‘মই দিনে ১৫০ টকা উপাৰ্জন কৰিছিলো, সপ্তাহত ছদিন কাম পাইছিলো। এতিয়া মহিলাৰ কাৰণে কামেই নাই,’ থুল্লুৰ মণ্ডলৰ উদ্দাণ্ডৰায়ুনীপালেম গাঁৱৰ ভেমুৰি সুজাথা নামে মালা সম্প্ৰদায়ৰ ৩৮ বৰ্ষীয় বিধবা মহিলাগৰাকীয়ে কয়। মালা সম্প্ৰদায়ৰ সুজাথা নিজা মাটি নাই আৰু ২০১৫ৰ জানুৱাৰীৰ আগলৈকে তেঁও কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল। 

কিন্তু অন্ধ্ৰপ্ৰদেশ চৰকাৰে ‘বিশ্বমান’ৰ ৰাজধানী অমৰাৱতী নিৰ্মাণৰ হেতু ভূমি অধিগ্ৰহণ আৰম্ভ কৰাৰে পৰা গুণ্টুৰ জিলাত পথাৰৰ কাম বিচাৰি পোৱাটো দুৰুহ হৈ পৰিছে। ২০১৪ত অন্ধ্ৰপ্ৰদেশ আৰু টেলেংগানাৰ ৰাজ্য বিভাজন হোৱাৰ পিছৰেপৰা হায়দৰাবাদ চহৰখন দুয়োখন ৰাজ্যৰ কাৰণে এটা দশক ধৰি ৰাজধানী হৈ আহিছে, যেতিয়ালৈ অন্ধ্ৰপ্ৰদেশৰ নিজা ৰাজধানী অমৰাৱতী সাজু হৈ নুঠে। 

সুজাথাৰ স্বামী ২০০৮ চনতে ঢুকাইছে। তেতিয়াৰে পৰা তাই অকলেই দুটাকৈ সন্তানক খেতিপথাৰৰ হাজিৰাৰে ডাঙৰ কৰিছে। এতিয়া দুয়োটা ল’ৰাই জীৱিকা নিৰ্বাহৰ কঠোৰ পৰিশ্ৰম কৰিছে। তাইৰ ডাঙৰটো ল’ৰা ভেমুৰি প্ৰসাদে (১৯) দশম মানৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ২০১৫ত থুল্লুৰৰ জিলা পৰিষদ স্কুলৰ পৰা আধাতে পঢ়া এৰে। এবছৰ পিছত প্ৰসাদৰ ভায়েক ভেমুৰি ৰাজাই (১৭) একেখন স্কুলৰ পৰা পঢ়া এৰে। দুয়োৱে এতিয়া কৃষ্ণা নদীৰ পাৰৰ বালি কুৱেৰীত দিন হাজিৰা কৰে আৰু সপ্তাহৰ তিনি দিনৰ কাৰণে দিনে ২০০ৰ পৰা ২৫০ টকা উপাৰ্জন কৰে- কামৰ সুবিধা সীমিত হোৱা কাৰণে সপ্তাহত তিনিদিনহে কাম পোৱা যায়। 

‘এয়া হাড়ভঙা পৰিশ্ৰম, বল বহুত লাগে। আমি পুৱা ৬ বজাত যাও আৰু সন্ধ্যা ৬ বজাতহে ঘুৰি আহো...,’ ৰাজাই কয়। মহিলাক কুৱেৰীত কাম কৰিবলৈ দিয়া নহয়, ইফালে গাঁৱৰ খেতিপথাৰতো কাম নোপোৱা অৱস্থা হৈছে। সেয়ে সুজাথাৰ দৰে বহুতেই ঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে। 

sand getting loaded into trucks
man standing on a truck loaded with sand.

