১২ ঘণ্টা পৰ্যন্ত চলা মল্লযুঁজৰ টুৰ্ণামেণ্টত একেৰাহে টিপ্পনী দি চলন্ত ধাৰাভাষ্যৰ পৰম্পৰাক তেওঁ এক নতুন দিগন্তলৈ লৈ গৈছে। তাকো অনাতাঁৰ বা দুৰদৰ্শনত নহয়, ৰাজহুৱা অভিভাষণৰ মাধ্যমত। শংকাৰো পুজাৰীৱে মল্লযুঁজৰ চলন্ত ধাৰাভাষ্যক আধুনিক ৰূপ প্ৰদান কৰিছে। মহাৰাষ্ট্ৰৰ টুৰ্ণামেণ্টৰ আয়োজকসকলে তেওঁৰ কেলেণ্ডাৰৰ সৈতে দিন মিলাবলৈ কেতিয়াবা টুৰ্ণামেণ্টৰ দিন অগা-পিছা কাৰ্যসূচীয়ে অগা-পিছাকৰে। তেওঁ দৰ্শকৰ ভীৰৰ সৈতে কথা নাপাতে, কিন্তু সেই দৰ্শকক মোহাচ্ছন্ন কৰি ধৰি ৰখাৰ যাদু জানে।

‘শংকৰ পুজাৰীৰ ধাৰাভাষ্যৰ শৈলীয়ে মল্লযুঁজক বেয়া দিনৰ পৰা উদ্ধাৰ কৰিছে, ‘চাংলিৰ বেনাপুৰৰ প্ৰাক্তন মল্লযুঁজাৰু আৰু প্ৰশিক্ষক ৰাজেন্দ্ৰ চিণ্ডেয়ে কয়। তেওঁৰ বাখ্যামূলক আৰু শিক্ষাপ্ৰদ কথনশৈলীৰ বাবে মল্লযুঁজ চাবলৈ মানুহৰ সোঁত বয়। ‘ই আন আন এক ধৰণেও পৰিৱৰ্তন আনিছে। মানুহে জন্মদিনৰ পৰ্বতো মল্লযুঁজৰ আয়োজন কৰিছে, বেছি খেল হোৱা মানে বেছি মল্লযুঁজাৰুৱে সুযোগ পোৱা’

কিন্তু সেই ধাৰাভাষ্য কেৱল এটা ভৌগোলিক স্থানত থকা দৰ্শকৰ বাবেহে। মানে ডাঙৰ খেলপথাৰত একাধিক ভাষ্যকাৰে ৰাজহুৱা অভিভাষণৰ মাধ্যমেৰে খেলৰ বৰ্ণনা দিয়ে। কিন্তু সেয়া অনাতাঁৰত কিয় নকৰে? ‘সেয়া কৰাটো টান,’ ক’লহাপুৰ জিলাৰ কথলিস্থিত নিজ ঘৰত পুজাৰীয়ে কয়। ‘আমাৰ পদ্ধতি আৰু শৈলী অনাতাঁৰৰ বাবে নহয়, বিশেষকৈ গ্ৰামীণ পৰ্যায়ত। আমাৰ ধাৰাভাষ্যত যেতিয়াই-তেতিয়াই ব্যাঘাত জন্মে। স্থানীয় সন্মানীয় ব্যক্তিৰ উপস্থিত হোৱাটো ৰাইজক জনাবলৈ ঘনে ঘনে ঘোষণা কৰিবলগীয়া হয়। কেতিয়াবা মল্লযুঁজবিদ বা কেতিয়াবা সেই ঠাইৰ বিধায়ক অহাৰ কথা ঘোষণা কৰিবলগীয়া হয়। আৰু এয়া ভালেকেইঘণ্টা চলিব পাৰে।’

ৱাৰানানগৰত মল্লযুঁজৰ খেলপথাৰত ঠাঁহ খাই পৰা দৰ্শকৰ ভীৰক ১২ ঘণ্টা ধৰি ৰখাৰ দিনটো মনত কৰি তেওঁ গৌৰৱবোধ কৰে। পাকিস্তানৰ পৰা প্ৰতিদ্বন্দী পলমকৈ উপস্থিত হৈছিল, দৰ্শকৰ ধৈৰ্যৰ বান্ধি চিঙিব ধৰিছিল, পৰিস্থিতি মোকাবিলা কৰাটো একপ্ৰকাৰৰ প্ৰত্যাহ্বান হৈ পৰিছিল। তেনেতে পুজাৰীয়ে ধাৰাভাষ্যৰ আঁত ধৰিলে। পুজাৰীৰ কথাবোৰ তথ্য সমৃদ্ধ, দক্ষ বিশ্লেষক হোৱাৰ লগতে তেওঁ মল্লযুঁজৰ ইতিহাস আৰু সংস্কৃতিৰ বিশ্বকোষৰ দৰে। ‘মই ৮ বছৰ বয়সতে মল্লযুঁজ আৰম্ভ কৰিছিলোঁ, কিন্তু ১৯৭২ৰ তীব্ৰ খৰাঙৰ সময়ত কৃষিসংকটে দেখা দিয়াৰ ফলত খেল এৰিবলগীয়া হ’ল। কৃষি সংকটত থাকিলে মল্লযুঁজৰো একেই দশা হয়।’

