জব প্যাৰ কিয়া তহ ডৰনা ক্যা … প্যাৰ কিয়া কৌয়ি চৌৰি নহী… ঘুট ঘুট কৰ্ য়্যু মৰনা ক্যা…
প্ৰেম কৰিছা যদি ভয় কিহৰ… প্ৰেমহে কৰিছা, অপৰাধতো কৰা নাই… এনেকৈ তিল তিলকৈ তেন্তে মৰিবা কিয়…

বিধিয়ে ষাঠিৰ দশকৰ মুগল-এ-আজম চলচ্চিত্ৰখনৰ এই গানটো গুণগুণাই আছে। মুম্বাইত তেওঁলোকে এতিয়া নতুনকৈ লোৱা ভাৰাঘৰটোত থাকে। গুণগুণাই থকাৰ মাজতে তেওঁ প্ৰশ্ন কৰে, “আমিওতো একো অপৰাধ কৰা নাই। কিয় এনেকৈ ভয়ে ভয়ে জীয়াই থাকিম?”

তেওঁৰ প্ৰশ্নটো আলংকৰিক নহয়, আপোনাক চিন্তাত পেলোৱা বিধৰহে। মৃত্যুৰ ভয় তেওঁৰ বাবে অমূলক নহয়। পৰিয়ালৰ বিৰুদ্ধে গৈ তেওঁ ভালপোৱা মানুহজন, আৰুচি, এসময়ৰ তেওঁৰ সহপাঠীৰ সৈতে বিয়া হোৱাৰ পিছৰেপৰা তেওঁ সদায় ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে। দুয়ো দুজনকে ভাল পায় আৰু বিয়া হ’ব খোজে। কিন্তু তেওঁলোক দুজনে এই সপোনক আইনীভাৱে বাস্তবায়িত কৰাৰ এই যাত্ৰা বৰ দীঘল, কষ্টকৰ আৰু প্ৰত্যাহ্বানেৰে ভৰা। তেওঁলোক দুয়োজনৰে পৰিয়ালক তেওঁলোকে ভয় কৰে, জানে যে তেওঁলোকৰ সম্পৰ্কক পৰিয়ালে মানি নল’ব। আৰুচিয়ে তেওঁৰ জন্মপ্ৰদত্ত নাৰীৰ পৰিচয়টোৰ বাবে কিমান দ্বন্দ্বৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে, সেয়া কোনো এটা পৰিয়ালেই বুজি নাপাব। আৰুচিয়ে নিজকে ৰূপান্তৰিত পুৰুষ হিচাপে উপলব্ধি কৰে আৰু এতিয়া আৰুচ নামেৰে নিজৰ পৰিচয় দিব খোজে।

মুম্বাই মহানগৰীলৈ আহি তেওঁলোক দুজনে ভাবিছিল যে তেওঁলোকে পৰিয়ালৰ পৰা পলাই সাৰি স্বতন্ত্ৰ জীৱন নিয়াব পাৰিব। বিধিৰ পৰিয়ালটো আৰুচিৰ পালঘৰ জিলাস্থিত নিজ গাঁৱৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৰ চুবুৰীয়া জিলা থানেত থাকে। বিধিৰ পৰিয়ালটো অগৰী সম্প্ৰদায়ৰ, মহাৰাষ্ট্ৰৰ অনান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত। আৰুচ (২৩) কুনবি সম্প্ৰদায়ৰ, এইটোও মহাৰাষ্ট্ৰত পিছপৰা সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত যদিও তেওঁলোকৰ গাঁৱৰ সামাজিক পদানুক্ৰমত এই সম্প্ৰদায়টোক অগৰীৰ পিছত বুলি গণ্য কৰা হয়।

তেওঁলোক দুজনে ঘৰ এৰি অহা এটা বছৰ হ’ল, উভতাৰ কথা কেতিয়াও ভবা নাই। আৰুচে তেওঁৰ গাঁৱৰ পৰিয়ালটোৰ কথা কাচিৎহে কয়, “কেঁচা ঘৰ এটাত আছিলো আৰু তাকে লৈ সদায় লাজ পাইছিলো। এই লৈ মোৰ আইৰ লগত বহুত কাজিয়াও হৈছিল,” তেওঁ কয়।

Vidhhi and Aarush left their homes in the village after rebelling against their families. They moved to Mumbai in hope of a safe future together
PHOTO • Aakanksha

বিধি আৰু আৰুচে নিজৰ পৰিয়ালৰ বিৰুদ্ধাচৰণ কৰি নিৰাপদ ভৱিষ্যতৰ সন্ধানত গাঁৱৰ ঘৰৰ পৰা মুম্বাই মহানগৰীলৈ ওলাই আহিছিল

আৰুচৰ মাকে কণীৰ ফেক্টৰি এটাত কাম কৰি মাহে ৬,০০০ টকা পায়। “দেউতাৰ কথা নুসুধিব। বাঢ়ৈ, খেতিপথাৰৰ হাজিৰা কাম, যি কাম পায় তাকে কৰে। কিন্তু যি দুপইচা পায়, সেইখিনিৰে মদ খায় আৰু ঘৰলৈ আহি আই আৰু আমাক মাৰ-পিট কৰে,” আৰুচে কয়। পিছলৈ তেওঁৰ দেউতাক বেমাৰত পৰিল আৰু কাম কৰিবলৈ এৰিলে, তেওঁৰ মাকৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰ কৰি চলা হ’ল। এইখিনি সময়তে আৰুচে স্কুল বন্ধ থকা দিনত ইটাৰ ভাতী, ফেক্টৰি আৰু মেডিকেল ষ্ট’ৰ আদি য’তে যি কাম পায়, সেয়া কৰিবলৈ ল’লে।

