তিনি সপ্তাহৰ পাছত যেতিয়া হনুমন্ত গুঞ্জাল শ্বাহজাহানপুৰৰ প্রতিবাদ থলীৰ পৰা নিজৰ গাঁৱলৈ ঘূৰি গৈছিল, তেওঁ লগত লৈ গৈছিল পাহৰিব নোৱৰা কিছুমানৰ স্মৃতি ভাৰ।

“তাৰ কৃষকসকল অত্যন্ত অতিথিপৰায়ণ আৰু সঁচাই ভাল আছিল”, ২৫ ডিচেম্বৰত শ্বাহজাহানপুৰত উপস্থিত হোৱা মহাৰাষ্ট্রৰ নাছিক জিলাৰ চান্দৱাড় গাঁৱৰ ৪১ বছৰীয়া ভিল আদিবাসী কৃষকগৰাকীয়ে কয়। “নিজে ৰান্ধিবলগা হ’ব পাৰে বুলি আমি চাউল-দাইল লগত লৈয়ে আহিছিলো। কিন্তু এইবোৰ একেবাৰেই ব্যৱহাৰ নহ’ল। তেওঁলোকে আমাক যথেষ্ট পৰিমাণৰ ঘিউ দি ৰন্ধা সুস্বাদু খাদ্য খাবলৈ দিছিল। তেওঁলোকে আমাক আথে-বেথে আদৰণি জনাইছিল।”

২১ ডিচেম্বৰত কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদত ভাগ ল’বলৈ নাছিকৰ পৰা দিল্লীলৈ বুলি জাঠা, মানে যান-বাহনৰ এটা কনভয় ওলাইছিল। ১,০০০ গৰাকীমান কৃষকৰ এই দলটোক প্রায় ১,৪০০ কিমি দূৰৈৰ ৰাজধানীৰ নিকটৱর্তী অঞ্চলখিনি পাবলৈ পাঁচ দিন লাগিছিল। শ্বাহজাহানপুৰ নামৰ যিডোখৰ ঠাইত জাঠা ৰৈছিল, সেয়া আছিল দিল্লীৰ পৰা ১২০ কি.মি. দক্ষিণত, ৰাজস্থান আৰু হাৰিয়ানাৰ সীমান্তত। সেয়া আছিল কেন্দ্রীয় ৰাজধানীখনৰ সমীপৰ প্রতিবাদস্থলীসমূহৰ এখন, য’ত বিশেষকৈ পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ দহ হাজাৰতকৈ অধিক কৃষকে ২৬ নৱেম্বৰৰ পৰা কৃষি আইন তিনিখনৰ বিৰুদ্ধে প্রতিবাদ প্রদর্শন কৰি আহিছে।

এই আইনকেইখন প্ৰথমে অধ্যাদেশ হিচাপে ২০২০ৰ ৫ জুনত জাৰী কৰা হৈছিল। তাৰপিছত ১৪ ছেপ্টেম্বৰত সদনত কৃষি বিধেয়ক হিচাপে উত্থাপন কৰা হয় আৰু ততাতয়াকৈ সেই মাহৰে ২০ তাৰিখে আইন হিচাপে গৃহীত কৰা হয়। আইনকেইখন হৈছে কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্যৰ নিশ্চিতিৰ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন । এই আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বুলিও সমালোচিত হৈছে।

When Maharashtra farmer Hanumant Gunjal went back to his village from the protest site at Shahjahanpur, he carried back precious memories
PHOTO • Parth M.N.
When Maharashtra farmer Hanumant Gunjal went back to his village from the protest site at Shahjahanpur, he carried back precious memories
PHOTO • Parth M.N.

যেতিয়া মহাৰাষ্ট্ৰৰ কৃষক হনুমন্ত গুঞ্জাল শ্বাহজাহানপুৰৰ প্রতিবাদ থলীৰ পৰা নিজৰ গাঁৱলৈ উভতিছিল, তেওঁ অমূল্য স্মৃতি লগত লৈ গৈছিল

দিল্লী আৰু ইয়াৰ দাঁতি কাষৰীয়া প্রতিবাদস্থলীৰ বহুতো কৃষক এক বিশাল পৰিমাণৰ মাটিৰ গৰাকী, বহুতৰে চাৰিচকীয়া বাহন আছে। তেওঁলোকে কয় যে এই প্রতিবাদ ২০২৪ৰ নির্বাচনলৈকে অব্যাহত ৰাখিব পৰাকৈ তেওঁলোক সম্পদশালী।

