ৰাজস্থান-হাৰিয়ানা সীমান্তত সেউজীয়া ৰঙৰ ঘৰিয়ালৰ ছালৰ দৰে ডিজাইন থকা হুডি আৰু ডাঠ ঊলৰ মোজা পিন্ধা হৰফটেহ সিঙে এটা ডাঙৰ পাত্ৰত মটৰমাহৰ বাকলি গুচাই দেউতাকক সহায় কৰিবলৈ চেষ্টা কৰিছে। দিল্লী-জয়পুৰ ঘাইপথত ৰাজস্থানৰ আলৱাৰ জিলাৰ ছাহজাহানপুৰত সমবেত হোৱা প্ৰতিবাদকাৰীসকলৰ ভিতৰত এই ১৮মহীয়াপ্ৰতিবাদকৰীজনেই আছিল আটাইতকৈ কনিষ্ঠতম। কৃষকসকলৰ এই প্ৰতিবাদত হৰফটেহে মটৰমাহৰ বাকলি গুচাই প্ৰতিবাদী কাৰ্যসূচীলৈ নিজৰ অৰিহণাযোগাইছে। যি নহওঁক সি চেষ্টা কৰিছে। সি ভালদৰে অথবা পটুতাৰে কামটো কৰিবলৈ সক্ষম নহ'ব পাৰে, কিন্তু তাৰ ফালৰ পৰা ইচ্ছা আৰু প্ৰচেষ্টাৰ হীন-ডেঢ়ি হোৱা নাই।

বিভিন্ন ৰাজ্যৰ পৰা অহা লাখ লাখ কৃষক তেওঁলোকৰ জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই অনা তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত দিল্লী আৰু হাৰিয়ানাৰ বিভিন্ন সীমান্তত একত্ৰিত হৈছে। পোনপ্ৰথমে ৫ জুনত অধ্যাদেশ হিচাপে জাৰি কৰা এই আইনসমূহ ১৪ ছেপ্টেম্বৰত সংসদত বিধেয়ক হিচাপে দাখিল কৰা হৈছিল আৰু তাৰপিছত সেই মাহৰে ২০ তাৰিখে আইনত পৰিণত হৈছিল।

২৫ ডিচেম্বৰত মই হৰফটেহক লগ পাওঁতে,মহাৰাষ্ট্ৰৰ প্ৰায় এহাজাৰ কৃষক ছাহজাহানপুৰৰ প্ৰতিবাদস্থলীত তাত পূৰ্বৰে পৰা উপস্থিত থকা পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ পৰা অহা বহু সংখ্যক অন্য কৃষকসকলৰ সৈতেএকগোটহৈছিল। এইসকল কৃষক আৰু কৃষি শ্ৰমিকসকলে টেম্পো, জীপ আৰু সৰু সৰু গাড়ীৰে নাচিকৰ পৰা ১২০০ কিলোমিটাৰতকৈ অধিক বাট অতিক্ৰম কৰি বিভিন্ন ৰাজ্যৰ তেওঁলোকৰ সতীৰ্থসকলৰ লগত বিভিন্ন প্ৰতিবাদস্থলীত মিলিত হোৱাৰ বাবে আহিছে।

মহাৰাষ্ট্ৰৰ কৃষকসকলক আদৰণি জনোৱা পৰিয়ালসমুহৰ ভিতৰত হৰফটেহৰ পৰিয়ালো আছিল-তেওঁলোকৰ ওপৰত প্ৰায় ১০০ জন মানুহৰ আলু-মটৰৰ ব্যঞ্জন ৰন্ধাৰ দায়িত্ব দিয়া হৈছিল। “আমি আমাৰ সন্তানৰ ভৱিষ্যতৰ বাবে জাৰকালিৰ প্ৰচণ্ড শীতৰ দিনতো ইয়ালৈ আহিছো। আজি যদি আমি কৃষকসকলে প্ৰতিবাদ নকৰোঁ তেতিয়া হ'লে ফটেহৰ কোনো ভৱিষ্যৎ নাথাকিব,”হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ ছাজুপুৰ গাঁৱৰ এই শিশুটিৰ ৪১ বছৰীয়া পিতৃ জগৰূপ সিঙে কয়।