*****

২০১৪ত যেতিয়া আৰুচে স্কুল সলনি কৰি নতুন এখনত ৮ম মানত নামভৰ্তি কৰিছিল, তেতিয়াই তেওঁ বিধিক লগ পাইছিল। এইখন মাধ্যমিক স্কুললৈ বুলি তেওঁ ঘৰৰ পৰা চাৰি কিলোমিটাৰ বাট খোজ কাঢ়িবলগীয়া হৈছিল। “আমাৰ গাঁৱত থকা জিলা পৰিষদৰ স্কুলখনত ৭ম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা আছিল, তাৰপিছত আমি ওলাই আহিবলগীয়া হৈছিল,” তেওঁ কয়। নতুন স্কুলখনত তেওঁৰ প্ৰথমটো বছৰ ইজনে-সিজনৰ লগত বেছি কথা পতা নাছিল। “অগৰী মানুহৰ সৈতে আমি বেছি কথা নাপাতিছিলো। সিহঁতৰ নিজাকৈ গোট আছিল আৰু বিধি সেই গোটটোতে বেছিভাগ থাকিছিল,” আৰুচে কয়।

নৱমমানত থাকোতে তেওঁলোক দুজনৰ মাজত বন্ধুত্বৰ সম্পৰ্কই গঢ় লৈছিল। আৰুচে বিধিক ভাল পাবলৈ ধৰিছিল।

এদিনাখন বিধিহঁতে খেলি থকাৰ মাজতে আৰুচে আহি কাণে কাণে তাইক নিজৰ মনৰ কথা ক’লে। তেওঁ সংকোচবোধেৰে ক’লে যে তাইক ভাল লাগে। কি উত্তৰ দিব তাই ভাবি পোৱা নাছিল। তাই বিবুদ্ধিত পৰিছিল। “আৰুচে আগতে ছোৱালী এজনীৰ লগত থকা সম্পৰ্কৰ কথাও মোক কৈছিল। ভুল যেন লগা নাছিল যদিও বৰ আচহুৱা লাগিছিল যে দুজনী ছোৱালী সম্পৰ্কত আছে,” বিধিয়ে কয়।

“প্ৰথমে মই না ক’লো, কিন্তু বহুদিনৰ মুৰত মই হা কৈ পেলালো। কিয় হা ক’লো মই নিজেই নাজানো। কিন্তু কৈ পেলালো। তেওঁক ভাল লাগিছিল। মোৰ মনটোৱে ভুল-শুদ্ধ বিচাৰ কৰি থকা নাছিল,” বিধিয়ে কয়। “আমাৰ দুটাৰ বিষয়ে ক্লাচত কোনোৱে নাজানিছিল,” তেওঁ স্বস্তিৰ উশাহ লৈ কয়। আৰুচে যোগ দিয়ে, “বাকী দুনীয়াখনে আমাক দুজনী ভাল বান্ধৱী বুলি জানিছিল।”

সোনকালেই সম্পৰ্কীয় মানুহে তেওঁলোকৰ বন্ধুত্ব আৰু জাতৰ পাৰ্থক্য নজৰ কৰিবলৈ ল’লে। “আমাৰ মানুহবোৰে (কুনবিসকলে) আগতে অগৰী মানুহৰ ঘৰত কাম কৰিছিল আৰু তলৰ জাতৰ বুলি তেওঁলোকক বিবেচনা কৰা হৈছিল। সেয়া বহুদিন আগৰ কথা। কিন্তু কিছুমান মানুহৰ মনৰ পৰা এইবোৰ কথা এতিয়াও আঁতৰা নাই,” আৰুচে কয়। তেওঁ অলপতে হোৱা এটা ভয়ংকৰ ঘটনাৰ কথাও মনত পেলায়। কেইবছৰমান আগৰ কথা এহাল অসমকামী ল’ৰা-ছোৱালী পলাই গৈছিল। এটা আছিল কুনবি আৰু আনটো অগৰী সম্প্ৰদায়ৰ। তেওঁলোকৰ দুয়োটা পৰিয়ালে সিহঁতহালক বিচাৰি উলিয়াই মাৰ-ধৰ কৰিছিল।

আৰম্ভণিতে আৰুচৰ মাকে সিহঁত দুটাৰ বন্ধুত্বক লৈ একো কোৱা নাছিল। দুজনী ছোৱালী অন্তৰংগ বন্ধু হোৱাটোৱে তেওঁলোকে দেখিছিল, কিন্তু আৰুচে সঘনে বিধিৰ ঘৰলৈ অহাত তেওঁ অলপ চিন্তিত হৈছিল। সেয়ে আৰুচ অহাটো কমাবলৈ চেষ্টা কৰিছিল।