দলিত সম্প্ৰদায়ৰ বিধবা মহিলা ভেমুৰি সুজাথাই খেতিপথাৰৰ কাম নোপোৱা হৈছে। তাইৰ ল’ৰা ভেমুৰি ৰাজা (ওপৰত) আৰু ভেমুৰি প্ৰসাদে এতিয়া বালিৰ কুৱেৰীত কাম কৰে, কামৰ সুবিধা সীমিত হোৱা কাৰণে সপ্তাহত তিনি দিনহে কাম পোৱা যায় 

উদ্দাণ্ডৰায়ুনীপালেম হৈছে কৃষ্ণা নদীৰ উত্তৰ পাৰত থকা ২৯খন গাঁৱৰ মাজৰ এখন য’ত ৰাজ্য চৰকাৰে ৰাজধানী অমৰাৱতীৰ নিৰ্মাণৰ কাৰণে ভূমি অধিগ্ৰহণ কৰি আছে। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে ৩৩ হাজাৰ একৰ ভূমি (২০৫০ চনলৈ হ’বলগীয়া তৃতীয় পৰ্যায়লৈ সৰ্বমূঠ ১ লাখ একৰ মাটি আহৰণ কৰা যাব) আহৰণ কৰিব। ২০১৫ত অমৰাৱতী বহনক্ষম ৰাজধানী চহৰ উন্নয়ন প্ৰকল্পৰ বাবে লেণ্ড পুলিং স্কীম (এলপিএছ)ৰ মুকলি কৰা হয় য’ত মাটিৰ মালিকে ‘স্বেচ্ছাই’ তেঁওলোকৰ মাটি চৰকাৰক এৰি দি চহৰ নিৰ্মাণ হোৱাৰ পিছত আৰ্থিক ক্ষতিপুৰণৰ পৰিৱৰ্তে এক ‘পুনৰ্গঠিত উন্নীত’ ভূমি লাভ কৰিব। ‘পুলিং কৰ্তৃপক্ষ’ অন্ধ্ৰপ্ৰদেশ ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধীকৰণ (এপিচিআৰডিএ)য়ে অৱশিষ্ট ভূমি ৰাস্তা-ঘাট, ৰাজহুৱা অট্টালিকা, উদ্যোগ আৰু অইন নাগৰিক সা-সুবিধা বিকাশৰ কাৰণে ব্যৱহাৰ কৰিব। কিন্তু এলপিএছ-এ মাটিৰ মালিকৰহে সন্মতি লয়, সেই মাটিৰ ওপৰত নিৰ্ভৰশীল অইন লোক যেনে কৃষিশ্ৰমিক আদিৰ কথা বিবেচনা নকৰে। 

১৫০০ জনসংখ্যাৰ উদ্দাণ্ডৰায়ুনীপালেমক তিনিটা মূল চুবুৰীত ভাগ কৰা হৈছেঃ মূল গাঁও, তাৰে কাষতে অনুসূচীত জাতি (এছচি) চুবুৰী আৰু নৈৰ পাৰত লংকা অনুসূচীত জাতিৰ কাৰণে পৃথক চুবুৰী। গাঁৱৰ মানুহে কৰা হিচাপ মতে এছচি চুবুৰীত প্ৰায় ১৫০ মান দলিত পৰিয়াল থাকে আৰু লংকা এছচি চুবুৰীত ৭৫ টা পৰিয়াল থাকে।

মূল গাঁৱত থাকে উচ্চ জাত যেনে কাম্মা ভূস্বামী আৰু উপান্ত কৃষকসকল। গৰিষ্ঠসংখ্যক দলিত হৈছে ভাৰাতীয়া খেতিয়ক আৰু কৃষিশ্ৰমিক যিয়ে জীৱিকাৰ বাবে ভূস্বামীৰ ওপৰত নিৰ্ভৰ কৰে। ২০১১ৰ লোকপিয়ল মতে উদ্দাণ্ডৰায়ুনীপালেমত ১৬৯ কৃষক আৰু ৫৫৬ কৃষিশ্ৰমিক বসতি কৰে। অন্ধ্ৰপ্ৰদেশ ভূমি সংস্কাৰ (কৃষিভূমি ধাৰণৰ ওপৰত চিলিং) আইন, ১৯৭৩ৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক চৰকাৰে ভূমিহীন দৰিদ্ৰক ভূমি বিতৰণ কৰাৰ আগেয়ে নিচেই কমসংখ্যক দলিতৰ হাতত নিজা মাটি আছিল। 

