“আমি (২০১৮ চনৰ) লং মাৰ্চত তাৰ্পা বজাইছিলো আৰু আমি আজিও তাৰ্পা বজাও।আমি সকলো গুৰুত্বপূৰ্ণ অনুষ্ঠানত এয়া বজাও,”ৰূপেশ ৰোজে কঢ়িয়াই থকা মুখেৰে ফুৱাই বজোৱা বাদ্যযন্ত্ৰটো দেখুৱাই কয়। ৰূপেশ মহাৰাষ্ট্ৰৰ পৰা ভান, গাড়ীত, টেম্পো, জীপ আৰু কাৰেৰে দিল্লীলৈ অহা কৃষকসকলৰ ভিতৰত অন্যতম, তেওঁলোকৰ বহুতো পাঞ্জাৱ-হাৰিয়ানাৰ পৰা আহি ৰাজধানী সীমান্ততপ্ৰতিবাদ কৰি আছে।

এই বছৰ ছেপ্টেম্বৰত সংসদত নতুন কৃষি আইন গৃহীত কৰাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ কৃষক এইকেইখখন আইন বাতিল কৰাৰ দাবীত প্ৰতিবাদকৰিছিল।

২১ ডিচেম্বৰৰ দুপৰীয়া সময়ত প্ৰায় ২০০০ কৃষক মহাৰাষ্ট্ৰৰ প্ৰায় ২০ খন জিলা (মূলতঃ নাচিক, নান্দেৰ আৰু পালঘৰ) পৰা আহি জাঠা অৰ্থাৎ গাড়ীৰ এক মিছিল সাজি দিল্লীলৈ যাবলৈ মধ্য নাচিকৰ গ’ল্ফ ক্লাবৰ পথাৰত সমবেত হৈছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ অন্তৰ্গত সদৌ ভাৰত কৃষক সভাৰ দ্বাৰা তেওঁলোক সংগঠিত হৈছিল। এওঁলোকৰ মাজৰ পৰা প্ৰায় ১০০০ জনে মধ্যপ্ৰদেশৰ সীমান্ত পাৰ হৈ দেশৰ ৰাজধানী চহৰলৈ গৈছিল।

নাচিকৰ এই জনসমাগমৰ ভিতৰত পালঘৰৰ বাদা নগৰৰ পৰা অহা ৱাৰ্লি সম্প্ৰদায়ৰ ৪০ বছৰীয়া ৰূপেশো আছিল। “আমি আদিবাসীসকলৰ আমাৰ তাৰ্পাৰ প্ৰতি বিশেষ সম্মান আছে,”তেওঁ কয়। “এতিয়া আমি সেয়া বজাই নাচি-বাগিদিল্লীলৈ যাম।”

“I am tired of carrying water pots across two kilometres every day. We want water for our children and our land,” says Geeta Gangorde, an Adivasi labourer from Maharashtra’s Dhule district. Mohanabai Deshmukh, who is in her 60s, adds, “We are here today for water. I hope the government listens to us and does something for our village.”
PHOTO • Shraddha Agarwal
“I am tired of carrying water pots across two kilometres every day. We want water for our children and our land,” says Geeta Gangorde, an Adivasi labourer from Maharashtra’s Dhule district. Mohanabai Deshmukh, who is in her 60s, adds, “We are here today for water. I hope the government listens to us and does something for our village.”
PHOTO • Shraddha Agarwal

“মই সদায় দুই কিলোমিটাৰ বাট অতিক্ৰম কৰি পাত্ৰত পানী কঢ়িয়াই ভাগৰি পাৰো। আমাকআমাৰ সন্তানৰ আৰু মাটিৰ বাবে পানী লাগে,”মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ পৰা অহা এগৰাকী আদিবাসী শ্ৰমিক গীতা গাঙ্গোৰদে কয়। ৬০ বছৰীয়া মোহনবাই দেশমূখে লগতে কয়, “আমি আজি ইয়ালৈ পানীৰ বাবে আহিছো। মই আশা কৰো চৰকাৰে আমাৰ কথা শুনিব আৰু আমাৰ গাঁৱৰ বাবে কিবা কৰিব।

