“ৰেলখন মাত্ৰ পাঁচ মিনিটৰ কাৰণে ৰয়, হেঁচা-ঠেলা কৰি কোনোমতে উঠিবলগীয়া হয়। কেতিয়াবা ৰেলখন যাবলৈ ধৰে, তেতিয়া দুই-এটা টোপোলা ষ্টেছনতে এৰি যাবলগীয়া হয়।” সাৰংগা ৰাজভোই এগৰাকী ৰছী-নিৰ্মাতা। তেওঁ যে ষ্টেছনত এৰি আহিবলগীয়া হোৱা ফাইবাৰৰ কথা কৈ আছে, সেয়া হৈছে বস্ত্ৰ উদ্যোগৰ পেলনীয়া তন্তুবোৰ। সেয়া ৰছী নিৰ্মাতা মহিলাসকলে সংগ্ৰহ কৰে। তেওঁলোকে বিক্ৰী কৰা এই ৰছীৰে গৰু-ছাগলী এৰাল দিয়া হয়। তাৰোপৰি মালবাহী গাড়ীৰ ওপৰত বস্তু-বাহিনী বান্ধোতেও এই ৰছী লাগে। কাপোৰ-কানি ৰ’দত মেলি দিবলৈও এই ৰছী লাগে।

হামাৰা খানদানি হ্যায় (এয়া আমাৰ পাৰিবাৰিক ব্যৱসায়),” সন্তৰা ৰাজভোইয়ে জনায়। আহমেদাবাদৰ ভাটভা পৌৰ আৱাসত বসতি কৰা সন্তৰাই ঘৰত সম্পৰ্কীয় আৰু চুবুৰীয়াৰ হাতত ল’ৰা-ছোৱালীৰ জিম্মা দি আহিছে। তেওঁ তন্তুৰ দ’ম এটাৰ পৰা তন্তুবোৰৰ জঁট ভঙা কামত ব্যস্ত।

সাৰংগা আৰু সান্তৰা দুজনেই গুজৰাটৰ ৰাজভোই সম্প্ৰদায়ৰ লোক। ৰাস্তাৰ দাঁতিৰ যিমান কাপোৰৰ কল আছে, তাৰপৰা তন্তু কিনি কিনি তেওঁলোকে আহমেদাবাদৰ পৰা সুৰাট পায়গৈ। এই তন্তুৰে ৰছী বনোৱা হয়। কামৰ তাগিদাত ৰাতি এঘাৰ বজাত ঘৰ এৰে আৰু পিছদিনা আবেলি উভতে। তেওঁলোকে নিজৰ সৰু সৰু ল’ৰা-ছোৱালীকেইটাক সম্পৰ্কীয় আৰু চুবুৰীয়াৰ দায়িত্বত থৈ যায়।

তেওঁলোকে ৰাতি উঠা ৰেলবোৰ গন্তব্যস্থল পাওতে মাজনিশা ১-২ বাজে। ফলত প্লেটফৰ্মতেই তেওঁলোকে আশ্ৰয় ল’বলৈ বাধ্য হয়। সদায় তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। “ধৰি-বান্ধি থানালৈ লৈ যায়, ক’ৰপৰা আহিছো জেৰা কৰে। পুলিচে গৰীৱ মানুহ দেখিলেই ধৰি নিয়ে,” কৰুণাবাইয়ে কয়। “ধৰি নিবলৈ মন গ’লেই ধৰি নিয়ে।”

কৰুণা, সান্তৰা আৰু সাৰংগা ৰাজভোইৰ ঘৰ লগা-লগি। ভাটভাৰ চৰ মালিয়া পৌৰ আৱাসত তেওঁলোক থাকে। ঘৰত নিয়মিত পানী নাহে, বৰ্জ্য পানী ওলাই যোৱা বাট নাই। বিদ্যুতৰ সংযোগ নাছিল, বহুত যুঁজাৰ পিছতহে পালে।

