“ইমান বছৰে যে তুমি মোৰ ফটোবোৰ তুলি আছা, কি কৰিবা এইবোৰেৰে?” শোকত ভাগি পৰা গোবিন্দম্মাই মোক প্ৰশ্ন কৰিলে। এই বছৰৰ মাৰ্চত তেওঁৰ পুত্ৰ চেল্লায়াৰ মৃত্যুৰ সন্তাপ তেওঁৰ গুছা নাই। পুত্ৰশোকত দগ্ধ গোবিন্দাম্মাৰ মোলৈ প্ৰশ্ন: “মই চকুৰে নেদেখা হ’লো। তোমাকো দেখা নাই। মোক আৰু মোৰ বৃদ্ধ মাক কোনে চাব?”

তেওঁ মোক তেওঁৰ হাতদুখন দেখুৱালে, কঠোৰ সময়ৰ কত যে আঘাতৰ চিন তাত। “ঘৰখনৰ কাৰণে ২০০ টকা উপাৰ্জনৰ বাবে মই কিমান যে কষ্ট স্বীকাৰ কৰিব নালাগে। এতিয়াও জাল মাৰি মিছা মাছ ধৰিব পৰা বয়স মোৰ আছে বুলি ভাবা নেকি? সেই বয়স মোৰ নাই। হাত দুখনেৰেই যি পাৰো ধৰো,” ৭০ বছৰমান বয়সৰ গোবিন্দম্মাই কয়। মিছা মাছ ধৰা গোবিন্দম্মাই অৱশ্যে তেওঁৰ বয়স ৭৭ বুলি ধৰে। “মানুহে সিমান বুলিয়ে কয়,” তেওঁ কয়। “নদীত বালি খান্দোতে আৰু মিছা মাছবোৰ হাতত লৈ থাকোতে হাতৰ তলুৱা কটা যায়। হাতদুখন পানীত থকা সময়ত কাটিলেও গম পোৱা নাযায়।”

বাকিংহাম কেনেল এলেকালৈ যাওঁতে ২০১৯ত তেওঁক প্ৰথম লক্ষ্য কৰিছিলো। উত্তৰ চেন্নাইৰ এটা এলেকা এন্ন'ৰৰ মাজেৰে যোৱা কোচাস্থালায়াৰ নদীখনৰ সমান্তৰালকৈ এই কেনেলটো আছে। এন্ন'ৰখন চুবুৰীয়া জিলা তিৰুভাল্লুৰৰ দাঁতিত আছে। তেওঁ পানীকাউৰীৰ দৰে পানীত ডুব মাৰি, সাতুৰি কেনেলটো অনায়াসে পাৰ হোৱা দেখি মই আচৰিত হৈছিলো। নদীৰ বুকুৰ খহটা বালিত হেতিয়াই তেওঁ যিদৰে মিছা মাছ ধৰে, সিমান খৰকৈ কোনেও মাছ ধৰিব নোৱাৰে। কঁকালত বান্ধি লোৱা খালৈটোত মাছবোৰ ভৰাই লৈ তেওঁ যেতিয়া কঁকালৰ ওপৰলৈকে উঠা পানী ফালি যায়, তেওঁৰ গাৰ ৰং কেনেলৰ পানীৰ ৰঙৰ সৈতে মিলি যায়।

১৯ শতিকাতে খন্দা বাকিংহাম কেনেলটোৰ লগতে কোচাস্থালায়াৰ আৰু আৰানিয়াৰ নদীদুখন এন্ন'ৰৰ মাজেৰে পাৰ হৈ গৈছে। চেন্নাই চহৰখনৰ জল-ব্যৱস্থাৰ ই এক গুৰুত্বপূৰ্ণ অংশ।

PHOTO • M. Palani Kumar

গোবিন্দম্মা বেলুৱে (সোঁফালে) সম্পৰ্কীয় এগৰাকীৰ (বাওঁফালে) সৈতে উত্তৰ চেন্নাইৰ সমীপৱৰ্তী এন্ন'ৰৰ কামাৰাজাৰ প’ৰ্টৰ কাষৰ কোচাস্থালায়াৰ নদীখনৰ পৰা উঠি আহিছে। তেওঁলোকে মাছ বেছি নোপোৱাত বাকিংহাম কেনেললৈ বুলি ওলাইছে, কেনেলটো কোচাস্থালায়াৰ নদীৰ সমান্তৰালকৈ আছে

