“আমি আজি দাবী প্ৰত্যাহাৰ নকৰো,” টুকাৰাম ৱালাৱিয়ে কয়। “এইখন চৰকাৰে আমাক আক্ৰমণ কৰিছে। আমি বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থকা ১০ একৰ কৃষিভূমি যদি দিবলৈ কোৱা হয়, তেওঁলোকে আমাক মাত্ৰ ১০ গুণ্টা (এক একৰৰ চাৰিভাগৰ এভাগ) দিব। আমি যদি ৫ একৰৰ কথা কওঁ, তেওঁলোকে আমাক তিনি গুণ্টা দিব। মাটি নহ’লে আমি কেনেকৈ খাম? আমাৰ টকা নাই, কাম নাই আৰু আহাৰ নাই।”

পালঘৰ জিলাৰ ৱাড়া তালুকৰ গড়গাওঁ গাঁৱৰ এক চুবুৰীত তিনি একৰ কৃষিভূমিৰ খেতিয়ক তথা ৱাৰ্লি আদিবাসী সম্প্ৰদায়ৰ ৬১ বছৰীয়া ৱালাৱি পালঘৰৰ বিভিন্ন গাঁৱৰ পৰা অহা ৩,০০০ কৃষক আৰু কৃষি শ্ৰমিকৰ (আনুমানিক হিচাপ) চলিত সপ্তাহৰ প্ৰতিবাদত উপস্থিত আছিল, অধিকাংশ প্ৰতিবাদী কৃষক শ্ৰমিক ৱাৰ্লি সম্প্ৰদায়ৰ লোক।

২৬ নৱেম্বৰত একেলগে, ২৭ ছেপ্টেম্বৰত গৃহীত হোৱা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে ৱাড়াৰ খান্দেশ্বৰী নাকাত পথ অৱৰোধ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছিল। “আইনকেইখনৰ লক্ষ্য দেশৰ কৃষিৰ পৰিৱৰ্তন ঘটোৱা আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা।” চৰকাৰে এইদৰে দাবী কৰিছে। চৰকাৰে নতুন আইনৰ দ্বাৰা কৃষিক্ষেত্ৰক ব্যক্তিগত খণ্ডৰ গোলকীয় বজাৰৰ আগত উন্মোচিত কৰিব বিচাৰিছে। ছেপ্টেম্বৰত এই আইনকেইখন গৃহীত হোৱাৰে পৰা কৃষকে ব্যাপকভাৱে প্ৰতিবাদ জনাবলৈ আৰম্ভ কৰিছে; বিশেষকৈ হাৰিয়ানা, পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলৰ কৃষকে।

শেহতীয়াভাৱে হাৰিয়ানা আৰু দিল্লী সীমান্তত কৃষকসকল খণ্ডযুদ্ধত লিপ্ত হৈ পৰাৰ সময়ত তেওঁলোকৰ প্ৰতি ঐক্যবোধ প্ৰকাশ কৰি বিভিন্ন ৰাজ্যত প্ৰতিবাদ আৰম্ভ হয় আৰু বহুতো স্থানীয় সংগঠনেও ইয়াত সহযোগ কৰে যদিও সংবাদমাধ্যমৰ সঁহাৰি সামান্যভাৱে পাইছে। উদাহৰণ স্বৰূপে মহাৰাষ্টত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ২৫-২৬ নৱেম্বৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত কমেও ৬০,০০০ কৃষকে অংশগ্ৰহণ কৰিছিল, নাচিকৰ পৰা পালঘৰলৈ তথা ৰাইগড়লৈ প্ৰতিবাদ বিয়পি পৰিছিল। আনকি এই জিলাবিলাকৰ ভিতৰত বিভিন্ন তালুকৰ বহুতো কেন্দ্ৰলৈ প্ৰতিবাদ সম্প্ৰসাৰিত হৈছিল।

