সকলোতকৈ ডাঙৰ ছাত্ৰজনৰ বয়স ১৩ বছৰ। বাকিখিনি ১০ৰ পৰা ১২ বছৰৰ ভিতৰত। ইংৰাজী টেলিভিছন চেনেলৰ ‘আনুষ্ঠানিক আলোচনা’ক বাদ দি স্কুলৰ ‘তৰ্কসভা’তকৈয়ো বিৰক্তিদায়ক কিছুমান বিষয় আছে। সাধাৰণতে ১৪-১৬ বছৰৰ ভিতৰত বাকপটু ইংৰাজী কোৱাসকলে বাচি লোৱা বিষয় হয় যদি ‘গান্ধী’ এতিয়াও প্ৰাসংগিক। তদুপৰি একেলগে বহুতো ভোটা বাক্যাংশৰে একেবোৰ কথাৰে পুনৰাবৃত্তি কৰে। এনে এখন তৰ্কসভাত মুখ্য অতিথি হ’ব লগা হ’লে আপুনি হামিয়াই-হিকটিয়াই শেষ হোৱালৈ বাট চাব লাগিব।

ইয়াত মই মোৰ আসনত বহি আছো। ১০-১৩ বছৰৰ মাজৰ ল’ৰা-ছোৱালীবোৰে জিনগত সালসলনি ঘটোৱা শস্যৰ বিষয়ে যুক্তি-তৰ্ক কৰিছে। দুয়োটা পক্ষ চমৎকাৰ বাকপটু। প্ৰতিজন বক্তাই নিজৰ বিষয়বস্তু সম্পৰ্কে পাৰ্গত আৰু বিষয়বস্তু সম্পৰ্কে গভীৰভাৱে উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে। বিষয়বস্তু, মানদণ্ড, প্ৰৱল আবেগ তেওঁলোকৰ বক্তব্যত দেখা গৈছে আৰু পতিয়ন নিয়াবপৰা বিধৰ। ভিডিঅ’ত আপুনি নিজে চাওক আৰু শুনক। পাৰস্পৰিক বাক্যবান আছিল ক্ষুৰধাৰ, কিছুমান মতবিৰোধ থকা বক্তব্য, কিন্তু সংযমী-মাৰ্জিত। সোণালী ধান, খাদ্যপ্ৰাণৰ অভাৱ, শস্যনাশক, কীট আৰু অনান্য কীট-পতংগ, জৈৱিক কৃষিকাৰ্য, ক্ৰাই জিনচ, কৃত্ৰিম নিষেচন আৰু দূষিত খাদ্যশস্য। আপুনি ইয়াৰ যিকোনো এটাৰ নাম কওক, তেওঁলোকে আপোনাক ইয়াৰ বিশদ বাখ্যা কৰি দিব। আৰু কেনেকৈ?

তৰ্ক সভাৰ সঞ্চালকজন সঁচাকৈয়ে শান্ত, কিন্তু যথেষ্ট দৃঢ়মনা। তেওঁ বিৰাম-ঘড়ী এটা লৈ আসনত বহি আছে। নিৰ্ধাৰিত সময়ৰ অন্ত পৰিলে কোনো বক্তাৰ বাক্য সম্পূৰ্ণ নোহোৱাকৈয়ে তেওঁ ৰাখি দিয়ে। আমি গভীৰভাৱে চিন্তা কৰি পঢ়াশালিৰ অধ্যক্ষাক সুধিলো যে তেওঁৰ ছাত্ৰসকলে পৰিচালনা কৰা পুনঃশিক্ষাদান শিবিৰত টিভি এংকৰৰ নামভৰ্ত্তিৰ অনুমোদন জনাব নে?

