সুৰেন্দ্ৰ নাথ অৱস্থিয়ে যিমান পাৰে বহলকৈ হাত দুখন মেলি দি ইষৎ হাঁহিৰে দেখুৱাইছে, “ইমান বহল, ইমান বিশাল আছিল নৈখন,” অৱশ্যে সেয়া এতিয়া তেওঁৰ স্মৃতিৰ নৈখনহে।

“ভাল পাইছিলো। নৈখনৰ কাৰণেই আমাৰ কুঁৱাবোৰত দহ ফুটতেই পানী পাইছিলো। প্ৰতিবাৰ বাৰিষা নৈখনৰ পানী আহি আমাৰ চোতাল পাইছিল। তিনি বছৰমানৰ মুৰে মুৰে নৈখনে আমাৰ এটা-দুটা সৰু পশুধন নিছিল। এবাৰ অৱশ্যে নৈখনে আমাৰ ১৬ বছৰীয়া সম্পৰ্কীয় ভাই এটাকো নিছিল। খং উঠিছিল। পানীয়ে বাট সলোৱাক লৈ খঙত আটাহ পাৰিছিলো,” তেওঁ আৱেগমিশ্ৰিত সুৰত কথাখিনি কয়। “এতিয়া নৈখনৰ আমাৰ ওপৰত খং…বোধকৰো নৈখনৰ ওপৰত সজা দলংখনৰ কাৰণে,” তেওঁৰ মাতটো কথাখিনি কওঁতে কঁপি উঠে।

অৱস্থিয়ে ৬৭ মিটাৰ দীঘল দলংখনত থিয় হৈ আছে, তলত সাই নৈখন নামতহে আছে। নৈখনৰ চাগে খং। দলংখনৰ তলত খেতি। নৈখনৰ বুকুত ঘেঁহুৰ নৰাবোৰ আছে, দুয়োকাষে আছে ইউকেলিপ্টাছ গছ।

অৱস্থিৰ বন্ধু আৰু সহযোগী জগদীশ প্ৰসাদ ত্যাগী, অৱসৰপ্ৰাপ্ত স্কুল শিক্ষকজনে নৈখন মনত পেলাই কৈছে, “বৰ ধুনীয়া আছিল নৈখন।”

গভীৰ জলৰাশিত উঠা চাকনৈয়াত ঢৌ তোলা প্ৰকাণ্ড মাছবোৰ তেওঁৰ চকুত ভাঁহি উঠিছে। পকনীয়াত দেখা মাছবোৰ এতিয়াও তেওঁৰ মানসপটত ভাঁহি উঠে - ৰৌ মাছ, বামি-কুচিয়া, গঙাটোপ আদি। “পানী কমি আহিলে মাছবোৰো অদৃশ্য হৈ পৰিছিল,” তেওঁ কয়।

এনে বহুত মিঠা স্মৃতি আছে। গাওঁখনত ২০০৭ৰ পৰা ২০১২লৈ সৰপঞ্চ হৈ থকা ৭৪ বৰ্ষীয় মালতি অৱস্থিয়ে মনত পেলায় কেনেকৈ নৈখনৰ বুকুৰ পৰা ১০০ মিটাৰ দূৰত থকা তেওঁৰ চোতালখন পানীয়ে বুৰাই পেলাইছিল। সেই চোতালখনতে গাঁৱৰ মানুহে লগ লাগি ‘আন পাৰ্বত দান’ (খাদ্যশস্যৰ দান) পৰ্ব পাতিছিল, নৈখনৰ ৰণচণ্ডী মূৰ্তিত পথাৰৰ শস্য হেৰুওৱা পৰিয়ালবোৰক অন্নদান কৰিছিল।

“এতিয়া এনে কোনো ৰাইজ নাই, তেনে অন্নৰো সোৱাদ নাই। কুঁৱাৰ পানী শুকাই গ’ল। আমি যিমান ভুগিছো, সমানেই পশুধনেও ভুগিছে। জীৱনৰ সোৱাদো হেৰাই গৈছে,” তেওঁ কয়।

Left: Surendra Nath Awasthi standing on the bridge with the Sai river running below.
PHOTO • Pawan Kumar
Right: Jagdish Prasad Tyagi in his home in Azad Nagar
PHOTO • Pawan Kumar

বাওঁফালে: সাই নৈৰ ওপৰত থকা দলংখনৰ ওপৰত সুৰেন্দ্ৰ নাথ অৱস্থি। সোঁফালে: আজাদ নগৰৰ নিজ ঘৰত জগদীশ প্ৰসাদ ত্যাগী

Left: Jagdish Prasad Tyagi and Surendra Nath Awasthi (in a blue shirt) reminiscing about the struggle for a bridge over the Sai river .
PHOTO • Pawan Kumar
Right: Malti Awasthi recalls how the Sai rode right up to the courtyard of her home, some 100 metres from the riverbed
PHOTO • Rana Tiwari

জগদীশ প্ৰসাদ ত্যাগী (বাওঁফালে) আৰু সুৰেন্দ্ৰ নাথ অৱস্থি (সোঁফালে)য়ে সাই নৈখনৰ ওপৰৰ দলংখনৰ কাৰণে কিমান যে যুঁজিব লগা হৈছে, সেইবিষয়ে কৈছে। সোঁফালে: সাই নৈখন কেনেকৈ নৈৰ পাৰতে থকা মালতীৰ ঘৰৰ চোতাল আহি পাইছিল, সেইবিষয়ে মালতী অৱস্থিয়ে কৈছে

সাই নৈখন গোমতি নৈৰ উপনৈ। ভাৰতীয় প্ৰবাদত ই বিশেষ স্থান বহন কৰে। গোস্বামী তুলসীদাসে লিখা ৰামচৰিত মানস (১৬শ শতিকাৰ মহাকাব্য যিয়ে প্ৰভু ৰামচন্দ্ৰৰ কৰ্মৰ সৰোবৰৰ কথা কৈছে)ত এই নৈখনক আদি গংগা বুলি কোৱা হৈছে - আদি গংগা মানে গংগাৰ আগতে সৃষ্টি হোৱা নৈ।

নৈখন উত্তৰ প্ৰদেশৰ হাৰ্দৈ জিলাৰ পিহানি ব্লকৰ বিজগাৱান গাঁৱৰ সৰোবৰ এটাৰ পৰা ওলাইছে। প্ৰথম দহ কিলোমিটাৰত নৈকনৰ নাম ঝাবৰ (সৰোবৰ), তাৰপিছত নৈখনে জনপ্ৰিয় নামটো পাইছে। লক্ষ্ণৌ আৰু উন্নাও জিলাৰ মাজত সীমাৰেখা আঁকি নৈখনে ৬০০ কিলোমিটাৰ অতিক্ৰম কৰিছে। হাৰ্দৈৰ উত্তৰে ১১০ কিলোমিটাৰমান দূৰত্বত ৰাজ্যখনৰ ৰাজধানী লক্ষ্ণৌ আছে, উন্নাও জিলাখন আছে ১২২ কিলোমিটাৰ দূৰত।

উৎসৰ পৰা গোমতি (গংগাৰ উপনৈ)ৰ সৈতে জৌনপুৰ জিলাৰ ৰাজেপুৰ গাঁৱত লগ লগালৈকে সাই নৈখনে ৭৫০ কিলোমিটাৰ অতিক্ৰম কৰে। সৰ্পিল গতিৰ বাবে নৈখন ইমান দীঘল হৈ পৰে।

