চাইকেল চলোৱাটোও আন্দোলন হ’ব পাৰেনে? নহয় যেনেই লাগিছে চাগে। কিন্তু তাকেই সম্ভৱ কৰি তুলিছে তামিলনাডুৰ পুডুকোট্টাই জিলাৰ নব্য-শিক্ষিত হাজাৰ হাজাৰ মহিলাই। মানুহে সাহ কৰি নিজক বান্ধি ৰখা শিকলি ভাঙি-চিঙি পেলাবলৈ বাট বিচাৰি লয়, আৰু কেতিয়াবা এই বাট অনন্যও হৈ পৰে।

ভাৰতৰ দৰিদ্ৰতম জিলাবোৰৰ এখন, পুডুকোট্টাইত গাঁৱৰ মহিলাই চাইকেল চলোৱাটোকে যাতায়তৰ উপায় হিচাপে বাচি লৈছে। বিগত ১৮ টা মাহত প্ৰায় ১ লাখ মহিলাই, তাৰে প্ৰায়ভাগেই নব্য শিক্ষিত, স্বাধীনতা-স্বতন্ত্ৰতা আৰু চলা-ফিৰাৰ বাবে চাইকেলকে প্ৰতীক হিচাপে বাচি লৈছে। আমি ১০ বছৰীয়া ছোৱালীবোৰক নধৰিলে, এইখন জিলাৰ গ্ৰামীণ মহিলাৰ প্ৰায় এক চতুৰ্থাংশই চাইকেল চলোৱা শিকিছে। ইয়াৰে ৭০,০০০ৰো অধিক মহিলাই আনকি 'প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা’তো ভাগ লৈ নিজৰ নতুন কৌশল দৰ্শাইছে। এতিয়াও প্ৰশিক্ষণ শিবিৰ চলি আছে, আৰু শিকাৰ হাবিয়াসো কমা নাই।

গ্ৰামীণ পুডুকোট্টাইৰ অতিকৈ সংৰক্ষণশীল পৰিয়ালৰ কম বয়সীয়া মুছলমান মহিলাই ৰাস্তাত চাইকেল চলাইছে। কিছুমানে আকৌ চকাৰ ওপৰৰ মাডগাৰ্ড খুলি লৈছে। চাইকেল চলাবলৈ লোৱা জামীলা বিবি নামে কম বয়সীয়া মুছলমান ছোৱালীজনীয়ে মোক কয়ঃ “এয়া মোৰ অধিকাৰ। আমি য’লৈ মন যায় যাব পাৰো। এতিয়া বাছৰ বাবে ৰৈ থাকিব নালাগে। চাইকেল চলাওতে মানুহে কটু মন্তব্য কৰে বুলি মই জানো, কিন্তু কেৰেপ নকৰো।”

ফাটিমা উচ্চতৰ মাধ্যমিক স্কুল এখনৰ শিক্ষয়িত্ৰী। তেওঁ চাইকেল চলাই ইমান ভাল পায় যে সন্ধিয়া চলাবলৈ বুলি আধাঘণ্টাৰ কাৰণে চাইকেল এখন ভাড়া কৰি আনে (চাইকেলৰ দাম ১,২০০ টকা, তেওঁ কিনিব নোৱাৰে)। তেওঁ কয়, “চাইকেল চলোৱাত এক স্বাধীনতা আছে। আমি আন কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। এয়া মই কেতিয়াও এৰিব নোৱাৰো।” জামীলা, ফাটিমা আৰু তেওঁলোকৰ বন্ধু আৱাকান্নি, আটাইৰে বয়স ২০ৰ আশে-পাশে, তেওঁলোকে নিজৰ বহু সমনীয়াক চাইকেল চলোৱা বিদ্যা শিকাইছে।

Women learning how to ride bicycles in a village in Tamil Nadu
PHOTO • P. Sainath

আৰিৱলিৰ এই ‘চাইক্লিং প্ৰশিক্ষণ শিবিৰ’ত সকলো অগ্ৰণী শিকাৰু দেওবাৰৰ দিনটোত উপস্থিত হৈছে। শিক্ষকসকলেও সাজি-কাচি আহিছে

