মহম্মদ আছগৰৰ হাত দুখন যেন মেচিনহে। নিখুঁতভাৱে হাত চলি থকাৰ মাজতে তেওঁ কথাও কৈ গৈছে।

“এক মুহূৰ্তৰ বাবেও যদি হাত ৰৈ যায়, কামটো নষ্ট হৈ যাব,” তিনি শতিকা পুৰণি শিল্পকলাবিধৰ নিপুণ শিল্পী ৪০ বৰ্ষীয় আছগৰে কয়।

আছগৰ এগৰাকী ছাপা কাৰিগৰ (মেনুৱেল ব্লক প্ৰিণ্টিং কৰা শিল্পী)। এই কাম কৰা তেওঁৰ দুটা দশক হ’ল। আন বহু ব্লক প্ৰিণ্টিং কাৰিকৰে কাঠৰ ব্লক ৰঙত ডুবাই কাপোৰত ডিজাইন ছপায় যদিও তেওঁ এলুমিনিয়ামৰ পাতল পাট এখনৰে ফুলৰ আৰ্হি আৰু আন ডিজাইন কাপোৰত ছপোৱা কাম কৰে।

এলুমিনিয়ামৰ এই পাতল পাটখনক তবক বুলি কোৱা হয়, যি তবকে শাড়ী, ছৰাৰা, লেহেংগা আদি মহিলাৰ কাপোৰত ৰূপালী ৰহণ সানে। তেওঁৰ পিছফালে থকা চেলফখনত জটিল নক্সা কটা ভালেমান কাঠৰ ব্লক আছে যিয়ে সাধাৰণ পোচাককো উৎসৱত পিন্ধিব পৰাকৈ জাকজমক কৰি তোলে

Mohammad Asghar (left) is a chhapa craftsman during the wedding season. The rest of the year, when demand shrinks, he works at construction sites. He uses wooden moulds (right) to make attractive designs on clothes that are worn on festive occasions, mostly weddings of Muslims in Bihar's Magadh region
PHOTO • Shreya Katyayini
Mohammad Asghar (left) is a chhapa craftsman during the wedding season. The rest of the year, when demand shrinks, he works at construction sites. He uses wooden moulds (right) to make attractive designs on clothes that are worn on festive occasions, mostly weddings of Muslims in Bihar's Magadh region
PHOTO • Shreya Katyayini

বিয়াৰ বতৰত ছাপা শিল্পী মহম্মদ আছগৰ (বাওঁফালে) ব্যস্ত হৈ পৰে। বছৰটোৰ আন সময়ত চাহিদা কমি অহাত তেওঁ নিৰ্মাণ ছাইটত কাম কৰিবলৈ যায়। তেওঁ কাঠৰ ব্লকেৰে কাপোৰত আকৰ্ষণীয় ডিজাইন বনায় যিবোৰ উৎসৱ-পাৰ্বণ, বিশেষকৈ বিহাৰৰ মগধ অঞ্চলৰ বিয়া-সবাহত পিন্ধিবলগীয়া কাপোৰ জাকজমকীয়া কৰি তোলে

বিহাৰৰ নালন্দা জিলাৰ বিহাৰছৰিফত প্ৰায় এক ডৰ্জনমান ছাপা শিল্পী আছে। গ্ৰাহকসকলৰ দৰে ছাপা কাৰিকৰসকলো ঘাইকৈ মুছলমান সম্প্ৰদায়ৰ আৰু তেওঁলোক ৰংগৰেজ (ৰং বোলাওতা) জাতিৰ। বিহাৰত তেওঁলোক আৰ্থিকভাৱে পিছপৰা শ্ৰেণী চমুকৈ ই.বি.চি. হিচাপে তালিকাবদ্ধ। বিহাৰ চৰকাৰৰ শেহতীয়া জাতি-গণনা অনুসৰি বিহাৰত তেওঁলোকৰ জনসংখ্যা ৪৩,৩৪৭ ।

