সুনীল গুপ্তাই ঘৰৰ পৰা কাম কৰিব নোৱাৰে। তেওঁৰ অফিছটোৱে হৈছে গেটৱে অৱ ইণ্ডিয়া। যিটো অফিছ যোৱা ১৫ টা মাহৰ ভালেকেইটা দীঘলীয়া লকডাউনৰ বাবে বন্ধ হৈ আছে।

“এয়াই আমাৰ দপ্তৰ। এতিয়া আমি ক’লৈ যাওঁ?” দক্ষিণ মুম্বাইৰ স্মৃতিচিহ্নৰ চৌহদটোলৈ আঙুলিয়াই তেওঁ প্ৰশ্ন কৰে।

লকডাউন আৰম্ভ হোৱাৰ আগলৈকে সুনীলে পুৱা ৯ বজাৰ পৰা ৰাতি ৯ বজালৈ এই জনপ্ৰিয় পৰ্যটনস্থলীত কেমেৰা লৈ ৰৈ থাকে। মানুহে চেকপইণ্টকেইটা পাৰ হৈ গেটৱেলৈ আগবাঢ়িলেই তেওঁৰ লগতে আন ফটোগ্ৰাফাৰসকলে তেওঁলোকক ক্লিক্-এণ্ড-প্ৰিণ্ট ইনষ্টেণ্ট ফটোৰ এলবাম দেখুৱাই সম্ভাষণ জনায় আৰু ‘এক মিনিটত ফুল ফেমিলি ফটো’ বা ‘প্লিজ এখন ফটো উঠক। ৩০ টকা মাত্ৰ’ বুলি অনুৰোধ জনায়।

ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰাত এই বছৰ এপ্ৰিলৰ মাজভাগৰ পৰা মুম্বাইত কেতবোৰ নিষেধাজ্ঞা নতুনকৈ জাৰী কৰা হ’ল। ফলত তেওঁলোকৰ হাতত কাম একেবাৰে নাইকিয়া হৈ পৰিল। “মই পুৱা ইফালৰ পৰা সিফাললৈ ‘ন’ এন্ট্ৰি’ৰ ষ্টেম্প মুখত লৈ ঘুৰি ফুৰো,” এপ্ৰিলত সুনীলে (৩৯) মোক এইখিনি কথা কয়। “কষ্টত চলি আছো, তাতে আকৌ এতিয়া আয় চাৰি ধাৰহে লাগিছে। ইয়াতকৈ বেছি লোকচানৰ বোজা ব’ব নোৱাৰি।”

Sunil Gupta: 'We were already struggling and now we are going into negative [income]. I don’t have the capacity to bear any further losses'
PHOTO • Aakanksha
Sunil Gupta: 'We were already struggling and now we are going into negative [income]. I don’t have the capacity to bear any further losses'
PHOTO • Aakanksha

সুনীল গুপ্তাই কয় , ‘ কষ্টত চলি আছো , তাতে আকৌ এতিয়া আয় চাৰি ধাৰহে লাগিছে ইয়াতকৈ বেছি লোকচানৰ বোজা ব নোৱাৰি

অফিছ, মানে গেটৱে অৱ ইণ্ডিয়াত কাম থকা দিনবোৰত সুনীল আৰু আন ফটোগ্ৰাফাৰসকলে (আটাইবোৰ পুৰুষ) সাধাৰণতে ইস্ত্ৰি কৰা বগা চোলা, ক’লা পেণ্ট, ক’লা জোতা পিন্ধে। প্ৰত্যেকৰে ডিঙিত এটা কেমেৰা ওলমি থাকে আৰু কান্ধত এটা বেগ। কিছুমানে আকৌ চোলাৰ জেপত ৰং-বিৰঙী চানগ্লাচ ওলমাই ৰাখে, কোনোবা পৰ্যটকে যাতে সেই ষ্টাইলিছ শ্বেডচ্ পিন্ধি ফটো উঠিব পাৰে। তেওঁলোকৰ হাতত থাকে সেই পৰ্যটনস্থলী সাক্ষাৎ কৰা লোকৰ হাঁহিমুখীয়া ফটোবোৰ।