গোটেই জিলাখনতে চাইকেল চলোৱাৰ ঢৌ উঠিছে। খেতিপথাৰত কাম কৰা মহিলা, কুৱেৰীৰ শ্ৰমিক আৰু গাঁৱৰ নাৰ্ছ আদিয়ে চাইকেল চলোৱা এই কাৰবাৰ বৰ ভাল পাইছে। তাতে আকৌ বলৱাড়ি আৰু অংগনবাদী শ্ৰমিক, পাথৰ কটা আৰু স্কুলৰ শিক্ষকতা কৰাজনেও ইয়াত যোগ দিছে। গাওঁসেৱক আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীও পিছ পৰি থকা নাই। তাৰে বেছিভাগেই অৱশ্যে অলপতে সাক্ষৰতা লাভ কৰিছে। আৰিৱলি ইয়াক্কাম (জ্ঞানৰ আলোক অভিযান) জিলাখনৰ সাক্ষৰতাৰ জোৰদাৰ অভিযানে চাইকেলৰ এই মহিলা শক্তিক সঠিক দিশত ব্যৱহাৰ কৰিছে। মই কথা পতা প্ৰতিগৰাকী নব্য শিক্ষিত, 'নব্য-চাইক্লিষ্ট’ৰ ব্যক্তিগত স্বাধীনতা আৰু চাইক্লিঙৰ মাজত এটা পোনপটীয়া সম্পৰ্ক দেখিছো।

চাইকেল আন্দোলন অন্যতম হোতা আৰু আৰিৱলি কেন্দ্ৰৰ সমন্বয়ক এন কান্নাম্মালে কয়, ''মূল কথাটো হৈছে মহিলাসকলৰ মনত এই চাইকেলে যোগোৱা আত্মবিশ্বাস। পুৰুষৰ ওপৰত যে তেওঁলোকৰ নিৰ্ভৰশীলতা কমিছে, সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এতিয়া পানী আনিবলৈ, কেতিয়াবা নিজৰ ল’ৰা-ছোৱালীক লৈ চাইকেল চলাই চাৰি কিলোমিটাৰ পৰ্যন্ত যোৱা মহিলা দেখাটো সাধাৰণ দৃশ্য হৈ পৰিছে। আন ঠাইৰ পৰা সামগ্ৰীও তেওঁলোকে নিজে আনিব পাৰিছে। কিন্তু এই আন্দোলনৰ আৰম্ভণিতে মহিলাই বহু কটু কথা শুনিবলগীয়া হৈছিল, মানুহে চৰিত্ৰহনন কৰিছিল। বহুতেই অশ্লীল মন্তব্য কৰিছিল। কিন্তু আৰিৱলিয়ে মহিলাই চাইকেল চলোৱাটো সামাজিকভাৱে গ্ৰাহ্য কৰি তুলিলে। সেয়ে মহিলাইও এয়া আকোৱালি ল’লে।’’

তাৰে মাজৰ কান্নাম্মাল নিজেই এগৰাকী। বিজ্ঞানৰ স্নাতক হৈও তেওঁ আগতে কেতিয়াও চাইকেল চলোৱাৰ সাহস কৰা নাছিল। আৰিৱলি 'চাইক্লিঙৰ প্ৰশিক্ষণ কেন্দ্ৰ’ সাক্ষাৎ কৰাটো এক অস্বাভাৱিক অভিজ্ঞতা আছিল। কিলাকুৰুচি গাঁৱত দেওবাৰৰ দিনটোত সাম্ভাব্য শিকাৰু মহিলাসকল গোট খাইছিল। চাইকেল চলোৱাৰ তীব্ৰ আকাংক্ষাৰে ভৰা এই আন্দোলনত ঢৌ আপোনাৰ চকুত নপৰাকৈ নাথাকে। তেওঁলোকে জানিবই লাগিব। চাইকেলে তেওঁলোকক নিয়মমাফিক জীৱন এটাৰ পৰা, পুৰুষৰ বাধা-নিষেধৰ পৰা মুক্তি দিছিল। নব্য-চাইক্লিষ্টক উৎসাহ যোগাবলৈ বাবে আৰিৱলিয়ে লিখি উলিওৱা গান এটাও তেওঁলোকে গাইছিল। সেই গীতৰ এশাৰী এনে ধৰণৰঃ ''আহা ভনী আহা, চাইক্লিং শিকো, সময়ৰ চকা ঘূৰে, আমিও আগবাঢ়ো...’’

