PHOTO • P. Sainath

পাঠশালাখনৰ প্ৰৱেশদ্বাৰত লিখা আছে ‘তালিম’। উৰ্দু ভাষাত তালিম মানে শিক্ষা। কিন্তু ভিতৰত সোমায়েই আপোনাৰ প্ৰথমেই চকুত পৰিব হনুমানৰ মূৰ্তি এটা। হনুমান পালোৱানৰ দেৱতা। মল্লযুঁজৰ সংস্কৃতিত ৰঙৰ সমাহাৰ ঘটে। গ্ৰামীণ মহাৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ মল্লযুঁজৰ আখৰাথলীবোৰক আখাৰা বোলা নহয়, তালিমহে বোলা হয়। স্বাধীনোত্তৰ কালৰ অবিভক্ত পাঞ্জাৱত তালিমৰ ইতিহাস ১০০ বছৰৰো অধিক পুৰণি। পূৰ্বৰ ক’লহাপুৰ সামন্ত ৰাজ্যৰ শাসক তথা সমাজ সংস্কাৰক চাহু মহাৰাজে তালিম প্ৰতিস্থাত আগভাগ লৈছিল। মল্লযুঁজত অত্যন্ত ৰাপ থকা চাহু মহাৰাজে অবিভক্ত ভাৰতৰ চুকে-কোণে থকা মল্লযুঁজাৰুসকলক, বিশেষকৈ পাঞ্জাৱত থকা মল্লযোদ্ধাক ক’লহাপুৰলৈ আনিছিল।

এতিয়াও গ্ৰামীণ মহাৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টত পাকিস্তান, ইৰাণ, তুৰস্ক আৰু কেতিয়াবা আকৌ আফ্ৰিকীয় দেশবোৰৰ পৰা অহা মুধাফুটা মল্লযুঁজাৰুৱে ভাগ লয়। পাকিস্তান আৰু ইৰাণৰ মল্লযুঁজাৰুৰ অনুৰাগীসকলৰ ভিতৰত হিন্দু অনুৰাগীৰ সংখ্যা বহুত। ‘বাহিৰৰ মল্লযুঁজাৰু আহিলে দৰ্শকৰ মাজত উল্লাসৰ সোঁত বয়,’ ক’লহাপুৰৰ বিধায়ক বিনয় কৌৰেয়ে কয়। চেনীৰ কাৰখানা আৰু দুগ্ধপামৰ বৃহৎ সমবায়ৰ মুৰব্বী কৌৰেয়ে ৰাজ্যখনত এখন সুকীয়া টুৰ্ণামেণ্ট পৰিচালনা কৰে। মহাৰাষ্ট্ৰৰ সৰ্ববৃহৎ মল্লয়ুঁজৰ থলী হিচাপে পৰিচিত এই খেলখন ক’লহাপুৰ জিলাৰ ৱাৰানানগড়ত প্ৰতি বছৰে ১৩ ডিচেম্বৰৰ দিনা অনুষ্ঠিত হয়।

‘তাত ৩ লাখ পৰ্যন্ত মানুহ ধৰে,’ কৌৰে কয়। ‘কেতিয়াবা পাৰপত্ৰৰ কাৰণে সমস্যা হয়। এবাৰ পাকিস্তানৰ খেলুৱৈৰ পাৰপত্ৰ উলিয়াওতে পলম হ’ল। সেয়ে মল্লযুঁজাৰুসকলক ইছলামাবাদৰ পৰা দিল্লীলৈ বিমানেৰে আনিবলগীয়া হ’ল আৰু পুণেৰ পৰা পোনে পোনে ৱাৰাণালৈ লৈ অহা হ’ল। লাখৰো অধিক দৰ্শকে ১২-১৩ ঘণ্টা ধৰি ধৈৰ্য সহকাৰে তেওঁলোকলৈ অপেক্ষা কৰি ৰৈছিল।’

তালিমবোৰত মহাৰাষ্ট্ৰৰ মল্লযুঁজৰ গুৰুসকলে আধ্যাত্মিক আৰু ধৰ্মনিৰপেক্ষতাৰে সংপৃক্ত নীতিনিষ্ঠতা আৰু নৈতিকতাৰ পাঠ দিয়ে। গুৰুসকলৰ বহুতেই শিষ্যক কিংবদন্তি গামা পালোৱান (এসময়ৰ অপৰাজেয় মল্লযুঁজাৰু)ৰ কথা কয়। গামা, আচল নাম গুলাম মহম্মদ। জন্ম পাঞ্জাৱত। দেশবিভাজনৰ পিছত তেওঁ পাকিস্তানত থিতাপি লয়। দেশবিভাজনৰ সময়ত তেওঁৰ চুবুৰীৰ কাষৰে হিন্দু চুবুৰী এটাক আক্ৰমণ কৰিবলৈ অহা মানুহৰ ভীৰ এটাক শিলৰ দৰে তেওঁ ভেঁটা দিছিল। ‘মল্লযুঁজাৰু এজন তেনেকুৱাই হ’ব লাগে,’ সেয়াই নিয়ম।

