“তাতে কি কৰিছা?” অলপ উৎসুকতাসনা টান মাতেৰে প্ৰশ্ন কৰি তেওঁ মোলৈ চাই ৰ’ল।

মই বুজি পাবলৈ সময় নালাগিল যে নদীখনৰ যি ঠাইত মই তেওঁক দেখা পালো, সেই ওখ ঠাইখিনিলৈ মানুহ নাযায়।

অনিৰুদ্ধ সিংহ পাটৰে নদীখনৰ ফালে অকণমান নামি গৈ হঠাতে পিছলৈ ঘুৰি চাই মোক সতৰ্ক কৰি দিলে: “সেই ঠাইত সিহঁতে শৱদাহ কৰে। কালি কোনোবা এজন ঢুকাইছে। তাতে থিয় হৈ নাথাকিবা। মোৰ পিছে পিছে আহা!”

ভালেই নিৰ্দেশ, অন্ততঃ নিৰ্জনতাত শুই থকা মৃতকক শান্তিত থাকিব দিয়াটোৱেই ভাল, মই মনতে ভাবিলো।

দুই মিটাৰমান ওখ নদীৰ পাৰটোৰে নামি গৈ মই দেখিলো, তেওঁ পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ কংসাৱতী নদীৰ একাঠু পানী ফালি খৰকৈ আগবাঢ়িছে। তেওঁৰ সৈতে খোজ মিলাবলৈ ময়ো নদীৰ পাৰে পাৰে যিমান পাৰো বেগাই খোজ কাঢ়িলো।

বয়সে তেওঁৰ খোজক বাধা দিব পৰা নাছিল, তেওঁৰ হাতদুখন আছিল আচৰিত হ’বলগীয়াকৈ নিপুণ। পঞ্চাশোৰ্ধ মানুহজনক মই নুসুধি নোৱাৰিলো, “কাকা (খুৰা), আপুনি নৈখনত নামি কি কৰিছে?”

অনিৰুদ্ধই কঁকালত বান্ধি লোৱা বগা কাপোৰৰ খোচনিত লৈ থকা মাছবোৰৰ মাজৰ পৰা আলফুলকৈ এটা মিছামাছ উলিয়াই শিশুসুলভ আনন্দৰে ক’লে, “এই চিংৰি (মিছামাছ)টো দেখিছা? এয়াই আমাৰ (পৰিয়ালটোৰ) আজিৰ দুপৰীয়া আহাৰ। শুকান জলকীয়া আৰু নহৰুৰে এই মিছামাছ গৰম ভাতৰ লগত খাবলৈ বৰ জুতি লাগে।” শুকান জলকীয়া আৰু নহৰুৰে মিছামাছ ৰান্ধি গৰম ভাতৰ লগত খোৱা আইডিয়াটো শুনি ভালেই লাগিল।

Anirudhdha Singh Patar with his catch of prawns, which he stores in a waist pouch made of cloth
PHOTO • Smita Khator

শুদাহাতেৰে ধৰা মিছামাছৰ সৈতে অনিৰুদ্ধ সিংহ পাটৰ, কঁকালত কাপোৰ মেৰিয়াই মোনা এটা কৰি তেওঁ সেই মাছখিনি ৰাখিছে

মাছ আৰু মিছামাছ আদি ধৰা মানুহজনৰ হাতত কোনো জাল-বৰশী একো নাই, আচৰিত নহৈ নোৱাৰি। “মই কেতিয়াও জাল মাৰি মাছ ধৰা নাই,” তেওঁ কয়। “মই হাত দুখনেৰেই মাছ ধৰো। সিহঁত ক’ত লুকাই থাকে মই জানো।” নদীখনলৈ আঙুলিয়াই তেওঁ কৈ যায়, “শিলৰ সেই কাণকেইটা দেখিছা, পানীত গজা ঘাঁহ-বন আৰু শেলুৱৈবোৰ দেখিছা? তাতেই মিছামাছবোৰ থাকে।”

মই অলপ মুৰ দাঙি নদীখনলৈ ভালকৈ চালো, অনিৰুদ্ধই সেই শেলুৱৈ আৰু ঘাঁহ-বনৰ কথা কৈছে, তাতেই নদীৰ মিছামাছবোৰ লুকাই আছে।

