এক দশকৰো অধিক কাল ধৰি তেলাংগনাৰ সাংগাৰেড্ডী জিলাৰ গুম্মাড়িদালা ব্লকৰ ডোমাডুগ্গু গাঁৱৰ এটা ইটা ভাতীত বৈদেহী আৰু তেওঁৰ স্বামীয়ে কাম কৰি আহিছে। নুৱাপাড়া জিলাৰ কুৰুমপুৰী পঞ্চায়তৰ পৰা প্ৰতিবছৰে তেওঁলোক ইয়ালৈ আহে। “আমি মহাজনৰ পৰা ২০,০০০ টকা আগধন লৈছিলো,” বৈদেহীয়ে কয়। ইয়াৰ উপৰিঞ্চিকৈ ইটাভাতীৰ মালিকে খোৱা-বোৱাৰ বাবদ তেওঁলোকক দৈনিক ৬০ টকা ভাট্টা দিয়ে। “আমি যাতে আধাপেটীকৈ অন্ততঃ শুবলৈ যাব পাৰো, তাৰ কাৰণে ৮০ টকাকৈ দিবলৈ মহাজনক অনুৰোধ জনাওকচোন।”

২০১৭ত মই বৈদেহীৰ পৰিয়ালক লগ পাইছিলো, সেই সময়ত মই তেলাংগনাৰ ৰাংগাৰেড্ডী, সাংগাৰেড্ডী আৰু য়াদাদ্ৰি ভুৱনগিৰি জিলাকেইখনলৈ আহিছিলো।

বহুবছৰৰ আগতে যেতিয়া মই কালাহান্দি (বৰ্তমান নুৱাপাড়া জিলা হিচাপে বিভাজিত হ’ল) আৰু ইয়াৰ সংলগ্ন বোলাংগীৰ (বা বালাংগীৰ, বৰ্তমান ইয়াক সুৱৰ্ণপুৰ বুলি কোৱা হয়) বিষয়ে ১৯৯০ত গৱেষণা আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত, মই চাৰিপ্ৰকৃতিৰ প্ৰব্ৰজনকাৰীৰ মুখামুখি হৈছিলো:

যিসকল লোকে দৈনিক মজুৰ ৰূপে কাম কৰিবলৈ, ৰিক্সা চলাবলৈ, হোটেলত কাম কৰিবলৈ আৰু আন ধৰণৰ শ্ৰম কৰিবলৈ ৰায়পুৰ চহৰলৈ আহে (বৰ্তমান ছত্তীশগড়ৰ ৰাজধানী); যিসকলে বাৰগঢ় আৰু সম্বলপুৰৰ উন্নত জলসিঞ্চন ব্যৱস্থা থকা জিলাত কাম কৰিবলৈ আহে; বিশেষকৈ নিৰ্মাণ শ্ৰমিকৰূপে দিল্লী, মুম্বাই আৰু আন চহৰত কাম কৰিবলৈ যিসকল যুৱক আহে; আৰু যিবোৰ পৰিয়াল অন্ধ্ৰপ্ৰদেশ (আৰু কেতিয়াবা উপকূলীয় ওড়িশা)ত ইটাভাতীত কাম কৰিবলৈ আহে।

PHOTO • Purusottam Thakur

বৈদেহী (আগফালে থকা), তেওঁৰ গিৰীয়েক আৰু সম্পৰ্কীয়ই এটা দশক ধৰি তেলাংগনাত কাম কৰি আহিছে এইবাৰ তেওঁলোকে লগত এটা সন্তান লৈ আহিছে , আন দুজন স্কুলত থকা কাৰণে অনা নাই