“এতিয়া পৰ্যটক কম, আমাকহে (ফটোগ্ৰাফাৰ) বেছি দেখিব,” সুনীলে কয়। তেওঁৰ লগতে আন ফটোগ্ৰাফাৰসকলে অনুমান কৰা মতে ২০২০ৰ মাৰ্চৰ প্ৰথমটো লকডাউনৰ আগতে গেটৱেত কাম কৰা ফটোগ্ৰাফাৰৰ সংখ্যা প্ৰায় ৩০০ আছিল। বহুতেই আন কাম বিচাৰি গৃহচহৰ বা নিজ গাঁৱলৈ ঘূৰি যাবলৈ ধৰাত ফটোগ্ৰাফাৰৰ সংখ্যা কমি আহি ১০০ মান হৈছে।

যোৱাবছৰ সুনীলে আগস্ত মাহত আকৌ কাম আৰম্ভ কৰিছিল। “আমি দিনে-ৰাতিয়ে বৰষুণতো ৰৈ থাকিছিলো, এজন হ’লেও গ্ৰাহক পাওঁ বুলি। দেৱালীৰ সময়ত মিঠাইৰ টোপোলা এটা কিনিবলৈকো মোৰ হাতত টকা নাছিল,” তেওঁ কয়। উৎসৱৰ সেই দিনটো ভাল আছিল কিজানি, তেওঁ ১৩০ টকা উপাৰ্জন কৰিব পাৰিলে। সেই সময়খিনিত, সাময়িক আৰ্থিক সাহায্যও ব্যক্তি আৰু সংস্থাৰ ফালৰ পৰা ফটোগ্ৰাফাৰসকলক দিয়া হৈছিল।

২০০৮ত কামত ধৰাৰ পিছৰে পৰা সুনীলৰ আয়ৰ গ্ৰাফডাল তললৈহে নামি আহি আছিল। আগতে আয় দিনে ৪০০ ৰপৰা ১০০০ পৰ্য্যন্ত আছিল (উৎসৱৰ সময়ত ১০ জন মানৰ ফটো তুলি ১৫০০ পৰ্যন্ত পাইছিল), ইনবিল্ট কেমেৰা থকা ফোনবোৰ অহাৰ পৰা তেওঁলোকৰ আয় টুটি আহি ২০০ কি ৬০০ হৈ পৰিল।

যোৱা বছৰৰ লকডাউনৰ পৰা আয় একেবাৰে নাই বুলিবই পাৰি, দিনে কোনোমতে ৬০ৰ পৰা ১০০ টকা হয়।

It's become harder and harder to convince potential customers, though some agree to be clicked and want to pose – and the photographer earns Rs. 30 per print
PHOTO • Aakanksha
It's become harder and harder to convince potential customers, though some agree to be clicked and want to pose – and the photographer earns Rs. 30 per print
PHOTO • Aakanksha

সাম্ভাব্য গ্ৰাহক এজনক ফটো তোলাৰ বাবে পতিয়ন নিওৱা কামটো কঠিন হৈ আহিবলৈ ধৰিছে , তথাপি কিছুমানে মান্তি হৈ প দিয়ে আৰু ফটোগ্ৰাফাৰজনে এটা প্ৰইণ্টৰ বাবদ ৩০ টকা পায়

“বহনি নোহোৱাকৈয়ে দিনটো পাৰ হৈ যোৱাটো এতিয়া তেনেই সাধাৰণ কথা হৈ পৰিছে। কেইবছৰমান ধৰি আমাৰ ব্যৱসায় এনেও মন্দা আছিল। কিন্তু এনেকুৱা দিন দেখা নাছিলো,” দক্ষিণ মুম্বাইৰ কাফে পাৰাদে অঞ্চলত গৃহিণী আৰু মাজে মাজে চিলাই-কটাইৰ কাম কৰা পত্নী সিন্ধু আৰু তিনি সন্তানৰ সৈতে বাস কৰা সুনীলে কয়।

সুনীলে তেওঁৰ মামাকৰ লগত উত্তৰ প্ৰদেশৰ পৰা এইখন নগৰলৈ আহিছিল। তেওঁৰ পৰিয়ালটো কান্দু সম্প্ৰদায়ৰ (ও.বি.চি. হিচাপে সূচীভুক্ত)। তেওঁৰ দেউতাকে মাউ জিলাৰ নিজ গাঁৱত হালধি, গৰম মচলা আদি বিক্ৰী কৰিছিল। “মামা আৰু মই মিলি গেটৱেত ভেলপুৰিৰ ঠেলা এখন লগাইছিলো। তাত পপকৰ্ণ, আইচক্ৰীম, নেমুপানী আদিও বিক্ৰী কৰিছিলো। তাতে কেইজনমান ফটোগ্ৰাফাৰক দেখি দেখি ময়ো সেই পেছাৰ প্ৰতি আকৰ্ষিত হৈ পৰিলো,” সুনীলে কয়।

