মায়া মোহিতে পূজাৰ তিনিমহীয়া কেঁচুৱা শীতলৰ চোৱাচিতা কৰিছে। পূজা কামলৈ গৈছে, সিহঁতৰ তম্বুৰ পৰা বেছি দূৰত নহয়। সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানত টাৰ্প’লিন আৰু কাপোৰৰ তম্বুৱেই হৈছে তেওঁলোকৰ ‘ঘৰ’। মায়াই ওচৰৰে জুৰি এটাৰ পৰা অনা পানীৰে শিল এচটাত বহি বাচন-বৰ্তন ধুইছে। ইফালে কেঁচুৱাটো পুৰণি চিমেণ্টৰ বেগ এটাৰে তৈয়াৰী এখনত ঝুলনাত শুইছে।

‘ইয়াতে চাৰিচকীয়াৰ পাৰ্কিং নিৰ্মাণৰ কাম চলি আছে,’ মায়াই কয়। মুম্বাইৰ বৰিভালি ইষ্টত থকা উদ্যানখনৰ প্ৰৱেশদ্বাৰত এই পাৰ্কিং নিৰ্মাণ কৰি থকা হৈছে। মায়াই তাইৰ পৰিয়ালৰ সাত গৰাকী সদস্যৰ সৈতে ২০১৮ৰ ডিচেম্বৰত মহানগৰীখনলৈ আহিছিল। তাইৰ ননদ পূজাও তাৰে মাজৰে এগৰাকী। তাৰে কিছুমান আহিছে মুম্বাইৰ পৰা ৭০ কিলোমিটাৰ দুৰৰ খপলিত থকা নিৰ্মাণ ক্ষেত্ৰৰ পৰা। পৰিয়ালটোৰ আন কেইজনমানে ৰাজস্থানৰ ক্ষেত্ৰবোৰত কাম শেষ কৰি বৰিভালিৰ পৰা আহি ইয়াতে গোট খাইছে।

প্ৰতিবছৰে বাৰিষা কালত জালনা জিলাৰ জাফেৰাবাদ তালুকৰ হাৰপালা গাঁৱলৈ মোহিতেসকল উভতি আহে। সেই পৰিয়ালটো বেলডাৰ সম্প্ৰদায়ৰ (কিছুমান ৰাজ্যত যাযাবৰ জনজাতি হিচাপে তালিকাভূক্ত)। মায়াৰ পিতৃ-মাতৃ আৰু তিনিজন ভায়েকেও নিৰ্মাণ ক্ষেত্ৰত কাম কৰে আৰু হাৰপালাৰ আশে-পাশে খেতিপথাৰতো কাম কৰে। ‘বিয়া হোৱাৰ সময়ত মই তেনেই সৰু আছিলো তেতিয়া পথাৰত কাম কৰিছিলোঁ,’ ২৫ বৰ্ষীয় মায়াই কয়।

বহুদিনলৈকে মায়াৰ শাহু-শহুৰেও মহাৰাষ্ট্ৰৰ মুম্বাইকে ধৰি আন আন ঠাইৰ নিৰ্মাণ ক্ষেত্ৰতে কাম কৰিছিল। ‘তাৰপিছত তেওঁলোকে গাঁৱতে এক একৰ মাটি কিনি ঘূৰি আহিল,’ তাইৰ ভাই-শহুৰ মুকেশ মোহিতে কয়। কিছু বছৰ ধৰি তেওঁলোকে কেৱল কৃষি শ্ৰমিক হিচাপে কাম কৰি পেট পোহাৰ চেষ্টা কৰিছিল, কিন্তু দিনহাজিৰা বহুদিন ধৰি ১৫০-২০০ টকা হৈয়ে থাকিল, নাবাঢ়িল। সেয়ে পৰিয়ালটোৱে নিৰ্মাণ ক্ষেত্ৰত কাম কৰিবলৈ ল’লে। তাতে দিনে ৪০০-৫০০ টকা পৰ্যন্ত মজুৰি পোৱা যায়, মুকেশে কয়।

Avinash with his mobile phone in the tent
PHOTO • Aakanksha
Maya Mohite washing the utensils. This is in the same area where her tent is set up.
PHOTO • Aakanksha

বাওঁফালেঃ মুম্বাইস্থিত সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানত মায়াৰ পাঁচ বছৰীয়া পুত্ৰ অবিনাশক তম্বুৰ তলত দেখা গৈছে। সোঁফালেঃ নিজৰ ‘ঘৰ’ত মায়াই বাচন-বৰ্তন পখালিছে

পৰিয়ালটোৱে বিভিন্ন ৰাজ্যত কাম কৰিবলৈ যায়। ঠিকাদাৰে য’লৈকে কয় তালৈকে যায়। ‘আমি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, দিল্লী আদিত কাম কৰিছোঁ। ঠিকাদাৰেই সিহঁতক কয় ‘ইয়ালৈ আহ্, তালৈ যা’। বাৰিষাৰ দিনত মোহিতে হাৰপালা গাঁৱত আৰু তাৰে আশে-পাশে খেতিপথাৰত নাইবা নিৰ্মাণ ক্ষেত্ৰৰ কামত ধৰে।

