“এটা বছৰত আমাৰ বহুত ছাগলী-ভেড়া নাহৰফুটুকীয়ে খালে। সিহঁত ৰাতি আহে আৰু ছাগলী-ভেড়ী ধৰি লৈ যায়,” ভেড়াৰখীয়া গৌৰ সিং ঠাকুৰে কয়। স্থানীয় ভুটীয়া কুকুৰ চেৰুৱেও সিহঁতক ৰখাব নোৱাৰে, তেওঁ যোগ দিয়ে।

হিমালয়ৰ গংগোত্ৰী গিৰিমালাৰ ওখ ঠাই এটুকুৰাত আমি কথা পাতি আছো। উত্তৰকাশী জিলাৰ সৌৰা গাঁৱৰ সাতটা পৰিয়ালৰ পশুধন তেওঁ চৰাই ফুৰিছে। গৌৰ সিঙৰো ঘৰ একেখন গাঁৱতে, তাৰ পৰা ২,০০০ মিটাৰ তলত। তেওঁক বছৰটোৰ নটা মাহৰ বাবে পশুধনৰ চোৱা-চিতাৰ দায়িত্ব দিয়া হৈছে। বতাহ-বৰষুণ, তুষাৰপাত নেওচি তেওঁ ওলাই যাবই লাগিব আৰু গন্তি ঠিক ৰাখিবই লাগিব।

“ইয়াত প্ৰায় ৪০০ ভেড়া আৰু ১০০ টা ছাগলী আছে,” ৪৮ বছৰ বয়সীয়া আন এগৰাকী ভেড়াৰখীয়া হৰদেৱ সিং ঠাকুৰে পাহাৰখনৰ ওপৰত সিঁচৰতি হৈ থকা ছাগলী-ভেড়াকেইটালৈ চাই কয়। “তাতোকৈ হয়তো বেছিও থাকিব পাৰে,” সঠিক সংখ্যা নিশ্চিতকৈ হৰদেৱে ক’ব পৰা নাই। হৰদেৱে যোৱা ১৫ দিন ধৰি এই কাম কৰি আহিছে। “কিছুমান ভেড়াৰখীয়াই দুসপ্তাহ থাকি গুছি যায়, আমাৰ দৰে কিছুমান থাকি যায়,” তেওঁ বহলাই কয়।

অক্টোবৰ মাহ। উত্তৰাখণ্ডৰ গাৰ্হাৱাল হিমালয় পৰ্বতৰ গংগোত্ৰী গিৰিমালাৰ চুলি টপ নামৰ ওখ ঠাইখনৰ ঘাঁহনিৰ ওপৰেৰে হাড় কঁপোৱা জাৰত বতাহ বলিছে। পুৰুষবোৰে জন্তুবোৰৰ মাজেৰে ঠেলা-হেঁচা কৰি গাত ব্লেংকেট মেৰিয়াই আগবাঢ়িছে। এইখন ভাল ঘাঁহনি, নিজৰাবোৰ যিটো বৰফ গলা জলাশয়ৰ পৰা নামি আহিছে, ওপৰৰ সেই জলাশয়টো ছাগলী-ভেড়াৰ কাৰণে পানীৰ ভাল উৎস। শিলৰ মাজেৰে ই তললৈ সৰ্পিল গতিৰে নামি আহিছে আৰু ২,০০০ মিটাৰ তলত ভাগিৰথী নদীৰ উপনৈ ভিলাংগনাত মিলিছে।

Guru Lal (left), Gaur Singh Thakur, and Vikas Dhondiyal (at the back) gathering the herd at sundown on the Gangotri range
PHOTO • Priti David

গংগোত্ৰীত বেলি লহিয়াইছে , ছাগলী - ভেড়াৰ জাকটো চপোৱাৰ সময়ত গুৰু লাল ( বাওঁফালে ), গৌৰ সিং ঠাকুৰ আৰু বিকাশ ধন্দিয়াল ( পিছফালে )

Sheroo, the Bhutia guard dog, is a great help to the shepherds.
PHOTO • Priti David
The sheep and goats grazing on Chuli top, above Saura village in Uttarkashi district
PHOTO • Priti David

বাওঁফালে : জাকটো চম্ভালাত চেৰু নামৰ পহৰাদাৰী ভুটিয়া কুকুৰটো বহুত কামত আহে সোঁফালে : উত্তৰকাশী জিলাৰ সৌৰা গাঁৱৰ ওখ ঠাই চুলি টপত ছাগলী আৰু ভেড়াবোৰ চৰিছে