হাৰ্দৈ জিলাখন দীঘে ১২৬ কিলোমিটাৰ আৰু আৰু বহলে ৭৫ কিলোমিটাৰ, আকৃতি এক অনিয়মীয়া চতুৰ্ভুজৰ দৰে। ৪১ লাখ লোকৰ এইখন জিলাত বসতি। গৰিষ্ঠসংখ্যক লোক কৃষিক্ষেত্ৰত দিনহাজিৰা কৰে, কিছুমান কৃষক আৰু আন কিছু কুটিৰ শিল্প আৰু কাৰখানা আদিত নিয়োজিত।

১৯০৪ত প্ৰকাশিত দা ডিষ্ট্ৰিক্ট গেজেটিয়াৰ্চ অৱ আগ্ৰা এণ্ড অবধ অপ দা য়ুনাইটেড প্ৰভিন্সেচ ভলিউম -XII হাৰ্দৈ এ গেজেটিয়াৰ অনুযায়ী সাই উপত্যকা “জিলাখনৰ মধ্যভাগত বিয়পি আছিল।”

গেজেটখনত লিখিছে, “হাৰ্দৈৰ মাটি পলসুৱা, কিন্তু বহুঠাইত ওখোৰা-মোখোৰা, মাজে মাজে চন পৰা মাটি আছে, হাবিয়নিৰে আগুৰা মাটিও অ’ত-তত সিঁচৰতি হৈ আছে…এনেকৈ সাই উপত্যকা গঢ় লৈ উঠিছে।”

এতিয়া ৭৮ বছৰ বয়সীয়া অৱস্থি এগৰাকী চিকিৎসক (এনেষ্টেটিষ্ট), তেওঁৰ জন্ম মধোগঞ্জ ব্লকৰ কুৰছঠ বুজুৰ্গ গাঁৱৰ পাৰৌলি নামে চুবুৰীত। চুবুৰীটো দলংখনৰ পৰা ৫০০ মিটাৰ দূৰত্বত আছে, এতিয়া তেওঁ তাতেই থিয় হৈ আমাৰ সৈতে কথা পাতিছে।

Left: The great length of the Sai river is caused by its meandering nature.
PHOTO • Pawan Kumar
Right: Surendra Nath Awasthi standing on the bridge with the Sai river running below. The bridge is located between the villages of Parauli and Band
PHOTO • Pawan Kumar

বাওঁফালে: সাই নৈখনৰ দৈৰ্ঘ্য বঢ়াৰ কাৰণ হৈছে ইয়াৰ সৰ্পিল গতি। সোঁফালে: সুৰেন্দ্ৰ নাথ অৱস্থিয়ে সাই নৈৰ ওপৰৰ দলংখনত থিয় হৈ আছে, তলেৰে নৈখন বৈ গৈছে। দলংখনে পাৰৌলি আৰু বান্দ গাওঁখন সংযোগ কৰিছে

২০১১ৰ লোকপিয়ল অনুযায়ী কুৰছঠ বুজুৰ্গৰ জনসংখ্যা ১৯১৯। পাৰৌলি চুবুৰীটোৰ ১৩০ জনসংখ্যাৰ বেছিভাগেই ব্ৰাহ্মণ সম্প্ৰদায়ৰ, মুষ্টিমেয় কেইঘৰমান চমাৰ (অনুসূচিত জাতি) আৰু বিশ্বকৰ্মা (অনান্য পিছপৰা শ্ৰেণী)ৰ লোক আছে।

পাৰৌলি আৰু বান্দ গাওঁ সংযোগ কৰা দলংখনৰ ওপৰত অৱস্থি থিয় দি আছে। পাৰৌলি গাওঁখন কছৌনা ব্লকৰ অন্তৰ্গত। তাত আগতে এখন গুৰুত্বপূৰ্ণ বজাৰ আছিল। কৃষকে খেতিৰ উপজাত সামগ্ৰী বিক্ৰীৰ লগতে তাৰ পৰা সাৰ কিনিছিল। দলং নথকা কাৰণে কুৰছঠ আৰু কছৌনাৰ মাজৰ দূৰত্ব ২৫ কিলোমিটাৰ আছিল, এতিয়া দলংখন থকা কাৰণে দূৰত্ব মাত্ৰ ১৩ কিলোমিটাৰ।

কুৰছঠ আৰু কছৌনাৰ মাজৰ ৰেলৱে ষ্টেছনৰ মাজত এখন ৰেলৱেৰ এখন দলং আছিল, সেইখন দলঙেৰেও মানুহে যাতায়ত কৰিছিল। পুৰণি মানুহে কাঠৰ তক্তাৰে বনোৱা দলঙৰ ওপৰেদি উট লৈ বেপাৰৰ বাবে অহা-যোৱা কৰাও বয়সীয়ালসকলে মনত পেলায়। ১৯৬০ত হোৱা বাৰিষাৰ ভয়ংকৰ বানত সেইখন দলং উটি যায়। এনেদৰেই ঠাই দুখনৰ মাজত থকা আটাইতকৈ চমু বাটটো নোহোৱা হয়।

নতুন দলংখনৰ কথা প্ৰথম মনলৈ আহিছিল ত্যাগীৰ। তেতিয়া তেওঁ মধোগঞ্জ ব্লকৰ চৰ্দাৰ নগৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষক আছিল। তেওঁ এতিয়া আজাদ নগৰ বোলা টাউন খনত থাকে, তালৈ পাৰৌলিৰ পৰা আধাকিলোমিটাৰৰ বাট।

ত্যাগী ১৯৪৫ চনত জন্মগ্ৰহণ কৰা প্ৰাক্তন শিক্ষকগৰাকীৰ পৰিয়ালৰ উপাধি নহয়। পৰিয়ালৰ উপাধি সিং। ত্যাগী নামটো – ত্যাগ, হিন্দীত যিটো বলিদান বুজায় – তেওঁক দিয়া হৈছিল কাৰণ তেওঁ নিজৰ মানুহৰ উন্নতিৰ কাৰণে সকলো কাম কৰিবলৈ আগ্ৰহী আছিল। ২০০৮ চনত অৱসৰ লোৱাৰ সময়ত তেওঁ নিজৰ শিক্ষকতা জীৱন আৰম্ভ কৰা জুনিয়ৰ হাইস্কুলখনৰ প্ৰধান শিক্ষক আছিল।

বয়সৰ লগে লগে এতিয়া খুবেই দুৰ্বল হৈ পৰা ত্যাগীয়ে কয়, “মই অতি দৰিদ্ৰ পৰিয়ালত জন্ম লৈছিলো, কিন্তু সেইটোৱে মোৰ ভাল কাম কৰাৰ ইচ্ছাক কেতিয়াও টলাব পৰা নাছিল।” এবাৰ আজাদ নগৰৰ মূল গাঁৱৰ পথৰ দ’ গাঁতত তেওঁৰ পৰিয়ালৰ দুয়োটা ম’হ পৰিল৷ কোনোমতে টানি, ঠেলি ম’হদুটাক উঠোৱা হ’ল। দেউতাক মোহন সিঙে এই কথাত দুখ পোৱা দেখি ত্যাগীও আহত হ’ল। “কেতিয়া যে এই বাট-পথবোৰ মানুহ যাব পৰা হ’ব, নিৰাপদ হ’ব?”

