“চাদৰ বাঁদনি পুতলা নাচৰ সৈতে আমাৰ পূৰ্বপুৰুষসকলৰ এক নিবিড় সম্পৰ্ক আছে। পুতলাবোৰ নচুৱালে... তেওঁলোকে মোক বেৰি ধৰি চাই থকা যেন অনুভৱ কৰোঁ।”

২০২৩ৰ জানুৱাৰী মাহৰ আৰম্ভণিৰ সময়। পশ্চিমবংগৰ বীৰভূম জিলাৰ খঞ্জনপুৰ গাঁৱৰ চৰপুকুৰদাংগা চুবুৰীত শস্য চপোৱাৰ সময়ৰ বাঁদনা উৎসৱ আৰম্ভ হৈছে। ২০ৰ দেওনা পাৰ কৰা তপন এগৰাকী খেতিয়ক। নিজৰ চাওঁতালী আদিবাসী সম্প্ৰদায়ৰ প্ৰাচুৰ্য্যময় পৰম্পৰাক লৈ, বিশেষকৈ চাদৰ বাঁদনি বোলা এই চিত্তাকৰ্ষক পুতলানাচ আৰু তাৰ ঐতিহ্যক লৈ তেওঁ খুবেই সচেতন।

পাৰিৰ সৈতে কথা পাতোতে তপনৰ হাতত আছিল গম্বুজ আকৃতিৰ এটা পিঞ্জৰা আকৃতিৰ সজ্জা; ৰঙা ৰঙৰ কাপোৰেৰে মেৰিয়াই থোৱা। তাৰ ভিতৰত শাৰী শাৰীকৈ থোৱা আছিল বিভিন্ন সৰু সৰু কাঠৰ মানৱাকৃতিৰ পুতলা। প্ৰতিটো পুতলাই তাত থকা কল-কব্জা, কাঠৰ খলা আৰু ৰছী আদিৰে পুতলা নচুৱাব পৰাকৈ সুসজ্জিত।

“মোৰ ভৰিৰ ফালে চাব, কেনেকৈ মই পুতলাবোৰ নচুৱাম।” নিজৰ মাতৃভাষা চাওঁতালীত গীত এটা গুণগুণাবলৈ ধৰাৰ লগে লগে ছন্দে ছন্দে তেওঁৰ বোকামাটি লাগি থকা ভৰি দুখনো নাচিবলৈ ধৰিলে।

Left: Chadar Badni is a traditional puppetry performance of the Santhal Adivasi community.
PHOTO • Smita Khator
Right: Tapan Murmu skillfully moves the puppets with his feet
PHOTO • Smita Khator

বাওঁফালে : চাদৰ বাঁদনি হৈছে চাওঁতালী আদিবাসীসকলৰ পৰম্পৰাগত পুতলানাচ। সোঁফালে : তপন মুৰ্মুৱে পুতলানাচৰ কৌশল দেখুৱাইছে

Tapan Murmu, a Santhal Adivasi farmer from Sarpukurdanga hamlet, stands next to the red dome-shaped cage that has numerous small wooden puppets
PHOTO • Smita Khator

সৰু সৰু কাঠৰ পুতলাৰে ভৰা ৰঙা কাপোৰ মেৰিওৱা সজ্জাটোৰ সৈতে চৰপুকুৰদাংগাৰ চুবুৰীৰ চাওঁতাল আদিবাসী খেতিয়ক তপন মুৰ্মু

“চাদৰ বাঁদনি দৰাচলতে চাওঁতালসকলৰ উৎসৱৰ ৰং-ধেমালীৰ নাচ। এই পুতলানাচ আৰু আমাৰ উৎসৱৰ এটা অংশ; বাঁদনি (শস্য চপোৱাৰ উৎসৱ), বিয়া-সবাহ, দুৰ্গা পূজাৰ সময়ত পতা চাওঁতালীসকলৰ দাশাইনৰ সময়ত এই পুতলানাচ প্ৰদৰ্শন কৰা হয়,” তপনে কয়।

