ব্যস্ততাৰ মাজেৰেই পাৰ হ’ল ২০২৩ বৰ্ষ।

২০২৩ বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত প্ৰায় প্ৰতিদিনেই ভাৰতৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে একাধিক ঘটনা - পৰিঘটনা । লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে ছেপ্টেম্বৰ মাহত লোকসভাত উত্থাপন কৰা হৈছিল মহিলা সংৰক্ষণ বিধেয়ক । অৱশ্যে এই বিধেয়ক কাৰ্যকৰীকৰণৰ বাবে এতিয়াও ২০২৯ চনলৈ অপেক্ষা কৰিব লাগিব দেশবাসীয়ে। ইফালে, নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২২ চনত ভাৰতত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা আছিল ৪৪৫,২৫৬টা। আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে লিংগ কু - সংস্কাৰৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে এখন পুস্তিকা প্ৰকাশ কৰিছিল, য’ত কিছুমান ‘ক্ষতিকাৰক ধাৰণা’ৰ পৰা উদ্ভৱ হোৱা আইনী পৰিভাষাৰ বিকল্প আগবঢ়োৱা হৈছিল। প্ৰায় একে সময়তে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে সমলৈংগিক বিবাহক বৈধ কৰাৰ বিৰুদ্ধে ৰায়দান দিয়ে। আনফালে, চলিত বৰ্ষত ৯ খন গুৰুত্বপূৰ্ণ ৰাজ্যত অনু্ষ্ঠিত হয় বিধানসভা নিৰ্বাচন । এই বছৰটোৰ বেছিভাগ সময়তেই বাতৰিৰ শিৰোনাম দখল কৰে সাম্প্ৰদায়িক আৰু জাতিভিত্তিক হিংসাৰ খবৰে। একেদৰে, ২০২২ চনৰ মাৰ্চৰ পৰা ২০২৩ চনৰ জুলাই মাহৰ ভিতৰত ভাৰতত ১৬৬ গৰাকীৰ পৰা ১৭৪ গৰাকীলৈ বৃদ্ধি পাইছে কোটিপতিৰ সংখ্যা। লক্ষণীয়ভাৱে বিদায়ী বৰ্ষটোৰ প্ৰথম ৯ মাহত ১৫ৰ পৰা ২৯ বছৰীয়া যুৱক-যুৱতীৰ মাজত নিবনুৱাৰ হাৰ আছিল গড়ে প্ৰায় ১৭.৩ শতাংশ।

*****

সমগ্ৰ বছৰটোৰ এনে অসংখ্য ঘটনা-পৰিঘটনাৰ মাজৰ পৰা স্বাভাৱিকতে আমি প্ৰাসংগিক আৰু প্ৰয়োজনীয় তথ্য আৰু প্ৰতিবেদন সংগ্ৰহৰ বাবে তৎপৰ হৈ আছিলো।

ইয়াৰ ভিতৰত আছে আইন, কিতাপ, সন্মিলনৰ খচৰা আৰু চনদ, ৰচনা আৰু সংকলনৰ পৰা আৰম্ভ কৰি শব্দকোষ, চৰকাৰী প্ৰতিবেদন, পুস্তিকা, জৰীপ, প্ৰবন্ধৰ লগতে আমাৰ এটা প্ৰতিবেদনৰ কমিক বুক সংস্কৰণ!

এই বছৰ আমি লাইব্ৰেৰী বুলেটিন নামৰ এটা নতুন প্ৰকল্প আৰম্ভ কৰিছো, য’ত নিৰ্দিষ্ট বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি 'পাৰি’ৰ প্ৰতিবেদন আৰু সমলৰ সময়ে সময়ে সংকলন কৰা হৈছে। গোটেই বছৰটোত আমি মহিলাৰ স্বাস্থ্য , শ্ৰমিকৰ ওপৰত মহামাৰীৰ প্ৰভাৱ, দেশৰ কুইয়াৰ লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান, ভাৰতৰ গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ অৱস্থা আদি বিষয় সামৰি চাৰিটা সংস্কৰণ প্ৰকাশ কৰিছো।

