এহলিল আন্নাই মোক এক সপোনৰ দুনীয়ালৈ লৈ যায়। অতীতৰ সেই সেউজীয়া ঘাঁহনি, নাচি-বাগি থকা ওখ ওখ গছবোৰ, অঘৰী আত্মাৰ কাহিনী কয় আৰু শেষত আমি পৰ্বতৰ চুড়াত গৈ ৰওঁ। তাৰপৰা পৃথিৱীখন সপোনত দেখাৰ দৰে। হঠাতে আন্নাই মোক বাস্তৱৰ শীতাৰ্ত ৰাতি এটালৈ নিয়ে। মোক মাটিলৈ এনেকৈ টানি আনে, মই ক্ষণিকতে ধূলিৰ লগত মিহলি হৈ যাওঁ।

তেওঁ আছিল মাটিৰ মানুহ। তেওঁৰ জীৱনটোৱেই আছিল তেনেকুৱা। এজন বহুৱা, শিক্ষক, শিশু, অভিনেতা - মাটিৰ দৰেই তেওঁ সকলোৰে সৈতে মিলি যাব পাৰিছিল। এহলিল আন্না - মোক মাটিৰ পৰা গঢ়ি তোলা মানুহ।

তেওঁ শিশুবোৰক কোৱা ৰজাৰ কাহিনী শুনিয়েই মই ডাঙৰ হৈছো। কিন্তু এতিয়া মই সেই কাহিনী নিজে ক’ব লাগিব, ফটোবোৰৰ নেপথ্যত থকা মানুহজনৰ কাহিনী। পাঁচ বছৰে মোক মোৰ জীৱনৰ গতি দিয়া সেই কাহিনী।

*****

আৰ. এহলিলআৰচন কেতিয়াবা বহুৱাৰ ৰজা, কেতিয়াবা জপিয়াই ফুৰা এটা এন্দুৰ। কোনোবাদিন যদি খঙত ৰঙা-চিঙা পৰা এটা চৰাই, কোনোবাদিন আকৌ ইমান বেছি দুষ্টালি বুদ্ধি নথকা এটা শিয়াল। আন এদিন বুকু ফিন্দাই খোজ দিয়া এটা সিংহ। দিনটোত কি কাহিনী ক’ব, তাৰ ওপৰত সেয়া নিৰ্ভৰ কৰে। তামিলনাডুৰ অৰণ্য আৰু চহৰৰ মাজে মাজে সেউজীয়া ৰঙৰ বেগটোত তেওঁ সেই কাহিনীবোৰ যোৱা ৩০ বছৰৰো অধিককাল লৈ ঘূৰি ফুৰিছে।

এয়া ২০১৮ চন। আমি নাগাপাট্টিনামৰ এখন স্কুলত আছো। গাজা ঘূৰ্ণীবতাহত উভালি পৰা গছবোৰৰ কটা টুকুৰাবোৰ অ’ত-ত’ত এনেকৈ থোৱা আছে যেন সেইখন স্কুল নহয়, পৰিত্যক্ত কাঠৰ মিলহে। কিন্তু ঘূৰ্ণীবতাহত তামিলনাডুৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাখনৰ এই চৌহদটোৰ শিশুৰ খিলখিল হাঁহিত সেই বিধ্বংসী দিনৰ স্মৃতিৰ ৰং উৱলি গৈছে।

“ৱান্ধানে থেন্না পাৰুংগা কাট্টিয়াক্কাৰাম আমা কাট্টিয়াকাৰণ। বাৰানে থেন্না পাৰুংগা। (চোৱা চোৱা, বহুৱাজন আহিছে। হয় হয়, বহুৱা আহিছে, চোৱা, চোৱা)।”

PHOTO • M. Palani Kumar

নাট এখন আৰম্ভ কৰাৰ আগেয়ে এহলিল আন্নাই ল ৰা - ছোৱালীবোৰৰ লগত বহি লৈছে আৰু সিহঁতে কি ভাল পায় জানিব বিচাৰিছে

PHOTO • M. Palani Kumar

গাজা ঘূৰ্ণীবতাহে ২০১৮ত নাগাপাট্টিনামত তাণ্ডৱ চলোৱাৰ পিছত এহলিলে পতা কেম্পে শিশুহঁতৰ শ্ৰেণীকোঠাটো হাঁহি - ফুৰ্তিৰে ভৰাই তুলিছিল

মুখত বগা-হালধীয়া ৰং, তিনিটা ফোট, এটা নাকত, বাকী দুটা গালত। প্লাষ্টিকৰ নীলা ৰঙৰ টুপি এটাৰে টুপিৰ কাম চলোৱা হৈছে, ওঠত এটা খুহুতীয়া গীত আৰু গীতৰ তালে তালে সংগতিবিহীন নাচোন। বহুৱাৰ যেন ৰজা, তেনেকুৱাই তেওঁক লাগিছিল। সেই চিঞৰ-বাখৰ, কুচ-কাৱাজ আছিল গতানুগতিক। এনেকৈয়ে এহলিলৰ আৰ্টৰ কেম্প আৰম্ভ হয়। সেয়া লাগিলে জবাধু হিলচৰ সৰু ৰাজহুৱা স্কুলেই হওঁক, বা চেন্নাইৰ এখন আটকধুনীয়া প্ৰাইভেট স্কুলেই হওঁক, কিম্বা ইৰ’ড জিলাৰ সত্যমংগলম অৰণ্যৰ জনজাতীয় ল’ৰা-ছোৱালীৱে হওঁক, বা বিশেষভাৱে সমৰ্থ শিশুৱে হওঁক। আন্নাই জোৰদাৰ হাস্যকৰ নাট-গানেৰে তেওঁৰ কাৰ্য্যসূচী আৰম্ভ কৰে। সকলো দ্বিধা-সংকোচ এৰি হাঁহি-ফুৰ্তিৰে গীত গাই নাচি-বাগি কিবা এটা শিকাৰ প্ৰতি এনেকৈয়ে শিশুহঁত আগ্ৰহী হৈ পৰে।

