ওচৰতে থকা এপাৰ্টমেণ্টবিলাকৰ পৰা সমিতাৰ ঘৰলৈ কাপোৰৰ টোপোলাবিলাক অনা-নিয়া বন্ধ হৈ পৰিল। ৱাড়া চহৰৰ অশোকবন এপাৰ্টমেণ্টৰ চৌহদত থকা পৰিয়ালবিলাকৰ নানা ধৰণৰ কাপোৰ দুমাহৰ আগলৈকে সদায় পুৱা সমিতাই নিয়মীয়াকৈ লৈ আহিছিল। এই চহৰৰে ভানুশালি পাৰাত থকা নিজৰ ঘৰলৈ প্ৰায় দুই কিলোমিটাৰ দূৰ বাট সমিতাই কাপোৰবিলাক মূৰত বা হাতত লৈ আহে। ঘৰত কাপোৰবিলাক ইস্ত্ৰী কৰি ভালকৈ ভাঁজ দি জাপি একেদিনাই সন্ধিয়া পুনৰ সেই পৰিয়ালবিলাকক গতাই দিয়ে।

তলাবন্ধ আৰম্ভ হোৱাৰ পৰা মই একেবাৰে কাম নোপোৱা হ’লো, ৩২ বছৰীয়া সমিতা ম’ৰেই ইস্ত্ৰী কৰিবলগীয়া কাপোৰবিলাক দেখুৱাই কয়। ২৪ মাৰ্চত তলাবন্ধ ঘোষণা কৰাৰ সময়লৈকে দৈনিক কমেও চাৰিঘৰৰ কাপোৰ ইস্ত্ৰীৰ কাম পাইছিল। এতিয়া সপ্তাহত এটা বা দুটা কাম পাবলৈ ধৰিছে। দৈনিক ১৫০-২০০ টকাৰ উপাৰ্জন গুছি এপ্ৰিল মাহত সপ্তাহত ১০০ টকা হৈছে, কামিজ বা লংপেণ্ট আদিৰ ক্ষেত্ৰত একোটাত পাঁচ টকা আৰু শাড়ী ইস্ত্ৰী কৰিলে এখনত ৩০ টকাকৈ লৈছিল। ‘এই সামান্য উপাৰ্জনেৰে মই কেনেকৈ জীয়াই থাকিম?’ তেওঁ কয়।

সমিতাৰ স্বামী ৪৮ বছৰীয়া সন্তোষে অটোৰিক্সা চলাইছিল। কিন্তু এদিন ৱাড়াৰ ওচৰতে টেম্পো চলাই গৈ থাকোতে কোনোবাই শিলগুটি মাৰি দিয়াৰ ফলত ২০০৫ চনত তেওঁ এটা চকুৰ দৃষ্টিশক্তি হেৰুৱায়। ‘মই কাপোৰ ইস্ত্ৰী কৰি পত্নীক সহায় কৰি দিও, কাৰণ মই কৰিবপৰা আন কাম নাই। প্ৰতিদিনে কমেও চাৰি ঘণ্টাকৈ কাপোৰ ইস্ত্ৰী কৰিবলৈ থিয় হৈ থকাৰ ফলত মোৰ ভৰিৰ বিষ হয়,’ তেওঁ কয়।

১৫ বছৰ ধৰি সন্তোষ আৰু সমিতাই কাপোৰ ইস্ত্ৰী কৰি আহিছে। ‘তেওঁৰ দুৰ্ঘটনাৰ পিছত আমাক খাবলৈ আৰু ল’ৰাদুটাক স্কুললৈ পঠাবলৈ টকা লাগে, তেতিয়া মই এইটো আৰম্ভ কৰিলো। কিন্তু এই তলাবন্ধ আমাৰ বাবে অতি বেয়া,’ সমিতাই কয়। যোৱা কেইটামান সপ্তাহত পৰিয়ালটোৰ সামান্য সাঁচতীয়া টকাকেইটাও শেষ হ’ল আৰু খাদ্যসামগ্ৰী কিনিবলৈ আৰু মাহে কমেও ৯০০ টকাৰ বিদ্যুতৰ মাচুল দিবলৈ সম্পৰ্কীয় লোকৰ পৰা ৪০০০ টকা ধাৰে ল’বলগা হৈছে।

