তামিলনাডুৰ তিৰুভল্লুৰ জিলাৰ সাগৰৰ উপকূলভূমিত থকা গাওঁবোৰ ৰক্ষা কৰে এই কান্নিচামি গোসাঁইয়ে। এইগৰাকী গোসাঁইগৰাকী দেখাত মাছমৰীয়া সম্প্ৰদায়ৰে মাজৰেই এগৰাকী যেন লাগে। উজ্জ্বল বৰণৰ বসন আৰু ধুতি, লগতে শিৰৰ ভূষণ। সাগৰত নমাৰ আগেয়ে মাছমৰীয়া সম্প্ৰদায়ৰ লোকে নিৰাপদে যাতে উভতি আহিব পাৰে, তাৰ বাবে গোসাঁইগৰাকীৰ ওচৰত প্ৰাৰ্থনা জনায়।

মাছমৰীয়া সম্প্ৰদায়বোৰে বিভিন্ন ৰূপত কান্নিচামীক পূজা কৰে আৰু উত্তৰ চেন্নাইৰ পৰা পাৰাবেৰকাৰু (পুলিকট নামে জনপ্ৰিয়)লৈ এয়া লোকপ্ৰিয় পৰম্পৰা।

এন্নুৰ কুপ্পামৰ মাছমৰীয়াসকলে সাত কিলোমিটাৰ দূৰৰ পৰা আতিপাট্টুলৈ কান্নিচামীৰ মূৰ্তি কিনিবলৈ আহে। জুন মাহত আয়োজিত এই বাৰ্ষিক উৎসৱ এসপ্তাহলৈ চলে। এইখন গাঁৱৰ মাছমৰীয়াসকলৰ সৈতে মই ২০১৯ত গৈছিলো। আমি উত্তৰ চেন্নাইৰ তাপবিদ্যুত প্ৰকল্পৰ কাষৰ কোচস্থলৈয়াৰ নদীৰ পাৰত জিৰণি লৈ আতিপাট্টু গাঁৱৰ ফালে আগবাঢ়িছিলো।

আমি দুমহলীয়া ঘৰ এটাৰ কাষ চাপিলো, তাৰে মজিয়াত শাৰী পাতি থকা কান্নিচামীৰ কেইবাটাও মূৰ্তি আছিল। মূৰ্তিবোৰ বগা কাপোৰেৰে মেৰিয়াই থোৱা আছিল। দুকুৰি বয়সৰ এজন মানুহ, বগা আঁচ থকা চোলা আৰু কপালত থিৰুনীৰ [পবিত্ৰ ভস্ম] লেপি ধুতি পিন্ধি মূৰ্তিবোৰৰ সন্মুখত থিয় হৈ আছে। প্ৰতিজন মাছমৰীয়াৰ কান্ধত এটাকৈ মূৰ্তি ৰখাৰ আগেয়ে তেওঁ প্ৰাৰ্থনা কৰি লয়।

Dilli anna makes idols of Kannisamy, the deity worshipped by fishing communities along the coastline of north Tamil Nadu.
PHOTO • M. Palani Kumar

দিল্লি আন্নাই উত্তৰ তামিলনাডুৰ মাছমৰীয়া সম্প্ৰদায়ৰ লোকে পুজা কৰা কান্নিচামীৰ প্ৰতিমা সাজে

এয়া মোৰ দিল্লি আন্নাৰ সৈতে প্ৰথম সাক্ষাৎ। উখল-মাখল পৰিস্থিতিয়ে মোক তেওঁৰ লগত কথা পাতিবলৈ দিয়া নিদিলে। কান্ধত মূৰ্তিবোৰ লৈ মাছমৰীয়াসকলৰ লগত উভতি আহিলো। চাৰি কিলোমিটাৰ খোজ কাঢ়ি কোছাস্থলাইয়াৰ নদীলৈ উভতি যাব লাগে, আৰু তাৰ পিছত এন্নুৰ কুপ্পামলৈ উভতিবলৈ তিনি কিলোমিটাৰ নাৱেৰে অতিক্ৰম কৰিব লাগে।