One of the youngest protestors at the Rajasthan-Haryana border pitches in to help his family prepare aloo mutter for a hundred people
PHOTO • Shraddha Agarwal
One of the youngest protestors at the Rajasthan-Haryana border pitches in to help his family prepare aloo mutter for a hundred people
PHOTO • Shraddha Agarwal

হৰফটেহৰ পৰিয়াল ছাহজাহানপুৰৰ প্ৰতিবাদস্থলীত স্থাপন কৰা ৰাজহুৱা ৰান্ধনীশালত সহায় কৰাৰ বাবে আহিছিল

ছাজুপুৰত থকা পাঁচ একৰ মাটিত ধান আৰু গোম আৰু আলু উৎপাদন কৰা জগৰূপক ইতিমধ্যে ২৮ দিন ধৰি তাত প্ৰতিবাদ কৰি থকা অৱস্থাত মই লগ পাইছিলো। তেওঁ প্ৰথমে ২০ দিনলৈ হাৰিয়ানাৰ সোণিপট জিলাৰ সিংঘু সীমান্তত আছিল আৰু তাৰ পিছত সহস্ৰাধিক অন্য কৃষকসকলৰ লগত ৰাজস্থান-হাৰিয়ানা সীমান্তত ঘাইপথ অৱৰোধ কৰাৰ উদ্দেশ্যে ছাহজাহানপুৰলৈ আহিছিল।

জগৰূপে কয় যে প্ৰতিবাদ প্ৰদৰ্শন কৰাৰ প্ৰথম সপ্তাহৰ দিনকেইটাত তেওঁৰ পৰিয়াললৈ বৰকৈ মনত পৰিছিল। ২৩ ডিচেম্বৰত তেওঁৰ ৩৩ বছৰীয়া পত্নী গুৰপ্ৰীত কৌৰ আৰু তেওঁৰ দুগৰাকী সন্তান ৮ বছৰীয়া একমজোট আৰু হৰফটেহপ্ৰতিবাদস্থলীত স্থাপন কৰা বিভিন্ন ৰাজহুৱা ৰান্ধনীশালত সহায় কৰাৰ বাবেছাহজাহানপুৰত তেওঁৰ লগতমিলিত হৈছিল।“মোৰ ছোৱালীয়েও সেৱা আগবঢ়াই আছে। চাহ বিচৰা প্ৰতিজনকে তাই চাহ বিলাইছে।আমি ইয়াত কি কৰি আছো আমাৰ ল’ৰা-ছোৱালীহঁতে তাৰ গুৰুত্ব বুজি পাইছে,” হৰফটেহক ভালদৰে মটৰমাহ নিকোৱাৰ বাবে নিৰ্দেশ দি জগৰূপে কয়।

কৃষকসকলে বিৰোধীতা কৰা আইনবোৰ ক্ৰমে- কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন,২০২০ ; শস্যৰ (সবলীকৰণ আৰু সংৰক্ষণ) মূল্যৰ আৰু কৃষি সেৱা আইন,২০২০ৰ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০ৰ নিশ্চয়তাৰ চুক্তি।ইয়াৰ উপৰিও এই আইনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে সমালোচিত হৈছে।

অনুবাদ - ভৱেশ মেধি

Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Shraddha Agarwal
Translator : Bhabesh Medhi

Bhabesh Medhi is a journalist based in Guwahati. He is recipient two times of Reach Media Fellowship under which he has been reporting on health issues. He is also recipient two times of Unicef Media Fellowship under which he has been reporting on child issues He can be reached at [email protected]

Other stories by Bhabesh Medhi