“মই লাঠী এডালেৰে তাক মৰিয়ালো, কিন্তু সি জাঁপ মাৰি আহি মোৰ গল আৰু বাহুত নখ বহুৱালে। মই হাবিখনৰ চাৰি কিলোমিটাৰমান ভিতৰত আছিলো। তেজেৰে ৰাঙলী হৈ পৰিছিলো। থৰক-বৰক হৈ খোজ দিছিলো।” নাহৰফুটুকী বাঘৰ সেই আক্ৰমণৰ পাছৰ  দুটা সপ্তাহ বিশালৰাম মৰকামে হস্পিতালত কটাবলগীয়া হৈছিল। কিন্তু তেওঁৰ ম’হকেইটাৰ যে একো নহ’ল, তেওঁ তাতেই সুখী। “নাহৰফুটুকীটোৱে আনকি মোৰ কুকুৰকেইটাকো আক্ৰমণ কৰিছিল। সিহঁত পলাই সাৰিল,” তেওঁ কয়।

নাহৰফুটুকীৰ সেই আক্ৰমণ ২০১৫ হৈছিল। মৰকামে এতিয়া হাঁহি মাৰি কয় যে তেনেকৈ মৃত্যুক সন্মুখত তেওঁ আগে-পিছেও দেখিছে। চত্তিশগড়ৰ জবৰা অৰণ্যত ম’হ চৰাবলৈ যাওঁতে বাঘ, শিয়াল, বনৰীয়া কুকুৰ-গাহৰিৰো সন্মুখীন তেওঁ হৈছে। কেতিয়াবা শৰপহু, ফুটুকী হৰিণা আৰু বনৰীয়া ষাড়গৰুৰো পাইছে। গ্ৰীষ্মকালত যেতিয়া পিয়াহত আতুৰ প্ৰাণীয়ে হাবিত পানী বিচাৰি ভ্ৰমি ফুৰে, তেতিয়া ভোকাতুৰ চিকাৰীৰ মুখত পৰাৰ সম্ভাৱনা দুগুণ-তিনিগুণ বাঢ়ি যায়।

“মোৰ ম’হকেইটা নিজেই হাবিত চৰিবলৈ যায়। ঘূৰি নাহিলেহে মই সিহঁতক বিচাৰি যাওঁ,” মৰকামে কয়। “কেতিয়াবা ম’হকেইটা সন্ধিয়া ৪ বজালৈকে উভতি নাহে। ডাবল্ (শক্তিশালী) টৰ্চ এটা লৈ মই সিহঁতক ৰাতি জংগলত বিচাৰি যাওঁ।” কথাৰ মাজতে হাবিখনে তেওঁৰ ভৰি দুখনত দিয়া অসংখ্য দাগ আৰু পানীজোলাবোৰ দেখুৱায়।

প্ৰতিদিনে চৰণীয়া পথাৰ বিচাৰি বিচাৰি ম’হকেইটা ধামতাৰি জিলাৰ নাগ্ৰি টেহচিলৰ জবৰা গাঁৱৰ দাঁতিতে লাগি থকা ডাঠ হাবিখনত ৯-১০ কিলোমিটাৰ পৰ্য্যন্ত ভিতৰলৈ সোমাই যায়। “গ্ৰীষ্মকালত ঘাঁহ বিচাৰি সিহঁত হাবিৰ ভিতৰত তাতোকৈ দুগুণ গভীৰতাত সোমায়। এতিয়া আৰু হাবিৰ ঘাঁহ-বনৰ ওপৰত ভৰসা কৰিব নোৱাৰা হৈ পৰিছে, জীৱ-জন্তু ভোকত মৰিব,” মৰকামে কয়।

Vishalram Markam's buffaloes in the open area next to his home, waiting to head out into the forest.
PHOTO • Priti David
Markam with the grazing cattle in Jabarra forest
PHOTO • Priti David

বাওঁফালেঃ বিশালৰাম মৰকামৰ ঘৰৰ মুকলি ঠাইখিনিত চৰি থকা ম হকেইটা হাবিলৈ যাবলৈ সাজু সোঁফালেঃ জবৰাৰ হাবিত মৰকামে ম চৰাইছে