আমি ২০ হাজাৰ টকা (ঠিকাদাৰৰ পৰা) আগধন লৈ থৈছো, মায়াই কয়। তাৰে অকণমান টকা তম্বু বহাওতে খৰছ হ’ল। মুম্বাইৰ ৰাষ্ট্ৰীয় উদ্যানখনত বাহৰ পাতি থকা ১০ টা পৰিয়ালৰ (অবিনাশ, মায়াৰ পুত্ৰ আৰু শীতলকে ধৰি) সাপ্তাহিক খৰছৰ বাবে ঠিকাদাৰে সপ্তাহটোত প্ৰয়োজন হোৱা বস্তু-বাহিনী আৰু দৰ-দামৰ অন্তত ৫ৰ পৰা ১০ হাজাৰ টকা দিয়ে। ‘প্ৰতি দেওবাৰে মই ৰচদ-পাতি কিনিবলৈ যাওঁ, সপ্তাহটোৰ শেষত ৰৈ যোৱাখিনি মোৰ শাহুলৈ পঠিয়াই দিও,’ মায়াই কয়। এই টকাখিনি কাম শেষ হোৱাৰ পিছত পাবলগীয়া টকাৰ পৰা কাটি অৱশিষ্টখিনি আদায় দিয়া হয়।

ঘৰৰ প্ৰতিজনে পুৱা ৭ বজাতে উঠে আৰু সন্ধিয়া ৬.৩০ৰ পৰা ৭.০০ মান বজাত কাম শেষ কৰে। দহজনীয়া গোটটোৰ মায়া আৰু আন দুজনী মহিলাক (মায়াৰ সম্পৰ্কীয় পূজা আৰু লক্ষ্মী) উদ্যানখনত শৌচাগাৰলৈ যাবলৈ দিয়া হয়। অইন ঠাইত মায়াই কোৱা মতে দীঘলীয়া সময়ৰ বাবে শৌচ-পেচাব ধৰি ৰাখিবলগীয়া হয়।

ঠিকাদাৰে দিয়া কাম চাই কামৰ সময় নিৰ্ধাৰিত কৰে। দেওবাৰৰ দিনটো বন্ধ থাকে। এই প্ৰকল্পটোৰ মূল ঠিকাদাৰ তুলসীদাস ভাটিয়াই কয়, ‘প্ৰতিজন শ্ৰমিকে ভাগে ভাগে টকা পায়। কিছুমানে ২০০ টকা পায়, আন কিছুমানে আকৌ দিনে ২০০০ টকা পৰ্যন্ত উপাৰ্জন কৰে।’ ২০০০ টকা কোনে পায় সুধিলে তেওঁ কয় যে ‘কঠোৰ পৰিশ্ৰম’ কৰা সকলে। ভাটিয়াৰ তলত কাম কৰা ঠিকাদাৰে মোহিতেৰ পৰিয়ালটোৰ দৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন নিৰ্মাণ ক্ষেত্ৰলৈ শ্ৰমিক পঠিয়ায়।

PHOTO • Aakanksha

উদ্যানত জীৱন আৰু শ্ৰমঃ পূজা (বাওঁফালে ওপৰত), লক্ষ্মী (সোঁফালে ওপৰত), মুকেশ (বাওঁফালে তলত): মুকেশ, মায়া, পূজা, তাইৰ জীয়ৰী শীতল আৰু মায়াৰ পুত্ৰ অবিনাশ (তলত সোঁফালে)

হাৰপালাত তাইৰ শহুৰৰ বাদে তাইৰ পৰিয়ালৰ কাৰোৱেই বেংকৰ খাতা নাই, মায়াই কয়। খৰছ কৰাৰ পিছত যিখিনি ৰৈ যায়, সেইখিনি শহুৰলৈ পঠিয়াই দিয়ে। ‘আমি বেংকত টকা নাৰাখো, ৰাখিবলৈ টকা থাকিবও লাগিব!’ মুকেশে কয়। তেওঁ ডাঙৰ ভায়েক ৰাজেশৰ পৰা প্ৰয়োজন হ’লে ২০০ মান টকা সপ্তাহত পায়। কিয় লগা হয় বুলি সোধোতে তেওঁ লাজ লাজকৈ ক’লে, ‘কেতিয়াবা চাধাৰ বাবে আৰু ফোনটো ৰিচাৰ্জ কৰিবলৈ।’

