‘আমি আমাৰ মাটিত কোনোধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। কীট-পতংগ মাৰিবলৈ মাটিত বিহ ঢালিব নালাগে। গুণাগুণ ঠিক থকা মাটিয়ে নিজেই নিজৰ যত্ন ল’ব পাৰে,’ নিয়ামগিৰি পৰ্বতৰ ১.৫ কিলোমিটাৰ পূৱে খেতিমাটি থকা মহেন্দ্ৰ নাউৰিয়ে কয়। ‘আপোনাক মাত্ৰ এডাল আহত গছ লাগে যিয়ে চৰাই-চিৰিকতি, সৰীসৃপ, ভেকুলী আদিক আশ্ৰয় দিয়ে। সিবোৰেই আমাৰ শস্যৰ অপকাৰ কৰা কীট-পতংগক নিয়ন্ত্ৰণলৈ আনিব।’

দক্ষিণ-পশ্চিম ওড়িশাৰ ৰায়াগড়া জিলাৰ বিশামকট্টক খণ্ডৰ প্ৰায় ১০০ ঘৰ পৰিয়াল থকা কেৰান্দিগুড়া গাঁৱত মহেন্দ্ৰৰ দুই একৰ মাটি আছে। ইয়াৰে প্ৰায়ভাগ লোকেই কন্ধ আদিবাসী সম্প্ৰদায়ৰ যদিও নাউৰি পৰিয়ালটো ডৰা সম্প্ৰদায়ৰ।

তেওঁলোকৰ মাটিত ৩০ বৰ্ষীয় মহেন্দ্ৰ আৰু তেওঁৰ ৬২ বৰ্ষীয় পিতৃ লোকনাথে ৩৪ বিধ বিভিন্ন প্ৰজাতিকে ধৰি সৰ্বমুঠ ৭২ বিধ উপ-প্ৰজাতিৰ খেতি কৰে। নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে তেওঁলোকে মাটি ডৰাৰ বিভিন্ন ভাগত বিভিন্ন খেতি কৰে। তেওঁলোকে কৰা শস্যৰ ভিতৰত আছে জোৱাৰ জাতীয় শস্য (চুৱান আৰু চিক্ৰা), দাইল(ৰহ আৰু গ্ৰীণ গ্ৰামকে ধৰি), তেল (যেনে চানাদাল, সূৰ্যমুখী, বাদাম আদি), হালধি, আদা, সেউজ শাক-পাচলি, বিলাহী, বেঙেনা ইত্যাদি। ‘আমি খাদ্যৰ বাবে কেতিয়াও বজাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়,’ মহেন্দ্ৰই কয়।

নিয়ামগিৰি পাহাৰৰ পৰা বৈ অহা নৈ-নিজৰাৰ পানী গাঁৱৰ মানুহে ব্যৱহাৰ কৰে। খেতি পথাৰলৈ পানী বোৱাই আনিবলৈ তেওঁলোকে শিলেৰে পানীৰ সোঁতৰ দিশ সলায়। ‘যোৱা চাৰিটা বছৰত ইয়াত জলবায়ুৰ বিৰূপ প্ৰভাৱ পৰিছে,’ লোকনাথে কয়। ‘কিন্তু সকলো প্ৰতিকূল পৰিৱেশৰ মাজেৰে আমাৰ খেতি টিকি থাকিব পাৰিছে। মই কাৰো পৰা ঋণ ল’বলগীয়া হোৱা নাই। ইয়াৰ কাৰণ হৈছে আমাৰ পাৰম্পৰিক কৃষি পদ্ধতি।’ পৰিয়ালটোৱে নিজৰ উৎপাদিত শস্যৰেই ঘৰৰ আৱশ্যকতা পূৰণ কৰে আৰু ৰৈ যোৱা অৱশিষ্টখিনি মুনিকুড়া আৰু বিশামাকটকৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰে।

Mahendra's father, Lokanath looking at some plants
PHOTO • Ajit Panda
Mahendra Nauri in his backyard
PHOTO • Ajit Panda

লোকনাথ নাউৰি (বাওঁফালে)- ‘আমাৰ শস্যই সকলো প্ৰতিকূল পৰিৱেশৰ মাজেৰে পাৰ হৈ আহিব পাৰিছে।’ মহেন্দ্ৰ (সোঁফালে) আৰু তেওঁৰ ভাতৃ তথা পাঁচ জনী ভনীয়েকে নিজ পৰিয়ালৰ খেতিৰে কাম কৰে

