বনৰ ৰজাক অপেক্ষা কৰিবলৈ দিব নোৱাৰি।

সিংহবোৰ আহিবলগীয়া আছিল। সুদূৰ গুজৰাটৰ পৰা। সিহঁতৰ প্ৰৱেশ যাতে সুচল হয়, তাৰবাবে আন সকলোৱে আঁতৰি দিবলগীয়া হ’ল।

কিন্তু সেয়া ভাল কাম যেনেই লাগিছিল। অৱশ্যে এই কামৰ পৰিণাম কি হ’ব পাৰে, সেই কথা তেওঁলোকে ভালকৈ বুজি উঠা নাছিল।

“সিংহকেইটা আহি পালে এই ঠাইখন বিখ্যাত হৈ পৰিব। আমি গাইডৰ কাম পাম। চাহ-বিস্কুটৰ দোকানো দিব পাৰিম। আমাৰ পৰিয়ালবোৰ চলিব।” এইখিনি কথা ৰাঘৱৰ। ৭০ বছৰ বয়সীয়া ৰাঘৱে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত আগাৰা গাঁৱত আমাৰ সৈতে কথা পাতিছে।

“আমাক জলসিঞ্চনৰ সুবিধা থকা মাটি দিব, সকলো বতৰতে ভালে থকা ৰাস্তা, গোটেই গাওঁখনৰ বাবে বিদ্যুতৰ সুবিধা আৰু নাগৰিকৰ প্ৰাপ্য সুবিধাখিনি দিব,” ৰঘুলালে কৈছিল।

“চৰকাৰে সেয়াই প্ৰতিশ্ৰুতি দিছিল,” তেওঁ কয়।

তেনে প্ৰতিশ্ৰুতি বুকুত সাবটি পাইৰা গাঁৱকে ধৰি ২৪ খন গাঁৱৰ প্ৰায় ১,৬০০ পৰিয়ালে কুনো ৰাষ্ট্ৰীয় উদ্যানত থকা তেওঁলোকৰ ঘৰ এৰিছিল। তেওঁলোক ঘাইকৈ চাহাৰিয়া আদিবাসী, দলিত আৰু দৰিদ্ৰ ও.বি.চি. শ্ৰেণীৰ লোক। বৰ লৰালৰিকৈ তেওঁলোকক বিস্থাপিত কৰা হৈছিল।

ঘৰবোৰ ভাঙি পেলাবলৈ ট্ৰেক্টৰ অনা হৈছিল। আজোককাকৰ দিন ধৰি বনাঞ্চলত থকা বাসিন্দাসকলে নিজৰ ঘৰ-বাৰি এৰিছিল, বস্তু-বাহানিও সামৰিব পৰা নাছিল। স্কুল ঘৰ, দমকল, কুঁৱা আৰু তেওঁলোকে তাহানিৰে পৰা খেতি কৰা মাটিবোৰ এৰি আহিবলগীয়া হৈছিল। আনকি গৰু-মহো এৰি আহিছিল। কিয়নো অৰণ্যখন নাথাকিলে সিহঁতক খুওৱা মস্কিল হ’ব আৰু আলাই-আথানি কৰাহে হ’ব।

আজি তেত্ৰিশ বছৰ পাৰ হ’ল, সিংহকেইটা আহিব বুলি তেওঁলোক এতিয়াও ৰৈ আছে।

Raghulal Jatav was among those displaced from Paira village in Kuno National Park in 1999.
PHOTO • Priti David
Raghulal (seated on the charpoy), with his son Sultan, and neighbours, in the new hamlet of Paira Jatav set up on the outskirts of Agara village
PHOTO • Priti David

বাওঁফালে : কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পাইৰা গাঁৱৰ পৰা ১৯৯৯ত বিস্থাপিত হোৱাসকলৰ মাজত ৰঘুলাল জাটৱো এগৰাকী সোঁফালে : ৰঘুলাল ( চাৰপাইত বহি থকা ) সৈতে পুত্ৰ চুলতান আৰু চুবুৰীয়া , আগাৰা গাঁৱত নতুনকৈ স্থাপন কৰা পাইৰা জাটৱ চুবুৰীত

“চৰকাৰে আমাক মিছা কথা কৈছিল,” ৰঘুলালে পুতেকৰ ঘৰটোৰ বাহিৰত চাৰপাই এখনত বহি কয়। তেওঁৰ মনত এতিয়া ক্ষোভ নাই। ৰাজ্যখনে দিয়া প্ৰতিশ্ৰুতি কেতিয়া পুৰণ কৰিব, তাৰ বাবে ৰৈ ৰৈ অৱশ হৈ পৰাৰ চিন তেওঁৰ মুখত ফুটি উঠিছে। ৰঘুলালৰ দৰে কুনোৰ হাজাৰজন দুখীয়া, উপান্ত শ্ৰেণীৰ লোকে তেওঁলোকৰ ঘৰ-মাটি আৰু জীৱিকা হেৰুৱালে।

কিন্তু ৰঘুলালৰ ক্ষতিৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানৰ একো লাভ নহ’ল। কোনেও ক্ষতিপূৰণ নাপালে, প্ৰতিশ্ৰুতিৰো ফল নধৰিলে। সিংহৰো কোনেও মুখ নেদেখিলে। সিংহবোৰ অনা নহ’ল।