কেঁচুৱাটোৱে কান্দিবলৈ ধৰিলে, তাইৰ ভোক লাগিছে। মায়াই তাইক পূজাৰ ওচৰলৈ লৈ গ’ল। পূজাই পাৰ্কিং আস্থানৰ বেৰত চিমেণ্ট লগাই আছে। ‘তাইৰ দেউতাক আৰু পৰিয়ালৰ আনে তাইক দেখাই নাই, সিহঁত কামত ব্যস্ত আছিল। সকলোৱে তাইক চাবলৈ মাতি আছিল। তাইক ইয়ালৈ অনাৰ সময়ত কেঁচুৱাটোৰ বয়স এমাহ হৈছিল,’ পূজাই কয়। তাই ১৬ বছৰ বয়সতে (তাই অনুমান কৰা মতে) ৰাজেশ মোহিতেৰ সৈতে বিয়াত বহিছিল আৰু তেতিয়াৰে পৰা নিৰ্মাণ ক্ষেত্ৰতে কাম কৰি আছে।

সৰু ল’ৰা এটাই ফোন এটা হাতত লৈ তম্বুৰ কাষ চাপিছে। সেয়া মায়াৰ পাঁচ বছৰীয়া ল’ৰা অবিনাশ। তাইৰ দুজনী জীয়ৰীও আছে, পুনম (৯) আৰু বৈশালী (৭)। সিহঁত দুজনী গাঁৱত শহুৰেকহঁতৰ লগত থাকে। মায়াই আৰু সন্তান নিবিচাৰে। ‘অবিনাশৰ জন্মৰ পিছত অস্ত্ৰোপচাৰ কৰালোঁ, সেয়া পাঁচ বছৰ আগৰ কথা।‘ তাইৰ গিৰীয়েক উৰজে তাইক এবছৰ আগতে এৰি গৈছে। আন কোনো মহিলাৰ সৈতে গিৰীয়েক আছে বুলি তাইৰ মনে ধৰে। তাইৰ ছোৱালীজনীক দ্বাদশ শ্ৰেণীলৈকে পঢ়োৱাৰ পিছতহে তাইক বিয়া দিয়াৰ মন। কিন্তু ল’ৰাটোক তাই তাৰ খুড়াকহঁতৰ দৰে কাম কৰাটো নিবিচাৰে, সেয়ে আগলৈকে পঢ়োৱাটো বিচাৰে।

পৰিয়ালটোৰ কাৰণে শাক-পাচলি আদি কিনিবলৈ মায়াই সাধাৰণতে বৰিভালিৰ বজাৰলৈ যায়। পৰিয়ালটোত ডাঙৰ পৰ্ব এটা হ’বলৈ গৈ আছে, সেয়ে বজাৰো বাঢ়িব। দৰাচলতে মুকেশৰ বিয়া আহি আছে। ‘মই ভালে পাইছো,’ মায়াই কয়। ‘এইখিনি সময়তে সকলোৱে হাঁহি-মাতি সময় কটায়।’

Pooja and Maya buying vegetables at the market.
PHOTO • Aakanksha
Pooja buys her daughter Sheetal a new clip to match with her frock form the market
PHOTO • Aakanksha

বাওঁফালেঃ মায়া আৰু পূজাই পৰিয়ালটোৰ সপ্তাহটোৰ ৰেচন-পাতি, শাক-পাচলি আদি বৰিভালিৰ বজাৰৰ পৰা আনে। সোঁফালেঃ পূজাই শীতলৰ ফ্ৰক চোলাটোৰ সৈতে মিলাকৈ এটা নীলা ক্লিপ আনিছে

মুম্বাইত তিনি মাহৰ কাম শেষ হোৱাত মায়া আৰু তাইৰ পৰিয়ালটোৱে কাটি-কুটি ৪০ হাজাৰ টকা পালে। আগধন আৰু সাপ্তাহিক বজাৰৰ টকাখিনি ধৰি ৯০ দিনৰ কামৰ বাবদ আঠজন শ্ৰমিকৰ হাতলৈ আহিল ১৬০,০০০ টকা, মানে গাইপতি দিনে ২২৫ টকাকৈ।

মাৰ্চ মাহৰ শেষৰ ফালে ৰাষ্ট্ৰীয় উদ্যানৰ কাম শেষ কৰি মোহিতেৰ পৰিয়ালৰ কিছু লোক গাঁৱলৈ ঘুৰি গ’ল, কেইজনমানে বিয়াৰ আগেয়ে আৰু অলপ টকা ঘটিবলৈ খপলিলৈ গ’ল।

বিয়াৰ পিছতে গোটেই পৰিয়ালটোৱে নতুন সদস্য মুকেশৰ পত্নি ৰুপালীৰ সৈতে কামলৈ ওলাব। তাই যদি মুকেশৰ সৈতে কাম নকৰে, তেন্তে তাই খাব কি? মুকেশে প্ৰশ্ন কৰে। এতিয়া বাৰিষা পৰাৰ লগে লগে সিহঁতে হাৰপালাৰ সৈতে পথাৰত নামিব।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Aakanksha

Aakanksha (she prefers to use only her first name) is an assistant content coordinator at PARI.

Other stories by Aakanksha