PHOTO • Shraddha Agarwal

ৰাধু গাইকোৱাডৰ(একেবাৰে বাওঁফালে)পৰিয়ালৰ আহমদনগৰ জিলাৰ সংগমনেৰ তালুকৰ অন্তৰ্গত শিন্দৌৰি গাঁৱত পাঁচ একৰ মাটি আছে য'ত তেওঁলোকে মূলতঃ বজৰা আৰু ছয়াবিনৰ খেতি কৰে। আমাৰ আহমদনগৰ খৰাংপীড়িত এলেকা। আমাৰ বহু মাটি আছে কিন্তু আমি খেতি কৰিব নোৱাৰো। যেতিয়া আমি বজাৰত (আমাৰ শস্য) বিক্ৰী কৰিব যাওঁ, তেতিয়া উচিত দাম নাপাওঁ। আমাৰ জিলাৰ সকলো ডাঙৰ নেতাসকলে আমাক আদিবাসীসকলক একো নিদিয়ে। সিহঁতে অকল সিহঁতৰ নিচিনা মানুহকে দিয়ে।

Narayan Gaikwad, 72, of Jambhali village in Shirol taluka of Kolhapur district, says “Until there is a revolution, farmers will not prosper." He owns three acres of land where he grows sugarcane. “We are going to Delhi not only for our Punjab farmers but also to protest against the new laws,” he adds. “In our village we need a lot of water for the sugarcane farms, but the electricity supply is only for eight hours.” On four days of the week the village has electricity during the day, and for three days at night. “It gets very difficult in winter to water the sugarcane fields at night and we are unable to cultivate,” Gaikwad says.
PHOTO • Shraddha Agarwal

কোলাপুৰ জিলাৰ শিৰোল মৌজাৰ জাম্ভালি গাঁৱৰ ৭২ বছৰীয়া নাৰায়ণ গাইকোৱাডে কয়, “এটা বিপ্লৱ নোহোৱালৈ কৃষকসকলৰ উন্নতি নহয়।"তেওঁৰ নিজৰ তিনি একৰ মাটি আছে য'ত তেওঁ কুঁহিয়াৰৰ খেতিকৰে।“আমি অকল আমাৰ পাঞ্জাৱৰ কৃষকসকলৰ বাবে নহয়, নতুন আইনসমূহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈও দিল্লীলৈ গৈ আছো,”তেওঁ লগতে কয়।“আমাৰ গাঁৱত কুঁহিয়াৰৰ খেতিৰ বাবে আমাক বহুত পানীৰ প্ৰয়োজন, কিন্তু বিদ্যুৎ মাত্ৰ আঠ ঘণ্টা যোগান ধৰা হয়।” গাঁৱত সপ্তাহৰ চাৰিদিনত দিনৰ ভাগত আৰু তিনি দিন নিশাৰ ভাগত বিদ্যুৎ থাকে।“শীতকালত ৰাতি কুঁহিয়াৰৰ খেতি পথাৰত পানী দিবলৈ যথেষ্ট অসুবিধা হয় আৰু আমি খেতি কৰিব নোৱাৰা হওঁ,”গাইকোৱাডে কয়।

PHOTO • Shraddha Ghatge

“ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেনেদৰে আমাক ক্ৰীতদাস কৰি ৰাখিছিল, মোডী চৰকাৰেও সেইধৰণে তেওঁৰ নিজৰ দেশৰ কৃষকসকলক ক্ৰীতদাস হিচাপে ব্যৱহাৰ কৰি আছে। তেওঁলোকে অকল আদানি আৰু আম্বানীৰ লাভৰ কাৰণে চিন্তা কৰে। আমাৰ নিচিনা আদিবাসীসকলৰ অৱস্থাৰ পিনে চাওঁক। কেনেদৰে এই দেশত কৃষকসকলক ব্যৱহাৰ কৰা হয় সেয়া জনোৱাৰ বাবে মই মোৰ আমাৰ সন্তানক আজি ইয়ালৈ আনিছো। সিহঁতক এক গুৰুত্বপূৰ্ণ পাঠ দিয়াৰ বাবে ইয়ালৈ আহিছো,”ভীল সম্প্ৰদায়ৰ ৬০ বছৰীয়া শামসিং পাড়ভিয়ে কয়। নান্দুৰবাৰ জিলাৰ ধানপুৰ গাঁৱৰ পৰা অহা গাড়ীৰ জাঠাত অংশ লোৱা ২৭ গৰাকী মানুহৰ ভিতৰত তেওঁৰ ১৬ বছৰীয়া পুত্ৰ শংকৰ আৰু ১১ বছৰীয়া পুত্ৰ ভগতোআছে।