*****

আগতে ভাৰতৰ কেন্দ্ৰীয়, উত্তৰাঞ্চল আৰু পশ্চিমাঞ্চল সিংহৰ বিচৰণভূমি আছিল। কিন্তু এতিয়া এছিয়াটিক সিংহ (Panthera leo leo ) কেৱল গিৰ হাবিতে পোৱা যায়। গিৰ হাবিখন আগুৰি থকা সৌৰাষ্ট্ৰ উপদ্বীপৰ ৩০,০০০ কিলোমিটাৰ ভূ-ভাগত এই প্ৰজাতিৰ সিংহ আছে। সেই ভূমিৰ ছয় শতাংশতকৈও কম - ১,৮৮৩ বৰ্গকিলোমিটাৰ হৈছে সিহঁতৰ সংৰক্ষিত আবাসভূমি। এই কথাই বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু পৰিৱেশ সংৰক্ষকসকলক চিন্তিত কৰি ৰাখিছে।

৬৭৪ এছিয়াটিক সিংহক বিশ্বৰ প্ৰমুখ সংৰক্ষণ সংস্থা আই.ইউ.চি.এন.য়ে বিলুপ্তপ্ৰায় প্ৰজাতিত অন্তৰ্ভূক্ত কৰিছে। বন্যপ্ৰাণী গৱেষক ড. ফৈয়াজ এ. খুদছাৰে স্পষ্টকৈ সাম্প্ৰতিক বিপদৰ কথা কৈছে। “জৈৱ-সংৰক্ষণ বিজ্ঞানত স্পষ্টকৈ কোৱা হৈছে যে ক্ষুদ্ৰ প্ৰজাতিক যদি সৰু এটুকুৰা ঠাইত আৱদ্ধ কৰি ৰখা হয়, ই বিলুপ্ত হোৱাৰ দিশে আগবাঢ়ে,” তেওঁ কয়।

সিংহই সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ কথা ড. খুদছাৰে আঙুলিয়াই দিছে। কেনাইন ডিষ্টেম্পাৰ ভাইৰাছ, বনজুই, জলবায়ু পৰিৱৰ্তন, স্থানীয় জন আন্দোলন আদি বিভিন্ন। এনে বিপদৰ ফলত সিংহৰ জনসংখ্যা ততালিকে কমি যাব পাৰে। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন সিংহ, মোহৰতো সিংহৰ ছবি থাকে, তেনেস্থলত সিংহ নাইকিয়া হোৱাটো শুভ কথা নহয়।

অতিৰিক্ত অভয়াৰণ্য হিচাপে কুনোত বাদে ভাৰতত আন উপযুক্ত ঠাই নাই বুলি খুদছাৰে জোৰ দি কয়। তেওঁ কয়: “জিনীয় দিশৰ পৰা সিংহক সবল কৰি তুলিবলৈ সিহঁতক আগৰ ভৌগোলিক পৰিসৰৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন আছে।”

A police outpost at Kuno has images of lions although no lions exist here.
PHOTO • Priti David
Map of Kuno at the forest office, marked with resettlement sites for the displaced
PHOTO • Priti David

বাওঁফালে : কুনোত সিংহ নাই , কিন্তু আৰক্ষী চকীত সিংহৰ ছবি আছে সোঁফালে ; বন বিভাগৰ কাৰ্য্যালয়ত থকা কুনোৰ মানচিত্ৰ , তাত বিস্থাপিতসকলৰ পুনৰ্বাসনৰ বাবে ক্ষেত্ৰ চিহ্নিত কৰা আছে

সিংহ ইয়ালৈ অনাৰ ধাৰণাটো বেছি পুৰণি নহয়। সেয়া ১৯৯৩-৯৫ চনৰ কথা, তেতিয়া সিংহ পুনৰ্বাসনৰ পৰিকল্পনা কৰা হৈছিল। সেই পৰিকল্পনা অনুসৰি ১০০০ কিলোমিটাৰ দূৰৰ গিৰ হাবিৰ পৰা কিছু সিংহ ইয়ালৈ অনা হ’ব। ড. যাদবেন্দ্ৰদেৱ ঝালা, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিস্থান (ডব্লিউ.আই.আই.)য়ে কয় যে নটা সাম্ভাব্য স্থানৰ ভিতৰত কুনোখনেই এই পৰিকল্পনা ৰূপায়ণৰ বাবে আটাইতকৈ উপযুক্ত স্থান হিচাপে বাচি লোৱা হৈছিল।

ডব্লিউ.আই.আই. হৈছে ভাৰতৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন চমুকৈ MoEFCC আৰু ৰাজ্যিক বন্যপ্ৰাণী বিভাগসমূহৰ অধীনস্থ এটা কাৰিকৰী সংস্থা। ইয়ে সাৰিকা, পান্না, বান্ধৱগড়ৰ গৌৰ আৰু সাতপুৰাৰ বাৰাসিংঘাত বাঘৰ পুনৰ্বিস্তাৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

