দ্ৰৌপদী সবৰে চকুৰ পানী ৰখাব পৰা নাই, চাদৰৰ আঁচলেৰে চকুপানী টুকিছে। ওড়িশাৰ গুদাভেলি গাঁৱৰ ঘৰৰ বাহিৰত তেওঁৰ তিনি বছৰীয়া নাতি গিৰিশ আৰু নমহীয়া বিৰাজে কোনো হৈ-হাল্লা নকৰাকৈ খেলিছে। তেওঁৰ নাতিনী তুলচাৰ মৃত্যুৰ শোক এতিয়াও তেওঁৰ আত্মীয়-স্বজন আৰু পৰিয়ালে পাতলাব পৰা নাই, সকলোৱে এই ৬৫ বছৰীয়া মহিলাগৰাকীক সান্তনা দিয়াৰ চেষ্টা কৰিছে।

“এতিয়া ‘আমাৰ জীয়াৰীজনী’ বুলি কাক মাতিম?” তেওঁ যেন নিজকেই প্ৰশ্ন কৰিলে।

নৌপাৰা জিলাৰ খাৰিয়াৰ ব্লকৰ অৰ্দ্ধনিৰ্মিত পকী ঘৰটোৰ সন্মুখত প্লাষ্টিকৰ কঠ এখনত বহি তুলচাৰ পৰিয়ালটোৱে মূৰত সৰগ ভাগি পৰা ঘটনাটোৰ পিছত স্বাভাৱিক হোৱাৰ যত্ন কৰিছে। সবৰ আদিবাসী পৰিয়ালটোৰ তুলচাৰ পিতৃ-মাতৃ পদ্মিনী আৰু দেৱানন্দই এতিয়া তাইৰ কণমানি সন্তান বিৰাজক কেনেকৈ চাব তাকে লৈ চিন্তিত হৈ পৰিছে। “আমাৰ বোৱাৰী পদ্মিনী আৰু মই পাল পাতি তাইৰ সন্তানকেইটা চোৱা-চিতা কৰিছিলো,” দ্ৰৌপদীয়ে কয়।

সন্তানকেইটাৰ পিতৃ, তুলচাৰ স্বামী বসিন্ধু তাত নাই। তেওঁ আছে তাৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰৈৰ তেলাংগনাৰ পেড্ডাপাল্লি জিলাৰ ৰাংগাপুৰ গাঁৱৰ এটা ইটাৰ ভাতীত, শ্ৰমিক হিচাপে কৰ্মৰত। তেওঁৰ মাক আৰু তুলচাৰ সৰুভনী দিপাঞ্জলীৰ সৈতে ছমাহৰ বাবে কাম কৰিবলৈ তেওঁলোক তালৈ গৈছে। তেওঁলোকৰ দৈনিক উপাৰ্জন দিনে ২০০ টকা।

২০২২ৰ ২৪ জানুৱাৰীৰ দিনা তুলচা সবৰ আছিল মাকৰ ঘৰ গুদাভেলিৰ পৰা ২০ কিলোমিটাৰ দূৰৰ চানাতমাল গাঁৱৰ ঘৰত। সন্ধিয়া ৮ মান বজাত তেওঁৰ পেটত তীব্ৰ কামোৰণি হোৱা বুলি কয়। “খাৰিয়াৰ চহৰৰ উপমহকুমা হস্পিটেললৈ মই তাইক লৈ গ’লো,” তেওঁৰ শহুৰেক ৫৭ বছৰ বয়সীয়া দাচমু সবৰে কয়। “ডাক্তৰে তেওঁৰ অৱস্থা সংকটজনক বুলি কৈ তেওঁক নৌপাৰাত থকা জিলা সদৰ হস্পিটেলত ভৰ্তি কৰাবলৈ ক’লে। কিন্তু আমি হস্পিটেল গৈ পাওঁ মানে তুলচাৰ মৃত্যু ঘটে।”

Draupadi Sabar wipes her tears, talking about her late granddaughter Tulsa. Next to her are Tulsa's infant sons Girish and Viraj
PHOTO • Purusottam Thakur

নাতিনী তুলচাৰ কথা কৈ দ্ৰৌপদী সবৰে চকুপানী টুকিছে। কাষত আছে তুলচাৰ নৱজাতক পুত্ৰ গিৰিশ আৰু বিৰাজ