Santosh and Samita More have been ironing clothes for 15 years; they have used up their modest savings in the lockdown weeks and borrowed from relatives
PHOTO • Shraddha Agarwal
Santosh and Samita More have been ironing clothes for 15 years; they have used up their modest savings in the lockdown weeks and borrowed from relatives
PHOTO • Shraddha Agarwal

১৫ বছৰ ধৰি সন্তোষ আৰু সমিতাই কাপোৰ ইস্ত্ৰী কৰা কাম কৰি আহিছেঃ তলাবন্ধৰ সময়ত তেওঁলোকে সাঁচতীয়া ধনখিনিও শেষ কৰিলে আৰু এতিয়া পৰিয়ালৰ আন লোকৰ পৰা টকা ধাৰলৈ লৈছে

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাড়া চহৰৰ একেটা ৰাস্তাতে সমিতাৰ দৰে ৪৫ বছৰীয়া অনিতা থাকে। তেঁৱো কাপোৰ ইস্ত্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। ‘৬ বছৰৰ আগতে যেতিয়া মোৰ স্বামীৰ বিয়োগ ঘটে, তেতিয়াও মই যেনেতেনে চলি আছিলো। কিন্তু এই তলাবন্ধৰ সময়ত আমাৰ উপাৰ্জনৰ পথ সম্পূৰ্ণ বন্ধ হৈ পৰিল,’ তেওঁ কয়। একাংগীৰ আঘাতৰ পিছত অনিতাৰ স্বামী ৪০ বছৰীয়া আশোকৰ মৃত্যু হৈছিল।

ইস্ত্ৰী কৰা কামত সহায় কৰি দিয়া ১৮ বছৰীয়া পুত্ৰ ভূষণৰ সৈতে অনিতা থাকে। ‘মোৰ স্বামী, তেওঁৰ পিতৃ আৰু তেওঁৰ ককাদেউতাকে এই কাম কৰিছিল,’ অনিতাই কয়। অনিতাহঁত অনান্য পিছপৰা শ্ৰেণী (ও.বি.চি.)ৰ অন্তৰ্ভূক্ত পাৰীত জাতিৰ, তেওঁলোক ধোবি হিচাপে তালিকাভূক্ত। (ইয়াত উল্লেখিত আনটো পৰিয়াল মাৰাঠা, তেওঁলোক অনান্য পিছপৰা শ্ৰেণীৰ লোক)। ‘কাপোৰ ইস্ত্ৰী কৰোতে দিনে পাঁচ-ছয় ঘণ্টাকৈ থিয় হৈ থকাৰ ফলত ভৰি ফুলি যায়। তেতিয়াৰে পৰা মই কাম কৰি আছো, চহৰখনত মই নিজে কাম বিচাৰি আনো আৰু ঘৰত কাপোৰবিলাক দি আহো,’ ৱাড়াৰ এখন কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা ভূষণে কয়।