“ত্ৰিশ বছৰ আগতে একো কাম বিচাৰি নাপাই শেষত এই কামতে ধৰিলো,” পাপ্পুৱে কয়। “মোৰ মাৰ ফালৰ ককায়ে ছাপা কাম কৰিছিল। তেওঁৰ পৰাই মই এই কৌশল আয়ত্ব কৰিলো। তেওঁৰ বাবে আছিল এয়া টাইম-পাছ। ময়ো তাকেই কৰিছো,” বিহাৰৰ ৰাজধানী পাটনাৰ ঘন জনবসতিৰ ছবজিবাগ এলেকাত যোৱা ৩০ বছৰ ধৰি ছাপা কাপোৰৰ দোকান চলাই অহা ৫৫ বৰ্ষীয় শিল্পীগৰাকীয়ে কয়।

এই শিল্পৰ চাহিদা কমি আহিছে বুলি তেওঁ জনায়। “আগতে পাটনাত এনে কাৰিকৰৰ ৩০০ খন দোকান আছিল, এতিয়া ১০০ মানহে চলি আছে,” এতিয়া আৰু ৰূপ আৰু সোণৰ প্ৰিণ্টিং ব্য়ৱহাৰত নাই, তাৰ ঠাইত এলুমিনিয়াম আহিছে।

ছবজি বাজাৰৰ এখন সৰু ৱৰ্কশ্বপত কাম কৰা আছগৰে কয় যে ২০ বছৰ আগতে বিহাৰছৰিফতে তবক বনোৱা হৈছিল। “আগতে চহৰতে তবক বনোৱা হৈছিল, কিন্তু শ্ৰমিকৰ অভাৱত কামটো ইয়াত নোহোৱা হ’ল। এতিয়া তবক পাটনাৰ পৰা অনা হয়,” তেওঁ কয়।

Left: Pappu inherited chhapa skills from his maternal grandfather, but he he says he will not pass it on to his sons.
PHOTO • Umesh Kumar Ray
Right: Chhapa clothes at Pappu's workshop in the Sabzibagh area of Patna, Bihar. The glue smells foul and the foil comes off after a couple of washes, so the clothes are not very durable
PHOTO • Umesh Kumar Ray

বাওঁফালে: পাপ্পুৱে ছাপা কৌশল শিকিছিল তেওঁৰ মাকৰ ফালৰ ককাদেউতাকৰ পৰা, কিন্তু সেই কাম তেওঁ নিজৰ ল’ৰা-ছোৱালীক নিদিয়ে। সোঁফালে: বিহাৰৰ পাটনাৰ ছবজিবাগ এলেকাত পাপ্পুৰ ৱৰ্কশ্বপৰ ছাপা কাপোৰবোৰ। আঠাৰ গোন্ধটো বেয়া আৰু এলুমিনিয়ামৰ পাট কেইবাৰমান ধুলে গুছি যায়, সেয়ে কাপোৰবোৰ ইমান স্থায়ী নহয়

ছাপা শিল্পৰ ঘাই সামগ্ৰীবিধ হৈছে তবক, ইমানেই পাতল যে ই সামান্য বতাহ বলিলেই উৰিবলৈ ধৰে। কেইখনমান পাত আছগৰৰ কাপোৰ আৰু মুখত লাগিছে। দিনটোৰ শেষত তেওঁ সেইবোৰ জাৰি-জোকাৰি আঁতৰায়। হাতত লাগি ধৰা আঠাৰ ডাঠ প্ৰলেপ আঁতৰাওতেও তেওঁক ভালেখিনি সময় লাগে। “হাতৰ পৰা আঠাখিনি আঁতৰাওতে দুঘণ্টা সময় লাগে। গৰম পানীৰে আঠাবোৰ আঁতৰাও,” তেওঁ কয়।