‘মই যোৱা ৫০ বছৰ ধৰি খেতি কৰিছোঁ। বীজ সিঁচা আৰু ভূঁই ৰোৱাৰ বাবে মাটি কেনেদৰে সাজু কৰি তুলিব লাগে সেয়া মই মোৰ দেউতাৰ পৰা শিকিছোঁ,’ লোকনাথে কয়। তেওঁৰ পিতৃও লোকনাথৰ দৰেই এসময়ত ভূমিহীন কৃষক আছিল। তেওঁ ৩০ বছৰ বয়সত চৰকাৰৰ পৰা মাটি পোৱাৰ পিছত বীজ সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰে।

‘মই এতিয়াও সেই অনুশীলন (পিতৃৰ পৰা শিকা কৌশলৰ) অব্যাহত ৰাখিছোঁ আৰু একেই ফলাফল পাইছোঁ,’ তেওঁ কয়। ‘কিন্তু বৰ্তমান প্ৰজন্মৰ খেতিয়কে কপাহৰ খেতি কৰি মাটিৰ গুণাগুণ নষ্ট কৰা মই দেখিছোঁ। আপুনি মাটিত কেঁচু আদি নেদেখিব। সিহঁতে মাটিবোৰ টান কৰি পেলাইছে। খেতিয়কে শস্যৰ বীজ সলনি কৰিছে, শাক-পাচলি আৰু ধান খেতিত কীটনাশক আৰু সাৰ ব্যৱহাৰ কৰিছে। ফলত উৎপাদিত শস্যৰ সোৱাদ নাইকিয়া হৈছে। ভাল ফল নাপাই তেওঁলোকে সাৰ আৰু কীটনাশকত অধিক টকা বিনিয়োগ কৰিবলৈ লৈছে।’

লোকনাথৰ পৰিয়ালকে ধৰি কেৰান্দিগুড়াৰ চাৰিটা পৰিয়ালে ৰাসায়নিক সাৰ কিম্বা কীটনাশক একেবাৰেই ব্যৱহাৰ নকৰে, নাউৰিয়ে কয়। এয়া এতিয়া দূৰণিবটীয়া জনজাতীয় গাওঁবোৰত ব্যৱহাৰ কৰা হয়, মহেন্দ্ৰই কয়। কিছুমান আদিবাসী পৰিয়ালে এতিয়া হেনো বহু পৰিমাণে ৰাসায়নিক আৰু অপতৃণনাশক প্ৰয়োগ হোৱা কপাহ আৰু ইউকেলিপ্টাছৰ খেতি কৰা বেপাৰীৰ হাতত মাটি লীজত দিছে।

লোকনাথ আৰু মহেন্দ্ৰও ধানৰ চাৰিটা প্ৰজাতি বহুৰূপী, ভাঞ্জিবুটা, বোধনন্দ, লালবড়োৰ খেতি কৰে। ব-ধানৰ খেতি অঞ্চলটোত ৩০ বছৰ আগতে কৰা হৈছিল, পিছে বহু খেতিয়কে তাৰে ঠাইত অইন প্ৰজাতিৰ ধানৰ খেতি কৰিবলৈ ল’লে। তথাপি তেওঁ সেয়া সংৰক্ষণ কৰাত সক্ষম হ’ল। সেয়া তৰ মাটিত হোৱা হ্ৰস্বম্যাদী প্ৰজাতিৰ ধান আৰু বছৰত তিনিবাৰ খেতি কৰিব পাৰি। মহেন্দ্ৰই আন তিনিটা প্ৰজাতিৰ ধান ড. দেবল দেৱৰ পৰা সংগ্ৰহ কৰিছিল। কেৰান্দিগুড়াৰ থাকি ২০১১ চনৰ পৰা ২.৫ একৰ মাটিত খেতি কৰা সংৰক্ষণ কৰ্মী ড. দেৱে এই অঞ্চলটোৰ আদিবাসীসকলৰ সৈতে লগ লাগি তেওঁলোকৰ বীজৰ পাৰম্পৰিক জ্ঞান সংগ্ৰহ আৰু সংৰক্ষণৰ কাম কৰে। তেওঁৰ নিজা খেতিৰ উপৰি মহেন্দ্ৰই ড. দেৱৰ সৈতে লগ লাগি বীজ সংৰক্ষণৰ কাম কৰি আহিছে, আৰু মাহে ৩০০০ টকাকৈ মাননি পায়।

Top left - alsi
Top right - siali leaves
Bottom left - seed storage
Bottom right - rice seeds
PHOTO • Ajit Panda

নাউৰি পৰিয়ালে কৰা খেতিৰ ভিতৰত অন্যতম হৈছে আলসি (এবিধ তেলৰ বীজ, ওপৰত বাওঁফালে) আৰু শিয়ালি লতা (ওপৰত সোঁফালে)। তলৰ শাৰীতঃ সঞ্চিত বীজৰ স্থানীয় প্ৰজাতি

