সোমবাৰৰ কথা, পুৱা ১১ বজাত মুনেশ্বৰ মাঝি তেওঁ জৰাজীৰ্ণ ঘৰটোৰ বাহিৰত বহি আছে। ঘৰৰ বাহিৰৰ সেই খালি ঠাই টুকুৰাত সূৰ্য্যৰ তাপৰ পৰা বচাব পৰাকৈ বাঁহ আৰু নীলা ৰঙৰ প্লাষ্টিকেৰে চালি এখন কৰি থোৱা আছে। কিন্তু আৰ্দ্ৰতাৰ পৰা জানো ৰেহাই পাব পাৰি? “যোৱা ১৫ দিন ধৰি মই কাম পোৱা নাই,” পাটনা চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ কাকো টাউনৰ মুছাহাৰ তোলাৰ বাসিন্দা মুনেশ্বৰে কয়।

মুছাহাৰী তোলা, নামটোৱেই বুজায় যে সেইটোত মুছাহাৰ নামৰ দলিত সম্প্ৰদায়ৰ লোক থাকে, কলনিটোত তেনে ৬০ টা পৰিয়াৰ ঘৰ। কাষৰে খেতিপথাৰত কাম কৰি মুনেশ্বৰৰ লগতে আনবোৰে পেট পোহে। কিন্তু কাম নিয়মীয়া নহয়, মুনেশ্বৰে কয়। বছৰটোৰ ৩/৪ মাহৰ বাবে কাম পায়, খাৰিফ আৰু ৰবি শস্যৰ বীজ সিঁচা আৰু শস্য চপোৱাৰ সময়তে কাম পোৱা যায়।

শেষবাৰ তেওঁ কাম পাইছিল ৰাজপুত সম্প্ৰদায়ৰ এজন ‘বাবু চাহিব’ৰ খেতি পথাৰত। “আঠ ঘণ্টা কামৰ বাবে আমাক ১৫০ টকা নাইবা ৫ কিলোগ্ৰাম চাউল দিয়ে। সিমানখিনিয়েই,” কৃষিশ্ৰমিক এজনে কিমানখিনি পইচা পায়, তাৰ তেওঁ হিচাপ দিয়ে। নগদ ধনৰ বিপৰীতে দিয়া চাউলৰ লগত দুপৰীয়াৰ ৪/৫ খন ৰুটি, বা চাউল-দাইল আৰু পাচলিৰ ব্যঞ্জন এখন থাকে।

১৯৫৫ত ভূ-দান আন্দোলনৰ সময়ত যেতিয়া জমিদাৰসকলে তেওঁলোকৰ মাটিৰ এটা অংশ ভূমিহীন পৰিয়ালক বিতৰণ কৰিছিল, তেওঁৰ ককাকে তিনি বিঘা (প্ৰায় দুই একৰ) কৃষিভূমি পাইছিল, কিন্তু বিশেষ একো কামত নাহিল। “আমি থকা ঠাইৰ পৰা সেই ঠাই টুকুৰালৈ ৩ কিলোমিটাৰ বাট। খেতি কৰিলেই জীৱ-জন্তুৱে আহি খাই থৈ যায় আৰু আমাৰ লোকচান হয়,” মুনেশ্বৰে কয়।

মাহৰ বেছিভাগ সময়ত মুনেশ্বৰৰ পৰিয়াল আৰু চুবুৰীটোৰ আনসকলে মহুৱাৰ মদ বনাই বিক্ৰী কৰি চলে, মহুৱা গছৰ (Madhuca longifolia var. Latifolia) ফুলৰ পৰা এই মদ বনোৱা হয়।

কিন্তু এই ব্যৱসায়ত ৰিস্ক আছে। ৰাজ্য চৰকাৰৰ কঠোৰ আইন -  বিহাৰ নিষেধাজ্ঞা আৰু আবকাৰী শুল্ক আইন, ২০১৬ৰ অধীনত মদ আৰু আন নিচাযুক্ত দ্ৰব্য প্ৰস্তুত কৰা, জিম্মাত ৰখা, বিক্ৰী অথবা সেৱন নিষিদ্ধ।

