html ক’ভিড-১৯, কৰ্কটৰোগত আক্ৰান্ত, তাতে আকৌ আশ্ৰয়হীন

“গীতাই বিষত কেঁকাইছে, জ্বৰ উঠিছে আৰু মূৰ্চ্ছা গৈছে। পিছদিনা তেওঁ খুব বেছি বমি কৰিবলৈ ধৰে। মই শংকিত হৈ পৰিছিলো,” সতেন্দৰে কয়।

পিছদিনা ১৭ মে’, দেওবাৰ। কি কৰিব, সতেন্দৰে উৱাদিহ পোৱা নাই। দাতব্য ন্যাসৰ এম্বুলেন্স চলোৱা এজন চালকলৈ তেওঁ ফোন কৰে আৰু টাটা মেম’ৰিয়েললৈ লৈ যাবলৈ অনুৰোধ জনায়। তেওঁলোক হাস্পতাল গৈ পোৱাৰ লগে লগে তেওঁলোকক বৰ্হিবিভাগলৈ লৈ গৈ তাত থকা চিকিৎসকে ক’ভিড-১৯ৰ পৰীক্ষা কৰে। পৰীক্ষাৰ ফল পজিটিভ বুলি সোমবাৰে চিকিৎসকে জনালে।

গীতাৰ পেটৰ কৰ্কটৰোগ আছে। দুসপ্তাহৰ আগতে তেওঁ আৰু সতেন্দৰ মধ্য-মুম্বাইৰ পাৰেল এলেকাত থকা আৰ্তজনৰ সেৱাত উৎসৰ্গিত টাটা হাস্পতালৰ ওচৰৰ পদপথলৈ পুনৰ ঘূৰি আহিছে। কেইসপ্তাহমানৰ কাৰণে তেওঁলোক হাস্পতালৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ ডম্বিৱালিত এজন আত্মীয়ৰ ঘৰত আছিল। বহুতো অনুনয়-বিনয় কৰা আৰু খোৱা-থকাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তাত থাকিবপৰা গৈছিল।

যোৱা নৱেম্বৰতে মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাৰ ইচালকাৰানজী নগৰৰ পৰা ৪০ বছৰীয়া গীতা আৰু ৪২ বছৰীয়া সতেন্দৰ মুম্বাইলৈ আহিছিল। তেওঁলোকৰ ১৬ বছৰীয়া পুত্ৰ বাদল আৰু ১২ বছৰীয়া জীয়ৰী খুশীক ইচালকাৰানজীত থকা সতেন্দৰৰ জ্যেষ্ঠ ভাতৃ সুৰুন্দ্ৰৰ ঘৰত থৈ আহিছিল। প্ৰায় এক দশকৰ পূৰ্বে বিহাৰৰ ৰোহতাছ জিলাৰ দিনাৰা ব্লকৰ কানিয়াৰি গাঁৱৰ পৰা পৰিয়ালটোৱে প্ৰব্ৰজন কৰিছিল। গীতাৰ সৈতে মুম্বাইলৈ অহাৰ আগলৈকে সতেন্দৰে মাহে ৭০০০ টকা বেতনত ইচালকাৰানজীৰ বিদ্যুৎচালিত তাঁতশালত কাম কৰিছিল।
সোনকালে উভতি আহিম বুলি ল’ৰা-ছোৱালীদুটাক কৈ আহিছিলো। কিন্তু এতিয়া সিহঁতৰ মুখ কেতিয়া দেখা পাও, নাজানো,” মাৰ্চলৈ গীতাই মোক এইদৰে কৈছিল।

নৱেম্বৰত তেওঁলোক যেতিয়া মুম্বাইলৈ আহিছিল, তেতিয়া গোৰেগাঁৱৰ উত্তৰ উপকণ্ঠ অঞ্চলত সতেন্দৰৰ এক ভতিজাৰ ঘৰত তেওঁলোক আছিল। ক’ভিড-১৯ৰ শংকাৰ বাবে ভতিজাজনে তেওঁলোকক ঘৰ এৰিবলৈ অনুৰোধ কৰে। “আমি ষ্টেছনত আছিলো, তাৰ পিছত এই পদপথলৈ আহিলো,” ২০ মাৰ্চত লগ পাওতে গীতাই কয়। তাৰ পিছত তেওঁলোক ডম্বিৱালিলৈ যায়। (তলাবন্ধৰ ফলত মুম্বাইৰ পদপথত আবদ্ধ কৰ্কট ৰোগী- দ্ৰষ্টব্য)।