PHOTO • Shraddha Agarwal

নাচিক জিলাৰ সুৰগানা তালুকৰ প্ৰথম কৃষকৰ প্ৰতিবাদত যেতিয়া সংস্কাৰ পাগাড়িয়াই যোগ দিছিল তেতিয়া তেওঁৰ বয়স ১০ বছৰ আছিল। তেতিয়াৰ পৰা তেওঁ ২০১৮ চনৰ মাৰ্চত নাচিকৰ পৰা মুম্বাইলৈ অহা দীঘলীয়া সমদলৰ লগতে সমগ্ৰ মহাৰাষ্ট্ৰৰ বহু প্ৰতিবাদত অংশ লৈছিল। ১৯ গৰাকী মানুহৰ যৌথ পৰিয়াল থকা সংস্কাৰৰ পৰিয়ালৰ নিজৰ প্ৰায় ১৩-১৪ একৰ খেতিমাটিআছে, যিখিনি তেওঁলোকে আধিয়া দিছে। “য’তেকৃষকৰ প্ৰতিবাদ হ’বতাতেই মই থিয় হ’ম। তাতে যদি মোৰ জেলো হয় মই জেললৈ যাবলৈ সাজু,”১৯ বছৰীয়া সংস্কাৰে কয়। বিশ্ব মহামাৰী আৰু তলাবন্ধৰ বাবে পিছুৱাই দিয়া দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ বাবে সংস্কাৰে অপেক্ষা কৰি আছে।

PHOTO • Shraddha Agarwal

২১ ডিচেম্বৰত নান্দেড় জিলাৰ পৰা অহা প্ৰায় ১০০ গৰাকী কৃষক নাচিকৰ পৰা দিল্লীলৈ সমদল কৰি অহা প্ৰতিবাদকাৰীসকলৰ লগত মিলিত হৈছিল। সিহঁতৰ মাজত ভীলগাওঁ জিলাৰ পৰা অহা এজন গোণ্ড আদিবাসী নামদেও শেৰমাকেও আছিল।তেওঁৰ নিজৰ পাঁচ একৰ মাটিত কপাহ আৰু ছয়াবিনৰ খেতি কৰে। ৪৯ বছৰীয়া কৃষকগৰাকীয়ে(মাজত, নীলা চোলাত) কয়, “আমি কৃষক বিৰোধী এই চৰকাৰৰ বিৰুদ্ধে যুদ্ধ জয়ী কৰিবলৈ দিল্লীলৈ গৈ আছো।আমাৰ গাঁও পাহাৰীয়া এলেকাত আৰু আমাৰ পথাৰত পানীৰ কোনো ব্যৱস্থা নাই। আমি বহু বছৰৰ পৰা গভীৰনাদৰ ব্যৱস্থা কৰাৰ কৈ আছো। পানী অবিহনে আমি খেতি কৰিব নোৱাৰো আৰু আমি আদিবাসী সকল ইতিমধ্যে ঋণগ্ৰস্ত।”

PHOTO • Shraddha Agarwal

“ইয়াৰ হস্পিতালৰ অৱস্থা ইমানে বেয়া যে এদিনাখন এগৰাকী মহিলাই অটোৰিক্সাতে প্ৰসৱ কৰিছিল। জৰুৰীকালীন ক্ষেত্ৰতো আমি ৪০-৫০ কিলোমিটাৰ অতিক্ৰম কৰিব লাগে। আপুনি যদি আমাৰ গাঁৱৰ যিকোনো প্ৰাথমিক চিকিৎসাকেন্দ্ৰলৈ যায়, আপুনি ভিতৰত কোনো চিকিৎসক দেখা নাপায় আৰু সেয়ে বহু শিশুৰ মাতৃগৰ্ভতে মৃত্যু হয়,”পালঘৰৰ দাদাড়ে গাঁৱৰ ৪৭ বছৰীয়া কিৰণ গাহালে কয়। তেওঁৰ পাঁচ একৰ মাটিত বিশেষকৈ ধান, ঘেঁহু,বজৰা আৰু খেতি কৰে।পালঘৰ জিলাৰ পৰা অহা প্ৰায় ৫০০ গৰাকী আদিবাসী কৃষক নাচিকৰ পৰা দিল্লীলৈ সমদল কৰি অহা প্ৰতিবাদকাৰীসকলৰ লগত মিলিত হৈছে।