প্ৰশিক্ষিত শিল্পী আন্নাই স্কুলখনত কি সুবিধা আছে-নাই, সেই লৈ কেতিয়াও চিন্তা কৰা নাছিল। তেওঁ একো বিচৰা নাছিল। পৃথকে কোনো হোটেল বা থকাৰ সুবিধা, কোনো বিশেষ সা-সঁজুলি, একোৱেই তেওঁ নিবিচাৰে। তেওঁ আনকি বিদ্যুতৰ সুবিধা নথকা অৱস্থাতো কাম কৰিছে, পানী, ফেন্সী সামগ্ৰী আদি নথকাকৈও কৰিছে। কেৱল শিশুবোৰক লগ পাব লাগে, সিহঁতৰ লগত কথা পাতিব লাগে আৰু কাম কৰিব লাগে, সিমানখিনিয়ে তেওঁ সদায় বিচাৰিছিল। তেওঁৰ জীৱনৰ পৰা আপুনি শিশুবোৰক পৃথককৈ চাব নোৱাৰে। শিশুৰ সন্মুখত তেওঁ আটাইতকৈ সুন্দৰ হৈ ধৰা দিয়ে আৰু সামান্যকণো পলম নকৰি কামত লাগি পৰে।

এবাৰ তেওঁ সত্যমংগলামৰ গাওঁ এখনত কাম কৰিছিল য’ত শিশুবোৰে ৰং দেখা নাছিল। প্ৰথমবাৰৰ বাবে ৰঙেৰে সিহঁতৰ নিজৰ কল্পনাৰ জগতখন অঁকাত তেওঁ সহায় কৰিছিল। সেয়া আছিল সিহঁতৰ বাবে এক নতুন অভিজ্ঞতা। কহলীমন বিৰলকল (মাটিৰ আঙুলি) নামে নিজাকৈ আৰ্ট স্কুলখন খোলাৰ পৰাই তেওঁ যোৱা ২২ বছৰ ধৰি এনেদৰেই বিৰামহীনভাৱে শিশুৰ কাৰণে কাম কৰি আহিছে। বেমাৰতো তেওঁ থমকি ৰোৱা নাই। শিশুৰ সৈতে কাম কৰিলেই তেওঁৰ সকলো দুখ-বেজাৰ আঁতৰি যায়। শিশুৰ কাৰণে তেওঁ সদায় সাজু।

আন্নাই চেন্নাইৰ ফাইন আৰ্টচ কলেজৰ পৰা সুকুমাৰ কলাৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ আজি ৩০ টাৰো বেছি বছৰ হ’ল, সেয়া ১৯৯২ৰ কথা। “মোৰ জ্যেষ্ঠসকলৰ মাজৰ চিত্ৰশিল্পী তিৰু তামিলচেলভান, কষ্টিউম ডিজাইনাৰ প্ৰভাকৰণ, চিত্ৰশিল্পী ৰাজমোহন যিয়ে মোক মোৰ কলেজীয়া জীৱনটোত ভালেখিনি সহায় কৰিছে, মোৰ ডিগ্ৰীটো সম্পূৰ্ণ কৰাত মোক সহায় কৰিছিল, তেওঁলোক আমাৰ লগত আছিল। টেৰাকোটা ভাস্কৰ্য্যৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি মই শিল্পকৰ্মৰ পৰীক্ষণমূলক কামৰ বাবে চেন্নাইৰ ললিত কলা একাডেমিলৈ আহো।” তেওঁ নিজাকৈ ভাস্কৰ্য্যশিল্পৰ ষ্টুডিঅ’তো কিছুদিন কাম কৰিছিল।

“কিন্তু যেতিয়া মোৰ কামবোৰ বিক্ৰী হ’বলৈ আৰম্ভ কৰিলে,” তেওঁ কয়, “মই দেখিছিলো যে সি গৈ সৰ্বসাধাৰণক ঢুকি পোৱা নাছিল। তেতিয়াই মই সৰ্বসাধাৰণৰ সৈতে সম্পৰ্কিত শিল্পকলাত মনযোগ দিলো আৰু গ্ৰামাঞ্চলৰ পিনে মন দিলো। তামিল ভাষাৰ পঞ্চভূমি (পৰ্বত, সমূদ্ৰতীৰ, মৰুভূমি, অৰণ্য আৰু পথাৰ)ত মই কাম কৰিব বিচাৰিছিলো। শিশুৰ সৈতে মাটিৰ পুতলা আৰু অনান্য সামগ্ৰী বনোৱা কামত মই লাগি পৰিলো।” তেওঁ কাগজৰ মুখা বনোৱা, মাটিৰ মুখা বনোৱা, মাটিৰ মডেল সজা, ছবি অঁকা, আইনাৰ সামগ্ৰীত অঁকা, অৰিগেমি আদি শিকাবলৈ আৰম্ভ কৰিলে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : ইৰ জিলাৰ সত্যমংগলমৰ শিশুবোৰে ৰঙৰ যাদু দেখিছে সোঁফালে : কৃষ্ণগিৰি জিলাৰ কেবাৰিপাট্টিনামৰ শিশুহঁতে কাৰ্ডব ৰ্ড আৰু বাতৰিকাকতেৰে হৰিণাৰ মুকুট সাজিছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : কাবেৰীপাট্টিনামৰ এখন কৰ্মশালাৰ শেষৰ দিনা পৰিৱেশন কৰিবলগীয়া নাট এখনৰ বাবে শিশুবোৰে নিজহাতে সাজি উলিওৱা মূৰত পিন্ধা টুপি পিন্ধা এজাক শিশু সোঁফালে : পেৰাম্বালুৰত শিশুহঁতে নিজে সজা মুখাবোৰ , প্ৰতিখন মুখাৰে অভিব্যক্তি ভিন্ন