‘মহান গুৰুসকলৰ মাজত এই লৈ দ্বিমত নাই যে মল্লযুঁজত নৈতিক পাঠ খুবেই গুৰুত্বপূৰ্ণ,’ মহাৰাষ্ট্ৰৰ মহান মল্লযুঁজাৰুসকলৰ মাজৰ এজন আপ্পাচাহেব কদমে ক’লহাপুৰ নগৰৰ তালিমত এই কথা কয়। ‘নৈতিকতাৰ শিপাবিহীন খেলুৱৈৱে ধ্বংসহে আনে,’ তেওঁ কয়। আন ৰাজ্যৰ মল্লযুঁজাৰুৰ দৰে মহাৰাষ্ট্ৰৰ মল্লযুঁজাৰুৱে অবিশ্বস্ত সুনাম অৰ্জা নাই।

খেলবিধক লৈ স্থানীয় লোকৰ মাজত অতিথি সৎকাৰ আৰু মহানুভৱতাও দেখা যায়। কুন্দলেই হওঁক বা ৱাৰানানগৰেই হওঁক, ডাঙৰ কাৰ্যসূচীবোৰত মানুহে আমাক এই কথা বুজাটো বিচাৰে। ‘বাহিৰৰ পৰা অহা লাখৰো অধিক মানুহক ইয়াৰে গঞাই অতিথি হিচাপে গণ্য কৰে। বাহিৰৰ পৰা অহা দৰ্শকৰ কাৰণে গঞাৰ ঘৰৰ আখলত অসংখ্য ব্যঞ্জন ৰন্ধা হয়।’

তালিমবোৰ বিধ্বস্ত খেলুৱৈৰ সমাবেশ। ‘সেয়াই মল্লযুঁজাৰু এজনৰ চাৰ্টিফিকেট,’ কিংবদন্তি মল্লযুঁজাৰু তথা প্ৰাক্তন অলিম্পিক খেলুৱৈ গুৰু গণপাত্ৰ আন্ধালকাৰে কয়। এই আখৰাথলীবোৰৰ মালিকবোৰৰ কিছুমান শিক্ষক আৰু সকলোৱে গ্ৰামীণ পৰিয়ালৰ পৰা অহা। কৃষক নাইবা শ্ৰমিক। এয়া বিশেষকৈ পশ্চিম মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত সত্য।

মল্লযুঁজ, কুঁহিয়াৰৰ খেতিপথাৰ আৰু তামাচা (মাৰাঠী পাৰম্পৰিক লোক নাট্যৰ এক ৰূপ)ৰ মাজত এক নিবিড় সম্পৰ্ক আছে, এছীয় আৰু কমনৱেলথ্ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণপদক প্ৰাপ্ত খেলুৱৈ কাকা পাৱাৰে কয়। পুণেৰ নিজ তালিমত তেওঁ কয়, ‘তামাচা কিয়, কাৰণ দুয়োটাৰে উপস্থাপনৰ কাৰণে কলা-কুশলীৰ নিয়মানুৱৰ্তিতাৰ লগতে দৰ্শকৰো সঁহাৰিৰ প্ৰয়োজন।’

দৰ্শকৰ ভীৰত হিন্দুৰ সংখ্যা বেছি হ’লেও মল্লযুঁজে অতীততকৈ বৰ্তমান সময়ত বৈচিত্ৰতা বহন কৰিছে। এসময়ত এই খেলত মাৰাঠীসকলৰেই আধিপত্য আছিল, এতিয়া ধনগৰ (ভেড়াৰখীয়া) সম্প্ৰদায়ৰ মাজৰপৰাও মল্লযুঁজৰ ক্ৰীড়ানায়ক ওলাইছে। মল্লয়ুঁজত শীৰ্ষত থকা চোলাপুৰ জিলাৰ পৰা মুছলমান সম্প্ৰদায়ৰ যুৱ ক্ৰীড়ানায়কৰ উত্থান ঘটিছে।