Santra Rajbhoi (left) belongs to the Rajbhoi nomadic community in Gujarat. Women in this community – including Saranga (seated) and Saalu – practice the traditional occupation of rope-making
PHOTO • Umesh Solanki
Santra Rajbhoi (left) belongs to the Rajbhoi nomadic community in Gujarat. Women in this community – including Saranga (seated) and Saalu – practice the traditional occupation of rope-making
PHOTO • Umesh Solanki

সান্তৰা ৰাজভোই (বাওঁফালে) গুজৰাটৰ ৰাজভোই যাযাবৰ জনজাতিৰ লোক। এই একেটা সম্প্ৰদায়ৰ মহিলা সাৰংগা (বহি থকাগৰাকী) আৰু সালু ৰাজভোইয়ে ৰছী বনোৱা কাম কৰে, এয়া তেওঁলোকৰ পৰম্পৰাগত জীৱিকা

Left: Karuna Rajbhoi and others twist strands of fibre into a rope.
PHOTO • Umesh Solanki
Right: Char Maliya building complex in Vatva, Ahmedabad, where the women live
PHOTO • Umesh Solanki

বাওঁফালে: লগৰীয়াৰ লগত লগ লাগি তন্তু পকাই পকাই ৰছী বনাইছে কৰুণা ৰাজভোইয়ে। সোঁফালে: এই মহিলাসকল আহমেদাবাদৰ ভাটভাৰ চাৰ মালিয়া আবাসৰ বাসিন্দা

ৰাজভোই জনগোষ্ঠীৰ মহিলাই ৰছী বনায়, আনফালে পুৰুষে কাণৰ মলি চাফা কৰা কাম কৰে। বহুত সংগ্ৰাম স্বত্ত্বেও এই সম্প্ৰদায়টোৱে স্বীকৃতি পোৱা নাই, ফলত চৰকাৰী সুযোগ-সুবিধাৰ পৰাও তেওঁলোক বঞ্চিত হৈ আছে। জীৱনযাত্ৰাৰ মানদণ্ডও উন্নত হোৱা নাই। ৰাজভোই যাযাবৰ যদিও “নিগম (গুজৰাট যাযাবৰ আৰু বিমুক্ত জনজাতিৰ কল্যাণ সমিতি)ৰ হাতত আমাৰ তালিকা নাই,” সম্প্ৰদায়টোৰ মুখীয়া ৰাজেশ ৰাজভোইয়ে কয়। যাযাবৰ সম্প্ৰদায়সমূহৰ বাবে কাম-কাজৰ সুযোগ তথা আন যোজনাৰ সুবিধা লাভ কৰাটো অতিকৈ মেৰপেচ লগা কাম। “আমাক ৰাজভোইৰ ঠাইত ভোইৰাজ বুলি তালিকাবদ্ধ কৰা হৈছে, সেয়ে চৰকাৰী কাম লাভৰ ক্ষেত্রত অসুবিধাৰ সৃষ্টি হয়।”

তাৰোপৰি গুজৰাটৰ চৰকাৰী ৱেবছাইটত থকা ২৮ টা যাযাবৰ জনজাতিৰ ১২ টা বিমুক্ত জনগোষ্ঠীৰ নামতালিকাত ৰাজভোই কিম্বা ভোইৰাজৰ নাম নাই। গুজৰাটৰ ভোই জনজাতিৰ নাম ভাৰতৰ বমুক্ত জনজাতি, যাযাবৰ সম্প্ৰদায় তথা অৰ্দ্ধ-যাযাবৰ জনগোষ্ঠীৰ খছৰা তালিকাত থাকিলেও (সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰীলয়) গুজৰাটত এই জনজাতিৰ লোক অনান্য পিছপৰা শ্ৰেণী হিচাপেহে অন্তৰ্ভুক্ত। “গুজৰাটৰ বাহিৰৰ লোকে আমাক সলাত-ঘেৰা বুলিও কয়, তেওঁলোক যাঁত আৰু শান বনাই জীৱিকা নিৰ্বাহ কৰে,” ৰাজেশ ভাইয়ে কয়। সলাট-ঘেৰা জনজাতিটোও এটা যাযাবৰ জাতি আৰু ৱেবছাইটত তেনেকৈয়ে উল্লেখ আছে।