পুতলাবোৰ দেখুৱাই তেওঁ কয়, “মাজত এয়া মৰল (গাওঁবুঢ়া)। তেওঁ চাপৰি বজায় আৰু বানাম (এডাল তাঁৰযুক্ত কাঠৰ বাদ্যযন্ত্ৰ) আৰু পৰম্পৰাগত বাঁহী বজায়। ধামচা আৰু মাদল (আদিবাসীসকলৰ ঘাতবাদ্য) বজোৱা পুৰুষলৈ চাই মহিলাসকলে সিটো ফালে নাচে।”

বাঁদনা (চোহৰাই বুলিও কয়) হৈছে বীৰভূমৰ চাওঁতালীসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ; শস্য চপোৱাক কেন্দ্ৰ কৰি উদযাপিত এই উৎসৱৰ সময়ত চাওঁতাল ভূমি বিভিন্ন ধৰণৰ লোকাচাৰ, নৃত্য-গীতৰ ৰাজহুৱা পৰিৱেশন আৰু আনন্দ-উৎসৱেৰে মুখৰিত হৈ পৰে।

ঘাইকৈ কাঠ আৰু বাঁহ আদিৰে নিৰ্মিতি বাঁদনিৰ পুতলাবোৰৰ উচ্চতা ন ইঞ্চি হয়। ৰঙা চামিয়ানা দিয়া সৰু মঞ্চসদৃশ সজ্জা এটাৰ ভিতৰত এডাল বাঁহ বা কাঠ এচটাৰ ওপৰত পুতলাবোৰ সজোৱা থাকে। মঞ্চৰ তলত থাকে ৰছী, লিভাৰ আৰু লাঠি সমন্বিত এক জটিল কৌশলপূৰ্ণ সজ্জা। সেয়া ৰঙা কাপোৰ এখন মেৰিয়াই ঢাকি ৰখা হয়। ৰছীবোৰ টানি পুতলা নচুওৱাজনে লিভাৰবোৰ চলায় আৰু পুতলাবোৰে হাত-ভৰি-মূৰ লৰাই নাচিবলৈ আৰম্ভ কৰে।

গাঁৱৰ বুঢ়া-মেথাই কোৱা মতে চাদৰ বাঁদনি নামটো আহিছে চাদৰৰ আচ্ছাদনৰ পৰা। যিহেতু পুতলা থকা মঞ্চ আৰু তলৰ লিভাৰ-ৰছী আদি চাদৰজাতীয় কাপোৰেৰে মেৰিয়াই বান্ধি থোৱা হয়, সেইসূত্ৰেই চাদৰ বাঁদনি।

চাদৰ বাঁদনি পুতলানাচৰ যোগেদি চাওঁতাল সম্প্ৰদায়ৰ নাচ দেখুওৱা হয়। এই পুতলানাচে প্ৰেৰণা পাইছেনো ক’ৰপৰা, সেয়া আবেলিলৈ তপনৰ আমন্ত্ৰণমৰ্মে চৰপুকুৰদাংগাত চাওঁতালসকলৰ নাচ চাই গম পালো

ভিডিঅটো চাওক: চাদৰ বাঁদনি পুতলা নাচেৰে বাঁদনা উৎসৱ উদযাপন

গাওঁখনৰ কেইগৰাকীমান আঙুলিৰ মূৰত লেখিবপৰা প্ৰবীণ লোকেহে এতিয়া এই পুতলানাচৰ লগত গোৱা পাৰম্পৰিক গীত গাব জানে। মহিলাসকলে সাধাৰণতে নিজ নিজ গাঁৱত গায় আৰু পুৰুষসকলে চুবুৰীয়া এলেকাবোৰত ঘূৰি-ফুৰি চাদৰ বাঁদনি পুতলানাচ দেখুৱায়। “আমি সাত-আঠজনে মিলি ধামচা আৰু মাদল লৈ এই এলেকাটোৰ আধিবাসী গাওঁবোৰলৈ যাও। এই পুতলানাচ দেখুৱাবলৈ ভালেমান যন্ত্ৰ-পাতিৰ প্ৰয়োজন হয়।”