চলিত সপ্তাহত ৱালাৱিয়ে উদ্বেগ প্ৰকাশ কৰা মাটিৰ মালিকীস্বত্ত্বৰ দাবীত কৃষকৰ সমাৱেশত উত্থাপিত হৈছিল। নিখিল ভাৰত কিষাণ সভা (এআইকেএছ)ৰ দ্বাৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। এই দাবী এতিয়ালৈকে বহুতো বছৰ ধৰি মহাৰাষ্ট্ৰৰ আদিবাসী কৃষকসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত বাৰম্বাৰ উত্থাপন কৰি আহিছে। নিজৰ মাটিখিনি ১৫ বছৰ ধৰি আদালতলৈ অহা-যোৱা কৰিছে। “গাঁৱত (আমাৰ) বনাঞ্চলৰ মাটিত খেতি কৰা সকলে বন বিভাগৰ দ্বাৰা অন্যায়ৰ বলি হৈ আহিছে,” তেওঁ যুঁজিবলগীয়া হৈছে। “জামিনৰ বাবে দিবলৈ আমাৰ টকা নাই। আমাৰ দৰে দুখীয়া মানুহে সেই পৰিমাণৰ ধন ক’ৰ পৰা পাম?”

Top left: Tukaram Valavi: 'We will not back down today'. Top right: Rama Tarvi: 'The forest department does not let us cultivate our land'. Bottom left: Suganda Jadhav: 'The government has forced us to come out on the streets'. Bottom right: Sunita Savare has been trying to get her Aadhaar card for years, and said: 'I don’t understand what the people at the card office say,” she said. “I can’t read or write. I don’t know what form to fill. They ask me to go here, go there, come at this date, that date. I am tired'
PHOTO • Shraddha Agarwal

ওপৰত বাওঁফালেঃ টুকাৰাম ৱালাৱিঃ ‘আমি আজি প্ৰত্যাহাৰ নকৰো।’ ওপৰত সোঁফালেঃ ৰামা টাৰভিঃ ‘বন বিভাগে আমাক আমাৰ মাটিত খেতি কৰিবলৈ নিদিয়ে।’ তলত বাওঁফালেঃ সুগন্ধা যাদৱঃ ‘আমাক ৰাজপথলৈ ওলাই আহিবলৈ চৰকাৰে বাধ্য কৰাইছে।’ তলত সোঁফালেঃ সুনীতা সাৱাৰে যিয়ে কেইবাবছৰ ধৰি আধাৰ কাৰ্ড পাবলৈ চেষ্টা কৰি আহিছে, তেওঁ কয়ঃ ‘আধাৰ কাৰ্যালয়ৰ মানুহে কি কয় মই বুজি নাপাওঁ।’ ‘মই লিখা-পঢ়়া নাজানো। কি প্ৰপত্ৰ পূৰণ কৰিব লাগে মই নাজানো। সিহঁতে মোক ইয়ালৈ যা, তালৈ যা বুলি কয়, এই তাৰিখত আহিবি, সেই তাৰিখত আহিবি বুলি কৈ থাকে, মোৰ আমনি লাগিছে’

২১ নৱেম্বৰৰ সমাৱেশত, তেওঁলোকৰ ২১ দফীয়া দাবী সম্বলিত পত্ৰখন ৱাড়া তালুকৰ তহচিলদাৰৰ কাৰ্যালয়ত কষকসকলে দাখিল কৰিছিল। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰায় সকলোৱে মাস্ক পিন্ধিছিল নতুবা তেওঁলোকে স্কাৰ্ফ, ৰুমাল আদিৰে মুখ ঢাকি লৈছিল। নিখিল ভাৰত কিষাণ সভাৰ একাংশ স্বেচ্ছাসেৱীয়ে প্ৰতিবাদী কৃষকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰিছিল।

শেহতীয়াভাৱে গৃহীত তিনিখন আইনৰ প্ৰত্যাহাৰ ২১ টা দাবীৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হৈছিল। ২০০৬ৰ বনাঞ্চল অধিকাৰ আইন ৰ সামগ্ৰিক প্ৰয়োগ, আবতৰীয়া বৰষুণত নষ্ট হোৱা শস্যৰ পৰ্যাপ্ত ক্ষতিপূৰণ, জনস্বাস্থ্য ব্যৱস্থাৰ উন্নতি সাধন (ক’ভিড-১৯ৰ প্ৰেক্ষাপটত) আৰু অনলাইন পাঠদানৰ অৱসান ঘটোৱাকে ধৰি বিস্তৃত দাবী সামৰি লোৱা হৈছিল।