আমি য’লৈকে গৈছিলো, যোগাযোগৰ যিয়েই মাধ্যম নহওঁক লাগিলে - বাছ, ভেন, যিয়েই উপলব্ধ থাকে, আমাৰ লগত থকা আটাইতকৈ ডাঙৰ মোনাটো আছিল শিশুৰ বাবে। এহলিল আন্নাৰ ডাঙৰ নীলা মোনাটো ৰংপেঞ্চিল, ৰং-তুলিকা, ফেভিকল, ব্ৰাউন ব’ৰ্ড, গ্লাচ পেইণ্ট, কাগজ আন সামগ্ৰীৰে ভৰি থাকিছিল। তেওঁ আমাক এলিচ ৰোডৰ পৰা আৰম্ভ কৰি পেৰীচ কৰ্ণাৰ, ট্ৰিপ্লিকেনৰ পৰা এগম’ৰলৈ - তামিলনাডুৰ প্ৰতিটো চুকে-কোণে লৈ গৈছিল, য’তেই চিত্ৰশিল্পৰ সামগ্ৰী পায়, তালৈকে। আমাৰ বিল ৬-৭ হাজাৰলৈ হৈছিল।

আন্নাৰ কেতিয়াও সিমান পইছা নাছিল। তেওঁ সদায় বন্ধুবৰ্গৰ পৰা, সৰু-সুৰা কাম কৰি, নিজৰ প্ৰাইভেট স্কুলখনৰ পৰা পইচা সংগ্ৰহ কৰিছিল। জনজাতীয় আৰু বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীয়ে যাতে কিবা এটা শিকিব পাৰে, তাৰাবাবে তেওঁ সদায় চেষ্টা কৰিছিল। এহলিল আন্নাৰ সৈতে মই যোৱা পাঁচটা বছৰত ঘূৰিছো, ক’তো তেওঁক এবাৰো হতাশ হোৱা মই দেখা নাই। নিজৰ বাবে কোনোদিনে কিবা এটা সাঁচি থোৱাৰ কতা তেওঁ ভবা নাই, সাঁচিবলৈ তেওঁৰ নিজৰ হাতত একো থকাও নাছইল। যিখিনি উপাৰ্জন কৰিছিল, সেইখিনি মোৰ দৰে সহশিল্পীৰ সৈতে শ্বেয়াৰ কৰিছিল।

কেতিয়াবা কিবা কিনাৰ পৰিৱৰ্তে আন্নাই শিশুক শিকোৱাৰ বাবে নতুন সামগ্ৰী আৱিস্কাৰ কৰিছিল। তেওঁ যি ভাবিছিল, সেয়া প্ৰচলিত শিক্ষা ব্যৱস্থাই ভাবিব পৰা নাছিল। শিল্পকৰ্মৰ বাবে নতুন সামগ্ৰী বিচাৰি উলিয়াবলৈ তেওঁ নিজে শিশুবোৰক উৎসাহিত কৰিছিল। মাটি সহজেই উপলব্ধ আছিল, তেওঁ সেই মাটিয়ে ব্যৱহাৰ কৰিছিল। কিন্তু তাৰ আগেয়ে নিজে তাৰপৰা শিলগুটি, গেদ আদি আঁতৰাই লৈ মাটিখিনি ভালদৰে চালি লৈ ফেনেকি, শুকুৱাই ব্যৱহাৰৰ উপযোগী কৰি লৈছিল। মাটিয়েই মোক তেওঁ আৰু তেওঁৰ জীৱনটো সোঁৱৰাই দিয়ে। সেয়া আছিল শিশুৰ জীৱনৰ দৰে নমনীয় জীৱন। শিশুবোৰক কেনেকৈ মুখা বনায় সেয়া শিকোৱা চাই মই অভিভূতঃ হৈ পৰিছিলো। প্ৰতিখন মুখাই আছিল সুকীয়া প্ৰকাশভংগীৰ, কিন্তু শিশুৱে সেয়া পিন্ধাৰ সময়ত মুখত বিৰিঙি উঠা হাঁহি আছিল একেই, অনাবিল আনন্দৰ।

শিশুৱে মাটি হাতত তুলি লৈ সেয়া মুখালৈ ৰূপান্তৰ কৰাটো চাই যি তেওঁ সুখ পাইছিল, সেয়া আছিল অমূল্য। এহলিল আন্নাই সিহঁতক নিজা ধাৰণা আৰু জীৱনবোৰৰ সৈতে মিল থকা ধাৰণা বাছি ল’বলৈ কৈছিল। সিহঁতে কি বিচাৰে, সদায় সেয়া সুধিছিল আৰু অনুসৰণ কৰিবলৈ কৈছিল। কিছুমান ল’ৰা-ছোৱালীয়ে পানীৰ টেংকি সাজিছিল, কিয়নো সিহঁতৰ ঘৰত পানী নাছিল, বা একেবাৰেই কম আছিল। কিছুমানে হাতী আঁকিছিল। শুঁৰ ডাঙি থকা হাতী সিহঁতে আঁকিছিল, হাতীৰ সৈতে তেওঁলোকৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক তেওঁলোকে শিল্পৰ জৰিয়তে দাঙি ধৰিছিল।