*****

ৰছী বনোৱা তন্তুৰ সন্ধানত মহিলাসকলে সুৰাটৰ ইটোৰ পৰা সিটো কাৰখানা ঘূৰি ফুৰে। “ভাটভাৰ পৰা মণিনগৰ আৰু মণিনগৰৰ পৰা কিম। বিশ টকা দৰত মাল কিনো,” তামোল চোবাই চোবাই সাৰংগা ৰাজভোইয়ে কয়। ইফালে হাতেৰে তেওঁ তন্তু পকোৱা কাম কৰি গৈছে।

আহমেদাবাদৰ মণিনগৰৰ পৰা সুৰাট জিলাৰ দূৰত্ব প্ৰায় ২৩০ কিলোমিটাৰ। ৰেলগাড়ীত যোৱাত বাদে তেওঁলোকৰ হাতত আন উপায় নাই। ৰেলৰ ভাৰা বেছি। কিন্তু ওঠৰ ফাঁকেৰে বৈ অহা তামোলৰ ৰস মচি সাৰংগাই হাঁহি মাৰি কয়, “আমি টিকট নিকিনো।” কিম ৰেলৱে ষ্টেছনৰ পৰা তেওঁলোকে ৰিক্সাত উঠি ইটোৰ পৰা সিটো কাপোৰকললৈ যায়।

“কটা-চিঙা হোৱা তন্তুবোৰ একাষৰীয়াকৈ ৰখা হয়। কাৰখানাৰ শ্ৰমিকে সেয়া আমালৈ বিক্ৰী কৰে নাইবা ভঙা-চিঙাত বিক্ৰী কৰে। তেওঁলোকে গৈ আকৌ আমাকে দিয়ে,” ৪৭ বৰ্ষীয় গীতা ৰাজভোইয়ে কয়। কিন্তু সকলো তন্তু তেওঁলোকৰ কামত নাহে, কৰুণাই কয়। “কপাহী তন্তু আমাৰ কামত নাহে। কেৱল ৰেচন (সংশ্লেষিত ৰেচমী সূতা)হে আমাৰ কামত আহে আৰু কিমতহে এনে সূতাৰ কাম কৰা ফেক্টৰি আছে।”

Left: Saranga (left) and Karuna (right) on a train from Maninagar to Nadiad.
PHOTO • Umesh Solanki
Right: Women take a night train to Nadiad forcing them to sleep on the railway platform from 12:30 a.m. until dawn
PHOTO • Umesh Solanki

বাওঁফালে: মণিনগৰৰ পৰা ৰেলত নড়িয়াদলৈ গৈছে সাৰংগা (বাওঁফালে) আৰু কৰুণা (সোঁফালে)। সোঁফালে: মহিলাবোৰে ৰাতিৰ ৰেল ধৰি নড়িয়াদ পায়গৈ ১২.৩০ বজাত, ৰাতিখন ক’লৈকো যাব নোৱাৰে বাবে প্লেটফৰ্মতেই শুই থাকে

Left: The women have tea and snacks outside the railway station early next morning.
PHOTO • Umesh Solanki
Right: Karuna hauls up the bundles of rope she hopes to sell the following day
PHOTO • Umesh Solanki

বাওঁফালে: ৰাতিপুৱা মহিলাসকলে ষ্টেছনৰ বাহিৰত চাহ আৰু বিস্কুট খাইছে। সোঁফালে: কৰুণাই কোনোমতে টালি-টোপোলা কৰি ৰছীবোৰ নিছে, এটাই আশাত যে পিছদিনা বিক্ৰী হ’ব