সময় বাগৰিল, তেওঁ বন্ধু-বান্ধৱ, আত্মীয়ৰ পৰা টকা ধাৰে লৈ ২০০৮ত বৰা বাজাৰৰ পৰা এটা বেচিক ছেকেণ্ড হেণ্ড এছএলআৰ কেমেৰা আৰু প্ৰিণ্টাৰ কিনিলে। (২০১৯ৰ শেষৰফালে ঋণ লৈ তেওঁ আন এটা দামী কেমেৰা নিকন D7200 কিনে, তাৰ ঋণ এতিয়াও তেওঁ পৰিশোধ কৰি আছে)।

তেওঁ প্ৰথম কেমেৰা কিনাৰ সময়ত ব্যৱসায় তুংগত উঠিছিল। প’ৰ্টেবল প্ৰিণ্টাৰ থকা কাৰণে গ্ৰাহকক থিতাতে ফটো প্ৰিণ্ট কৰি দিব পৰা গৈছিল। কিন্তু স্মাৰ্টফোন সুলভ হৈ পৰাৰ পিছত তেওঁৰ ফটোৰ চাহিদা কমি আহিল। যোৱাটো দশকত কোনোৱে নতুনকৈ এই পেছা আদৰি লোৱা নাই। তেৱেঁই শেষৰটো চামৰ ফটোগ্ৰাফাৰ।

'Now no one looks at us, it’s as if we don’t exist', says Gangaram Choudhary. Left: Sheltering from the harsh sun, along with a fellow photographer, under a monument plaque during a long work day some months ago – while visitors at the Gateway click photos on their smartphones
PHOTO • Aakanksha
'Now no one looks at us, it’s as if we don’t exist', says Gangaram Choudhary. Left: Sheltering from the harsh sun, along with a fellow photographer, under a monument plaque during a long work day some months ago – while visitors at the Gateway click photos on their smartphones
PHOTO • Aakanksha

এতিয়া কোনেও আমালৈ ঘুৰি নাচায় , এনে লাগে যেন আমি নায়েই ,’ গংগাৰাম চৌধুৰীয়ে কয় বাওঁফালেঃ কেইমাহমানৰ আগতে দীঘলীয়া কৰ্মদিন এটাত প্ৰখৰ ৰ দৰ পৰা হাত সাৰিবলৈ সহকৰ্মীৰ সৈতে কীৰ্তিচিহ্নৰ স্মাৰক এখনৰ তলত জিৰণি লোৱা অৱস্থাত , ইফালে গেটৱে চাবলৈ অহা পৰ্যটকে নিজৰ স্মাৰ্টফোনত ফটো উঠিছে

স্মাৰ্টফোনৰ সৈতে ফেৰ মাৰিবলৈ এতিয়া কিছুমান ফটোগ্ৰাফাৰে প’ৰ্টেবল প্ৰিণ্টাৰৰ উপৰিও লগত ইউএছবি ডিভাইচ ৰাখে যাতে কেমেৰাৰ ফটোবোৰ ততালিকে গ্ৰাহকৰ ফোনত স্থানান্তৰ কৰিব পাৰি। তাৰ বাবে তেওঁলোকে ১৫ টকা লয়। একেবাৰে কম সংখ্যক গ্ৰাহকে চফট্ কপিৰ লগত ইনষ্টেণ্ট হাৰ্ডকপিও (প্ৰতিটো প্ৰিণ্টত ৩০ টকা) বিচাৰে।

সুনীলে ফটোগ্ৰাফী আৰম্ভ কৰাৰ আগতে গেটৱেৰ ফটোগ্ৰাফাৰসকলে পলাৰইডচ্ ব্যৱহাৰ কৰিছিল, কিন্তু সেয়া প্ৰিণ্ট কৰা আৰু চোৱাচিতা কৰাটো মহঙা। সেয়ে তেওঁলোকে পইণ্ট-এণ্ড-শ্বুট কেমেৰা ব্যৱহাৰ কৰাত লাগিল আৰু ফটোবোৰ প্ৰিণ্ট কৰি ডাকযোগে পঠিয়াব লয়।