“সেই কথাই মোৰ মনত ৰেখাপাত কৰিলে, আৰু মই গাঁতটো পূৰাবলৈ ল’লো। দ আছিল ছয় ফুট, বহলে আছিল বাৰ ফুট। প্ৰতিদিনে ৰাতিপুৱা স্কুললৈ যোৱাৰ আগতে আৰু উভতি অহাৰ পিছত মই বোকামাটিৰ পুখুৰী এটাৰ পৰা মাটি আনি গাঁতটো পূৰাইছিলো। ইটোৰ পিছত সিটো গাঁত পূৰাই গ’লো। আনবোৰেও যোগ দিলে,” ত্যাগীয়ে কয়।

Left: Jagdish Prasad Tyagi retired as the headmaster of the junior high school where he began his career in 2008.
PHOTO • Rana Tiwari
Right: Surendra Nath Awasthi and Jagdish Prasad Tyagi talking at Tyagi's house in Azad Nagar, Hardoi
PHOTO • Rana Tiwari

২০০৮ত যিখন জুনিয়ৰ স্কুলত জগদীশ প্ৰসাদ ত্যাগীয়ে শিক্ষকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, সেইখনৰ পৰাই তেওঁ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। সোঁফালে: হাৰ্দৈৰ আজাদ নগৰৰ ত্যাগীৰ ঘৰত সুৰেন্দ্ৰ নাথ অৱস্থি আৰু জগদীশ প্ৰসাদ ত্যাগীয়ে কথা পাতিছে

তেওঁ নিজৰ গাঁৱৰ মানুহৰ কাৰণে কামবোৰ কৰি গৈছিল। শিক্ষক হোৱা বাবে সৰল জীৱন যাপন কৰা তেওঁ এগৰাকী সন্মানীয় ব্যক্তিও আছিল। তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে নিকটৱৰ্তী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ গৈছিল, বীজাণুনাশৰ বাবে ব্লিচিং পাউডাৰ ছটিওৱাৰ কাম কৰিছিল, টীকাকৰণৰ বাবে গাঁৱৰ ল’ৰা-ছোৱালীক একগোট কৰিছিল। আনকি গাওঁখনক চহৰাঞ্চলৰ অন্তৰ্ভূক্তকৰণো কৰাইছিল। পিছলৈ তেওঁ গড়কাপ্তানি বিভাগৰ কামবোৰৰ খতিয়ান ৰাখিবলৈ লৈছিল।

অৱস্থি আৰু ত্যাগীৰ মাজত ১৯৯৪লৈকে ব্যক্তিগত চিনাকি নাছিল। অৱশ্যে তেওঁলোকে ইজনে আনজনক জানিছিল। অৱস্থি আছিল তেওঁৰ নিজৰ গাওঁখনৰ প্ৰথমজন ডাক্তৰ। আগেয়ে তেওঁ বিদেশতে কাম কৰিছিল (নাইজেৰিয়া, গ্ৰেট বৃটেইন আৰু মালেয়াছিয়াত)। নৈখনৰ কাৰণে উচ্চশিক্ষা গ্ৰহণত বাধা আহি পৰাক লৈ তেওঁ বৰ আঘাত পাইছিল, বিশেষকৈ গাওঁখনৰ ছোৱালীবোৰৰ বাবে নৈখন অন্তৰায় হৈ পৰিছিল। সেয়ে তেওঁ পেছাত বৈদ্যুতিক অভিযন্তা ভায়েক নৰেন্দ্ৰক নাও এখন চোৱাচিতাৰ দায়িত্ব দিছিল। নাওখনে গাঁৱৰ ল’ৰা-ছোৱালীহঁতক বাৰিষাৰ দিনকেইটাত বিনামূলীয়াকৈ নৈখন পাৰ কৰাই দিব। অৱস্থিয়ে কাঠৰ নাওখনৰ কাৰণে ৪,০০০ টকা দিছিল।

স্কুলৰ কৰ্তব্য সামৰি উঠি নাৱৰীয়া চোটাইয়ে দিনটোৰ বাকী সময়খিনিৰ বাবে অধিক ভাড়া সংগ্ৰহ কৰিবলৈ স্বাধীন আছিল – কিন্তু চৰ্ত আছিল যে তেওঁ কেতিয়াও স্কুলৰ এটা দিনো খতি কৰিব নোৱাৰে। বছৰ বছৰ ধৰি চলা নাওখন এটা সময়ত জৰাজীৰ্ণ হৈ পৰিল, কিন্তু অৱস্থিয়ে ১৯৮০ চনত নিজৰ গাঁৱতে অষ্টম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা থকা এখন বিদ্যালয় প্ৰতিস্থা কৰিলে। নাম দিলে ককা-আইতাকৰ নামেৰে – গংগা সুগ্ৰাহী স্মৃতি শিক্ষা কেন্দ্ৰ। ১৯৮৭ চনত স্কুলখনে উত্তৰ প্ৰদেশ ৰাজ্যিক হাইস্কুল আৰু ইণ্টাৰমিডিয়েট এডুকেশ্যন ব’ৰ্ডৰ স্বীকৃতি লাভ কৰে। তথাপি সেই প্ৰত্যাহ্বান তেতিয়াও আছিল যে আন শিক্ষাৰ্থীয়ে পাৰৌলিলৈ কেনেকৈ আহিব।

অৱশেষত যেতিয়া অৱস্থি আৰু ত্যাগী লগ হ’ল, তেওঁলোকে সিদ্ধান্ত ল’লে যে নতুন দলঙৰ বাহিৰে আন একোৱেই সমস্যাটো সমাধান কৰিব নোৱাৰে। ব্যক্তি হিচাপে দুয়োজন একেবাৰে ভিন্ন আছিল। অৱস্থিয়ে সাঁতোৰা শিকিছিল যেতিয়া নৈত তেওঁক আনে সাতুৰিবলৈ পেলাই দিছিল, আনহাতে ত্যাগীয়ে কেতিয়াও ভৰিৰ আঙুলিটোও পানীত ডুবাই দিবলৈ সাহস কৰা নাছিল। অৱস্থিয়ে চৰকাৰী চাকৰিটো থকা কাৰণে আন্দোলনৰ ক্ষেত্ৰত আগত থাকিব নোৱাৰিলে, কিন্তু ত্যাগীয়ে কেৱল সন্মুখৰ পৰাই নেতৃত্ব দিব জানিছিল। দুজন অসম্ভৱ, কিন্তু প্ৰতিশ্ৰুতিবদ্ধ ব্যক্তি লগ হৈছিল আৰু ‘ক্ষেত্ৰীয় বিকাশ জন আন্দোলন’ চমুকৈ কেভিজেএ-ৰ জন্ম হৈছিল।