“কুনোৰ আকাৰ (৬,৮০০ বৰ্গকিলোমিটাৰৰ অবিভাজিত বাসভূমি), ইয়াত আপেক্ষিকভাৱে কম মানৱ-হস্তক্ষেপ, কোনো ৰাষ্ট্ৰীয় ঘাইপথ মাজেৰে নোযোৱা - এই সকলোবোৰ মিলি কুনোক সিংহৰ বাবে উচিত ঠাই হিচাপে বিবেচনা কৰা হৈছিল,” সংৰক্ষণ বিজ্ঞানী ড. ৰবি চেল্লামে কয়। তেওঁ এই শক্তিশালী জন্তুবিধক বহুদশক ধৰি নিৰীক্ষণ কৰি আহিছে।

আন যোগাত্মক কাৰণ আছিল “ভাল গুণসম্পন্ন আৰু বৈচিত্ৰপূৰ্ণ বাসস্থান - তৃণভূমি, বাঁহ আৰু সিক্তভূমি আদি। তাৰোপৰি চম্বলত (নদী) গৈ লগ লগা বৰ্ষব্যাপী ডাঙৰ ডাঙৰ উপনৈ আৰু চিকাৰৰ বৈচিত্ৰতাই কুনোক সমৃদ্ধ কৰিছে। এই সকলো কাৰণ মিলি সিংহৰ কাৰণে কুনো এক উপযুক্ত ঘৰ হৈ পৰিছিল,” তেওঁ কয়।

যাহওক, ইয়াৰ কাৰণে হাজাৰ হাজাৰ লোকক কুনো অভয়াৰণ্যৰ পৰা আঁতৰাব লাগিব। তেওঁলোকৰ জীৱিকা নিৰ্ভৰ কৰা অৰণ্যখনৰ পৰা কেবামাইলো দূৰৰ স্থানত তেওঁলোকক পুনৰ্সংস্থাপিত কৰাৰ কাম কেইবছৰমান আগতে কৰা হৈছিল।

তেইশটা বছৰ পাৰ হৈ গ’ল, কোনেও সিংহৰ মুখ নেদেখিলে।

*****

An abandoned temple in the old Paira village at Kuno National Park
PHOTO • Priti David
Sultan Jatav's old school in Paira, deserted 23 years ago
PHOTO • Priti David

বাওঁফালে : কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পুৰণি পাইৰা গাঁৱৰ এটা পৰিত্যক্ত মন্দিৰ সোঁফালে : ২৩ বছৰ আগতে এৰি যোৱা পাইৰাত থকা চুলতান জাটৱৰ পুৰণিত স্কুলখন

কুনোত থকা ২৪ খন গাঁৱৰ বাসিন্দাসকলে সাম্ভাব্য বিস্থাপনৰ প্ৰথমটো ইংগিত ১৯৯৮তে পাইছিল। অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ ৰূপান্তৰ কৰা হ’ব, য’ত মানুহৰ উপস্থিতি হ’ব শূন্য, এই কথা বনাঞ্চলিক বিষয়াসকলৰ মুখৰ পৰা তেওঁলোকে শুনিছিল।

“আমি কৈছিলো আমি আগতে সিংহৰ লগত থাকিছো। বাঘ আৰু আন জীৱ-জন্তুৰ লগত আমি থাকিছো। আমি কিয় আঁতৰি দিব লাগে?” মংগু আদিবাসীয়ে সুধিছিল। ৪০ বছৰ বয়সীয়া মংগু চাহাৰিয়া সম্প্ৰদায়ৰ, তেৱো বিস্থাপিত হৈছে।

১৯৯৯ৰ প্ৰাৰম্ভিক ভাগত গাওঁবোৰৰ মানুহ পতিয়ন যোৱালৈ অপেক্ষা নকৰাকৈয়ে বন বিভাগে কুনোৰ সীমান্তৱৰ্তী অঞ্চলবোৰ বন বিভাগে মুকলি কৰিবলৈ লয়। গছবোৰ কাটি পেলোৱা হয় আৰু মাটিবোৰ জে.চি. বেমফ’ৰ্ড এক্সেভেটৰ (জেচিবি)ৰে সমান কৰি পেলোৱা হয়।

“বিস্থাপনৰ কামটো সম্পূৰ্ণ স্বেচ্ছামূলক আছিল, মই নিজে সেই কামৰ তদাৰকী কৰিছিলো,” জে. এছ. চৌহানে কয়। ১৯৯৯ত তেওঁ কুনোৰ জিলা বন বিষয়া আছিল। তেওঁ সম্প্ৰতি মধ্যপ্ৰদেশৰ প্ৰিন্সিপাল চিফ কনজাৰ্ভেটৰ অৱ ফৰেষ্ট চমুকৈ পিচিচিএফ আৰু চিফ ৱাইল্ডলাইফ ৱাৰ্ডেন।

বিস্থাপনৰ সময়ত তেওঁলোকক আভুৱা ভাঁৰা হৈছিল যে প্ৰতিটো পৰিয়ালে দুই হেক্টৰকৈ জনসিঞ্চনৰ সুবিধা থকা খেতিমাটি পাব। ১৮ বছৰৰ ওপৰৰ প্ৰতিটো ল’ৰাই এই সুবিধা লাভ কৰিব। তেওঁলোকক নতুন ঘৰ সজাৰ বাবে ৩৮,০০০ টকা দিয়া হ’ব আৰু বস্তু-বাহিনী নিয়াৰ বাবে ২,০০০ টকাকৈ দিয়া হ’ব। তেওঁলোকৰ নতুন গাওঁখনত নাগৰিকৰ সকলো সা-সুবিধা থাকিব বুলিও প্ৰতিশ্ৰুতি দিয়া হৈছিল।