‘বিবাহ-সাবহৰ মাহকেইটাত (এপ্ৰিলৰ পৰা জুনলৈ) শাড়ী আৰু আন কাপোৰ (ছেলোৱাৰ-কামিজ)ৰ বহুত কাম পাওঁ, সেইবিলাক ইস্ত্ৰী কৰিব লাগে। কিন্তু এই ভাইৰাছৰ কাৰণে বিবাহ উৎসৱবোৰ বাতিল কৰা হ’ল।’ মুক্ত নৰ্দমাৰ কাষৰ এটা সংকীৰ্ণ পথৰ কাষত এটা মাত্ৰ কোঠাৰ বাবে ১৫০০ টকা ভাড়া দি থকা অনিতাই কয়। ‘যোৱা বছৰ দৈনন্দিন খৰছৰ বাবে মই মোৰ ভনীৰ পৰা অলপ টকা ধাৰলৈ আনিছিলো।’ তেওঁ কয়। তদুপৰি অশোকৰ একাংগী হোৱাৰ পিছতো তেওঁ ভনীয়েকৰ পৰা অলপ টকা অশোক ছয় বছৰৰ আগতে চিকিৎসাধীন হোৱাৰ সময়ত ধাৰলৈ লৈছিল। ‘এই মাহত টকাখিনি ঘূৰাই দিম বুলি কৈছিলো, কিন্তু আমাৰ ব্যৱসায় নোহোৱা হ’ল। এতিয়া তাইক মই কেনেকৈ টকা পৰিশোধ কৰিম?,’ অনিতাই প্ৰশ্ন কৰে।

এপ্ৰিলৰ পৰা জুন মাহৰ সময়খিনিত বেছিকৈ কাম পাব বুলি একেটা ঠাইতে থকা ৪৭ বছৰীয়া অনিল ডুৰগুড়ে মনতে ভাবি থৈছিল। সোঁভৰিখন ফুলি যোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰিবলৈ তেওঁক টকাৰ দৰকাৰ। ‘দুবছৰৰ আগৰে পৰা মোৰ ভৰিখন ফুলি থাকিবলৈ ধৰিলে। ৱাড়া চহৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত এই অস্ত্ৰোপচাৰ কৰিবলৈ ৭০,০০০ টকা লাগিব,’ তেওঁ কয়।

‘কিন্তু তলাবন্ধৰ কাৰণে মোৰ ব্যৱসায় বন্ধ হৈ আছে,’ অনিলে কয়। তেওঁ ভৰিখন অনবৰতে বিষায় থাকে। ‘কাপোৰ ইস্ত্ৰী কৰোতে দৈনিক ছয় ঘণ্টা সময় মই থিয় হৈ থাকিব লাগে। মোৰ চাইকেল নাই, সেয়ে মোৰ গ্ৰাহকসকলে তেওঁলোকৰ কাপোৰ মোক ঘৰতে দি যায়। তেওঁলোকক সময় দিও, সেইমতে তেওঁলোক আহি কাপোৰবিলাক লৈ যায়,’ অনিলে কয়। তলাবন্ধৰ আগতে অনিলে মাহে ৪০০০ টকা উপাৰ্জন কৰিছিল। যোৱা দুটা মাহত তেওঁ মাহে ১০০০ বা ১৫০০ টকা উপাৰ্জন কৰিছে, তেওঁৰ হাতত থকা জমা টকাও শেষ হ’বলৈ ধৰিলে।

Left: Anita Raut, son Bhushan (centre) and nephew Gitesh: 'Our [ironing] business has shut down'. Right: Anil and Namrata Durgude: 'We are losing our daily income'
PHOTO • Shraddha Agarwal
Left: Anita Raut, son Bhushan (centre) and nephew Gitesh: 'Our [ironing] business has shut down'. Right: Anil and Namrata Durgude: 'We are losing our daily income'
PHOTO • Shraddha Agarwal

বাওঁফালেঃ অনিতা ৰাউট, পুত্ৰ ভূষণ (মাজত) আৰু ভতিজা গীতেশঃ ‘আমাৰ ইস্ত্ৰী কৰা কাম বন্ধ হৈ পৰিছে,’ সোঁফালেঃ অনিল আৰু নম্ৰতা ডুৰগুড়েঃ ‘আমাৰ দৈনিক উপাৰ্জন নোহোৱা হ’ল’