Aarush's family struggles to accept him as a trans man
PHOTO • Aakanksha

আৰুচৰ পৰিয়ালে তেওঁক ৰূপান্তৰিত পুৰুষ হিচাপে মানি ল ’বলৈ টান পায়

বিধিৰ পৰিয়ালটোৱে ঘৰ নিৰ্মাণৰ কেঁচামালৰ যোগানৰ কাম কৰিছিল। তেওঁৰ মাক-দেউতাকৰ তাইৰ ১৩ বছৰ বয়সতেই বিবাহ-বিচ্ছেদ হৈছিল আৰু দেউতাকে পুনৰাই বিয়া পাতিছিল। তাই দেউতাক, মাহীমাক আৰু চাৰিটা ভাই-ভনী - এজন ডাঙৰ ভায়েক, দুজনী ভনীয়েক আৰু এটা মাহীমাকৰ ফালৰ ভায়েকৰ লগত থাকিছিল। মাহীমাকে আৰুচক ভাল পোৱা নাছিল আৰু প্ৰায়ে তৰ্ক কৰিছিল। বিধিৰ ডাঙৰজন ভায়েক, এতিয়া ৩০ বছৰ বয়সীয়া, দেউতাকৰ সৈতে কাম কৰিছিল আৰু পৰিয়ালটোত নিয়ন্ত্ৰণ ৰাখিছিল। তেওঁ ভনীয়েকহঁতক মাৰ-ধৰ কৰিছিল আৰু দুৰ্ব্যৱহাৰ কৰিছিল।

বিধিৰ আৰুচৰ ঘৰলৈ যাব মন থাকিলে কেতিয়াবা একেজন ভায়েকে বিধিক আৰুচৰ ঘৰত থৈ আহিছিল। “মোৰ দাদাই কেতবোৰ মন্তব্য কৰিছিল, কৈছিল যে তেওঁ আৰুচক পচন্দ কৰে। বৰ হতাশ হৈছিলো। কি কৰিম ভাবি পোৱা নাছিলো,” বিধিয়ে মনত পেলায়। “আৰুচ মনে মনে থাকিছিল আৰু তেওঁলৈ ভ্ৰুক্ষেপ নকৰিছিল যাতে বিধিক লগ পাই থাকিব পাৰে।”

ঘটনাক্ৰমে বিধিৰ ভায়েকেও আৰুচৰ ঘৰলৈ যোৱাত তাইক বাধা দিবলৈ ধৰিলে। “আৰুচে উপেক্ষা কৰা কাৰণে তেওঁৰ খং উঠিছিল নে আমাৰ দুটাৰ মাজত অন্তৰংগতা গঢ়ি উঠা দেখি তেওঁৰ সহ্য হোৱা নাছিল, মই নাজানো,” তাই কয়। তাইৰ ভনীয়েকেও আৰুচ কিয় সঘনে আহি থাকে নাইবা ফোন-মেচেজত দিনটো লাগি থাকে সেই লৈ প্ৰশ্ন কৰিছিল।

এইখিনি সময়তে আৰুচে তেওঁৰ লিংগ অগ্ৰাধিকাৰক লৈ মুকলিকৈ ক’বলৈ ল’লে আৰু পুৰুষৰ দেহ এটা পোৱাৰ বাবে আকাংক্ষা ব্যক্ত কৰিবলৈ ধৰিলে। কেৱল বিধিৰ সৈতে সেই কথা তেওঁ শ্বেয়াৰ কৰিব পাৰিছিল। “তেতিয়া ৰূপান্তৰিত পুৰুষ মানে কি মই বুজা নাছিলো,” আৰুচে কয়। “কিন্তু মই পুৰুষৰ দেহ এটা পাব খোজাটো মোৰ মনৰ গভীৰতম কোণৰ পৰা আহিছিল।”

তেওঁ ট্ৰেক পেণ্ট, কাৰ্গো পেণ্ট আৰু টি-চাৰ্ট পিন্ধি ভাল পাইছিল। পুৰুষৰ দৰে পোচাক পিন্ধাৰ তেওঁৰ চেষ্টাই তেওঁৰ মাকক চিন্তিত কৰি তুলিছিল আৰু মাকে তেওঁৰ কাপোৰবোৰ লুকাই থৈছিল নাইবা ফালি পেলাইছিল। ল’ৰাৰ দৰে পোচাক পিন্ধা বাবে আৰুচিৰ মাকে আনকি তেওঁক গালি পাৰিছিল, আনকি মাৰিছিলো। তেওঁক ছোৱালীৰ কাপোৰ আনি দিছিল। “চলৱাৰ কামীজ পিন্ধিবলৈ ভাল পোৱা নাছিলো,” তেওঁ কয়। কেৱল স্কুলতে আৰুচে চলৱাৰ কামীজ পিন্ধিছিল, সেই পোচাকত তেওঁ ‘উশাহ বন্ধ হোৱা’ যেন অনুভৱ কৰিছিল, তেওঁ কয়।

Aarush liked to dress up as a boy and felt suffocated when dressed in a salwar kameez his mother had bought him. His family would say, ‘Be more like a girl...stay within your limits.'
PHOTO • Aakanksha

আৰুচে ’ৰাৰ পোচাক পিন্ধি ভাল পাইছিল আৰু মাকে আনি দিয়া চলৱাৰ কামীজ পিন্ধি উশাহ বন্ধ হোৱা যেন অনুভৱ কৰিছিল তেওঁৰ পৰিয়ালে কৈছিল , ‘ছোৱালীৰ দৰে হোৱা… নিজৰ সীমা চেৰাই নাযাবা’

দশমমানত যেতিয়া আৰুচিৰ মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়, তেতিয়া তেওঁৰ মাকে সামান্য সকাহ পালে, কিন্তু সেয়া বেছিদিন নিটিকিল। এবছৰমানতে আৰুচৰ মাহেকীয়া চক্ৰ অনিয়মীয়া হ’বলৈ ধৰিলে আৰু শেষত বন্ধ হৈ থাকিল। তেওঁৰ মাকে তেওঁক ডাক্তৰ আৰু বেজৰ ওচৰলৈ লৈ গ’ল। সকলোৱে দৰৱ-পাতি দিলে, কিন্তু একো পৰিৱৰ্তন নঘটিল।