১৯৬০ৰ মাজভাগত যেতিয়া কালাহান্দি আৰু বালাংগীৰত দুৰ্ভিক্ষৰ নিচিনা পৰিস্থিতিৰ উদ্ভৱ হৈছিল, তেতিয়াৰে পৰা প্ৰব্ৰজন আৰম্ভ হয়। ৮০ৰ দশকৰ শেষভাগত আৰু ৯০ৰ দশকৰ আগভাগত খৰাং বতৰ, শস্যৰ অনিষ্ট সাধন আৰু ঋণৰ বোজাৰ বাবে মানুহে প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে। ইটাৰ ভাতীবোৰত মালিকসকলে উৰিয়া প্ৰব্ৰজনকাৰীসকলৰ হাহাকাৰ অৱস্থাৰ কথা বুজি উঠিছিল আৰু স্থানীয় শ্ৰমিকতকৈ কম মজুৰিত তেওঁলোকক খটুৱাইছিল। এই শোষণ অব্যাহত থাকিল। এহাল স্বামী-স্ত্ৰী আৰু আন এজন প্ৰাপ্তবয়স্ক শ্ৰমিকক এটা গোট বুলি ধৰা হয়, এনে এটা গোটে ২০,০০০ টকাৰ পৰা ৮০,০০০ টকা আগধনৰূপে পায়।

ইয়াৰ বিনিময়ত ওড়িশাত অক্টোবৰ-নৱেম্বৰত শস্য চপোৱাৰ স্থানীয় উৎসৱৰ সামৰণি পৰাৰ পিছত পৰিয়ালবোৰে প্ৰব্ৰজনৰ প্ৰস্তুতি চলায়। ডিচেম্বৰ-জানুৱাৰী মাহত ঠিকাদাৰে শ্ৰমিকসকলক ইটাৰ ভাতীলৈ লৈ আহে। তাত তেওঁলোকে জুন মাহলৈকে কাম কৰে। ইতিমধ্যে তেওঁলোকৰ গাঁৱলৈ মৌচুমী ঘূৰি আহিবলৈ আৰম্ভ কৰাৰ লগে লগে গাওঁবোৰত তেওঁলোকে কৃষি শ্ৰমিকৰূপে কাম কৰিবলৈ অথবা নিজৰ ক্ষুদ্ৰ খেতিৰ পথাৰত কাম কৰিবলৈ উভতি আহে।

আগধন হিচাপে লোৱা ধনেৰে তেওঁলোকে আগৰ ঋণ পৰিশোধ কৰিবলৈ আৰম্ভ কৰে বা বিবাহ আদিৰ বাবে খৰছ কৰে, খেতিৰ গৰু-ম’হ ক্ৰয় কৰে, চিকিৎসাৰ বাবে ব্যয় কৰে। প্ৰব্ৰজন কৰা পৰিয়ালবোৰৰ সদস্য সংখ্যা যিমান নহওঁক, প্ৰতিটো গোটে দৈনিক ৬০ টকা খাদ্যৰ ভাট্টা দিয়ে। ইটাৰ ভাতীত কাম শেষ হোৱাৰ পিছত দৈনিক ৬০ টকাকৈ দিয়া ধনৰ লগতে আগধনৰ মুঠ হিচাপ কৰা হয় আৰু ইয়াৰ বিপৰীতে তেওঁলোকে কিমান ইটা বনালে, তাৰ হিচাপ উলিওৱা হয়।

প্ৰতি ১০০০ টা ইটা বনোৱাৰ বাবদ তিনিজনীয়া একোটা গোটে ২২০ টকাৰ পৰা ৩৫০ টকা পায়। ইটা ভাতীত মালিক বা ঠিকাদাৰৰ লগত আগতে হোৱা বন্দোবস্তিৰ ওপৰত এই নিৰিখ নিৰ্ভৰ কৰে। এদল শ্ৰমিকে পাঁচ মাহত ১০০,০০০ৰ পৰা ৪০০,০০০ টা ইটা বনাব পাৰে, যদিহে অতিৰিক্ত সহায়ক থাকে - অৰ্থাৎ তিনিজনীয়া গোটৰ যদি কোনো কাম কৰাৰ সামৰ্থ্য থকা পৰিয়ালৰ সদস্য থাকে। এনেদৰে ধন দিয়াৰ পৰিমাণ ২০,০০০ টকাৰ পৰা কদাচিৎ ১৪০,০০০ টকা পৰ্য্যন্ত হয়। আগধন আৰু দৈনিক দিয়া ৬০ টকাৰ মুঠ হিচাপ তেওঁলোকে পাবলগা ধনৰ পৰা বিয়োগ কৰাৰ পিছত বহু পৰিয়ালৰ আগধন পৰিশোধ নহয়, ইটাৰ ভাতীত হাড়ক মাটি তেজক পানী কৰি শ্ৰম কৰাৰ পিছত তেওঁলোকে ঋণৰ বোজা লৈ ঘৰলৈ উভতি যায়।