কেভিজেএৰ সদস্য সংখ্যা প্ৰকৃততে গণনা কৰিব পৰা নগৈছিল। কিন্তু সংখ্যা বাঢ়ি গৈ থাকিল। যিহেতু ত্যাগীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিলে, সেয়েহে তেওঁ নিজৰ মাতৃ ভাগৱতী দেৱীক উন্নয়নমূলক কাম কৰোৱাৰ আশাৰে পৌৰসভাৰ নিৰ্বাচনত থিয় কৰালে। ভাগৱতী দেৱীয়ে পাঁচটা ভোটত পৰাস্ত হ’ল যদিও উপ জিলা দণ্ডাধীশৰ আদালতত কৰা আবেদনে ভাগৱতী দেৱীৰ পক্ষত ৰায়দান কৰে। ১৯৯৭-২০০৭ চনলৈকে নগৰ এলেকাৰ অধ্যক্ষা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰে।

প্ৰথমে কেভিজেএ-ৰ পঞ্জীয়ন কৰাব লাগিছিল। কিন্তু লক্ষ্ণৌত অৱস্থি প্ৰভাৱশালী হোৱা স্বত্ত্বেও সেয়া কৰিব পৰা নগ’ল। গতিকে আন্দোলনত ৰাজনীতিবিদ আৰু বিধায়কক লক্ষ্য কৰি লোৱা হ’ল - ‘বিকাশ নহী তোহ ভোট নহী’ (উন্নয়ন যদি নহয়, ভোটো নাপায়) আৰু ‘বিকাশ কৰো য়া গড্ডি চোডো’ (উন্নয়ন আনক নাইবা গাদী এৰক) শ্লোগানেৰে আন্দোলন চলিল।

‘আমি নৈখনক ভাল পাইছিলো (সাই নদীখনক)। তাইৰ কাৰণেই আমাৰ কুঁৱাবোৰত ১০ ফুটতে মিঠা পানী আহিছিল। প্ৰতিটো বাৰিষাত নৈখন আমাৰ চোতাললৈকে আহিছিল’

ভিডিঅ’টো চাওক: হেৰাই যোৱা সাই নৈখন

পঞ্জীয়ন নোহোৱা সংগঠনটোৰ প্ৰথমখন বৈঠকত ১৭খন ক্ষতিগ্ৰস্ত গাঁৱৰ পৰা প্ৰায় ৩ হাজাৰ লোকে ভাগৱতী দেৱীৰ কথা শুনিবলৈ পাৰৌলিত উপস্থিত হৈছিল। পুস্তিকা বিতৰণ কৰা হৈছিল। তাত লিখা আছিল “আমাৰ দেহ আৰু মনেৰে আমি এই আন্দোলনৰ প্ৰতি অংগীকাৰ কৰিছো। আমি পিছ হোঁহকি নাযাওঁ। আমি আমাৰ তেজেৰে এই পণ লৈছো। বান্দ আৰু পাৰৌলিৰ মাজত দলং নোহোৱালৈকে আমি নেৰো।’ এইবোৰত ‘লাল হৌগা হমাৰা ঝণ্ডা, ক্ৰান্তি হৌগা কাম ’ (পতাকা আমাৰ ৰঙা হ’ব, বৈপ্লৱিক হ’ব আমাৰ কাম) বুলি লোকে চহী কৰিছিল।

এনে এহাজাৰৰো অধিক পুস্তিকা বিতৰণ কৰা হৈছিল। প্ৰতিখনতে মানুহে চহী কৰিছিল নাইবা তেজেৰে টিপচহী কৰিছিল।

তাৰ পিছত আহিল ১৭খন গাঁৱৰ আটাইকেইখনলৈ ভ্ৰমণ, যিবোৰ দলঙৰ পৰা লাভান্বিত হ’ব। “মানুহে নিজৰ চাইকেল, বিচনাৰ কাপোৰ-কানি টোপোলা কৰি লৈ আগবাঢ়ি গ’ল। কোনো বিশদ প্ৰস্তুতিৰ প্ৰয়োজন নাছিল,’ ত্যাগীয়ে সোঁৱৰে। ভ্ৰমণ কৰিবলগীয়া গাঁওবোৰলৈ খবৰ পঠিওৱা হ’ব আৰু ডুগডুগী (সৰু ঢোল) এটা বজাই বাসিন্দাসকলক এই বিষয়ে অৱগত কৰা হ’ব।

পৰৱৰ্তী পদক্ষেপ আছিল নদীৰ পাৰত বহি ধৰ্ণা দিয়া। নেতৃত্বত আছিল অঞ্চলটোৰ সন্মানীয় ব্যক্তি ত্যাগীৰ মাক। অৱস্থিয়ে নদীৰ পাৰৰ খেতিৰ মাটি দি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল। প্ৰতিবাদস্থলীত বাঁহৰ লাঠি কোবাই শব্দ কৰি সকলো সৰব হৈ পৰিল। ৰাতি ধৰ্ণাত থকা লোকসকলৰ বাবে কুঁহিয়াৰৰ পাতেৰে চালি এখন কৰি দিয়া হৈছিল। ৰাতি বিদ্ৰোহৰ গীত গাই তাত গোটেই ৰাতি সাতজনীয়া এটা গোটে ধৰ্ণা অব্যাহত ৰাখিছিল। মহিলাসকলে বহি ভজন গাইছিল – কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহ’বলৈ তেওঁলোকে চাৰিওফালে পুৰুষৰ ঘেৰ এটা বনাই লৈছিল। আন্দোলনকাৰীসকলৰ বাবে অৱস্থিয়ে হেণ্ডপাম্প এটা লগাই দিছিল। আৰু যদিও পানীৰ পৰা অহা সাপে মানুহক কামোৰাৰ ভয় সদায় আছিল, তথাপি এনে একো হোৱা নাছিল। জিলা আৰক্ষীৰ স্থানীয় চোৰাংচোৱা গোটে মাজে মাজে প্ৰতিবাদৰ খবৰ লৈছিল যদিও প্ৰতিবাদকাৰীৰ কথা শুনিবলৈ কোনো বিষয়া বা নিৰ্বাচিত প্ৰতিনিধি অহা নাছিল।

এই প্ৰতিবাদৰ মাজতে আহিল ১৯৯৬ চনৰ বিধানসভা নিৰ্বাচন। গাওঁবাসীয়ে সেয়া বৰ্জন কৰিলে। কেৱল ভোটাৰক বিৰত থাকিবলৈ আহ্বান কৰাই নহয়, ভোট দিয়াৰ অভিনয় কৰি বেলট বাকচত পানী ঢালি দিছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যখনৰ ৰাজ্যপাল মতিলাল ভোৰালৈ বস্তাত ভৰাই এঘাৰ হাজাৰ চিঠি লিখি পঠিয়াইছিল।

তাৰ পিছত অৱস্থি আৰু ত্যাগীয়ে যুঁজখন লক্ষ্ণৌলৈ লৈ যোৱাৰ সিদ্ধান্ত লয়। তাৰ আগতে ত্যাগীয়ে জিলা দণ্ডাধীশ আৰু এছ.ডি.এম.লৈ চিঠি লিখিছিল, তেওঁলোকক সকীয়াই দিছিল যে আৰু আওকাণ কৰিলে মানুহে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু। লক্ষ্ণৌলৈ ৰাওনা হোৱাৰ আগতে এটা চূড়ান্ত প্ৰচেষ্টা চলোৱা হৈছিল, চাইকেল ৰেলী কৰি আঠ কিলোমিটাৰ দূৰৈৰ মধোগঞ্জ চহৰলৈ যোৱা হৈছিল। পোষ্টাৰ, বেনাৰ আৰু পতাকা লৈ প্ৰায় ৪ হাজাৰ চাইকেল ৰাস্তাত ওলাইছিল, তেতিয়া সংবাদ মাধ্যমৰ নজৰত পৰিছিল সেই আন্দোলন। বহু স্থানীয় প্ৰতিবেদনে এই বিষয়টোক তুলি ধৰিছিল। লগতে এইবুলিও ওলাইছিল যে আন্দোলনকাৰীৰ দাবী মানি নল’লে জিলা দণ্ডাধীশৰ জীপখন নদীত ঠেলি পেলাই দিয়া হ’ব।