The unplastered, dipalidated house of Muneshwar Manjhi in the Musahari tola near Patna city.
PHOTO • Umesh Kumar Ray
Muneshwar in front of his house. He earns Rs 4,500 a month from selling mahua daaru, which is not enough for his basic needs. He says, ‘The sarkar has abandoned us’
PHOTO • Umesh Kumar Ray

বাওঁফালে: পাটনা চহৰৰ কাষৰ মুছাহাৰী তোলাৰ মুনেশ্বৰ মাঝিৰ প্লাষ্টাৰ নকৰা জৰাজীৰ্ণ ঘৰটো। সোঁফালে: ঘৰৰ সন্মুখত মুনেশ্বৰ। মহুৱা মদ বিক্ৰী কৰি তেওঁ মাহে ৪,৫০০ টকা পায়, কিন্তু সেইখিনিৰে প্ৰয়োজনখিনি পুৰোৱাটো টান। ‘চৰকাৰে আমাক এৰি দিছে,’ তেওঁ কয়

কিন্তু হঠাৎ চলা তালাচী, গ্ৰেপ্তাৰ আৰু শাস্তি স্বত্ত্বেও মুনেশ্বৰে বিকল্প কামৰ অভাৱতে মদ বনোৱা কাম এৰিব পৰা নাই। “কোনে ভয় নাখায়? আমাৰো ভয় লাগে। কিন্তু পুলিচ আহিলে আমি মদবোৰ লুকাই থৈ পলাও,” তেওঁ কয়। ২০১৬ৰ অক্টোবৰত নিষেধাজ্ঞা জাৰী কৰাৰ পিছত পুলিচে তোলাটোত ১০ বাৰৰো অধিক আচম্বিত তালাচী চলাইছে। “মই কেতিয়াও আটক হোৱা নাই। তেওঁলোকে বাচন-বৰ্তন আৰু চৌকা ভাঙি পেলায়, কিন্তু আমি কাম কৰি গৈছো।”

প্ৰায়বোৰ মুছাহাৰ ভূমিহীন, তেওঁলোক দেশখনৰ আটাইতকৈ উপান্ত আৰু সামাজিক কালিমা থকা জাতি। পূৰ্বৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল খিলঞ্জীয়া জনগোষ্ঠীটোৰ নামটো দুটা শব্দৰ পৰা আহিছে - মুছা মানে এন্দুৰ আৰু আহাৰ মানে খাদ্য। আক্ষৰিক অৰ্থ ‘এন্দুৰ খোৱা জাতি’। বিহাৰত মুছাহাৰসকলক অনুসূচিত জাতি হিচাপে তালিকাভূক্ত আৰু মহাদলিত হিচাপে চিহ্নিত, তেওঁলোক হৈছে দলিত সম্প্ৰদায়ৰ আৰ্থিক আৰু সামাজিকভাৱে আটাইতকৈ পিছপৰা শ্ৰেণী। ২৯ শতাংশ সাক্ষৰতাৰ হাৰ আৰু কৌশলহীনতাৰ বাবে ২৭ লাখৰো অধিক জনসংখ্যাৰ তেওঁলোকৰ জাতিটোৰ দুই-এজনেহে কৌশলৰ প্ৰয়োজন হোৱা শ্ৰমত নিয়োজিত। মহুৱা মদ সম্প্ৰদায়টোৰ পৰম্পৰাগত পানীয় যদিও এতিয়া জীৱিকাৰ বাবে এয়া প্ৰস্তুত কৰা হয়।

