“বাৰিষাৰ আগেয়ে গাওঁসভাৰ ভৱনটো মেৰামতি কৰিব পাৰিলে বৰ ভাল হ’ব,” লুপুংপাটৰ গঞালৈ বুলি সৰিতা অসুৰে কয়।

কিছুসময় আগতে ধোল বজাই ঘোষণা কৰাৰ পিছতে গাঁৱৰ সভাখন আৰম্ভ হৈছে মাত্ৰ। গাওঁসভাৰ দুমহলীয়া ভৱনটোত গাঁৱৰ পুৰুষ-মহিলা একত্ৰিত হৈছে। তাতেই সৰিতাই ভৱনটো মেৰামতিৰ বাবে পুঁজিৰ কথা উল্লেখ কৰিছে।

ঝাৰখণ্ডৰ গুমলা জিলাৰ এই গাওঁখনৰ মানুহে ততালিকে সৰিতাৰ প্ৰস্তাৱ সমৰ্থন কৰিছে।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন হকী খেলুৱৈজনে এইজন প্ৰতিবেদকক কয়, “এতিয়া আমি আমাৰ সমস্যা সমাধানৰ বাবে দায়িত্ব ল’ব লাগিব আৰু গাওঁসভাই আমাৰ গাওঁখনৰ উন্নয়ন সাধিব পাৰিব। গাওঁসভাখনে আমাক সকলোকে, বিশেষকৈ মহিলাসকলক সবলীকৃত কৰিছে,” সৰিতাই কয়।

Left: Sarita Asur outside the gram sabha secretariat of Lupungpat village.
PHOTO • Purusottam Thakur
PHOTO • Purusottam Thakur

বাওঁফালে: লুপুংপাট গাঁৱৰ গাওঁসভাৰ কাৰ্য্য়ালয়ৰ বাহিৰত সৰিতা অসুৰ। সোঁফালে: জল সুৰক্ষা, শিক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত গাওঁসভাৰ বৈঠক বহিছে, সোঁফালে: গাওঁসভাত জলসংকট, শিক্ষা আৰু স্বাস্থ্যসেৱা বিষয়ক সমস্যাক লৈ আলোচনা চলিছে

লুপুংপাটৰ এই সক্ৰিয় গাওঁসভাখনৰ কথা গোটেই ঝাৰখণ্ডতে জনজাত। জিলা সদৰৰ পৰা এঘণ্টাৰ বাট আৰু ঝাৰখণ্ডৰ ৰাজধানী চহৰ ৰাঁচীৰ পৰা ১৬৫ কিলোমিটাৰ দূৰৰ এই দূৰণিবটীয়া গাওঁখনলৈ অহা বাট দুৰ্গম। এখন অৰণ্যৰ মাজত অৱস্থিত এইখন গাঁৱলৈ আহিবলৈ প্ৰথমে এখন পাহাৰ বগাব লাগিব আৰু তাৰপিছত এটা কেঁচা বাটেৰে যাব লাগিব। ৰাজহুৱা পৰিবহনৰ বাছ সহজে উপলব্ধ নহয় যদিও অটো আৰু সৰু বাহন মাজে-সময়ে পোৱা যায়।

গাওঁখনত অসুৰ সম্প্ৰদায়ৰ প্ৰায় ১০০ টা পৰিয়াল আছে। তেওঁলোকে বিশেষভাৱে বিপন্ন জনজাতীয় গোষ্ঠী বুলি তালিকাভুক্ত কৰা হৈছে। গুমলাৰ উপৰিও জনজাতিৰ বসতি ৰাজ্যখনৰ লোহাৰডাঙা, পালামু আৰু লাটেহাৰ জিলাত বিস্তৃত হৈ আছে আৰু ৰাজ্যখনত তেওঁলোকৰ জনসংখ্যা ২২,৪৫৯ জন ( ভাৰতত অনুসূচিত জনজাতিৰ পাৰিসাংখ্যিক ৰূপৰেখা, ২০১৩ )।

গাওঁখনৰ অৰ্দ্ধেকসংখ্যক লোকহে শিক্ষিত, কিন্তু গাওঁসভাত সকলো সিদ্ধান্ত লিখিত ৰূপত ৰখা হয়। “সকলো কথাই লিখি ৰখা হয়। বিষয়সূচী সাজু কৰি লৈ ৰাইজৰ সমস্যাবোৰ আলোচনা কৰা হয়,” এগৰাকী সক্ৰিয় যুৱ নেত্ৰী আৰু প্ৰাক্তন ফুটবল খেলুৱৈ সঞ্চিত অসুৰে কয়। “গাওঁসভাখন পুৰুষ-মহিলা সকলোৰে,” লিংগ সমতাৰ দিশে অগ্ৰসৰ হোৱা কমিটিখনৰ প্ৰসংগত তেওঁ কয়।