তাৰপিছত পালপুৰ আৰক্ষী থানাখন বন্ধ কৰা হ’ল। “এই অঞ্চলত ডকাইতৰ বৰ উৎপাত, থানাখন বন্ধ কৰাত মানুহবোৰ চিন্তিত হৈ পৰিল,” ৪৩ বছৰ বয়সীয়া ছৈয়দ মেৰাজুদ্দিনে কয়।

গাওঁবোৰৰ সৈতে কোনো আলোচনা কৰা হোৱা নাছিল, ক্ষতিপূৰণো দিয়া হোৱা নাছিল। অৰণ্যখন তেওঁলোকৰ পৰা কাঢ়ি নিয়াৰো ক্ষতিপূৰণ তেওঁলোকক দিয়া নহ’ল

ভিডিঅ চাওক : কুনো নিবাসী : আজিলৈকে আহি নোপোৱা সিংহৰ বাবে বিস্থাপিত

১৯৯৯ৰ গ্ৰীষ্মকাল আহি পালে। তেওঁলোকে পথাৰত খেতিৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছিলহে, কুনো নিবাসীসকলক বিস্থাপিত কৰা হ’ল। তেওঁলোকে আগাৰালৈ আহি তাতে নীলা পলিথিনৰ ঘেৰি অস্থায়ী ঘৰ বনাই ল’লে। তেওঁলোকে তাত ২-৩ বছৰ থকাৰ কথা।

“ৰাজহ বিভাগে প্ৰাৰম্ভিকতে মতুন মাটিত তেওঁলোকৰ অধিকাৰক স্বীকৃতি নিদিলে, সেয়ে তেওঁলোকক পট্টা দিয়া নহ’ল। স্বাস্থ্য, শিক্ষা আৰু জলসিঞ্চন আদি বিভাগেও গুৰুত্ব দিয়ালৈ ৭-৮ বছৰ লাগিল,” মেৰাজুদ্দিনে কয়। তেওঁ বৰ্তমান আধাৰশিলা শিক্ষা সমিতিৰ সচিব। এই জনসেৱামূলক সমিতিখনে স্কুল এখন চলায় আৰু আগাৰা গাঁৱৰ বিস্থাপিত সম্প্ৰদায়ৰ মাজত কাম কৰে।

তেইশ বছৰ পাছত পিচিচিএফ চৌহানে স্বীকাৰ কৰে যে “গাওঁ পুনৰ্সংস্থাপন বন বিভাগৰ কাম নহয়। চৰকাৰে নিজে পুনৰ্সংস্থাপন কৰিব লাগিব, তেতিয়াহে বিস্থাপিতজনে সম্পূৰ্ণ সাহায্য পাব। সকলো বিভাগেই মানুহৰ কাষলৈ যাব লাগিব। এয়া আমাৰ দায়িত্ব,” পুৰণ নোহোৱা প্ৰতিশ্ৰুতিৰ বিষয়ত মন্তব্য কৰিব নোখোজা চৌহানে কয়।

শিওপুৰ জিলাৰ বিজয়পুৰ টেহচিলৰ উম্ৰি, আগাৰা, অৰ্ৰোড, চেণ্টিখেড়া আৰু দেউৰি গাঁৱত ২৪ খন বিস্থাপিত গাঁৱৰ হাজাৰ হাজাৰ লোকৰ সোঁত দেখা গ’ল। এই গাওঁকেইখনত যে এনেকৈ মানুহ আহিব, সেয়াও আলোচনা কৰা হোৱা নাছিল, নতুনকৈ মানুহৰ প্ৰৱেশ ঘটাৰ বাবে ক্ষতিপূৰণো দিয়া হোৱা নাছিল। অৰণ্যৰ পৰা তেওঁলোকক যে আঁতৰাই পঠিওৱা হ’ল, তাৰো ক্ষতিপূৰণ তেওঁলোকক দিয়া নহ’ল।

ৰাম দয়াল জাটৱ আৰু তেওঁৰ পৰিয়ালটোৱে ১৯৯৯ৰ জুনত আগাৰাৰ পাইৰা জাটৱ চুবুৰীত থিতাপি ল’লে। এটা সময়ত কুনো ৰাষ্ট্ৰীয় উদ্যান এৰি অহাৰ বাবে অনুতাপ কৰা ৫০ বছৰ বয়সীয়া ৰাম দয়ালে কয়। “পুনৰ্সংস্থাপনৰ আমাৰ বাবে মংগলদায়ক নাছিল। আমি বহু সমস্যাৰ সন্মুখীন হৈছিল আৰু এতিয়াও সমস্যাই পিছ এৰা নাই। এতিয়াও আমাৰ কুঁৱাত পানী নাই আৰু খেতিপথাৰত বেৰ নাই। গা বেয়া হ’লে ডাক্তৰক দেখুওৱা টান হৈ পৰে, কামৰো সুবিধা নাই। সমস্যাৰ শেষ নাই,” তেওঁ কয়। “তেওঁলোকে জীৱ-জন্তুৰ বাবেই ভাল কৰিলে, আমাৰ বাবে একো নকৰিলে,” শেষৰফালে কথাখিনি কওঁতে তেওঁৰ মাতটো ক্ষীণ হৈ পৰিল।