মুনেশ্বৰে ১৫ বছৰ বয়সৰ পৰা মহুৱা মদ প্ৰস্তুতিৰ কাম কৰি আহিছে। “মোৰ দেউতা দুখীয়া আছিল। তেওঁ ঠেলা (বস্তু-বাহিনী বিক্ৰীৰ বাবে কঢ়িয়াই নিয়া) চলাইছিল। উপাৰ্জন পৰ্য্যাপ্ত নাছিল। কেতিয়াবা খালি পেটেৰে মই স্কুললৈ গৈছিলো,” তেওঁ কয়। “সেয়ে মই কেইমাহমান পিছতে স্কুললৈ যোৱা এৰিলো। আমাৰ কাষৰে কেইঘৰমান মানুহে মদ বনাইছিল। সেয়ে ময়ো আৰম্ভ কৰিলো। মই ২৫ বছৰ ধৰি এই কাম কৰি আহিছো।”

মদ ঘনীভূত কৰা কামটো বৰ দীঘলীয়া। প্ৰথমতে মহুৱা ফুলবোৰ গুড় আৰু পানীৰ সৈতে মিহলি কৰা হয়। তাৰপিছত গাপ লগাই পচিবলৈ দিয়া হয়। তাৰপিছত মিশ্ৰণটো ধাতুৰ হাণ্ডি এটালৈ স্থানান্তৰ কৰা হয়। সেই হাণ্ডিটো চৌকাত বহাই তলত জুই দি উতলিবলৈ দিয়া হয়। আন এটা তুলনামূলকভাৱে সৰু আৰু তলটো খোলা থকা মাটিৰ হাণ্ডিৰ ধাতুৰ হাণ্ডিটোৰ ওপৰত উঠাই দিয়া হয়। এই মাটিৰ হাণ্ডিটোৰ পেটত ফুটা কৰা থাকে আৰু পাইপ লগোৱা থাকে। তাৰে ওপৰত পানীৰ আন এটা হাণ্ডি বহাই দিয়া হয়। হাণ্ডিকেইটাৰ মাজৰ ফাকবোৰ মাটি লেপি কাপোৰেৰে বন্ধ কৰি দিয়া হয় যাতে ভাপ ওলাই নাযায়।

উতলা মহুৱাৰ মিশ্ৰণৰ পৰা ওলোৱা ভাপ মাটিৰ হাণ্ডিলৈ উঠি আহে। সেয়া কাষতে থোৱা ধাতুৰ হাণ্ডিটোলৈ পাইপেৰে হৈ আহে আৰু ঘনীভূত হৈ জমা হয়। আঠ লিটাৰ মদ প্ৰস্তুত কৰিবলৈ আঠ ঘণ্টা অহৰহ জুই দি থাকিব লাগে। “জুই ঠিকে ৰাখিবলৈ আমি তাত (চৌকাৰ কাষত) বহি থাকিবলগীয়া হয়,” মুনেশ্বৰে কয়। “বৰ গৰম পৰে। আমাৰ গা পোৰে। কিন্তু জীৱিকাৰ বাবে আমি এয়া কৰিবই লাগিব।” এই ঘনীভূতকৰণ প্ৰক্ৰিয়াটোক তেওঁ নিজৰ ভাষাত ‘মহুৱা চুৱানা’ বুলি কয়।

PHOTO • Umesh Kumar Ray
The metal utensil connected to the pipe collects the dripping condensation. The distillation process is time-consuming
PHOTO • Umesh Kumar Ray

বাওঁফালে : মহুৱা, গুড় আৰু পানীৰ মিশ্ৰণ এটা উতলাই ভাপ উলিওৱা হৈছে, সেই ভাপ গৈ মাজৰ পাত্ৰটোত জমা হৈছে পাইপেৰে সেই ভাপ ঘনীভুত হৈ টোপটোপকৈ নিগৰি পৃথককৈ থোৱা পাত্ৰটোত জমা হয় পাতন প্ৰক্ৰিয়াটো দীঘলীয়া