তেতিয়া শিকা বহুতেই নতুনবোৰক শিকাবলৈ আহিছে। এই মাষ্টাৰ ট্ৰেইনাৰসকলে আৰিৱলিৰ কাৰণে বিনা মাচুলত কাম কৰে। কেৱল শিকাৰ আগ্ৰহেই নহয়, সকলো মহিলাই চাইকেল চলাব জনা হ’বই লাগি বুলি ধাৰণা গঢ়ি উঠিছে। এনেদৰে তেওঁলোকৰ অভিজ্ঞতাই সাক্ষৰতাৰ অভিযানতো ইন্ধন যোগাইছে। সাক্ষৰতা অভিযানৰ কাৰণে আৰিৱলিৰ সৈতে সম্পৰ্ক দুৰ্বল হৈছিল, সেই সম্পৰ্ক চাইকেল আন্দোলনৰ ফলত আকৌ মজবুত হৈ পৰিল।

এই সমগ্ৰ অভিযানৰ মূল হোতা হৈছে জনপ্ৰিয় প্ৰাক্তন জিলা উপায়ুক্ত শীলা ৰাণী চুংকাথ। তেৱেই মহিলা সমাজকৰ্মীক চাইকেল চলোৱা শিকাইছিল যাতে আওহতীয়া ঠাইতো মহিলাৰ সাক্ষৰতাৰ অভিযানে প্ৰসাৰ লাভ কৰিব পাৰে। তেওঁ সাক্ষৰতা অভিযানৰ অংশ হিচাপে সুচলতাকো ধৰিছিল। মহিলাৰ মাজত যাতায়তৰ সুচলতা নথকাত তেওঁলোকৰ মাজত উৎসাহো নাইকিয়া কৰে, এই কথা চুংকাথাই মন কৰিছিল। তেওঁ মহিলাক চাইকেল কিনিবলৈ ঋণ দিয়াৰ বাবে বেংকক জোৰ দিছিল। প্ৰতিটো ব্লককে তেওঁ অভিযান সংক্ৰান্ত কেতবোৰ নিৰ্দিষ্ট দায়িত্ব দিছিল। জিলাখনৰ শীৰ্ষ বিষয়া হিচাপে তেওঁ নিজে যথেষ্ট গুৰুত্ব দিছিল।

প্ৰথমে সমাজকৰ্মীসকলে চাইকেল চলোৱা শিকিছিল। তাৰপিছত নব্য শিক্ষিতসকলে শিকিব বিচাৰিছিল। লেডিজ চাইকেলৰ নাটনি হৈছিল। কিন্তু জেণ্টচ্ চাইকেলেও একেই কাম নকৰে জানো। তাতে চিটটোৰ পৰা হেণ্ডেললৈকে এডাল অতিৰিক্ত বাৰ থকা কাৰণে সেইখনত বেছি সুবিধাহে হয়। তাতে আপুনি ল’ৰা-ছোৱালীজনীক বহাই ল’ব পাৰে। আৰু আজিৰ তাৰিখত হাজাৰ হাজাৰ মহিলাই জেণ্টচ্ চাইকেল চলায়। হাজাৰ হাজাৰে তেনে এখন চাইকেল কিনিব পৰাকৈ সমৰ্থ হোৱাৰ দিনটোৰ সপোন দেখে।

১৯৯২ৰ ৮ মাৰ্চৰ বিশ্ব মহিলা দিৱসৰ দিনটোৰ যি দৃশ্য, তাৰপিছত এই জিলাখন একে হৈ নাথাকিল। হেণ্ডেলত পতাকা লগাই বেল বজাই প্ৰায় প্ৰায় ১৫০০ৰো অধিক মহিলা চাইক্লিষ্টে পুডুকোট্টাই চহৰ কঁপালে। এনেদৰে কেৱল মহিলাই উলিওৱা বিশাল প্ৰদৰ্শনীয়ে চহৰখনৰ সকলো আশ্চৰ্যচকিত হৈ ৰ’ল।

কিন্তু মানুহে কি ভাবিব? অনুমতি দিয়াজন আছিল এছ কান্নাকাৰাজান, ৰাম চাইকেলচৰ মালিক। এই একমাত্ৰ ডিলাৰজনে লেডিজ চাইকেলৰ বিক্ৰী এক বছৰত প্ৰায় ৩৫০ গুণ বৃদ্ধি হোৱা দেখিছিল। এই হাৰ নিশ্চয়কৈ কমকৈ ধৰা হৈছে। ইয়াৰ কাৰণ দুটা। লেডিজ চাইকেল অহালৈ ৰৈ থাকিব নোৱাৰা বহু মহিলাই জেণ্টচ্ চাইকেলকে কিনিছিল। দ্বিতীয়তে কান্নাকাৰাজনে বৰ সাৱধানে সেই তথ্য মোৰ সৈতে শ্বেয়াৰ কৰিছিল। তেওঁ মোক কিবা বিক্ৰী কৰ বিভাগৰ এজেণ্ট বুলি ভাবিছিল।