PHOTO • Purusottam Thakur

ৰাংগাৰেড্ডী জিলাৰ কোংগাৰা কালান গাঁৱৰ ইটাৰ ভাতীত তিনিবছৰ ধৰি কাম কৰি অহা বণিতা চিন্দা আৰু তেওঁৰ স্বামী নেত্ৰ। তেওঁলোকে নুৱাপাড়া জিলাৰ বদেন ব্লকৰ কিড়ে ঝোলা গাঁৱৰ ক্ষুদ্ৰ চুবুৰী সাৰ্গিমুণ্ডাৰ পৰা আহিছে আৰু তেওঁলোক চুকোতিয়া-ভুঞ্জিয়া জনজাতীয় গোষ্ঠীৰ অন্তৰ্ভূক্ত। সাত বছৰীয়া জীয়াৰী পিংকী, পাঁচ বছৰীয়া লক্ষ্মী আৰু সাতমহীয়া কল্যাণীক লগত লৈ তেওঁলোক ইয়ালৈ আহিছে। 'আমাক চৰ্দাৰ (ঠিকাদাৰ) আৰু ইটাভাতীৰ মালিক বহি আমাৰ মজুৰি ঠিৰাং কৰিব। তিনিটা প্ৰাপ্তবয়স্ক শ্ৰমিক - মই, মোৰ পত্নী আৰু মোৰ ভতিজা ল’ৰাৰ বাবাদ ৮০,০০০ টকা আগধন লৈছো। ইয়াৰে ১০,০০০ টকাৰ সোণ কিনিলো, ১৭,০০০ বেংকত জমা কৰিলো আৰু বাকী টকা আমাৰ খোৱা-পিন্ধাত খৰছ কৰিম,' নেত্ৰই কয়

PHOTO • Purusottam Thakur

সাংগাৰেড্ডী জিলাৰ জিন্নাৰাম ব্লকৰ আন্নাৰাম গাঁৱত মই নেত্ৰানন্দ সাবাৰ (বহি থকা) আৰু ৰাইবৰী ভই  (কোলাত এটি কেঁচুৱা লৈ তলত বহি থকা)ক লগ পাইছিলো। নুৱাপাড়া জিলাৰ মাহুলকোট গাঁৱৰ পৰা তেওঁলোক আহিছে। মহিলাগৰাকীয়ে ক’লে, 'যোৱা ১৮ বছৰ ধৰি আমি ইটাৰ ভাতীৰ কাম কৰিবলৈ আহি আছো'

PHOTO • Purusottam Thakur

ওড়িশাৰ বালাংগীৰ জিলাৰ বেলপাৰা ব্লকৰ পান্দ্ৰিজ গাঁৱৰ পৰা অহা ৰেমতী ধাৰুৱা তেওঁৰ স্বামী কৈলাশ খেতিয়ক সাংগাৰেড্ডী জিলাৰ আন্নাৰাম গাঁৱত মই তেওঁলোকক লগ পাইছিলো খৰাং বতৰৰ বাবে তেওঁলোকৰ খেতি নষ্ট হয় আৰু সেই কাৰণে তেওঁলোকে তেওঁলোকৰ জীয়াৰী , জোঁৱাই, নাতিনীক লগত লৈ ইটাৰ ভাতীলৈ আহিছে তদুপৰি ১০ম শ্ৰেণীত পঢ়ি থকা তেওঁলোকৰ কনিষ্ঠ পুত্ৰ হিমাংশুক কাম কৰিবলৈ লগত লৈ আহিছে , যাতে সি কলেজত পঢ়াৰ খৰছ উলিয়াব পাৰে