মুনেশ্বৰে মাহত ৪০ লিটাৰ মহুৱা প্ৰস্তুত কৰে, তাৰ বাবে তেওঁক ৭ কিলোগ্ৰাম ফুল, ৩০ কিলোগ্ৰাম গুড় আৰু ১০ লিটাৰ পানীৰ প্ৰয়োজন হয়। তেওঁ ৭০০ টকাত ফুলখিনি কিনে, গুড় কিনে ১২০০ টকাৰ। জুহালত আকৌ তেওঁক ৮০ টকাৰে ১০ কিলোগ্ৰাম খৰি লাগে। এনেদৰে কেঁচামালত তেওঁৰ ২,০০০ টকা খৰছ হয়।

“আমি মদ বিক্ৰী কৰি মাহে ৪,৫০০ টকা পাওঁ,” মুনেশ্বৰে কয়। “খাদ্যৰ নামত খৰছ কৰাৰ পিছত আমি কোনোমতে ৪০০-৫০০ টকা বচাব পাৰো। এইখিনি টকা আকৌ ল’ৰা-ছোৱালীৰ নামত খৰছ হয়, সিহঁতক ঘনাই বিস্কুট আৰু চকলেট লাগে।” তেওঁ আৰু তেওঁৰ পত্নী ৩৬ বছৰ বয়সীয়া চামেলী দেৱীৰ ৫ৰ পৰা ১৬ বছৰ বয়সৰ তিনিজনী জীয়াৰী আছে। তেওঁলোকৰ সৰুটো ল’ৰাৰ বয়স ৪ বছৰ। চামেলীয়েও গিৰীয়েকৰ লগত মদ বনোৱাৰ লগতে খেতি পথাৰত দিনহাজিৰা কৰে।

তেওঁলোকৰ গ্ৰাহক হৈছে কাষৰে গাঁৱৰ শ্ৰমিকসকল। “আমি ২৫০ গ্ৰাম (মদত)ৰ বাবদ ৩৫ টকা লওঁ,” মুনেশ্বৰে কয়। “গ্ৰাহকে নগদ ধন দিব লাগে। বাকীত আমি কাকো মদ নিদিও।”

মদৰ চাহিদা বহুত। আঠ লিটাৰ মদ তিনি দিনতে শেষ হৈ যায়। কিন্তু বেছি পৰিমাণৰ মদ বনোৱাটো বিপজ্জনক কাম। “পুলিচে ধৰিলে আমাৰ গোটেই মদ নষ্ট কৰিব আৰু আমাৰ লোকচান হ’ব,” মুনেশ্বৰে কয়। এই ‘অপৰাধ’ দণ্ডনীয় আৰু জেলো হ’ব পাৰে, দীৰ্ঘদিনীয়া আনকি আজীৱন কাৰাবাসো খাটিবলগীয়া হ’ব পাৰে আৰু জৰিমনাও এক লাখৰ পৰা দহ লাখ টকা।

মুনেশ্বৰৰ কাৰণে মদ বনোৱাটো লাভৰ বেপাৰ নহয়, জীয়াই থকাৰ উপায়হে। “মোৰ ঘৰটো চাওক, সেইটো মেৰামতি কৰিবলৈকো মোৰ টকা নাই,” তেওঁ এটা কোঠাৰ ইটাৰ ঘৰটোলৈ আঙুলিয়াই দি কয়। সেইটো মেৰামতি কৰিবলৈ হ’লে অতিকমেও তেওঁক ৪০ৰ পৰা ৫০ হাজাৰ টকাৰ প্ৰয়োজন হ’ব। ঘৰটোৰ মজিয়াখন কেঁচা, ভিতৰৰ বেৰবোৰ মাটি লেপি দিয়া আৰু ভেণ্টিলেচনৰ সুবিধা নাই। কোঠাটোৰ এটা চুকত ৰন্ধা-বঢ়াৰ ব্যৱস্থা ৰখা হৈছে, তাত চাউলৰ কাৰণে এটা বাচন আৰু গাহৰিৰ মাংসৰ বাবে এটা কেৰাহী থোৱা আছে। “আমি প্ৰায়ে গাহৰিৰ মাংস খাওঁ, আমাৰ বাবে এয়া স্বাস্থ্যকৰ। তোলাটোত গাহৰি পোহা হয় আৰু তাৰে তিনি-চাৰিখন দোকানত গাহৰি বিক্ৰী কৰা হয় - দাম এক কেজিত ১৫০-২০০ টকা,” মুনেশ্বৰে কয়। পাচলিৰ বজাৰখন প্ৰায় ১০ কিলোমিটাৰ দূৰত। “আমি কেতিয়াবা মহুৱা মদো খাওঁ,” তেওঁ কয়।