প্ৰায়ভাগেই কেঁচামালবোৰ জঁট লাগি থাকে, সেইবোৰৰ দাম কম, গীতাই কয়। এক কিলোত ১৫ৰ পৰা ২৭ টকা হয়। চোফা, বিচনা আৰু গাৰু আদিত ব্যৱহাৰ বগা তন্তুৰ দাম বেছি, কিলোত ৪০ টকা।

“এগৰাকী মহিলাই ১০০ কিলোগ্ৰাম পৰ্য্যন্ত আনিব পাৰে। কিন্তু আনে মাত্ৰ ২৫ কিলোমান, কেতিয়াবা তাতোকৈ কম, ১০ কিলো,” সান্তৰাই কয়। কিন্তু সেইখিনিৰ বেছি পাব বুলি তাৰ নিশ্চয়তা নাই। কিনা মানুহ বহুত, কিন্তু সেই পৰিমাণে কেঁচামাল নাথাকে।

কিমৰ পৰা মাল আহমেদাবাদলৈ আনিবলৈ তেওঁলোকে “কিমৰ ফেক্টৰিবোৰত ঘূৰি ঘূৰি মালখিনি কিনি ষ্টেছনলৈ লৈ আহিব লাগে,” সাৰংগাই বুজাই কয়।

ষ্টেছনত ভৰি দিয়া মাত্ৰকে ৰেলকৰ্মীৰ নজৰ পৰে তেওঁলোকৰ ডাঙৰ ডাঙৰ টোপোলাবোৰত। “সিহঁতে আমাক ধৰিলে কেতিয়াবা আমি যে দৰিদ্ৰ, সেইকথা ক’লে এৰি দিয়ে। কিন্তু কেতিয়াবা আঁকোৰগোজ বিষয়াই দেখিলে আমি ১০০-২০০ টকা দিবলগীয়া হয়,” কৰুণা ৰাজভোইয়ে কয়। “প্ৰতিবাৰে আমি এহেজাৰ টকাৰ মাল কিনিলে তাৰে তিনিশ টকা যাতায়াতৰ নাম খৰছ কৰিবলগীয়া হয়।” তেওঁলোকে কেঁচামাল সংগ্ৰহ কৰিব পাৰক বা নোৱাৰক, ৩০০ টকা খৰছ হ’বই।

৩০ হাত দীঘল ৰছী এডাল ৮০ টকাত বিক্ৰী হয় আৰু ৫০ হাত দীঘল ৰছীত ১০০ টকা পোৱা যায়।

ৰছী নিৰ্মাতা মহিলাসকলে লগত ৪০-৫০ ডাল ৰছী লৈ ফুৰে। কেতিয়াবা লগত থকা আটাইখিনি বিক্ৰী হয়, কেতিয়াবা সৰু চহৰ যেনে মাহেমদাবাদ, আনন্দ, লিম্পাসি, তাৰাপুৰ, কঠলাল, খেড়া, গোবিন্দপুৰা, মাতৰ, চাংগা, পাল্লা আৰু গোমতিপুৰৰ দৰে সৰু সৰু চহৰ বা মফচলীয়া ঠাইত ঘূৰি ফুৰিলেও বিশডালৰ ওপৰত বিক্ৰী নহয়।

Left: Using one of the ropes, Karuna demonstrates how to tie a loop used to tether animals.
PHOTO • Umesh Solanki
Right: The women begin the day setting shop near a dairy; they hope to sell their ropes to cattle owners
PHOTO • Umesh Solanki

বাওঁফালে: ৰছী এডালেৰে কেনেকৈ পঘা বনাব লাগে, সেয়া দেখুৱাইছে কৰুণা ৰাজভোইয়ে। সোঁফালে: মহিলাসকলে গাখীৰ দোকানৰ কাষত আহি বহি দিনটো আৰম্ভ কৰে

Left: As the day progresses, Karuna and Saranga move on to look for customers in a market in Kheda district.
PHOTO • Umesh Solanki
Right: At Mahemdabad railway station in the evening, the women begin their journey back home
PHOTO • Umesh Solanki