তেওঁলোকে গাঁৱত উপস্থিত হোৱাৰ লগে লগে এটা মন্দিৰৰ কাষত মূৰ্তিবোৰ শাৰী পাতি ৰাখে। নিয়ম-নীতিখিনি আৰু পূজা কৰিবলৈ প্ৰয়োজনীয় সকলো বস্তু মূৰ্তিবোৰৰ সন্মুখত ৰখা হয়। আন্ধাৰ হোৱাৰ লগে লগে দিল্লি আন্না কুপ্পামলৈ আহে ৷ গাঁওবাসীয়ে মূৰ্তিবোৰৰ চাৰিওফালে গোট খায়। দিল্লি আন্নাই বগা কাপোৰখন আঁতৰাই মাই [কাজল] ব্যৱহাৰ কৰি কান্নিচামীৰ চকুৰ মণি আঁকে, এনেকৈয়ে প্ৰতীকীভাৱে এই মূৰ্তিবোৰে চকু মেলে। তেতিয়া তেওঁ বলিদানৰ প্ৰথা অনুসৰি কুকুৰা এটাৰ ডিঙি কামুৰি চিঙি পেলায়, এনেকৈ অপায়-অমংগল দূৰ হয় বুলি জনবিশ্বাস।

ইয়াৰ পিছত কান্নিচামীৰ মূৰ্তিবোৰ গাঁৱৰ এটা মূৰলৈ নি অধিষ্ঠিত কৰা হয়।

এন্নোৰৰ উপকূলীয় আৰু জলাহ বনৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোক বহুত মানুহৰ লগত চিনাকি কৰাই দিছে, আৰু তেওঁলোকৰ ভিতৰত দিল্লি আন্না অন্যতম। তেওঁ সমগ্ৰ জীৱন কান্নিচামীৰ মূৰ্তি নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছে। মে’ মাহত [২০২৩] যেতিয়া মই আতিপাট্টুত থকা তেওঁৰ ঘৰত দিল্লী আন্নাক লগ ধৰিবলৈ গ’লো, তেতিয়া তেওঁৰ আলমাৰীত কোনো ঘৰুৱা বস্তু বা সজ্জাৰ বস্তু দেখা নাপালো। কেৱল মাটিৰ দম, মূৰ্তি আৰু শস্যৰ বাকলি, আৰু মাটিৰ গোন্ধেৰে ঘৰটো ভৰি আছিল।

কান্নিচামীৰ মূৰ্তি বনাবলৈ প্ৰথমে গাঁৱৰ সীমাৰ পৰা লোৱা এমুঠি বোকামাটি মিহলাই ল’ব লাগে। ৪৪ বছৰীয়া দিল্লি আন্নাই কয়, “এনে কৰিলে ঐশ্বৰিক শক্তি গাওঁখনত বিৰাজ কৰিব বুলি আমাৰ বিশ্বাস। ‘প্ৰজন্মৰ পিছত প্ৰজন্ম মোৰ পৰিয়ালেই কান্নিচামীৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে। দেউতা থকা সময়ত মোৰ এই বিষয়ে কেতিয়াও আগ্ৰহ নাছিল। ২০১১ চনত মোৰ দেউতাৰ মৃত্যু হয়। তাৰ পিছত, মোৰ চৌপাশৰ সকলোৱে ক’লে যে দেউতাৰ পিছত মই দায়িত্ব ল’ব লাগিব... সেই কাৰণেই মই আগবাঢ়িলো। ইয়াত আৰু মূৰ্তি বনোৱা কোনো নাই।”

The fragrance of clay, a raw material used for making the idols, fills Dilli anna's home in Athipattu village of Thiruvallur district.
PHOTO • M. Palani Kumar

দিল্লি আন্নাৰ তিৰুভল্লুৰ জিলাৰ আতিপাট্টু গাঁৱৰ নিজ ঘৰত কেৱল কেঁচামাটিৰ গোন্ধ ; ঘৰটো মূৰ্তি আৰু মূৰ্তি বনোৱাৰ বাবে অনা সামগ্ৰীৰে ভৰি আছিল

Dilli anna uses clay (left) and husk (right) to make the Kannisamy idols. Both raw materials are available locally, but now difficult to procure with the changes around.
PHOTO • M. Palani Kumar
Dilli anna uses clay (left) and husk (right) to make the Kannisamy idols. Both raw materials are available locally, but now difficult to procure with the changes around.
PHOTO • M. Palani Kumar