“আঠাখিনি বৰ সোনকালে শুকাই যায়। সেয়ে গোটেই কামটো ক্ষীপ্ৰ গতিত শেষ কৰিবই লাগিব,” টিনৰ পাত্ৰ এটাত ৰখা আঠাখিনি হাতৰ তলুৱাত লৈ মোহাৰি আৰম্ভণিৰ পৰা প্ৰক্ৰিয়াটো আমাক দেখুৱাই আছগৰে আমাক কয়। এবাৰ তেওঁৰ হাতখনৰ আঠাৰ প্ৰলেপ সম্পূৰ্ণকৈ পৰাৰ পিছত তেওঁ কাঠৰ ফুলাম ব্লকটো হাতৰ তলুৱাত লগাই আঠাখিনি শুহিবলৈ দিয়ে আৰু লগে লগে কাপোৰত সেই আঠালগা ব্লকটোৰে সাচ বহুৱায়।

পেপাৰৱেইটৰে হেচুকি থোৱা পাতল পাটখন ক্ষীপ্ৰতাৰে তেওঁ আঠা লগোৱা স্থানত লগায়। আঠাখিনিৰ কাৰণে পাটখন কাপোৰত লাগি ধৰে।

পাটখন ভালকৈ কাপোৰত লাগি ধৰাৰ পিছত তেওঁ সেয়া কাপোৰৰ টোপোলা এটাৰে হেচুকি ধৰে, যাতে পাটখন ভালদৰে কাপোৰত লাগি ধৰে। “তবকখন আঠাৰ সহায়ত কাপোৰত যাতে ভালদৰে লাগি ধৰে, তাৰবাবে এনেকৈ হেচি ধৰিবলগীয়া হয়,” তেওঁ কয়।

সুক্ষ্ম এই কামটো বৰ ক্ষীপ্ৰতাৰে কৰিবলগীয়া হয় আৰু বৃত্তাকাৰ ডিজাইন এটা এনেদৰে কাপোৰত চমকি উঠে। নতুনকৈ ছাপা লগোৱা কাপোৰৰ আঠাখিনি শুকুৱাবৰ বাবে সেয়া ৰ’দত দিয়া হয়। আধাঘণ্টামান ৰ’দত দিলে কাপোৰত তবক স্থায়ীভাৱে লাগি ধৰে।

কাৰিকৰে এই কাম কোনো বিৰতি নোহোৱাকৈ কৰে। তেওঁ বৰ্তমান ছাপা কৰি থকা ৰঙা কাপোৰখনক দলঢক্কন বুল কোৱা হয় - এই কাপোৰখনেৰে খৰাহী মেৰিওৱা হয়।

Left: Mohammad Asghar rubs the glue kept in a tin pot onto his left palm. Due to continuous application, a thick layer of glues sticks to the palm and takes him two hours to remove.
PHOTO • Shreya Katyayini
Right: He rotates the wooden flower mould on his palm to soak up the glue
PHOTO • Shreya Katyayini

বাওঁফালে: মহম্মদ আছগৰে টিনৰ পাত্ৰটোত থকা আঠাখিনি তেওঁৰ হাতত লৈছে। সকলো সময়তে এই আঠাৰ কাম কৰিবলগীয়া হোৱা বাবে সেয়া তেওঁৰ হাতত লাগি ধৰে আৰু এৰুৱাওতে দুঘণ্টামান সময় লাগে। সোঁফালে: তেওঁ কাঠৰ ফুলাম নক্সা থকা ব্লকটোত হাতৰ তলুৱাৰ আঠাখিনি ঘূৰাই ঘূৰাই লগাইছে

Left: Asghar stamps the sticky mould onto the cloth. Then he carefully pastes the foil sheet on the stamped part and further presses down with a pad until it is completely stuck.
PHOTO • Shreya Katyayini
Right: The delicate process is performed swiftly and the design appears on the cloth which now has to be laid out to dry in the sun
PHOTO • Shreya Katyayini

