“হুৰ্...

হেহেহে...হো...হেহেহে...হো”

হঠাতে ফলৰ বাগিচাখনৰ ওপৰৰ আকাশখন অসংখ্য চৰাইৰে ভৰি পৰিল। সুৰযে হুৰাই দিয়াত চৰাইজাকে ভয় খাই বাগিচা এৰি আকাশৰ ফালে উৰা মাৰিলে। নাচপতিৰ বাগিচাখন চোৱাচিতা কৰা ল’ৰাজনৰ এইটোৱেই কাম, পকা ফলবোৰ খাবলৈ অহা চৰাইবোৰ হুৰাই দিয়া। তেওঁ জোৰেৰে চিঞৰি চৰাইবোৰ খেদাৰ চেষ্টা কৰে, কেতিয়াবা আকৌ মাটিৰ লাডু বনাই কেটেপাৰে নিচান কৰিও চৰাইবোৰলৈ তেওঁ মাৰি পঠিয়ায়।

উত্তৰ-পশ্চিম পাঞ্জাৱৰ তৰন তাৰন জিলাৰ দাঁতিকাষৰীয়া অঞ্চলত থকা পট্টি অঞ্চলটো ফলৰ বাগিচাৰ কাৰণে জনাজাত। নাচপতি আৰু নৰা বগৰীৰ বাগিচাবোৰৰ যতন ল’বলৈ বছৰি প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ইয়াত উপস্থিত হয়। তেওঁলোকৰ কাম হৈছে ফল পুৰঠ হোৱা বা চিঙিবলৈ উপযুক্ত হোৱা সময়ত অতৰ্কিতে উপস্থিত হোৱা চৰাইৰ জাকবোৰ খেদা। সুৰযৰ দৰে এনেকৈ ফলৰ বাগিচাৰ ৰখাজনক ৰাখেছ বুলি কয়।

সুৰযে চোৱাচিতা কৰা বাগিচাখনৰ প্ৰায় দুই একৰ মাটিত প্ৰায় ১৪৪ ডাল নাচপতিৰ গছ আছে। এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ ফল ধৰা এই বাগিচাখনৰ একমাত্ৰ ৰখীয়াজন হৈছে ১৫ বছৰীয়া সুৰয। তেওঁক মালিকে মাহে ৮.০০০ টকা তেওঁক দৰমহা হিচাপে দিয়ে।

“গছবোৰ ফুলিবলৈ আৰম্ভ কৰিলে মালিকে বাগিচাবোৰ লীজত দি দিয়ে। লীজত লোৱা ঠিকাদাৰবোৰে ৰাখেছ নিয়োগ কৰে,” সুৰযে আমাক কয়। প্ৰায়ভাগ ৰাখেছে হৈছে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ প্ৰব্ৰজনকাৰী শ্ৰমিক।

A pile of rodas (pellets) made from wet clay and a kaman (bow) are the tools of the caretaker's trade.
PHOTO • Kamaljit Kaur
Suraj is aiming with a kaman at birds in the orchard
PHOTO • Kamaljit Kaur

বাওঁফালে : মাটিৰে বনোৱা বাটলুগুটি আৰু কামান (ধনুকাৰ) আদিয়েই হৈছে ৰখীয়াজনৰ কামৰ যোগাৰ সোঁফালে : সুৰযে কামান লৈ বাগিচাত চৰাইলৈ নিচান কৰিছে

সুৰযৰ ঘৰ বিহাৰত। তেওঁ বাগিচাৰ কাম বিচাৰি প্ৰায় ২,০০০ কিলোমিটাৰ বাট অতিক্ৰম কৰি আহিছে। তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল বিহাৰৰ আৰাৰিয়া জিলাৰ নিজ গাওঁ ভাগপৰৱাহাৰ পৰা ডাঙৰ চহৰ সহৰ্চালৈ। তাৰ পৰা তেওঁ পাঞ্জাৱৰ অমৃতসৰলৈ বুলি ১,৭৩২ কিলোমিটাৰ বাট ৰেলেৰে আহিল। তাৰপৰা পট্টিলৈ এঘণ্টাৰ বাট লৈ অহাৰ বাবে ঠিকাদাৰে বাছৰ ব্যৱস্থা কৰি দিছিল।