হস্পিটেললৈ বুলি পৰিয়ালটোৱে খাৰিয়াৰলৈ ২০ কিলোমিটাৰ বাট, আকৌ নৌপাৰালৈ ৫০ কিলোমিটাৰ বাট যোৱাটো ওড়িশাৰ জনজাতি অধ্যূষিত এলেকাৰ মানুহৰ বাবে কোনো নতুন কথা নহয়, জনস্বাস্থ্য ব্যৱস্থাৰ সুবিধা লাভৰ ক্ষেত্ৰত তেওঁলোকৰ এই অভিজ্ঞতা নিত্য-নৈমিত্তিক। গ্ৰামীণ ওড়িশাৰ জনজাতীয় অঞ্চলৰ ১৩৪ টা সামূহিক স্বাস্থ্যকেন্দ্ৰ (চিএইচচি)ত বিশেষজ্ঞ ডাক্তৰৰ নাটনিয়ে অঞ্চলটোৰ বাসিন্দাক জৰুৰীকালীন পৰিস্থিতিত ব্লকলৈ বা জিলা সদৰলৈ যাবলৈ বাধ্য কৰায়।

গ্ৰামীণ স্বাস্থ্যৰ পৰিসংখ্যা, ২০১৯-২০ অনুসৰি ওড়িশাৰ চিএইচচিবোৰত ৫৩৬ গৰাকী চিকিৎসক, শল্য চিকিৎসক, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু শিশুৰোগ বিশেষজ্ঞৰ প্ৰয়োজন, কিন্তু ৪৬১ গৰাকীয়ে তাত নাই। থ্ৰী টিয়েৰ গ্ৰামীণ স্বাস্থ্য আন্তঃগাঁথনিত চিএইচচি হৈছে চিকিৎসাৰ সৰ্বোচ্চ সুবিধা, এই চিএইচচি-য়ে ইয়াত গঢ়ে এক লাখমান মানুহক সেৱা আগবঢ়ায়।

এনে এটা মৰ্মান্তিক ঘটনা ঘটি যোৱাৰ সময়ত তুলচাৰ গিৰীয়েক দূৰণিৰ তেলাংগনাত থকাটোৱে পৰিয়ালটোৰ মনত আৰু বেছি আঘাত দিছিল।

বসিন্ধু (২৭)য়ে ঘৈণীয়েকৰ শেষকৃত্য সমাপন কৰিবলৈ আহিব নোৱাৰিলে। “মই তাক বোৱাৰীৰ মৃত্যুৰ খবৰ দিওতে সি ঠিকাদাৰৰ পৰা ছুটীৰ অনুমতি বিচাৰিছিল, কিন্তু অনুমতি নাপালে,” দাচমুৱে কয়। পেড্ডাপাল্লিৰ পৰা তেওঁৰ পৰিয়ালটো ঘূৰি যোৱাৰ ব্যৱস্থা কৰাৰ বাবেও তেওঁ স্থানীয় ঠিকাদাৰক (সৰ্দাৰ বুলি কয়) অনুৰোধ জনাইছিল যদিও অনুমতি নাপালে।

তেলাংগনাৰ ইটাৰ ভাতীটোলৈ গাওঁখনৰ পৰা বসিন্ধুৰ লগতে ৬০ জন মানুহ পঠিওৱা চৰ্দাৰজনে তেওঁৰ পৰিয়ালক দিয়া ১,১১,০০০ টকাৰ আগধন ঘূৰাই দিয়াৰ কথা কৈছিল। ইটাৰ ভাতীৰ মালিকজনে আগধন ঘূৰাই বিচাৰি প্ৰশ্ন কৰি আমাকেই জগৰীয়া কৰিছিল।