চুবুৰীয়া, শিক্ষক আৰু সহপাঠীয়ে তেওঁক ইতিকিং কৰিলে। “সিহঁতে কৈছিল, ‘ছোৱালীৰ দৰে হোৱা… নিজৰ সীমা চেৰাই যাব নালাগে।’ এতিয়া যে মোৰ বিয়াৰ বয়স হৈছে সেই কথা মোক সকলোৱে কাণ চোৱাই থাকিছিল।” মানুহে তেওঁক বেলেগ বুলি অনুভৱ কৰাইছিল, আৰুচেও কোনো সময়ত নিজক লৈ সন্দেহ কৰিছিল আৰু নিজৰ এই অৱস্থাক লৈ হতাশ হৈ পৰিছিল। “মই কিবা ভুল কৰিছিলো, তেনে অনুভৱ কৰিছিলো,” তেওঁ কয়।

একাদশ শ্ৰেণীত আৰুচে যেতিয়া ম’বাইলৰ ফোন এটা ল’লে, নাৰীৰ দেহ এটাৰ পৰা পুৰুষৰ দেহলৈ ৰূপান্তৰিত হ’বলৈ লিংগ স্বীকৃতিৰ অস্ত্ৰোপচাৰ সম্ভৱ হয় নে নহয় সেয়া চাই ঘণ্টাৰ পিছত ঘণ্টা কটাইছিল। বিধিয়ে প্ৰথমে সংকোচ কৰিছিল। “তেওঁ যেনে আছিল মই তেনেকৈয়ে ভাল পাইছিলো। আৰম্ভণিৰে পৰা তেওঁ নিজক লৈ নিঃসকোচ আছিল। তেওঁ শাৰীৰিকভাৱে নিজকে সলনি কৰিব বিচাৰিছিল, কিন্তু তাৰ অৰ্থ এয়া নহয় যে তেওঁ মানসিকভাৱেও সলনি হৈ যাব,” তেওঁ কয়।

*****

বিধিয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দি ২০১৯ত স্কুল এৰে। আৰুচে আৰক্ষী বিষয়া হ’ব খুজিছিল, আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ পালঘৰৰ কোচিং চেণ্টাৰ এটাত নামভৰ্তি কৰালে। মহিলা প্ৰাৰ্থী হিচাপে আৰুচি নাম লৈ তেওঁ আবেদন কৰিবলগীয়া হৈছিল। কিন্তু ২০২০ত হ’বলগীয়া পৰীক্ষাটো দেশজোৰা ক’ভিড-১৯ লকডাউনৰ কাৰণে বাতিল কৰা হ’ল। তেওঁ সেয়ে দূৰশিক্ষণৰ যোগেদি কলাৰ স্নাতক ডিগ্ৰী পঢ়াৰ সিদ্ধান্ত ল’লে।

আৰুচ আৰু বিধিৰ বাবে লকডাউন বৰ কষ্টকৰ আছিল। বিধিৰ ঘৰত তাইৰ বিয়াৰ কথা আৰম্ভ হৈছিল। কিন্তু তাই জানিছিল যে আৰুচিৰ লগত তাই থাকিব বিচাৰে। ঘৰৰ পৰা পলাই যোৱাটোৱে একমাত্ৰ উপায় আছিল। আৰুচিয়ে আগতেও তাইক সুধিছিল তাই তেওঁৰ লগত পলাই যাব খোজে নেকি, তেতিয়া তাই সন্মতি দিয়া নাছিল। “ভয়লগা কথা আছিল… এৰি যোৱাটো ইমান সহজ নাছিল,” তাই কয়।

Running away was the only option and Mumbai seemed to offer dreams, choices and freedom
PHOTO • Aakanksha

পলাই যোৱাটোৱে একমাত্ৰ উপায় আছিল, মুম্বাইয়ে আছিল সপোন, নিজৰ মনেমিলা আৰু স্বতন্ত্ৰতাৰ ঠিকনা

লকডাউনৰ পিছত আৰুচে ২০২০ৰ আগষ্টত দৰৱ নিৰ্মাণ ইউনিট এটাত কাম কৰিবলৈ লয়, তাত মাহে তেওঁ ৫,০০০ টকা পাইছিল। “মই কেনেকৈ জীয়াব খোজো কোনেও বুজিব বিচৰা নাছিল। শ্বাসৰুদ্ধ হৈ পৰিছিলো। পলাই যোৱাটোৱেই একমাত্ৰ উপায় আছিল,” তেওঁ কয়। বিধি আৰু তেওঁৰ বাবে আশ্ৰয় বিচাৰি তেওঁ ঘৰুৱা হিংসা দূৰ কৰা কামত জৰিত বিভিন্ন বেচৰকাৰী সংস্থা আৰু সংগঠন আদিৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিলে।

সামাজিক কালিমা আৰু হাৰাশাস্তিয়ে, বিশেষকৈ গ্ৰামীণ ভাৰতত বহুতো ৰূপান্তৰিত ব্যক্তিক ঘৰ এৰি নিৰাপদ স্থানলৈ যাবলৈ বাধ্য কৰিছিল। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ২০২১ৰ পশ্চিমবংগৰ ৰূপান্তৰিত ব্যক্তিৰ এক অধ্যয়নত পোৱা গৈছে যে “পৰিয়ালে তেওঁলোকক নিজৰ লিংগজনিত পৰিচয় লুকুৱাই ৰখাৰ বাবে হেঁচা দিয়ে।” পৰিয়াল, বন্ধুবৰ্গ আৰু সমাজৰ পৰা পোৱা বৈষম্যমূলক আচৰণৰ বাবে তাৰে অৰ্দ্ধসংখ্যকেই ঘৰ এৰিবলগীয়া হৈছে।