সৰিতাই কয় যে আগতে গাওঁসভাৰ বৈঠকবোৰত কেৱল পুৰুষ উপস্থিত আছিল। “কি আলোচনা হয়, সেয়া মহিলাসকলে জানিব পৰা নাছিল,” প্ৰাক্তন ৰাষ্ট্ৰীয় হকী খেলুৱৈগৰাকীয়ে কয়। বৈঠকবোৰ গাঁৱৰ পৰিয়ালৰ মাজত হোৱা বাদ-বিবাদক লৈয়ে হৈছিল।

“কিন্তু এতিয়া আৰু তেনেকুৱা নহয়। আমি সকলোৱে গাওঁসভাৰ বৈঠকবোৰত ভাগ লওঁ আৰু প্ৰতিটো সমস্যা আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মন্তব্য আগবঢ়াও,” সৰিতাই সন্তোষৰ ভাৱত কয়।

Gram sabha meetings are attended by all, irrespective age, gender and status
PHOTO • Purusottam Thakur
Right: Earlier the village depended on this natural stream of water, and women had to travel daily to collect water for their homes
PHOTO • Purusottam Thakur

বয়স, লিংগ আৰু সামাজিক স্থিতি নিৰ্বিশেষে সকলোৱে গাওঁসভাৰ বৈঠকত ভাগ লয়। সোঁফালে: আগতে গাঁৱৰ মানুহখিনি পানীৰ এই প্ৰাকৃতিক উৎসৰ ওপৰতে নিৰ্ভৰশীল আছিল, মহিলাই পানী বহু দূৰৰ পৰা কঢ়িয়াই আনিবলগীয়া হৈছিল

Water is an important issue in Lupungpat, and one that the gram sabha has looked into. A n old well (left) and an important source of water in the village
PHOTO • Purusottam Thakur
Water is an important issue in Lupungpat, and one that the gram sabha has looked into. A n old well (left) and an important source of water in the village
PHOTO • Purusottam Thakur

লুপুংপাটৰ বাবে পানী এক ডাঙৰ সমস্যা আৰু গাওঁসভাই এই বিষয়ক গুৰুত্ব সহকাৰে লৈছে। গাওঁখনৰ বাবে পানীৰ এক অতিশয় গুৰুত্বপূৰ্ণ উৎস এইটো কুঁৱা (বাওঁফালে)

গাঁৱৰ কিছুমানে কয় যে তেওঁলোকে গাওঁসভাত তেওঁলোকৰ অংশগ্ৰহণক লৈ কেৱল ভাল পোৱাই নহয়, বহু মৌলিক সমস্যা সমাধানো বৈঠকৰ যোগেদি কৰিব পাৰিছে। “আমি আমাৰ পানীৰ সমস্যা সমাধান কৰিছো। আগতে মহিলাই পানীৰ বাবে বহুদূৰ যাবলগীয়া হৈছিল। এতিয়া গাঁৱৰ প্ৰতিটো ৰাস্তাতে পানী যোগান ধৰা হয়। ৰেচন আনিবলৈ আগতে আন গাঁৱলৈ যাবলগীয়া হৈছিল, এতিয়া ওচৰতে পাইছো,” বেনেডিক্ট অসুৰে কয়। “কেৱল সেয়াই নহয়, আমি আমাৰ গাওঁখন খননৰ পৰাও বচাইছো।”

গাঁৱৰ মানুহে মনত পেলায় কেনেকৈ বাহিৰৰ মানুহ আহি তেওঁলোকৰ গাঁৱত বক্সাইটৰ খননক লৈ সমীক্ষা চলাইছিল, গাঁৱৰ মানুহৰ সৈতে কথা পাতিছিল। তেতিয়া সকলো সচকিত হৈ পৰিছিল আৰু গাঁৱৰ মানুহে লগ লাগি তেওঁলোকক খেদি পঠিয়াইছিল।

লুপুংপাটৰ গঞা ৰাইজে গাওঁসভাৰ কমিটিখনৰ উপৰিও কেবাখনো কমিটি বনাইছে – মৌলিক আন্তঃগাঁথনি, জনসম্পদ, কৃষি, স্বাস্থ্য, গাওঁ সুৰক্ষা, শিক্ষা আৰু তদাৰকী – এই সকলো বিষয়ক লৈ গাওঁখনত এখন এখন কমিটি বনোৱা হৈছে।