জানুৱাৰীৰ আৰম্ভণিৰ ভাগৰ দহ দিন ধৰি উদযাপিত এই উৎসৱৰ সময়ত চাওঁতাল সমাজৰ উচৱমুখৰ ছবিখনো তপনে দাঙি ধৰাৰ যত্ন কৰে। পৌষ সংক্ৰান্তিৰ ঠিক আগে আগে, জানুৱাৰীৰ মাজভাগ পায় মানে এই উৎসৱৰ সামৰণি পৰে।

“বাঁদনা হৈছে আনন্দ-উৎসৱৰ সময় – এইখিনি সময়তে আমাৰ ঘৰবোৰ নতুনকৈ চপোৱা শস্যৰে ভৰি পৰে। এই উৎসৱৰ সৈতে বিভিন্ন আচাৰ-অনুষ্ঠান জড়িত হৈ আছে। উৎসৱ বুলি সকলোৱে নতুন কাপোৰ পিন্ধে,” তেওঁ কয়।

চাওঁতালসকলৰ বিশ্বাস যে বিৰিখ আৰু শিলে তেওঁলোকৰ পূৰ্বপুৰুষসকলক ধাৰণ কৰিছে, সেয়ে তেওঁলোকে এই উৎসৱৰ সময়ত গছ আৰু শিলৰ পূজা কৰে। “বিশেষ খাদ্য ৰন্ধা হয়, নতুনকৈ চপোৱা ধানৰ চাউলৰ পৰা আমাৰ পৰম্পৰাগত সুৰা হাঁড়িয়া বনোৱা হয়। চিকাৰৰ পৰম্পৰা পালন কৰা হয় আৰু ঘৰ-চোতাল মচি চাফা কৰি সজাই-পৰাই তোলা হয়। আমাৰ খেতিৰ সঁজুলিবোৰ মেৰামতি কৰি ধুই চাফা কৰা হয়। গৰু-ম’হৰ পূজা কৰা হয়।”

এই ঋতুত গোটেই আদিবাসী সমাজ লগ লাগি ভাল শস্যৰে গাওঁখন উপচাই দিয়াৰ বাবে পূৰ্বজসকলক সেৱা আৰু কৃতজ্ঞতা জনায়। “আমাক বাচি থকা সহায় কৰা সকলো উপাদান আমাৰ বাবে পবিত্ৰ আৰু আমি এই উৎসৱৰ সময়ত সেই সকলোলৈকে সেৱা ও কৃতজ্ঞতা জনাওঁ,” তপনে কয়। সন্ধিয়া সময়ত চাওঁতালসকলে গাঁৱৰ সোমাজত স্থাপিত পূৰ্বপুৰুষসকলৰ প্ৰতি উৎসৰ্গিত পবিত্ৰ মাঝিৰ থানত লগ লাগে। “পুৰুষ-মহিলা, ল’ৰা-ছোৱালী, বুঢ়া-মেথা সকলোৱে ভাগ লয়হি,” তেওঁ যোগ দিয়ে।

Residents decorate their homes (left) during the Bandna festival in Sarpukurdanga.
PHOTO • Smita Khator
Members of the community dance and sing together (right)
PHOTO • Smita Khator

বাঁদনা উৎসৱ উপলক্ষে নিজৰ ঘৰ-চোতাল সজাই তোলা হৈছে। সোঁফালে: উচৱমুখৰ হৈ পৰা চৰপুকুৰদাংগা গাঁৱৰ চাওঁতাল পুৰুষ-মহিলাই গীত গাইছে, নাচিছে

Left: Earthen jars used to brew their traditional liquor, Hanriya.
PHOTO • Smita Khator
Right: Tapan in front of the sacred altar where all the deities are placed, found in the centre of the village
PHOTO • Smita Khator