PHOTO • Shraddha Agarwal

৬৩ বছৰীয়া বিষ্ণু চবনৰ পৰ্বানী জিলাৰ খাৱনে পিম্পৰি গাঁৱত নিজৰ ৩.৫ একৰ মাটি আছে। তেওঁ ৬৫ বছৰীয়া কাশীনাথ চৌহানৰ (সোঁফালে) লগত ইয়ালৈ আহিছে।“২০১৮ চনত আমি একেলগে দীঘলীয়া সমদল কৰিছিলো আৰু এতিয়া আমি আকৌ এই প্ৰতিবাদ কৰিবলৈ আহিছো,” মূলতঃ কপাহ আৰু ছয়াবিনৰ খেতি কৰাবিষ্ণুয়েকয়। কেতিয়া আমাক গুৰুত্ব সহকাৰে লোৱা হ'ব?আমাৰ গাঁৱৰ মানুহবোৰে সদায় অকল খোৱা পানীৰ বাবে পাঁচ কিলোমিটাৰ খোজকাঢ়িব লাগে। যেতিয়া আমিআমাৰ মাটিত যিকোনো খেতি কৰো ৰাতি বনৰীয়া জন্তুয়ে এইবোৰ ধ্বংস কৰি দিয়ে। আমাৰ কাৰণে কোনেও একো নকৰে। আমি আমাৰ কথা শুনাটো বিচাৰো।”

PHOTO • Shraddha Agarwal

“আমাৰ দাবী হ'ল যে চৰকাৰে আইন তিনিখন উভতাই লওঁক। আমি অনিৰ্দিষ্টকাললৈ ইয়াত বহি থাকিম। আমাৰ তালুকত বহুতো ক্ষুদ্ৰ খেতিয়ক আছে। তেওঁলোকে দৈনিক মজুৰিত কুঁহিয়াৰৰ পথাৰত কাম কৰে। তেওঁলোকৰ অধিকাংশৰ মাত্ৰ ১-২ একৰ মাটি আছে। তেওঁলোকৰ বহুতে প্ৰতিবাদত অংশ ল'বলৈ বিচাৰিছিল কিন্তু শস্য সিঁচাৰ সময় হোৱাৰ বাবে তেওঁলোক উভতি গৈছিল,” ছাংলি জিলাৰ শিৰ্দ্ধোন গাঁৱৰ পৰা অহা ৩৮ বছৰীয়া দিগম্বৰ কাম্বলে(ৰঙা চোলা পিন্ধা)কয়।

PHOTO • Shraddha Agarwal

দিল্লীৰ পিনে অহা গাড়ীৰ জাঠাত ৭০ বছৰীয়া বয়োজ্যেষ্ঠ কৃষক তুকাৰাম শেতষণ্ডীও আছে। সোলাপুৰৰ কান্দাল গাঁৱত থকা তেওঁৰ চাৰি একৰ মাটি ছন পৰি আছে।যোৱা দহ বছৰত তেওঁৰ কুঁহিয়াৰ খেতিৰ বাবে বিভিন্ন ডাঙৰ কৃষকৰ পৰা লোৱা ঋণ ৭ লাখলৈ বাঢ়ি গৈছিল।“মোৰ খেতি বেয়া হৈছিল আৰু এটাৰ পিছত এটা ঋণ মাৰিবলৈ মই ধাৰত পোত গৈছিলো। মই ২৪ শতাংশ হাৰ সুতত ঋণ পৰিশোধ কৰি আছো।এয়া আপুনি সহজ বুলি ভাবেনে? মোৰ দৰে এজন দৰিদ্ৰ কৃষকে ক’ত টকা পাব।”

অনুবাদ : ভৱেশ মেধি

Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Shraddha Agarwal
Translator : Bhabesh Medhi

Bhabesh Medhi is a journalist based in Guwahati. He is recipient two times of Reach Media Fellowship under which he has been reporting on health issues. He is also recipient two times of Unicef Media Fellowship under which he has been reporting on child issues He can be reached at [email protected]

Other stories by Bhabesh Medhi