বাওঁফালে: বেলা ভাতি দিলে কৰুণা আৰু সাৰংগাই খেড়া জিলাৰ বজাৰ এলেকাত গ্ৰাহক বিচাৰি যায়। সোঁফালে: মাহেমদাবাদ ৰেলৱে ষ্টেছনত সন্ধিয়াৰ পৰত মহিলাসকলে ঘৰমুৱা যাত্ৰাৰ বাবে ৰেললৈ অপেক্ষা কৰিছে

“ৰছী বনাবলৈ বহুত খাটনি লাগে, সেয়া বেচিবলৈ আকৌ নড়িয়াদ বা খেড়া আদি গাঁৱে-ভূঞে যোৱাৰ খৰছ আছেই। তাকো মানুহে দাম দিব নোখোজে, ১০০ টকা বিচাৰিলে ৫০-৬০ টকা দিব খোজে,” সাৰংগাই কয়। তাতে আকৌ অহা-যোৱা কৰা, লগতে কেতিয়াবা জৰিমনা ভৰাৰ নামত পইচা যাব আছেই।

ৰছী বনোৱা কামটোত খাটনি বহুত। তাতে আকৌ ঘৰুৱা কামবোৰৰ মাজত সেই কাম কৰিব লাগে। “জব নাল আতা হ্যে তব উঠ যাতে হ্যে (নলত পানী আহিলে উঠি যাও),” অৰুণা ৰাজভোইয়ে কয়।

বাহিৰা কাম কৰিবলৈ ঘৰবোৰ সৰু, ৰছী বনোৱা কামটো কৰিবলৈ ঠাই নাটে। সেয়ে মুকলি আকাশৰ তলত বহি কাম কৰিবলৈ বাধ্য হয় মহিলাসকল। প্ৰখৰ ৰ’দত বহাৰ বাদে উপায় নাথাকে। “ৰাতিপুৱা ৭ বজাৰ পৰা দুপৰীয়া পৰ্যন্ত খাটি খাটি, পিছবেলা আকৌ দুটা বজাৰ পৰা সন্ধিযা চাৰে পাঁচ বজালৈ আমি কাম কৰোঁ,” তেওঁ কয়। “গৰমৰ দিনকেইটা দীঘল কাৰণে বেছি ৰছী বনাব পাৰো - দিনে প্ৰায় ২০-২৫ ডাল, কিন্তু শীতকালত দিন ছুটি, তেতিয়া প্ৰায় ১০-১৫ ডাল বনাব পাৰো,” ৰূপাই কয়।

হাতেৰে ঘূৰোৱা এটা সৰু চকৰি আৰু ডাঙৰ যঁতৰ - এই দুটাই তেওঁলোকৰ ব্যৱসায়ৰ মূল বস্তু।

এজনীয়ে যঁতৰ ঘূৰায়, আনজনে তন্তুখিনি ধৰি থাকে যাতে আঁহবোৰ জঁট লাগি নাযায়। আকৌ আন এগৰাকী মহিলা থাকে ৰছীৰ শেষৰফালে। একেলগে তিনি-চাৰিজন মিলি কামটো কৰে। সাধাৰণতে পৰিয়ালৰ সদস্যবৰ্গই একলগ হৈ কাম কৰে। সৰ্বিলা ৰাজভোইয়ে কয, “যঁতৰটো ঘূৰাই থাকিব লাগে, তন্তুবোৰ পাক খাই নিজে নিজে পাক খাই সূতা হৈ পৰে। তাৰপিছত তিনিগছা সূতা একলগ কৰি পকাই আমি ৰছী বনাও,” তাৰোপৰি এই কথাও তেওঁ কয় যে ১৫-২০ হাজৰ এডাল ৰছী নিৰ্মাণ কৰোঁতে অতিকমেও ৩০-৪০ মিনিট সময় লাগে। গড় হিচাপত ৰছীৰ কাৰিগৰৰ এটা দলে দিনে ৮-১০ ডাল ৰছী বনাব পাৰে, কেতিয়াবা ২০ ডালো বনাব পাৰে। অৰ্ডাৰ পালে তেওঁলোকে ৫০-১০০ ফুট দৈৰ্ঘ্যৰ ৰছীও বনায়।