“মই সিহঁতৰ কাৰণে পাইৰা (চপোৱা শস্যৰ খেৰ) কিনি আনো, কিন্তু সিহঁতে হাবিত চৰি বনৰীয়া ঘাঁহ-বন খাই ঘূৰি ফুৰিব পাৰে,” মৰকামে কথাখিনি এনেকৈ কৈছে যেন সিহঁতবোৰ এজাক চঞ্চল শিশুহে। আৰু সকলো অভিভাৱকৰ হাতত যেনেকৈ সন্তানক ঘূৰাই অনাৰ কৌশল থাকে, তেনেকৈ তেওঁৰো আছে। যেনে ধৰক নিমখৰ এটা দ’ম যিটো সিহঁতে চেলেকি খাই ভাল পায়। তেওঁ সাধাৰণতে ৰাতি ৮ বজাৰ ভিতৰত সিহঁতক ঘৰলৈ আনে। চাৰিঠেঙীয়াহঁতৰ ঘৰ মানে গৰাকীৰ পকী বেৰৰ ঘৰটোৰ কাষতে ফেঞ্চ দিয়া মুকলি এটুকুৰা ঠাই।

জবৰাৰ ১১৭ ঘৰ পৰিয়ালৰ গৰিষ্ঠসংখ্যকেই গোণ্ড আৰু কমৰ আদিবাসী পৰিয়ালৰ, কেইঘৰমান যাদৱ আছে (অনান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভূক্ত)। গোণ্ড আদিবাসী সম্প্ৰদায়ৰ মৰকামে ৫,৩৫২ হেক্টৰজোৰা হাবিখন পাত পাতকৈ জানে। তেওঁ জীৱনৰ দুকুৰি দহ বছৰ সময় সেই হাবিখনৰ কাষতে কটাইছে। “স্থানীয় স্কুল এখনত ৫ম মানলৈ পঢ়িলো, তাৰপাছত ইয়াত খেতিৰ কামত ধৰিলো,” তেওঁ কয়।

চত্তীশগড়ৰ পূৰ্বাঞ্চলত স্থিত ধামতাৰি জিলাৰ ৫২ শতাংশ সংৰক্ষিত আৰু অভয়াৰণ্যৰে আৱৰি আছে। তাৰে প্ৰায় আধাখিনি ঘন অৰণ্য, ২০১৯ৰ ভাৰতৰ বন সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে। এই অৰণ্যত শাল আৰু চেগুন গছৰ উপৰিও তেজপাত, কৰদৈ, শিলিখা, ভোমোৰা, চন্দন, শাল, কুম আৰু মহুৱা আদি গছ ভৰি আছে।

বিগত বছৰবোৰত অপৰ্য্যাপ্ত বৰষুণ আৰু ক্ৰমে পাতল হৈ অহা কেনপি (অৰণ্যৰ মধ্যমীয়া উচ্চতাৰ গছ-গছনিৰ আগবোৰে সৃষ্টি কৰা দ্বিতীয় শীৰ্ষ তৰপ)ৰ কাৰণে জীৱ-জন্তুৰ চৰণীয়া ভূমি কমি আহিছে। মৰকামে কয় যে তেওঁ আগৰ ৯০টাৰ পৰা ম’হ কমাই আনি ৬০-৭০টাতে সীমাবদ্ধ কৰিছে, তাৰে ১৫টা হৈছে পোৱালী। “হাবিত ম’হৰ খাদ্য নাইকিয়া হৈ আহিছে। গছ কটা বন্ধ কৰিলে হয়তো বাঢ়িব,” তেওঁ কয়। “মই ম’হৰ দানা কিনাৰ নামত মই ১০ হাজাৰ টকা খৰছ কৰিছো (২০১৯ত)। এক ট্ৰেক্টৰ খাদ্যত ৬০০ টকা পৰে আৰু খেতিয়কৰ পৰা এয়া সংগ্ৰহ কৰিবলৈ মই ২০ বাৰমান অহা-যোৱা কৰিব লাগে।”

গ্ৰীষ্মকালত যেতিয়া পিয়াহত আতুৰ প্ৰাণীয়ে হাবিত পানী বিচাৰি ভ্ৰমি ফুৰে, তেতিয়া ভোকাতুৰ চিকাৰীৰ মুখত পৰাৰ সম্ভাৱনা দুগুণ-তিনিগুণ বাঢ়ি যায়