সকলো পুৰুষ ইমান নিষ্ঠুৰ নাছিল। কিছুমানে উৎসাহো যোগাইছিল। আৰিৱলি সমাজকৰ্মী মুথু ভাস্কৰণৰ কথাই ক’ব পাৰি। তেৱেই সেই বিখ্যাত চাইক্লিং গীতটো ৰচিছিল যিটো পিছলৈ তেওঁলোকৰ প্ৰশস্তি-গীত হৈ পৰিছিল।

যেতিয়া কুৰিমিয়ানমালাইৰ পাথৰ কুৱেৰীৰ চোকা ৰ’দত ২২ বছৰীয়া কে মনোৰমণীয়ে আনবোৰক চাইকেল চলোৱা শিকাই থকা দেখিলে আপুনি বুজিব যে সকলো কষ্ট সাৰ্থক হৈছে। কুৱেৰীত কাম কৰা শ্ৰমিক আৰু আৰিৱলিৰ স্বেচ্ছাসেৱক মনোৰমণীয়ে ভাবে যে তেওঁৰ সহকৰ্মীয়ে চাইকেল চলোৱা শিকাটো জৰুৰী। ''আমাৰ ঠাইখন অলপ আওহতীয়া,’’ তেওঁ মোক কয়। ''চাইকেল চলাব জানিলে তেওঁলোকৰ বাবে সুবিধা হ’ব।’’

PHOTO • P. Sainath
PHOTO • P. Sainath

১৯৯২-৯৩ত পুৰুকট্টাই জিলাৰ প্ৰায় ১ লাখৰো অধিক মহিলাই চাইকেল চলোৱা শিকিছিল। ইয়ে তেওঁলোকক আৰ্থিকভাৱে টনকিয়াল কৰিছিল ঠিকেই, কিন্তু মহিলাসকলৰ বাবে চাইকেলখনৰ অৰ্থ আছিল তাতোকৈ বহল। চাইকেল আছিল তেওঁলোকৰ বাবে মুক্তিৰ প্ৰতীক

১৯৯২ৰ এটা সপ্তাহতে আৰিৱলিৰ দ্বাৰা আয়োজিত 'প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা’ত ৭০ হাজাৰ মহিলাই চাইকেল চালনাৰ কৌশল প্ৰদৰ্শন কৰিছিল। তাকে দেখি প্ৰভাৱিত হৈ ইউনিচেফে আৰিৱলি মহিলা সমাজকৰ্মীৰ বাবে ৫০ খন ম’পেড আবণ্টন কৰিছিল।

চাইকেল চলোৱাৰ নিৰ্দিষ্ট কেতবোৰ আৰ্থিক তাৎপৰ্য নিশ্চয়কৈ আছে। ই আয় বঢ়ায়। কিছুমান মহিলাই ওচৰে-পাজৰে গাওঁবোৰত খেতিপথাৰৰ কেতবোৰ উৎপাদিত সামগ্ৰী বা আন উপজাত সামগ্ৰী বিক্ৰী কৰে। চাইকেলে তেওঁলোকৰ বাছৰ কাৰণে অপেক্ষা কৰা সময়খিনি ৰাহি কৰে। যাতায়তৰ সুচল সুবিধা নথকা ঠাইত এয়া অতিকৈ গুৰুত্বপূৰ্ণ। দ্বিতীয়তে ই আপোনাক আপোনাৰ সামগ্ৰীসমূহ বিক্ৰীত গুৰুত্ব দিয়াৰ বাবে অতিৰিক্ত সময় দিয়ে। তৃতীয়তে, ই আপুনি ঢুকি পাব পৰা ক্ষেত্ৰখনো বহল কৰে। ই আপোনাৰ জিৰণিৰ সময়তো বঢ়ায়, আপুনি ক্ষন্তেক জিৰাবও পাৰে।

বাছৰ কাৰণে অপেক্ষা কৰা ক্ষুদ্ৰ উৎপাদক মহিলাই বাছ আস্থান ঢুকি পাবলৈকো প্ৰায়ে দেউতাক, ভায়েক, গিৰীয়েক বা নিজৰ পুতেকহঁতৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁলোকে খুব সীমিত সংখ্যক গাঁৱত সেয়া বিক্ৰী কৰিব পাৰিছিল। কিছুমানে খোজকাঢ়ি গৈছিল। এতিয়াও চাইকেল কিনিবলৈ সামৰ্থ নথকাজনে এতিয়াও খোজ কাঢ়ে। তেওঁলোকে সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হৈছিল। ঘৰত ল’ৰা-ছোৱালীহঁতক খুওৱা আৰু পানী অনা আদি কাম কৰিবগীয়া থাকে। এতিয়া চাইকেল থকাসকলে একেলগে এই কামবোৰ কৰিব পৰা হ’ল। মানে আপুনি আওহতীয়া ঠাইত কম বয়সীয়া মাকবোৰক দেখিব যে চাইকেলত আগফালে সন্তান আৰু পাছফালে সা-সামগ্ৰী। সেই একেগৰাকী মহিলাই চাইকেলতে পিছফালে দুই-তিনিটা পানীৰ বাল্টিও কঢ়িয়াই চাইকেল চলাই ঘৰলৈ যাব পাৰে।