Satender and Geeta Singh lived on the footpath for two days, where rats scurry around, before shifting to their relative's place in Dombivali (left). They had moved back to the footpath outside Mumbai's Tata Memorial Hospital two weeks ago (right)
PHOTO • Aakanksha
Satender and Geeta Singh lived on the footpath for two days, where rats scurry around, before shifting to their relative's place in Dombivali (left). They had moved back to the footpath outside Mumbai's Tata Memorial Hospital two weeks ago (right)
PHOTO • Abhinay Lad

ডম্বিৱালিত (বাওঁফালে) থকা তেওঁলোকৰ আত্মীয়ৰ ঘৰলৈ যোৱাৰ আগতে এন্দুৰ-নিগনিৰে ভৰ্তি পদপথত সতেন্দৰ আৰু গীতা দুদিন আছিল। মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালৰ বাহিৰৰ পদপথলৈ দুসপ্তাহৰ পূৰ্বে তেওঁলোক পুনৰ আহিবলগীয়া হ’ল (সোঁফালে)।

মাৰ্চৰ শেষৰফালে যেতিয়া তলাবন্ধ ঘোষণা কৰা হ’ল, তেতিয়াও হাস্পতালৰ বাহিৰৰ পদপথত থকা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বিষয়ে পাৰিয়ে বাতৰি পৰিবেশন কৰাৰ পিছত তেওঁলোকে ব্যক্তিগত দাতাৰ পৰা অলপ নগদ ধন লাভ কৰিলে। গীতা আৰু সতেন্দৰৰ বাবে দাতব্য ন্যাস এটাই এম্বুলেঞ্চ সেৱা আগবঢ়ালে, গীতাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে যথেষ্ট দূৰত থকা ডুম্বিৱালিৰ পৰা হাস্পতাললৈ অহাত সুবিধা হয়।  

কিন্তু চহৰত ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছ হেতুকে এম্বুলেঞ্চ আন কামৰ বাবে মাতি পঠিওৱা হয়। সতেন্দৰ আৰু গীতাই বাছেৰে আহিবলৈ ধৰিলে। যোৱা দুমাহত তেওঁলোকে পাৰেললৈ ৭-৮ বাৰ গীতাৰ কেম’থেৰাপিৰ বাবে আহিছিল। স্বাস্থ্যপৰীক্ষা, চিটিস্কেন আৰু আন পৰীক্ষাৰ বাবে তেওঁলোক বহুবাৰ আহিবলগীয়া হৈছিল। 

এই যাত্ৰা অতি কষ্টদায়ক আছিল। তেওঁলোকে পূৱা ৬-৩০ বজাত যাত্ৰা আৰম্ভ কৰে, পাৰেললৈ চৰকাৰী পৰিবহনৰ বাছেৰে যাত্ৰা কৰি, তাৰপিছত বিইএছটি বাছেৰে আহি ৯-৩০ মান বজাৰত চিকিৎসালয়ত উপস্থিত হয়। কিন্তু স্থানীয় আৰক্ষী চকীয়ে দিয়া বাধ্যতামূলক ভ্ৰমণৰ অনুমতি অবিহনে তেওঁলোকক কেবাবাৰো বাছৰ পৰা নমাই দিয়া হৈছিল, তাৰ পিছত পৰৱৰ্তী বাছখনৰ বাবে ৰওঁতে তেওঁলোকৰ যাত্ৰা আৰু এঘণ্টা দীঘলীয়া হৈ পৰিছিল। “আহি থাকোতে পথৰ মাজতে আমাক বাছৰ পৰা নমাই দিয়া হৈছিল, মই হাস্পতালৰ পৰা পোৱা পত্ৰ দেখুৱালো যদিও বাছৰ পৰিচালকে চৰকাৰী বিষয়াই দিয়া অনুমতি পত্ৰ বিচাৰে। বাছত ৰোগী উঠাটো কোনোৱে নিবিচাৰে,” সতেন্দৰে কয়। 