কেইসপ্তাহমান পিছত ৫১ খন ট্ৰেক্টৰৰ ৰেলী ওলাইছিল। লক্ষ্য আছিল জিলা দণ্ডাধীশৰ কাৰ্য্যালয়। কিন্তু বিষয়াবৰ্গই প্ৰতিবাদকাৰীক লগ কৰিবলৈ ওলাই নাহিল।

Left: Jagdish Tyagi (white kurta) sitting next to Surendra Awasthi (in glasses) in an old photo dated April 1996. These are scans obtained through Awasthi.
PHOTO • Courtesy: Surendra Nath Awasthi
Right: Villagers standing on top of a makeshift bamboo bridge
PHOTO • Courtesy: Surendra Nath Awasthi

বাওঁফালে: ১৯৯৬ৰ এখন ফটোত জগদীশ ত্যাগী (বগা কূৰ্তা পৰিহিত) সুৰেন্দ্ৰ অৱস্থি (বিতচকু পিন্ধাগৰাকী)ৰ সৈতে। এইবোৰ অৱস্থিয়ে স্কেন কৰি ৰাখি থোৱা ফটো। সোঁফালে: বাঁহৰ দলং এখনৰ ওপৰত থিয় দি থকা গঞা

Surendra Nath Awasthi standing with villagers next to the Sai river
PHOTO • Rana Tiwari

সাই নৈৰ পাৰত গঞা ৰাইজৰ সৈতে সুৰেন্দ্ৰ নাথ অৱস্থি

পৰৱৰ্তী লক্ষ্য আছিল লক্ষ্ণৌৰ ৰাজ্যপালৰ বাসগৃহ। দাবীপত্ৰ ছপা কৰি তেজেৰে চহী কৰা হৈছিল আৰু প্ৰতিখন গাঁৱত এজন ইনচাৰ্জৰ হাতত গতাই দিয়া হৈছিল যাতে মানুহক প্ৰতিবাদী যাত্ৰাৰ বাবে সাজু কৰে। নাৰীক আঁতৰাই ৰখাৰ কথা আছিল, কিন্তু ত্যাগীৰ মাকে কোনো কাৰণতে নামানে। তেওঁ জোৰ দি ক’লে তেওঁ ল’ৰাটো য’লৈ যাব, তলৈকে তেওঁ যাবই।

১৯৯৫ চনৰ এপ্ৰিল মাহৰ কোনোবা এটা সময়ত পাৰৌলিৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত থকা চান্দিলাত ১৪ খন বাছ ৰখা হৈছিল। ৰাজ্যিক পথ নিগমৰ এজন বিষয়াই নিজৰ নাম গোপনে ৰাখি এই আয়োজন কৰিছিল। ৰাতিপুৱা ৫ বজাত তেওঁলোক লক্ষ্ণৌ পালেহি। যিহেতু প্ৰতিবাদকাৰীসকলৰ কোনোৱেই চহৰখনৰ চাৰিওফালে নিজৰ বাট নাজানিছিল, সেয়েহে পুৱা ১১ বজাত মহাত্মা গান্ধী মাৰ্গৰ ৰাজ্যপালৰ গৃহ পোৱাৰ আগেয়ে বাট হেৰুৱাইছিল।

“সাংঘাতিক হাহাকাৰ লাগিল। অলপ সময়ৰ ভিতৰতে ১৫খন আৰক্ষীৰ জীপে আমাক ঘেৰি ধৰিছিল। কিছুমান পুলিচ ঘোঁৰাত উঠি আহিছিল। পানীৰ কামান চলাইছিল। মোক পুলিচ এজনে চোঁচৰাই নিছিলহে, তেনেতে মায়ে আহি মোৰ ওপৰতে জপিয়াই পৰি ক’লে যে তেওঁৰ সন্তানৰ আগতে তেওঁক জেললৈ নিব লাগিব।’ ত্যাগীয়ে কয়। একাংশ প্ৰতিবাদকাৰী পলাই সাৰিলে। আন কিছুমানক সেই ঠাইত উপস্থিত হাৰ্দৈৰ ৰাজনৈতিক প্ৰতিনিধিয়ে। শাৰীৰিকভাৱে অৱশ হৈ পৰা কিন্তু আৱেগিকভাৱে জয়ী হোৱা গোটটোৱে সেই নিশা ১২ বজাত হাৰ্দৈলৈ উভতি আহিল। নাৰ্জী ফুলৰ মালাৰে তেওঁলোকক আদৰণি জনোৱা হৈছিল।

এনেকৈ দলংখনৰ কাৰণে কৰা যুঁজে প্ৰায় ডেৰ বছৰ অতিক্ৰম কৰিছিল। লক্ষ্ণৌত পুলিচে কৰা অৱৰোধে সকলোকে আলোড়িত কৰিছিল।

প্রতিবাদকাৰীসকলক ইয়াৰ পাছতেই প্রথমে লগ কৰিছিল সমবায় মন্ত্রী ৰাম প্রকাশ ত্রিপাঠীয়ে। তেওঁ কথাবোৰ শুনিলে; গড়কাপ্তানি বিভাগৰ মন্ত্ৰী কলৰাজ মিশ্ৰৰ ওচৰলৈ গৈ তেওঁক কেৱল এই দাবীৰ বিষয়েই নহয়, আন্দোলন অব্যাহত থাকিলে ভাৰতীয় জনতা পাৰ্টিয়ে অঞ্চলটোত সমৰ্থন হেৰুৱাব বুলিও তেওঁ অৱগত কৰে।

মিশ্ৰই হস্তক্ষেপ কৰাৰ পূৰ্বে প্ৰতিবাদকাৰীসকলে আত্মহত্যা কৰিব বুলি ঘোষণা কৰিছিল আৰু সেই কথা সংবাদ মাধ্যমৰ আগত বেকত কৰিছিল। এই খবৰ পাই আৰক্ষীয়ে ততাতয়াকৈ ত্যাগীৰ ভাতৃ হৃদয় নাথকে ধৰি বহু আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰে।

১৯৯৭ চনৰ ১৩ আগষ্টত হাৰ্দৈৰ জিলা দণ্ডাধীশৰ নেতৃত্বত এটা দলে অৱশেষত প্ৰতিবাদকাৰীসকলৰ ওচৰত সেও মানে। ত্যাগীক নায়ক হিচাপে প্ৰশংসা কৰা হৈছিল। লক্ষ্ণৌত আন্দোলনৰ পৃষ্ঠপোষকতা কৰা অৱস্থিয়ে সকাহ পাইছিল। কিছু মাহৰ পিছত এই দলংখনৰ অনুমোদন দিয়া হয়। অৱশ্যে নিৰ্মাণৰ বাবে দিবলগীয়া কিস্তি দুটা আৰু এবছৰৰ প্ৰতিবাদৰ পিছতহে আহিল।