অধিক সংখ্যক তাৰ্কিক প্ৰথম প্ৰজন্মৰ ইংৰাজী বক্তা অথচ তেওঁলোকে সলসলীয়াকৈ সেই ভাষাটো কৈ গৈছিল। (জি.এম. তৰ্কৰ পুৰ্ণ প্ৰতিলিপি ইয়াত আছে)।

তামিলনাডুৰ বিদ্যা বনম স্কুলৰ প্ৰকল্প দিৱসৰ বিস্তৃত বিষয়বস্তু আছিল ধান। আঠ বছৰৰ পৰা ১৩ বছৰ বয়সৰ মাজৰ স্কুলীয়া ল’ৰা-ছোৱালী কিছুমানৰ পৰা মই কিছুমান অন্তৰ্নিহিত কথা জানিব পাৰিলো। মই টয়টা (Toyota) শব্দটোৰ বিষয়ে জনা নাছিলো। টয়টা যান-বাহন সংস্কৃতিৰ প্ৰতিষ্ঠা শব্দ-এই শব্দৰ মূল কৃষি। পূৰ্বৰ শব্দটো আছিল টয়ডা (Toyoda) আৰু ইয়াৰ অৰ্থ হ’ল উৰ্বৰা অথবা উপচি পৰা ধাননি পথাৰ। কোম্পানীৰ উদ্যোক্তাসকলে ইংৰাজীৰ D আখৰটো সলনি কৰি তাৰ ঠাইত T আখৰটো বহাই শান্ত-সৌম্য কৃষি জগতৰ পৰা নিজক আঁতৰাই আনিলে।

হোন্দা (Honda) মানে ‘আচল ধান গছ’ বুলি মই জনা নাছিলো। অথবা ‘ধাননী পথাৰৰ উৎস’ বুলিও জনা নাছিলো। আপুনি যদি দাবী কৰে যে ‘নাকাছনে’ (Nakasone) মানে মধ্যম মূল, বা ‘ফুকুডা’ (Fukuda) মানে ‘সমৃদ্ধ ধাননী পথাৰ’ বুলি জানে, তেন্তে মোক মাফ কৰক, মই জনা নাছিলো। যদিওবা ল’ৰা-ছোৱালীহঁতে জানে। প্ৰকল্প দিৱসৰ বাৰ্ষিক প্ৰদৰ্শনীত তেওঁলোকে পোষ্টাৰ আৰু ৰেখাচিত্ৰ প্ৰদৰ্শন কৰিলে।

ধান গছ গজোৱা পাঁচটা ক্ষুদ্ৰ আৰ্হি আমাক কণমানি গাইডগৰাকীয়ে দেখুৱালে। এই প্ৰতিবিধ ধানৰ ভিন্ন প্ৰজাতি আৰু খেতি কৰাৰ ভিন্ন সময়ৰ বিষয়েও আমাক ক’লে। কোনেও শিকাই থকা নাই, লগত কোনো শিক্ষকো নাছিল। ছাত্ৰসকলৰ একান্ত প্ৰান্তীয় কৃষক বা ভূমিহীন কৃষি শ্ৰমিকৰ সন্তান।

ভিডিঅ’ চাওকঃ পঢ়াশালিৰ বাৰ্ষিক তৰ্কসভাৰ জিনগত সালসলনি ঘটোৱা শস্যৰ বিভিন্ন দিশৰ ওপৰত বিদ্যা বনমৰ কণ কণ তাৰ্কিকসকলে আলোকপাত কৰিলে