Ram Dayal Jatav regrets leaving his village and taking the resettlement package.
PHOTO • Priti David
The Paira Jatav hamlet where exiled Dalit families now live
PHOTO • Priti David

বাওঁফালে : ৰাম দয়াল জাটৱে তেওঁৰ গাওঁ এৰি পুনৰ্সংস্থাপনৰ পেকেজ লোৱাক লৈ অনুতাপ কৰে সোঁফালে : নিৰ্বাসিত দলিত পৰিয়ালবোৰ থকা পাইৰা জাটৱ ক্ষুদ্ৰ গাওঁখন

ৰঘুলাল জাটৱে কয় যে পৰিচয় হেৰুওৱাটো তেওঁৰ বাবে সাংঘাতিক এক আঘাত: “আমাক দিয়া প্ৰতিশ্ৰুতিৰ ২৩ বছৰ পাৰ হ’ল, প্ৰতিশ্ৰুতিবোৰ পুৰণ নহ’ল, তাৰ বিপৰীতে আমাৰ গাওঁসভাখনো ইয়াত থকাখনৰ সৈতে লগ লগাই দিয়া হ’ল।”

তেওঁৰ নিজৰ গাওঁ পাইৰাকে ধৰি ২৪ খন গাঁৱৰ নাম তালিকাৰ পৰা মচি পেলোৱাৰ বিৰুদ্ধে ৰঘুলালে যুঁজি আহিছে। ৰঘুলালৰ মতে যেতিয়া ২০০৮ত নতুন গাওঁ পঞ্চায়ত গঠন কৰা হৈছিল, পাইৰাৰ নাম তেতিয়া ৰাজহ গাঁৱৰ তালিকাৰ পৰা কাটি দিয়া হৈছিল। চাৰিটা চুবুৰীত আগৰ পৰাই চলি থকা গাওঁ পঞ্চায়ত এখনত সেইখন গাওঁ চামিল কৰি দিয়া হ’ল। “এনেকৈয়ৈ আমি আমাৰ পঞ্চায়তখন হেৰুৱালো।”

এই দুখ বুজি পোৱা বুলি কোৱা পিচিচিএফ চৌহানে কয় যে তেওঁ ইয়াৰ নিৰাময় বিচাৰিছে। “মই চৰকাৰৰ বিভিন্নজনক লগ কৰি তেওঁলোকৰ পঞ্চায়তখন ঘুৰাই দিয়াৰ বাবে কৈছো। মই সিহঁতক (ৰাজ্য চৰকাৰৰ বিভাগক) কৈছো, ‘আপোনালোকে এনে কৰিব নালাগিছিল’। এইবছৰো মই এই চেষ্টা কৰিছো,” তেওঁ কয়।

নিজা পঞ্চায়ত অবিহনে বিস্থাপিতসকলে নিজৰ ৰাজনৈতিক আৰু আইনী যুঁজত নিজৰ মাত দাঙি ধৰাটো কঠিন কাম হৈ পৰে।

*****

মংগু আদিবাসীয়ে কয় যে বিস্থাপনৰ পিছত “তেওঁলোকক অৰণ্যলৈ যাব নিদিয়া হ’ল। আমি পশুখাদ্য হিচাপে ঘাঁহ বিক্ৰী কৰিছিলো, কিন্তু এতিয়া আমি নিজৰে গৰু-গাই এটা পুহিবলৈ ঘাঁহ নাপাও।” চৰণীয়া পথাৰ, খৰি, কাঠত বাদে আন বন্য উপজাত সামগ্ৰী আৰু আন বহুতো সম্পদৰ পৰা তেওঁলোক বঞ্চিত হৈছে।

সমাজ বিজ্ঞানী প্ৰফেছৰ অস্মিতা কাব্ৰাই এই পৰিহাসৰ কথা স্পষ্ট কৰি কয়, “গৰু-ম’হৰ ক্ষতি হ’ব বুলি (আহিবলগীয়া সিংহকেইটাৰ পৰা) ভাবি বন বিভাগে তেওঁলোকক ঘৰ এৰিবলৈ বাধ্য কৰিছিল। কিন্তু গাঁৱৰ মানুহে অৰণ্যৰ বাহিৰত চৰণীয় পথাৰ নাপাব বুলি জানি তাতেই গৰু-ম’হ এৰি আহিছিল।”

Mangu Adivasi lives in the Paira Adivasi hamlet now.
PHOTO • Priti David
Gita Jatav (in the pink saree) and Harjaniya Jatav travel far to secure firewood for their homes
PHOTO • Priti David

বাওঁফালে : মংগু আদিবাসীসকল এতিয়া পাইৰা আদিবাসী চুবুৰীত থাকে সোঁফালে : ঘৰৰ কাৰণে খৰি আনিবলৈ যোৱা গীতা জাটৱ ( গুলপীয়া শাৰী পৰিহিতা ) আৰু হৰজানিয়া জাটৱ