PHOTO • Purusottam Thakur

সাংগাৰেড্ডী জিলাৰ ডোমাডুগ্গু গাঁৱৰ এটা ইটা ভাতী : ছমাহৰ বাবে থকাৰ কাৰণে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে সাধাৰণতে নোপোৰা বা পোৰা ইটাৰে অস্থায়ী ঘৰ তৈয়াৰ কৰি লয় আৰু গাঁৱলৈ ঘূৰি অহাৰ আগতে তেওঁলোকে সেইবিলাক ভাঙি থৈ আহে এনেদৰে তৈয়াৰ কৰা চালিঘৰবোৰত গা ধোৱাৰ কোনো ব্যৱস্থা নাই আৰু পানীৰ যথেষ্ট নাটনি হয় , আনহাতে শ্ৰমিকসকলে থকা ঠাইখিনি পৰিস্কাৰ কৰি ৰখাৰ কাৰণে সময় নাপায় আৰু শক্তিও নাথাকে

PHOTO • Purusottam Thakur
PHOTO • Purusottam Thakur

বাওঁফালে : সাংগাৰেড্ডী জিলাৰ আন্নাৰাম গাঁৱত: অস্থায়ী জুপুৰি ঘৰত এজন শ্ৰমিক আৰু তেওঁৰ জীয়াৰী: পৰিয়ালটো নুৱাপাড়া জিলাৰ চিনাপালি ব্লকৰ পৰা অহা এজন প্ৰব্ৰজনকাৰী শ্ৰমিকে তেওঁ থকা সৰু অস্থায়ী ঘৰটোলৈ পানী কঢ়িয়াই আনিছে ঘৰৰ মূধচ ইমান চাপৰ যে আনকি ইয়াত থিয় হ ’ব নোৱাৰি

PHOTO • Purusottam Thakur
PHOTO • Purusottam Thakur

বাওঁফালে : ইটাৰ ভাটাত কাম কৰা শ্ৰমিকৰ কিছুমান ল’ৰা-ছোৱালী তেলাংগনা চৰকাৰী বিদ্যালয়ত বা অংগনবাদী কেন্দ্ৰত পঢ়িবলৈ যায়, কিন্তু উৰিয়া ক’ব পৰা শিক্ষকৰ অভাৱত তেওঁলোকৰ পঢ়া-শুনা কঠিন হৈ পৰিছে প্ৰায়ে শ্ৰমিকৰ সন্তানসকলে পিতৃ -মাতৃৰ সৈতে ভাতীত কাম কৰিবলৈ যায় বা অস্থায়ী ঘৰটো চোৱা-চিতা কৰে নুৱাপাড়া জিলাৰ সাৰ্গিমুন্দ্ৰা গাঁৱৰ ছবছৰীয়া নবীন , ইটাৰ ভাতীৰ ওচৰত থকা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়লৈ সি যায়, 'ইয়াত মই বিদ্যালয়লৈ যাওঁ যদিও ওড়িশাত থকা আমাৰ নিজৰ গাঁৱৰ বিদ্যালয়খন বেছি ভাল পাওঁ,' সি তেনেকৈ কয়

সাংগাৰেড্ডী জিলাৰ ডোমাডুগ্গু গাঁৱত : ইটাৰ ভাতীত কাম কৰা এটা পাৰিবাৰিক বৃত্তি হৈ পৰিছে - দম্পতীসকলে সাধাৰণতে সন্তানসহ প্ৰব্ৰজন কৰে ঘৰত এৰি থৈ যাবলৈ সন্তানসকলক চোৱা -চিতা কৰা কোনো নাথাকে, আৰু ইটাৰ ভাতীত ল’ৰা-ছোৱালীহঁতে কামত সহায় কৰি দিয়ে ভাতীত পৰিয়ালটোৱে নিচেই পুৱাতে কাম আৰম্ভ কৰে , ১০ টা বা ১১ টা বজাত অলপ জিৰণি লয়, তাৰ পিছত ৩ বা ৪ বজাত পুনৰ কাম আম্ভ কৰে আৰু নিশা ১০-১১ বজালৈ কাম কৰে