‘পুলিঙৰ কাৰণে মাটিৰ মালিকবোৰে মাটি এৰি দিয়াৰ পিছত কৃষিকাৰ্যও বন্ধ হৈ পৰে, ফলত কৃষিশ্ৰমিকৰ বাবে কাম নাইকিয়া হৈ পৰে,‘ ৭০ বৰ্ষীয় মণ্ডলা চুব্বা ৰাওৱে কয়। এনে সময়তে উদ্দাণ্ডৰায়ুনীপালেম, বৰুপালেম, লিংগায়াপালেম আৰু ভেংকটপালেমৰ কৃষ্ণা নদীৰ পাৰত বালিৰ খনন বৃদ্ধি হয়। নদীৰ পৰা অনা বালি ৰাজধানীৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হৈ আহিছে। 

overcast sky over field

‘পুলিঙৰ কাৰণে মাটিৰ মালিকবোৰে মাটি এৰি দিয়াৰ পিছত কৃষিকাৰ্যও বন্ধ হৈ পৰে, ফলত কৃষিশ্ৰমিকৰ বাবে কাম নাইকিয়া হৈ পৰে,‘ ৭০ বৰ্ষীয় মণ্ডলা চুব্বা ৰাওৱে কয়। সোঁফালেঃ উদ্দাণ্ডৰায়ুনীপালেমৰ যুৱ শ্ৰমিকে বালিৰ খননৰ কামৰ বাবে অপেক্ষা কৰিছে 

এই গাঁওবোৰৰ ডেকা শ্ৰমিকবোৰে জীৱিকাৰ বাবে এতিয়া বালি খননৰ ওপৰতে নিৰ্ভৰ কৰে, কিন্তু বয়স হোৱাবোৰৰ কাৰণে কাম নাইকিয়া হৈছে। ‘মই কেইদিনমান বালিৰ কুৱেৰীত কাম কৰিবলৈ গৈছিলো, কিন্তু সেয়া বৰ কষ্টসাধ্য কাম। বয়সে মোৰ কামত বাধা দিছে,’ পত্নি ভেংকয়াম্মা মণ্ডলাৰ সৈতে ৬০ বছৰীয়া চুব্বা ৰাওৱে কয়। তেঁওলোকৰ উপাৰ্জনৰ একমাত্ৰ উৎস হৈছে লেণ্ড পুলিং স্কীমৰ অংশ হিচাপে চৰকাৰে ১০ বছৰৰ কাৰণে ভূমিহীন পৰিয়ালক প্ৰতিশ্ৰুতি দিয়া ২৫০০ টকীয়া পেঞ্চন। এই ৰাশি ভূমিহীন শ্ৰমিকৰ বাবে ২০১৭ৰ ছেপ্তেম্বৰ মাহত বিশ্ববেংকৰ পৰিদৰ্শন পীঠৰ প্ৰতিবেদনত ভূমিহীন শ্ৰমিকৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়া মাহিলী গঢ় আয় ৮৪৭৬ টকাতকৈ বহুত কম। 