‘ইস্ত্ৰীৰ পৰা ওলোৱা তাপ মোৰ পত্নী নম্ৰতাই সহ্য কৰিব নোৱাৰে। তেওঁ ঘৰৰ সকলো কাম কৰে আৰু আমি পোৱা কামবিলাকৰ হিচাপ ৰাখে। আমাৰ সন্তান নাই, কিন্তু প্ৰয়াত ভাতৃৰ দুটা ল’ৰাৰ দায়িত্ব আমাৰ ওপৰত। এটা দুৰ্ঘটনাত মোৰ সৰু ভাইৰ মৃত্যু হৈছিল,’ অনিলে কয়। ল’ৰা দুটাৰ মাকে কাপোৰ চিলাই মাহে প্ৰায় ৫০০০ টকা উপাৰ্জন কৰিছিল যদিও তলাবন্ধৰ ফলত কাম নোপোৱা হ’ল। ‘তলাবন্ধৰ কাৰণ আমি একেবাৰে বুজি পোৱা নাই আৰু আগৰ অৱস্থা কেতিয়া ঘূৰি আহিব, সেয়াও নাজানো,’ অনিলে কয়। ‘মাত্ৰ ইমানকে জানিছো যে আমি আমাৰ দৈনন্দিন উপাৰ্জন হেৰুৱালো।’

তলাবন্ধই সুনীল পাটিলৰ উপাৰ্জনৰো ক্ষতি কৰিলে। ২৫ মাৰ্চৰ আগলৈকে তেওঁ কাপোৰ ইস্ত্ৰী কৰি দৈনিক প্ৰায় ২০০ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল আৰু ‘মহালক্ষ্মী কিৰণ এণ্ড জেনেৰেল ষ্ট’ৰ’ নামৰ সৰু দোকান এখন চলাই দাইল, চাউল, তেল, বিস্কুট, চাবোন তথা আন সামগ্ৰী বিক্ৰি কৰি তাৰ পৰাও ৬০০ টকা উপাৰ্জন কৰিছিল। ‘এতিয়া মোৰ দৈনিক উপাৰ্জন ১০০-২০০ টকালৈ নামি আহিল,’ তেওঁ কয়।

২০১৯ৰ অক্টোবৰত পত্নী অঞ্জু আৰু তিনি সন্তানসহ সুনীলে ৱাড়ালৈ অহাৰ আগতে দৈনিক ১৫০ টকা মজুৰীত গেলামালৰ দোকান এখনত সহায়ক হিচাপে কাম কৰিছিল। ‘মোৰ বাইদেৱে ৱাড়াত থকা এই দোকানখনৰ কথা ক’লে, মই তেওঁৰ পৰা ৬ লাখ টকা ধাৰলৈ ল’লো আৰু এই দোকানখন কিনি ল’লো,’ তেওঁ কয়। নিজৰ দোকান এখন কিনি লোৱা এটা ডাঙৰ কাম আছিল, পৰিয়ালটোৰ বাবে বহুত আশা কৰিছিলো।

দোকানৰ বাহিৰত কাপোৰ ইস্ত্ৰী কৰিবলৈ সুনীলে এখন টেবুলৰ ব্যৱস্থা কৰিলে, তলাবন্ধৰ আগতে তেওঁ চাৰি-পাঁচজন গ্ৰাহকৰ কাম পাইছিল। ‘ইস্ত্ৰীৰ পৰা এটা নিৰ্দিষ্ট উপাৰ্জন হয় কাৰণেই মই এইটো কাম কৰিবলৈ লওঁ; দোকানখন আছে, কেতিয়াবা উপাৰ্জন হয়, কেতিয়াবা নহয়।’