“প্ৰতিখন কমিটিয়ে নিৰ্ধাৰিত বিষয়ক লৈ আলোচনা কৰে আৰু হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে। তাৰপিছত তেওঁলোকে সেই সিদ্ধান্তৰ কথা লিখিত ৰূপত মৌলিক আন্তঃগাঁথনি কমিটিলৈ প্ৰেৰণ কৰে আৰু তাৰপিছত সেয়া যায় গাওঁ বিকাশ কমিটিলৈ,” গাওঁসভাৰ সদস্য খ্ৰীষ্ট’ফাৰে বুজাই কয়। “স্থানীয় পৰ্য্যায়ত যদি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া মজবূত কৰোঁ, তেতিয়া কল্যাণ আৰু সামাজিক ন্যায় নিশ্চিত হ’বই,” আজীম প্ৰেমজী ফাউণ্ডেচনৰ চেণ্টাৰ ফৰ ডেভলপমেণ্টৰ মুৰব্বী অধ্যাপক অশোক চিৰকাৰে কয়।

গাওঁসভাৰ কমিটিখন গাঁৱৰ সকলোলৈ মুকলি, তেওঁলোকে সিদ্ধান্ত লয় আৰু সেয়া গাওঁবুঢ়া আৰু ৱাৰ্ডৰ সদস্যই চেইনপুৰত থকা খণ্ড উন্নয়ন কাৰ্য্যালয়ত দাখিল কৰে।

Left: Educating their children is an important priority. A group of girls walking to school from the village.
PHOTO • Purusottam Thakur
Right: Inside Lupungpat village
PHOTO • Purusottam Thakur

বাওঁফালে: ল’ৰা-ছোৱালীক শিক্ষিত কৰাটো গঞাৰ বাবে এক অগ্ৰাধিকাৰৰ বিষয়। গাঁৱৰ স্কুললৈ বুলি এজাক ছোৱালী। সোঁফালে: লুপুংপাট গাঁৱত

“সামাজিক পেঞ্চন, খাদ্য সুৰক্ষা আৰু ৰেচন কাৰ্ড আদি যি আঁচনিয়েই নাহক, গাওঁসভাই অনুমোদন দিয়ে আৰু তাৰপিছত কাম আৰম্ভ হয়,” গুমলা জিলাৰ চেইনপুৰ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ড. শিশিৰ কুমাৰ সিঙে কয়।

ক’ভিডৰ সময়ত বহু প্ৰব্ৰজনকাৰী শ্ৰমিক গাঁৱলৈ ঘূৰি আহিছিল আৰু তেতিয়া গাওঁসভাই কোৱাৰেণ্টাইন কেন্দ্ৰ এটাৰ ব্যৱস্থা কৰি দিছিল। লগতে খাদ্য, পানী আৰু দৰৱ-পাতি আদিৰো সুবিধা কৰিছিল।

স্কুল এৰা বা অনিয়মীয়া ল’ৰা-ছোৱালীৰ বাবে গাওঁসভাৰ অধীনত থকা  শিক্ষা সমিতিয়ে বিশেষ এটা সমাধানসূত্ৰ বিচাৰি উলিয়াইছে: “আমি তেনে শিক্ষাৰ্থীৰ বাবে গাঁৱৰ এজন শিক্ষিত ল’ৰা বা ছোৱালীক দায়িত্ব দিছো। প্ৰতিটো পৰিয়ালে প্ৰতিজন শিশুৰ বাবে সেইজন যুৱক বা যুৱতীক প্ৰতিদিনে এটকাকৈ দিয়ে,” ব্যৱস্থাটো খ্ৰীষ্ট’ফাৰ অসুৰে বুজাই কয়।

“আগতে গাওঁসভাৰ নামত খণ্ড বিষয়াসকলে ৰেজিষ্টাৰ বহী লৈ আহিছিল। হিতাধিকাৰী কোন হ’ব, কোনখন আঁচনি কাৰ্য্যকৰী কৰা হ’ব – এই সকলো বিষয়ত তেওঁলোকে সিদ্ধান্ত লৈছিল আৰু ৰেজিষ্টাৰ বহীখনত লিখি লৈ গৈছিল,” এনেকৈ সামাজিক আঁচনিৰ পৰা বহু যোগ্য পৰিয়াল আৰু লোক বঞ্চিত হোৱা প্ৰসংগত খ্ৰীষ্ট’ফাৰে কয়।

অৱশ্যে লুপুংপাট গাওঁসভাখন হোৱাৰ পৰা সকলো সলনি হৈছে।

অনুবাদ: পংকজ দাস

Purusottam Thakur

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker and is working with the Azim Premji Foundation, writing stories for social change.

Other stories by Purusottam Thakur
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das