*****

বসিন্ধুৰ দৰে নৌপাৰাৰ সবৰ সম্প্ৰদায়ৰ বহুলোকে কামৰ বাবে প্ৰব্ৰজন কৰে, কেতিয়াবা কম দিনৰ বাবে, কেতিয়াবা বেছিদিনৰ বাবে, কেতিয়াবা এটা ঋতুৰ বাবে, যেতিয়া বিশেষকৈ তেওঁলোকক বেছি পইছাৰ প্ৰয়োজন হয়। জিলাখনৰ আধাখিনি বনাঞ্চলে আগুৰা। অঞ্চলটোৰ আদিবাসী সম্প্ৰদায়ৰ লোকসকলে পাৰম্পৰিকভাৱে মহুৱাৰ ফুল আৰু চিৰঞ্জিৰ বীজৰ দৰে নন-টিম্বাৰ বনজ সম্পদৰ ওপৰতে নিৰ্ভৰ কৰি চলি আহিছে। তেওঁলোকে বৰ্ষানিৰ্ভৰ শস্যৰো খেতি কৰে। অৱশ্যে বনজ সম্পদৰ জীৱিকা লাভজনক নহয় আৰু খৰাং বতৰ আৰু অপৰ্য্যাপ্ত বৰষুণৰ কাৰণে বৰ্ষানিৰ্ভৰ খেতিও ভাল নহয়। জিলাখনত জলসিঞ্চন বুলিবলৈ একো নাই।

A framed photo of Bhosindhu and Tulsa
PHOTO • Purusottam Thakur
Dasmu Sabar at his home in Chanatamal
PHOTO • Purusottam Thakur

বাওঁফালেঃ বসিন্ধু আৰু তুলচাৰ এখন বন্ধোৱা ফটো। তুলচাৰ মৃত্যুৰ সময়ত বসিন্ধুৱে তেলাংগনাৰ ইটাৰ ভাতীত কাম কৰি আছিল। সোঁফালেঃ চানাতমালৰ নিজ ঘৰত দাচমু সবৰ

“খাৰিফ শস্য চপোৱাৰ পিছত নিয়মীয়াকৈ কাম নথকা দিনবোৰত এমজিএনৰেগাই একমাত্ৰ উপায় হৈ পৰে, কিন্তু তাতো সময়মতে পইছা নোপোৱাত মানুহে আন বিকল্প বাচি ল’বলৈ বাধ্য হয়,” পৰিয়ালটোৱে মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে দাচমুৱে কয়। “মোৰ ল’ৰা আৰু পত্নীয়ে ৰাস্তা মেৰামতি কৰা প্ৰজেক্ট এটাত কাম কৰিছিল, কিন্তু তেওঁলোকৰ মজুৰি এতিয়াও দিয়া হোৱা নাই। তেওঁলোকে ৪,০০০ টকা পাবলৈ আছে,” তেওঁ হিচাপ দি কয়।

খাৰিফ শস্যৰ চিজনত কাম পোৱাটো টান হৈ পৰে, দাচমুৰ চুবুৰীয়া ৰবীন্দ্ৰ সাগাৰিয়াই কয়। “সেয়ে এই অঞ্চলৰ ডেকাবোৰে প্ৰতিবছৰে নৱেম্বৰ মাহত ঘৰ এৰি কামৰ সন্ধানত ওলাই আহে,” তেওঁ যোগ দিয়ে। বাহিৰলৈ কামৰ বাবে ওলাই যোৱা গাওঁখনৰ ৬০ জনৰ ২০ জনেই ডেকাল’ৰা, তেওঁ কয়।

নৌপাৰাৰ সবৰ সম্প্ৰদায়ৰ কেৱল ৫৩ শতাংশ শিক্ষিত, গ্ৰামীণ ওড়িশাৰ শিক্ষিতৰ হাৰ ৭০ শতাংশতকৈ এয়া ভালেখিনি কম। স্কুলীয়া শিক্ষা থকা কেইগৰাকীমানে মুম্বাইলৈ বাট উলিয়ায়, কিন্তু আনবোৰে ইটাৰ ভাতীত দিনৰ ১২ ঘণ্টা তপত ইটা মূৰত কঢ়িয়াই অমানৱীয় পৰিৱেশত পৰিয়ালৰ লোকৰ সৈতে লগ লাগি কাম কৰে।