আমি প্ৰস্তুত কৰা প্ৰতিবেদনখনে জলবায়ুৰ দায়িত্বৰ বিশাল বৈষম্যক প্ৰকট কৰি তুলিছে, য’ত বিশ্বৰ আটাইতকৈ ধনী ১০ শতাংশ জনসংখ্যাই মুঠ কাৰ্বন নিৰ্গমনৰ প্ৰায় আধা অংশ অৰিহণা যোগাইছে। ২০১৫ চনৰ পেৰিছ চুক্তিত উল্লেখ কৰা অনুসৰি ই গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাৰ বাবে জটিল সীমা অতিক্ৰম কৰিছে। চুক্তিখনে বিপৰ্যয়জনক জলবায়ুৰ চৰম পৰিস্থিতি ৰোধ কৰিবলৈ বিশ্বৰ গড় উষ্ণতা বৃদ্ধিক প্ৰাক-ঔদ্যোগিক স্তৰৰ পৰা ১.৫ ডিগ্ৰী ওপৰত সীমিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পিছতো এইটো স্পষ্ট যে আমি এই লক্ষ্যৰ পৰা বহু দূৰত অৱস্থান কৰিছো।

ইয়াক ৰোধ কৰাৰ প্ৰচেষ্টাৰ বিপৰীতে ২০০০ চনৰ পৰা সেউজ গৃহ গেছৰ নিৰ্গমন ৪০ শতাংশ বৃদ্ধি পাইছে। দেশৰ প্ৰায় ৪০ শতাংশ জনসংখ্যা বসবাস কৰা গংগা উপত্যকা ভাৰতৰ আটাইতকৈ প্ৰদূষিত অঞ্চল হৈ পৰিছে। বিশেষকৈ দিল্লী বায়ুৰ গুণাগুণৰ ক্ষেত্ৰত বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত মেগাচিটি হিচাপে পৰিগণিত হৈছে। আমাৰ দৃষ্টিগোচৰ হোৱা অসংখ্য প্ৰতিবেদনে এই কথাত গুৰুত্ব আৰোপ কৰিছিল যে, সমগ্ৰ দেশখন জলবায়ুৰ দুৰ্যোগৰ সন্মুখীন হ’লেও ঝাৰখণ্ড আৰু ওড়িশাৰ দৰে কিছুমান ৰাজ্য জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে।

PHOTO • Design courtesy: Dipanjali Singh

২০২০ চনত জলবায়ু সম্পৰ্কীয় দুৰ্যোগৰ বাবে দেশৰ প্ৰায় ২ কোটি লোকে প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল। দেশৰ প্ৰায় ৯০ শতাংশ কৰ্মশক্তিয়ে অনানুষ্ঠানিক খণ্ডত কাম কৰে বুলি আলোকপাত কৰি আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আৰু উন্নয়ন প্ৰতিষ্ঠানৰ এক প্ৰতিবেদনে ফলপ্ৰসূ সামাজিক সুৰক্ষা ব্যৱস্থাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

বিশেষকৈ পৰিয়ালৰ সৈতে স্থানান্তৰিত হোৱা শিশুসকলৰ ক্ষেত্ৰত অনানুষ্ঠানিক নিয়োগ আৰু প্ৰব্ৰজনৰ বিষয়সমূহ শিক্ষাৰ সৈতে সহজাতভাৱে জড়িত। দিল্লী এনচিআৰ আৰু ভূপালৰ প্ৰব্ৰজিত পৰিয়ালসমূহ ৰ ওপৰত কৰা এক সমীক্ষা অনুসৰি প্ৰব্ৰজিত পৰিয়ালৰ প্ৰায় ৪০ শতাংশ শিশু বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত বুলি প্ৰকাশ পাইছে।

সময়ে সময়ে লাইব্ৰেৰীত যোগ দিয়া শ্ৰম শক্তি জৰীপৰ ত্ৰিমাসিক বুলেটিনসমূহ শ্ৰমিকৰ অংশগ্ৰহণ, নিবনুৱাৰ হাৰ, আৰু প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় খণ্ডত কৰ্মশক্তিৰ বিতৰণ নিৰীক্ষণৰ বাবে মূল্যৱান আহিলা হৈয়েই আছে।

PHOTO • Design courtesy: Siddhita Sonavane


ভাৰতীয় সংবাদ মাধ্যমৰ পৰিৱৰ্তনশীল ছবিখন এই বছৰ বাৰে বাৰে চৰ্চিত হৈ পৰিছিল। সমীক্ষাত ইংগিত পোৱা গৈছে যে সকলো ভাৰতীয়ৰ এক তৃতীয়াংশই দৈনিক টিভি চায়, আনহাতে মাত্ৰ প্ৰায় ১৪ শতাংশ লোকেহে প্ৰতিদিনে বাতৰি কাকত পঢ়ে। ইয়াৰ বিপৰীতে এটা সুকীয়া প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে যে ৭২.৯ কোটি ভাৰতীয়ই বৰ্তমান ইণ্টাৰনেট ব্যৱহাৰ কৰে, আৰু যিসকলে স্থানীয় বাতৰি অনলাইন চায়, তেওঁলোকৰ ৭০ শতাংশই সেয়া ভাৰতীয় ভাষাত চায়।