২০২০ৰ ক’ভিড-১৯ লকডাউনৰ প্ৰভাৱ মদ বিক্ৰীৰ ওপৰত তেনেকৈ পৰা নাছিল, মুনেশ্বৰে সেই দিনবোৰত মাহে ৩,৫০০-৪০০০ টকা উপাৰ্জন কৰিব পাৰিছিল। “আমি মহুৱা, গুড় যোগাৰ কৰিছিলো আৰু মদ প্ৰস্তুত কৰিছিলো,” তেওঁ কয়। “গাঁৱৰ ভিতৰুৱা অঞ্চলত ইমান বাধা-নিষেধ নাছিল, সেয়া সহায় হৈছিল। আমি গ্ৰাহকো পাইছিলো। মদ্যপান ইমান ব্যাপক যে মানুহে যেনেকৈ নহওঁক খাবই।”

Muneshwar Manjhi got his MGNREGA job card seven years ago, but he was never offered any work.
PHOTO • Umesh Kumar Ray
PHOTO • Umesh Kumar Ray

বাওঁফালে : সাত বছৰ আগতে মুনেশ্বৰ মাঝিয়ে এমজিএনৰেগাৰ জবকাৰ্ড পাইছিল, কিন্তু কাম হ’লে নাপালে সোঁফালে : তেওঁ ছজনীয়া পৰিয়ালটো খিৰিকী নথকা এটা কোঠাৰ ঘৰটোত শোৱে

২০২১ৰ মাৰ্চত যেতিয়া তেওঁৰ দেউতাক ঢুকায়, তেওঁ ধাৰত পোত গৈছিল। দেউতাকৰ শ্ৰাদ্ধৰ নামত মুনেশ্বৰে ৰাজপুত জাতিৰ মহাজন এজনৰ পৰা পাঁচ টকা সুতত ২০,০০০ টকা ধাৰে ল’বলগীয়া হৈছিল। “মদৰ ওপৰত নিষেধাজ্ঞা নথকা হ’লে মই পইচা জমা কৰি ঋণ পৰিশোধ কৰিব পাৰিলোহেঁতেন,” তেওঁ কয়। “কোনোবা বেমাৰত পৰিলেই মই পইচা ধাৰে ল’বলগীয়া হয়। এনেকৈ আমি কেনেকৈ চলিব পাৰিম?”

আগতে মুনেশ্বৰে কামৰ ভাল সুবিধা বিচাৰি আন ৰাজ্যলৈ গৈছিল যদিও নিৰাশ হৈ উভতিছিল। ২০১৬ত তেওঁ মহাৰাষ্ট্ৰৰ পুণেলৈ নিৰ্মাণস্থলীৰ কাম বিচাৰি গৈছিল, কিন্তু তিনি মাহৰ মুৰত উভতি আহিছিল। “তালৈ মোক লৈ যোৱা ঠিকাদাৰজনে মোক একো কাম দিয়া নাছিল। মই অতিষ্ঠ হৈ গুছি আহিলো,” তেওঁ কয়। ২০১৮ত তেওঁ উত্তৰ প্ৰদেশলৈ গৈছিল আৰু সেইবাৰো এমাহত উভতি আহিছিলো। “ৰাস্তা খন্দা কামৰ বাবে মই মাহে মাত্ৰ ৬,০০০ টকা পাইছিলো, সেয়ে গুছি আহিলো,” তেওঁ কয়। “তেতিয়াৰে পৰা মই ক’লৈকো যোৱা নাই।”