PHOTO • M. Palani Kumar

মাটিয়ে সদায় মোক এহলিল আন্না আৰু শিশুবোৰৰ সৈতে তেওঁলোকৰ জীৱনটো মনত পেলা তেওঁ নিজেই মাটিৰ মানুহ , সকলোতে মিলি যায় ৰা - ছোৱালীয়ে কেনেকৈ তেওঁৰ সহায়ত মুখা বনোৱা শিকে , এই নাগাপাট্টিনামৰ স্কুলখনত শিকোৱাৰ দৰে , চায়েই ভাল লাগে

PHOTO • M. Palani Kumar

শিশুবোৰক তেওঁ সিহঁতৰ নিজৰ চৌপাশৰ জগতখন , সিহঁত থাকে , তাৰে ছবি আৰু ধাৰণাৰে শিল্প সৃষ্টিৰ বাবে তেওঁ অনুপ্ৰেৰণা যোগায় সত্যমংগলম জনজাতীয় চুবুৰীৰ এই শিশুটিৰ দৰে , সি শুঁড় দাঙি থকা হাতী এটা আঁকিছে , সি তেনেকৈয়ে হাতীক জানে

শিল্প কৰ্মশালাৰ বাবে তেওঁ কি সামগ্ৰী ব্য়ৱহাৰ কৰিব, তাকে লৈ তেওঁ খুব গভীৰভাৱে চিন্তা কৰিছিল। নিখুঁতভাৱে কিবা এটা কৰাৰ তেওঁৰ আগ্ৰহ, শিশুবোৰৰ হাতত সঠিক সামগ্ৰী তুলি দিয়াৰ বাবে তেওঁ চিন্তাই তেওঁক আমাৰ ওচৰত এজন নমস্য ব্যক্তি কৰি তুলিছিল। শিবিৰত প্ৰতিটো নিশা এহলিল আন্না আৰু আনসকলে পিছদিনা ব্যৱহাৰ হ’বলগীয়া সামগ্ৰী প্ৰস্তুত কৰিছিল। দৃষ্টিগত দিশৰ পৰা দিব্যাংগ শিশুৰ সৈতে কেনেকৈ মত বিনিময় কৰিব, তাৰ বাবে তেওঁ শিবিৰত চকুত পটি মাৰি লৈছিল। বধিৰ শিশুক প্ৰশিক্ষণ দিয়াৰ সময়ত তেওঁ নিজে কাণত সোপা দি লৈছিল। শিশুৰ অভিজ্ঞতা বুজাৰ বাবে তেওঁ যিদৰে চেষ্টা কৰিছিল, তাকে দেখি ময়ো মোৰ কেমেৰাৰ আগৰ বস্তুবোৰৰ সৈতে জৰিত হোৱাৰ বাবে প্ৰেৰণা পাইছিলো। ফটো এখন তোলাৰ আগতে সন্মুখৰ অবজেক্টটোৰ সৈতে জৰিত হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ আছিল।

এহলিলে বেলুনৰ যাদু জানিছিল। বেলুনৰ সৈতে তেওঁ যি খেল খেলি শিশুবোৰক দেখুৱাইছিল, সিয়ে কণ কণ ল’ৰা-ছোৱালীৰ সৈতে এক সুন্দৰ আন্তৰিক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিছিল। গোলাকাৰ, সাপ বেলুন, মেৰ-পাক থকা বেলুন, সুহুৰি বজোৱা বেলুন, পানী ভৰোৱা বেলুন - মোনাত তেওঁ সদায় হৰেক ৰকমৰ বেলুন ৰাখিছিল। শিশুবোৰৰ মাজত তাকে দেখি আনন্দ-ফুৰ্তিৰ সীমা নাইকিয়া হৈছিল। তাৰপাছত আহিছিল গান।

“মোৰ কামৰ সময়ত মই বুজিছিলো যে শিশুক সকলো সময়তে গান আৰু খেলা-ধূলা লাগে। সামাজিক অৰ্থ বহন কৰা গান আৰু খেল মই বাছি লৈছিলো। মই সেয়া সিহঁতৰ সৈতে গাইছিলো,” আন্নাই কয়। তেওঁ শিবিৰটো পোহৰাই তুলিছিল। শিবিৰ শেষ হোৱাৰ পিছত জনজাতীয় ল’ৰা-ছোৱালীয়ে তেওঁক বিদায় দিব বিচৰা নাছিল। তেওঁক গান গাবলৈ কৈছিল। ভাগৰ তেওঁৰ লগা নাছিল। য’তেই কণমানিবোৰ গোট খাইছিল, তাতেই তেওঁ গীত জুৰিছিল।

তেওঁ যিদৰে সংযোগ ৰক্ষা কৰিবলৈ, তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতা বুজিবলৈ চেষ্টা কৰিছিল তাৰ পৰা মই মোৰ ফটোগ্ৰাফৰ বিষয়বস্তুৰ সৈতে জৰিত হোৱাৰ অনুপ্ৰেৰণা পাইছিলো। প্ৰাৰম্ভিক অৱস্থাত মোৰ ফটোগ্ৰাফিৰ বোধ যেতিয়া প্ৰাথমিক পৰ্য্যায়ত আছিল, মই ফটোবোৰ এহলিলক দেখুৱাইছিলো। তেওঁ মোক ফটোবোৰ সেই মানুহবোৰৰ ওচৰলৈ লৈ যাবলৈ কৈছিল, যিসকল সেই ফ্ৰেমত আছে। “তোমাৰ ফটো তোলাৰ কৌশল সেই মানুহখিনিয়েই ওপৰলৈ নিয়াত সহায় কৰিব,” তেওঁ কয়।