প্ৰতিটো পৰিয়ালক মাহে ৭৫০০ টকাৰ উপাৰ্জনৰ সমৰ্থন আৰু পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে মাহে ১০ কিলোগ্ৰামকৈ খাদ্যসামগ্ৰী বিশ্ব মহামাৰীৰ সময়খিনিত ছমাহৰ বাবে দিবলৈ আহ্বান এই দাবীৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হৈছে- যিবিলাক দাবীৰ কথা সমাৱেশত অংশগ্ৰহণ কৰা কৃষকৰ মুখে মুখে শুনা গৈছিল।

“আমাৰ অঞ্চলৰ কিছুমান মহিলাই উপাৰ্জনৰ বাবে দৈনিক চাৰি ঘণ্টাকৈ খোজ কাঢ়িব লগীয়া হয়,” দুই একৰ মাটিত ধান, জোৱাৰ, বাজৰা আৰু ঘেঁহুৰ খেতি কৰা তথা নিখিল ভাৰত কিষাণ সভাৰ সক্ৰিয় কৰ্মী কাঞ্চাড় গাঁৱৰ ৫৪ বছৰ বয়সীয়া ৰামা টাৰভিয়ে কয়। “গোটেই দিন কাম কৰি তেওঁলোকে ২০০ টকা উপাৰ্জন কৰে। আমাৰ মাটি আছে, কিন্তু বন বিভাগে আমাক খেতি কৰিবলৈ নিদিয়ে। ইফালে ক’ভিডৰ কাৰণে ক’তো কাম পাবলৈ নোহোৱা হৈছে...”

“খেতি কৰা মাটি (বনাঞ্চল অধিকাৰ আইন)খিনি আমাৰ জীৱিকাৰ একমাত্ৰ সম্বল আৰু ক’ভিডৰ সময়তো তেওঁলোকে আমাৰ জীৱন বিপদাপন্ন কৰি তুলিছে আৰু বহুবছৰ ধৰি খেতি কৰি অহা আমাৰ মাটিত আমাৰ অধিকাৰৰ দাবীত ওলাই আহিছো,” ৫০ বছৰীয়া সুগন্ধা যাদৱে কয়। দুই একৰ মাটিত তেওঁৰ পৰিয়ালে ধান, বাজৰা, উৰদ আৰু বাৰ্লিৰ খেতি কৰে। “আমি বহুবাৰ প্ৰতিবাদ জনাইছো আৰু ধৰ্ণা দিছিলো, কিন্তু চৰকাৰে নুশুনে। চৰকাৰে আমাক পুনৰ পথলৈ ওলাই আহিবলৈ বাধ্য কৰাইছে।”

PHOTO • Shraddha Agarwal

২৬ নৱেম্বৰত পথ অৱৰোধ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কৃষকসকলে ৱাড়া তালুকৰ খান্দেশ্বৰী নাকাৰ ফালে আহিবলৈ সাজু হৈছে

PHOTO • Shraddha Agarwal

ৱাড়া তালুকৰ কিৰাৱালি নাকাত থকা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কাৰ্যালয়ৰ বাহিৰত অপেক্ষা কৰি থকা

PHOTO • Shraddha Agarwal

ৰেণুকা কালুৰাম (সেউজীয়া শাড়ী পৰিহিতা, সোঁফালে)য়ে পালঘৰ জিলাৰ কাৰাঞ্জে গাঁৱত এগৰাকী কৃষিশ্ৰমিকৰূপে কাম কৰি দৈনিক ১৫০ টকা উপাৰ্জন কৰে। তেওঁ তিনিটা সৰু ল’ৰা-ছোৱালী আছে, আটাইকেইটা স্থানীয় অংগনবাদী কেন্দ্ৰলৈ যায়ঃ “চৰকাৰে অনলাইন পাঠদান বন্ধ কৰা আমি বিচাৰো। আমাৰ ল’ৰা-ছোৱালীয়ে অনলাইনত একো শিকা নাই। আমাৰ ডাঙৰ ফোন নাই আৰু আমাৰ অঞ্চলত ফোনৰ ছিগনেল নাই।”