PHOTO • M. Palani Kumar

ইৰুলাৰ সম্প্ৰদায়ৰ আন মহিলাৰ সৈতে কোচাস্থালায়াৰ নদীত গোবিন্দম্মাই (একেবাৰে বাওঁফালে) মিছা মাছ ধৰিছে। তেওঁলোকে মিছা মাছ ধৰিবলৈ নদীখনত ২ৰ পৰা ৪ কিলোমিটাৰ বাট অতিক্ৰম কৰে

জলাহবনৰ মাজেৰে বৈ যোৱা কোচাস্থালায়াৰ নদীখন এন্ন'ৰ হৈ পাৰবেৰকৰু হ্ৰদত পৰে। পাৰবেৰকৰু হ্ৰদৰ জনপ্ৰিয় নাম পুলিকট। নদীখনৰ ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়োপাৰত বসতি কৰা লোকৰ মাটি আৰু পানীৰ সৈতে এই নদীখনৰ এক গভীৰ সম্পৰ্ক আছে। পুৰুষ-মহিলা উভয়ে মাছ মাৰে, মাছেই তেওঁলোকৰ জীৱিকাৰ প্ৰধান উৎস। ইয়াত পোৱা বিভিন্ন প্ৰজাতিৰ মিছা মাছবোৰ উৎকৃষ্ট।

প্ৰথমবাৰ যেতিয়া ২০১৯ত মই গোবিন্দম্মাক লগ পাইছিলো, তেওঁ কৈছিল, “মোৰ এহাল সন্তান আছে। ল’ৰাটোৰ ১০ আৰু ছোৱালীজনীৰ ৮ বছৰ বয়সতে মানুহটো ঢুকাল। এতিয়া ২৪ বছৰ পাৰ হ’ল। ল’ৰাটোৱে বিয়া পাতিছে আৰু চাৰিজনী জীয়াৰী আছে। ছোৱালীজনীৰ দুজনী জীয়াৰী আছে। আৰু কি লাগে? আহা আহা, অলপ কথাকে পাতো।” কথাখিনি কৈ তেওঁ আটিপাট্টু পুৰুনগৰ (আতিপাট্টু নিউ টাউন)ৰ দিশে আগবাঢ়িল। তাতে তেওঁ ৰাস্তাৰ কাষত মাছ বিক্ৰী কৰে। ক’ভিড-১৯ লকডাউনৰ কাৰণে তেওঁক লগ পাবলৈ দুটা বছৰ লাগিল।

গোবিন্দম্মা ইৰুলাৰ সম্প্ৰদায়ৰ, এই সম্প্ৰদায়টো তামিলনাডুৰ অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত। তেওঁ আগতে চেন্নাইৰ কামাৰাজাৰ প’ৰ্ট (আগতে এন্ন'ৰ প’ৰ্ট নাম আছিল)ৰ কাষতে থাকিছিল। তাতে তেওঁ কোচাস্থালায়াৰ নদীত মিছা মাছ ধৰিছিল। কিন্তু ২০০৪ৰ চুনামিত তেওঁৰ জুপুৰীটো ভাগি থাকিল। চুনামিত ইৰুলাৰ সম্প্ৰদায়ৰ বহুলোকে ঘৰ-মাটি হেৰুৱাইছিল, তেওঁলোকক অৰুণধায়াম নগৰ, নেচা নগৰ আৰু মৰিয়াম্মা নগৰ নামে তিনিটা কলনিত পুনৰ্সংস্থাপিত কৰা হৈছিল।

চুনামিৰ পিচত অৰুণধায়াম নগৰত শাৰী শাৰীকৈ সজা ঘৰবোৰৰ এটা গোবিন্দম্মাৰ, ঘৰটো জৰাজীৰ্ণ ৰূপ এটা লৈছে। কেইবছৰমান আগতে নাতিজনীৰ বিয়া হোৱাত তেওঁ তাইৰ কাৰণে ঘৰটো এৰি দি কাষৰে নিম গছ এডালৰ তলত থাকিবলৈ লৈছিল।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: অৰুণধায়ামৰ নিজৰ ঘৰটোৰ বাহিৰত মাক (সোঁফালে)ৰ সৈতে গোবিন্দম্মা (সেউজীয়া শাড়ী পৰিহিতা)। সোঁফালে: তেওঁৰ পুত্ৰ চেল্লায়া (নীলাৰঙৰ আঁচটনা লুঙি পিন্ধাগৰাকী), তেওঁৰ নাতি-নাতিনী আৰু তেওঁলোকৰ সম্পৰ্কীয়ৰ সৈতে গোবিন্দম্মা। চেল্লায়াই এই বছৰ মাৰ্চত ঘৰুৱা কন্দলৰ কাৰণে আত্মহত্যা কৰে

