পথত চাৰিদিন কটাই ৭৫০ কি.মি. বাট অতিক্রম কৰাৰ পাছত টেম্প’ আৰু জীপৰ সমদলটো ৰাজস্থানৰ কোটাৰ এক গুৰুদ্বাৰাত দুপৰীয়াৰ আহাৰ খাবলৈ বুলি ৰৈছে। এয়া হৈছে ২৪ ডিছেম্বৰৰ চেঁচা আবেলি। মহাৰাষ্ট্রৰ কৃষক তথা কৃষিশ্রমিকসকল নিশাটোৰ যাত্রাৰ পাছত ভাগৰি পৰিছে। কিন্তু তেওঁলোকে গুৰুদ্বাৰাৰ ৰাজহুৱা ৰান্ধনীশালত আহাৰৰ বাবে অপেক্ষা কৰি থকা সময়ত সবিতা গুঞ্জলৰ গীতে তেওঁলোকৰ উদ্যম বঢ়াই তুলিছে। কামগাৰ চ্যা কাষ্টানা নাটাৱলা জাগালা , জেৱন নাহি প টালা , কাপড়া নাহি নেছাইলা ...(‘শ্রমিকৰ কষ্টই পৃথিৱীখন ধুনীয়া কৰে, কিন্তু তেওঁলোকৰহে খাবলৈ-পিন্ধিবলৈ একো নাথাকে)।

“মই ইয়ালৈ গীত গাবলৈ আহিছো”, গাঢ় ৰঙা চোলা আৰু নীলা জিনচ্ পৰিহিতা ১৬ বছৰীয়া ভিল আদিবাসী গায়িকাগৰাকীয়ে কয়। “মই শ্রমিকসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগ কৰিব বিচাৰো। মই সমগ্ৰ পৃথিৱীক আমাৰ অৱস্থাৰ কথা জনাব খোজো”, এয়া নাছিক জিলাৰ ছান্দৱাড় তালুকৰ ছান্দভাড় গাঁৱৰ নিবাসী সবিতাৰ ভাষ্য। তেওঁ দিল্লী সীমান্তৰ প্রতিবাদত যোগ দিবলৈ কৃষকৰ গাড়ীৰ জাঠাত উঠি ২১ ডিছেম্বৰত নাছিক এৰিছিল।

নিজৰ গাঁৱত সবিতাই সপ্তাহান্তিকত আৰু বন্ধৰ দিনত কৃষিশ্রমিক হিচাপে কাম কৰি দিনে ১৫০-২০০ টকাকৈ উপার্জন কৰে। “কাম থাকিলে মই পথাৰলৈ যাবলগা হয়”, তেওঁ কয়। ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত তেওঁ বেছিভাগ সময় চান্দৱাড়ৰ পামতে কাম কৰি কটালে। “লকডাউনৰ সময়ত কাম বহুত কম আছিল। হাতলৈ যি কাম আহিছিল তাকেই কৰিছিলো আৰু যিমান পাৰি উপার্জন কৰিবলৈ চাইছিলো”, তেওঁ জনায়। সবিতাই এই বছৰতে (২০২০) হাইস্কুলীয়া শিক্ষা সাং কৰে যদিও মহামাৰীৰ ফলত কলেজত নাম লগাব পৰা নাই।

ভিডিঅ চাওক: দিল্লীলৈ যোৱাৰ পথছোৱাত সবিতাই গোৱা কৃষকৰ গান

সবিতাই প্রায়ে চান্দভাড়ৰ ৰাজহুৱা সভা-সমিতিত তেওঁৰ দলৰ বাকী সদস্যসকলৰ লগত গীত গায়। এই দলত তেওঁৰ জ্যেষ্ঠ ভাতৃ সন্দীপ আৰু বন্ধুবৰ্গ কোমল, অর্চনা আৰু স্বপ্নাও আছে। সবিতাই ককায়েক সন্দীপৰ সহায় লৈ সকলোবোৰ গীত ৰচনা কৰিছে। ২৪ বছৰীয়া সন্দীপ হৈছে এজন কৃষিশ্রমিক, তেওঁ মাটি চহাই সমান কৰিবলৈ এখন ট্রেক্টৰ চলায়। সবিতাই কয় যে এয়া এটা কঠিন কাম, আৰু সন্দীপৰ আয়ো মাটিখিনিৰ আকাৰ আৰু ইয়াত কাম কৰিবলৈ লগা সময়ৰ ওপৰত নির্ভৰশীল। উদাহৰণস্বৰূপে, ৬-৭ একৰ মাটি চহাবলৈ সন্দীপক ধাৰাবাহিকভাৱে প্রায় তিনি দিন-তিনি ৰাতিৰ প্রয়োজন হয় যাৰ বাবদ তেওঁ প্ৰায় ৪,০০০ টকা উপার্জন কৰে।

নিজৰ ভাতৃৰ কঠোৰ পৰিশ্রমে সবিতাক গীত সৃষ্টি কৰিবলৈ অনুপ্রাণিত কৰে। “মই কৃষকসকলৰ দৈনন্দিন সমস্যাবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ গীত গাওঁ। দিনৰ পাছত দিন তেওঁলোকে পথাৰত কঠোৰ পৰিশ্রম কৰে, তথাপিও কিন্তু তেওঁলোকে উৎপাদিত শস্যখিনিৰ বাবদ সঠিক মূল্য নাপায়। এই কাৰণতে কৃষকসকল পিছ পৰি ৰৈছে। আমাৰ দেশত দুখীয়াসকল দুখীয়া হৈ আৰু ধনীসকল আৰু অধিক ধনী হৈ গৈ থাকে।”