স্থানীয় চৰ্দাৰে কৌশলবিহীন এনে শ্ৰমিকক গোট খুৱাই মূঠ পাৰিশ্ৰমিকৰ কিছু অংশ আগধন হিচাপে দি ইটাৰ ভাতীত কাম কৰাবলৈ লৈ যায়। বসিন্ধুৰ পৰিয়ালটোক তেওঁলোকৰ ঘৰটো সম্পূৰ্ণ কৰিবলৈ টকাৰ প্ৰয়োজন আছিল, সেয়ে তেওঁলোকে সেই কামত যোগ দিছিল।

দাচমুৱে কয় যে প্ৰধান মন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত তেওঁলোকক ঘৰ এটা দিয়া হৈছিল, “কিন্তু আবণ্টিত ১.৩ লাখ টকা ঘৰটো সম্পূৰ্ণ কৰিবলৈ পৰ্য্যাপ্ত নাছিল।” পৰিয়ালটোৱে ২০২০ৰ জুনলৈকে পোৱা মজুৰিৰ ১৯,৭৫২ টকা সাঁচিছিল, তথাপি আৰু এক লাখ টকাৰ প্ৰয়োজন আছিল। “আমি ঋণ লৈছিলো আৰু সেয়া শুজিবলৈ আমাক চৰ্দাৰৰ পৰা পইছা লগা হৈছিল,” তেওঁ কয়।

Grandmother Draupadi have been taking care of her two children after her sudden death
PHOTO • Purusottam Thakur
Tulsa's mother Padmini (holding the baby)
PHOTO • Purusottam Thakur

তুলচাৰ মাক পদ্মিনী (শিশুটোক লৈ থকাগৰাকী) আৰু আইতাক দ্ৰৌপদীয়ে তেওঁৰ আকস্মিক মৃত্যুৰ পিছত সন্তানদুটিৰ যত্ন লৈ আহিছে

২০২১ত সেয়া পৰিয়ালটোৰ প্ৰথমটো ঋণ নাছিল। তুলচাৰ গৰ্ভধাৰণৰ সময়ত জটিলতাই দেখা দিছিল আৰু তেওঁৰ গা বেয়া হৈ থাকিছিল। বিৰাজৰ জন্মও অকালতে হৈছিল। প্ৰসৱৰ প্ৰথম তিনিমাহ মাক আৰু নৱজাতক দুখন বেলেগ বেলেগ হস্পিতালত আছিল। মাক আছিল নৌপাৰাৰ জিলা সদৰ হস্পিটেলত আৰু নৱজাতকক ৰখা হৈছিল ২০০ কিলোমিটাৰ দূৰৰ সম্বলপুৰৰ বীৰ সুৰেন্দ্ৰ সাই ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স এণ্ড ৰিচাৰ্ছত।

“চিকিৎসাৰ খৰছৰ বাবে আমাৰ ডেৰ একৰ মাটি বন্ধকত থৈ ৩৫,০০০ টকা লৈছিলো আৰু তুলচাইও তেওঁৰ আত্মসহায়ক গোটৰ পৰা ৩০,০০০ টকাৰ ঋণ লৈছিল,” দাচমুৱে কয়। সেই ধাৰবোৰেই শুজিবলৈ তেওঁলোকে ঠিকাদাৰৰ পৰা আগধন ল’বলগীয়া হৈছিল আৰু যোৱা বছৰ ডিচেম্বৰত তেলাংগনাত কাম কৰিবলৈ গৈছিল।

নৌপাৰা ওড়িশাৰ দৰিদ্ৰ জিলাসমূহৰ মাজৰ এখন। ইয়াৰে আৰু জিলাখনৰ দক্ষিণ আৰু পশ্চিমাঞ্চলৰ মানুহে অন্ধ্ৰপ্ৰদেশ, চত্তীশগড়, তামিলনাডু আৰু কৰ্ণাটকলৈ কাম বিচাৰি ওলাই যায়, ভাৰতৰ অভ্যন্তৰীণ প্ৰব্ৰজনৰ এক অধ্যয়নত এই কথা কোৱা হৈছে। ওড়িশাৰ পৰা প্ৰায় পাঁচ লাখ শ্ৰমিক প্ৰব্ৰজিত হয়, তাৰে দুই লাখ বালাংগিৰ, নৌপাৰা, কালাহান্দি, বৌধ, সুৱৰ্ণপুৰ আৰু বৰগাহ জিলাৰ, স্থানীয় বেচৰকাৰী সংস্থা এটাৰ ডেটা উল্লেখ কৰি অধ্যয়নটোত কোৱা হৈছে।