প্ৰতিদিনে তেওঁ ৰাতিপুৱা ৫ বজাতে উঠে আৰু আটিপাট্টু ৰেলৱে ষ্টেছনলৈ দুই কিলোমিটাৰ বাট খোজকাঢ়ি যায়। তাৰ পৰা তেওঁ দুটা ষ্টপেজ দুৰৰ আটিপাট্টু পুৰুনগৰলৈ ৰেল ধৰে। তাৰ পৰা তেওঁ কামাৰাজাৰ প’ৰ্টৰ কাষৰ মাতা (চেইণ্ট মেৰী) গীৰ্জালৈ সাত কিলোমিটাৰ বাট খোজকাঢ়ি যায়। প’ৰ্ট এলেকাটোত অ’ত ত’ত ইৰুলাৰ সম্প্ৰদায়ৰ জুপুৰিবোৰ সিঁচৰতি হৈ আছে, তেওঁলোকে মিছা মাছ বিক্ৰী কৰি চলে। গোবিন্দম্মাই তেওঁলোকৰ লগ লাগে আৰু ততালিকে পানীত নামি মাছ ধৰা কাম আৰম্ভ কৰে।

চকুৰে নমনা কাৰণে কামলৈ বুলি তেওঁৰ যাত্ৰা আৰু বেছি কষ্টকৰ হৈ পৰে। “ৰেল আৰু অটোৰিক্সাৰ বাবে মই আনৰ সহায় ল’বলগীয়া হয়। আগৰ দৰে চকুৰে নেদেখা হ’লো,” গোবিন্দম্মাই কয়। যাতায়তৰ বাবে তেওঁক দিনে ৫০ টকাৰ প্ৰয়োজন হয়। “মিছা মাছ বিক্ৰী কৰি মই ২০০ টকাহে পাওঁ, ইমানখিনি যদি যাতায়তৰ নামতে যায়, তেন্তে জীৱনটো চলাম কেনেকৈ?” তেওঁ প্ৰশ্ন কৰে। কেতিয়াবা গোবিন্দম্মাৰ উপাৰ্জন ৫০০ টকাও হয়। কিন্তু প্ৰায়বোৰ দিনত তেওঁ ১০০ টকাহে পায়, কেতিয়াবা শুদাহাতে উভতে।

পুৱাৰ ভাগত সোঁত বেছি থাকিলে গোবিন্দম্মাই ৰাতিৰ ভাগত পানী যেতিয়া কমে, তেতিয়া মাছ ধৰিবলৈ যায়। চকুৰে ভালকৈ নমনিলেও তেওঁ মিছা মাছ অনায়াসে ধৰিব পাৰে। কিন্তু পানীত থকা সাপ আৰু বিশেষকৈ ইৰুন কেলাথি (গ্ৰে ইল কেটফিছ)লৈ তেওঁ ভয় কৰে। “মই ভালদৰে নেদেখো… ভৰিত জালেই লাগিছে নে সাপেই মই ধৰিব নোৱাৰো,” তেওঁ কয়।

“সিহঁতৰ পৰা বাচি কোনোমতে ঘৰ যাব লাগে। এই ক’লা মাছবিধে (গ্ৰে ইল কেটফিছ) যদি ফিচাৰে হাতত কোবালে, আঠ-দহদিন উঠিব নোৱাৰিম,” গোবিন্দম্মাই কয়। গ্ৰে ইল কেটফিছৰ বুকুৰ ফিচা বিষাক্ত বুলি জনা যায়, ঘাঁ লাগিলে বহুদিনলৈ বিষায় থাকে। “আনকি দৰৱ লগালেও সেই বিষ নকমে। কম বয়সত এই বিষ সহ্য কৰিব পাৰে। মইনো কেনেকৈ পাৰিম, কোৱাচোন?”