The Rajbhoi women buy a variety of discarded resam (synthetic) fibre from textile factories in Surat district and carry it back to Ahmedabad via train. The coloured fibre is cheaper and costs around Rs. 15 to 27 a kilo
PHOTO • Umesh Solanki
The Rajbhoi women buy a variety of discarded resam (synthetic) fibre from textile factories in Surat district and carry it back to Ahmedabad via train. The coloured fibre is cheaper and costs around Rs. 15 to 27 a kilo
PHOTO • Umesh Solanki

সুৰাট জিলাৰ বিভিন্ন কাপোৰৰ কলৰ পৰা বিভিন্ন ৰঙৰ সংশ্লেষিত ৰেচমী তন্তু কিনি ৰেলগাড়ীৰে আহমেদাবাদলৈ ঘূৰি আহে ৰাজভোই সম্প্ৰদায়ৰ মহিলাসকলে। ৰংচঙীয়া তন্তু সাধাৰণতে সস্তা, দাম প্ৰতিকিলোত ১৫ টকাৰ পৰা ২৭ টকা পৰ্য্যন্ত

ভোই সম্প্ৰদায় ঘাইকৈ সৌৰাষ্ট্ৰ অঞ্চলৰ বাসন্দা। ১৯৪০ৰ দশকত ভগৱদগোমণ্ডল নামে গুজৰাটী অভিধান অনুসৰি ভোই সম্প্ৰদায়টো শূদ্ৰবৰ্ণৰ অন্তৰ্গত। তেওঁলোক অনুন্নত শূদ্ৰ জাতিৰ, চামৰাৰ কাম কৰিছিল। কিন্তু সংখ্যাগৰিষ্ঠ জৈন সমাজৰ ফালৰ পৰা পশুহত্যাৰ উপৰি হিংসাত্মক প্ৰতিবাদৰ সন্মুখীন হোৱাত তেওঁলোকৰ বহুতেই কৃষি আৰু অনান্য জীৱিকা বাচি ল’বলগীয়া হয়। ভোইৰাসকল সৰু সৰু ভাগত বিভক্ত হৈ পৰে আৰু গোষ্ঠোবোৰে নিজা নিজা নাম পায়। এনেকুৱাও হ’ব পাৰে যে ৰাজভোইসকল পাল্কিবাহকো আছিল।

ৰাজভোই মহিলাসকলৰ হাড়ভঙা শ্ৰম আৰু উদ্যোগৰ কথা হাঁহি মাৰি উৰুৱাই দিয়ে তেওঁলোকৰ সম্প্ৰদায়ৰ পুৰুষসকলে। ভানু ৰাজভোইৰো একেই কথা। তেঁও কয় যে এইসকল মহিলাই যিমানখিনি উপাৰ্জন কৰে, সেইখিনি “বিশেষ একো কামত নাহে। ঘৰুৱা খৰছ অলপ ওলায়।” সেয়া নহৈনো কি হ’ব। বৰ্ণপ্ৰথা অনুসৰি যি পেছা পোৱা যায়, সেইৰে “অলপ-চলপ ঘৰৰ খৰছৰ বাদে” আন একোৱে কৰা সম্ভৱ নহয়।

কিন্তু গীতা ৰাজভোইৰ বাবে এই কাম দৰমহা পোৱা কামতকৈ বহুত ভাল। তেওঁৰ কথাত সেয়া স্পষ্ট হৈ পৰে, তেওঁ কয়, “দশমমানৰ পিছত দ্বাদশ, তাৰপিছত কলেজ। তাৰ পিছতহে চাকৰি পোৱা যায়। তাতকৈ ভাল নিজেই বেপাৰত ধৰো।”

Kajal (seated) and Rupa Rajbhoi untangle the collected fibre. Making ropes is exhausting work that the women do in between household chores
PHOTO • Umesh Solanki