Left: Gulab Dongarkar, an agricultural labourer from Kanchad village: We have been sitting here since 10 a.m. It’s been very hard for us to get work during Covid. We want the government to give us at least 10 kilos of rations [instead of five, which too many did cannot access]'. Right: Janki Kangra  and her 11-member family cultivate rice, jowar, bajra and millets on three acres, while battling, she said, the forest department's strictures
PHOTO • Shraddha Agarwal
Left: Gulab Dongarkar, an agricultural labourer from Kanchad village: We have been sitting here since 10 a.m. It’s been very hard for us to get work during Covid. We want the government to give us at least 10 kilos of rations [instead of five, which too many did cannot access]'. Right: Janki Kangra  and her 11-member family cultivate rice, jowar, bajra and millets on three acres, while battling, she said, the forest department's strictures
PHOTO • Shraddha Agarwal

বাওঁফালেঃ কাঞ্চাড় গাঁৱৰ কৃষিশ্ৰমিক গুলাব ডংগাৰকাৰঃ “আমি পুৱা ১০ বজাৰ পৰা ইয়াত বহি আছো। ক’ভিডৰ বাবে কাম পোৱা কঠিন হৈ পৰিছে। চৰকাৰে আমাক ১০ কিলোগ্ৰামকৈ ৰেচন দিয়া আমি বিচাৰো (পাঁচ কিলোগ্ৰামৰ পৰিৱৰ্তে, কিছুমানে তাকো পোৱা নাই)।” সোঁফালেঃ জানকী কাংৰা আৰু তেওঁৰ পৰিয়ালৰ ১১ জন সদস্য়ই তিনি একৰ মাটিত ধান, জোৱাৰ, বাজৰা আৰু বাৰ্লিৰ খেতি কৰে, প্ৰতিবাদৰ মাজতে তেওঁ বন বিভাগৰ কঠোৰ স্থিতিৰ বিষয়ে ক’লে

PHOTO • Shraddha Agarwal

ৱাড়া তালুকৰ কিৰাৱালি নাকাত থকা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) কাৰ্যালয়ৰ বাহিৰত কৰ্তব্যৰত আৰক্ষীৰ লোক

PHOTO • Shraddha Agarwal

প্ৰতিবাদস্থলীত নিখিল ভাৰত কিষাণ সভাৰ সদস্যই মাস্ক আৰু চাবোন আদিবাসী কৃষকৰ মাজত বিতৰণ কৰিছে

Left: Sukhi Wagh, a construction labourer, carries her three-year-old grandson Sainath on her shoulder as they march towards Khandeshwari Naka for the rasta roko protest. 'Give us rations, we have no work', she said. Right: Protestors walking towards Khandeshwari Naka
PHOTO • Shraddha Agarwal
Left: Sukhi Wagh, a construction labourer, carries her three-year-old grandson Sainath on her shoulder as they march towards Khandeshwari Naka for the rasta roko protest. 'Give us rations, we have no work', she said. Right: Protestors walking towards Khandeshwari Naka
PHOTO • Shraddha Agarwal

বাওঁফালেঃ নিৰ্মাণ শ্ৰমিক সুখি ৱাঘে কান্ধত তেওঁৰ তিনি বছৰীয়া নাতিক তুলি লৈ খান্দেশ্বৰী নাকাত হ’বলগীয়া পথ অৱৰোধ কাৰ্যসূচীত ভাগ ল’বলৈ গৈছে। ‘আমাক ৰেচন লাগে, আমাৰ কাম নাই,’ তেওঁ কয়। সোঁফালেঃ প্ৰতিবাদী কৃষকসকলে খান্দেশ্বৰী নাকালৈ পদযাত্ৰা কৰিছে

PHOTO • Shraddha Agarwal

পালঘৰ জিলাৰ খান্দেশ্বৰী নাকালৈ কিৰাৱালি নাকাৰ পৰা পথ অৱৰোধ কৰা ঠাইলৈ দুই কিলোমিটাৰ দূৰত্ব

PHOTO • Shraddha Agarwal

নিখিল ভাৰত কিষাণ সভাৰ সদস্য চান্দু ধাংড়াই ৱাড়া তালুকৰ খান্দেশ্বৰী নাকাত প্ৰতিবাদৰ নেতৃত্ব দিছে