‘পুৰুষে দিনে ৫০০ টকা আৰু মহিলাই ১৫০ৰ পৰা ২০০ টকা উপাৰ্জন কৰিছিল, গোটেই বছৰটোতে কাম পোৱা গৈছিল। ভূমিহীন কৃষিশ্ৰমিকৰ এটা পৰিয়ালৰ পুৰুষ-মহিলা দুয়ো কাম কৰিলে মাহে ১৫ৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিছিল,’ ভেংকায়াম্মাই কয়। ‘২৫০০ টকাৰে পেট পুহিম কেনেকৈ? এমাহ চলা চাউলৰ ২৫ কিলোগ্ৰামৰ বস্তা এটাৰ দাম ১৫০০ টকা,’ কথাৰ মাজতে চুব্বা ৰাওৱে যোগ দিলে। ‘ৰাজধানী (নতুন)ৰ সৈতে যাতায়ত (কামৰ কাৰণে মানুহে দুৰলৈ যাবলগীয়া হৈছে) আৰু স্বাস্থ্যৰ খৰছ বাঢ়িছে, আয় কমিছে।’

‘প্ৰথম অৱস্থাত চৰকাৰে আমাক একো দিয়া নাছিল। ক্ষতিপুৰণ কেৱল মাটিৰ মালিকবোৰকহে দিয়া হৈছিল। আমি প্ৰতিবাদ কৰাৰ পিছতহে চৰকাৰে আমাক কণা হাঁহক পতান দিয়াৰ দৰে পেঞ্চন (২৫০০ টকা) দিছে। আমি অতিকমেও প্ৰতিমাহে ১০ হাজাৰ টকাৰ পেঞ্চন বিচাৰিছো,’ এছচি চুবুৰীৰ ৪২ বৰ্ষীয় দলিত সম্প্ৰদায়ৰ বিধবা মহিলা কাম্ভামপতি ভূলক্ষ্মীয়ে কয়। ‘সিহতে আকৌ আমাক পেঞ্চন সময়মতেও নিদিয়ে। আমি দুমাহৰ মুৰত এবাৰহে পেঞ্চনৰ ধন পাও। মই প্ৰতিমাহে দুই-তিনিবাৰ মন্দদামত (চাৰি কিলোমিটাৰ দুৰত)থকা এছবিআই বেংকটোলৈ যাবলগীয়া হয় আৰু অহা-যোৱাৰ বাবদ প্ৰতিবাৰে ৪০ টকাকৈ খৰছ হয় (বাছসেৱা নথকা কাৰণে অটো লৈ যাবলগীয়া হয়),’ তাই কয়। 

চৰকাৰে আমাৰ ২৯ খন গাঁৱত এমজিএনৰেগাৰ কামো ৩৬৫ দিনেই দিয়াব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়াও আৰম্ভ হোৱা নাই। ‘৩৬৫ দিনৰ কথা বাদেই দিয়ক, অমৰাৱতীৰ কামৰ বাবে ভূমি অধিগ্ৰহণ (২০১৫ত) আৰম্ভ হোৱাৰ দিন ধৰি আমি এমজিএনৰেগাৰ কাম যোৱা চাৰিটা বছৰত এদিনৰ বাবেও পোৱা নাই,’ ভূলক্ষ্মীয়ে কয়। 

বাওফালেঃ ১৮ বছৰীয়া ইৰিমিয়াৰ উপাৰ্জনেৰে মাক ভূলক্ষ্মীকে ধৰি গোটেই পৰিয়ালটো চলিছে। সোঁফালেঃ ভেমুৰি সুজাথা আৰু তাইৰ ল’ৰা ভেমুৰি ৰাজা, উদ্দাণ্ডৰায়ুনিপালেমৰ তেঁওলোকৰ ঘৰৰ সমুখত 

তাইৰ ১৮ বছৰীয়া ল’ৰা ইৰিমিয়াৰ উপাৰ্জেনেৰে এতিয়া তেঁওলোকৰ পাঁচজনীয়া পৰিয়ালটো চলিছে, তাতে ইৰিমিয়াৰ ভনী আৰু তাইৰ দুই সন্তানো আছে। ইৰিমিয়াই ২০১৫তে দশমমানৰ পঢ়া এৰি ২০০-২৫০ টকাৰ সপ্তাহত তিনিদিনীয়া হাজিৰা কামত লাগিছিল। ‘মানুহৰ অনুপাতে কাম কম হোৱা কাৰণে আমি কাম ভগাই লও। এদিন এছচি চুবুৰীৰ মানুহ বালি খননৰ কামত যায়, পিছদিনা লংকা এছচি চুবুৰীৰ মানুহ যায়,’ ইৰিমিয়াই কয়। 