ৰাজ্য চৰকাৰৰ কল্যাণকামী নীতিয়ে মুছাহাৰী তোলাৰ মানুহক ঢুকি পোৱা নাই। নিয়োগ সৃষ্টিৰ বাবে কোনো ব্যৱস্থা লোৱা নাই, কিন্তু গাওঁ পঞ্চায়তৰ সভাপতিজনে তোলাটোৰ লোকসকলক মদ বনোৱা বন্ধ কৰিবলৈ কৈছে। “চৰকাৰে আমাক আলাই-আথানি কৰিছে,” মুনেশ্বৰে কয়। “আমি অসহায়। আপুনি গৈ চৰকাৰক কওঁক যে আমাৰ চুবুৰীটোত এটাও শৌচালয় নাই। চৰকাৰে আমাক সহায় নকৰে, সেয়ে আমি মদ বনাও। চৰকাৰে আমাক যদি বিকল্প কামৰ সন্ধান দিলেহেঁতেন, নাইবা সৰু দোকান বা মাংস-মাছ বিক্ৰী কৰা দোকানৰ বাবে পইচা দিলেহেঁতেন, তেতিয়া আমি মদৰ বেপাৰ এৰি দিলোহেঁতেন।”

মুছাহাৰী তোলাৰ ২১ বছৰীয়া মতিলাল কুমাৰৰ বাবে মহুৱাৰ মদেই উপাৰ্জনৰ ঘাই উৎস। কৃষিশ্ৰমিক হিচাপে কাম পোৱাটো অনিশ্চিত হৈ পৰা আৰু মজুৰি তেনেই কম হোৱাৰ বাবে মদ বিক্ৰী নিষেধ হোৱাৰ ২/৩ মাহ আগতেই ২০১৬ত তেওঁ মদৰ বেপাৰ আৰম্ভ কৰে। “হাজিৰা হিচাপে আমাক মাত্ৰ পাঁচ কিলোগ্ৰাম চাউল দিয়া হৈছিল।” ২০২০ত তেওঁ মাত্ৰ দুটা মাহৰ বাবে খেতি পথাৰৰ কাম পাইছিল।

Motilal Kumar’s mother Koeli Devi checking the stove to ensure the flames reach the handi properly. The entire family works to distil the mahua daaru.
PHOTO • Umesh Kumar Ray
Motilal and Koeli Devi in front of their house in the Musahari tola
PHOTO • Umesh Kumar Ray

বাওঁফালে: মতিলাল কুমাৰ মাতৃ কয়েলী দেৱীয়ে হাণ্ডিটো ঢুকি পোৱাকৈ জুই বঢ়াইছে। গোটেই পৰিয়ালটোৱে মহুৱা মদ বনোৱা কাম কৰে। সোঁফালে: মুছাহাৰী তোলাৰ নিজ ঘৰৰ সন্মুখত মতিলাল আৰু কয়েলী দেৱী

মতিলাল, তেওঁ মাতৃ কয়েলী দেৱী (৫১), তেওঁৰ পত্নী বুলাকী দেৱী (২০) আটায়ে মহুৱা মদ বনোৱা কামটোত জৰিত। তেওঁলোকে মাহে ২৪ লিটাৰ মহুৱা মদ প্ৰস্তুত কৰে। “মই মদ বিক্ৰী কৰি পোৱা টকাৰে খাদ্য, কাপোৰ আৰু দৰৱ-পাতি কিনো,” তেওঁ কয়। “আমি দুখীয়া মানুহ। মদ বনোৱাৰ পিছতো আমি পইচা সাঁচিব নোৱাৰো। মই কোনোমতে মোৰ জীয়াৰী অনুৰ যত্ন লৈ আছো। মদ বেছিকৈ বনালে আয় বাঢ়িব। তাৰবাবে মোক মূলধনৰ প্ৰয়োজন, কিন্ত সেয়া মোৰ নাই।”