A showcase at the Pujari residence displays awards and mementos that Shankarrao has collected over the years
PHOTO • P. Sainath

শংকাৰোৰ বাসগৃহত তেওঁ জীৱনকালত পোৱা বঁটা আৰু স্মাৰকবোৰৰ সজাই থোৱা আছে

মল্লযুঁজৰ ধাৰাভাষ্য কেনেধৰণৰ তাৰে আভাস দিবলৈ তেওঁ আমাক দুই মিনিটৰ কাৰণে ‘চলন্ত ধাৰাভাষ্য’ কৰি দেখুৱালে। তেওঁৰ মাতটো অনাতাঁৰৰ বাবে সুন্দৰকৈ খাঁজ খায়। ‘মই মোৰ গুৰু বাপুচাহেব ৰাডেৰ পৰা শিকিছোঁ। কিন্তু শৈলী আৰু সমল দুয়োটাতে কিছু সালসলনি কৰিছোঁ।’ পুজাৰীয়ে তেওঁৰ ধাৰাভাষ্যৰ সুকীয়া শৈলীৰ বিষয়ে এইখিনি কথা কৈ মোখনি মাৰিলেঃ দৰ্শক বঢ়োৱাৰ লগতে মল্লযুঁজনো কি সেই বিষয়ে দৰ্শকৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে। কেৱল তথ্যই নহয়, খেলবিধৰ সামাজিক আৰু সাংস্কৃতিক স্থান আৰু খেলবিধৰ ইতিহাসৰ কথাও ক’ব লাগে। তদুপৰি ধাৰাভাষ্যকাৰজনে দৰ্শকৰ জ্ঞাতাৰ্থে খেলবিধৰ কৌশল, কায়দা আৰু ৰণকৌশল আদিৰ ওপৰতো আলোকপাত কৰিব লাগে।

ধাৰাভাষ্যকাৰে মল্লযুঁজাৰুকো ক’ব লাগেঃ ‘আপোনাৰ শক্তিৰ অপব্যৱহাৰ নকৰিব। শক্তিশালীজনক ধনীয়ে ব্যৱহাৰ কৰিলে সেয়া মাৰাত্মক হৈ পৰে। সেয়ে তেওঁলোকৰ মনত আনৰ বাবে শ্ৰদ্ধা, ঔচিত্যবোধ আৰু সন্মানবোধ জগাই তোলাটো খুবেই গুৰুত্বপূৰ্ণ।’ ধাৰাভাষ্যৰ সময়ত কিংবদন্তি গামা পেহেলৱানৰ দৰে ক্ৰীড়াবিদৰ কাহিনীৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

পুজাৰীয়ে ১৯৮৫ত ধাৰাভাষ্যকাৰৰ পেচাৰ পাতনি মেলিছিল। ‘ক্ৰিকেটৰ ধাৰাভাষ্য শুনি এই ধাৰণা মনলৈ আহিছিল। মল্লযুঁজ খেল চাবলৈ গোট খোৱা লোকসকলক উদ্দেশ্যি ধাৰাভাষ্য কৰি মল্লযুঁজক জনপ্ৰিয় কিয় কৰা নহওক? কিয় তেওঁলোকক মল্লযুঁজৰ সুক্ষ্মতাৰে বিৱৰণ দিয়া নাযাওক, খেলবিধৰ অনুশাসন আৰু ইতিহাসৰ বিষয়ে কোৱা নাযাওক? শুনিবলৈ ভাল পাই মানুহ গোট খাব আৰু যুৱপ্ৰজন্মক মল্লযুঁজ খেলত ভাগ ল’বলৈ উৎসাহ যোগাব।’

‘১৯৮৫ত বিনামূলীয়াকৈ খেলৰ ধাৰাভাষ্যকাৰ হিচাপে কাম কৰা’ পুজাৰীয়ে এতিয়া বছৰত ১৫০ খনলৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ‘ইয়ে মোৰ জীৱিকাৰো বাট মোকলাইছে,’ তেওঁ কয়। ‘২০০০ চনত তেওঁ প্ৰথমটো ডাঙৰ ক্ৰীড়া কাৰ্যসূচীত’ ভাগ লৈছিল।

জলসংকটৰ বাবে যোৱাটো চিজনত টুৰ্ণামেণ্টৰ সংখ্যা কমিল। পুজাৰীয়ে ৰাজনৈতিক নেতাসকলক উদ্দ্যেশী কয়ঃ ‘আপোনালোকে পশুধন বচাবলৈ পশুখাদ্য দিছে। ভাল কথা, আমি কৃতজ্ঞ। তাৰ লগতে আপোনালোকে আমাৰ পেহেলৱানসকলক বচাবলৈ কিছু শিবিৰ আৰু কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰেনে? তেওঁলোকো কৃষি আৰু বৰষুণৰ ওপৰত নিৰ্ভৰশীল।’

ইয়াৰে মূল নিৱন্ধটো http://psainath.org/kushtis-voice-of-social-commentary/ ত প্ৰকাশ পাইছিল।

অনুবাদঃ পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das