PHOTO • M. Palani Kumar

শিবিৰ শেষ হোৱাৰ পিছত শিশুহঁতে আন্নাক বিদায় দিবলৈ ভাল নাপায় শিশুহঁতক সকলো সময়তে গান আৰু খেলা - ধূলা লাগে মই সিহঁতৰ সৈতে একেলগে গাওঁ

PHOTO • M. Palani Kumar

চালেমত স্কুল এখনত বধিৰ শিশুৱে বেলুনেৰে খেল খেলিছে

শিবিৰবোৰ শিশুৰ সৃষ্টিশীলতাৰে ভৰি আছিল। সিহঁতৰ চিত্ৰশিল্প, অৰিগেমি আৰু মাটিৰ পুতলাবোৰৰ প্ৰদৰ্শনী পতা হৈছিল। শিশুবোৰে নিজৰ ভাই-ভনী আৰু মাক-দেউতাকক আনি গৌৰৱেৰে নিজৰ প্ৰতিভা দেখুৱাইছিল। এহলিলে সেয়া সিহঁতৰ বাবে এক উদযাপনৰ বিষয় কৰি তুলিছিল। তেওঁ মানুহক সপোন দেখুৱাবলৈ যত্ন কৰিছিল। মোৰ প্ৰথম ফটো-প্ৰদৰ্শনীখনৰো তেওঁ হাবিয়াহ্ পুহি ৰাখিছিল। তেওঁৰ শিবিৰবোৰৰ পৰাই মই মোৰ ফটোগ্ৰাফিৰ প্ৰদৰ্শনী পতাৰ অনুপ্ৰেৰণা পাইছিলো। কিন্তু মোৰ হাতত ধন নাছিল।

পইছা থাকিলে সদায় ফটোবোৰ প্ৰিণ্ট কৰি ৰাখিবলৈ মোক আন্নাই পৰামৰ্শ দিছিল। তেওঁ কৈছিল মই এদিন ভাল ফটোগ্ৰাফাৰ হ’ব পাৰিম। মানুহক মোৰ বিষয়ে কৈছিল। মোৰ কামৰ বিষয়ে কৈছিল। বোধহয় তেওঁ কোৱাৰ পিছৰে পৰা মোৰ কামবোৰ আৰম্ভ হ’বলৈ লয়। এহলিল আন্নাৰ গ্ৰুপটোৰ কৰুণা প্ৰসাদ নামৰ মঞ্চ অভিনেতাজনে মোক ১০,০০০ টকা মূলধন হিচাপে দিছিল। প্ৰথমবাৰৰ বাবে মই মোৰ ফটোবোৰ প্ৰিণ্ট কৰিব পাৰিছিলো। আন্নাই মোক মোৰ ফটোবোৰৰ কাৰণে কাঠৰ ফ্ৰেম বনোৱা শিকাইছিল। তেওঁৰ পৰিকল্পনা আছিল স্পষ্ট, অন্যথা মই চাগে মোৰ প্ৰথমখন প্ৰদৰ্শনী পাতিব নোৱাৰিলোহেঁতেন।

ফটোখিনি পিছলৈ ৰঞ্জিত আন্না (পা ৰঞ্জিত) আৰু তেওঁৰ নীলম কালচাৰেল চেণ্টাৰ পাইছিল। ফটোখিনিয়ে বিশ্বৰ বিভিন্ন ঠাই পাইছিল যদিও সেয়া আছিল এহলিল আন্নাৰ শিবিৰ, য’ত ই গঁজালি মেলিছিল। তেওঁৰ সৈতে যেতিয়া প্ৰথম ঘূৰিছিলো, তেতিয়া মই বহু কথা জনা নাছিলো। সেই যাত্ৰাবোৰৰ পৰা মই বহুকথা জানিব পাৰিছিলো। কিন্তু জনা আৰু নজনা মানুহৰ ক্ষেত্ৰত তেওঁৰ আচৰণৰ পাৰ্থক্য দেখা নাছিলো। মানুহ গোটোৱাত তেওঁ আমাক উৎসাহ যোগাইছিল, সেই মানুহবোৰ যিমানেই কম প্ৰতিভাসম্পন্ন নহওঁক লাগিলে। “তেওঁলোকক নতুন জগত দেখুৱাও আহা, আমাৰ সৈতে লৈ যাওঁ,” তেওঁ সদায় কৈছিল। তেওঁ কেতিয়াও মানুহৰ সীমাবদ্ধতা নাচাইছিল। তেনেকৈয়ে তেওঁ শিল্পীৰ সৃষ্টি কৰিছিল।

তেওঁ শিশুবোৰৰ মাজৰ পৰাই শিল্পী আৰু অভিনেতা বাছি উলিয়াইছিল। “আমি বধিৰ ছাত্ৰ-ছাত্ৰীকো শিল্প অনুভৱ কৰিবলৈ দিওঁ - ছবি আঁকিবলৈ শিকাও, মাটিৰে আকৃতি গঢ়ি তাত প্ৰাণ দিব শিকাও। দৃষ্টিগত দিশৰ পৰা বিশেষভাৱে সক্ষম শিশুক মাটিৰে ত্ৰিমাত্ৰিক ভাস্কৰ্য্য গঢ়িবলৈ শিকাও। তেনে শিশুৱে এনেকৈয়ে শিল্প বুজি পাব পাৰে। যেতিয়া এনে শিশুৱে শিল্পকৰ্ম বুজি উঠে, সিহঁতে যেতিয়া সমাজখনৰ নিজকে এক অংশ হিচাপে শিকে, তেতিয়াই সিহঁতে নিজৰ স্বতন্ত্ৰতা অনুভৱ কৰে,” আন্নাই কয়।