মহাৰাষ্ট্রৰ পৰা অহা কৃষকসকলৰ বাবে এই কথাটো আছিল অগতানুগতিক। তেওঁলোকৰ প্ৰায়ভাগেই আছিল আদিবাসী সম্প্রদায়ৰ, বেছিভাগৰে সৰু সৰু ভূমিখণ্ড বা নামমাত্র সম্পদহে আছিল। কিন্তু পালঘৰ জিলাৰ বিক্রমগড় তালুকৰ পৰা যোৱা ৱার্লি সম্প্রদায়ৰ ৪৫ বছৰীয়া কৃষক সুৰেশ ৱাৰ্থাই (প্ৰচ্ছদ ফটোত) কয়, “আমি দেখুৱাব খোজো যে উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ বাহিৰৰ কৃষকসকলেও এই কৃষি আইনৰ বিৰুদ্ধে থিয় দিছে আৰু ই ধনী-দুখীয়া দুয়ো শ্রেণীৰ কৃষককে প্রভাৱিত কৰিছে।”

কৃষি আৰু কৃষকৰ ওপৰত বৰ্তমানতকৈও অধিক অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ বিয়াগোম কৰ্প’ৰেটক এই তিনিওখন আইনে ৰঙা দলিচা পাৰি দিয়া বুলি বিশ্বাস কৰা কৃষক সমাজে তিনিওখন আইনে কৃষকসকলৰ জীৱিকাৰ ওপৰত মাধমাৰ শোধাব বুলি আশংকিত। তাৰোপৰি, ন্যূনতম সমৰ্থন মূল্য, কৃষি উৎপাদ বিপণন সমিতি, ৰাজহ সংগ্রহ ইত্যাদিকে ধৰি কৃষকসকলৰ সহায় কৰা ঘাই সাধনবোৰো আইনকেইখনে অৰ্থহীন কৰি তুলিছে।

মহাৰাষ্ট্রৰ কৃষকসকলে তেওঁলোকৰ উত্তৰদেশীয় সহযোদ্ধাসকলৰ বাবে ঔষধৰ বাকচ আদি সহায়-সৌহাৰ্দ্যৰ টোপোলাও লগত কঢ়িয়াই নিছিল। অৱশ্যে শ্বাহজাহানপুৰৰ প্রতিবাদকাৰীসকলৰ হাতত ঔষধ-পাতিৰো অভাৱ নাছিল।

“মই এনেকুৱা প্রতিবাদ কেতিয়াও দেখা নাই, য’ত প্রতিবাদকাৰীসকলৰ ওচৰত সকলো ধৰণৰ সা-সুবিধা আছে,” আহমেদনগৰ জিলাৰ সংগমনেৰ তালুকৰ শিণ্ডোড়ি গাঁৱৰ পৰা অহা ৫৭ বছৰীয়া আদিবাসী কৃষক মথুৰা ৱাৰ্দেয়ে কয়। “তেওঁলোকে সকলো ব্যৱস্থা কৰি থৈছিল। আমি প্রতিবাদস্থলী পোৱাৰ লগে লগে আমাক কাজু, কাঠ বাদাম, পায়স আৰু এনে বহুতো বস্তু দিছিল। আমি নিজে এনেকুৱা বস্তু কিনিবলৈ দুবাৰ চিন্তা কৰিব লাগে। তেওঁলোকে আমাক গা ধুবলৈ গৰম পানীৰ ব্যৱস্থা কৰি দিছিল; গাত ল’বলৈ ডাঠ কম্বলো দিছিল। সেই সময়ত কম্বলকেইখনৰ খুবেই প্ৰয়োজন আছিল, আমাৰ কম্বলবোৰ ফাটিছিল।”

২০১৮ৰ মার্চৰ কৃষকৰ লং মার্চত অংশগ্রহণ কৰা মথুৰা তায়েও দুয়োটি প্রতিবাদৰ তুলনা নকৰাকৈ নোৱাৰিলে। “আমাৰ লগত নিয়া খোৱা বস্তুবোৰ আমি কেনেকৈ জুখি-মাখি ব্যৱহাৰ কৰিছিলোঁ মোৰ মনত আছে”, তেওঁ কয়। “আমি নাছিকৰ পৰা মুম্বাইলৈ সাত দিন ধৰি খোজ কাঢ়িছিলো। আমাৰ খোৱাবস্তুবোৰ যাতে সিমান দিনলৈ আঁটে তাৰ প্রতি ধ্যান দিব লগা হৈছিল। ইয়াত, প্রতিবাদকাৰীসকলক খুৱাবলৈ লানি নিচিগা লংগৰ বহি আছে। আমি যিমান ইচ্ছা সিমান খাব পাৰিছো।”

Mathura Barde (left): 'Never seen a protest like this'. Suresh Wartha (right): 'We wanted to show farmers are opposed to the laws outside of the northern states too'
PHOTO • Shraddha Agarwal
Mathura Barde (left): 'Never seen a protest like this'. Suresh Wartha (right): 'We wanted to show farmers are opposed to the laws outside of the northern states too'
PHOTO • Parth M.N.