বাওঁফালে: মাটিৰ এই ডাঙৰ পাত্ৰত চাওঁতালসকলৰ পৰম্পৰাগত সুৰা হাঁড়িয়া প্ৰস্তুত কৰা হৈছে। সোঁফালে: গাঁৱৰ মাজভাগত অৱস্থিত মাঝিৰ থানত সন্মুখত তপন। এই স্থানতে চাওঁতাল সমাজে দেৱতাৰূপে পূজা কৰা পবিত্ৰ শিল থাপিত

তপনৰ হাতত প্ৰাণ পাই উঠা পুতলা নাচৰ যোগেদি চাওঁতালী সমাজখন প্ৰতিফলিত হৈছে। অৱশ্যে এয়া নাচৰ প্ৰথম পৰ্বহে। এই পুতলানাচৰ প্ৰেৰণা ক’ৰপৰা আহিছে, সেয়া আমি জানিবলৈ পালো তপনৰ আমন্ত্ৰণমৰ্মে চৰপুকুৰদাংগা গাঁৱত সন্ধিয়া আয়োজিত নাচ-গানৰ অনুষ্ঠানত উপস্থিত হৈ।

তালৈ গৈ দেখিলো - ৰংচঙীয়া কাপোৰ, সুন্দৰ কেশসজ্জা আৰু ফুলেৰে সজোৱা পুতলাবোৰে যেন প্ৰাণ পাই উঠিল, তপনৰ পুতলাবোৰ যেন তেজ-মঙহৰ চাওঁতাল হৈ পৰিল। পুৰুষৰ মূৰত পাগুৰি আৰু মহিলাৰ খোপাত সতেজ ফুল। ধামচা আৰু মাদলৰ তালে তালে নাচি উঠা পুৰুষ-মহিলাই সন্ধিয়াৰ সেই পৰিৱেশটো মায়াময় কৰি তুলিলে।

এই কাঠৰ পুতলানাচক লৈ প্ৰজন্মবাহিত এক কিংবদন্তি আছে। সেয়া এনেধৰণৰ: এজন নৃত্যগুৰুৱে গাওঁবুঢ়াক নাচনি বিচাৰি অনাৰ আদেশ দিলে যিয়ে তেওঁৰ লগত আশে-পাশে থকা গাওঁবোৰত তেওঁক সংগ দিব পাৰে। চাওঁতালসকলৰ বিভিন্ন গোষ্ঠীৰ পুৰুষসকলে গাওঁবুঢ়াৰ অনুৰোধ ৰক্ষা নকৰিলে আৰু নিজৰ পত্নী-জীয়ৰীক নাচিবলৈ যাব নিদিলে। অৱশ্যে তেওঁলোকে বাদ্যযন্ত্ৰৰে গুৰুজনক সংগত কৰিবলৈ সৈমান হ’ল। আন কোনো উপায় নেদেখি গুৰুজনে মহিলাসকলৰ মুখাৱয়ব কাঠৰ পুতলাত খোদিত কৰি চাদৰ বাঁদনি পুতলা সাজি উলিয়ালে।

“আমাৰ প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে চাওঁতালী ৰীতি-নীতিৰ কথা একোৱেই নাজানে,” তপনে আক্ষেপ কৰি কয়। “এই পুতলানাচেই হওঁক বা হেৰাই যোৱা আমাৰ ধানৰ বীজবোৰ, আমাৰ শিল্পকলা, গীত আৰু কাহিনীবোৰ আৰু বহুতো কথা সিহঁতে নাজানে।”

উৎসৱৰ আনন্দৰ ৰং যাতে স্তিমিত নহয়, তালৈ লক্ষ্য ৰাখি তপনে শেষত যোগ দিয়ে, “এই সকলোবোৰ জীয়াই ৰখাটোৱে আচল কথা, মই যৎসামান্য চেষ্টা কৰিছো।”

অনুবাদ: পংকজ দাস

Smita Khator

Smita Khator is the Translations Editor at People's Archive of Rural India (PARI). A Bangla translator herself, she has been working in the area of language and archives for a while. Originally from Murshidabad, she now lives in Kolkata and also writes on women's issues and labour.

Other stories by Smita Khator
Editor : Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das