Left: Venkatesh Dutta sitting in front of his computer in his laboratory.
PHOTO • Rana Tiwari
Right: A graph showing the average annual rainfall in Hardoi from years 1901-2021

বাওঁফালে: নিজৰ পৰীক্ষাগাৰত কম্পিউটাৰৰ সন্মুখত বহি থকা ভেংকটেশ দত্ত। সোঁফালে: ১৯০১-২০২১ চনলৈকে হাৰ্দৈত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ দেখুওৱা এক ৰেখাচিত্ৰ

১৯৯৮ চনৰ ১৪ জুলাইত গড়কাপ্তানি বিভাগৰ মন্ত্ৰীগৰাকীয়ে এই দলংখন উদ্বোধন কৰিবলৈ সাজু হৈছিল। তেওঁক কোৱা হৈছিল যে গাঁৱৰ মানুহে তেওঁক কৃতজ্ঞতাৰ চিন হিচাপে মুদ্ৰাত ওজন কৰিব। কিন্তু যেতিয়া সেয়া নহ’ল, তেতিয়া তেওঁ উদ্বোধনী ভাষণত তাকে লৈ ৰগৰ নকৰাকৈ নাথাকিল।

দলঙৰ বাবে যুঁজিবলৈ একত্ৰিত হোৱা ১৭খন গাঁৱৰ আটাইকেইখনৰ বাবে সেয়া আছিল উৎসৱৰ দিন।  সেয়া আছিল “দেৱালীতকৈ বহু আনন্দময়, ফাকুৱা উৎসৱতকৈও অধিক ৰঙীন,” অৱস্থিৰ মনত পৰে।

প্ৰায় তাৰে পিছৰেপৰা সাই নৈখন শুকাই আহিবলৈ ধৰে। বৰ্ষানিৰ্ভৰ নৈখন এটা সময়ত গোটেই বছৰটো পানীৰে উপচি থাকিছিল, বাৰিষা তাণ্ডৱ ৰূপ ধৰিছিল, সেই নৈখন এখন সৰু নৈত পৰিণত হ’ল, বছৰ বাগৰাৰ লগে লগে দুৰ্বল হৈ পৰিল।

এয়া কেৱল সাই নৈখনৰ কথাই নহয় – লক্ষ্ণৌৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ স্কুল ফৰ এনভাইৰ’মেণ্ট চায়েন্সেজৰ অধ্যাপক ভেংকটেশ দত্তই কয়, “এনেকৈ নৈ এখন বঢ়া-টুটা হৈ থকাটো সমগ্ৰ পৃথিৱীত দেখা গৈছে। এসময়ত বহুবৰ্ষজীৱী নৈ (ছাইৰ দৰে)ৰ প্ৰবাহ বাৰিষাৰ ওপৰত নিৰ্ভৰশীল আৰু মন্থৰ হৈ পৰিছে। ১৯৮৪ চনৰ পৰা ২০১৬ চনলৈকে তথ্যই নিশ্চিত কৰিছে যে ভূগৰ্ভস্থ পানী আৰু বে’চ ফ্ল’ - দুয়োটা হ্ৰাস পাইছে।”

বে’চ ফ্ল’ হ’ল মাটিৰ পৰা অহা পানী যি শেষৰ বৰষুণৰ পিছতো দীৰ্ঘদিন ধৰি জলভাগলৈ বৈ যায়; আনহাতে ভূগৰ্ভস্থ পানী হৈছে মাটিৰ তলৰ পানী – নদী এখন শুকালে য’ৰ পৰা পানী আহে। বে’চফ্ল’ এইদৰেই আজিৰ নদী, ভূগৰ্ভস্থ পানী – ভৱিষ্যতৰ নদী। ১৯৯৬ চনৰ পৰা ২০ বছৰৰ ভিতৰত উত্তৰ প্ৰদেশত বৰষুণৰ পৰিমাণ ৫ শতাংশ হ্ৰাস পাইছে।

দা ষ্টেট অৱ গ্ৰাউণ্ডৱাটাৰ ইন উত্তৰ প্ৰদেশ শীৰ্ষক ২০২১ চনৰ জুলাই মাহত প্ৰকাশ পোৱা ৱাটাৰএইডৰ প্ৰতিবেদনত এইবূুলি উল্লেখ যে “..জলপৃষ্ঠৰ দ্ৰুত হ্ৰাসে ৰাজ্যখনৰ ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰ কৰা নদীসমূহত গুৰুতৰ প্ৰভাৱ পেলাইছে, কাৰণ প্ৰাকৃতিক নিৰ্গমন/ভূগৰ্ভস্থ জলব্যৱস্থাৰ পৰা অহা বে’চফ্ল’ৰ পানী নদীলৈ বৈ যায়, আৰু জলাশয় যথেষ্ট হ্ৰাস পাইছে বা প্ৰায় নাইকিয়া হৈছে। জলভাগ আৰু ইয়াৰ জলাশয়সমূহ বৃহৎ পৰিসৰৰ বেদখলে বিপৰ্য্যস্ত কৰিছে.... বে’চফ্ল’ হ্ৰাস পোৱাৰ ফলত ভূগৰ্ভস্থ পানী নিৰ্ভৰশীল নদী আৰু ইয়াৰ পৰিৱেশগত প্ৰবাহৰ লগতে পৃষ্ঠীয় সংৰক্ষণৰ ওপৰতো প্ৰভাৱ পৰিছে। গোমতি নদী আৰু ইয়াৰ উপনৈসমূহৰ লগতে ৰাজ্যখনৰ আন কেইবাখনো নদী ভূগৰ্ভস্থ জলৰ দ্বাৰা পৰিচালিত, কিন্তু নদী অৱবাহিকাত হোৱা গধুৰ নিষ্কাশন আৰু পৰৱৰ্তী সময়ত ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পোৱাৰ ফলত নদীসমূহৰ প্ৰবাহ যথেষ্ট হ্ৰাস পাইছে।”

এই দুৰ্যোগৰ লগতে জিলাখনে তৃতীয় এটা সমস্যাৰ সৈতেও যুঁজিছে। এটা অধ্যয়নত প্ৰকাশিত তথ্য অনুযায়ী হাৰ্দৈয়ে ১৯৯৭ৰ পৰা ২০০৩ৰ ভিতৰত ইয়াৰ জলাশয়ৰ ৮৫ শতাংশ হেৰুৱাইছে।

Left: Shivram Saxena standing knee-deep in the Sai river.
PHOTO • Rana Tiwari
Right: Boring for farm irrigation right on the banks of the river
PHOTO • Pawan Kumar

সাই নদীৰ আঠুৰ সমান পানীত থিয় দি শিৱৰাম চাক্সেনা। সোঁফালে: নদীৰ পাৰত খেতিৰ বাবে নলীনাদৰ ব্যৱস্থা