PHOTO • M. Palani Kumar

বাকিংহাম কেনেলৰ পানীত গোবিন্দম্মাই মিছা মাছ ধৰি মুখত লৈ থকা খালৈটোত সেইটো ভৰাইছে

PHOTO • M. Palani Kumar

গোবিন্দম্মাৰ ক্ষত-বিক্ষত হাতখন। ‘বালি খন্দা আৰু মিছা মাছ ধৰোতে এনেকৈ হাতৰ তলুৱাত গভীৰ কটা দাগ ৰৈ গৈছে’

এন্ন'ৰৰ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা অহা আৱৰ্জনা আৰু ফ্লাই এছ অবাধে পেলোৱাৰ ফলত কেনেলটোত ওখ-চাপৰ দ’ম আৰু গাঁতৰ সৃষ্টি হৈছে, ফলত গোবিন্দম্মাৰ কষ্ট আৰু বাঢ়িছে। “সেই থেপথেপীয়া বোকাখিনি দেখিছা,” মই ফটো ল’বলৈ বুলি পানীত নামি যাওঁতে তেওঁ মোক সেইখিনি আঙুলিয়াই দেখুৱায়। “এই বোকাত নামি ভৰি লৰাব নোৱাৰি মোৰ দেহটো অৱশ হৈ পৰে।”

এন্ন'ৰ-মানালি ঔদ্যোগিক ক্ষেত্ৰখনে আগুৰি থকা বাকিংহাম কেনেলটোৰ আশে-পাশে তাপ-বিদ্যুৎ প্ৰকল্প, পেট্ৰ-ৰাসায়নিক আৰু সাৰৰ কাৰখানাকে ধৰি অতিকমেও ৩৪ টা ডাঙৰ বিপজ্জনক ঔদ্যোগ আছে। তাত তিনিটা ডাঙৰ বন্দৰো আছে। ঔদ্যোগিক আৱৰ্জনাই অঞ্চলটোৰ জলাধাৰসমূহ প্ৰদূষিত কৰিছে। দুটা দশক আগতে তাত ৬ৰ পৰা ৭টা প্ৰজাতিৰ মিছা মাছ পোৱা গৈছিল, এতিয়া ২-৩ বিধহে পোৱা যায় বুলি স্থানীয় মাছমৰীয়াই কয়।

বিগত বছৰবোৰত গোবিন্দম্মাই ধৰা মাছৰ সংখ্যা কমি আহিছে, তাকে লৈ তেওঁ চিন্তিত। “বৰষুণ বেছি দিলে আগতে আমি বহুত মিছা মাছ পাইছিলো। পুৱা দহ বজাত আমি মাছ বিক্ৰী কৰিবলৈ যাব পাৰিছিলো। এতিয়া আমি আগৰ দৰে মাছ নাপাওঁ,” তেওঁ কয়। “আন ঋতুত আমি আবেলিলৈকে (২ বজালৈকে) আধাকিলোৰ পৰা এক কিলো মিছা মাছ ধৰিছিলো।” ধৰা মিছা মাছখিনি দিনটোৰ শেষৰফালে বিক্ৰী কৰা হৈছিল।

প্ৰায়বোৰ দিনত তেওঁ ৰাতি ৯ৰ পৰা ১০ বজা পৰ্য্যন্ত মাছখিনি বিক্ৰী হোৱালৈ ৰ’বলগীয়া হয়। “মাছ কিনিবলৈ অহা মানুহে বৰকৈ দৰদাম কৰে। কি কৰিম? প্ৰখৰ ৰ’দত আমি মাছ বিক্ৰী কৰিবলৈ বহি থাকো। মানুহে বুজি নাপায়। এই দুই দ’ম মাছ কৰিবলৈ কিমান সময় এনেকৈ ৰৈ থাকিবলগীয়া হৈছে, দেখিছাই নহয়,” গোবিন্দম্মাই কয়। প্ৰতিটো দ’মৰ দৰ ১০০ৰ পৰা ১৫০ টকা, তাত ২০ৰ পৰা ২৫ টা মিছা মাছ আছে, “আন একে কাম মই নাজানো, এয়াই মোৰ জীৱিকা,” তেওঁ হুমুনিয়াহ কাঢ়ি কয়।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: মাছ ধৰাৰ যোগাৰ, সেয়াই তেওঁৰ জীৱিকাৰ সমল। সোঁফালে: কাম শেষ কৰি বাকিংহাম কেনেলৰ কাষত গোবিন্দম্মাই পানী এটুপি খাইছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: গাড়ীৰ অপেক্ষাত কামাৰাজাৰ প’ৰ্টৰ কাষৰ চেইণ্ট মেৰী গীৰ্জাৰ কাষত ৰৈ থকা গোবিন্দম্মাহঁত। সোঁফালে: আটিপাট্টু পুৰুনগৰৰ তিৰুবট্টিয়ুৰ হাইৱেৰ কাষত গোবিন্দম্মাই মাছ বিক্ৰী কৰে