*****

সুৰয হৈছে বিহাৰৰ অতিকৈ পিছপৰা শ্ৰেণী (এক্সট্ৰিমলি বেকৱাৰ্ড ক্লাচ চমুকৈ ই.বি.চি.) হিচাপে অন্তৰ্ভূক্ত বাহাৰদাৰ সম্প্ৰদায়ৰ। পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হওঁতে তেওঁ ৮ম মানতে পঢ়া এৰি কামত ধৰিবলগীয়া হৈছিল। তেওঁ কয়, “মোৰ হাতত উপায় নাছিল। কিন্তু ঘৰলৈ ঘুৰি যোৱাৰ পিছত মই মোৰ উপাৰ্জনেৰে স্কুললৈ যাম।”

পাঞ্জাৱৰ মাঝা ক্ষেত্ৰত অঞ্চলত অৱস্থিত পট্টি চহৰখন তৰন তাৰন নগৰৰ পৰা ২২ কিলোমিটাৰ দূৰত অৱস্থিত। পাকিস্তানৰ লাহোৰ আধা ঘণ্টাৰ বাট। এই অঞ্চলৰ প্ৰায়ভাগ বাগিচা প্ৰভুত্বশীল জাতি যেনে জাট্টা (জাট)সকলৰ হাততে আছে। তাৰোপৰি ফলৰ বাগিচাৰ উপৰিও তেওঁলোকৰ আন মাটিও আছে য’ত তেওঁলোকে খাদ্যশস্যৰ খেতি কৰে।

নাচপতি আৰু নৰা বগৰীৰ বাগিচাৰ বিপৰীতে মধুৰিয়ামৰ বাগিচাত বছৰত দুবাৰ ৰখীয়াৰ প্ৰয়োজন হয়। ঠিকাদাৰে স্থানীয় লোককো কেতিয়াবা নিয়োগ কৰে, নাইবা তাত থিতাপি লোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকক সেই কাম দিয়ে।

বিহাৰৰ পৰা ইয়ালৈ কাম কৰিবলৈ অহা প্ৰায়ভাগ শ্ৰমিকৰ বয়স সুৰযতকৈ বেছি। এনে সৰু ল’ৰা এজনক বাগিচাৰ ৰখীয়া হৈ থকাটো অলপ আচহুৱা যেনেই লাগিল। কিশোৰ বয়সৰ সুৰযে কেতিয়াবা যদি চৰাইবোৰ হুৰাই দিছে, কেতিয়াবা আকৌ ভাত ৰান্ধিছে, কেতিয়াবা কাপোৰ শুকুৱাইছে আৰু আন কামবোৰ কৰি গৈছে। সুৰযে কয় যে মালিকে বাগিচা ৰখাৰ নামত কেতিয়াবা তেওঁৰ দ্বাৰা ঘৰো চাফা কৰায় আৰু বজাৰৰ পৰা ইটো-সিটো বস্তুও আনিবলৈ পঠিয়ায়। “বাগিচা ৰখীয়া হোৱাৰ নামত ইমানবোৰ কাম কৰিব লাগিব বুলি যদি আগতেই মই জানিলোঁহেঁতেন, তেতিয়া মই কেতিয়াও নগ’লোহেঁতেন,” বিহাৰলৈ ঘুৰি অহাৰ পিছত তেওঁ ফোনত কয়।

Suraj's meagre food rations on the table.
PHOTO • Kamaljit Kaur
He is crafting pellets (right) from wet clay
PHOTO • Kamaljit Kaur

বাওঁফালে : সুৰযৰ টেবুলত খোৱা-বোৱাৰ সামান্য যোগাৰখিনি তেওঁ ভিজা মাটিৰ পৰা (সোঁফালে) বাটলুগুটি বনাই আছে