আমি আকৌ দুপৰীয়াৰ আহাৰৰ কথালৈ আহিলো, খাবলৈ চাউল ক’ৰপৰা আহে তাকেই তেওঁ বুজাই আছিল। “আমাৰ এটুকুৰা মাটি আছে, তাতে পৰিশ্ৰম কৰি ধানখেতি কৰিলে আমাৰ পৰিয়ালটোৰ গোটেই বছৰটোৰ মোটামুটি খোৰাকি আহি যায়।”

পুৰুলিয়াৰ পুংচা ব্লকৰ কইৰা গাঁৱত পৰিয়ালটো থাকে। তেওঁলোক পশ্চিমবংগৰ এটা অনুসূচিত জাতি ভুমিজ সম্প্ৰদায়ৰ। গাওঁখনৰ ২,২৪৯ জনসংখ্যাৰ আধাতকৈ বেছি আদিবাসী লোক (২০১১ৰ লোকপিয়ল) আৰু তেওঁলোক শ্ৰম আৰু নদীখনৰ ওপৰত নিৰ্ভৰশীল।

অনিৰুদ্ধই ধৰা মাছখিনি তেওঁ বিক্ৰী নকৰে, সেইখিনি তেওঁৰ পৰিয়ালটোৱে খাব। মাছ ধৰাটো কাম নহয়, তেওঁ সেই কাম কৰি ভাল পায়। “কিন্তু পেট পুহিবলৈ মই বহুদূৰলৈ যাবলগীয়া হয়,” এইখিনি কথা কওঁতে অৱশ্যে তেওঁৰ মুখৰ উজ্বলতা নাইকিয়া হ’ল। কামৰ সন্ধানত তেওঁ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশলৈ যায়। তাত প্ৰায়ে তেওঁ নিৰ্মাণশ্ৰমিক হিচাপে কাম কৰাৰ লগতে আন কামো কৰে।

২০২০ৰ লকডাউনৰ সময়ত তেওঁ নাগপুৰত আৱদ্ধ হৈ পৰিছিল। “মই অট্টালিকা নিৰ্মাণৰ কামত ঠিকাদাৰ এজনৰ সৈতে গৈছিলো। সেই দিনকেইটা পাৰ কৰাটো বৰ কঠিন হৈ পৰিছিল,” তেওঁ মনত পেলায়। “মই এবছৰ আগতেই ঘূৰি আহিলো আৰু বয়স ভাতী দিছে কাৰণে উভতি নাযাও বুলি ঠিৰাং কৰিছো।”

পুৰুলিয়া জিলাৰ পুৰুষসকলে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কেৰালা আৰু আন ৰাজ্যৰ লগতে নিজৰ ৰাজ্যখনতো কামৰ সন্ধানত প্ৰব্ৰজন কৰে, ৪০ত ভৰি দিয়া কইৰা আদিবাসী অমল মাহাতোৱে কয়। খেতিৰ নামত তেওঁলোকে লোৱা ঋণ শুজিবলৈ তেওঁলোকে এনেকৈ প্ৰব্ৰজন কৰে, স্থানীয় বাতৰি কাকত এখনত এটা সময়ত কাম কৰা শিক্ষক মাহাতোৱে কয়। “কম মাটি থকা আদিবাসীৰ বাবে এয়া ভেদ কৰিব নোৱাৰা বেহু হৈ পৰে। তেওঁলোকে মহাজনৰ পৰা ঋণ লয়,” অমলে বুজাই কয়।

Anirudhdha pointing to places where prawns take cover in the river.
PHOTO • Smita Khator
Wading the water in search of prawns, he says, ‘My father taught me the tricks of locating and catching them with my bare hands’
PHOTO • Smita Khator

বাওঁফালে: নদীখনৰ ক’ত মিছামাছবোৰ লুকাই থাকে সেয়া অনিৰুদ্ধই আঙুলিয়াই দেখুৱাইছে। সোঁফালে: অনিৰুদ্ধই মাছৰ সন্ধানত নদীত হাতেৰে খেপিয়াই চাইছে, তেওঁ কয়, 'মাছ ক’ত লুকাই থাকে আৰু কেনেকৈ সেয়া বিচাৰি শুদা হাতেৰে ধৰিব লাগে, সেয়া মোক দেউতাই শিকাইছিল'

