে জীৱিকাৰ বাট মোকলাব পাৰিছিল, এতিয়া আৰু সেই দিন নাই। এতিয়াও কেইখনমান বাতৰি-কাকত আছে আৰু কেইদিনমান আগলৈকে উৰ্দু সংবাদমাধ্যমত মানুহে লিখা-মেলাও কৰিছিল। কিন্তু ২০১৪ৰ পিছত পুঁজিৰ অভাৱত বাতৰি-কাকতবোৰো নাইকিয়া হ’ল। ভাষাটো কোৱা মানুহ আছে, কিন্তু লিখিব পৰা আৰু পঢ়িব পৰা মানুহৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে।

দেৱেশ : ভাষা আৰু ৰাজনীতিৰ মেৰপেচত পৰি ভাষা এটাৰ এয়া কৰুণ পৰিণতি ঘটা বুলি ক’ব পাৰি কমাৰদা। কিন্তু এতিয়া আপুনি অনুবাদ কৰা ষ্ট’ৰিবোৰ কোনে পঢ়ে? আপোনাৰ কামৰ অৰ্থ আপুনি কিদৰে বিচাৰি পায়?

কমাৰ : পাৰিৰ বাৰ্ষিক সন্মিলনত প্ৰথমবাৰ মই এই কথাটো কৈছিলো। মই অনুভৱ কৰিছিলো যে পাৰিৰ মানুহখিনিয়ে আমাৰ ভাষাটো সংৰক্ষিত কৰিব বিচাৰে। সেয়ে আজিও মই পাৰিৰ সৈতে জৰিত হৈ আছো। কেৱল উৰ্দুৱেই নহয়, পাৰিয়ে প্ৰতিটো বিপন্ন ভাষাক উদ্ধাৰ কৰিব বিচাৰে।

এই ষ্ট’ৰিটো পাৰি-ভাষা টিমটোৰ দেৱেশ (হিন্দী), জশুৱা বোধিনেত্ৰ (বাংলা), কমলজীত কৌৰ (পাঞ্জাৱী), মেধা কালে (মাৰাঠী), মহম্মদ কমাৰ তবৰেজ (উৰ্দু), নিৰ্মল কুমাৰ চাহু (চত্তীশগড়ী), পংকজ দাস (অসমীয়া), প্ৰণতি পৰিদা (ওড়িয়া), প্ৰতিষ্ঠা পাণ্ড্যা (গুজৰাটী), ৰাজসংগীতা (তামিল), ৰাজীৱ চেলানাট (মালায়ালম), স্মিতা খাটোৰ (বাংলা), স্বৰ্ণ কান্তা (ভোজপুৰী), শংকৰ এন. কেঞ্চেনুৰু (কানাড়া) আৰু সুদাময়ী চাট্টেনাপল্লি (তেলেগু)য়ে লিখিছে। স্মিতা খাটোৰ, মেধা কালে আৰু জশুৱা বোধিনেত্ৰৰ সম্পাদকীয় সহযোগত প্ৰতিষ্ঠা পাণ্ড্যাই সম্পাদনা কৰিছে। আলোকচিত্ৰ সম্পাদনা কৰিছে বিনাইফেৰ ভাৰুচাই।

অনুবাদ: পংকজ দাস

PARIBhasha Team

PARIBhasha is our unique Indian languages programme that supports reporting in and translation of PARI stories in many Indian languages. Translation plays a pivotal role in the journey of every single story in PARI. Our team of editors, translators and volunteers represent the diverse linguistic and cultural landscape of the country and also ensure that the stories return and belong to the people from whom they come.

Other stories by PARIBhasha Team
Illustrations : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das