খেতিৰ বাবে ভূমি মুকলি কৰিবলৈ শাৰী শাৰী গছবোৰ কাটি পেলোৱা হ’ল। “এতিয়া আমি ৩০-৪০ কিলোমিটাৰ বাট খোজকাঢ়ি গৈ খৰি বিচাৰিব লাগে। আমাৰ খাদ্য আছে যদিও ৰান্ধিবলৈ খৰি নাই,” বিস্থাপিত চাহাৰিয়াসকলৰ মাজৰ এজন, বৰ্তমান আহাৰৱানি নিবাসী ২৩ বছৰীয়া কেদাৰ আদিবাসীয়ে কয়।

গীতা (৫০) আৰু হৰজানিয়া (৬০)য়ে শিওপুৰৰ কাৰাহাল টেহচিল এৰি অভয়াৰণ্যখনত থাকিবলৈ অহাৰ সময়ত নুমলীয়া আছিল। “(এতিয়া) আমি খৰি আনিবলৈ পাহাৰ বগাব লাগে। গোটেই দিনটো লাগে। বন বিভাগৰ মানুহে আমাক বাধা দিয়ে। চকুত নপৰাকৈ যাব লাগে,” গীতাই কয়।

মানুহৰ বসতিস্থল ততাতৈয়াকৈ নিৰ্মাণৰ বাবে বন বিভাগে মূল্যৱান গছ আদি বুলড’জাৰ লগাই মহতিয়াই নিছিল, কাব্ৰাই মনত পেলায়। “জৈৱবৈচিত্ৰৰ কিমান ক্ষতি হৈছিল, তাৰ হিচাপ ৰখা হোৱা নাছিল,” কুনোত বিস্থাপন, দাৰিদ্ৰ্য আৰু জীৱিকাৰ ওপৰত পিএইচডি কৰা সমাজবিজ্ঞানীগৰাকীয়ে কয়। এই অঞ্চলটোত সংৰক্ষণ আৰু বিস্থাপনৰ বিশেষজ্ঞ হিচাপে তেওঁৰ গুৰুত্ব এই অঞ্চলত অপৰিসীম।

আঠা আৰু ৰেজিনৰ কাৰণে প্ৰয়োজন হোৱা চীড় আৰু অন্যান্য গছৰ নোপোৱা হোৱাত তেওঁলোকৰ ভালেখিনি লোকচান হৈছে। চীড় গোণ্ড স্থানীয় বজাৰত ২০০ টকা কিলো দৰত বিক্ৰী হয় আৰু প্ৰতিটো পৰিয়ালে ৪-৫ কিলোগ্ৰাম ৰেজিন গোটায়। “তেন্দু গছকে (এইবিধ গছৰ পাতেৰে বিড়ি বনোৱা হয়) ধৰি বিভিন্ন ধৰণৰ গছৰ পৰা গোণ্ড বনাবলৈ ৰেজিন সংগ্ৰহ কৰা হয়। একেদৰে বেল, আচাৰ, মহুৱা, মৌ আৰু কন্দ আদিও সংগ্ৰহ কৰা হয়। এইবোৰেই আমাৰ খোৱা-পিন্ধাত লাগিছিল। এক কিলোগ্ৰাম গণ্ড বিক্ৰী কৰি আমি পাঁচ কিলোগ্ৰাম চাউল পাইছিলো,” কেদাৰে কয়।

এতিয়া কেদাৰৰ মাক কুংগই আদিবাসী, যাৰ আহাৰৱানিত কেইবিঘামান বৰ্ষানিৰ্ভৰ খেতিমাটি আছে, তেওঁলোকে বছৰেকত এবাৰ মৰেনা আৰু আগ্ৰা চহৰলৈ কামৰ বাবে প্ৰব্ৰজন কৰিবলগীয়া হয়। তাতে তেওঁলোকে প্ৰতিবছৰে নিৰ্মাণ ছাইটবোৰত কাম কৰে। “ইয়াত খেতিৰ কাম নাথাকিলে আমি দহ বা বিশজনে একেলগে তেনে কামলৈ যাওঁ,” ৫০ বছৰ বয়সীয়া কুংগইয়ে কয়।

Kedar Adivasi and his mother, Kungai Adivasi, outside their home in Aharwani, where displaced Sahariyas settled.
PHOTO • Priti David
Large tracts of forests were cleared to compensate the relocated people. The loss of biodiversity, fruit bearing trees and firewood is felt by both new residents and host villages
PHOTO • Priti David

বাওঁফালে : বিস্থাপিত হৈ আহাৰৱানিত আহি থিতাপি লোৱা চাহাৰিয়া সম্প্ৰদায়ৰ এটা পৰিয়াল - কেদাৰ আদিবাসী আৰু তেওঁৰ মাতৃ কুংগই আদিবাসী সোঁফালে : পুনৰ্সংস্থাপন কৰোৱা লোকসকলক খেতিমাটি দিয়াবলৈ বৃহৎ বনাঞ্চল সমান কৰি পেলোৱা হ জৈৱবৈচিত্ৰতাৰ ক্ষতি , ফল ধৰা গছ আৰু খৰিৰ অভাৱ নতুন বাসিন্দা আৰু আগৰে পৰা থকাসকলেও অনুভৱ কৰে