এটা দশক আগতে পলাৰইড ব্যৱহাৰ কৰা গেটৱে ফটোগ্ৰাফাৰসকলৰ মাজৰে এজন হৈছে গংগাৰাম চৌধুৰী। “এটা সময় আছিল যেতিয়া মানুহে আমাৰ ওচৰলৈ আহি ফটো তুলিবলৈ অনুৰোধ জনাইছিল,” তেওঁ মনত পেলালে। “এতিয়া কাৰোৱে চকুত নপৰা হ’লো, যেন আমি নায়েই।”

বিহাৰৰ মধুবনী জিলাৰ ডুমৰি গাঁৱৰ পৰা মুম্বাইলৈ আহি গেটৱেত কাম কৰিবলৈ লোৱাৰ সময়ত গংগাৰাম তেনেই চেঙেলীয়া বয়সৰ আছিল। তেওঁ কেওঁট সম্প্ৰদায়ৰ (ও.বি.চি. হিচাপে সূচীভুক্ত)। ৰিক্সা চলোৱা তেওঁৰ দেউতাকে ৰান্ধনীৰ সহায়ক হিচাপে কাম পোৱাত তেওঁলোক কলকাতালৈ আহে। তালৈ অহাৰ এবছৰমানৰ ভিতৰতে সম্পৰ্কীয় এঘৰত কাম কৰিবলৈ তেওঁক ৰান্ধনীয়ে মুম্বাইলৈ পঠিয়ায়।

Tools of the trade: The photographers lug around 6-7 kilos – camera, printer, albums, packets of paper; some hang colourful sunglasses on their shirts to attract tourists who like to get their photos clicked wearing stylish shades
PHOTO • Aakanksha
Tools of the trade: The photographers lug around 6-7 kilos – camera, printer, albums, packets of paper; some hang colourful sunglasses on their shirts to attract tourists who like to get their photos clicked wearing stylish shades
PHOTO • Aakanksha

ব্যৱসায়ৰ আহিলা - পাতিঃ ফটোগ্ৰাফাৰ এজনে কেমেৰা , প্ৰিণ্টাৰ , এলবাম , কাগজৰ পেকেটকে ধৰি প্ৰায় ৬ - কিলো ওজন কঢ়িয়ায় ; কিছুমানে আকৌ চোলাৰ জেপত ৰং - বিৰঙী চানগ্লাচ ওলমাই ৰাখে , যাতে কোনো পৰ্যটকে সেই ষ্টাইলিছ শ্বেডচ্ পিন্ধি ফটো উঠিব পাৰে

তাতে কিছুদিন কটোৱাৰ পিছত এতিয়া ৫০ৰ দশক গৰকা গংগাৰামে দূৰ সম্পৰ্কীয় এজন গেটৱে ফটোগ্ৰাফাৰ লগ পালে। “মই ভাবিলো চেষ্টা এটাকে কৰি নাচাওনো কিয়?” তেওঁ কয়। সেই সময়ত (১৯৮০ৰ দশকত) স্মৃতিচিহ্নত ফটোগ্ৰাফাৰৰ কাম কৰা কেৱল ১০-১৫ জনমান মানুহ আছিল। কেইজনমান জ্যেষ্ঠ ফটোগ্ৰাফাৰে তেওঁলোকৰ উপৰিঞ্চি পলাৰইড বা পইণ্ট এণ্ড শ্বুট কেমেৰা নৱাগতজনক কমিচনৰ ভিত্তিত দিয়ে। গংগাৰামে হাতত ফটো এলবাম লৈ গ্ৰাহকক সম্ভাষণ জনোৱা কামত লাগিল। গ্ৰাহকৰ পৰা লোৱা ২০ টকাৰ পৰা তেওঁ তেতিয়া ২ বা ৩ টকা পায়। তেওঁ আৰু আন কেইজনমানে কলাবাৰ পদপথতে ৰাতি কটাইছিল আৰু দিনত গ্ৰাহক বিচাৰিছিল।

“সেই সময়ত টকা পাবলৈ ইফালৰ পৰা সিফাললৈ ঢপলিয়াই ফুৰি ভাল লাগিছিল,” গংগাৰামে মিচিকিয়াই হাঁহি মাৰি কয়। “আৰম্ভণিতে মই তোলা ফটোবোৰ ইমান ভাল নাছিল, কিন্তু সময়ৰ লগে লগে কাম শিকিব পাৰিলো।”