পাৰৌলিত বিজ্ঞানৰ কথা চালিজাৰি নোচোৱাজনৰ দৃষ্টিতো পৰিৱৰ্তন চকুত লগাকৈ ধৰা দিছে। উদাহৰণ স্বৰূপে যোৱা দুটা বছৰত গাঁৱৰ আটাইবোৰ কুঁৱা শুকাই গৈছে। কুঁৱাৰ নামত হোৱা আটাইবোৰ পূজা-পাতাল (যেনে নকইনাই আগবঢ়োৱা অৰ্ঘ্য আদি)য়ে কাম দিয়া নাই। গ্ৰীষ্মৰ কালচোৱাত নৈখন তেনেই ক্ষুদ্ৰ নিজৰাত পৰিণত হৈছে।

গৰমৰ দিনত নদীত সাঁতোৰাৰ আনন্দৰ কথা মনত পেলাই কৃষক শিৱৰাম ছাক্সেনা (৪৭)য়ে নৈখনত ফটো এখন উঠিবৰ বাবেও নামিবলৈ সংকোচ কৰে। “এইখন মই দেখি অহা পৰিষ্কাৰ আৰু ধুনীয়া নৈ হৈ থকা নাই,” আঁঠুৰ সমান পানীত থিয় হৈ তেওঁ কয়, তেওঁৰ পিছফালে এটা জন্তুৰ মৃতদেহ ওপঙি আছে।

অৱস্থিৰ নিজৰ পিতৃ দেৱী চৰণ আছিল এজন পতৰৌল (চৰকাৰে নিযুক্তি দিয়া শ্ৰমিক যিয়ে জলসিঞ্চন বিভাগৰ বাবে মাটি জোখে)। জলসিঞ্চনৰ বাবে সাইৰ পানী পাৰৌললৈ নিয়াৰ বাবে তেওঁ এটা সৰু খাল খান্দিছিল। এতিয়া সেই খালটো শুকাই গৈছে।

এতিয়া খেতিত পানী দিবলৈ ডিজেল-চালিত পানীৰ পাম্প নৈখনৰ পাৰত স্থাপন কৰা হৈছে।

সাইৰ নিজা যোদ্ধা আছে। ইয়াৰ ভিতৰত ৰাজ্যখনৰ বিধান পৰিষদৰ প্ৰাক্তন সদস্য (১৯৯৬-২০০২) ৭৪ বছৰীয়া বিন্ধ্যবাসনী কুমাৰে ২০১৩ চনত নৈখনৰ পাৰে পাৰে ৭২৫ কিলোমিটাৰ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ পৰিচালনা কৰা ৮২খন ৰাজহুৱা সভা আৰু তেওঁ ৰোপণ কৰা হাজাৰ হাজাৰ গছ-গছনিৰ যোগেদি তেওঁৰ বাৰ্তা আছিল যে গংগাৰ উপনৈসমূহ সুৰক্ষিত নহ’লে গংগাক বচাব পৰাটো সম্ভৱ নহ’ব।

প্ৰতাপগড় জিলাত জন্মগ্ৰহণ কৰা কুমাৰে কয়, “নিজৰ জীৱনত মই নদীবোৰৰ তিলতিলকৈ মৃত্যু হোৱা দেখিছো। নৈবোৰ সংকুচিত হৈছে, পানীৰ উৎস শুকাই গৈছে, ঔদ্যোগিক আৱৰ্জনা আৰু জাবৰ-জোঁথৰবোৰ নিৰ্বিচাৰে নৈৰ বুকুত পেলাই দিয়া হৈছে, খেতিৰ বাবে নদী অৱবাহিকা বেদখল কৰা হৈছে, ভূগৰ্ভস্থ পানীৰ অতিমাত্ৰা শোষণ হৈছে...এইবোৰ বিষয়ত আমাৰ নীতি নিৰ্ধাৰকসকলে গুৰুত্ব দিব নিবিচৰাটো অতিশয় দুখজনক।" সাই নৈখন প্ৰতাপগড় জিলাৰ মাজেৰেও বৈ গৈছে।

হেৰাই যাবলৈ ধৰা নৈবোৰলৈ আমাৰ নীতি নিৰ্ধাৰকসকলে গুৰুত্ব নিদিব পাৰে, কিন্তু তেওঁলোকে নিজৰ সাফল্যৰ কথা ক’বলৈ নেৰে।

Old photos of the protest march obtained via Vindhyavasani Kumar. Kumar undertook a journey of 725 kms on the banks of the river in 2013
PHOTO • Courtesy: Vindhyavasani Kumar
Old photos of the protest march obtained via Vindhyavasani Kumar. Kumar undertook a journey of 725 kms on the banks of the river in 2013
PHOTO • Courtesy: Vindhyavasani Kumar

বিন্ধ্যবাসনী কুমাৰৰ পৰা পোৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ পুৰণি ফটো। কুমাৰে ২০১৩ত নৈৰ পাৰে পাৰে ৭২৫ কিলোমিটাৰৰ পদযাত্ৰা কৰিছিল

'Till children do not study the trees, land and rivers around them, how will they grow up to care for them when adults?' says Vindhyavasani Kumar (right)
PHOTO • Courtesy: Vindhyavasani Kumar
'Till children do not study the trees, land and rivers around them, how will they grow up to care for them when adults?' says Vindhyavasani Kumar (right)
PHOTO • Rana Tiwari

“ল’ৰা-ছোৱালীয়ে নিজৰ চৌপাশে থকা গছ-গছনি, ভূমি আৰু নদীৰ কথা নপঢ়িলে কেনেকৈ সেইবোৰৰ যত্ন ল’বলৈ শিকিব?” বিন্ধ্যবাসনী কুমাৰে (সোঁফালে) কয়

২০২২ চনৰ ১ নৱেম্বৰত; ভাৰত জল সপ্তাহ উপলক্ষে ভাষণ দি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দাবী কৰিছিল যে বিগত কিছু বছৰত ৰাজ্যৰ ৬০ খনতকৈও অধিক নদী পুনৰুজ্জীৱিত কৰা হৈছে।

অধ্যাপক ভেংকটেশ দত্তই কয় যে নদীৰ পুনৰুজ্জীৱিতকৰণ কেইবছৰমানৰ ভিতৰতে লাভ কৰিব পৰা কোনো ‘যাদু’ নহয়। “বৃহৎ জলভাগ, হ্ৰদ, পুখুৰী আৰু নৈৰ জৰিয়তেহে প্ৰাকৃতিক আৱেশেহে আমাৰ নদীলৈ পানী ঘূৰাই আনিব পাৰে। শস্য বাচনি সলনি কৰিব লাগিব। নিখুঁত জলসিঞ্চনৰ জৰিয়তে পানীৰ ব্যৱহাৰ ব্যাপকভাৱে হ্ৰাস কৰিব লাগিব। আৰু তেতিয়াও এখন নদীক সজীৱ কৰিবলৈ ১৫-২০ বছৰ লাগিব,” নদী সন্দৰ্ভত ৰাষ্ট্ৰীয় নীতিৰ অভাৱৰ বাবেও তেওঁ আক্ষেপ প্ৰকাশ কৰে।

বিন্ধ্যবাসনী কুমাৰে কয় যে ইয়াৰ দীৰ্ঘম্যাদী সমাধান হ’ল স্থানীয় ভূভাগৰ অধ্যয়ন বিদ্যালয় পৰ্যায়ত বাধ্যতামূলক কৰা। “যেতিয়ালৈকে ল’ৰা-ছোৱালীয়ে নিজৰ চৌপাশৰ গছ-গছনি, মাটি আৰু নদ-নদীবোৰ অধ্যয়ন নকৰে, তেতিয়ালৈকে ডাঙৰ হ’লে সিহঁতে সিবোৰৰ যত্ন লোৱাৰ আগ্ৰহো প্ৰকাশ কিয় কৰিব?” তেওঁ প্ৰশ্ন কৰে।