‘কাপোৰ ইস্ত্ৰী কৰি মই স্বামীক সহায় কৰিব বিচাৰো, কিন্তু মই যদি দুঘণ্টাৰ বেছি থিয় হৈ থাকো, মোৰ পিঠিৰ বিষ হ’বলৈ ধৰে। সেই কাৰণে মই দোকান চলাও। এতিয়া আমি দোকান মাত্ৰ ৩ ঘণ্টাৰ কাৰণে খুলিব পাৰো (পুৱা ৯ বজাৰ পৰা দুপৰীয়ালৈ)। আজি মাত্ৰ পাৰ্লে-জি বিস্কুটৰ পেকেট দুটা বিক্ৰী কৰিছো। গ্ৰাহক আহিলেও আমি তেওঁলোকক কি বিক্ৰী কৰিম? আপুনি দেখিছেই, আমাৰ দোকান খালি।’ ৪৮ বছৰ বয়সীয়া অঞ্জুৱে কয়। তলাবন্ধৰ আগৰে পৰা মহালক্ষ্মী দোকানত বস্তু কম আছিল। জমা সামগ্ৰী সেৰেঙা হৈ পৰিছিল। ‘দোকানত বস্তু জমা কৰিবলৈ টকা নাই,’ সুনীলে কয়।

তেওঁলোকৰ ২৩ বছৰীয়া জীয়ৰী সুৱিধাই ৱাড়া চহৰত ল’ৰা-ছোৱালীৰ ঘৰুৱা শিক্ষকতা কৰি মাহে উপাৰ্জন কৰা ১২০০ টকাৰ বাটো এতিয়া বন্ধ। স্কুলবিলাক বন্ধ হৈ আছে। ‘তলাবন্ধৰ কাৰণে আমি সুৱিধাৰ এই এপ্ৰিলত হ’বলগা বিয়াৰ বন্দৱস্তিও পিচুৱাব লাগিব। ‘বিয়াৰ খৰছৰ বাবদ ৫০,০০০ টকা নিদিলে বাগদান অনুষ্ঠান বাতিল কৰিব বুলি দৰাৰ দেউতাকে আমাক ভাবুকি দিছে, তলাবন্ধৰ বাবে তেওঁৰো বহুত লোকচান হৈছে,’ সুনীলে কয়।

ৱাড়া চহৰত তেওঁলোকৰ ৰেচন কাৰ্ড গ্ৰহণ নকৰে, সেয়ে তেওঁলোকে চাউল-আটা খোলা বজাৰৰ পৰা ক্ৰয় কৰে। কিন্তু নিয়মীয়া উপাৰ্জন হৈ থাকোতে সেয়া সম্ভৱ হৈছিল

ভিডিঅ’টো চাব পাৰেঃ ‘আজি খাবলৈ আছে, কিন্তু কাইলৈ বুলি একো নাই’

তেওঁলোকৰ আন দুই পুত্ৰ ২১ বছৰীয়া অংকিত আৰু ২৬ বছৰীয়া সজনেও কাম বিচাৰিছে। ‘ভিৱাণ্ডিৰ কেমেৰা মেৰামতি কৰা এখন দোকানত মোৰ ডাঙৰটো ল’ৰাই কাম কৰিছিল, কিন্তু সেই ব্যৱসায় (তলাবন্ধৰ আগতে) বন্ধ হ’ল। অংকিতে স্নাতক পাঠ্যক্ৰম শেষ কৰিছে,’ সুনীলে কয়। ‘মাজে-সময়ে অতিমাত্ৰা মানসিক চাপৰ কাৰণে আত্মহত্যাৰ ভাৱ মনলৈ আহে, কিন্তু তেতিয়া ভাৱো যে আমি সকলো দেখোন একে নাৱৰে যাত্ৰী। আমাৰ ঠিক কাষতে থকা চুলি কটা নাপিতজনে বহুদিন একো উপাৰ্জন কৰিব পৰা নাই। সেয়ে কেতিয়াবা মই মোৰ দোকানত থকা বিস্কুট, দাইল তেওঁক দিও।’