সংগ্ৰহ কৰি অনা তন্তুবোৰৰ জঁট ভাঙিছে কাজল (বহি থকাগৰাকী) আৰু ৰূপা ৰাজভোইয়ে। ৰছী নিৰ্মাণ বৰ খাটনিৰ কাম, ঘৰ-সংসাৰ চলোৱাৰ মাজতে সুৰুঙা উলিয়াই এই কাম কৰি থাকে মহিলাসকলে

The process requires collective effort. One woman spins the wheel while another keeps the strands from getting tangled
PHOTO • Umesh Solanki

লগে-ভাগে নকৰিলে এই কাম সম্ভৱ নহয়। এজনে যঁতৰ ঘূৰায়, আনজনে জঁট ভাঙে

A small hand wheel and a large fixed spinning wheel are two important tools of their trade
PHOTO • Umesh Solanki
A small hand wheel and a large fixed spinning wheel are two important tools of their trade
PHOTO • Umesh Solanki

এই কামৰ দুটা অন্যতম গুৰুত্বপূৰ্ণ সৰঞ্জাম - হাতেৰে ঘূৰোৱা এটা চকৰী, আৰু ডাঙৰ এটা যঁতৰ

Rupa Rajbhoi attaches a length of twisted fibre to the larger spinning wheel
PHOTO • Umesh Solanki

ডাঙৰ চকৰীত তন্তু পকাইছে ৰূপা ৰাজভোইয়ে

As their homes are too small to accommodate the work, the women work in the open with no protection from the sun
PHOTO • Umesh Solanki

কাম কৰিবলৈ ঘৰবোৰ সৰু হোৱাৰ বাবে মহিলাসকলে ৰ’দতেই কাম কৰে, উপায় না থাকে

The women work from seven in the morning to five-thirty in the afternoon with a short break in between. They manage to make anywhere from 10-25 ropes in a day depending on the season
PHOTO • Umesh Solanki

ৰাতিপুৱা ৭ বজাৰ পৰা আবেলি ৫:৩০ বজালৈ দিনটো কাম কৰে মহিলাসকলে, মাজত সামান্য বিৰতি লয়। দৈনিক ১০-২৫ ডাল ৰছী বনায়, সঠিক সংখ্যা বতৰৰ ওপৰত নিৰ্ভৰশীল

(From left to right) Saalu, Baby, Saranga and Bharti at work
PHOTO • Umesh Solanki

(বাওঁফালৰ পৰা সোঁফালে) কৰ্মব্যস্ত চালু, বেবী, সাৰংগা আৰু ভাৰতী

The women’s hard work is often brushed off by male members of the community saying, ‘It just helps a little with their household expenses’
PHOTO • Umesh Solanki

মহিলাৰ এই কষ্টকৰ কামবোৰ প্ৰায়ে পুৰুষসকলে গুৰুত্বসহকাৰে নলয়, কথাতে উৰুৱাই দিয়ে, ‘ঘৰৰ সৰু-সুৰা খৰছ ওলায়,’ তেওঁলোকে কয়

Although it doesn’t earn them a lot of money, some women consider having their own business easier than trying to look for a salaried job
PHOTO • Umesh Solanki

আয় ইমান এটা ভাল নহয়, কিন্তু চাকৰি বিচাৰি ফুৰাতকৈ এই নিজাকৈ এই কাম কৰাই ভাল বুলি তেওঁলোকৰ মাজৰ কিছুমানে বিবেচনা কৰে

প্ৰতিবেদকে আতিশ ইন্দ্ৰেকাৰ ছাৰাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদ: পংকজ দাস

Umesh Solanki

Umesh Solanki is an Ahmedabad-based photographer, reporter, documentary filmmaker, novelist and poet. He has three published collections of poetry, one novel-in-verse, a novel and a collection of creative non-fiction to his credit.

Other stories by Umesh Solanki
Editor : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

Other stories by PARI Desk
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das