PHOTO • M. Palani Kumar

থাঞ্জাভুৰত দৃষ্টিগতভাবে দিব্যাংগ শিশুৰ স্কুলত এহলিল আন্নাই শিল্পৰ যাদুৰে সকলোকে হঁহুৱাইছে শিবিৰ আৰম্ভ কৰাৰ আগতে তেওঁ নিজৰ চকুত পটি বান্ধি লৈছে , যাতে সিহঁতৰ ভাষাত কথা - বতৰা পাতিব পাৰে বধিৰ ছাত্ৰ - ছাত্ৰীৰ সৈতে কাম কৰাৰ সময়ত তেওঁ কাণত সোপা দি লয়

PHOTO • M. Palani Kumar

কাবেৰীপাট্টিনামত এজাক শিশুৱে অইল আট্টাম - এবিধ লোকনৃত্য অনুশীলন কৰিছে এহলিল আন্নাই শিশুহঁতক বিভিন্ন লোকনৃত্যৰ সৈতে পৰিচয় কৰাইছে

শিশুবোৰৰ সৈতে কাম কৰি তেওঁ বুজিছিল যে “গাঁৱৰ শিশু, বিশেষকৈ ছোৱালীবোৰৰ স্কুলত লাজ-সংকোচ বহুত বেছি। শিক্ষকৰ সন্মুখত ছোৱালীয়ে প্ৰশ্ন নকৰে, কিবা বিষয়ত সন্দেহ থাকিলেও নকয়,” আন্নাই কয়। “মই থিয়েটাৰৰ জৰিয়তে সিহঁতক ৰাজহুৱা স্থানত কথা কোৱা শিকোৱাৰ কথা ভাবিছিলো। তাৰ বাবে মই থিয়েটাৰ কৰ্মী কৰুণা প্ৰসাদৰ ওচৰত প্ৰশিক্ষণ লৈছিলো। পুৰুষোত্তমৰ পৰা লোৱা দিহা-পৰামৰ্শৰে আমি থিয়েটাৰত শিশুক প্ৰশিক্ষণ দিওৱা আৰম্ভ কৰিছিলো।”

তেওঁ আন দেশৰ শিল্পীৰ পৰা আয়ত্ব কৰা শিল্পক দেশীয় আৰ্হিত উপস্থাপন কৰি শিশুক প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰে। নিজৰ চৌপাশৰ পৰিৱেশৰ প্ৰতি শিশুক সচেতন কৰি তোলাৰ বাবে তেওঁ কাম কৰে। “আমাৰ শিবিৰত পৰিৱেশ সংক্ৰান্ত চিনেমা দেখুৱাও। জীৱনৰ বিষয়ে সিহঁতক বুজাবলৈ চেষ্টা কৰোঁ - ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ যেনে পৰুৱা, চৰাই-চিৰিকতি আদিৰে ভৰা, আদি দেখুৱাও। ঘৰৰ কাষতে থকা গছ-লতা সিহঁতে চিনি পোৱা হয়, সেইবোৰৰ গুৰুত্ব বুজি পোৱা হয় আৰু ধৰিত্ৰীক সন্মান আৰু সুৰক্ষা কৰিবলৈ শিকে। পৰিস্থিতিতন্ত্ৰৰ তাৎপৰ্য্যৰ কথা থকা নাটক মই বাছনি কৰোঁ। সিহঁতে আমাৰ গছ-লতা আৰু জীৱ-জন্তুৰ ইতিহাস বুজি পোৱা হয়। উদাহৰণ স্বৰূপে সংগম সাহিত্যত ৯৯ বিধ ফুলৰ কথা আছে। আমি ল’ৰা-ছোৱালীহঁতক সেয়া আঁকিবলৈ শিকাও, গীত গাব শিকাও আৰু আমাৰ প্ৰাচীন বাদ্যযন্ত্ৰ বজাবলৈ শিকাও,” এহলিল আন্নাই বুজাই কয়। তেওঁ নাটকৰ বাে নতুন গীত ৰচনা কৰে। তেওঁ কীট-পতংগ আৰু জীৱ-জন্তুক লৈ গীত ৰচনা কৰে।

এহলিল আন্নাই ঘাইকৈ জনজাতীয় আৰু উপকূলীয় গাঁৱৰ শিশুবোৰৰ সৈতে কাম কৰে, কিন্তু কেতিয়াবা তেওঁ নগৰাঞ্চলৰ শিশুৰ সৈতেও কাম কৰে। নগৰাঞ্চলৰ শিশুৱে লোককলা আৰু জীৱিকা বিষয়ে খুব কম জানে। তেওঁ সেয়ে লোকশিল্প যেনে পাৰাই য’ত ঢোল ব্যৱহাৰ হয়, নুপূৰৰ দৰে অলংকাৰ পিন্ধি নচা চিলাম্বু নৃত্য আৰু বাঘৰ মুখা পিন্ধি কৰা পুলি নৃত্যৰ উপাদানবোৰ তেওঁ নিজৰ নাটকলৈ আনিলে। “মই গ্ৰামাঞ্চলৰ এই ভিন্ন শিল্পক শিশুহঁতৰ মাজলৈ নি সংৰক্ষিত কৰাত মই বিশ্বাস কৰোঁ। মই বিশ্বাস কৰোঁ যে শিল্পই আমাৰ শিশুহঁতক সুখী আৰু মুক্ত কৰি ৰাখিব পাৰে,” এহলিল আন্নাই কয়।