PHOTO • Purusottam Thakur

ৰাংগাৰেড্ডী জিলাৰ ইব্ৰাহিমপটনম ব্লকৰ কংগাৰা কালান গাঁৱৰ এটা ইটা ভাতীত : মহিলা, সন্তানসকল আৰু বয়স্ক লোকৰ বাবে প্ৰব্ৰজন বেছি কষ্টকৰ হয় পুষ্টিহীন হোৱা সত্ত্বেও বহুতো মহিলাই ইটা ভাতীত বহু ঘণ্টা কাম কৰে

PHOTO • Purusottam Thakur

ৰাংগাৰেড্ডী জিলাৰ কংগাৰা কালান গাঁৱৰ এটা ইটা ভাতীত : সাধাৰণতে পুৰুষসকলে ইটা তৈয়াৰ কৰে আৰু মহিলাসকলে মাটি প্ৰস্তুত কৰাৰ লগতে কেঁচা ইটাবিলাক শুকুৱায়

PHOTO • Purusottam Thakur

২০০১ত মই যেতিয়া অন্ধ্ৰপ্ৰদেশৰ ইটা ভাতীলৈ আহিছিলো , তেতিয়া লগ পোৱা অধিকাংশ প্ৰব্ৰজনকাৰী শ্ৰমিক অনুসূচিত জাতিৰ আছিল ২০১৭ত যেতিয়া তেলাংগনাৰ ইটাৰ ভাতীলৈ আহো , তেতিয়াও দেখিলো সৰহ সংখ্যক শ্ৰমিক অনুসূচিত জনজাতিৰ লোক, ই এটা কথাকে সূচায় যে তেওঁলোকৰ অৰণ্য নিৰ্ভৰ জীৱন-জীৱিকালৈ সংকট নামি আহিছে আৰু ঋণৰ বোজা বাঢ়িছে

PHOTO • Purusottam Thakur

১০০০ টা ইটা তৈয়াৰ কৰিলে তিনিজনীয়া পৰিয়ালৰ এটা গোটে ২২০ টকাৰ পৰা ৩৫০ টকা পায় এই নিৰিখ নিৰ্ভৰ কৰে ভাতীৰ মালিক আৰু ঠিকাদাৰৰ লগত হোৱা বন্দোৱস্তৰ ওপৰত প্ৰতিটো গোটৰ লগত অতিৰিক্ত সহায়কাৰী থাকিলে এদল শ্ৰমিকে প্ৰায় পাঁচ মাহত ১০০ ,০০০ৰ পৰা ৪০০,০০০ টা ইটা বনাব পাৰে

PHOTO • Purusottam Thakur

সাংগাৰেড্ডী জিলাৰ আন্নাৰাম গাঁৱৰ ইটা ভাতীত ওড়িশাৰ নুৱাপাড়া জিলাৰ কুৰুমপুৰি পঞ্চায়তৰ প্ৰব্ৰজনকাৰীসকল ময়ো তেওঁলোকৰ জিলাৰ মানুহ বুলি জানিব পাৰি তেওঁলোকে ভাল পালে এজন বয়স্ক লোকে ক ’লে, 'বহুত দিনৰ পিছত উৰিয়া কোৱা এজন মানুহ লগ পালো আপোনাক লগ পাই খুব ভাল লাগিল'

PHOTO • Purusottam Thakur

ডিচেম্বৰ -জানুৱাৰীৰ সময়ত ঠিকাদাৰে শ্ৰমিকসকলক ইটা ভাতীলৈ লৈ আহে তাত তেওঁলোকে প্ৰায় জুন মাহলৈকে কাম কৰে , তেওঁলোকৰ গাওঁবোৰত বৰ্ষাকাল আৰম্ভ হ’লে উভতি অহা শ্ৰমিকসকলে কৃষিশ্ৰমিক হিচাপে কাম কৰে বা নিজৰ খেতিৰ মাটি থাকিলে খেতি কৰে

অনুবাদ: পংকজ দাস

Purusottam Thakur

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change.

Other stories by Purusottam Thakur
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das