আকৌ উভতি যাবৰ সময়ত সন্ধিয়া একে যাত্ৰাৰ পুনৰাবৃত্তি হয়। সন্ধিয়া পাঁচ বজাত তেওঁলোক উভতি যাবলৈ ওলায় আৰু নিশা প্ৰায় ৯ বজাত ডম্বিৱালি গৈ পায়। কেতিয়াবা অলপ দূৰৰ বাবে- পাৰেল বাছৰ আস্থানৰ পৰা হাস্পতাললৈ যাবলৈ টেক্সি ল’বলগা হয়। অহা-যোৱাত দৈনিক ৫০০ টকা পৰ্যন্ত সতেন্দৰে খৰছ কৰিবলগীয়া হৈছিল। 

গীতাৰ চিকিৎসা ব্যয়ৰ এটা অংশ হাস্পতালে ব্যয় কৰে, বাকী থকা খৰছ সতেন্দৰে নিজৰ ধনেৰে কৰিবলগা হৈছিল। সতেন্দৰে কয়। তেওঁ এতিয়ালৈকে চিকিৎসা ব্যয়ৰ বাবে ২০,০০০ টকা খৰছ কৰিছে। 

এপ্ৰিলৰ শেষত এটা ঔষধৰ বেয়াকৈ প্ৰতিক্ৰিয়া হৈছিল, সতেন্দৰে কয়। গীতাৰ অৱস্থা খুব বেয়া হৈ পৰিছিল। একো খাব নোৱাৰা হ’ল। চিকিৎসকে নাকেৰে পাইপ সুমুৱাই খাদ্য খুৱাবলগা হৈছিল। কিন্তু গীতাৰ বিশেষ লাভ নহ’ল, এতিয়াও গীতাৰ হজমশক্তি ভাল হোৱা নাই। অহা-যোৱাৰ ক্ষেত্ৰতো গীতাৰ অসুবিধা হয়, সতেন্দৰে চিকিৎসালয়ৰ ওচৰৰ আশ্ৰয়গৃহত এটুকুৰা ঠাই বিচাৰি দিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক অনুৰোধ কৰে। “এটাও কোঠা নাই বুলি মোক জনালে,” তেওঁ কয়। 

ইচালকাৰানজিত থকা তেওঁৰ জ্যেষ্ঠ ভাতৃৰ সহায়ত ৫ মে’ত আশ্ৰয়গৃহ পোৱাৰ বাবে চৰকাৰী বিষয়াৰ এখন পত্ৰ লাভ কৰিলে। “মই ভাবিলো এতিয়া অন্ততঃ কোনোবাই শুনিব আৰু মোক সহায় কৰিব, কি কৰিব লাগে মই নাজানো...” সতেন্দৰে কয়। 

For a while, a charitable trust offered ambulance assistance to Geeta and Satendar to reach the hospital from faraway Dombivali

অলপ সময়ৰ বাবে দূৰণিৰ ডম্বিৱালিৰ পৰা হাস্পতাললৈ গীতা-সতেন্দৰ অহা-যোৱাৰ বাবে এটা দাতব্য প্ৰতিষ্ঠানে এম্বুলেন্স সেৱা আগবঢ়াইছিল

“চিঠি হাতত লৈ কেইবাটাও আশ্ৰয়গৃহলৈ আমি গৈছিলো, কিন্তু আমাক ঘূৰাই পঠালে। ক’লে যে বিএমচি আৰু আৰক্ষীয়ে তেওঁলোকক নতুন ৰোগী নাৰাখিবলৈ কঠোৰ সকিয়নি দিছে।” এই দম্পত্তিক সহায় কৰি অহা এম্বুলেন্স চালক অভিনয় লাডে কয়, “আমি তেওঁলোকৰ বাধ্যবাধকতাৰ বিষয়েও জানো।”

প্ৰায় ১০ দিনৰ আগতে মোৰ ওচৰত কোনো বিকল্প সুবিধা নোহোৱা হ’ল, সতেন্দৰ আৰু গীতাই টাটা মেম’ৰিয়েল হাস্পতালৰ বাহিৰৰ পদপথলৈ ঘূৰি আহিল। তেওঁলোকৰ বাবে এম্বুলেন্স ব্যৱস্থা কৰি দিয়া দাতব্য ন্যাসে (জীৱন জ্যোতি কৰ্কট সাহায্য আৰু সেৱা ন্যাসে) তেওঁলোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰি দিলে।

গীতাৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ বুলি যেতিয়া আহিল, তেতিয়া গীতাক হাস্পতালৰ কোৱাৰেণ্টাইন কোঠালৈ লৈ যোৱা হ’ল। “তেওঁ খোজো কাঢ়িব নোৱাৰে। গীতাক মই এৰিব নোৱাৰো। ইফালে গীতাৰ শৰীৰত পাইপ লগোৱা আছে,” সতেন্দৰে ক’লে।

টাটা মেম’ৰিয়েলৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত থকা কস্তুৰবা হাস্পতালৰ সতেন্দৰকো ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ কোৱা হ’ল। কিন্তু তেওঁৰ পত্নীৰ কাষত থাকিবলৈ নাচোৰবান্দা হৈ পৰিল। ২১ মে’ত টাটা হাস্পতালতে তেওঁৰ পৰীক্ষা কৰা হ’ল, ২৩ মে’ শনিবাৰে সন্ধিয়া পৰীক্ষাৰ ফলাফল আহিল। তেৱো ক’ভিড-১৯ পজিটিভ, সতেন্দৰো গীতাৰ কাষতে কোৱাৰেণ্টাইনত থাকিবলৈ ধৰিলে। 

তেওঁ দুৰ্বল অনুভৱ কৰিবলৈ ধৰিলে। ইফালে দৌৰা-দৌৰি কৰাৰ ফলত শৰীৰৰ দুৰ্বলতাও বাঢ়িল। তাৰোপৰি টোপনি ক্ষতি। “মোৰ গা ভাললৈ আহিব,” তেওঁ কয়। গীতা নিগেটিভ নোহোৱালৈকে তেওঁৰ অস্ত্ৰোপচাৰ কৰিবপৰা নহ’ব বুলি সতেন্দৰক কোৱা হ’ল। 

চিকিৎসালয়ৰ ‘চাৰ্জিকেল অনকলজি’ বিভাগৰ জ্যেষ্ঠ আবাসীক চিকিৎসক ডা. যোগেশ বানসোৰে গীতাৰ চিকিৎসাৰ দায়িত্বত আছিল, তেওঁ কয় যে গীতাক সম্পূৰ্ণ গেষ্ট্ৰেক্ট’মীৰ অস্ত্ৰোপচাৰ অৰ্থাৎ পাকস্থলী অপসাৰণ কৰিব লাগিব। ফোনত কথা পাতোতে তেওঁ কয়, “গীতাৰ হিম’গ্লবিন আনকি যিখিনি স্বাভাৱিক অৱস্থাত থাকিব লাগে, তাৰ আধাও নাই। এনে অৱস্থাত অস্ত্ৰোপচাৰ কৰা অতি বিপজ্জনক হ’ব। আৰু তেওঁ শ্বাস-প্ৰশ্বাস নলীত হোৱা সংক্ৰমণৰ মাত্ৰাও হ্ৰাস পাব লাগিব। আমি মাত্ৰ আশা কৰো ক’ভিড-১৯য়ে যাতে তেওঁৰ বেছি ক্ষতি নকৰে।”

সতেন্দৰে ১৬ বছৰীয়া পুত্ৰ বাদলক ক’ভিড-১৯ পৰীক্ষাৰ কথা ক’লে। “মই যদি মোৰ ছোৱালীক কও তাই বুজি নাপাব আৰু কান্দিব। তাই সৰু, সিহঁতে আমাক নেদেখা কেইবামাহো হ’ল। মই ক’লো যে সোনকালে ঘৰলৈ ঘূৰি আহিম। মই নাজানো যে মিছা কৈছো নে কি সঁচাকৈয়ে...”

বাদলে কৈছে পিতৃ-মাতৃ ঘূৰি নহালৈকে ঘৰৰ সকলো চোৱা-চিতা কৰিব। 

অনুবাদঃ পংকজ দাস

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Aakanksha
aakanksha@ruralindiaonline.org

Aakanksha (she uses only her first name) is a Reporter and Content Editor at PARI.

Other stories by Aakanksha