পাঁচৰ পৰা ছদিন চলা শিবিৰবোৰত সদায় এজনতকৈ বেছি শিল্পী থাকে। আগতে আমাৰ লগত গায়ক তামিলাৰাসন, চিত্ৰশিল্পী ৰাকেশ কুমাৰ, ভাস্কৰ্য্যশিল্পী এহলিল আন্না আৰু লোকশিল্পী ৱেলমুগুগান আৰু আনন্দ আছিল। “আমাৰ টিমত ফটোগ্ৰাফাৰো আছিল যিয়ে শিশুবোৰক তেওঁলোকৰ নিজৰ জীৱন ফটোৰে ধৰি ৰাখিবলৈ শিকাইছিল,” আন্নাই মোৰ প্ৰসংগত কয়।

PHOTO • M. Palani Kumar

শিবিৰৰ অন্তিমটো দিনত তিৰুচেংগৰুত শিশুহঁতে পাৰাই আট্টামৰ প্ৰদৰ্শনীৰ দিন উপলক্ষে ফ্ৰেম ড্ৰাম বজাইছে

PHOTO • M. Palani Kumar

থাঞ্জাভুৰত আংশিকভাৱে দৃষ্টিশক্তি থকা ছোৱালীয়ে ফটো তুলিছে

সুন্দৰ মুহূৰ্ত কেনেদৰে সৃষ্টি কৰিব লাগে তেওঁ জানিছিল। মুহূৰ্ত, য’ত শিশু-বুঢ়া সকলোৱে হাঁহিব পাৰে। মোৰ নিজৰ মা-দেউতাৰ সৈতে কিছুমান সুখকৰ মুহূৰ্ত ধৰি ৰখাত তেওঁ সহায় কৰিছিল। মোৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী সাং কৰি মই যেতিয়া অনাই-বনাই ঘূৰি ফুৰিছিলো, তেতিয়াই মোৰ ফটোগ্ৰাফিত মন বহিছিল। এহলিল আন্নাই মোক মোৰ মা-দেউতাৰ সৈতেও থাকিবলৈ কৈছিল। তেওঁ নিজৰ মাকৰ সৈতে থকা স্মৃতিবোৰ মোক কৈছিল, কেনেকৈ দেউতাকৰ মৃত্যুৰ পিছত মাকে তেওঁকে ধৰি চাৰিজনী ভনীয়েকক অকলশৰে ডাঙৰ-দীঘল কৰিছিল, সেই কাহিনীবোৰ কৈছিল। এহলিল আন্নাৰ কথাবোৰৰ মাজেৰেই মই মোৰ মায়ে মোক ডাঙৰ কৰোঁতে কিমান কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে, সেই কথা অনুভৱ কৰিব পাৰিছিলো। এনেকৈয়ে মই মোৰ মাক বুজিছিলো, তেওঁৰ ফটো তুলিছিলো আৰু তেওঁৰ বিষয়ে লিখিছিলো।

মই এহলিল আন্নাৰ লগত থাকোতে নাটক, ৰং-তুলিকা আদি সু-সজ্জিত কৰি সাজু কৰিব শিকিলো, ৰং বনাব শিকিলো আৰু শিশুবোৰক ফটোগ্ৰাফি শিকাবলৈ ল’লো। শিশুহঁত আৰু মোৰ মাজৰ এখন নতুন দুনীয়া মই আৱিস্কাৰ কৰিলো। সিহঁতৰ লগত কথা পতাৰ পিছত যেতিয়া মই সিহঁতৰ সৈতে কথা পাতো, সিহঁতৰ সৈতে খেলো, নাচো, গীত গাওঁ - সেয়া আনন্দৰ এক স্ৰোত হৈ ববলৈ ধৰে। সিহঁতৰ লগত সিহঁতৰ ঘৰলৈ যাওঁ, ভাত খাওঁ, মাক-দেউতাকৰ সৈতে কথা পাতো। সিহঁতৰ সৈতে কথা পতাৰ পিছত, তেওঁলোকৰ সৈতে জীৱন আৰু সময় ভগাই লোৱাৰ পিছত মোৰ কেমেৰাৰ ফ্ৰেমত তেওঁলোক সুন্দৰ হৈ ধৰা দিয়ে।

যোৱা ২২ টা বছৰত, এহলিল আন্নাই যেতিয়াৰে পৰা কহলীমন বিৰলকল আৰম্ভ কৰিছে, তেওঁৰ যাদুকৰী পৰশত জীৱনবোৰে নৰূপ পাইছে, আলোকিত হৈছে। “আমি জনজাতীয় ল’ৰা-ছোৱালীক বিদ্যায়তনিক দিক্-নিৰ্দেশনা দিওঁ। আমি তেওঁলোকক শিক্ষাৰ গুৰুত্বৰ বিষয়ে বুজাও। ছোৱালীবোৰক আত্মৰক্ষাৰো প্ৰশিক্ষণ দিওঁ। আত্মৰক্ষাৰ প্ৰশিক্ষণৰ পিছত ল’ৰা-ছোৱালীৰ আত্মবিশ্বাস বাঢ়ে,” তেওঁ কয়। আমাৰ শিশুহঁতৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব, তেওঁলোকৰ মনতে আমি যুক্তিবাদী চিন্তা আৰু চিন্তাৰ স্বতন্ত্ৰতা আৰু অভিব্যক্তিৰ প্ৰকাশ ঘটাব লাগিব।