সম্বলপুৰৰ ৱাটাৰ ইন্নিচিয়েটিভ ওড়িশাৰ প্ৰতিস্থাপক প্ৰসিদ্ধ সমাজকৰ্মী ৰঞ্জন পাণ্ডেয়ে প্ৰব্ৰজিত শ্ৰমিকৰ বিষযটো সূক্ষ্মভাৱে অধ্যয়ন কৰিছে। “এই অঞ্চলটোৰ মানুহে পাৰস্পৰিক সম্পৰ্ক থকা একাধিক কাৰক, বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ ফলত বিপদৰ গৰাহত পৰিছে,” তেওঁ কয়। “প্ৰাকৃতিক সম্পদৰ নিৰন্তৰ অৱক্ষয় ঘটিছে আৰু নিয়োগৰ স্থানীয় আঁচনিসমূহ বিফল হৈছে।”

*****

“আপুনি তাইক দেখিছেই, তাই বৰ ধুনীয়া আছিল,” নিজৰ নাতিনীজনীৰ কথা কৈ দ্ৰৌপদীয়ে চকুলো টোকে।

মৃত্যুৰ আগত তুলচাই আৰাদা গাওঁ পঞ্চায়তৰ গাঁৱে গাঁৱে গৈ ৰাজ্যখনত হ’বলগীয়া ২০২২ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল (১৬ৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত)। আৰাদা গাওঁ পঞ্চায়তৰ চানাতমাল ঘাইকৈ এখন আদিবাসী গাওঁ, তাৰ পৰাই তেওঁ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। অনুসূচিত জাতিৰ মহিলাৰ কাৰণে সেই আসনখন সংৰক্ষিত আছিল, স্কুলীয়া শিক্ষা থকা তুলচাই গাওঁখনৰ একমাত্ৰ আদিবাসী মহিলা আছিল, তাৰোপৰি তেওঁ আত্মসহায়ক গোটটোও চলাই আছিল। সেইহিচাপে তুলচাই আছিল জনপ্ৰিয় প্ৰাৰ্থী। “আমাৰ সম্পৰ্কীয়সকলে তাইক যুঁজিবলৈ সাহস দিছিল,” দাচমুৱে কয়।

Tulsa's father Debanand at the doorstep of the family's home in Gudabheli. He and the others are yet to come to terms with their loss
PHOTO • Purusottam Thakur

গুদাভেলিৰ পৰিয়ালটোৰ ঘৰত তুলচাৰ পিতৃ দেৱানন্দ। তেওঁলোকে এতিয়াও মূৰত সৰগ ভাগি পৰা সেই ঘটনাটোৰ পাছত সহজ হ’ব পৰা নাই

দ্ৰৌপদীয়ে তুলচাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো বিচৰা নাছিল। “তাই গা টঙোৱাৰ ছমাহমানহে হৈছিল, সেয়ে মই তাৰে বিৰোধিতা কৰিছিলো,” শোকত ভাগি পৰা আইতাকে কয়। “সেয়াই তাইৰ কাল হ’ল।”

প্ৰব্ৰজনে নিৰ্বাচনৰ ওপৰতো প্ৰভাৱ পেলায়, খাৰিয়াৰ ব্লকৰ বৰগাওঁ গাওঁ পঞ্চায়তৰ সৰপঞ্চ পদত প্ৰতিদ্বন্দিতা কৰা স্থানীয় নেতা সঞ্জয় তিৱাৰীয়ে কয়। ভোটাৰৰ সংখ্যা কমি আহে, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ ভোটাৰৰ, তেওঁ কয়। বৰগাঁৱৰ ৩০০ গৰাকীকে ধৰি নৌপাৰা জিলাৰ প্ৰায় এক লাখৰো অধিক ভোটাৰে ভোটদান সাব্যস্ত কৰিব নোৱাৰিলে, তেওঁ হিচাপ এটা কৰি কয়।