মেঘাচ্ছন্ন আবেলি এটাত বালিৰ কুৱেৰিত কাম কৰা যুৱ দলিতৰ থূপ এটাই (কিছুমানৰ আনকি এমবিএ ডিগ্ৰীও আছে) তাচপাত খেলি আছে। সিহতে হায়দৰাবাদ আৰু অইন চহৰত কাম বিচাৰিছিল যদিও খুব কমেইহে সফলতা পাইছে। ঘৰলৈ উভতি আহি দেখে যে সিহতৰ কাৰণে খেতিপথাৰৰ কামো নাইকিয়া হৈছে। ‘বালিৰ খননৰ কামো বছৰে বছৰে কমি আহিছে। নদীৰ অৱবাহিকাত বালি কমি আহিছে,’ ইলুৰুৰ পৰা এমবিএ কৰা ২৩ বৰ্ষীয় অংকালা মদনে কয়। 

নদীৰ অৱবাহিকাৰ পৰা যন্ত্ৰচালিত নাৱৰ পৰা ড্ৰেজ ব্যৱহাৰ কৰি বালি খান্দি অনা হয় আৰু নৈৰ পাৰত জমা কৰা হয়। গুণ্টুৰৰ পৰা এমবিএ ডিগ্ৰীধাৰী ২৪ বৰ্ষীয় পুলি সুধীৰে কয়, ‘আমি বালিবোৰ ট্ৰেক্টৰত উঠাই দিও। এমবিএ কৰি আহিও মই এই কাম কৰিবলগীয়া হৈছে।’ সুধীৰৰ সম্পৰ্কীয় ভাতৃ ২৫ বৰ্ষীয় ভৰত কুমাৰৰো এমবিএ ডিগ্ৰী আছে। তেঁও ক্ষোভেৰে কয়, ‘আমি চন্দ্ৰবাবু নাইডুক ভোট দিছিলো কিয়নো তেঁও প্ৰতিটো পৰিয়ালতে এটাকৈ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল। আমি জনা নাছিলো যে এই সুবিধাটো কেৱল তেঁওৰ পৰিয়ালৰ কাৰণেহে আছিল,’ মুখ্যমন্ত্ৰীৰ পুত্ৰ নাৰা লোকেশক ২০১৭ত ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য পদ দিয়াৰ প্ৰসংগ উলিয়াই ভৰতে ক’লে।

অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণে যন্ত্ৰচালিত বালি খননত নিষেধাজ্ঞা জাৰী কৰি কেবাবোৰ ৰায়দিন দিছে, কিন্তু চৰকাৰে এই নিষেধাজ্ঞা উলংঘা কৰি আহিছে। ‘দৰাচলতে বালিৰ খননত শাসকীয় দল টেলেগু দেশম পাৰ্টিৰ নেতাকে ধৰি বিধায়ক, সাসংদ আৰু কেইজনমান মন্ত্ৰীও জৰিত হৈ আছে,’ কুৱেৰীৰ এমবিএ ডিগ্ৰীধাৰী নাম প্ৰকাশত অনিচ্ছুক দলিত শ্ৰমিক এজনে এই কথা কয়। ‘আমাৰ প্ৰয়োজনসমূহ পুৰণ নকৰাকৈ সিহতে অহাবাৰ নিৰ্বাচনত জয়ী হোৱাৰ কাৰণে এই ধন (খননৰ পৰা পোৱা) খৰছ কৰিব।’ 

‘চৰকাৰে আমাৰ প্ৰতিশ্ৰুতি দিয়া চাকৰিবোৰ দিয়ক আৰু বালিৰ খনন বন্ধ কৰি নৈখনক বচাওক’