দিল্লী আন্নই খেৰ আৰু মাটিৰে কান্নিচামীৰ মূৰ্তি সাজে দুয়োবিধ কেঁচামাল স্থানীয়ভাৱে উপলব্ধ , কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে সেয়া পোৱাও টান হৈ পৰিছে

দিল্লি আন্নাই ১০ দিনত দিনে আঠ ঘণ্টা কাম কৰি একেলগে ১০টা মূৰ্তি সাজু কৰিব পাৰে। এবছৰত তেওঁ প্ৰায় ৯০টা মূৰ্তি নিৰ্মাণ কৰে। “এটা মূৰ্তিৰ বাবে মোৰ ১০ দিনৰ কাম লাগিব। প্ৰথমে আমি মাটি ভাঙিব লাগিব, তাৰ পিছত শিলবোৰ আঁতৰাই পৰিষ্কাৰ কৰিব লাগিব, তাৰ পিছত বালি আৰু খেৰৰ সৈতে মিহলাই দিব লাগিব,” দিল্লি আন্নাই বুজাই কয়। আকৃতিটোক মজবুত কৰিবলৈ খেৰ ব্যৱহাৰ কৰা হয় আৰু মূৰ্তিটোৰ তৰপে তৰপে সেয়া লেপি দিয়া হয়।

“মই মূৰ্তিটো বনাবলৈ আৰম্ভ কৰাৰ পৰা সাজু হোৱালৈকে মই অকলে কাম কৰিব লাগিব। সহায়ক ৰাখিবলৈ মোৰ হাতত পইচা নাই,’ তেওঁ কয়। “এই সমগ্ৰ কামটো ছাঁত কৰিব লাগে, নহ’লে মাটিখিনি লাগি নাথাকিব, আৰু ভাঙি যাব। মূৰ্তিবোৰ সাজু হ’লে মই সেয়া জুইত সেকি টান কৰি ল’ম। এই কামটো শেষ কৰিবলৈ কমেও ১৮ দিন লাগে।”

দিল্লী আন্নাই আতিপাট্টুৰ আশে-পাশে থকা গাঁওসমূহলৈ, বিশেষকৈ এন্নুৰ কুপ্পাম, মুগাথিৱৰা কুপ্পাম, থাঝাং কুপ্পাম, কাট্টু কুপ্পাম, মেট্টু কুপ্পাম, পালথোট্টিকুপ্পাম, চিন্নাকুপম, পেৰিয়াকুলামলৈ মূৰ্তি যোগান ধৰে।

উৎসৱৰ সময়ত এই গঞা ৰাইজে নিজৰ গাঁৱৰ সীমাত কান্নিচামীৰ মূৰ্তি স্থাপন কৰে। কিছুমানে পুৰুষ কান্নিচামী দেৱতা বিচৰাৰ বিপৰীতে আন কিছুমানে দেৱী বিচাৰে। এই দেৱীসকলৰ নাম ভিন্ন: পাপতি আম্মান, বম্মাথি আম্মান, পিচাই আম্মান আদি৷ তেওঁলোকে গাঁৱৰ দেৱতাক ঘোঁৰা বা হাতীত উঠাই আনে আৰু কাষত থাকে কুকুৰৰ মূৰ্তি। নিশা দেৱ-দেৱীয়ে ক্ৰীড়া কৰে আৰু পিছদিনা ৰাতিপুৱা গাঁৱৰ দেৱতাৰ ভৰিত ফাট এটা মেলা দেখা যায়।

“কিছুমান ঠাইত তেওঁলোকে (মাছমৰীয়াসকলে) প্ৰতিবছৰে কান্নিচামীৰ মূৰ্তি সলনি কৰে। কিছুমান ঠাইত দুবছৰত এবাৰ, বা চাৰিবছৰত এবাৰ কৰে,” দিল্লি আন্নাই কয়।

Dilli anna preparing the clay to make idols. 'Generation after generation, it is my family who has been making Kannisamy idols'.
PHOTO • M. Palani Kumar

মূৰ্তি বনাবলৈ দিল্লি আন্নাই মাটিখিনি সাজু কৰিছে ‘প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমি কান্নিচামীৰ মূৰ্তি সাজি আহিছো’

The clay is shaped into the idol's legs using a pestle (left) which has been in the family for many generations. The clay legs are kept to dry in the shade (right)
PHOTO • M. Palani Kumar
The clay is shaped into the idol's legs using a pestle (left) which has been in the family for many generations. The clay legs are kept to dry in the shade (right)
PHOTO • M. Palani Kumar