বাওঁফালে: আছগৰে কাপোৰত আঠালগোৱা সেই নক্সা থকা ব্লকটোৰে সাচ বহুৱাইছে। তাৰপিছত তেওঁ পাটখন সাচ বহুওৱা ঠাইত বহুৱাই কাপোৰৰ টোপোলা এটাৰে হেচি ধৰে যাতে পাটখন কাপোৰত ভালদৰে লাগি যায়। সোঁফালে: সুক্ষ্ম এই প্ৰক্ৰিয়াটো তেওঁ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰে আৰু তাৰপিছত আধা ঘণ্টামানৰ বাবে সেই কাপোৰ ৰ’দত শুকুওৱা হয়

এলুমিনিয়ামৰ ১০ৰ পৰা ১২ বৰ্গচেণ্টিমিটাৰৰ ৪০০ খন পাটৰ দাম ৪০০ টকা। এক কিলোগ্ৰাম আঠাত ১০০ৰ পৰা ১৫০ টকা লাগে। “ছাপাই কাপোৰৰ দাম ৭০০ৰ পৰা ৮০০ টকা বঢ়ায়,” ছাপা কাপোৰৰ দোকানৰ মালিক পাপ্পুৱে কয় (তেওঁ কেৱল এই নামেৰে তেওঁক সম্বোধন কৰাটো ভাল পায়)। “গ্ৰাহকে সিমানখিনি পইচা দিব নিবিচাৰে।”

বিহাৰৰ মুছলমান সম্প্ৰদায়, বিশেষকৈ ৰাজ্যখনৰ দক্ষিণ প্ৰান্তৰ মগধ অঞ্চলত বিয়া-সবাহত ছাপা কাপোৰৰ পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে। কিছুমান ৰীতি-নীতিৰ ই অবিচ্ছেদ্য অংগ। কইনা আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ সামাজিক মৰ্য্যাদা নিৰ্বিশেষে ছাপা শাড়ী বা বিয়াৰ কাপোৰৰ সৈতে ছাপা পিন্ধিবই লাগিব।

সাংস্কৃতিক তাৎপৰ্য্য থকা স্বত্ত্বেও ছাপা কাপোৰ বেছিদিনলৈ পিন্ধিব নোৱাৰি। “এই প্ৰিণ্টিঙত ব্য়ৱহাৰ কৰা আঠাৰ গোন্ধটো সিমান ভাল নহয়। প্ৰিণ্টিঙো বহুত দূৰ্বল, সেয়ে এবাৰ কি দুবাৰতে গোটেই এলুমিনিয়ামৰ পাটবোৰ এৰাই আহে,” পাপ্পুৱে কয়।

বিয়াৰ বতৰৰ তিনি-চাৰিমাহৰ পিছতে ছাপাৰ দোকানত গ্ৰাহক নাইকিয়া হৈ পৰে, উপায়ন্তৰ হৈ ছাপা কাৰিকৰে আন কাম বিচাৰিবলগীয়া হয়।

Mohammad Reyaz (wearing glasses) works as a chhapa karigar in Pappu’s shop. He is also a plumber and a musician and puts these skills to use when chhapa work is not available
PHOTO • Umesh Kumar Ray
Mohammad Reyaz (wearing glasses) works as a chhapa karigar in Pappu’s shop. He is also a plumber and a musician and puts these skills to use when chhapa work is not available
PHOTO • Umesh Kumar Ray

মহম্মদ ৰেয়াজে (বিতচকু পৰিধান কৰাজন) পাপ্পুৰ দোকানত ছাপা কাৰিকৰ হিচাপে কাম কৰে। ছাপাৰ কাম নাথাকিলে তেওঁ প্লাম্বাৰ আৰু বাদ্যযন্ত্ৰী হিচাপে কাম কৰি জীৱিকা উপাৰ্জন কৰে

“মই দোকানত আঠৰ পৰা দহ ঘণ্টা কাম কৰি তিনিখন শাড়ীত ছাপা মাৰো,” আছগৰে কয়। “এদিনত এনেকৈ ৫০০ টকা পাওঁ। কিন্তু এই কামৰ চাহিদা তিনিৰ পৰা চাৰিমাহ থাকে। ছাপা কাম নাথাকিলে মই কনষ্ট্ৰাকছন ছাইটত লেবাৰৰ কাম কৰোঁ।”