মুম্বাইখন আছিল আৰুচ আৰু বিধিৰ ওচৰতে, আৰুচে তাত অস্ত্ৰোপচাৰো কৰাব পাৰিব। সেয়ে ২০২১ৰ মাৰ্চৰ এদিনাখন আবেলি বিধিয়ে হস্পিতাললৈ যোৱাৰ অজুহাত উলিয়াই আৰু আৰুচে কামলৈ যোৱাৰ বাহানেৰে ঘৰ এৰিলে। দুয়োজনে বাছ আস্থান এটাত লগ হ’ল। তাত বাছ ধৰিলে। আৰুচে লগত ১৫ হাজাৰ টকা নগদ ধন আনিছিল, সেয়া তেওঁ কাম কৰি সঞ্চয় কৰিছিল। তেওঁৰ হাতত মাকৰ সোণৰ চেইন এডাল আৰু কাণফুলি আছিল। সেইখিনি বেচি তেওঁ ১৩,০০০ টকা পালে। “মই বিক্ৰী কৰিবলৈ মন কৰা নাছিলো, কিন্তু উপায় নাছিল, নিৰাপদে থকাৰ বাবে মোক নগদ ধনৰ প্ৰয়োজন আছিল। ঘৰলৈ উভতিব নোৱাৰিম যিহেতু মই ৰিস্ক ল’ব খোজা নাছিলো,” তেওঁ কয়।

*****

মুম্বাইত স্বেচ্ছাসেৱী অনুষ্ঠান এটাৰ কৰ্মীয়ে দম্পতিহালক উৰ্জা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত মহিলাৰ আশ্ৰয়গৃহ এটালৈ লৈ গ’ল। স্থানীয় আৰক্ষী থানাক খবৰ দিয়া হৈছিল। “সিহঁত প্ৰাপ্তবয়স্ক হেতুকে আৰক্ষীক জনোৱাৰ কোনো আইনী আৱশ্যকতা নাছিল। কিন্তু এল.জি.বি.টি.কিউ.আই.এ.+ লোকৰ জটিল কে’চৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা বহুত বেছি, সেয়ে আমি তেওঁলোকৰ সুৰক্ষাৰ বাবে স্থানীয় আৰক্ষীক অৱগত কৰিবলগীয়া হৈছিল,” মানৱাধিকাৰ কৰ্মী তথা উৰ্জা ট্ৰাষ্টৰ কাৰ্য্যসূচী সমন্বয়ক অংকিতা কহিৰ্কাৰে কয়।

কিন্তু ইয়াৰ পৰিণাম ওলোটাহে হ’ল। থানাত বিষয়াসকলে তেওঁলোকক প্ৰশ্ন কৰিবলৈ ধৰিলে। “তেওঁলোকে আমাক ঘৰলৈ উভতি যাবলৈ বাৰে বাৰে কৈ থাকিল, এই সম্পৰ্ক নিটিকিব, আমি ভুল কৰিছো বুলি তেওঁলোকে ক’বলৈ ধৰিলে,” আৰুচে মনত পেলায়। পুলিচে দুয়োপক্ষৰে পৰিয়ালক খবৰ দিলে, দুয়োটা পৰিয়ালেই সিহঁত গুছি যোৱাক লৈ অসন্তুষ্ট আছিল। তেতিয়ালৈ আৰুচৰ মাকে ওচৰৰে আৰক্ষী থানাত তাই নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দিছিল। বিধিৰ পৰিয়ালে আৰুচৰ ঘৰলৈ গৈ পৰিয়ালটোক ভাবুকি দিছিল।

Vidhhi has put aside her dreams to study further, and instead is helping save for Aarush's hormone therapy and gender reassignment surgeries
PHOTO • Aakanksha

বিধিয়ে তাইৰ পঢ়াৰ সপোন আঁতৰাই থ ’লে, আৰুচৰ হৰমন থেৰাপি আৰু লিংগ স্বীকৃতিৰ অস্ত্ৰোপচাৰৰ বাবে সঞ্চয় কৰিবলৈ ল’লে

খবৰ পাই দুয়োটা পৰিয়াল সিদিনাই আহি মুম্বাইত উপস্থিত হ’ল। “ভাইয়ে (ককায়েক) মোক শান্ত স্বৰত ঘৰলৈ ঘুৰি আহিবলৈ ক’লে। আগতে কেতিয়াও তেওঁক তেনে সুৰত কথা কোৱা মই দেখা নাই। পুলিচ লগত থকা কাৰণে তেওঁ তেনেকৈ কথা পাতিছিল,” বিধিয়ে কয়।

আৰুচিৰ মাকেও সিহঁতক ঘুৰি যাবলৈ পতিয়ন নিওৱাৰ চেষ্টা কৰিছিল। “কেন্দ্ৰটো মহিলাৰ বাবে সঠিক ঠাই নহয় বুলি আইক পুলিচে কৈছিল,” আৰুচিয়ে মনত পেলায়। সৌভাগ্যৰ কথা যে উৰ্জাৰ কৰ্মীয়ে হস্তক্ষেপ কৰিলে আৰু আমাক পৰিয়ালৰ লোকে বলপূৰ্বকভাৱে নিয়াত বাধা দিলে। আৰুচে মাকৰ সোণ বেচি পোৱা টকাখিনি মাকক ঘুৰাই দিলে। “সেইখিনি ৰাখি মোৰ ভাল লগা নাছিল,” তেওঁ কয়।