মাৰি এডাল ব্যৱহাৰ কৰি মূৰ্তিটোৰ ভৰিদুখন সজা হয় ছাঁত মাটিৰ ভৰিবোৰ শুকাবলৈ ৰকা হয়

গাঁওবোৰৰ মাছমৰীয়াসকললৈ মূৰ্তি বিক্ৰী বন্ধ বা লেহেমীয়া হোৱা নাই, তথাপিও দিল্লি আন্না নিশ্চিত নহয় যে যোৱা তিনিটা দশক ধৰি তেওঁ কৰি অহা এই পৰম্পৰাগত বৃত্তিটোক কোনোবাই আগুৱাই নিব। তেওঁৰ বাবে ই এক ব্যয়বহুল কাম হৈ পৰিছে: “আজিকালি খৰচ ইমানেই বেছি... যদি মই তাৰ ওপৰত ভিত্তি কৰি [এটা মূৰ্তিৰ] দাম কওঁ, তেতিয়া তেওঁলোকে [গ্ৰাহকে] মোক প্ৰশ্ন কৰিব যে ইমান দাম কিয় বিচাৰিছো। কিন্তু, এই কামত কষ্ট কিমান, কৰোঁতাইহে জানে।”

উত্তৰ চেন্নাই উপকূলৰ কাষত তাপ বিদ্যুত প্ৰকল্পৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ভূগৰ্ভস্থ পানী লুণীয়া হৈ পৰিছে। ইয়াৰ ফলত ইয়াত খেতি-বাতি কমি আহিছে। মাটিৰ প্ৰকৃতিত প্ৰভাৱ পৰিছে। কেঁচামাল বিচাৰিবলগীয়া হোৱা দিল্লি আন্নাই অভিযোগ কৰে, “আজিকালি ক’তো মাটি পোৱাই টান হৈ পৰিছে।”

তেওঁ লগতে কয় যে মাটি কিনাটো ব্যয়বহুল আৰু, “মই মোৰ ঘৰৰ ওচৰত মাটি খান্দো আৰু পিছত গাঁতটো বালিৰে ভৰাই দিওঁ,” আন্নাই বুজাইছে, কাৰণ বালি মাটিতকৈ কম খৰচী।

যিহেতু তেওঁ আতিপাট্টুৰ একমাত্ৰ মূৰ্তি নিৰ্মাতা, গতিকে ৰাজহুৱা স্থানৰ পৰা মাটি খান্দিবলৈ পঞ্চায়তৰ সৈতে অকলে আলোচনা কৰাটো টান। ‘১০ৰ পৰা ২০টা পৰিয়ালে মূৰ্তি নিৰ্মাণ কৰা হ’লে আমি পুখুৰী বা বিলৰ ওচৰত খান্দিবলৈ ক’ব পাৰিলোহেঁতেন। পঞ্চায়তখনে আমাক বিনামূলীয়াকৈ মাটি যোগান ধৰিলেহেঁতেন। কিন্তু, এতিয়া মই একমাত্ৰ মূৰ্তি সাজিছো আৰু এজন মানুহ বিচৰাটো মোৰ বাবে টান, সেয়ে মোৰ ঘৰৰ চাৰিওফালৰ মাটি খান্দি থাকো।”

দিল্লি আন্নাই মূৰ্তিবোৰ বনাবলৈ প্ৰয়োজনীয় খেৰ পোৱাটোও দুৰ্লভ হৈ পৰিছে। আজিকালি হাতেৰে কমেইহে মানুহে ধান চপায়। “মেচিনেৰে চপোৱা ধানত আপুনি তুঁহ নাপাব। খেৰ থাকিলেহে কাম সম্ভৱ। যদি নাই, কামো নাই,’তেওঁ কয়। “মই খেৰ বিচাৰি ফুৰো আৰু হাতেৰে [ধান] চপোৱাসকলৰ পৰা খেৰ বিচাৰি আনো। ফুলৰ পাত্ৰ আৰু চৌকা বনোৱা বন্ধ কৰি দিছো... ইয়াৰ চাহিদা বেছি, কিন্তু এইবোৰ বনাব পৰা নাই।”