“আমাৰ দেশত নিৰ্বাচন এক উৎসৱৰ দৰে বুলি আমি দাবী কৰো, কিন্তু বসিন্ধু আৰু তেওঁৰ মাতৃৰ দৰে প্ৰব্ৰজনকাৰী শ্ৰমিকে আনকি তেওঁলোকৰ প্ৰিয়জনৰ শেষকৃত্য সমাপন কৰিবলৈকো কামৰ পৰা ছুটী নাপায়, তেওঁলোকৰ বাবে নিৰ্বাচন একোৱেই নহয়,” তিৱাৰীয়ে কয়।

বসিন্ধুৰ চুবুৰীয়া সুভাষ বেহেৰাই ভাবে যে জিলাখনত ক’ভিড-১৯ লকডাউনৰ ফলত কামৰ সাংঘাতিক নাটনি ঘটাত তেওঁ প্ৰব্ৰজিত হ’বলৈ বাধ্য হৈছে। “ইয়াত কামৰ সুবিধা পোৱা হ’লে নিজ পত্নী নিৰ্বাচনত নমাৰ সময়ত এনেকৈ এৰি থৈ ইটাৰ ভাতীত কাম কৰিবলৈ তেওঁ নগ’লহেঁতেন,” তেওঁ কয়।

“ক’লৈ গ’লা মোৰ বুকুৰ কুটুম? কিয় আমাক এৰি গ’লা?”

গভীৰ সন্তাপেৰে তুলচাৰ বাবে দ্ৰৌপদীৰ এই কথাখিনিয়ে গোটেই সম্প্ৰদায়টোৰেই মনৰ দুখৰ কথা কয়।

*****

পুনশ্চঃ - তুলচাৰ মৃত্যুৰ এসপ্তাহ পিছত সাংবাদিক অজিত পাণ্ডাই পৰিয়ালটোৰ দুৰ্দশাৰ কথা উল্লেখ কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী, নৌপাড়াৰ জিলা উপায়ুক্ত আৰু ৰামাগুণ্ডামৰ আৰক্ষী আয়ুক্তগৰাকীক টেগ কৰি টুইটাৰত টুইট কৰে আৰক্ষীয়ে বসিন্ধু আৰু তেওঁৰ মাতৃ দিপাঞ্জলীক ২৪ ঘণ্টাৰ ভিতৰত বিচাৰি উলিয়ায় আৰু ইটাৰ ভাতীৰ মালিকক তেওঁলোকক চত্তীশগড়ৰ ৰায়পুৰলৈ পঠিওৱাৰ নিৰ্দেশ দিয়ে ইটাৰ ভাতীৰ মালিকে দিপাঞ্জলী থাকিবলৈ দিয়াৰ বাবে জোৰ কৰিছিল ,যাতে বাকী দুজন ঘূৰি আহে, কিন্তু চৰকাৰী হেঁচাত তেওঁ আটাইকেইজনক যাবলৈ দিবলৈ বাধ্য হয়

তুলচাৰ পৰিয়ালটোক যিজন চৰ্দাৰে ভাতীলৈ পঠিয়াইছিল, সেইজনেই তেওঁলোকক ৰায়পুৰৰ পৰা লগ দিয়ে আৰু ওড়িশাৰ বালাংগীৰ জিলাৰ কান্তাবেনজী ষ্টেচনলৈ ৰেলেৰে লৈ আহে, সেয়া তেওঁলোকৰ ঘৰ চানাতমালৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত। দাচমুৱে কয় যে তেওঁলোকক আগধন হিচাপে দিয়া পইছাখিনি যাতে অথলে নাযায়, তাৰবাবে তেওঁলোক যাতে ইটাৰ ভাতীটোলৈ ঘূৰি আহে, তাৰে সন্মতিৰ চিন হিচাপে ৰেলৱে ষ্টেচনত তেওঁলোকক এখন উকা কাগজত চহী কৰিবলৈ কোৱা হৈছিল।

অনুবাদ: পংকজ দাস

Purusottam Thakur

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change.

Other stories by Purusottam Thakur
Ajit Panda

Ajit Panda is based in Khariar town, Odisha. He is the Nuapada district correspondent of the Bhubaneswar edition of ‘The Pioneer’, and has written for various other publications on sustainable agriculture, land and forest rights of Adivasis, folk songs and festivals.

Other stories by Ajit Panda
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das