*****

২০২১ৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত ‘সিংহ প্ৰকল্প’ ৰ কথা কয়। “দেশত এছিয়াটিক সিংহৰ ভৱিষ্যত ই সুৰক্ষিত কৰিব” বুলি তেওঁ কয়।

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগত সিংহৰ স্থানান্তৰৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়া সময়ত, ২০১৩ত প্ৰধানমন্ত্ৰীগৰাকী গুজৰাটৰ প্ৰধানমন্ত্ৰী আছিল। সেয়া “আজিৰ পৰা ৬টা মাহৰ ভিতৰত” হোৱা উচিত বুলি সৰ্বোচ্চ আদালতখনে কৈছিল। একেটা কথাই লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে কৈছিল - দেশত এছিয়াটিক সিংহৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা। নিৰ্দেশ মানি কুনোলৈ সিংহ স্থানান্তৰ কৰোৱাত গুজৰাট চৰকাৰৰ বিফলতাৰ কোনোধৰণৰ বাখ্যা আগতেও নাছিল, এতিয়াও নাই।

গুজৰাটৰ বন বিভাগৰ ৱেবছাইটতো সিংহ স্থানান্তৰৰ কোনো তথ্য নাই। ২০১৯ত MoEFCC য়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত ৯৭.৮৫ কোটি টকাৰ পুঁজি‘এছিয়াটিক সিংহ সংৰক্ষণ প্ৰকল্প’ৰ নামত ঘোষণা কৰিছে। কিন্তু ই কেৱল গুজৰাট ৰাজ্যখনৰ কথাহে উল্লেখ আছে।

দিল্লীৰ এটা সংস্থাই ২০০৬ত ৰাজহুৱা স্বাৰ্থজৰিত আবেদন এখনৰ প্ৰতি সঁহাৰি জনাই ২০২২ৰ ১৫ এপ্ৰিলত সৰ্বোচ্চ ন্যায়ালয়খনে সেই নিৰ্দেশ দিয়াৰ নটা বছৰ পাৰ হ’ল। আবেদনখনত “কুনোত এছিয়াটিক সিংহ অনা সন্দৰ্ভত গুজৰাট চৰকাৰক নিৰ্দেশ” দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছিল।

“কুনোত সিংহৰ পুনৰ্পৰিচয় কৰোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ২০১৩ৰ ৰায়দানৰ পিছত এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিয়া হয়। কিন্তু বিশেষজ্ঞ কমিটিখনে যোৱা আঢ়ৈ বছৰে কোনো বৈঠক বহা নাই। আকৌ গুজৰাটে সেই কাৰ্য্যপৰিকল্পনাক স্বীকৃতি দিয়া নাই,” ভাৰতীয় বন্যপ্ৰাণী প্ৰতিস্থানৰ ঝালাই কয়।

In January 2022, the government announced that African cheetahs would be brought to Kuno as there were no Asiatic cheetahs left in India.
PHOTO • Priti David
A poster of 'Chintu Cheetah' announcing that cheetahs (African) are expected in the national park
PHOTO • Priti David

বাওঁফালে : ২০২২ৰ জানুৱাৰীত চৰকাৰে ঘোষণা কৰিছিল যে আফ্ৰিকীয় চিতা কুনোলৈ অনা হ , কিয়নো ভাৰতত এতিয়া এছিয়াটিক চিতাবাঘ নাই সোঁফালে : ৰাষ্ট্ৰীয় উদ্যানখনলৈ যে চিতাবাঘ ( আফ্ৰিকান ) অনা , তাৰেই ঘোষণা কৰিছে চিন্তু চিতা য়ে

আফ্ৰিকান চিতাবাঘ কুনোলৈ অনাৰ বাবে নতুনকৈ ঘোষণা কৰা হয়। যদিওবা সৰ্বোচ্চ ন্যায়ালয়ে কৈছে, “কুনোত আফ্ৰিকান চিতাবাঘ ৰখাৰ বাবে MoEFCCৰ নিৰ্দেশ আইনৰ দৃষ্টিত শুদ্ধ নহয় আৰু সেয়ে এই নিৰ্দেশ খাৰিজ কৰা হৈছে।”

২০২০ৰ সিংহ প্ৰকল্পৰ প্ৰতিবেদনত সংৰক্ষণকৰ্মীসকলৰ সকিয়নী সঁচা বুলি প্ৰমাণিত হৈছে। ভাৰতীয় বন্যপ্ৰাণী সংস্থা আৰু গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান চৰকাৰে পৰিস্থিতিক লৈ চিন্তিত। প্ৰতিবেদনখনত কোৱা হৈছে, “অলপতে গিৰ হাবিত প্ৰাদুৰ্ভাৱ ঘটা বাবেচিঅ’চিচ আৰু কেনাইন ডিষ্টেম্পাৰ ভাইৰাছৰ ফলত যোৱা দুটা বছৰত গিৰ হাবিত অতিকমেও ৬০ টা সিংহৰ মৃত্যু ঘটিছে।”