ভিডিঅ চাওকঃ নমৰা পৰ্য্যন্ত এই জন্তুকেইটাৰ লগ নেৰো

২০১৯ৰ আগষ্টত জবৰা গ্ৰাম সভাক বন অধিকাৰ আইন, ২০০৬ৰ অধীনত দিয়া ‘বন সম্পদৰ সামূহিক অধিকাৰ’ৰ দ্বাৰা মৰকামৰ দৰে গৰখীয়াই পোৱা চৰণীয়া পথাৰখনৰ পৰিসৰ বাঢ়িব বুলি তেওঁ আশা কৰে। অৰণ্যৰ সম্পদসমূহ পৰম্পৰাগতভাৱে সংৰক্ষিত কৰি অহা সম্প্ৰদায়সমূহে সেই সম্পদসমূহ “সুৰক্ষা দিয়া, উজ্জীৱিত কৰা বা সংৰক্ষণ কৰাৰ বা পৰিচালনা কৰাৰ অধিকাৰ আছে”। চত্তীশগড়ত এই অধিকাৰ পোৱা জবৰা প্ৰথমখন গাওঁ।

“কি গছ সংৰক্ষণ কৰিব লাগিব আৰু ৰুব লাগিব, কি জন্তুক চৰোৱাৰ অনুমতি দিব লাগিব, কোনে অৰণ্যত সোমাব পাৰে, সৰু সৰু পুখুৰী খন্দা, আৰু ভূমিক্ষয় ৰোধ কৰা - এই সকলো সিদ্ধান্ত এতিয়া গ্ৰাম সভাৰ ওপৰত ন্যস্ত,” পঞ্চায়ত আইন (অনুসূচিত এলেকালৈ সম্প্ৰসাৰণ) আইন চমুকৈ পি.ই.এছ.এ.ৰ ৰূপায়ণৰ জিলা সমন্বয়ক প্ৰখৰ জৈন কয়।

আইনী ব্যৱস্থাক আমি আদৰি লৈছো, মৰকামে কয়। বহুত বাহিৰা মানুহ আহি হাবিখনৰ ক্ষতি কৰে বুলিও তেওঁ কয়। “হাবিলৈ আহি জলাশয়ৰ পানীত কীটনাশক ছটিয়াই মাছ ধৰি নিয়া মানুহ মই দেখিছো, তেওঁলোকে ডাঙৰ জীৱ-জন্তু ধৰিবলৈ বিহো ব্যৱহাৰ কৰে,” তেওঁ কয়। “তেওঁলোক আমাৰ মানুহ নহয়।”

কমি অহা ঘাঁহনিৰ কথা তেওঁ পৰৱৰ্তী গ্ৰামসভাৰ মিটিঙত উত্থাপন কৰিব বুলি তেওঁ আমাক কয়। “কামৰ পৰা আজৰিয়ে নাপাওঁ কাৰণে এতিয়ালৈ কথাখিনি ক’ব পৰা নাই। ৰাতি বহু দেৰিলৈকে মই গোবৰ গোটাই থাকোতেই যায়, কেনেকৈনো মিটিঙলৈ যাওঁ?” তেওঁ কথাখিনি নোকোৱাকৈ নাথাকে বুলি আমাক কয়। “নিৰ্বননিকৰণৰ বিৰুদ্ধে আমাৰ মানুহখিনি থিয় দিব লাগিব। অৰণ্যখন বাচি থাকিলেহে আমাৰ জীৱিকা থাকিব। অৰণ্যখন বচোৱা দায়িত্ব আমাৰ হাততেই আছে।”

হাবিখনৰ দাঁতিত থকা মৰকামৰ তিনিটা কোঠাৰ পকী ঘৰটোৰ এখন ডাঙৰ চোতাল আছে, তাতেই তেওঁৰ ম’হৰ পোৱালীকেইটা নিশা ৰাখে। তাৰে কাষৰ ডাঙৰ এলেকা এটাত ডাঙৰ ম’হবোৰ থাকে।