এই আইনকেইখনে কৃষকক আৰু বেছি ধ্বংসৰ গৰাহলৈ ঠেলি নিব, প্ৰতিবাদী কৃষকসকলে কয়। আইনকেইখন হৈছে কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্যৰ নিশ্চিতিৰ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন । এই আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বুলিও সমালোচিত হৈছে।

Savita Gunjal (left) composed the songs that the farmers' group from Maharashtra (right) was singing on the journey
PHOTO • Shraddha Agarwal
Savita Gunjal (left) composed the songs that the farmers' group from Maharashtra (right) was singing on the journey
PHOTO • Shraddha Agarwal

যাত্ৰাৰ সময়ছোৱাত মহাৰাষ্ট্ৰৰ কৃষকসকলে গোৱা গীতসমূহ সবিতা গুঞ্জলে লিখিছে

সবিতাৰ পৰিয়ালৰ নিজাকৈ তিনি একৰ মাটি আছে য’ত তেওঁলোকে নিজৰ ভাতমুঠিৰ বাবে খেতি কৰে। তেওঁৰ পিতৃ হনুমন্ত গুঞ্জল (৪৫) আৰু মাতৃ তাঈ গুঞ্জল (৪০) দুয়োজনেই কৃষক। তেওঁলোকে ঘেঁহু, বাজৰা, ধান আৰু পিঁয়াজৰ খেতি কৰে। সবিতাৰ ভনীয়েক অনিতা, যি পঞ্চম শ্রেণীৰ ছাত্রী। তেৱোঁ খেতিৰ কামত মাকক সহায় কৰে। তেওঁৰ আন এজন ভাতৃ শচীনে (১৮) চান্দভাড়ত ইঞ্জিনিয়াৰিং পঢ়ি আছে। সন্দীপৰ দৰে তেৱোঁ মাটি চহাই সমান কৰে; অৱশ্যে তেওঁ অংশকালীন হিচাপেহে এই কাম কৰে।

সবিতাৰ ৬৬ বছৰীয়া আইতাক কালাইবাঈ গুঞ্জল (ওপৰৰ প্রচ্ছদত একেবাৰে বাওঁদিশে) গাড়ীৰ জাঠাত সবিতাৰ লগত আছে। যেতিয়া তেওঁ ১৬ বছৰীয়া আছিল, তেতিয়াই কালাইবাঈ গুঞ্জল চান্দৱাড়ৰ ‘অল ইণ্ডিয়া কিষান সভা’ৰ প্রথমগৰাকী মহিলা নেত্রী হৈছিল। “মোৰ আজি(আইতা)য়ে মোক গাই যাবলৈ উৎসাহিত কৰে। তেওঁক আজ’বা(ককা)য়ে গাবলৈ শিকাইছিল আৰু এতিয়া তেওঁ মোক শিকাইছে। আজিয়ে মোক নিজৰ গীত লিখিবলৈ কয়”, সবিতাই জনায়।

কবি আন্নাওভাও সাথে আৰু সমাজকর্মী ৰমেশ গাইছ’ৰেও সবিতাক অনুপ্রাণিত কৰিছে। “গীত লিখাৰ পৰত মই আন্নাওভাওৰ কথা ভাবো। তেওঁৰ ‘মত ঘুট ঘুট কৰ ৰেহনা, চেহনে সে জুল্ম বঢ়তা হ্যে’ (নিশব্দে সহিবা যিমান, অন্যায় বাঢ়িব সিমান) গীতটো মোৰ অন্যতম প্রিয়। তেওঁ এগৰাকী বিপ্লৱী। ঠিক তেওঁৰ দৰেই মই মোৰ ভনীহঁতে সিহঁতৰ শোষণকাৰীৰ বিৰুদ্ধে যুঁজ দিয়াটো বিচাৰো। আমাৰ দেশত নাৰীক সম্মান কৰা নহয়। আমাৰ ধৰ্ষণ হৈ যায় আৰু কোনেও গুৰুত্ব নিদিয়ে। তেওঁৰ গীতসমূহ গাই মই ছোৱালীবোৰক যুঁজিবলৈ উৎসাহিত কৰিব বিচাৰোঁ, কিয়নো কেৱল তেতিয়াহে আমি আমাৰ স্বাধীনতা লাভ কৰিম”।

“মই যেতিয়া গীত গাওঁ, মোৰ এনে লাগে যেন মোৰ জীৱনটোৰ এক উদ্দেশ্য আছে। মই দিল্লীলৈ যোৱাৰ গোটেই পথছোৱা গীত গাই যাম”, টেম্প’খনৰ ফালে আগুৱাই সবিতাই কৈ যায়। তাত তাইৰ সুৰে সুৰে গীত গাবলৈ ২০ গৰাকী কৃষকে অপেক্ষা কৰিছে।

অনুবাদ: সৃষ্টি শ্রেয়ম

Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Shraddha Agarwal
Translator : Srishti Shreyam

Srishti Shreyam is an interdisciplinary artist based out of Mumbai. An erstwhile media person associated with various Assamese news channels, Srishti currently works as a freelance voice over artist and an Assamese language expert. She has published two collections of short stories in Assamese. Srishti is also a filmmaker. She has written and directed a short film.

Other stories by Srishti Shreyam