The base of the idol must be firm and strong and Dilli anna uses a mix of hay, sand and clay to achieve the strength. He gets the clay from around his house, 'first, we have to break the clay, then remove the stones and clean it, then mix sand and husk with clay'.
PHOTO • M. Palani Kumar

মূৰ্তিটোৰ তলভাগ দৃঢ় আৰু মজবুত হ ’ব লাগিব আৰু দিল্লি আন্নাই তাৰ বাবে খেৰ, বালি আৰু মাটিৰ মিশ্ৰণ ব্যৱহাৰ কৰে তেওঁ ঘৰৰ আশে -পাশে মাটি খান্দি আনে, ‘প্ৰথমে আমি মাটি ভাঙিব লাগিব, তাৰ পিছত শিলবোৰ আঁতৰাই চাফা কৰিব লাগিব, তাৰ পিছত মাটিৰ লগত বালি আৰু খেৰ মিহলাই ল’ব লাগিব’

The idol maker applying another layer of the clay, hay and husk mixture to the base of the idols. ' This entire work has to be done in the shade as in in direct sunlight, the clay won’t stick, and will break away. When the idols are ready, I have to bake then in fire to get it ready'
PHOTO • M. Palani Kumar
The idol maker applying another layer of the clay, hay and husk mixture to the base of the idols. ' This entire work has to be done in the shade as in in direct sunlight, the clay won’t stick, and will break away. When the idols are ready, I have to bake then in fire to get it ready'
PHOTO • M. Palani Kumar

মূৰ্তি নিৰ্মাতাজনে মূৰ্তিৰ নিম্নাংশত মাটি , খেৰ আৰু খোলাৰ মিশ্ৰণৰ আন এটা তৰপ লগাইছে ' এই গোটেই কামটো ছাঁত কৰিব লাগিব, সূৰ্য্যৰ পোনপটীয়া পোহৰত তৰপবোৰ এৰাই যাব যেতিয়া মূৰ্তিবোৰ সাজু হ ’ব, তেতিয়া মই জুইত সেকিব লাগিব’

উপাৰ্জন সন্দৰ্ভত তেওঁ কয়, “গাওঁ এখনৰ মূৰ্তিৰ বিনিময়ত ২০ হাজাৰ টকা পাওঁ, কিন্তু খৰচৰ পিছত ৪,০০০ টকা হাতত থাকে। যদি মই চাৰিখন গাঁৱৰ বাবে মূৰ্তি বনাওঁ, তেন্তে ১৬ হাজাৰ টকা উপাৰ্জন কৰিব পাৰো”

আন্নাই কেৱল গ্ৰীষ্মকালত, ফেব্ৰুৱাৰীৰ পৰা জুলাইলৈকে মূৰ্তি নিৰ্মাণ কৰিব পাৰে। আদি [জুলাই] মাহত যেতিয়া উৎসৱ আৰম্ভ হয়, তেতিয়া মানুহে মূৰ্তি কিনিবলৈ আহে। “ছয়ৰ পৰা সাত মাহৰ কষ্টৰ বিনিময়ত সাজু হোৱা মূৰ্তিবোৰ এটা মাহত বিক্ৰী হয়। আগন্তুক পাঁচ মাহলৈ টকা নাহে। মূৰ্তি বিক্ৰী কৰিলেহে টকা পাম।” দিল্লি আন্নাই লগতে কয় যে তেওঁ আন কাম বিচৰা নাই।

তেওঁৰ দিনটো পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় আৰু আঠ ঘণ্টা চলি থাকে। তেওঁ অনবৰতে শুকুৱাই থকা মূৰ্তিবোৰৰ ওপৰত চকু ৰাখিব লাগে নহ’লে সেয়া ভাঙি যাব পাৰে। তেওঁৰ কলাৰ প্ৰতি নিজৰ সমৰ্পণ দেখুৱাবলৈ তেওঁ মোক এটা সৰু কাহিনী কয়: “এবাৰ ৰাতি উশাহ ল’ব নোৱাৰাৰ বাবে বহুত কষ্ট পাইছিলোঁ। ৰাতি এক বজাত মই চাইকেল মাৰি চিকিৎসালয়লৈ গৈছিলো,” দিল্লি আন্নাই মনত পেলাইছে। “ডাক্তৰে মোক গ্লুক’জ [শিৰাত তৰল পদাৰ্থ] দিছিল। মোৰ ভাইটিয়ে মোক সেইদিনা ৰাতিপুৱা আন এখন হস্পিতাললৈ লৈ গ’ল স্কেনিঙৰ বাবে কিন্তু কৰ্মচাৰীয়ে ক’লে যে সেয়া নিশা ১১ বজাত হ’ব,” দিল্লি আন্নাই স্কেন নকৰাকৈয়ে যোৱাৰ সিদ্ধান্ত ল’লে কাৰণ, “মই মূৰ্তিবোৰ চাব লগা আছিল।”