এপ্ৰিল মাহত গছত ফুল ফুলিবলৈ ধৰাৰ পৰা আগষ্টত ফল চিঙাৰ সময় হোৱালৈকে পট্টিৰ বাগিচাবোৰত শ্ৰমিকে কাম কৰে। এই পাঁচটা মাহ তেওঁলোকে বাগিচাখনত কোনো টিন-খেৰৰ চালি নথকাকৈয়ে কটায়। তেওঁলোকে বাঁহ-টাৰ্পোলিনেৰে গছৰ মাজত অস্থায়ী তম্বু টানি লয়। গ্ৰীষ্মৰ গৰম আৰু বাৰিষাৰ আৰ্দ্ৰতাই সাপ মাতি আনে – তাৰে কিছুমান আকৌ বিষাক্তও। আন কীট-পতংগও আহি ওলায়।

সুৰযে কয়, “এনে মাৰাত্মক সৰীসৃপৰ ভয়-শংকাৰ স্বত্ত্বেও কেৱল পইচাৰ কথা ভাবিয়ে এই কাম কৰি থকা হয়।” খালি হাতে ঘৰলৈ যোৱাটো কোনো কাৰণতে বিকল্প হ’ব নোৱাৰে।

*****

পট্টিৰ শিংগাৰা সিঙে তিনি একৰ মাটিত থকা মধুৰিয়ামৰ বাগিচা লীজত লৈছে আৰু তেওঁ তথা তেওঁৰ পত্নী পৰমজীত কৌৰে ৰখীয়া হিচাপে কাম কৰে। শিংগাৰা (৪৯) মেহৰা শিখ সম্প্ৰদায়ৰ আৰু পাঞ্জাৱত তেওঁলোকক পিছপৰা শ্ৰেণীত অন্তৰ্ভূক্ত কৰা আছে। তেওঁলোকে বাগিচাখনৰ লীজৰ বাবদ ২ বছৰৰ বাবে ১.১ লাখ টকা দিছে। শিংগাৰা সিঙে কয়, “বাগিচাখন মই কম দামতে পাওঁ, কিয়নো মালিকে মাটি কিমান আছে সেই হিচাপৰ পৰিৱৰ্তে গছ কিমানডাল আছে, তাৰ ওপৰতহে নিৰ্ভৰ কৰি বাগিচাখন লীজত দিয়ে।”

প্ৰায়ভাগ লোকে এক একৰ মাটিত ৫৫ৰ পৰা ৫৬ ডাল মধুৰিয়ামৰ গছ ৰোৱে, তেওঁ কয়। কিন্তু এই গোটেই বাগিচাখনত কেৱল ৬০ ডাল গছ আছে। সিঙে মাণ্ডিত ফল বেচি বছৰি ৫০ৰ পৰা ৫৫ হাজাৰ টকা উপাৰ্জন কৰে। লাভ খুব কম হয়, সেয়ে তেওঁ ৰখীয়া হিচাপে বেলেগ কাৰোবাক ৰাখিলে নোপোচে।

“এই মাটিখিনি অহা দুটা বছৰলৈ আমাৰ। শীতকালত মধুৰিয়ামৰ লগতে আমি গছবোৰৰ মাজৰ খালি ঠাইত পাচলিৰ খেতি কৰি সেয়া মাণ্ডিত বিক্ৰী কৰোঁ,” শিংগাৰাই কয়। “গ্ৰীষ্মকালত আমাৰ উপাৰ্জন সম্পূৰ্ণৰূপে বাগিচাৰ ফলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।”

বাগিচা ৰখাৰ ক্ষেত্ৰত হোৱা সুবিধা-অসুবিধা সম্পৰ্কত তেওঁ কয়, “চৰাইৰ ভিতৰত ভাটৌ চৰাইয়ে আটাইতকৈ বেছি অশান্তি দিয়ে। মধুৰিয়াম সিহঁতৰ প্ৰিয় ফল! গোটেই ফলটো সিহঁতে খোৱাহেঁতেন আমি বেয়া নাপালোহেঁতেন। কিন্তু সিহঁতে খায় কেৱল গুটিবোৰ। বাকীখিনি এৰুৱাই পেলাই দিয়ে।”

Shingara Singh in his three-acre guava orchard in Patti. Along with fruits, turnip is also cultivated
PHOTO • Kamaljit Kaur
A temporary camp (right) in the orchard
PHOTO • Kamaljit Kaur

বাওঁফালে : পট্টিৰ তিনি একৰ মধুৰিয়ামৰ বাগিচাত শিংগাৰা সিং ফলৰ লগতে চালগোমৰো খেতি কৰা হয় বাগিচাৰ এটা অস্থায়ী শিবিৰ (সোঁফালে)

কিন্তু ভাটৌ চৰাইৰ মাজতো কিছুমান সাংঘাতিক দস্যু আছে, সিঙে কয়, “আলেকজেনড্ৰাইন প্ৰজাতিটোৱে আটাইতকৈ বেছি ক্ষতি কৰে। গোটেই জাকটো এখন বাগিচাত যদি পৰিল, আপুনি সেইখনৰ পৰা যে ফল চিঙিবলৈ পাব, তাক লৈ আৰু আশা নকৰাই ভাল।” এনে পৰিস্থিতিত ৰখীয়াসকলে সিহঁতক হুৰাই দিয়া আৰু সুৰযে কৰাৰ দৰে কেটেপাৰে নেখেদিলে উপায় নাই।

সুৰযৰ দৰে প্ৰব্ৰজনকাৰী শ্ৰমিকক স্থানীয় শ্ৰমিকতকৈ কম পইচা দিয়া হয়। “উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা অহা শ্ৰমিকে কম পইচাতে কাম কৰিবলৈ ৰাজি হয়, সিহঁতক কামত ৰখাৰ বাবে বেচি দাম-দৰ কৰি থাকিবলগীয়া নহয়,” শিংগাৰাই কয়।

২০১১ৰ লোকপিয়ল অনুসৰি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা বহুসংখ্যক লোকে কামৰ সন্ধানত ওলাই আহে। তেওঁলোকৰ বেছিভাগেই ঐতিহাসিকভাৱে প্ৰান্তীয় হৈ আহিছে। তেওঁলোকে কাৰখানা, পাম, ইটাৰ ভাতী আৰু ফলৰ বাগিচাত শ্ৰমিক হিচাপে কাম কৰে আৰু আচৰিত কথা যে তেওঁলোকৰ তথ্য ৰাজ্য চৰকাৰৰ হাতত নাই। ট্ৰেড ইউনিয়ন আৰু শ্ৰমিকৰ সৈতে জৰিত আন সংস্থাবোৰে তেওঁলোকৰ তথ্য গোটাবলৈ সম্বলৰ দিশৰ পৰা অসমৰ্থ।

কানৱালজিত সিং নামে এজন সমাজকৰ্মীয়ে এইক্ষেত্ৰত আঙুলিয়াই দি কয়, “প্ৰব্ৰজনকাৰী শ্ৰমিকে দুই ধৰণৰ সমস্যাৰ সন্মুখীন হয়। আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্ৰমিক আইনে নিয়োগকাৰীৰ দ্বাৰা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ নাম পঞ্জীয়ন কৰোৱাটো বাধ্যতামূলক কৰিছে। এই নিয়ম কাচিৎহে কোনোবাই মানি চলে।” সিং ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য। “এই কাৰণতে ইয়ালৈ অহা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ কোনো ডেটা নাই। তেনেদৰে তেওঁলোক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে থকা সুবিধাসমূহৰ পৰাও বঞ্চিত হয়,” তেওঁ যোগ দিয়ে।

*****

Suraj getting ready to scare birds away with a kaman. He was hoping he could earn enough from this job to get back into school
PHOTO • Kamaljit Kaur

সুৰযে কামানেৰে চৰাই খেদিবলৈ সাজু হৈছে তেওঁ পুনৰাই স্কুল যাব পৰাকৈ পইচা আৰ্জিব পাৰিব বুলি আশা পালি ৰৈছিল

এই বাগিচাখনৰ দুই একৰ মাটিত ১৪৪ ডাল নাচপতিৰ গছ আছে। ১৫ বছৰীয়া সুৰযেই এপ্ৰিলৰ পৰা আগষ্টলৈ চিজন চলি থকা সময়লৈ এই বাগিচাখনৰ একমাত্ৰ ৰখীয়া। তেওঁক মালিকে মাহে ৮,০০০ টকা দিয়ে

আৰাৰিয়া জিলাৰ ভগপাৰৱাহা গাঁৱৰ সুৰযৰ ঘৰত তেওঁৰ পিতৃ অনিৰুদ্ধ বাহাৰদাৰে পাটৱাৰি (গাওঁবুঢ়া)ক সহায় কৰে আৰু তাৰ পৰা ১২ হাজাৰ টকা মাহে পায়। ভূমিহীন কৃষক পৰিয়ালটোৰ সেয়াই একমাত্ৰ স্থিৰ উপাৰ্জন। সুৰযে কোৱামতে তেওঁৰ দেউতাকে কেতিয়াও ইমান দূৰলৈ তেওঁ এনেকৈ কাম বিচাৰি যোৱাটো বিচৰা নাছিল, কিন্তু পৰিয়ালটোৰ হাতত একো উপায় নাছিল। “সম্পৰ্কীয় এজনে কোৱা শুনিছিলো যে তাত বহুত পইচা পায়,” সুৰযে কয়। তেনেকৈয়ে তেওঁ গৈ পাঞ্জাৱ পালে।

ছজনীয়া পৰিয়ালটো খাপৰেইল (পোৰামাটিৰ টাইলচ)ৰ চালি দিয়া কেঁচা ঘৰত থাকে। তেওঁৰ মাক সুৰতী দেৱীয়ে কয়, “বাৰিষাৰ দিনত পানী ভিতৰলৈ সোমাই আহে। গাঁৱৰ আটাইবোৰ ঘৰ কেঁচা, কেইটামানহে টিনৰ চালি দিয়া ঘৰ আছে।” পাঞ্জাৱৰ পৰা সুৰযে অনা টকাকেইটা তেওঁলোকৰ ঘৰটো মেৰামতি কৰোঁতে গ’ল, তেওঁ বিচৰা ধৰণে তেওঁৰ শিক্ষাৰ নামত খৰছ কৰিব পৰা নগ’ল। “ইচ্ছা নগ’লেও আকৌ পাঞ্জাৱলৈ উভতি যাব লাগিব যেন লাগিছে,” ঘৰলৈ উভতি যোৱাৰ পিছত ফোনত তেওঁ কৈছিল।

সুৰতী দেৱীয়ে ঘৰৰ কাম-বন চম্ভালে আৰু প্ৰয়োজন আহি পৰিলে দিন হাজিৰাও কৰে। সুৰযৰ তিনি ভাই নীৰজ (১৩), বিপিন (১১) আৰু সৰুজন আশীষে (৬)য়ে ক্ৰমে ৬ম, ৪ৰ্থ আৰু কিণ্ডাৰগাৰ্টেনত পঢ়ে। পৰিয়ালটো নিজা মাটি নাই। সেয়ে তেওঁলোকে প্ৰায় ২.৫ একৰ মাটি লীজত লৈ তাৰে ১.৫ একৰ মাটিত পুখুৰী খান্দি মীনপালন কৰিছে। বাকীখিনি মাটিত তেওঁলোকে ধান আৰু পাচলিৰ খেতি কৰে। সুৰয ঘৰত থাকিলে তেওঁ তাৰেই পাচলি লৈ গৈ মাণ্ডিত বিক্ৰী কৰে। এনেকৈ পৰিয়ালটোৰ বছৰি ২০ হাজাৰমান উপাৰ্জন হয় যদিও সিমানেই যে পাব, সেয়া নিশ্চিত নহয়।

ঘৰত বহি থকা সুৰযে নাজানে ভৱিষ্যতে কি হ’ব। তেওঁ চাগে পাঞ্জাৱলৈ আকৌ পইচাৰ বাবে উভতিব লাগিব। কিন্তু তেওঁৰ মনটো পঢ়াৰ ফালে আছে: “ল’ৰা-ছোৱালীবোৰক স্কুললৈ যোৱা দেখিলে মোৰো যাবলৈ মন যায়।”

অনুবাদ: পংকজ দাস

Kamaljit Kaur

Kamaljit Kaur is from Punjab and she is a freelance translator. Kamaljit has done her MA in Punjabi literature. She believes in a just and equitable world and works towards making it possible.

Other stories by Kamaljit Kaur
Editor : Devesh

Devesh is a poet, journalist, filmmaker and translator. He is the Translations Editor, Hindi, at the People’s Archive of Rural India.

Other stories by Devesh
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das