গাঁৱত বিধিৰ পৰিয়ালে আৰুচক দেহকৰ্মীৰ ব্যৱসায়ত লিপ্ত বুলি আৰু বিধিক বলপূৰ্বকভাৱে লৈ যোৱাৰ অভিযোগ তুলিলে। বিধিৰ ভায়েক আৰু সম্পৰ্কীয়ই আৰুচৰ পৰিয়ালক ইয়াৰ পৰিণাম ভয়াৱহ হ’ব বুলি ভাবুকি দি থাকিল. “তেওঁ (বিধিৰ ককায়েকে) মোৰ ভাইটোক অকলে লগ কৰি সমস্যাটো সমাধানৰ অজুহাত দি থাকিল। কিন্তু সি নাযায়, সিহঁতে কি কৰে ঠিক নাই,” আৰুচে কয়।

*****

চেন্ট্ৰেল মুম্বাইত আশ্ৰয় লৈ থকা স্বত্ত্বেও আৰুচ আৰু বিধিয়ে অসুৰক্ষিত অনুভৱ কৰিবলৈ ল’লে। “আমি কাকো বিশ্বাস কৰিব নোৱাৰো। গাঁৱৰ পৰা কোন কেতিয়া আহি ওলায়, কোনে জানে,” আৰুচে কয়। সেয়ে তেওঁলোকে ১০ হাজাৰ টকা জমা দি ভাৰাঘৰ এটা ঠিক কৰিলে। তেওঁলোকে মাহে ৫ হাজাৰ টকা ভাৰা দিয়ে। “মালিকে আমাৰ সম্পৰ্কৰ কথা নাজানে। আমি সেয়া লুকাই ৰাখিব লাগিব। ঘৰটো খালি কৰিব নোখোজো,” তেওঁ কয়।

আৰুচে এতিয়া লিংগ স্বীকৃতিৰ প্ৰতি মন দিছে। এই কামত অস্ত্ৰোপচাৰ আৰু চিকিৎসা কৰাব লাগিব। খৰছ কিমান হ’ব আৰু ডাক্তৰ ক’ত পাব, তেওঁৰ বাবে এই সকলো কথাৰ একমাত্ৰ উৎস হৈছে গুগল আৰু হোৱাটচআপ।

তেওঁ মুম্বাইত চৰকাৰী হস্পিতাল এখনত এবাৰ খবৰ কৰিছিল, কিন্তু দুনাইবাৰ নগ’ল। “ডাক্তৰে সহায় কৰাৰ পৰিৱৰ্তে মোক অস্ত্ৰোপচাৰ নকৰাবলৈ জোৰ কৰিছিল। তেওঁ বুজি পোৱা নাছিল। তেওঁ আনকি মোৰ ঘৰৰ মানুহক ফোন কৰি অনুমতি লোৱাৰ বাবে কৈছিল। মোৰ বৰ খং উঠিছিল। তেওঁ মোৰ বাবে কথাবোৰ আৰু জটিল কৰি পেলাইছিল,” আৰুচে কয়।

Vidhhi has noticed changes in Aarush's behaviour. 'There have been fights, but we have also sat down to discuss the issues. It affects me, too, but I am with him'
PHOTO • Aakanksha

আৰুচিৰ আচৰণৰ পৰিৱৰ্তন হোৱা বিধিয়ে লক্ষ্য কৰিছিল। ‘কাজিয়া লাগিছিল, কিন্তু আমি বহি কথাবোৰ আলোচনা কৰিছিলো। মোৰ ওপৰতো প্ৰভাৱ পৰিছিল, কিন্তু মই তেওঁৰ লগত আছিলো’

আৰুচে এতিয়া ব্যক্তিগত চিকিৎসালয় এখনত চিকিৎসাৰ বাবে ঠিৰাং কৰিছে। কাউন্সেলিঙৰ পিছত তেওঁৰ জেণ্ডাৰ ডিছফৰিয়া হোৱা বুলি ধৰা পৰিল। এই ৰোগ হৈছে জৈৱিক লিংগ আৰু লিংগ পৰিচয়ৰ বৈপৰিত্যৰ কাৰণে হোৱা হতাশা আৰু অস্বস্তিবোধ। ডাক্তৰে আৰুচক হৰমনৰ চিকিৎসা কৰাবলৈ অনুমতি দিলে। কিন্তু লিংগ ৰূপান্তৰৰ প্ৰক্ৰিয়া দীঘলীয়া আৰু খৰচী।

২১ দিনৰ মুৰে মুৰে টেষ্ট’ষ্টেৰনৰ বেজী ল’ব লাগে, এটা কিটৰ দাম ৪২০ টকা। ডাক্তৰে বেজীটো দিয়াৰ বাবদ ৩৫০ টকা লয়। আন এবিধ পষেকীয় মৌখিক দৰৱৰ নামত ২০০ টকা যায়। প্ৰতি ২-৩ মাহৰ মুৰে মুৰে আৰুচে হৰমন থেৰাপিৰ কিবা পাৰ্শ্চক্ৰিয়া হৈছে নেকি চাবলৈ তেজপৰীক্ষা কৰাব লাগে। এই পৰীক্ষাবোৰত মুঠ প্ৰায় ৫,০০০ টকা খৰছ হয়। পৰামৰ্শদাতাজনে ১,৫০০ টকা লয় আৰু ডাক্তৰৰ সৈতে পৰামৰ্শ মাচুল প্ৰতিবাৰত ৮০০ৰ পৰা ১,০০০ টকা।