দিল্লি আন্নাৰ পৰিয়ালৰ এসময়ত কাট্টুপল্লি গাঁৱৰ চেপাক্কাম গাঁৱত চাৰি একৰ মাটি আছিল, ৩০ বছৰ আগতে। ‘তেতিয়া মোৰ ঘৰটো গণেশ মন্দিৰৰ ওচৰত চেপাক্কাম চিমেণ্ট ফেক্টৰীৰ ওচৰত আছিল। আমি তাতে এটা ঘৰ সাজিছিলোঁ যাতে আমি খেতি কৰিব পাৰো,’ তেওঁ কয়। ভূগৰ্ভস্থ পানী যেতিয়া লুণীয়া হৈ পৰিল, তেতিয়া তেওঁলোকে খেতি বন্ধ কৰিবলগীয়া হ’ল। ইয়াৰ পিছত তেওঁলোকে ঘৰটো বিক্ৰী কৰি আতিপাট্টুলৈ গুচি যায়।

A mixture of clay, sand and husk. I t has become difficult to get clay and husk as the increase in thermal power plants along the north Chennai coastline had turned ground water saline. This has reduced agricultural activities here and so there is less husk available.
PHOTO • M. Palani Kumar

মাটি , বালি আৰু খেৰৰ মিশ্ৰণ উত্তৰ চেন্নাই উপকূলৰ কাষৰীয়া তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ বৃদ্ধিয়ে ভূগৰ্ভস্থ পানী লুণীয়া কৰি পেলোৱাত মাটি পোৱাটো টান হৈ পৰিছে খেতি -বাতি কমি অহাত খেৰৰো নাটনি হৈছে

Dilli anna applies an extra layer of the mixture to join the legs of the idol. His work travels to Ennur Kuppam, Mugathivara Kuppam, Thazhankuppam, Kattukuppam, Mettukuppam, Palthottikuppam, Chinnakuppam, Periyakulam villages.
PHOTO • M. Palani Kumar

দিল্লী আন্নাই মূৰ্তিবোৰৰ আঠুৰ গাঁঠিত মিশ্ৰণৰ অতিৰিক্তি তৰপ এটা দিছে আতিপাট্টুৰ আশে -পাশে থকা গাঁওসমূহলৈ, বিশেষকৈ এন্নুৰ কুপ্পাম, মুগাথিৱৰা কুপ্পাম, থাঝাং কুপ্পাম, কাট্টু কুপ্পাম, মেট্টু কুপ্পাম, পালথোট্টিকুপ্পাম, চিন্নাকুপম, পেৰিয়াকুলামলৈ মূৰ্তি যোগান ধৰে

“আমি ভাই-ভনী চাৰিজন আৰু এই পৰম্পৰাগত কামটো অব্যাহত ৰাখিছো কেৱল মই। মই বিয়া পতা নাই। এই টকাৰে মই কেনেকৈ এটা পৰিয়াল বা এটা শিশুক চোৱা-চিতা কৰিম?” তেওঁ প্ৰশ্ন কৰে। দিল্লি আন্নাই আশংকা ব্যক্ত কৰে যে যদি তেওঁ আন কোনো কাম হাতত লয়, তেন্তে মাছমৰীয়া সম্প্ৰদায়ৰ বাবে এই মূৰ্তিবোৰ বনোৱা কোনো নাথাকিব। “মোৰ পূৰ্বপুৰুষৰ জৰিয়তে মই এই বিদ্যা পাইছো, এৰিব নোৱাৰো। যদি তেওঁলোকৰ [মাছমৰীয়াসকলৰ] এই মূৰ্তিবোৰ নাথাকে, তেওঁলোকৰ সমস্যা বাঢ়িব।”