তেওঁ কয় যে পিতৃ লোকনাথ তেওঁৰ কাৰণে পথপ্ৰদৰ্শক আৰু শিক্ষক। তেওঁৰ পিতৃ লোকনাথে পথাৰত আৰু বীজৰ ওপৰত কীট-পতংগৰ উপদ্ৰৱ কমোৱাৰ বাবে বনৰীয়া গছৰ পাতৰ ব্যৱহাৰ, কিছুমান কীট দূৰ কৰিবলৈ আৰু মাটিত নাইট্ৰ’জেন ধৰি ৰখাৰ বাবে মাজে-সময়ে অইন শস্যৰ খেতি (যেনে পিয়াঁজ), আৰু মিশ্ৰিত শস্য (ঋতুগত প্ৰকৰণ)ৰ খেতি আদিৰে পাৰম্পৰিক কৌশলেৰে দশকৰ পিছত দশক খেতি কৰি আহিছে। মহেন্দ্ৰ আৰু তেওঁৰ ভাই আৰু পাঁচ জনী ভনীয়ে পৰিয়ালটোৰ নিজৰ খেতি পথাৰতে কাম কৰে। ‘মই মোৰ পিতৃৰ পৰা কৃষি পদ্ধতি শিকিছোঁ আৰু তাৰ পিছত ড. দেৱৰ পৰা আৰু লিভিং ফাৰ্মচ্ (ৰায়াগড়া আৰু কালাহান্দি জিলাৰ আদিবাসীসকলৰ কৃষি আৰু জীৱিকাৰ ওপৰত কাম কৰা বেচৰকাৰী সংস্থা)ৰ পৰা বৈজ্ঞানিক দিশবোৰ যেনে পৰাগ সংযোগ আৰু ধান গছৰ বিকাশৰ আৰ্হি লিপিবদ্ধ কৰা আদি শিকি-বুজি লৈছোঁ,’ তেওঁ কয়।

মহেন্দ্ৰই নেচনেল ইনষ্টিটিউট ফৰ অ’পেন স্কুলিঙত পঢ়িছে আৰু বিশামকট্টক স্থিত মা মাৰ্কামা মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰিছে। তাৰ পিছত জৈৱ প্ৰযুক্তিৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কাৰণে তেওঁ কট্টকস্থিত ৰবেনশ্ব’ বিশ্ববিদ্যালয়লৈ যায়। কিন্তু পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে আধাতে পঢ়া সামৰি দেউতাকৰ সৈতে কাম কৰিবলৈ কেৰান্দিগুড়া উভতি আহে।

মহেন্দ্ৰই তেওঁৰ অঞ্চলটোৰ ভূ-জৈৱ বৈচিত্ৰতা আৰু উদ্ভিদ সংৰক্ষণ কৰিব বিচাৰে। তেওঁ ৰাজহ বিভাগৰ অধীনস্থ এটুকুৰা চন পৰা মাটিক এখন প্ৰাকৃতিক ঘন অৰণ্যলৈ ৰূপান্তৰ কৰিছে। তেওঁ সেই ঠাইত ২০০১ৰ পৰা সংৰক্ষণৰ কাম আৰম্ভ কৰিছিল। ‘বেছি ৰোৱাৰ প্ৰয়োজন নাই, মাত্ৰ সুৰক্ষা দিলেই হ’ল,’ তেওঁ কয়। ‘সেয়া আছিল চৰা মাটি আছিল। তেনে মাটিত সাধাৰণতে এবছৰ বা দুবছৰৰ কাৰণে একো খেতি কৰা নহয় যাতে জোৱাৰ জাতীয় শস্যৰ উৎপাদনৰ কাৰণে মাটিখিনি উপযোগী হৈ থাকে। মই সেই মাটি বৃক্ষ ৰোপনৰ কাৰণে ব্যৱহাৰ কৰিলোঁ। এতিয়া সেইখিনি মাটিৰ পৰা আমি বনৰীয়া কচু, কাঠফুলা, শিয়ালীলতা, মহুৱাৰ ফুল, চাৰ কলি (এবিধ বগৰী জাতীয় ফল) আদি বিভিন্ন খাদ্য বস্তু আনো। এইখন হাবিয়ে আমাক খাদ্য দিছে...’

অনুবাদঃ পংকজ দাস

Ajit Panda

Ajit Panda is based in Khariar town, Odisha. He is the Nuapada district correspondent of the Bhubaneswar edition of 'The Pioneer’. He writes for various publications on sustainable agriculture, land and forest rights of Adivasis, folk songs and festivals.

Other stories by Ajit Panda
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das