থেৰাপিৰ ফলাফল তেওঁ অনুভৱ কৰিবলৈ লৈছে। “মই মোৰ ভিতৰৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰিছো,” তেওঁ কয়। “মোৰ মাতটো গধুৰ হৈ পৰিছে। মই সুখী অনুভৱ কৰোঁ,” লগতে তেওঁ কয়, “মই কেতিয়াবা খঙাল হৈ পৰো আৰু ধৈৰ্য্যচ্যুতি হয়,” দৰৱৰ পাৰ্শ্চক্ৰিয়াৰ কথা বুজাই তেওঁ কয়।

আৰুচে ভয় কৰে যে বিধিয়ে তেওঁৰ সৈতে গুছি অহাৰ বাবে অনুতাপ কৰিব আৰু তেওঁক ভাল পাবলৈ এৰিব। “তাই ভাল পৰিয়ালৰ (ডাঙৰ জাতৰ),” আৰুচে কয়। “কিন্তু মোক কেতিয়াও সৰু বুলি তাই অনুভৱ হ’বলৈ দিয়া নাই। তাইও আমাৰ দুজনৰ বাবে কাম (উপাৰ্জন) কৰি আহিছে।”

আৰুচৰ আচৰণজনিত পৰিৱৰ্তন সন্দৰ্ভত বিধিয়ে কয়, “আমাৰ মাজত কাজিয়া হয়, কিন্তু কিবা সমস্যা থাকিলে আমি বহি লৈ আলোচনা কৰোঁ। মোৰো মন বেয়া হয়, কিন্তু মই তেওঁৰ লগত থাকো।” ইটো সিটো কাম কৰি ঘৰ চলোৱাৰ পৰিৱৰ্তে বিধিয়ে কম্পিউটাৰ বা নাৰ্ছিঙৰ ব্যৱহাৰিক পাঠ্যক্ৰম লোৱাৰ কথা ভাবিছে। তাই দক্ষিণ ভাৰতীয় ৰেষ্টুৰেণ্ট এখনত বাচন ধোৱে আৰু মাহে ১০,০০০ টকা উপাৰ্জন কৰে (২০২২ৰ ডিচেম্বৰত তাই এই কাম হেৰুৱায়)। এই আয়ৰ এটা অংশ আৰুচিৰ চিকিৎসাৰ নামত ব্যয় হয়।

Vidhhi in a shy moment
PHOTO • Aakanksha
Aarush is happy to have Vidhhi's support. 'She comes from a better [upper caste] family. But she never makes me feel less'
PHOTO • Aakanksha

বাওঁফালে : কেমেৰালৈ লাজ কৰা এটা মুহুৰ্তত বিধি সোঁফালে : বিধিৰ সমৰ্থনে আৰুচক সুখী কৰে ‘তাইৰ ভাল পৰিয়ালৰ (ডাঙৰ জাতৰ) কিন্তু তাই কেতিয়াও মোক সৰু অনুভৱ কৰিবলৈ দিয়া নাই

আৰুচে চিকিউৰিটি গাৰ্ড হিচাপে বিল্ডিং এটাত কাম কৰি মাহে পোৱা ১১ হাজাৰ টকাৰ পৰা কিছু টকা সঞ্চয় কৰে। তেওঁৰ সহকৰ্মীসকলে তেওঁক পুৰুষ হিচাপে জানে। বক্ষ হেঁচা মাৰি ৰখা পটি এডাল তেওঁ অনবৰতে পিন্ধি থাকে, কষ্ট পায়।

“আজিকালি আমি খুব কম সময় একেলগে কটাও, কিয়নো কামলৈ বুলি সোনকালে ওলাই যাও। ঘৰলৈ আহি আমি ভাগৰুৱা হৈ পৰো আৰু কাজিয়া লাগে,” বিধিয়ে কয়।

২০২২ৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ মাজভাগত আৰুচে নিজৰ চিকিৎসাৰ নামত ২৫,০০০ টকা খৰছ কৰিছে। হৰমন থেৰাপিৰ চিকিৎসাৰ পিছত তেওঁ লিংগ স্বীকৃতিৰ অস্ত্ৰোপচাৰ কৰাব খোজে (ইয়াক চেক্স ৰিএচাইনমেণ্ট চাৰ্জাৰি বা এছ.আৰ.এছ. বুলিও কোৱা হয়), যিটোত বক্ষ আৰু লিংগৰ পুনৰ সংৰচনা কৰা হয়। খৰচ পৰিব ৫ৰ পৰা ৮ লাখ টকা। এতিয়া যিখিনি উপাৰ্জন, সেইখিনিৰ পৰা সঞ্চয় কৰি অস্ত্ৰোপচাৰৰ বাবে পইচা গোটোৱাটো সম্ভৱ নহয়।

অস্ত্ৰোপচাৰ নোহোৱালৈকে আৰুচে তেওঁৰ পৰিয়ালে এইবিষয়ে জনাটো নিবিচাৰে। তেওঁ চুলি চুটিকৈ কটাক লৈ মাকৰ পৰা কত যে কথা শুনিবলগীয়া হৈছিল, তৰ্ক এখন হৈছিল। “মুম্বাইৰ মানুহে মোক বিপথে নিয়া বুলি তেওঁ ভাবিছিল,” আৰুচে কয়। তেওঁ আৰুচক গাঁৱৰ কাষৰে এঠাইত বুদ্ধি পাঙি লৈ গৈ তান্ত্ৰিক এজনক দেখুৱাইছিল। “মানুহজনে মোক কোবাবলৈ ধৰিলে, মোৰ মুৰটো অ’ত-তত মাৰিবলৈ ধৰিলে।”