কেৱল আৰ্থিক দিশটোতে কথাটো সীমাবদ্ধ কৰি ৰখাটো ভুল কথা হ’ব। চাইকেলে অনা আত্মবিশ্বাসৰ ভাৱ অতিকৈ গুৰুত্বপূৰ্ণ। ''এয়া কেৱল টকা-পইছাৰ বেপাৰ নহয়,’’ মোলৈ ফাটিমাই এনেকৈ চাই কথাটো ক’লে যে মোৰ নিজকে বুৰ্বক যেন লাগিল। ''চাইকেল চলাই মই কিমাননো টকা পাও? মোৰ পইছা যায়হে। মই চাইকেল কিনিব নোৱাৰো। সেই ভাললগা, স্বাধীনতাৰ অনুভৱৰ কাৰণে মই প্ৰতিদিনে সন্ধিয়া চাইকেল ভাড়া কৰি আনো।’’ চাইকেলখন যে স্বাধীনতাৰ প্ৰতীক হ’ব পাৰে সেয়া পুডুকোট্টাইলৈ অহাৰ আগতে কেতিয়াও কল্পনা কৰা নাছিলো।।

''গাঁৱৰ মহিলাৰ কাৰণে এয়া কিমান ডাঙৰ কথা সেয়া মানুহে বুজি নাপাব,’’ কান্নাম্মালে কয়। 'ই তেওঁলোকৰ বাবে উৰাজাহাজ এখন চলোৱাৰ দৰে এক পৰ্বতসম সাফল্য। মানুহে হাঁহিব পাৰে। কিন্তু মহিলাইহে জানে এয়া কিমান গুৰুত্বপূৰ্ণ।’’

এইখিনিতে চাইকেল চলোৱা আন্দোলনৰ প্ৰতিবাদ কৰা পুৰুষৰ দুই-এটা উক্তি এই প্ৰতিবেদনখনত থাকিলেহে মানসম্পন্ন সাংবাদিকতাৰ 'ভাৰসাম্য’ ৰক্ষা হ’ব যেন লাগিব পাৰে। কিন্তু সঁচা ক’বলৈ হ’লে, নাথাকিলে কি আহে যায়? ১,০০,০০০ মহিলাই ৰাস্তাত চাইকেল চলাই জোৱাৰ আনিছে, সেয়াই আচল কথা।

প্ৰতিবাদ কৰা পুৰুষে ৰাস্তালৈ গৈ এপাক খোজ কাঢ়ি আহিব পাৰে। কিয়নো চাইকেল চলোৱাৰ ক্ষেত্ৰত তেওঁলোক মহিলাৰ সমকক্ষ হ’ব নোৱাৰে।

পুনশ্চ: ১৯৯৫ত মই পুডুকোট্টাইলৈ উভতি আহোতে দেখিছিলো চাইকেলৰ সেই উন্মাদনা ক্ষান্ত হোৱা নাই। কিন্তু বহুতেই চাইকেল কিনিব পৰা নাছিল, চাইকেলৰ দাম ১,৪০০ টকা হৈছিল। নতুন প্ৰজন্মটো উঠি আহিছে ঠিকেই, কিন্তু আগৰ প্ৰজন্মৰ সাফল্য ভোগ কৰিব পৰাকৈ তেওঁলোকৰ বয়স হোৱা নাছিল। কিন্তু চাইকেল চলোৱা মহিলাৰ বিস্ময়কৰ পৰিসংখ্যাৰ ফালৰ পৰা ভাৰতৰ জিলাবোৰৰ মাজত পুডুকোট্টাই অনন্য হৈ ৰৈছে। চাইকেল চলাই উৰিব খোজা মহিলাৰ উৎসাহো কমা নাই।

এই প্ৰতিবেদন পি. সাইনাথে ১৯৯৬ত লিখা Everybody Loves a Good Drought-ত প্ৰথমবাৰ প্ৰকাশ পাইছিল।

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das