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি (এমজিএনৰেগা) মুছাহাৰসকলৰ খুব এটা কামত অহা নাই। মুনেশ্বৰৰ এমজিএনৰেগা কাৰ্ডখন সাত বছৰ আগতে বনোৱা, কিন্তু তেওঁ একো কাম পোৱা নাই। মতিলালৰ এমজিএনৰেগা কিম্বা আধাৰ কাৰ্ড নাই। তোলাটোৰ ভালেমান বাসিন্দাই আধাৰ কাৰ্ড বনোৱা কামটো বৰ মেৰপেচ থকা কাম বুলি জানিছে। “ব্লকৰ অফিছলৈ গ’লে সিহঁতে গাওঁ পঞ্চায়তৰ সভাপতিৰ চহী থকা কাগজ বিচাৰে। তেওঁৰ চহী থকা কাগজ দিয়াৰ পিছত আকৌ স্কুলৰ পৰা চিঠি বিচাৰে। স্কুলৰ পৰা চিঠিখন দিয়াৰ পিছত আকৌ তেওঁলোকে পইচা বিচাৰে,” মতিলালে কয়। “মই জানো যে ব্লক অফিছৰ কৰ্মচাৰীয়ে ২,০০০ৰ পৰা ৩,০০০ টকাৰ বিনিময়ত কাৰ্ডখন বনাই দিয়ে, কিন্তু মোৰ টকা নাই।”

মুছাহাৰ তোলা মানুহৰ বসবাসৰ উপযোগী যে নহয়, সেয়া স্পষ্ট। শৌচালয় নাই, আনকি সামূহিক শৌচাগাৰ এটাও নাই। কোনো এটা পৰিয়ালৰে এলপিজি সংযোগ নাই - তাৰে মানুহে এতিয়াও খৰিত ভাত ৰান্ধে আৰু মদ বনায়। আটাইতকৈ নিকটৱৰ্তী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো তিনি কিলোমিটাৰ দূৰত যদিও বাৰখনমান পঞ্চায়তৰ মাজত সেইখনেই একমাত্ৰ স্বাস্থ্যকেন্দ্ৰ। “চিকিৎসাৰ সুবিধা একেবাৰে শোচনীয়, সেয়ে মানুহে ব্যক্তিগত ক্লিনিকলৈ যায়,” মুখীয়াজনে কয়। স্থানীয় বাসিন্দাই কোৱা মতে মহামাৰীৰ সময়ত আনকি এবাৰো ক’ভিড-১৯ টিকাকৰণ কেন্দ্ৰ স্থাপন কৰা হোৱা নাছিল। সজাগতা সৃষ্টিৰ বাবে কোনো চৰকাৰী স্বাস্থ্যসেৱা বিভাগৰ বিষয়া-কৰ্মচাৰী তালৈ অহা নাছিল।

মৌলিক সুবিধাখিনিৰ অনুপস্থিতিত মদ বিক্ৰী কৰিয়েই পৰিয়ালটো চলি আছিল। “আমি ক’তো কাম নাপাই উপায়ন্তৰ হৈ এই কামত (মদ বনোৱা) ধৰিছো,” মতিলালে কয়। “মদৰ ওপৰতে আমি চলি আছো। এয়া বন্ধ কৰিলে জীয়াই নাথাকিম।”

এই ষ্ট’ৰিটোত ব্যক্তিৰ পৰিচয় তথা স্থানৰ গোপনীয়তা ৰক্ষাৰ্থে  ব্যক্তি তথা স্থানৰ নাম সলনি কৰা হৈছে।

অনুবাদ: পংকজ দাস

Umesh Kumar Ray

Umesh Kumar Ray is a freelance journalist based in Bihar

Other stories by Umesh Kumar Ray
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das