“কেৱল মানুহৰ দম্ভালিৰ কাৰণে এই স্থানান্তৰ সম্ভৱ হৈ উঠা নাই,” বন্যপ্ৰাণী জীৱবিজ্ঞানী ৰবি চেল্লামে কয়। স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়খনৰ বন বিচাৰপীঠখনৰ বৈজ্ঞানিক বিশেষজ্ঞ পৰামৰ্শদাতা হিচাপে তেওঁ আছিল। সংৰক্ষণ বিজ্ঞানী আৰু মেটাষ্ট্ৰিং ফাউণ্ডেছনৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে চেল্লামে সিংহৰ স্থানান্তৰৰ বিষয়টো পৰ্য্যবেক্ষণ কৰিছে আৰু সিংহ অহালৈ অপেক্ষাৰত।

“সিংহবোৰ এক গভীৰ সংকটৰ মাজেৰে পাৰ হৈ আছে আৰু আৰু এতিয়া বহুত জটিল পৰিস্থিতিত সিহঁতৰ সংখ্যা বাঢ়িছে। কিন্তু সংৰক্ষণৰ ক্ষেত্ৰত আপুনি কেতিয়াও অসাৱধান হ’ব নোৱাৰে। বিশেষকৈ বিলুপ্তপ্ৰায় প্ৰজাতিৰ ক্ষেত্ৰত। বিপদ এতিয়াও আছে। সেয়ে অতি গভীৰ সতৰ্ক দৃষ্টিৰ প্ৰয়োজন আছে,” বায়’ডাইভাৰ্ছিটি কলেব’ৰেটিভৰ সদস্য চেল্লামে কয়।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে : ৰাষ্ট্ৰীয় উদ্যানখনত পুৰণি পাইৰা গাঁৱৰ এখন চাইনব ৰ্ড সোঁফালে : গাওঁখনৰ প্ৰায়বোৰ ঘৰেই জহি - খহি গৈছে , তাৰে মাজতে এখন ৰং কৰা এখন দুৱাৰ

“মানুহক খেদি পঠিয়ালে কিন্তু সিংহ নাহিল!”

মংগুৱে কুনোত তেওঁৰ ঘৰ এৰি অহাক লৈ ৰগৰ কৰে যদিও তেওঁৰ মাতত কোনো ৰস নাই। চৰকাৰৰ প্ৰতিশ্ৰুতি পুৰণৰ দাবীত প্ৰতিবাদ কৰিবলৈ গৈ তেওঁ কেবাবাৰো পুলিচৰ লাঠিৰ কোব খাইছে। “বহু সময়ত মনলৈ ভাৱ আহে, তালৈ গুছি যাম।”

২০০৮ৰ ১৫ আগষ্টৰ দিনা তেওঁলোকে শেষবাৰ নায্য ক্ষতিপূৰণৰ বাবে প্ৰতিবাদ কৰিছিল। “আমি সিদ্ধান্ত লৈছিলো যে আমি আমাক দিয়া মাটি ঘূৰাই দি আমাৰ নিজৰ পুৰণি মাটিত বসতি কৰিম। বিস্থাপনৰ ১০ বছৰৰ ভিতৰত ঘূৰি যাব পৰা আইন এখন আছে বুলি আমি জানিছিলো,” ৰঘুলালে কয়।

সেই সুযোগ হেৰুওৱাৰ পিছতো ৰঘুলালে আশা এৰা নাই আৰু নিজৰ পকেটৰ পইচা খৰছ কৰি পৰিস্থিতি ভাললৈ আনিবলৈ চেষ্টা কৰিছে। তেওঁ জিলা আৰু টেহচিলৰ কাৰ্য্যালয়লৈ ভালেমানবাৰ গৈছে। তেওঁলোকৰ নিজাকৈ পঞ্চায়তৰ বাবে ভূপালত থকা নিৰ্বাচন আয়োগৰ কাৰ্য্য়ালয়লৈও তেওঁ গৈছে। কিন্তু একো ফল ধৰা নাই।

ৰাজনৈতিক সমৰ্থন নথকা হেতুকে বিস্থাপিতসকলৰ মাত ক’লৈকো নাযায়। “আমি কেনে আছো, আমাৰ কিবা অসুবিধা হৈছে নেকি, একো এটা কথাই কোনোৱে আমাক নোসোধে। কোনোৱে ইয়ালৈ নাহে। বন বিভাগৰ কাৰ্য্যালয়লৈ গ’লেও তাত কাকো নাপাও,” ৰাম দয়ালে কয়। “লগ পালে তেওঁলোকে কয় যে সোনকালেই আমাৰ কাম কৰিব। কিন্তু যোৱা ২৩ বছৰে একোকে নকৰিলে।”

প্ৰচ্ছদ আলোকচিত্ৰ : পাইৰাত নিজৰ পৰিয়ালৰ পুৰণি ঘৰটোৰ সন্মুখত চুলতান জাটৱ , সেই ঘৰটো এতিয়া নাই

এই প্ৰতিবেদনৰ বাবে গৱেষণা আৰু অনুবাদৰ কামত সহায় কৰি দিয়াৰ বাবে প্ৰতিবেদকে সৌৰভ চৌধুৰীক ধন্যবাদ যাঁচিছে

অনুবাদ: পংকজ দাস

Priti David

Priti David is a Journalist with the People’s Archive of Rural India, and Education Editor, PARI. She works with educators to bring rural issues into the classroom and curriculum, and with young people to document the issues of our times.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das