এ কুইয়াৰ পাৰ্চন’ছ গাইড টু এক্সেছিং ৰাইটছৰ দৰে প্ৰতিবেদনে ন্যায্য আইনী ব্যৱস্থাৰ পোষকতা কৰা কথোপকথন আগুৱাই নিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। বছৰটোৰ ভিতৰত প্ৰকাশ পোৱা শব্দকোষ আৰু হাতপুথিসমূহে ব্যৱহাৰিক পথ প্ৰদৰ্শক হিচাপে কাম কৰিছিল, যিয়ে সমগ্ৰ লিংগ বৰ্ণালীত অন্তৰ্ভুক্ত ভাষা গ্ৰহণক উৎসাহিত কৰিছিল।


PHOTO • Design courtesy: Dipanjali Singh
PHOTO • Design courtesy: Siddhita Sonavane

জটিল বৈজ্ঞানিক পৰিভাষা আৰু সাধাৰণ মানুহৰ মাজৰ ব্যৱধান দূৰ কৰাৰ প্ৰচেষ্টাত প্ৰকাশিত জলবায়ু অভিধানে এই বছৰ জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কথা পতাটো আমাৰ বাবে অলপ সহজ কৰি তুলিছে। এই ভূচিত্ৰাৱলীখনে আমাক দেখুৱাইছে যে কেনেদৰে সমগ্ৰ বিশ্বতে ভাষাৰ বৈচিত্ৰতা হ্ৰাস পাইছে, কেৱল ভাৰতত প্ৰায় ৩০০ টা ভাষা বিলুপ্তিৰ পথত আছে।

ভাষাৰ কথা ক’বলৈ গ’লে, ভাষাই পাৰি লাইব্ৰেৰীত এক সুকীয়া স্থান দখল কৰিছে, য’ত যথেষ্টসংখ্যক প্ৰতিবেদন সন্নিবিষ্ট কৰা হৈছে। এটা উল্লেখযোগ্য অন্তৰ্ভুক্তি হৈছে প্ৰথম ইতিহাস পাঠ , যিয়ে বাংলা ভাষাৰ বিকাশ, ইয়াৰ উপভাষা আৰু ইয়াৰ ঐতিহাসিক প্ৰসংগ অনুসন্ধান কৰি ভাষা আৰু ক্ষমতাৰ মাজৰ জটিল সম্পৰ্কৰ সন্ধান কৰে। ইয়াৰ উপৰিও এতিয়া লাইব্ৰেৰীত ভাৰতীয় ভাষা জৰীপৰ প্ৰতিবেদন যোগ দি অহা হৈছে, ইয়াৰে এটা ইতিমধ্যে উপলব্ধ আৰু অনাগত বছৰত কেইবাটাও প্ৰতিবেদন প্ৰকাশ পোৱাৰ আশা কৰা হৈছে।

২০২৩ বৰ্ষটো আছিল ব্যস্ততাৰে ভৰা বছৰ। ২০২৪ বৰ্ষটো আৰু অধিক ব্যস্ততাপূৰ্ণ হৈ উঠিব। আহক, আমাৰ সৈতে সংযুক্ত হওক আৰু নতুনৰ সন্ধান কৰোঁ!

PHOTO • Design courtesy: Dipanjali Singh

পাৰি লাইব্ৰেৰীত স্বেচ্ছাই অৰিহণা যোগাব বিচাৰিলে অনুগ্ৰহ কৰি এই ঠিকনাত ইমেইল কৰক - [email protected]

আপুনি যদি আমি কৰা কামৰ প্ৰতি আগ্ৰহী আৰু পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে [email protected] ত আমালৈ লিখক। ফ্ৰীলান্স আৰু মুক্ত লিখক, প্ৰতিবেদক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, অনুবাদক, সম্পাদক, ইলাষ্ট্ৰেটৰ আৰু গৱেষকক আমাৰ সৈতে কাম কৰিবলৈ আদৰিছো।

পাৰি এক মুনাফা-অনাদায়ী প্ৰতিষ্ঠান আৰু আমাৰ বহুভাষিক অনলাইন জাৰ্নেল আৰু আৰ্কাইভৰ প্ৰতি অনুগ্ৰহীসকলৰ দান-বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলো। আপুনি যদি পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে DONATE ত ক্লিক কৰক।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

PARI Library

The PARI Library team of Dipanjali Singh, Swadesha Sharma and Siddhita Sonavane curate documents relevant to PARI's mandate of creating a people's resource archive of everyday lives.

Other stories by PARI Library
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari