বসন্ত বিন্দে ঘৰ অহা কেইদিনমান হৈছিল মাত্ৰ। তেওঁ জহানাবাদ জিলাৰ সলেমানপুৰ গাঁৱৰ পৰা কেইঘণ্টামানৰ দূৰত্বত থকা পাটনাত কেইমাহমান কৃষিশ্ৰমিক হিচাপে কাম কৰি আছিল।

সংক্ৰান্তি উৎসৱৰ পিছদিনা, অৰ্থাত ১৪ ফেব্ৰুৱাৰীৰ দিনা তেওঁ কৰ্মস্থানৰ পৰা উভতি আহিবলৈ লৈছিল আৰু চুবুৰীয়া গাওঁ ছন্ধাৰিয়াৰ পৰা কেইজনমান শ্ৰমিকক মাতিবলৈ গৈছিল। সেই শ্ৰমিককেইজনৰ লগতে তেওঁ ঘৰলৈ উভতাৰ কথা আছিল। তেওঁ শ্ৰমিককেইজনৰ লগত কথা পাতি আছিল, তেনেতে বিহাৰ নিষেধ আৰু আবকাৰী (সংশোধনী) আইন, ২০১৬ৰ অধীনত গঠন কৰা আৰক্ষী আৰু আবকাৰী বিভাগৰ স্কোৱাড এটা আহি সেই ঠাইত উপস্থিত হয়, যাৰ কাম হৈছে “বিহাৰৰ পৰা সুৰা আৰু মাদকদ্ৰব্য জাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰা আৰু সজাগতা বিয়পোৱা…”।

পুলিচ দেখি তেওঁলোক ভয়তে ইফালে-সিফালে পলাবলৈ ধৰিলে। বসন্তও ভয় খাই দৌৰিলে। প্ৰায় ২৭ বছৰ বয়সীয়া বসন্তই কয়, “ভৰিত ষ্টীল লগোৱা আছে কাৰণে বেগাই দৌৰিব নোৱাৰো। কোনোমতে ৫০-৬০ ফুটমান দৌৰিছিলোহে, পুলিচৰ মানুহে চোলাৰ কলাৰত ধৰি গাড়ীত উঠাই ল’লে।”

তেওঁক অভিযানকাৰী আৰক্ষীয়ে ক’লে যে তেওঁৰ তালাচী লোৱা হ’ব। ঘৰতো তালাচী চলোৱা হ’ব। কিন্তু তেনে কোনো তালাচী নচলিল। “পুলিচে ক’লে যে জহানাবাদ চহৰৰ আবকাৰী বিভাগৰ থানালৈ নি এৰি দিয়া হ’ব।”

কিন্তু থানালৈ গৈ দেখে যে তেওঁৰ পৰা আধা লিটাৰ মদ জব্দ কৰা বুলি লিখা হ’ল আৰু সুৰা নিবাৰণ আৰু উৎপাদন অধিনিয়মৰ অধীনত সুৰা জব্দ কৰাৰ গোচৰ তৰা হ’ল। কাৰোবাৰ হাতত প্ৰথমবাৰৰ বাবে মদ পালে পাঁচ বছৰ পৰ্য্যন্ত কাৰাবাস আৰু এক লাখ টকা পৰ্য্যন্ত জৰিমনাৰ নিয়ম আছে।

PHOTO • Umesh Kumar Ray
PHOTO • Umesh Kumar Ray

বসন্ত বিন্দে পাটনাৰ আশে-পাশে খেতিপথাৰত শ্ৰমিকৰ কাম কৰিছিল। মকৰ সংক্ৰান্তি পালনৰ পিছত তেওঁ কামলৈ উভতিছিল। তেতিয়াই বিহাৰৰ ছন্ধাৰিয়া গাঁৱৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়

“তাত আমি জোৰ কৰি ক’লো যে আমাৰ তালাচী লওঁক।” কিন্তু তেওঁৰ কথা কোনোৱে নুশুনিলে আৰু এজাহাৰ দাখিল কৰি পেলালে। গ্ৰেপ্তাৰ কৰাৰ পিছত বসন্তক যেতিয়া জিলা আদালতত হাজিৰ কৰোৱা হ’ল, তেতিয়া তেওঁ ক’লে, “মোৰ বংশৰ কোনেও সুৰা বিক্ৰী কৰি পোৱা নাই। মোক এৰি দিয়ক।” বসন্তই কয় যে আদালতে অনুসন্ধানকাৰী বিষয়াক মাতিলে, কিন্তু আবকাৰী বিভাগে ক’লে যে বিষয়াজন তালাচীৰ কাৰণে গৈছে।

*****

ইয়াৰ পিছত আৰু আদালতত শুনানি নহ’ল আৰু বসন্তক কাকো জেললৈ প্ৰেৰণ কৰা হ’ল। বসন্ত চাৰিদিন জেলত থাকিল, আৰু ২০২৩ৰ ১৯ জানুৱাৰীৰ দিনা তেওঁ জামিন পালে। তেওঁৰ জামিন কৰালে মাক আৰু মামাকৰ ফালৰ ভায়েকে। তেওঁলোকে নিজৰ মাটি আৰু মটৰ চাইকেলৰ কাগজ দেখুৱাই জামিনৰ গেৰাণ্টি দিছিল।

জহানাবাদ জিলাত ছখন থানা আছে। তাৰে হুলাসগঞ্জ, পালী আৰু বৰাবৰ পৰ্যটন থানাত দাখিল হোৱা ৫০১ খন এজাহাৰৰ অধ্যয়ন কৰি গম পোৱা যায় যে ইয়াৰে ২০৭ জন অভিযুক্ত মুছহৰ সম্প্ৰদায়ৰ। তেওঁলোকক ৰাজ্যখনৰ আটাইতকৈ দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ লোকৰ ভিতৰত ধৰা হয়। মুছহৰৰ পিছত আটাইতকৈ বেছি আৰোপ থকা ব্যক্তি হৈছে বিন্দ আৰু যাদৱ সম্প্ৰদায়ৰ লোক, তেওঁলোক অনান্য পিছপৰা শ্ৰেণীত পৰে।

বেচৰকাৰী সংস্থা ল ফাউণ্ডেচনৰ সংস্থাপক প্ৰবীণ কুমাৰে কয়, “সুৰা নিবাৰণ অধিনিয়মৰ অধীনত আটাইতকৈ বেছি গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে দলিত, পিছপৰা শ্ৰেণী আৰু বিশেষকৈ মুছহৰসকল। পুলিচে গাড়ী লৈ মুছহৰ সম্প্ৰদায়ৰ বস্তিবোৰত যায় আৰু শিশুৰ পৰা আৰম্ভ কৰি মহিলা পৰ্য্যন্ত কোনো প্ৰমাণ অবিহনে গ্ৰেপ্তাৰ কৰি জেলত ভৰায় থয়। ইয়াৰে বেছিভাগ লোক দৰিদ্ৰ যাৰ নিজাকৈ উকীল ধৰাৰ পইচা নাথাকে, সেয়ে মাহৰ পিছত মাহ ধৰি জেলত কটাবলগীয়া হয়।”

বসন্তৰ গাওঁ সলেমানপুৰত ১৫০ টা পৰিয়াল (২০১১ৰ লোকপিয়ল অনুসৰি) থাকে, তাৰে গৰিষ্ঠসংখ্যকেই ভূমিহীন আৰু দিনহাজিৰা কৰি পেট প্ৰৱৰ্তায়। প্ৰায় ১,২৪২ জনবসতিৰ গাওঁখনত বিন্দ সম্প্ৰদায়ৰ লোকৰ উপৰিও মুছহৰ, যাদৱ, পাচী আৰু কিছু সংখ্যক মুছলমান লোকো আছে।

তেওঁৰ ওপৰত জাপি দিয়া গোচৰক লৈ ক্ষুণ্ণ বসন্তই নিজৰ ঘৰটোলৈ আঙুলিয়াই কয়, “এইটো আমাৰ ঘৰ। আমাক দেখি লাগে নেকি আমি মদ বিক্ৰী কৰোঁ? আমাৰ বংশৰ কোনেও মদ বিক্ৰী নকৰে।” যেতিয়া বসন্তৰ পত্নী কবিতা দেৱীয়ে শুনিলে যে তেওঁৰ স্বামীয়ে আধা লিটাৰ মদ ৰখা বুলি অভিযোগ উত্থাপিত কৰা হৈছে, তেতিয়া তেওঁ কৈছিল, “তেওঁ ক’ত মদ বেচিব? তেওঁ কেতিয়াও মদ খাই পোৱা নাই।”

PHOTO • Umesh Kumar Ray

সলেমানপুৰৰ নিজ ঘৰত পত্নী কবিতা দেৱীৰ সৈতে বসন্ত বিন্দ বহি আছে। লগত তেওঁলোকৰ আঠ বছৰীয়া পুত্ৰ আৰু দুবছৰীয়া কন্যা

PHOTO • Umesh Kumar Ray
PHOTO • Umesh Kumar Ray

তেওঁলোকৰ ঘৰটো (বাওঁফালে) প্ৰায় ৩০ ফুট বহল কেনেল (সোঁফালে)ৰ পাৰত। পানী পাৰ হৈ সিটো পাৰলৈ যাবলৈ দুটা ইলেকট্ৰিক পোষ্ট পাৰি থোৱা আছে, সেই দুডালেৰে পাৰ হ’ব লাগে

ইটা আৰু খেৰেৰে বনোৱা তেওঁলোকৰ ঘৰটো প্ৰায় ৩০ ফুট বহল কেনেল এটাৰ পাৰত অৱস্থিত। কেনেলটো পাৰ কৰি ৰাস্তাত উঠিবলৈ ইলেকট্ৰিক পোষ্ট দুটা পাৰি থোৱা আছে। বাৰিষাৰ দিনত কেনেলটো পানীৰে ওফন্দি পৰিলে এই পোষ্ট দুটাৰে পাৰ হোৱাটো বিপদসংকুল হৈ পৰে। তেওঁৰ আঠ বছৰীয়া ল’ৰাটো প্ৰথম শ্ৰেণীত পঢ়ে। ৫ বছৰীয়া ছোৱালীজনী অংগনবাদী কেন্দ্ৰলৈ যায়। আটাইতকৈ সৰুজনীৰ বয়স এতিয়া দুবছৰ।

প্ৰায় ২৫ বছৰীয়া কবিতাই কয়, “সুৰা নিবাৰণৰ পৰা আমাৰ কি লাভ হৈছে বুজি নাপাও। কিন্তু লোকচান হোৱা দেখিছো।”

আনফালে বসন্তই এতিয়া এই কথা লৈ অশান্তিত ভুগিছে যে আদালতৰ শুনানিৰ নামত তেওঁৰ পইচা আৰু সময় দুয়োটাই নষ্ট হ’ব। তেওঁ কয়, “ধনী মানুহৰ ঘৰত মদৰ ডেলিভাৰি হয়। তেওঁলোকে আৰামত ঘৰত বহি মদ খায়। তেওঁলোকৰনো কি আহে যায়।”

বসন্তৰ উকীলৰ নামত আৰু জামিনত ৫ হাজাৰ টকা খৰছ হৈছে। সেইকেইদিন তেওঁ খেতিপথাৰৰ কামত লাগিব নোৱাৰিলে, দিনহাজিৰাৰো লোকচান হ’ল। তেওঁ প্ৰশ্ন কৰে, “আমি দিনহাজিৰা কৰিবলৈ যাম নে আদালতলৈ তাঁত বাটি কাঢ়িম?”

*****

“আমাৰ নামটো নিলিখিব…আপুনি নাম লিখিলে পুলিচে আহি আমাকো ধৰি নিব। আমি কি কৰিম…আমি সন্তানকেইটাৰ সৈতে ইয়াতেই থাকিব লাগিব।” সীতা দেৱী (নাম সলনি কৰা হৈছে)য়ে এইখিনি কথা কওঁতে তেওঁৰ কপালত চিন্তাৰ ৰেখা স্পষ্ট। তেওঁ পৰিয়ালটো জহানাবাদ ৰেলৱে ষ্টেছনৰ পৰা ৩ কিলোমিটাৰমান দূৰত মুছহৰীত থাকে। তেওঁ মুছহৰ সম্প্ৰদায়ৰ। তেওঁলোকৰ নাম বিহাৰৰ মহাদলিত সম্প্ৰদায়ত তালিকাভুক্ত।

তেওঁৰ স্বামী ৰামভুৱাল মাঝি (নাম সলনি কৰা হৈছে)ক সুৰা নিবাৰণ আৰু উৎপাদন অধিনিয়ম, ২০১৬ৰ অধীনত এবছৰ আগতে অভিযোগমুক্ত কৰি মুকলি কৰি দিয়া হৈছিল, কিন্তু সীতাৰ মনৰ পৰা ভয় এতিয়াও মাৰ যোৱা নাই।

PHOTO • Umesh Kumar Ray
PHOTO • Umesh Kumar Ray

বসন্তই ইতিমধ্যে উকীল আৰু জামিনৰ নামত ৫ হাজাৰ টকা খৰছ কৰিছে , আগলৈকো খৰছ হ কবিতাই কয় , ‘ সুৰা নিবাৰণ কৰাৰ পৰা আমাৰ কি লাভ হ , বুজি নাপাওঁ

দুবছৰ আগতে ৰামভুৱালৰ হাতত সুৰা পোৱাৰ অভিযোগ আনি সুৰা নিবাৰণ অধিনিয়মৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। সীতা দেৱীয়ে কয়, “ঘৰত মদ পোৱা নাছিল। কিন্তু পুলিচে তেওঁক লগত লৈ গ’ল। আমি মদ নবানাও আৰু বিক্ৰীও নকৰোঁ। মোৰ মতাটোৱে মদ নাখাইও।”

থানাত দাখিল কৰা এজাহাৰ অনুসৰি, “২০২১ৰ ২৪ নৱেম্বৰৰ দিনা পুৱা ৮ বজাত পুলিচে তেওঁৰ ঘৰৰ পৰা ২৬ লিটাৰ চুলাই মদ জব্দ কৰিছিল, যিটো মহুৱা আৰু গুড়েৰে বনোৱা হয়।” আৰক্ষীৰ ভাষ্য মতে পুলিচ অহা দেখি উক্ত স্থানৰ পৰা ৰামভুৱাল পলাই সাৰে যদিও প্ৰায় এমাহ পিছত ২৪ ডিচেম্বৰৰ দিনা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

স্বামী জেলত থকা এটা বছৰ সীতা দেৱীয়ে বৰ কষ্টত কটালে। তেওঁ সেই বছৰটো নিজৰ তিনি সন্তান - ১৮ বছৰীয়া জীয়ৰী, ১০ আৰু ৮ বছৰীয়া দুই পুত্ৰক অকলেই পোহপাল দিবলগীয়া হ’ল। তেওঁ ৰামভুৱালক দেখা কৰিবলৈ কেতিয়াবা কাকো জেললৈ গ’লে দুয়োটাই চকুপানী ৰখাব নোৱাৰিছিল। “আমি কেনেদৰে চলিছো তেওঁ সুধিছিল। ল’ৰা-ছোৱালীকেইটা কেনে আছে জানিব খুজিছিল। কষ্টত আছো বুলি ক’লে তেওঁ কান্দিব ধৰিছিল। মইও কান্দিছিলো,” কথাখিনি কওঁতে চলচলীয়া হৈ পৰা তেওঁৰ চকুলো আমাক নেদেখুৱাবলৈ যত্ন কৰি আনফালে মুৰ ঘুৰালে।

এইখিনি সময়ত তেওঁ পৰিয়ালটোৰ পেট পুহিবলৈ খেতিত হাজিৰা কৰিবলগীয়া হৈছিল। চুবুৰীয়াৰ পৰা ধাৰো লৈছিল। “মা-দেউতা অধিয়াৰ খেতিয়ক। তেওঁলোকে চাউল-দাইল দিয়ে। সম্পৰ্কীয়ইও আন খাদ্যশস্য দিয়ে।” অকণমান ৰৈ তেওঁ কয়, “এতিযা এক লাখৰো বেছি ধাৰ লাগিছে।”

এনেকৈ গ্ৰেপ্তাৰ কৰিলে আদালতত নিৰ্দোষী প্ৰমাণ কৰাটো টান হৈ পৰে যেতিয়া খবৰ দিওঁতা, সুৰা অনুসন্ধানকাৰী, অনুসন্ধানকাৰী বিষয়া, তালাচী চলোৱা দলৰ দুই সদস্যই সাক্ষী দিয়ে। ৰামভুৱালৰ গোচৰটোত শুনানিৰ সময়ত তালাচী দলৰ দুয়োজন সদস্যই ৰামভুৱালৰ ঘৰৰ পৰা সুৰা জব্দ হোৱাটো অস্বীকাৰ কৰে, আদালতেও সাক্ষীৰ জবানবন্দীত ঘোৰ বিৰোধাভাস পালে।