আছগৰৰ ঘৰ বিহাৰছৰিফ চহৰত, তেওঁ দোকানৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত। দোকানত তেওঁ পুৱা ১০ বজাৰ পৰা ৰাতি ৮ বজালৈ কাম কৰে। “পইচা বচাবলৈ মোৰ ল’ৰাটোৱে ঘৰতে ৰন্ধা খাদ্য দুপৰীয়াৰ বাবে লৈ আহে,” তেওঁ কয়।

জীৱনৰ পাঁচটা বছৰ তেওঁ দিল্লীত থাকি নিৰ্মাণ ছাইটত কাম কৰিছিল। এতিয়া তেওঁ ইয়াত তেওঁৰ পত্নী আৰু স্কুলত পঢ়ি থকা দুই পুত্ৰ (বয়স ক্ৰমে ১৪ আৰু ১৬)ৰ সৈতে বিহাৰছৰিফত থাকে। চহৰখনত কাম কৰি পোৱা পইচাৰে নিজকে সুখী বুলি কোৱা আছগৰে কয় যে পৰিয়ালৰ লগত থাকিব পোৱাটো তেওঁৰ বাবে সুখৰ কথা। “ য়হা ভী কাম হইয়ে ৰহা হ্যে তৌ কাহে লা বাহাৰ জায়েংগে (ইয়াতো কাম হৈয়ে আছে, গতিকে কিয় বাৰু মই বাহিৰলৈ কাম বিচাৰি যাও)?” তেওঁ এই প্ৰতিবেদকক কয়।

মহম্মদ ৰেয়াজে পাপ্পুৰ দোকানত ছাপা কাৰিকৰ হিচাপে কাম কৰে। ৬৫ বৰ্ষীয় ৰেয়াজে এই কামৰ উপৰিও বছৰটো চলিবলৈ জীৱিকাৰ আন কৌশলো আয়ত্ব কৰিছে। “ছাপা কাম নাথাকিলে মই বেণ্ডপাৰ্টি এটাৰ সৈতে কাম কৰো। তাৰোপৰি মই প্লাম্বিঙৰো কাম জানো। এই কামবোৰ কৰি মই বছৰটো চলি যাও,” ৰেয়াজ ডাঙৰীয়াই কয়।

পাপ্পুৱে কয় যে দোকানৰ পৰা পোৱা পইচাৰে পত্নী আৰু দুই পুত্ৰ (সাতৰ পৰা ষোল্ল বছৰীয়া) পৰিয়ালটো পুহিবলৈ কষ্ট হয়। “এই কামত পইচা একেবাৰে কম, প্ৰায় নায়েই বুলিব পাৰি। ছাপা কাপোৰ এখনত কিমানখিনি লাভ পাওঁ, সেয়া ভাবি আচৰিতেও হওঁ। কোনোমতে পৰিয়ালটোৰ বাবে দুবেলা দুসাজ যোগাৰ কৰিব পাৰিছো,” তেওঁ কয়।

চাহিদাবিহীন এই জীৱিকা তেওঁৰ ল’ৰা দুটাই আঁকোৱালি লোৱাটো তেওঁ নিবিচাৰে। “ হম পাগল নহি হ্যে জৌ চাহেংগে কি মেৰে বেটে ইছ লাইন ম্যে আয়ে (মোৰ মূৰৰ বিকাৰ হোৱা নাই যে ল’ৰাদুটাক এই জীৱিকা আঁকোৱালি ল’বলৈ দিম)।”

The star of the chhapa show is tabak (aluminium foil), so fine that it starts flying in the slightest breeze, some of it sticking to the craftsmen's face and clothes
PHOTO • Umesh Kumar Ray