দিল্লি আন্নাৰ বাবে মূৰ্তি নিৰ্মাণ কেৱল এটা পেছা নহয়, ই এক উদযাপন। তেওঁৰ মনত আছে যে দেউতাকৰ দিনত তেওঁলোকে এটা মূৰ্তি ৮০০ ৰ পৰা ৯০০ টকাত বিক্ৰী কৰিছিল। মূৰ্তি কিনিবলৈ অহা প্ৰতিজনকে খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। তেওঁ মনত পেলাইছে, “আমাৰ ঘৰখনত যেন বিয়াহে চলিছিল সেই দিনকেইটাত।”

মূৰ্তিবোৰ ভগা-ছিগা নোহোৱাকৈ সেকিব পাৰিলে দিল্লি আন্নাই সকাহ পায়। মাটিৰ বস্তুবোৰ তেওঁৰ সংগী হৈ পৰিছে। “মই এই মূৰ্তিবোৰ বনাই থাকোঁতে এনে লাগে যেন মোৰ লগত কোনোবা এজন আছে। মোৰ এনে লাগে যেন মই এই মূৰ্তিবোৰৰ লগত কথা পাতিছো। অতি কঠিন পৰিস্থিতিত এই মূৰ্তিবোৰ মোৰ লগত আছে। [কিন্তু] মই চিন্তিত...মোৰ পিছত এই মূৰ্তিবোৰ কোনে নিৰ্মাণ কৰিব?” তেওঁ প্ৰশ্ন উত্থাপন কৰে।

‘This entire work has to be done in the shade as in direct sunlight, the clay won’t stick and will break away,' says Dilli anna.
PHOTO • M. Palani Kumar

‘এই গোটেই কামটো ছাঁত কৰিব লাগে, মাটিখিনি নহ’লে লাগি ধৰি নাথাকিব, এৰাই যাব,’ দিল্লি আন্নাই কয়

Left: Athipattu's idol maker carrying water which will be used to smoothen the edges of the idols; his cat (right)
PHOTO • M. Palani Kumar
Left: Athipattu's idol maker carrying water which will be used to smoothen the edges of the idols; his cat (right)
PHOTO • M. Palani Kumar

বাওঁফালে : আতিপাট্টুৰ মূৰ্তি নিৰ্মাতাজনে পানী আনিছে, সেয়া মূৰ্তিবোৰ মিহি কৰিবলৈ ব্যৱহাৰ কৰা হ’ব’ ; কাষত তেওঁৰ মেকুৰীটো (সোঁফালে)

The elephant and horses are the base for the idols; they are covered to protect them from harsh sunlight.
PHOTO • M. Palani Kumar

মূৰ্তিবোৰৰ নিম্নাংশ হাতী আৰু ঘোঁৰাৰ বনোৱা হয় , সেয়া সূৰ্য্যৰ পোহৰৰ নপৰাকৈ ঢাকি ৰখা হয়

Dilli anna gives shape to the Kannisamy idol's face and says, 'from the time I start making the idol till it is ready, I have to work alone. I do not have money to pay for an assistant'
PHOTO • M. Palani Kumar
Dilli anna gives shape to the Kannisamy idol's face and says, 'from the time I start making the idol till it is ready, I have to work alone. I do not have money to pay for an assistant'
PHOTO • M. Palani Kumar

দিল্লি আন্নাই কান্নিচামিৰ মূৰ্তিৰ মুখখনক আকাৰ দিছে , তেওঁ কয়, ‘মাটিখিনি অনাৰ পৰা আৰম্ভ কৰি মূৰ্তিটোক ফিনিশ্চিং দিয়ালৈকে মই অকলে কাম কৰো সহায়ক ৰাখিব পৰাকৈ মোৰ সামৰ্থ্য নাই

The idols have dried and are ready to be painted.
PHOTO • M. Palani Kumar

মূৰ্তিবোৰ সাজু হৈছে , ৰং দিব পৰা হৈছে

Left: The Kannisamy idols painted in white.
PHOTO • M. Palani Kumar
Right: Dilli anna displays his hard work. He is the only artisan who is making these idols for the fishing community around Athipattu
PHOTO • M. Palani Kumar