ভিৱাণ্ডিত পঞ্জীয়ন কৰা কাৰণে পাটিল পৰিয়ালৰ ৰেচন কাৰ্ডখন ৱাড়াত প্ৰযোজ্য নহয়। ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি.ডি.এছ.)ৰ অধীনত আটা প্ৰতি কিলোত ২ টকা আৰু চাউল প্ৰতি কিলোত ৩ টকাকৈ তেওঁলোকে পালেহেঁতেন। ইয়াৰ পৰিৱৰ্তে, সুনীলে কয়, ‘মই বজাৰৰ পৰা প্ৰতি কিলো আটা ২০ টকা আৰু প্ৰতি কিলো চাউল ৩০ টকা দামত কিনিবলগা হৈছে।’ তেওঁলোকৰ উপাৰ্জন ভাল হৈ থাকোতে, বজাৰৰ পৰা বেছি দামত বস্তু ক্ৰয় কৰা সম্ভৱ হৈছিল। ‘এতিয়া দোকানৰ পৰা অলপ উপাৰ্জন হোৱাৰ পিছত সপ্তাহত এবাৰ মাত্ৰ অলপ ৰেচন কিনিব পাৰো। দোকানত বিক্ৰী হ্ৰাস পোৱাৰ পিছত এতিয়া আমি গোটেই দিনটোত মাত্ৰ এসাজ আহাৰ খাও।’ সুনীলে চকুৰ পানী টুকি কয়।

তলাবন্ধৰ ফলত আন পৰিয়ালবিলাকৰ অৱস্থাও তথৈৱচ। ১ এপ্ৰিলৰ পৰা অনিতাই ওচৰৰ এটা বিল্ডিঙৰ ঘৰুৱা কাম কৰিবলৈ ধৰিছে। ইয়াৰ পৰা মাহে ১০০০ টকা পাব। ‘মই যদি কামলৈ যাব নোৱাৰো, আমি লঘোণে থাকিব লাগিব। মই পুৰণি কাপোৰৰ পৰা এখন মাস্ক তৈয়াৰ কৰি লৈছো। কাম কৰিবলৈ যাওতে সেইখন পিন্ধি যাও।’

এপ্ৰিল আৰু মে’ মাহত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত অনিতা আৰু সমিতাহঁতৰ দুয়োটা পৰিয়ালে ৫০০ টকাকৈ পাইছিল। আৰু মে’ মাহত (এপ্ৰিলত পোৱা নাই) দুয়োটা পৰিয়ালে প্ৰতিজন ব্যক্তিৰ বাবদ বিনামূলীয়াকৈ পাঁচ কিলোকৈ চাউল পাইছিল, ৰেচন কাৰ্ডৰ পৰাও প্ৰতিজন ব্যক্তিৰ বাবদ ৫ কিলোকৈ পাইছিল। সমিতাই কাম পালে অলপ-অচৰপ কাপোৰ ইস্ত্ৰী কৰে। ‘তলাবন্ধৰ সময়ত কোনেও চাৰ্ট-পেণ্ট পিন্ধা নাই, কোনোবাই মাতিলে মই যাম। ল’ৰা দুটাই মোক ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে, কিন্তু সিহঁতে নাজানে যে চলিবলৈ আন উপায় নাই। সিহঁতৰ কাৰণেই মই উপাৰ্জন কৰিব লাগিব,’ সমিতাই কয়।

ল’ৰাটোৱে ইউটিউব ভিডিঅ’ত ‘কেনেকৈ হাত ধুব লাগে’ সেইমতে নিয়ম মানি কাপোৰ অনাৰ পিছত আৰু দি ঘৰলৈ অহাৰ পিছত তেওঁ চাবোনেৰে হাত ধোৱে।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল মুম্বাইৰ চোফীয়া মহাবিদ্যালয়ৰ ছচিয়েল কমিউনিকেচনচ্ মিডিয়া (এছচিএম) বিভাগৰ ডিপ্লমাধাৰী। শ্ৰদ্ধা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ সমল সমন্বয়ক।

Other stories by Shraddha Agarwal