A pile of hay that Markam has bought to feed his buffaloes as there isn't enough grazing ground left in the forest.
PHOTO • Purusottam Thakur
He restrains the calves in his fenced-in courtyard to stop them from straying into the jungle.
PHOTO • Priti David
The 'community forest resources rights' title granted under the Forest Rights Act to Jabarra gram sabha

বাওঁফালেঃ হাবিখনত ঘাঁহ-বন টুটি অহাৰ ফলত ম’হকেইটাক খুৱাবলৈ মৰকামে নিজাকৈ যোগাৰ কৰি আনি থোৱা খেৰৰ দ’ম। মাজতঃ ম’হৰ পোৱালীকেইটা ওলাই যাতে হাবিত নোসোমায়, তাৰবাবে সিহঁতক জেওৰা দি থয়। সোঁফালেঃ জবৰা গ্ৰাম সভাক বন অধিকাৰ আইন, ২০০৬ৰ অধীনত ‘বন সম্পদৰ সামূহিক অধিকাৰ’ দিয়া হৈছে

আমি তেওঁক লগ পাওঁতে ৬ বাজি ৩০ মিনিট হৈছিল, সুৰ্য্য ইতিমধ্যে ওলাইছিল। সীতৰ ৰাতি জ্বলোৱা খৰিৰ অঙঠা তেতিয়াও নুমুওৱা নাছিল। হেম্বেলিয়াই থকা ম’হ আৰু চঞ্চল পোৱালীকেইটাৰ মাতে তেওঁৰ ঘৰখন ভৰাই তুলিছিল। গাখীৰৰ ডাঙৰ ডাঙৰ চৰিয়াবোৰ চোতালতে শুকাবলৈ মেলি থোৱা আছিল, গাখীৰখিনি ধামতাৰি চহৰৰ বেপাৰীলৈ দি পঠিওৱা হৈছিল। ভাল দিনত মৰকামে দিনে ৩৫-৪০ লিটাৰ গাখীৰ বিক্ৰী কৰে আৰু এক লিটাৰত ৩৫ টকা পায়। গোবৰখিনিও বিক্ৰী হয়। “প্ৰতিদিনে মই ৫০ৰ পৰা ৭০ খদা গোবৰ সংগ্ৰহ কৰো। গছপুলিৰ নাৰ্ছাৰীবোৰে কিনি নিয়ে। মই এমাহত ট্ৰেক্টৰৰ ট্ৰলীৰে এক ট্ৰলী গোবৰ বিক্ৰী কৰো আৰু ১,০০০ টকা পাওঁ (এক ট্ৰলীত),” তেওঁ কয়।

তেওঁৰ পোৱালীকেইটা বাথানৰ পৰা ওলাব নোৱাৰে, তাৰবাবে বাথানত দুডাল কাঠৰ ওপৰত দীঘলকৈ ডাং এডাল দি থকাৰ মাজতে আমাৰ সৈতে তেওঁ কথা পাতি থাকিল। ডাঙৰ ম’হবোৰৰ সৈতে হাবিলৈ যাতে পোৱালীবোৰ গুছি নাযায়, তাৰবাবে তেওঁ তেনেকৈ সিহঁতক বান্ধি ৰাখে। “সিহঁত সৰু হৈ আছে, ঘৰৰ পৰা বেছি দূৰলৈ যাব দিব নোৱাৰি। সিহঁতক ধৰি খাব,” বান্ধি থোৱাৰ কাৰণে বেবাই থকা পোৱালীকেইটাৰ কথা চিন্তা কৰি তেওঁ কয়।

ম’হকেইটা চৰোৱাৰ উপৰি মৰকামৰ এক একৰ মাটি আছে, তাতে তেওঁ ধানখেতি কৰে। তেওঁ বছৰত ৭৫ কিলোগ্ৰাম ধান উৎপাদন কৰে আৰু গোটেইখিনি তেওঁলোকৰ পৰিয়ালে খাবৰ বাবে ৰাখে। “মই খেতিয়েই (অকল) কৰিছিলো। তাৰপাছত মই ২০০ টকা দি মাইকী ম’হ এজনী আনিলো, ম’হজনীয়ে ১০টা পোৱালী দিলে,” পশুপালনত তেওঁ কেনেকৈ নামিল তাৰে তেওঁ ব্যাখ্যা আগবঢ়ায়। জবৰাৰ ৪৬০ ঘৰ মানুহেই তেওঁলোকৰ সৰু সৰু পথাৰবোৰত ধানখেতি, চেপেটা কলাই আৰু মাটি মাহৰ খেতি কৰে আৰু পশুপালন কৰাৰ লগতে হাবিৰ পৰা মহুৱা ফুল আৰু মৌ আদিও সংগ্ৰহ কৰে।