*****

“চৰকাৰী ডাক্তৰজন ভাল হোৱা হ’লে মই ইমান টকা খৰছ কৰি প্ৰাইভেটত দেখুৱাবলগীয়া নহ’লহেঁতেন,” আৰুচে কয়। ৰূপান্তৰিত ব্যক্তি (অধিকাৰৰ সুৰক্ষা) আইন, ২০১৯ৰ অধীনত চৰকাৰে লিংগ স্বীকৃতিৰ শল্যচিকিৎসা আৰু হৰমনৰ থেৰাপিৰ আগত আৰু পিছত পৰামৰ্শদানকে ধৰি চিকিৎসাসেৱাৰ সুবিধা প্ৰদান কৰিব লাগে। স্বাস্থ্য বীমা আঁচনিৰ যোগেদি এই ব্যয় চৰকাৰে বহন কৰিব লাগে। চিকিৎসা আৰু শল্যচিকিৎসাৰ তেওঁৰ নিজৰ অধিকাৰকো এই আইনে সুৰক্ষা দিয়ে।

আইনখন গৃহীত কৰাৰ পিছত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু কল্যাণ মন্ত্ৰালয়ে ২০২২ত ৰূপান্তৰিত ব্যক্তিৰ বাবে ভালেমান কল্য়াণমূলক আঁচনি মুকলি কৰিছে। ২০২০ত মন্ত্ৰালয়ে ৰূপান্তৰিত ব্যক্তিৰ ৰাষ্ট্ৰীয় প’ৰ্টেল মুকলি মুকলি কৰে। সেই প’ৰ্টেলটোৰ পৰা কোনো ৰূপান্তৰিত ব্যক্তিয়ে কোনো কাৰ্য্যালয়লৈ নোযোৱাকৈয়ে পৰিচয়ৰ প্ৰমাণপত্ৰ আৰু আই.ডি. কাৰ্ড পাব পাৰে।

Vidhhi wearing a ring that Aarush gave her as a neckpiece
PHOTO • Aakanksha
Aarush and Vidhhi are full of hope. 'Why should we live in fear?'
PHOTO • Aakanksha

বাওঁফালে : নেকপিচ হিচাপে আৰুচে দিয়া ৰিং এটা বিধিয়ে পিন্ধিছে সোঁফালে : আৰুচ আৰু বিধি ভৱিষ্যতক লৈ আশাবাদী 'আমি কিয় ভয়ে ভয়ে জীয়াই থাকিম?'

আৰুচে বহু আঁচনিৰ কথা নাজানে যদিও পৰিচয়ৰ নথিৰ বাবে আবেদন কৰিছে। কিন্তু এতিয়ালৈ পোৱা নাই যদিওবা প’ৰ্টেলটোত কোৱা আছে যে “আবেদনৰ ৩০ দিনৰ ভিতৰত জিলা কৰ্তৃপক্ষই ৰূপান্তৰিত ব্যক্তিৰ প্ৰমাণপত্ৰ আৰু আই.ডি. কাৰ্ড জাৰী কৰাটো বাধ্যতামূলক।” ২০২৩ৰ ২ জানুৱাৰীলৈকে মহাৰাষ্ট্ৰই এই নথিৰ বাবে ২,০৮০ আবেদন লাভ কৰিছে, তাৰে ৪৫২ খন এতিয়ালৈ পেণ্ডিং হৈ আছে।

আৰুচে স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰত তেওঁৰ নামটো আৰুচি বুলি থকাক লৈ চিন্তা ব্যক্ত কৰে, এইবোৰ শুধৰণি কৰাৰ কাম বহু দীঘলীয়া হ’ব। এতিয়াও তেওঁ আৰক্ষীত যোগদানৰ আশা কৰে, কিন্তু এইবাৰ লিংগ স্বীকৃতিৰ অস্ত্ৰোপচাৰৰ পিছত, পুৰুষ হিচাপে। বিহাৰত প্ৰথমগৰাকী ৰূপান্তৰিত পুৰুষ ৰাজ্যিক আৰক্ষী বলত নিযুক্তি পোৱা বাতৰি শুনি তেওঁ উৎসাহিত হৈছে। “এই খবৰ পাই মই উৎসাহিত আৰু ভিতৰি ভিতৰি আশাবাদী হৈ উঠিছো,” কাম কৰি অস্ত্ৰোপচাৰৰ কাৰণে পইচা জমা কৰি থকা আৰুচে কয়।

মানুহে সকলোকে আদৰি লোৱাৰ শিক্ষা প্ৰদান কৰা হওঁক, তেওঁ আশা কৰে। তেনেকুৱা হোৱা হ’লে তেওঁ ঘৰ আৰু গাওঁ এৰিবলগীয়া নহ’লহেঁতেন। “মই বহুত কান্দিছো আৰু জীৱনৰ মোহ এৰাৰ দৰে হৈছিলো। ভয়ে ভয়ে কিয় জীয়াই থাকিম? কোনোবাদিন আমাৰ নাম লুকাই নৰখাকৈ আমি আমাৰ কাহিনী ক’ব খোজো,” আৰুচে কয়।

“মুগল-এ-আজমৰ কাহিনীটোৰ পৰিণতি দুখলগা আছিল। আমাৰ তেনেকুৱা নহ’ব,” বিধিয়ে মিচিকিয়াই হাঁহি কয়।

গোপনীয়তা ৰক্ষাৰ বাবে দম্পতিহালৰ নাম কাল্পনিক ৰখা হৈছে।

অনুবাদ: পংকজ দাস

Aakanksha

Aakanksha (she uses only her first name) is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Aakanksha
Editor : Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das