ওখ পাহাৰত এনেকৈ ছাগলী-ভেড়া চৰোৱা কামটো বিপজ্জনক। ওপৰৰ শাৰী শাৰী গছ আৰু ডাঙৰ ডাঙৰ শিলাখণ্ডৰ পিছফালে দুঠেঙীয়া আৰু চাৰিঠেঙীয়া কোন চিকাৰী লুকাই আছে ধৰিব নোৱাৰি। তাৰোপৰি শীতত নাইবা বেমাৰত পৰিও ছাগলী আৰু ভেড়া মৰিব পাৰে। “আমি টেণ্টতে থাকো আৰু ছাগলী-ভেড়াবোৰ আশে-পাশে চৰি ফুৰে। আমাৰ লগত দুটা কুকুৰ আছে। কিন্তু নাহৰফুটুকী বাঘে ভেড়া আৰু ছাগলীৰ পোৱালী চিকাৰ কৰে,” হৰদেৱে কয়। জাকটোৰ ৫০ টা ভেড়া তেওঁৰ, ৪০টা মান গৌৰ সিঙৰ।

দুজন ভেড়াৰখীয়া আৰু তেওঁলোকৰ সহায়কাৰী দুজন পুৱা ৫ বজাতে উঠিছে, বেবাই থকা ছাগলী-ভেড়াৰ জাকটোক লাহে লাহে খেদি পাহাৰৰ ওপৰলৈ নিছে। চেৰুৱে বহুত সহায় কৰে, সকলোৱে যাতে খাবলৈ পায়, তাৰবাবে সি ভেড়াৰ জাকবোৰ থূপ লাগিলে মাজে মাজে ভাঙি দিছে।

সেউজীয়া ঘাঁহনিৰ সন্ধানত জাকটোৱে এদিনত ২০ কিলোমিটাৰ পৰ্য্যন্ত চৰে, কেতিয়াবা তাতোকৈয়ো বেছি। উচ্চতা বাঢ়িলে ঘাঁহবোৰ সাধাৰণতে বৰফৰ তলত লুকাই পৰে। কিন্তু এনেদৰে পানীৰ সোঁত থকা ঘাঁহনি বিচাৰি পোৱাটো প্ৰত্যাহ্বান হৈ পৰে। ঘাঁহনিৰ সন্ধানত ভেড়াপালকসকলে প্ৰায়ে উত্তৰে ১০০ কিলোমিটাৰ পৰ্য্যন্ত যায়, একেবাৰে ভাৰত-চীন সীমান্ত পায়গৈ।

Guru Lal, Gaur Singh Thakur, Vikas Dhondiyal and their grazing sheep on the mountain, with snowy Himalayan peaks in the far distance
PHOTO • Priti David

পৰ্বতৰ ওপৰত ছাগলী আৰু ভেড়াৰ জাকটো চৰাই থকা অৱস্থাত গুৰু লাল , গৌৰ সিং ঠাকুৰ আৰু বিকাশ ধন্দিয়াল , দূৰৈত বৰফাবৃত পৰ্বতৰ শিখৰ

পুৰুষবোৰে সৰু সৰু টেণ্ট পাতি থাকে আৰু কিছুমানে চান্নি সাজি লয়। চান্নি মানে শিলৰ ঘেৰাও থকা ঠাইৰ ওপৰভাগ প্লাষ্টিকেৰে ঢাকি লৈ কৰা আশ্ৰয়স্থল। চৰণীয়া পথাৰৰ সন্ধানত তেওঁলোকে যিমানেই ওপৰলৈ উঠে, সিমানেই গছবোৰ পাতল হৈ আহে আৰু তেওঁলোকে খাদ্য ৰান্ধিবলৈ বুলি খৰি আনিবলৈ তললৈ-ওপৰলৈ অহা-যোৱা কৰি থাকিবলগীয়া হয়।

“আমি বছৰত প্ৰায় নমাহ সময় ঘৰৰ পৰা আঁতৰত থাকো। আমি ইয়ালৈ (চুলি টপ) অহাৰ আগতে গংগোত্ৰীৰ কাষৰ হাৰ্ছিলত ছমাহৰ বাবে থাকো; এতিয়া আমি ইয়াত থকা দুমাহ হ’ল। ইয়াত বহুত শীত পৰিছে, সেয়ে আমি এতিয়া তললৈ নামিম,” উত্তৰকাশীৰ ভাটৱাৰি ঝিলাৰ সৌৰাৰ কাষৰ জামলো’ৰ বাসিন্দা হৰদেৱে কয়। সৌৰাত তেওঁৰ এক বিঘাতকৈ অলপমান কম মাটি আছে। তেওঁৰ পত্নী আৰু ল’ৰা-ছোৱালীয়ে সেইখিনি চম্ভালে। তাত তেওঁলোকে নিজে খাবৰ বাবে ধান আৰু ৰাজমাৰ খেতি কৰে।