প্ৰকল্প দিৱস এক বিশেষ অনুষ্ঠান। নিৰ্ধাৰিত পাঠ্যপুথি নথকা পঢ়াশালিত ল’ৰা-ছোৱালীবোৰে কি শিকিলে চাবলৈ বহুতো দুখীয়া, কিছুমান নিৰক্ষৰ অভিভাৱক ইয়ালৈ আহিছে। বিদ্যা বনম মানে ‘অৰণ্যত শিক্ষাগ্ৰহণ’। ঠিক সেই কামকে ইয়াত কৰা হৈছে। তামিলনাডু আৰু কেৰালাৰ সীমান্তক সামৰি থকা পাৰ্বত্য অঞ্চলত কইম্ব’টোৰৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ আনাইকাট্টিত অৱস্থিত স্কুলখনৰ ৩৫০ জন ছাত্ৰ-ছাত্ৰী হ’ল ইৰুলা জনজাতি আদি আদি-দ্ৰাৱিড় তথা দৰিদ্ৰ অনান্য পিছপৰা জনগোষ্ঠীৰ। স্কুলবাছ এখন আছে, তথাপি কিছুমান ছাত্ৰ-ছাত্ৰীয়ে চাইকেলেৰে আহে বা কিছুমানে খোজকাঢ়ি আহে। বহুদূৰ আহিবলগীয়া হয়। কাৰণ সিহঁতৰ কিছুমান এনে ঠাইত থাকে, যি ঠাইলৈ বাছ যোৱা সম্ভৱ নহয়।ইৰুলা জনগোষ্ঠীৰ মাজত বিদ্যা বনম ইমান জনপ্ৰিয় হৈ উঠিছে যে কিছুমান পৰিয়ালে সিহঁতৰ নিজৰ ঘৰ পঢ়াশালিৰ কাষৰ গাঁৱত নতুনকৈ সাজি লৈছে।

ন বছৰৰ আগতে প্ৰেমা ৰংগচাৰীয়ে এই পঢ়াশালিখন প্ৰতিষ্ঠা কৰিছিল। কিণ্ডাৰগাৰ্টেনৰ পৰা অষ্টমমান শ্ৰেণীলৈকে পঢ়াশালিত শিক্ষাদান কৰা হয়। তেওঁ ক’লে, ‘শিক্ষাৰ মাধ্যম দুটা ভাষা। আঠ বছৰ বয়স নোহোৱা পৰ্যন্ত ল’ৰা-ছোৱালীবোৰক তামিল আৰু ইংৰাজী দুয়োটা ভাষাতে শিক্ষাদান কৰা হয়। তাৰ পিছত আমি ইংৰাজীৰ ওপৰত বেছি গুৰুত্ব দিও।’ কিয়নো ইৰুলা জনজাতিৰ লোকসকলে ইংৰাজী ভাষাত তেওঁলোকৰ সন্তানে অধ্যয়ন কৰা বিচাৰে। পঢ়াশালি স্থাপন কৰাৰ সময়ত তেওঁলোকে এই দাবী কৰা বুলি ৰংগচাৰীয়ে কয়। ইংৰাজী নজনা তেওঁলোকৰ ল’ৰা-ছোৱালীৰ অগ্ৰগতিৰ অন্তৰায়, ইয়াৰ বিপৰীতে অৱস্থাপন্ন পৰিয়ালে ধন খৰছ কৰি নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ পঢ়াশালিত পঢ়োৱাৰ কথা ভাবিব নোৱাৰে। আদিবাসী (ছাত্ৰসকলৰ অধিকাংশ আদিবাসী) আৰু দলিতৰ বাবে বিদ্যা বনম সম্পূৰ্ণ বিনামূলীয়া। আনসকলে মাহে ২০০ টকা দিব  লাগে।

ৰংগচাৰীৰ বয়স এতিয়া ৭৩ বছৰ। পঢ়াশালিখনৰ তেঁৱেই প্ৰতিষ্ঠাপক সঞ্চালিকা তথা অধ্যক্ষা। ছাত্ৰসকলে তেওঁক পাটি (আইতা) বুলি সম্বোধন কৰে। চৌহদত তেওঁ থকা ঘৰটোৰ বেৰত লিখা আছে ‘আইতাৰ ঘৰ’ (পাটি বিৰু)।