“আমি বিশ্বাস কৰোঁ যে সকলোৰে জীৱনবোৰ মৰ্য্যাদা সমান আৰু সেয়াই আমি সিহঁতক শিকাও,” তেওঁ কয়। “সিহঁতৰ আনন্দৰ মাজতে মই নিজকে বিলাই দি সুখ পাওঁ।”

PHOTO • M. Palani Kumar

এহলিল আন্নাই দাপোণ নামৰ এবিধ থিয়েটাৰৰ অনুশীলন কৰাইছে , সেই কাৰ্য্যকলাপে ক ইম্বাটো ৰৰ স্কুলখনত হাঁহিৰ খলকনি তুলিছে

PHOTO • M. Palani Kumar

চৰাইৰ নাটখন পৰিৱেশন কৰা সময়ত এহলিল আন্না আৰু তেওঁ দলটো

PHOTO • M. Palani Kumar

তিৰুবান্নামালাইত লায়ন কিং নাটখনৰ বাবে মুখা , কষ্টিউম আৰু মুখত ৰং সানি তেওঁলোক সাজু হৈছে

PHOTO • M. Palani Kumar

সত্যমংগলমত শিশুবোৰৰ সৈতে ফটোৰ বাবে এহলিল আন্নাই প দিছে শিশুবোৰক পৃথককৈ ৰাখি তেওঁৰ জীৱনটো কল্পনা কৰিব নোৱাৰি শিশু বুলি ক লে তেওঁ কামে - কাজে উদম্যেৰে লাগি পৰে

PHOTO • M. Palani Kumar

জবাধু হিলচত শিশুৱে বনোৱা কাগজৰ মাস্কৰ সৈতে ছোৱালীবোৰে প দিছে

PHOTO • M. Palani Kumar

কাঞ্চিপুৰমত মুক - বধিৰ শিশুৰ স্কুল এখনত অৰিগেমি কৰ্মশালা এখনত কাগজেৰে বনোৱা পখিলাৰ সৈতে এটি শিশু

PHOTO • M. Palani Kumar

মঞ্চসজ্জাৰ বাবে পেৰাম্বালুৰত শিশুৱে নিজে অকা পোষ্টাৰবোৰ মঞ্চখন কাগজ আৰু কাপোৰেৰে প্ৰস্তুত কৰা হৈছিল

PHOTO • M. Palani Kumar

জবাধু হিলচত গছৰ ঠানিৰে আন্নাৰ সৈতে লগ লাগি শিশুবোৰে নিজে জন্তুৰ মডেল সাজিছে

PHOTO • M. Palani Kumar

নাগাপাট্টিনামৰ স্কুল চৌহদ এটাত শিশুবোৰৰ সৈতে এহলিল আন্না

PHOTO • M. Palani Kumar

কাঞ্চিপুৰমৰ বধিৰ শিশুৰ স্কুলৰ হোষ্টেলত পুৰণি চিডিৰে বস্তু সজা শিকাইছে

PHOTO • M. Palani Kumar

চালেমত শিশুবোৰে নিজৰ শিল্পকৰ্ম দেখুৱাইছে

PHOTO • M. Palani Kumar

সত্যমংগলমৰ শিবিৰত শিশুহঁতে নিজৰ প্ৰদৰ্শনীলৈ গাঁৱৰ মানুহক এনেদৰে স্বাগতম জনাইছে

PHOTO • M. Palani Kumar

এহলিল আন্নাই কাবেৰীপাট্টিনামৰ প্ৰদৰ্শনীৰ দিনা পই কাল কুটুৰাই আট্টাম নামৰ লোকশিল্পবিধ শিকাইছে পই কল কুটুৰাই মানে মিছা ঠেঙৰ ঘোৰাবোৰ কাৰ্ডব ৰ্ড আৰু কাপোৰেৰ শিশুহঁতে নিজে বনাইছে

PHOTO • M. Palani Kumar

কাবেৰীপাট্টিনামৰ শিবিৰৰ শেষৰটো দিনা এহলিল আন্নাৰ টিম আৰু শিশুহঁতে চিঞৰিছে, ‘পাপ্ৰাপা বাই বাই, বাই বাই পাপ্ৰাপা’

লেখকে অপৰ্ণা মুৰালিধৰণক এই নিবন্ধটো অনুবাদ কৰি দিয়াৰ বাবে আৰু অপৰ্ণা কাৰ্তিকায়েনত তেওঁৰ ইনপুটৰ বাবে ধন্যবাদ জনাইছে

পুনশ্চ : এই নিবন্ধটো প্ৰকাশৰ বাবে ২০২২ৰ ২৩ জুলাইত সাজু কৰাৰ সময়তে আৰ . এহলিলআৰচনৰ গাত জিলান বা চিণ্ড্ৰ মে দেখা দিয়ে এক গুৰুতৰ স্নায়ুজনিত বিসংগতি , দেহৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থাটোৱে স্নায়ুব্যৱস্থাক আক্ৰমণ কৰে এই ৰোগত প্ৰান্তীয় স্নায়ু ব্য়ৱস্থাক আক্ৰমণ কৰে আৰু মাংসপেশীৰ দুৰ্বলতাই দেখা দিয়ে আৰু পক্ষাঘাত হ পাৰে

অনুবাদ: পংকজ দাস

M. Palani Kumar

M. Palani Kumar is PARI's Staff Photographer and documents the lives of the marginalised. He was earlier a 2019 PARI Fellow. Palani was the cinematographer for ‘Kakoos’, a documentary on manual scavengers in Tamil Nadu, by filmmaker Divya Bharathi.

Other stories by M. Palani Kumar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das