প্ৰতিটো ৰীলেই মূল্যৱান আছিল, ৩৬খন ফটো উঠিব পৰা ৰীলত ৩৫-৪০ টকা লাগিছিল। “আমি ইটোৰ পিছত সিটো ক্লিক্ কৰি যাব পৰা নাছিলো। প্ৰতিখন ফটোৱেই সাৱধানে চিন্তা কৰি তুলিবলগীয়া হৈছিল, আজিৰ দৰে (ডিজিটেল) মনৰ খুচিমতে তুলিব পৰা নাছিলো,” গংগাৰামে কয়। কেমেৰাত ফ্লেশ্বলাইট নোহোৱা কাৰণে তেওঁলোকে সাঁজ লগাৰ পিছত ফটো তুলিব নোৱাৰিছিল।

১৯৮০ৰ দশকত দোকানত এখন ফটো প্ৰিণ্ট কৰিবলৈ দিনটো লাগিছিল আৰু ফ’ৰ্ট এলেকাৰ ওচৰৰ ষ্টুডিঅ’বোৰত প্ৰতিটো ৰীলৰ বাবদ ১৫ টকা, ৪x৫ ইঞ্চিৰ ৰঙীন ফটো প্ৰিণ্ট কৰিবলৈ ১.৫০ টকা লাগিছিল।

To try and compete with smartphones, some photographers carry a USB devise to transfer the photos from their camera to the customer’s phone
PHOTO • Aakanksha
To try and compete with smartphones, some photographers carry a USB devise to transfer the photos from their camera to the customer’s phone
PHOTO • Aakanksha

স্মাৰ্টফোনৰ লগত ফেৰ মাৰিবলৈ কিছুমান ফটোগ্ৰাফাৰে লগত ইউএছবি ডিভাইচ ৰখা কৰিছে যাতে নিজৰ কেমেৰাৰ পৰা গ্ৰাহকৰ ফোনলৈ ফটোবোৰ ট্ৰান্সফাৰ কৰি দিব পাৰে

“এতিয়া আমি বাচি থাকিবলৈ এইবোৰ কঢ়িয়াই লৈ ফুৰিবলগীয়া হয়,” গংগাৰামে কয়। কেমেৰা, প্ৰিণ্টাৰ, এলবাম, কাগজ (৫০ খনৰ এটা পেকেটত ১১০ টকা দাম, তাতে আকৌ কাৰ্ট্ৰিজৰ দাম আছেই) আদিকে ধৰি ফটোগ্ৰাফাৰসকলে প্ৰায় ৬-৭ কিলো ওজন কঢ়িয়াব লাগে। “আমি ইয়াত গোটেই দিনটো ৰৈ থাকো, গ্ৰাহকক এখন ফটোৰ বাবে পতিয়ন নিয়াব চাওঁ। মোৰ পিঠিখন শিলা মাৰি ধৰে,” নাৰিমন পইণ্ট বস্তি এলেকাৰ কলনি এটাত গৃহিণী পত্নী কুসুম আৰু তিনি সন্তানৰ সৈতে বাস কৰা গংগাৰামে কয়।

আগতে গেটৱেত কাম কৰি থাকোতে কেতিয়াবা পৰিয়ালবোৰে মুম্বাই দৰ্শনকালত ফটোগ্ৰাফাৰক আন আন ঠাইতো ফটো তুলিবলৈ লৈ গৈছিল। তাৰপিছত ফটোবোৰ ডাকযোগে গ্ৰাহকলৈ পঠিয়াই দিয়া হৈছিল। ফটোবোৰ অস্পষ্ট হ’লে চিঠিত ক্ষমাপ্ৰাৰ্থনা কৰি টকা ঘূৰাই দিয়া হৈছিল।