২০১৭ৰ মাৰ্চ মাহত উদ্দাণ্ডৰায়ুনীপালেমৰ তিনিটা দলিত পৰিয়ালে বেংকৰ পৰা লোৱা ঋণৰ পৰা ১২ লাখ টকা গোটাই উমৈহতীয়াকৈ এটা ড্ৰেজিং মেচিন আনিলে, যাতে তেঁওলোকে নিজেই বালি খনন কৰিব পাৰে। কিন্তু প্ৰভাৱশালী কাম্মা সম্প্ৰদায়ৰ টিডিপিৰ সদস্য তথা চৰপঞ্চজনে তেঁওলোকক খননৰ অনুমতি নিদিলে, সেয়ে তেঁওলোকে কাম্মা ঠিকাদাৰ এজনৰ হৈ কাম কৰিবলগীয়া হ’ল, সিজনো টিডিপিৰে সদস্য। ‘আমি নিজে বালি খনন কৰিলে সেয়া অবৈধ। কিন্তু শাসকীয় দলৰ মানুহে কৰিলে সেই একেই খনন বৈধ হৈ পৰে...আমাক জীৱিকা দিয়াৰ কথা কৈ তাক নায্যতা দিয়া হয়,’ যুৱ দলিতজনে কয়।   

সময়ৰ লগে লগে কৃষ্ণা নদীৰ পাৰত আৰু অৱবাহিকাৰ খননৰ ফলত পৰিস্থিতিতান্ত্ৰিক ক্ষতি হোৱা দেখা গৈছে। এই বিষয়টো গভীৰভাৱে অধ্যয়ন কৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিক্ৰম সোনিয়ে কয়, ‘নৈত পানী ধৰি ৰখাৰ বাবে বালিৰ ভূমিকা অপৰিসীম। পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য বজাই ৰখাৰ বাবে নৈত পৰ্যাপ্ত বালি থকাটো প্ৰয়োজন। বালিৰ গভীৰতা (কৃষ্ণা নদীত) অৱবাহিকাত মুঠ ৩০ মিটাৰৰ আশে-পাশে আছে আৰু এয়া স্বাভাৱিক নহয়। যুগ যুগ ধৰি স্থিৰ নৈৰ সমগ্ৰ প্ৰাকৃতিক প্ৰণালীটো টকাৰ লোভতে ৰাজনৈতিক নেতাই ধ্বংস কৰি পেলাইছে।’ 

এমবিএ কৰা যুৱককেইজন বুলিয়ে নহয়, ৰাজা, প্ৰসাদ, ইৰিমিয়া, বালি খননৰ কাম কৰা শ্ৰমিক ল’ৰা-ছোৱালীহঁতেও নাজানে কি দিশে তেঁওলোকে গতি কৰিছে। ‘চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া চাকৰিবোৰ দিয়ক আৰু বালিৰ খনন বন্ধ কৰি নৈখন বচাওক,’ মদনে কয়। 

‘আমি কি কৰিম নাজানো আৰু নৈৰ বালি শেষ হ’লে কেনেকৈ পেট পুহিম,’ উদ্বিগ্ন হৈ পৰা ৰাজাই কয়। 

এই শৃংখলত আৰু আছেঃ 

‘এইখন সাধাৰণ জনতাৰ ৰাজধানী নহয়’

ৰাজধানী নতুন, বৈষম্য এলান্ধুকলীয়া 

মাটিৰ আকাশলংঘী দৰ, পথাৰত সোণগুটি কম 

খেতিৰ কাম নাইকিয়া হোৱা চন পৰা পথাৰবোৰ

বিশাল ৰাজধানী চহৰৰ কম মজুৰী পোৱা প্ৰব্ৰজিত শ্ৰমিক 

অনুবাদঃ পংকজ দাস 

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Rahul Maganti

ৰাহুল মগন্তি অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াৰ এজন মুক্ত সাংবাদিক।

Other stories by Rahul Maganti