মথুৰা ৱাৰ্দে (বাওঁহাতে): ‘এনেকুৱা প্রতিবাদ কেতিয়াও দেখা নাই’। সুৰেশ ৱাৰ্থা (সোঁহাতে): ‘আমি দেখুৱাব খুজিছিলোঁ যে উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ বাহিৰৰ কৃষকসকলো এই কৃষি আইনৰ বিৰুদ্ধে থিয় দিছে’

শ্বাহজাহানপুৰত কৃষিজীৱি শ্রেণীৰ মাজৰ একতা স্পষ্ট আছিল। কিন্তু দিল্লী সীমান্তৰ প্রতিবাদক এইধৰণে চহকী কৰি ৰখাৰ লগতে দিনক দিনে অধিক শক্তিশালী কৰি অনাৰ আঁৰত প্রতিবাদস্থলীত উপস্থিত নথকা বহুজনৰ সমর্থনো আছে।

২০১৮ৰ লং মার্চৰ আয়োজন কৰা এগৰাকী কৃষক নেতা অজিত নাৱালেই এই পাৰ্থক্যটো লক্ষ্য কৰি কয়, “লং মার্চ সাতদিনলৈ বর্তি আছিল।” তেওঁ কয়, “আমি প্রথম পাঁচটা দিন খাদ্য-সামগ্রীৰ বাবে সংগ্রাম কৰিছিলো। ষষ্ঠ দিনা মুম্বাইৰ দাঁতি কাষৰীয়া অঞ্চলত উপস্থিত হোবাৰ পাছত অনা-কৃষক লোকসকলে আমাক খোৱা বস্তু, পানী, ফল-মূল, বিস্কুট, ছেণ্ডেল আদিৰে সহায় কৰিছিল।”

অল ইণ্ডিয়া কিষান সভা (ভাৰতীয় কমিউনিষ্ট পার্টি, মাৰ্ক্সবাদীৰ লগত সংপৃষ্ট)ৰ সাধাৰণ সম্পাদক নাৱালে শ্বাহজাহানপুৰলৈ কৃষকৰ কনভয়ক নেতৃত্ব দিয়াসকলৰ মাজত অন্যতম। নাৱালেই আৰু কয়, “ৰাইজে হাত উজান দিব নে নিদিয়ে তাৰ ওপৰতে যি কোনো প্রতিবাদৰ আয়ুস নির্ভৰ কৰে। দিল্লীৰ কৃষক প্রতিবাদত ইয়াৰ উদাহৰণ। এয়া কেৱল কৃষকসকলৰ মাজত সীমাবদ্ধ হৈ থকা নাই। গোটেই সমাজখনে প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে।”

আৰু অলপ বহলাই কথাখিনি কোৱা নাবালেয়ে জনায় যে শ্বাহজাহানপুৰত তেওঁলোকৰ প্রথম নিশাটোত কেইগৰাকীমান অটোচালক আহি প্রতিবাদস্থলীত কম্বল, গৰম কাপোৰ, বান্দৰ টুপী আৰু অন্যান্য সামগ্রী দি থৈ যায়। “দিল্লীৰ শিখ সম্প্রদায়ৰ লোকসকলে মহাৰাষ্ট্রৰ পৰা শ্বাহজাহানপুৰলৈ কৃষক অহাৰ খবৰ পাই ধন সংগ্রহ কৰে আৰু এই সামগ্রীসমূহ দি পঠিয়ায়।”

এই সকলোবোৰ হনুমন্ত গুঞ্জালৰ অবিস্মৰণীয় স্মৃতি হৈ ৰ’ল। “এগালমান আশা বুকুত বান্ধি আমি গাঁৱলৈ উভতিলো”, তেওঁ কয়।

অনুবাদ: সৃষ্টি শ্রেয়ম

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Srishti Shreyam

Srishti Shreyam is an interdisciplinary artist based out of Mumbai. An erstwhile media person associated with various Assamese news channels, Srishti currently works as a freelance voice over artist and an Assamese language expert. She has published two collections of short stories in Assamese. Srishti is also a filmmaker. She has written and directed a short film.

Other stories by Srishti Shreyam