বাওঁফালে : কান্নিচামী মূৰ্তিবোৰত বগা ৰং দিয়া হৈছে সোঁফালে : দিল্লি আন্নাই তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফলত গঢ় লৈ উঠা মূৰ্তিসমূহ দেখুৱাইছে। তেঁৱেই একমাত্ৰ শিল্পী যিয়ে আতিপাট্টুৰ মাছমৰীয়া সম্প্ৰদায়ৰ বাবে এই মূৰ্তিসমূহ বনাই আহিছে

Dilli anna makes five varieties of the Kannisamy idol
PHOTO • M. Palani Kumar

দিল্লি আন্নাই কান্নিচামীৰ পাঁচটা ভিন্ন মূৰ্তি বনাইছে

The finished idols with their maker (right)
PHOTO • M. Palani Kumar
The finished idols with their maker (right)
PHOTO • M. Palani Kumar

নিৰ্মাতাৰ সৈতে সাজু হোৱা মূৰ্তি (সোঁফালে)

Dilli anna wrapping a white cloth around the idols prior to selling
PHOTO • M. Palani Kumar

বিক্ৰীৰ আগেয়ে দিল্লিয়ে মূৰ্তিবোৰ এখন বগা কাপোৰেৰে মেৰিয়াই দিছে

Fishermen taking the wrapped idols from Dilli anna at his house in Athipattu.
PHOTO • M. Palani Kumar

আতিপাট্টুৰ দিল্লি আন্নাৰ ঘৰৰ পৰা মাছমৰীয়াসকলে কাপোৰেৰে মেৰিওৱা মূৰ্তিটো লৈ যোৱা সময়ত

Fishermen carrying idols on their shoulders. From here they will go to their villages by boat. The Kosasthalaiyar river near north Chennai’s thermal power plant, in the background.
PHOTO • M. Palani Kumar

মাছমৰীয়াসকলে কান্ধত তুলি মূৰ্তিবোৰ আনি এঠাইত থৈছে ইয়াৰ পৰা তেওঁলোকে নাৱেৰে যাব পিছপালে সেয়া উত্তৰ চেন্নাইৰ তাপ বিদ্যুত প্ৰকল্পৰ কাষত কোছস্থলৈয়াৰ নৈখন

Crackers are burst as part of the ritual of returning with Kannisamy idols to their villages.
PHOTO • M. Palani Kumar

গাঁৱলৈ কান্নিচামীৰ মূৰ্তি লৈ অহাৰ সময়ত ফটকা ফুটোৱা পৰ্ব

Fishermen carrying the Kannisamy idols onto their boats.
PHOTO • M. Palani Kumar

মাছমৰীয়াসকলে নাৱলৈ কান্নিচামীৰ মূৰ্তি কঢ়িয়াই নিছে

Kannisamy idols in a boat returning to the village.
PHOTO • M. Palani Kumar

গাঁৱলৈ অহাৰ সময়ত কান্নিচামীৰ মূৰ্তিৰ সৈতে গাঁৱৰ মানুহ

Fishermen shouting slogans as they carry the idols from the boats to their homes
PHOTO • M. Palani Kumar

নাৱৰ পৰা মূৰ্তিবোৰ নমাই গাঁৱলৈ নিয়াৰ সময়ত কান্নিচামীক লৈ মাছমৰীয়াসকলে জয়ধ্বনি দিছে

Dilli anna sacrifices a cock as part of the ritual in Ennur Kuppam festival.
PHOTO • M. Palani Kumar

দিল্লি আন্নাই এন্নুৰ কুপ্পাম উৎসৱ উপলক্ষে এটা কুকুৰা উৎসৰ্গা কৰিছে

Now the idols are ready to be placed at the borders of the village.
PHOTO • M. Palani Kumar

এতিয়া গাঁৱৰ সীমাত মূৰ্তিবোৰ অধিষ্ঠিত কৰাৰ সময় হৈছে


অনুবাদ: পংকজ দাস

M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Editor : S. Senthalir

S. Senthalir is Senior Editor at People's Archive of Rural India and a 2020 PARI Fellow. She reports on the intersection of gender, caste and labour. Senthalir is a 2023 fellow of the Chevening South Asia Journalism Programme at University of Westminster.

Other stories by S. Senthalir
Photo Editor : Binaifer Bharucha

Binaifer Bharucha is a freelance photographer based in Mumbai, and Photo Editor at the People's Archive of Rural India.

Other stories by Binaifer Bharucha
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das