মহাৰাষ্ট্ৰৰ মল্লযুঁজৰ সংস্কৃতিৰ গুৰুসকল একোগৰাকী বিশ্লেষকো। অলিম্পিকৰ পৰা মল্লযুঁজ বাদ পৰিব নেকি বুলি কৰা যুক্তি তেওঁলোকে পোনচাটেই খণ্ডন কৰি কয়, ‘তেওঁলোকে ৩০ খন দেশে খেলা খেল অন্তৰ্ভুক্ত কৰে, মল্লযুঁজ ১২২ খন দেশত খেলা হয়, কেনেকৈ বাদ পৰিব?’ কদমে ভেকাহি মাৰি কয়।

মহাৰাষ্ট্ৰত মল্লযুঁজৰ সাম্প্ৰতিক অৱস্থাক লৈ তেওঁলোক অতিকৈ সচেতন। যিমানবোৰ তালিম আৰু মল্লযুঁজাৰু আমি সাক্ষাৎ কৰিছিলোঁ, সকলোৰে পৰা একেধৰণৰেই অভিযোগ পাইছিলোঁ। তীব্ৰ গতিত নগৰীকৰণৰ দিশে আগবঢ়া মহাৰাষ্ট্ৰতকৈ কৃষিনিৰ্ভৰ ৰাজ্য পাঞ্জাৱ আৰু হাৰিয়ানাত মল্লযুঁজৰ আদৰ বাঢ়িছে।

‘তাতে আৰক্ষী আৰু আন সুৰক্ষা বলত কৰ্মসংস্থানৰ সুবিধা দি সোনকালেই স্বীকৃতি দিয়া হয়,’ এগৰাকী শিক্ষকে কয়। ‘আমাৰ ইয়াত মল্লযুঁজ এৰাসকলে দিনহাজিৰা কৰিবলগীয়া হয়।’ প্ৰতিভাসম্পন্ন কিছুমান মল্লযুঁজাৰুৱে চেনীৰ কাৰখানাত প্ৰহৰী হিচাপে কাম কৰিবলগীয়া হয়।

ৰাজনৈতিক শ্ৰেণীটোক সুবিধাবাদীৰ নজৰেৰে চোৱা হয়। ‘মল্লযুঁজ চাবলৈ দৰ্শকৰ ভীৰ হয় কাৰণে সিহঁত আহে।’ সিহঁত সংঘৰ মুৰব্বীৰ বাবত থাকে যদিও খেলৰ একো উন্নতি নহয়। ‘কেন্দ্ৰীয় মন্ত্ৰী শৰদ পাৱাৰ এই ৰাজ্যখনৰ মল্লযুঁজ ফেডাৰেছনৰ মুৰব্বী,’ এগৰাকী আহ্বায়কে কয়। ‘আমি সেই কথা জানো। কিন্তু তেওঁ সেয়া জানে নে নাজানে, জানিলেও মনত আছে নে নাই, সেই ভাবি আচৰিত হওঁ।’ আন এজনে কয়, ‘দুজনকৈ প্ৰাক্তন মল্লযুঁজাৰুক বিধায়ক হিচাপে পাইছো। কিন্তু সিহঁতে আমাৰ ফালে মুখকে নকৰে।’

সমাজ-সংস্কৃতিৰ পৰিৱৰ্তন, ক্ষুদ্ৰ খেতিয়কৰ অস্তমিত দিন, ঘনে ঘনে দেখা দিয়া জলসংকট আৰু ৰাজ্য চৰকাৰৰ অৱহেলাই মহাৰাষ্ট্ৰৰ গ্ৰামীণ অৰ্থনীতিত দঁকৈ শিপাই থকা খেলবিধৰ স্থিতি নিশকতীয়া কৰি পেলাইছে। ‘মল্লযুঁজাৰুৰ জীৱনটো একপ্ৰকাৰ অদৃশ্য তপস্যাৰ দৰেই। এজন ক্ৰিকেট খেলুৱৈৱে পোৱা সৰু আঘাতৰ বাতৰি সংবাদমাধ্যমত হাজাৰবাৰ বাজে। এগৰাকী মল্লযুঁজাৰু মৰিলে কোনেও ভ্ৰূক্ষেপকে নকৰে।’

এই প্ৰৱন্ধটোৰ এটা সংস্কৰণ ২০১৩ৰ ৩১ অক্টোবৰত দা হিন্দুত প্ৰকাশিত হৈছিল।

অনুবাদঃ পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das