গোবিন্দম্মাই মিছা মাছবোৰ বৰফত দি নাৰাখে, তাৰ পৰিৱৰ্তে বালিত ৰাখি সেয়া সতেজ কৰি ৰাখে। “মানুহে (গ্ৰাহকে) ঘৰলৈ নি ৰন্ধালৈকে ই সতেজ হৈ থাকে। তুমি জানা এই মিছা মাছৰ কিমান সোৱাদ?” তেওঁ মোক সোধে। “মই ধৰা মিছা মাছবোৰ একেদিনাই বিক্ৰী কৰিব লাগে। তেতিয়াহে মই কাঞ্জি (লুথুৰী) খাব পাওঁ আৰু মোৰ নাতিকেইটালৈ কিবা কিনি নিব পাৰো। অন্যথা পেটত ভোক লৈ ঘৰলৈ উভতো।”

তেওঁ খুব কম বয়সতে মিছা মাছ ধৰাৰ কৌশল আয়ত্ব কৰিছিল। “মোৰ মা-দেউতাই মোক পঢ়া-শুনা কৰিবলৈ স্কুললৈ পঠিওৱা নাছিল। তাৰ পৰিৱৰ্তে মোক নদীলৈ নি মিছা মাছ ধৰিবলৈ শিকাইছিল,” গোবিন্দম্মাই মনত পেলায়। “গোটেই জীৱনতো পানীতে কটাইছো। এই নদীখন মোৰ বাবে সকলো। নদীখন নাথাকিলে মোৰ অস্তিত্ব নাই। মোৰ মানুহজন ঢুকোৱাৰ পিছত ল’ৰা-ছোৱালীকেইটাক ডাঙৰ কৰিবলৈ কিমান যে কষ্ট মই কৰিছো। এই নদীখনত মিছা মাছ নধৰা হ’লে মই নাথাকিলোহেঁতেন।”

তেওঁৰ মাকে নদীত মিছা মাছ ধৰি আৰু সৰু মাছ কিনা-বেচা কৰি গোবিন্দম্মা আৰু তাইৰ চাৰিজনী ভাই-ভনীক ডাঙৰ-দীঘল কৰিছিল। গোবিন্দম্মাৰ ১০ বছৰ বয়স হওঁতে দেউতাক ঢুকাইছিল। “মোৰ মায়ে তাৰপিছত বিয়াত নবহিলে। গোটেই জীৱনটো আমাৰ লালন-পালনতে কটালে। এতিয়া তেওঁৰ বয়সে ১০০ৰ দেওনা পাৰ কৰিছে। গোটেই চুনামি কলনিটোতে তেওঁক আটাইতকৈ বয়সস্থ বুলি মানুহে কয়।”

গোবিন্দম্মাৰ ল’ৰা-ছোৱালীকেইটাৰ জীৱনো নদীখনৰ ওপৰত নিৰ্ভৰশীল। “মোৰ জীয়াৰী মদাপী এটাৰ লগত বিয়া হৈছে। সি কোনো এটা ভাল কামত নাই। তেওঁৰ শাহুৱেকে মিছা মাছ ধৰি আৰু বিক্ৰী কৰি তাইৰ খোৱা-বোৱাৰ যোগাৰ কৰে,” গোবিন্দম্মাই কয়।

PHOTO • M. Palani Kumar

কোচাস্থালায়াৰ নদীত মিছা মাছ ধৰিবলৈ সাজু হোৱা চেল্লায়া। ফটোখন ২০২১ত তোলা হৈছিল

PHOTO • M. Palani Kumar

লানি জালত উঠা মাছকেইটাৰ সৈতে চেল্লায়া (বাওঁফালে), ইফালে তেওঁৰ ঘৈণীয়েকে কোচাস্থালায়াৰ নদীৰ পাৰৰ অস্থায়ী তম্বুৰ তলত পৰিয়ালৰ কাৰণে ভাত ৰান্ধিছে