Markam fixes the horizontal bars on the makeshift fence to corral the calves.
PHOTO • Purusottam Thakur
Outside his three-room house in Jabarra village
PHOTO • Priti David

বাওঁফালেঃ মৰকামে তেওঁৰ অস্থায়ী বাথানখনৰ পৰা পোৱালীবোৰ ওলাই যাব নোৱাৰাকৈ শলখা লগাইছে। সোঁফালেঃ জবৰা গাঁৱৰ তেওঁৰ তিনিটা কোঠাৰ ঘৰটোৰ বাহিৰখন

মৰকামে তেওঁৰ পত্নী কিৰণ বাইৰ লগত থাকে, তেওঁ ম’হকেইটাৰ চোৱাচিতাত সহায় কৰি দিয়ে। তেওঁলোকৰ দুই পুত্ৰ কম বয়সতে ঢুকাইছে। তেওঁৰ দুই জীয়াৰী বিয়া দিছে আৰু বেলেগত থাকে।

২০২০ৰ মাৰ্চৰ ক’ভিড-১৯ লকডাউনৰ পাছৰে পৰা ধামতাৰি বজাৰলৈ গাখীৰ ডেলিভাৰি কৰিব নোৱাৰি মৰকামৰ বহুখিনি লোকচান হৈছে। “দোকান-পোহাৰবোৰ বন্ধ হোৱাত আমাৰ গাখীৰ বিলোৱা কামটো বন্ধ হৈ পৰিল,” তেওঁ কয়। এতিয়া তেওঁ ঘিউ বনায়। ঘিউ বেছিদিন থাকে। কিৰণ বাইয়ে তেওঁক গাখীৰ উতলাই ক্ৰীম বনোৱাত সহায় কৰি দিয়ে।

কমৰ আদিবাসী পৰিয়ালৰ কিৰণ বাই মৰকামৰ দ্বিতীয় পত্নী। ছত্তীশগড়ৰ আটাইতকৈ ডাঙৰ আদিবাসী গোট গোণ্ড সম্প্ৰদায়ৰ মৰকামে তেওঁক বিয়া পতাৰ কাৰণে জৰিমনা ভৰিবলগীয়া হৈছিল। “(সম্প্ৰদায়ৰ) বাহিৰৰ ছোৱালী বিয়া পতা বাবে মই প্ৰায় ডেৰ লাখমান টকাৰ ভোজ দিবলগীয়া হৈছিল,” তেওঁ কয়।

কামখিনি চাবলৈ কোনো উত্তৰাধিকাৰী নথকাত মৰকাম নিজৰ পশুকেইটাৰ কি হ’ব তাকে লৈ চিন্তিত হয়। “মই নাথাকিলে মোৰ ম’হকেইটা যেনিতেনি ঘূৰি ফুৰে। মই মৰিলে সিহঁতক এৰি দিব লাগিব, সিহঁতক চাওতা আন কোনো নাই,” তেওঁ কয়। “সিহঁতক চোৱাচিতা কৰা এই কামটোতে মই বান্ধ খাই আছো। মই মৰিলেহে সিহঁতক এৰিব পাৰিম।”

২০২০ৰ ২২ ছেপ্টেম্বৰত পাৰিৰ দ্বাৰা প্ৰকাশিত এই প্ৰতিবেদনত বিশালৰামে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কোৱা শুনিব পাৰিবঃ জলবায়ু পৰিৱৰ্তনৰ গৰাহত পৰা কীট - পতংগৰ অস্তিত্বৰ যুঁজ

অনুবাদ: পংকজ দাস

Purusottam Thakur

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change.

Other stories by Purusottam Thakur
Priti David

Priti David is a Journalist with the People’s Archive of Rural India, and Editor, PARI Education. She works with educators to bring rural issues into the classroom and curriculum, and with young people to document the issues of our times.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das