ইয়াৰ পিছত ১৬ নৱেম্বৰত জহানাবাদৰ উপ জিলা তথা খণ্ড বিচাৰপীঠে ৰামভুৱাল মাঝিক সকলো অভিযোগৰ পৰা মুক্ত কৰি মুকলি কৰি দিয়ে।

PHOTO • Umesh Kumar Ray

বিহাৰৰ সুৰা নিবাৰণ আৰু উৎপাদন অধিনিয়ম, ২০১৬ৰ অধীনত দাখিল কৰা গোচৰত বসন্তই এতিয়া দীঘলীয়া আইনী যুঁজত অৱতীৰ্ণ হ’ব লাগিব, তাত তেওঁৰ বহু সময় আৰু ধন-টকা নষ্ট হ’ব

সীতা দেৱীয়ে মনত পেলায়, “জেলৰ পৰা ওলোৱাৰ সময়ত তেওঁ হাড়ে-ছালে লাগিছিল।”

জেলৰ পৰা ওলাই অহাৰ ১০ দিন পাছত ৰামভুৱালে কামৰ সন্ধানত জহানাবাদৰ পৰা বাহিৰলৈ ওলাই গ’ল। প্ৰায় ৩৬ বছৰ বয়সীয়া সীতাই কয়, “ঘৰত দুই-তিনিমাহমান থাকিলে ভালকৈ খুৱাই-বোৱাই তেওঁ স্বাস্থ্যটো পুনৰ ঘুৰাই আনিবপৰা গ’লহেঁতেন। কিন্তু তেওঁ ভয় খালে যে পুলিচে আকৌ যদি ধৰি লৈ যায়। সেয়ে তেওঁ চেন্নাইলৈ গুছি গ’ল।”

ৰামভুৱালৰ সমস্যা ইয়াতে ওৰ পৰা নাই।

এই গোচৰটোত ৰামভুৱালৰ বিৰুদ্ধে অধিনিয়মখনৰ অধীনত ২০২০ৰ আন দুটা গোচৰৰ বিচাৰ এতিয়াও হ’বলৈ বাকী আছে। সুৰা নিবাৰণ আৰু আবকাৰী বিভাগৰ তথ্য অনুযায়ী ২০১৬ৰ এপ্ৰিলৰ পৰা ২০২৩ৰ ১৪ ফেব্ৰুৱাৰীলৈকে এই অধিনিয়মৰ অধীনত ৭,৫৪,২২২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ১,৮৮,৭৭৫ জন লোকক শাস্তি বিহা হৈছে য’ত নাবালিকৰ সংখ্যা ২৪৫ জন।

সীতাই নাজানে যে বিচাৰৰ ৰায়দান কাৰ পক্ষত হ’ব। সুৰা নিষেধ কৰাই তেওঁলোকৰ কিবা লাভ হৈছে নেকি বুলি সোধাত তেওঁ কয়, “আপুনি কেনেকৈ বুজাব কওঁকচোন। আমাক নাঙঠ কৰি পেলালে। গাভৰু ছোৱালী এজনী আছে, তাইক বিয়া দিব লাগে। নাজানো, কেনেকৈ কৰিম। পৰিস্থিতি এনেকুৱা যে ৰাস্তাত বহি ভিক্ষা মাগিব লাগিব।”

২০২১ৰ আৰম্ভণিৰ ভাগত ৰামভুৱালৰ সৰু ভাইটোৰ অজ্ঞাত ৰোগত মৃত্যু হৈছিল। তেওঁৰ পত্নীও যোৱা বছৰ নৱেম্বৰত ঢুকাই থাকিল। তেওঁলোকৰ দুই সন্তানৰ প্ৰতিপালনৰ দায়িত্বও এতিয়া সীতাৰ। তেওঁ কয়, “ইশ্বৰে আমাক কলহৰ কাণে ঢলা দুখ দিছে, সেয়াই ভুগি আছো।”

এই ষ্ট’ৰিটো বিহাৰৰ উপান্ত শ্ৰেণীৰ কাৰণে সংগ্ৰাম কৰা এগৰাকী ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত প্ৰদান কৰা ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Umesh Kumar Ray

Umesh Kumar Ray is a PARI Fellow (2022). A freelance journalist, he is based in Bihar and covers marginalised communities.

Other stories by Umesh Kumar Ray
Editor : Devesh

Devesh is a poet, journalist, filmmaker and translator. He is the Translations Editor, Hindi, at the People’s Archive of Rural India.

Other stories by Devesh
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das