তেওঁৰ ডাঙৰ ল’ৰা চেল্লায়া ৪৫ বছৰ বয়সত ঢুকায়, তেঁৱো মিছা মাছ ধৰি পৰিয়াল পুহিছিল। ২০২১ত তেওঁক লগ পাওঁতে কৈছিল: সৰু থাকোতে মনত পৰে, মা-দেউতাই পুৱা ৫ বজাতে নদীখনলৈ যায়। ৰাতি ৯ বা ১০ বজাতহে তেওঁলোক উভতিছিল। মই আৰু মোৰ ভনীজনী ভোকে-পিয়াহে শুই থাকিছিলো। মা-দেউতাই চাউল-দাইল আনি ৰান্ধিছিল আৰু আমাক দুটাক টোপনিৰ পৰা জগাই ভাত খুৱাইছিল।

দহ বছৰ বয়সত চেল্লায়াই অন্ধ্ৰপ্ৰদেশৰ এটা কুঁহিয়াৰৰ কাৰখানাত কাম কৰিবলৈ যায়। “মই তাতে থকা সময়তে দেউতাই মাছ মাৰি আহি ঘৰলৈ উভতা বাটত পথ দুৰ্ঘটনাত ঢুকাইছিল। মই মোৰ দেউতাৰ মুখখন চাব নাপালো,” তেওঁ কৈছিল। “তেওঁৰ মৃত্যুৰ পিছত মায়ে পৰিয়ালৰ সমস্ত দায়িত্ব লৈছিল। তেওঁ বেছিভাগ সময় নদীখনতে কটাইছিল।”

কাৰখানাত পইচা সময়মতে দিয়া নাছিল, সেয়ে চেল্লায়াই সেয়া এৰি মাকৰ কামত যোগ দিলে। মাকে শুদাহাতে মাছ ধৰাৰ বিপৰীতে চেল্লায়া আৰু তেওঁৰ পত্নীয়ে জালেৰে মিছা মাছ ধৰিছিল। তেওঁলোকৰ চাৰিজনী জীয়াৰী। “ডাঙৰজনীৰ বিয়া হৈছে। তাৰ তলৰজনীয়ে গ্ৰেজুৱেচন (ইংৰাজীত মেজৰ) কৰি আছে আৰু আন দুজনীয় স্কুললৈ যায়। মই মিছা মাছ বিক্ৰী কৰি পোৱা টকাকেইটা সিহঁতৰ পঢ়া-শুনাৰ নামতে যায়,” তেওঁ কয়। “স্নাতক ডিগ্ৰী সাং কৰি মোৰ জীয়াৰীজনীয়ে আইন পঢ়িব খোজে। মই তাইক পঢ়াব লাগিব।”

কিন্তু তেওঁৰ আশাবোৰ অসম্পূৰ্ণ হৈ ৰ’ল। ২০২২ৰ মাৰ্চত চেল্লায়াই পৰিয়ালৰ কন্দলৰ কাৰণে আত্মহত্যা কৰে। পুত্ৰশোকত দগ্ধ গোবিন্দম্মাই কয়, “আগতে মানুহটোক হেৰুৱালো। এতিয়া পুত্ৰক। মই মৰিলে চিতাত জুই দিয়া মানুহ নাই। মোৰ ল’ৰাই যেনেকৈ মোৰ যত্ন লৈছিল, তেনেকৈ কোনোবাই মোৰ যত্ন ল’বনে?”

PHOTO • M. Palani Kumar

অৰুণধায়াম নগৰৰ চেল্লায়াৰ ঘৰত তেওঁৰ মৃত্যুৰ পাছত চেল্লায়াৰ ফটোখন চাই গোবিন্দম্মা উচুপি উঠে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

সোঁফালে: অৰুণধায়াম নগৰৰ নিজৰ ঘৰৰ সন্মুখত খালৈটোৰ সৈতে গোবিন্দম্মা। এতিয়াও তেওঁ পৰিয়ালৰ পেট পুহিবলৈ কাম অব্যাহত ৰাখিছে

এই ষ্ট’ৰিটো প্ৰথমে তামিল ভাষাত প্ৰস্তুত কৰা হৈছিল আৰু চেণ্টালিৰ এছ.য়ে কৰা ইংৰাজী ভাষান্তৰৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে। প্ৰতিবেদকে পাৰিৰ তামিল অনুবাদ সম্পাদক ৰাজাসংগীতাক তামিল ভাষাত প্ৰতিবেদনখন প্ৰস্তুত কৰাত সহায়ৰ বাবে ধন্যবাদ জনাইছে।

অনুবাদ: পংকজ দাস

M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das