সাৰ আৰু বীজ আদি কিনাৰ বাবে লোৱা কৃষি ঋণ অনিৰুদ্ধই পৰিশোধ কৰিবলগীয়া আছে। নাগপুৰত চিমেণ্ট আৰু মৰ্টাৰ মিহলি কৰা, গধুৰ বস্তু কঢ়িওৱা আদি কাম কৰি তেওঁ দিনে ৩০০ টকা উপাৰ্জন কৰিছিল। কিন্তু সদায় কাম পোৱা নাযায়। “কাম নাপালে আমি বহি থাকিব লাগে,” তেওঁ কয়। শস্য সিচা আৰু চপোৱা সময়ত তেওঁ কোনোমতে কাম বিচাৰি পায় যদিও তেনে কামত ২০০ কি তাতোকৈ কম হাজিৰা পায়। “ৰয়েল্টি লৈ বালি খননৰ বাবে ইয়ালৈ (কইৰালৈ) ট্ৰাকবোৰ আহিলে মই কিছুদিনৰ কাম পাওঁ। নদীৰ পৰা ট্ৰাকলৈ বালি কঢ়িয়াই মই ৩০০ টকা (দিনে) পাওঁ।”

ৰয়েল্টি মানে অনিৰুদ্ধই কংসাৱতী নদীখনৰ অৱবাহিকাত বালি খননৰ বাবে চৰকাৰে লীজত দিয়াৰ কথা কৈছে। এই খনন প্ৰায়েই অবাধ গতিত চলে, প্ৰায়ে বহনক্ষম বালি খননৰ নিৰ্দেশাৱলী উলংঘা কৰে। ৰাজনৈতিকভাৱে শক্তিশালী ব্যক্তি কিছুমানৰ পৃষ্ঠপোষকতাত বালি খনন যধে-মধে চলে, গাঁৱৰ মানুহে কয়। কিন্তু অনিৰুদ্ধৰ দৰে কাম বিচাৰি ফুৰা গঞাৰ বাবে এনে বেপাৰে কিছুদিনৰ বাবে হ’লেও কামৰ ব্যৱস্থা কৰে, তেওঁলোকে এনে কামৰ অবৈধ দিশটো নাজানে যেন বোধ হয়।

অৱশ্যে তেওঁ এনে “ৰয়েল্টি ব্যৱসায়”ৰ পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱৰ বিষয়ে জানে। তেওঁৰ ভাষাত এয়া “নদীখনৰ বিশাল ক্ষতি।” “জমা হ’বলৈ বছৰ বছৰ লগা বালিবোৰ তেওঁলোকে খান্দি লৈ যায়।”

“নদীখনত আগতে বহুত মাছ আছিল,” অনিৰুদ্ধই শ’ল-মাগুৰ, বামীজাতীয় মাছৰ কথা উল্লেখ কৰি তেওঁ কৈ যায়। “আগতে জাল মৰা মানুহে ইয়াত মাছ ধৰিছিল। এতিয়া তেওঁলোক নাহে। তেওঁলোক নদীৰ ওপৰৰ ফালে আৰু তলৰ ফালে গৈ মাছ ধৰা হৈছে।” প্লাষ্টিক, শুদা বটল আৰু থাৰ্ম’কলৰ প্লেটেৰে নদীখন লেতেৰা কৰা “পিকনিক পাৰ্টি”বোৰকো তেওঁ কথাৰ মাজতে দুআষাৰ গালি দিলে।

নদীখনত তেওঁ মিছামাছ বিচাৰি ফুৰিছে। “আমি সৰু থাকোতে নদীখনত চিংৰিৰ অভাৱ নাছিল,” অনিৰুদ্ধই কয়। “মাছ ক’ত আছে বিচাৰি উলিওৱা আৰু শুদা হাতেৰে সেয়া ধৰাৰ কৌশল মোক দেউতাই শিকাই দিছিল। দেউতা আমাৰ বৰ ভাল মাছুৱৈ আছিল।”

Kangsabati river, which flows through Kaira in Puruliya's Puncha block, is a major source of food for Adivasi families in the village
PHOTO • Smita Khator

পুৰুলিয়াৰ পুংচা ব্লকৰ কইৰাৰ মাজেৰে বৈ যোৱা কংসাৱতী নদীখন গাওঁখনৰ আদিবাসী পৰিয়ালৰ খাদ্যৰ এক ঘাই উৎস