প্ৰকল্প দিৱসৰ কাৰ্যসূচীত মোক মুখ্য অতিথি হ’বলৈ তেওঁ ক’লে। ছাত্ৰসকল আৰু অভিভাৱকৰ লগত কথা পতাৰ উপৰি প্ৰদৰ্শনী চাবলৈ ক’লে। কিছুমান জীৱন ধাৰণৰ প্ৰবৃত্তিয়ে মোক খুচিবলৈ ধৰিলে। মই প্ৰথমতে প্ৰদৰ্শনী চাবলৈ গ’লো। ছাত্ৰ-ছাত্ৰীবোৰে ইতিমধ্যে কিমান কথা শিকি পেলালে সেই সম্পৰ্কে একো নজনাকৈ আমন্ত্ৰণ ৰক্ষা কৰি সিহঁতৰ  লগত কথা পাতিবলৈ যোৱা আপোনাৰ মুৰ্খামিৰ বাদে আন একো নহয়।

এটা বৃহৎ আহল-বহল ঘৰ প্ৰদৰ্শনীৰে ভৰি আছে। প্ৰদৰ্শনীৰ ১৫-২০ টামান শাখা আছে। মই অন্ততঃ ৰক্ষা পৰিলো। প্ৰতিখন টেবুল, প্ৰতিখন দেৱাল একোদল উৎকণ্ঠিত ছাত্ৰৰ নিয়ন্ত্ৰণত। সিহঁতে নিজৰ জ্ঞান (কেৱল তথ্য নহয়), নিজৰ বিষয়বস্তুৰ ওপৰত যি আহৰণ কৰিছে সেয়া আমাৰ লগত মত বিনিময় কৰিবলৈ উৎসুক। এখন দীঘল টেবুলত বিভিন্ন পদ্ধতি আৰু ধৰণেৰে প্ৰস্তুত কৰা ভাতৰ আৰ্হি ৰখা হ’ল (হয়, সেয়া ছাত্ৰ-ছাত্ৰীসকলেই প্ৰস্তুত কৰিছে)।

শিক্ষকসকলো আমোদজনক। বেছিখিনি স্থানীয় আৰু বহুতেই ইৰুলা জনজাতিৰ। পশ্চিমবংগৰ শান্তি নিকেতনৰ শিক্ষকো আছে, তেওঁ কলাৰ শ্ৰেণীবোৰ চলায়। আন আন ৰাজ্যৰ স্বেচ্ছামূলক শিক্ষক আছে, আনকি বিদেশৰো আছে, যিসকলে এবছৰ পৰ্যন্ত বিদ্যা বনমত কটাইছে। এই সকলোবোৰে ছাত্ৰসকলক ভিন্ন সংস্কৃতিৰ সান্নিধ্যৰ সোৱাদ দিছে। কইম্ব’টোৰৰ বাহিৰলৈ কেতিয়াও নোযোৱা ছাত্ৰ-ছাত্ৰীৰ অধিকাংশই এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ গীত-নৃত্য আৰু হাস্য-ব্যংগ পৰিবেশন কৰিছে। দৰ্শকসকল হ’ল আৰ্থিকভাৱে জুৰুলা কৃষক-অভিভাৱক, প্ৰকল্প দিৱস চাবলৈ আহি তেওঁলোকৰ বেছিভাগেই এদিনৰ মজুৰী হেৰুৱালে।

ইমান প্ৰেৰণাদায়ক হৈও পঢ়াশালিখনে চৰকাৰী স্বীকৃতি লাভ কৰা নাই। মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় পৰিষদ (চি.বি.এছ.ই.)ৰ অন্তৰ্ভূক্তিৰ প্ৰচেষ্টা ব্যৰ্থ হ’ল। নৱম শিক্ষাবৰ্ষত প্ৰৱেশ কৰিলে, চৰকাৰৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰও অগ্ৰাহ্য কৰা হ’ল। ৰাজ্যখনৰ আমোলাতান্ত্ৰিক অৰণ্যৰ পৰা ওলাবলৈ বাট বিচাৰিবলগা হৈছে তামিলনাডুৰ এই পঢ়াশালিখনে।