শীতৰ তিনিটা মাহত যেতিয়া বৰফ পৰা কাৰণে চলা-ফিৰা কৰা মস্কিল হৈ পৰে, জাকটোৰ লগতে ভেড়াৰখীয়াসকলে তেওঁলোকৰ নিজৰ গাওঁখনৰে আশে-পাশে থাকিবলৈ লয়। মালিকে নিজৰ ভেড়া, ছাগলী যি আছে তাৰে হিচাপ লয়। মালিকে সংখ্যা কমা যেন পালে সেই পইচা ভেড়াৰখীয়াজনক মাহে দিয়া ৮,০০০-১০,০০০ টকাৰ পৰা কাটি ৰাখে। ভেড়াৰখীয়াসকলৰ সহায়কসকলক সাধাৰণতে পইচাৰ পৰিৱৰ্তে ৫ৰ পৰা ১০ টা ছাগলী বা ভেড়া দিয়া হয়।

Crude stone dwellings called channi, mostly used for cattle, are found across the region.
PHOTO • Priti David
The herders (from left): Hardev Singh Thakur, Guru Lal, Vikas Dhondiyal and Gaur Singh Thakur, with Sheroo, their guard dog
PHOTO • Priti David

বাওঁফালে : শিলৰ ঘেৰাও কৰি ওপৰত প্লাষ্টিক তৰি সজা আশ্ৰয়স্থল , চান্নি বুলি কোৱা এই ঘৰ অঞ্চলটোত গৰু - হৰ কাৰণে ব্যৱহাৰ কৰা হয় সোঁফালে : ভেড়াৰখীয়াসকল ( বাওঁফালৰ পৰা ): হৰদেৱ সিং ঠাকুৰ , গুৰু লাল , বিকাশ ধন্দিয়াল আৰু গৌৰ সিং ঠাকুৰ , লগত আছে তেওঁলোকৰ পহৰাদাৰী কুকুৰ চেৰু

এটা ছাগলী বা ভেড়া সৰু চহৰত ১০,০০০ টকাত বিক্ৰী হয় আৰু জিলা সদৰ উত্তৰকাশীতো সিমানেই দাম পোৱা যায়। “চৰকাৰে (কৰ্তৃপক্ষই) আমাৰ বাবে কিবা কৰিব পাৰে, আমাৰ ছাগলী-ভেড়া বিক্ৰীৰ বাবে তেওঁলোকে স্থায়ী স্থান নিৰ্মাণ কৰিব পাৰে। তেতিয়া আমি ভাল দাম পাব পাৰিম,” শীতত ঠেঁটুৱৈ ধৰা গৌৰ সিঙে কয়। জ্বৰ উপশম ঘটোৱাৰ বাবে তেওঁলোকে সেইবাটে যোৱা মানুহৰ পৰা টেবলেটৰ আশা কৰিবলগীয়া হয়। তাত চিকিৎসাৰ সুবিধা নাই।

“মই এই কামৰ বাবে হিমাচল প্ৰদেশৰ পৰা ২,০০০ৰো বেছি কিলোমিটাৰ বাট খোজকাঢ়ি আহিছো,” ভেড়াৰখীয়াসকলৰ সহায়ক হিচাপে কাম কৰা চিমলা জিলাৰ দদ্ৰা-ৱাৰ টেহচিলৰ ৪০ বছৰ বয়সীয়া গুৰু লালে কয়। “মোৰ গাঁৱত একো কাম পাবলৈ নাই।” নমাহ কাম কৰি এই দলিত সম্প্ৰদায়ৰ লালে ১০ টা ছাগলী পাৰিশ্ৰামিক হিচাপে পাব। তেওঁ সেয়া বিক্ৰী কৰিব নাইবা তেওঁৰ পত্নী আৰু ১০ বছৰীয়া ল’ৰাটো থকা ঘৰলৈ ঘূৰি গৈ সেয়া প্ৰতিপাল কৰিব।

কৰ্মৰ অভাৱতে হৰদেৱ সিঙে ভেড়াৰখীয়াৰ কাম কৰিবলৈ বাধ্য হৈছিল। “আমাৰ গাঁৱৰ মানুহে হোটেলত কাম কৰিবলৈ মুম্বাইলৈ যায়। পাহাৰত খুব শীত পৰে, নাইবা বৰষুণ দি থাকে। কোনেও এই কাম কৰিব নিবিচাৰে - দিন হাজিৰাতকৈ এই কাম আৰু বেছি কঠিন। কিন্তু দিনহাজিৰা পাব ক’ত?” তেওঁ প্ৰশ্ন কৰে।

The shepherds at work, minding their animals, as the sun rises on the Gangotri range in the background
PHOTO • Priti David

গংগোত্ৰী পৰ্বতমালাত ভেড়াৰখীয়াসকল ; সূৰ্য্য উদয় হোৱাৰ লগে লগে তেওঁলোকৰ কাম আৰম্ভ হয়

এই প্ৰতিবেদন প্ৰস্তুতিত সহায় আগবঢ়োৱা অঞ্জলি ব্ৰাউন আৰু সন্ধ্যা ৰামলিংগমক প্ৰতিবেদকে ধন্যবাদ জ্ঞাপন কৰিছে

অনুবাদ: পংকজ দাস

Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das