ৰাজ্যখনৰ ভূগৰ্ভস্থ জল বিভাগৰ প্ৰাক্তন জ্যেষ্ঠ জলবিজ্ঞানী তথা গ্ৰাউণ্ডৱাটাৰ এক্সন গ্ৰুপৰ আহ্বায়ক ৰবীন্দ্ৰ স্বৰূপ সিনহাই কয় যে নদীসমূহ পুনৰুজ্জীৱিত কৰিবলৈ ‘সামগ্ৰিক পদ্ধতি’ৰ প্ৰয়োজন।

"গংগাৰ দৰে ডাঙৰ ডাঙৰ নদীবোৰক সৰু সৰু নৈবোৰ পুনৰুজ্জীৱিত নকৰাকৈ জীয়াই তুলিব পৰা নাযায়। এনে এক বিস্তৃত পদ্ধতিত অন্তৰ্ভূক্ত কৰিব লাগিব তথ্য একত্ৰীকৰণ, বিশ্লেষণ আৰু পৰিচালনা; বহনক্ষম নিষ্কাশনৰ সীমা নিৰ্ধাৰণ কৰা; ভূগৰ্ভস্থ পানীৰ চাহিদা হ্ৰাস, নিষ্কাশন কমকৈ কৰা আৰু পুনঃপূৰ্তিৰ বাবে একাধিক ব্যৱস্থা, ভূ-পৃষ্ঠ আৰু ভূপৃষ্ঠৰ উপৰিভাগৰ পানীৰ সুষম ব্যৱহাৰ আদি।”

সিনহাই কয়, “কেৱল নদী এখনৰ গেদ আঁতৰ কৰা আৰু পানীমেটেকাজাতীয় উদ্ভিদ আঁতৰোৱাটো অস্থায়ী ব্যৱস্থা, সি কিছু সময়ৰ বাবে পানীৰ প্ৰবাহ বৃদ্ধি কৰে।”

তেওঁ লগতে কয়, “ভূগৰ্ভস্থ পানী, বৰষুণ আৰু নদীৰ মাজত এক চক্ৰীয় সম্পৰ্ক আছিল, যিটো ভংগ হৈ গৈছে।”

Left: There is algae, water hyacinth and waste on the river.
PHOTO • Pawan Kumar
Right: Shivram Saxena touching the water hyacinth in the Sai
PHOTO • Pawan Kumar

বাওঁফালে: নৈখনৰ ওপৰত শেলাই, পানীমেটেকা আৰু আৱৰ্জনা। সোঁফালে: সাই নৈৰ পানীমেটেকা স্পৰ্শ কৰা শিৱৰাম সাক্সেনা

ক্ষতি দুটা কাৰণত হৈছে - এটা হৈছে মানৱসৃষ্ট কাৰণত আৰু আনটো কাৰক মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত।

“সেউজ বিপ্লৱে ভূগৰ্ভস্থ পানীৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা বৃদ্ধি কৰিলে। গছ কমি আহিল। বৰষুণৰ প্ৰকৃতি সলনি হ’ল। বৰষুণ বিস্তৃতি ৰূপ লোৱাৰ পৰিৱৰ্তে কেইটামান দিনৰ ভিতৰতে কেন্দ্ৰীভূত হৈ পৰিল। এনেকৈ বৰষুণৰ পানীৰ বেছিভাগেই বৈ যোৱা হ’ল, মাটিয়ে শোষণ কৰি ল’বলৈ সময় কম পোৱা হ’ল। ভূগৰ্ভস্থ পানীৰ অভাৱ হৈ পৰাত আমাৰ নদীসমূহক পানী যোগান ধৰিবলৈ পৰ্যাপ্ত পৰিমাণে পানী উপলব্ধ নোহোৱা হ’ল,’ সিনহাই কয়।

তথাপিও উন্নয়ন নীতিত ভূগৰ্ভস্থ পানীক কাৰক হিচাপে লোৱাটো খুব কমেইহে দেখা যায়। সিনহাই দুটা উদাহৰণ দাঙি ধৰিছে – এটা, বৰ্তমানৰ চৰকাৰৰ অধীনত ৰাজ্যত ১০ হাজাৰৰ পৰা ৩০ হাজাৰলৈ টিউবৱেলৰ সংখ্যা বৃদ্ধি। আৰু আন এটা হ'ল হৰ ঘৰ জল যোজনা, যাৰ লক্ষ্য প্ৰতি ঘৰে ঘৰে পানী লৈ যোৱা।

সিনহাই নদীৰ মেপিং, ভূগৰ্ভস্থ পানীৰ পৰিস্থিতি, মৰফ’লজি আৰু অশ্বখুৰা হ্ৰদ (উপগ্ৰহৰ মেপিঙৰ জৰিয়তে নিৰ্ধাৰিত ইংৰাজীৰ ইউ আকৃতিৰ জলাশয়)কে ধৰি কেইবাটাও প্ৰয়োজনীয় পদক্ষেপৰ তালিকা প্ৰস্তুত কৰিছে।

তথাপিও চৰকাৰে সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ পৰিৱৰ্তে পৰিসংখ্যাৰ অস্পষ্টতালৈ ধাৱমান হৈছে। উদাহৰণস্বৰূপে, ২০১৫ চনত কৃষ্ণ মণ্ডল (ডাৰ্ক জ’ন)ৰ গণনাত (য’ত ভূগৰ্ভস্থ পানীৰ মাত্ৰা আতংকজনক স্তৰলৈ নামি আহিছে) চৰকাৰে ভূগৰ্ভস্থ পানী নিষ্কাশন বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। তেতিয়াৰ পৰাই ই কেৱল মাটিয়ে শোষণ কৰা পানীৰ অনুমানৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে।

আজাদ নগৰৰ বৰ্তমান অসুস্থ ত্যাগীয়ে আৰু খোজকাঢ়ি সাই নৈখনৰ ওচৰলৈ যাব নোৱাৰাত একপ্ৰকাৰ তেওঁ ভালেই পাইছে। তেওঁ কয়, “ইয়াৰ অৱস্থাৰ বিষয়ে যিখিনি শুনিছো, সেয়া স্বচক্ষে দেখিলে মনোকষ্টৰ বাদে একো নাপাও,” তেওঁ কয়।

নদীখনৰ বুকুৱেদি দলংখন নিয়াটোৱে চাগে কিবা এটা অঘটন আছিল, অৱস্থিয়ে কয়। “এতিয়া দলং এখন আছে ঠিকেই, তলেৰে বৈ যোৱা সেই নদীখন নাই। ইয়াতকৈ দুখৰ কথা কিব হ’ব পাৰে,” তেওঁ যেন নিজকেই প্ৰশ্ন কৰে।

অনুবাদ: পংকজ দাস

Rana Tiwari

Rana Tiwari is a freelance journalist based in Lucknow.

Other stories by Rana Tiwari
Photographs : Rana Tiwari

Rana Tiwari is a freelance journalist based in Lucknow.

Other stories by Rana Tiwari
Photographs : Pawan Kumar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das