Left: Vidya Vanam students, most of them from Adivasi and Dalit communities, begin their spirited and informed debate on genetically modified crops. Right: The moderator looks at the clock she is using as a stopwatch, while a debater makes her point
PHOTO • P. Sainath
Left: Vidya Vanam students, most of them from Adivasi and Dalit communities, begin their spirited and informed debate on genetically modified crops. Right: The moderator looks at the clock she is using as a stopwatch, while a debater makes her point
PHOTO • P. Sainath

আদিবাসী আৰু দলিত সম্প্ৰদায়ৰ ছাত্ৰসকলে জিনগতভাবে সংশোধিত শস্য সম্পৰ্কে উদ্যমী আৰু তথ্যভিজ্ঞ তৰ্ক আৰম্ভ কৰিছে, সোঁফালেঃ বিৰাম-ঘড়ী ব্যৱহাৰ কৰা সঞ্চালিকাই সময় চাই আছে, তাৰ্কিকে নিজৰ যুক্তি দাঙি ধৰিছে

Left: A student's poster on what ‘Toyota’ once actually meant at the school's Project Day exhibition. Centre: Another poster traces the unusual meaning of 'Honda'. Right: Nakasone: who knew his name meant 'Middle Root'?
PHOTO • P. Sainath
Left: A student's poster on what ‘Toyota’ once actually meant at the school's Project Day exhibition. Centre: Another poster traces the unusual meaning of 'Honda'. Right: Nakasone: who knew his name meant 'Middle Root'?
PHOTO • P. Sainath
Left: A student's poster on what ‘Toyota’ once actually meant at the school's Project Day exhibition. Centre: Another poster traces the unusual meaning of 'Honda'. Right: Nakasone: who knew his name meant 'Middle Root'?
PHOTO • P. Sainath

টয়টা (Toyota) মানে আচলতে এসময়ত কি বুজোৱা হৈছিল সেই সম্পৰ্কে এজন ছাত্ৰৰ এখন পোষ্টাৰ, পঢ়াশালি প্ৰকল্প দিৱসৰ প্ৰদৰ্শনীত। সোঁমাজতঃ আন এখন পোষ্টাৰে হোন্দা(Honda)ৰ অনৈমিত্তিক অৰ্থৰ সন্ধান কৰিছে। সোঁফালেঃ নাকাছ’নে (Nakasone): ইয়াৰ অৰ্থ মধ্যমমূল বুলি কোনোবাই জানিছিলনে?

Two student guides show us micro plots of land on which they are cultivating different varieties of paddy
PHOTO • P. Sainath

বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা কেইটুকুৰামান মাটি দুজন ছাত্ৰ পথ-নিৰ্দেশকে আমাক দেখুৱালে

PHOTO • P. Sainath

মঞ্চত প্ৰৱেশ কৰাৰ অপেক্ষাত মঞ্চ-পাৰ্শ্বত ৰৈ থকা শিল্পীসকল

My pick from the posters made for Project Day. This one is the product of a very young group
PHOTO • P. Sainath

প্ৰকল্প দিৱস উপলক্ষে তৈয়াৰ কৰা এখন পোষ্টাৰ মই বুটলি ল’লো, একেবাৰে কণ কণ ছাত্ৰ এদলে এইবোৰ প্ৰস্তুত কৰিছিল

Performers waiting in the wings for their turn to go on stage
PHOTO • P. Sainath

বাৰ্ষিক প্ৰকল্প দিৱসত নৃত্য প্ৰদৰ্শন

And songs, too, from different parts of the country
PHOTO • P. Sainath

দেশৰ বিভিন্ন প্ৰান্তৰ গীতো পৰিৱেশন কৰা হৈছিল

অনুবাদঃ পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das