ইটোৰ পিছত আনটো মিছামাছ তুলি তেওঁ কয়, “মিছামাছ বাচোতে বহুত সময় লাগে, কিন্তু সোৱাদ যে বৰ ভাল।” কিন্তু নদীখন কিম্বা মাছবোৰ কোনো এটাই আগৰ দৰে হৈ থকা নাই, তেওঁ কয়। “সৰিয়হ আৰু ধানখেতি কৰা নদীৰ কাষৰে সেই পথাৰবোৰ দেখিছা? তেওঁলোকে খেতিত কীটনাশক, সাৰ আদি যি পায় তাকেই ছটিয়ায় আৰু সেইবোৰ বৈ আহি নদীত পৰে। প্ৰদূষিত পানীয়ে মাছবোৰ মাৰি পেলায়। মিছামাছো কমি আহিছে…”

কইৰা গাঁৱৰ পৰা ৫-৬ কিলোমিটাৰ দুৰৰ পৰা নদীত গা ধুবলৈ বুলি অহা পিৰা গাঁৱৰ শুভংকৰ মাহাতোৱেও একেখিনি কথাকে কয়। “নদীখনৰ কাষত বসবাস কৰা ভূমিহীন আৰু ক্ষুদ্ৰ তথা উপান্ত আদিবাসী খেতিয়ক, যিয়ে অন্যথা খাদ্যশস্যৰ যোগাৰ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে নদীখনেই এটা সময়ত জীৱিকাৰ উপায় আছিল, প্ৰ’টিন আৰু আন গুৰুত্বপূৰ্ণ পুষ্টিদ্ৰব্যৰ উৎস আছিল এই নৈখন।” ৰাজ্যখনৰ ভিতৰত পুৰুলিয়া যে আটাইতকৈ দুখীয়া জিলাবোৰৰ মাজৰ এখন, সেই কথাও তেওঁ আঙুলিয়াই দিয়ে।

২০২০ৰ এক অধ্যয়নত কোৱা হৈছে যে পশ্চিমবংগৰ পুৰুলিয়াত দাৰিদ্ৰ্যৰ ঘটনা আটাইতকৈ বেছি, জিলাখনৰ ২৬ শতাংশ পৰিয়ালে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে। “ইয়াৰে পৰিয়ালবোৰে খাদ্যৰ বাবে নদী আৰু বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু প্ৰাকৃতিক সমলবোৰ এতিয়া নাইকিয়া হৈ অহাৰ উপক্ৰম ঘটিছে,” পেছাত শিক্ষক শুভংকৰে কয়।

পৰিয়ালৰ বিষয়ে সোধা সময়ত অনিৰুদ্ধই আৰু কেইটামান মিছামাছ বিচাৰি ফুৰিছিল, সেই পৰিয়ালটোৰ বাবেই তেওঁ কষ্ট কৰি হাউলি মাছ ধৰি আছিল। “মোৰ পত্নীয়ে ঘৰুৱা কাম-বনৰ লগতে পথাৰত কাম কৰে। মোৰ ল’ৰাটোৱেও আমাৰ পথাৰত কাম কৰে,” তেওঁ কয়। ল’ৰা-ছোৱালীৰ কথা কওঁতে তেওঁৰ মুখখন উজলি উঠিল। “মোৰ তিনিজনী ছোৱালীৰে বিয়া হৈছে (দূৰত থাকে)। এতিয়া মোৰ লগত এটাই সন্তান আছে, তাক মই ক’লৈকো নপঠিয়াও (কামলৈ), ময়ো দূৰলৈ নাযাও।”

অনিৰুদ্ধক বিদায় দিয়াৰ সময়ত মই কল্পনা কৰিলো, কষ্টৰে ধৰা মিছামাছেৰে তেওঁৰ পৰিয়ালটোৱে ঘৰত আনন্দৰে দুপৰীয়াৰ আহাৰ খাইছে, মুখত হাঁহি বিৰিঙিছে। মোৰ মনলৈ বাইবেলৰ কথা এষাৰি আহিছে, “য’লৈকে নদীখন যায়, প্ৰতিটো জীৱই জীৱন পাব আৰু তাত মাছ-পুঠিৰ উভৈনদী হ’ব।”

অনুবাদ: পংকজ দাস

Smita Khator

Smita Khator is the Translations Editor at People's Archive of Rural India (PARI). A Bangla translator herself, she has been working in the area of language and archives for a while. Originally from Murshidabad, she now lives in Kolkata and also writes on women's issues and labour.

Other stories by Smita Khator
Editor : Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das