ছাপা শিল্পৰ মূল সামগ্ৰীবিধ হৈছে এই তবক নামে এলুমিনিয়ামৰ পাটবিধ। এয়া ইমানেই পাতল যে সামান্য বতাহতে উৰিবলৈ ধৰে, কাৰিকৰৰ গায়ে-মুখে লাগে

*****

ছাপা শিল্পৰ উদ্ভৱ কেতিয়া কেনেকৈ হৈছিল, কেনেকৈ বিহাৰি মুছৰমান সম্প্ৰদায়ৰ সংস্কৃতিৰ ই অভিন্ন অংশ হৈ পৰিছিল, সেইবিষয়ে বিশেষ একো জনা নাযায়। ফ্ৰান্সিছ বুকানন নামে ব্ৰিটিছ শাসনকালৰ এগৰাকী শল্য চিকিৎসক আৰু সমীক্ষকে বিহাৰৰ মেনুৱেল ব্লক প্ৰিণ্টিঙৰ কাম কৰা শিল্পীক ছাপাগৰ নাম দিছিল।

“বিহাৰৰ মুছলমান সম্প্ৰদায়ৰ বিয়াত ছাপা কাপোৰ পিন্ধা পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হ’ল, সেই তথ্য সঠিককৈ দিব পৰা নাযায়। কিন্তু বিহাৰৰ মগধ অঞ্চলৰ মুছলমানৰ সম্প্ৰদায়ৰ মাজত এই প্ৰথাৰ প্ৰচলন থকা হেতুকে ক’ব পৰা যায় যে পৰম্পৰাবিধৰ সূচনা ইয়াৰ পৰাই হৈছিল,” পাটনাৰ বুৰঞ্জীৰ প্ৰতি আগ্ৰহী ওমৰ আশ্ৰফে কয়।

তেওঁ হেৰিটেজ টাইমচ নামে এটা ৱেব প’ৰ্টেল আৰু ফেচবুক পে’জ চলায় য’ত তেওঁ বিহাৰৰ মুছলমান সম্প্ৰদায়ৰ হেৰাই যোৱা সংস্কৃতি আৰু ঐতিহ্য নথিবদ্ধ কৰে।

১২শ শতিকাত মগধ অঞ্চলত মুছলমানৰ আগমনৰ সময়তে এই শিল্পবিধো অঞ্চলটোলৈ অহা বুলি কোৱা হয়। “তেওঁলোকেই বোধকৰো বিয়া-সবাহত ছাপা কাপোৰ পিন্ধা পৰম্পৰা লগত আনিছিল আৰু মগধত এই পৰম্পৰা থাকি গ’ল,” আশ্ৰফে কয়।

ছাপা বিশ্বৰ অনান্য প্ৰান্তলৈও বিয়পিছে। “ইউৰোপ, আমেৰিকা, কানাডা আৰু অনান্য দেশৰ প্ৰবাসী বিহাৰী মুছলমান লোকে ভাৰতৰ পৰা ছাপা কাপোৰ বিয়াত পিন্ধিবলৈ লৈ যায়,” তেওঁ যোগ দিয়ে।

এই ষ্ট’ৰিটো বিহাৰৰ উপান্ত শ্ৰেণীৰ কাৰণে সংগ্ৰাম কৰা এগৰাকী ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত প্ৰদান কৰা ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Umesh Kumar Ray

Umesh Kumar Ray is a PARI Fellow (2022). A freelance journalist, he is based in Bihar and covers marginalised communities.

Other stories by Umesh Kumar Ray
Editors : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Editors : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Photographs : Shreya Katyayini

Shreya Katyayini is a filmmaker and Senior Video Editor at the People's Archive of Rural India. She also illustrates for PARI.

Other stories by Shreya Katyayini
Photographs : Umesh Kumar Ray

Umesh Kumar Ray is a PARI Fellow (2022). A freelance journalist, he is based in Bihar and covers marginalised communities.

Other stories by Umesh Kumar Ray
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das