PHOTO • Shraddha Agarwal

২৬ নৱেম্বৰৰ সমাৱেশত প্ৰতিবাদকাৰীয়ে ২১ দফীয়া দাবী উত্থাপন কৰিছে, তেওঁলোকে ৱাড়া তালুকৰ তহচিলদাৰৰ কাৰ্যালয়ত দাবীপত্ৰ দাখিল কৰে

Left: Asha Gaware, who cultivates rice, bajra, jowar and millets on two acres said, 'Our crops were destroyed this year due to heavy rains. We suffered losses of nearly 10,000 rupees. Nobody is ready to loan us money anymore. We want the government to give us compensation or else we will never recover from these losses'. Right: Dev Wagh, from Palghar’s Kanchad village, demanded that electricity charges be waived off:  'We have not even worked on our fields and we are getting such a high bill. We want that for six months we shouldn’t be asked to pay the electricity bills'. The charter of 21 demands included a call to scrap the new Electricity (Amendment) Bill, 2020, that will bring steeply higher tariffs for farmers and others in rural India. Many were also protesting against highly increased (or inflated) bills since April this year.
PHOTO • Shraddha Agarwal
Left: Asha Gaware, who cultivates rice, bajra, jowar and millets on two acres said, 'Our crops were destroyed this year due to heavy rains. We suffered losses of nearly 10,000 rupees. Nobody is ready to loan us money anymore. We want the government to give us compensation or else we will never recover from these losses'. Right: Dev Wagh, from Palghar’s Kanchad village, demanded that electricity charges be waived off:  'We have not even worked on our fields and we are getting such a high bill. We want that for six months we shouldn’t be asked to pay the electricity bills'. The charter of 21 demands included a call to scrap the new Electricity (Amendment) Bill, 2020, that will bring steeply higher tariffs for farmers and others in rural India. Many were also protesting against highly increased (or inflated) bills since April this year.
PHOTO • Shraddha Agarwal

বাওঁফালেঃ আশা গাৱাৰে, দুই একৰ কৃষিভূমিত ধান, বাজৰা, জোৱাৰ আৰু বাৰ্লিৰ খেতি কৰা কৃষকগৰাকীয়ে কয়, “প্ৰৱল বৰষুণৰ বাবে এইবাৰ আমাৰ সকলো শস্য পথাৰতে নষ্ট হ’ল। আমাক এতিয়া কোনেও ঋণ দিব নিবিচাৰে। চৰকাৰে আমাক ক্ষতিপূৰণ দিয়ক, অন্যথা এই লোকচান আমি কেতিয়াও পূৰাব নোৱাৰিম।” সোঁফালেঃ পালঘৰ জিলাৰ কাঞ্চাড় গাঁৱৰ দেৱ ৱাঘে বিদ্যুতৰ মাচুল ৰেহাই দিবলৈ দাবী জনায়ঃ “আমি আনকি আমাৰ নিজৰ পথাৰতো কাম কৰিব পৰা নাই আৰু আমি ভয়ানক সমস্যাত পৰিছো। আমি বিচাৰো যে ছমাহৰ বাবে আমাক বিদ্যুতৰ মাচুল দিবলৈ ক’ব নালাগে।” ২১টা দফা সম্বলিত পত্ৰখনত নতুন বিদ্যুৎ (সংশোধিত) বিধেয়ক, ২০২০ বাতিলৰ দাবী অন্তৰ্ভূক্ত কৰা হৈছে, এই বিধেয়কৰ ফলত কৃষকৰ বিদ্যুতৰ মাচুল বহুত বাঢ়ি যাব, লগতে গ্ৰাম্য ভাৰতৰ সকলোৱে অধিক হাৰত বিদ্যুতৰ মাচুল ভৰিব লাগিব। চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা তীব্ৰ হাৰত বৃৃদ্ধি পোৱা বিদ্যুতৰ মাচুলৰ বিৰুদ্ধে বহুতে প্ৰতিবাদ জনাই আহিছে

PHOTO • Shraddha Agarwal

ৱাড়া তালুকৰ খান্দেশ্বৰী নাকাত প্ৰত্যাশা, মনোবল আৰু ঐক্যবোধ

অনুবাদ - পংকজ দাস

Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Shraddha Agarwal
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das