“সকলো বিশ্বাসৰ ওপৰতে চলিছিল, সেয়া সঁচাকৈয়ে ভাল সময় আছিল। বিভিন্ন ৰাজ্যৰ পৰা মানুহ আহিছিল, ফটোৰ মূল্য বুজিছিল। সেয়া আছিল তেওঁলোকৰ বাবে স্মৃতি, যি তেওঁলোকে ঘৰলৈ ঘূৰি গৈ পৰিয়ালক দেখুৱাব বিচাৰিছিল। তেওঁলোকে আমাৰ লগতে আমাৰ ফটোগ্ৰাফীৰ ওপৰত বিশ্বাস ৰাখিছিল। আমি ফটোবোৰ এনেকৈ তুলিছিলো যাতে এনে লাগে যেন আপুনি গেটৱে বা তাজ হোটেলখন (একেবাৰে শীৰ্ষভাগ) চুই আছে,” গংগাৰামে কয়।

কিন্তু তেওঁলোকে ভাল কাম পোৱা বছৰকেইটাতো সমস্যা নথকা নাছিল, তেওঁ মনত পেলায়। সেই সময়ত আমনি পোৱা গ্ৰাহক এজনে যদি কলাবা থানাত অভিযোগ কৰে, ফটোগ্ৰাফাৰজনক পুলিচে ধৰি নিছিল। কেতিয়াবা আকৌ ডাকযোগে ফটো নাপাই খঙে অগ্নিমূৰ্ত্তি ধৰা গ্ৰাহক গেটৱে আহি ওলাইছিল। “তাৰপাছত লাহে লাহে আমি ওচৰৰে ডাকঘৰৰ পৰা প্ৰমাণ হিচাপে ষ্টাম্পসহ ৰেজিষ্টাৰ এটা লগত ৰখা কৰিলো,” গংগাৰামে কয়।

কেতিয়াবা আকৌ কিছুমান গ্ৰাহকৰ হাতত ফটো প্ৰিণ্ট কৰিবলৈ টকা নাথাকে। তেনে অৱস্থাত গ্ৰাহকে ডাকযোগে পইছা পঠিওৱালৈ ফটোগ্ৰাফাৰে ৰিস্ক ল’বলগীয়া হৈছিল।

'Our speciality was clicking photos in such a way that in the image it looks like you are touching [the top of] Gateway or the Taj Hotel'
PHOTO • Aakanksha
'Our speciality was clicking photos in such a way that in the image it looks like you are touching [the top of] Gateway or the Taj Hotel'
PHOTO • Sunil Gupta

আপুনি যেন গেটৱে বা তাজ হোটেলখন (একেবাৰে শীৰ্ষভাগ) চুইহে আছে , তেনেকৈ ফটো তুলিব পৰাটো আমাৰ বিশেষত্ব গংগাৰামে কয়।

২০০৮ৰ ২৬ নৱেম্বৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰ দিনকেইটা তেওঁ মনত পেলালে। কিছুদিনৰ বাবে কাম বন্ধ আছিল। কিন্তু লাহে লাহে চাহিদা বাঢ়ি আহিল। “মানুহে কেৱল তাজ হোটেল (গেটৱে অৱ ইণ্ডিয়াৰ বিপৰীতে)ত আৰু অবেৰয় হোটেলত (সন্ত্ৰাসবাদী আক্ৰমণস্থল)ত ফটো উঠিবলৈ অহা হ’ল। অট্টালিকা দুয়োটাৰে এতিয়া ক’বলগীয়া কাহিনী আছে,” তেওঁ কয়।

গেটৱেৰ পৰা এক কিলোমিটাৰ দুৰৰ সেই ঘটনাস্থল নাৰিমন পইণ্টত থকা অবেৰয় (ট্ৰাইডেণ্ট) হোটেলৰ পদপথত কাম কৰা আন এজন ফটোগ্ৰাফাৰ বৈজনাথ চৌধুৰী। ৫৭ বছৰ বয়সীয়া বৈজনাথে চাৰিটা দশক ধৰি ফটোগ্ৰাফী কৰি আহিছে, যদিওবা তেওঁৰ সহকৰ্মীসকলে আন জীৱিকাৰ সন্ধানত ফটোগ্ৰাফী এৰিছে।

কলাবাত বাইনাকুলাৰ বিক্ৰী কৰা খুড়াক এজনৰ সৈতে তেওঁ ১৫ বছৰ বয়সত বিহাৰৰ মধুবনী জিলাৰ ডুমৰি গাঁৱৰ পৰা মুম্বাইলৈ আহিছিল। গাঁৱত এৰি আহিছিল খেতিপথাৰত দিনহাজিৰা কৰা মাক-দেউতাকক।

গংগাৰামৰ দুৰ সম্পৰ্কীয় বৈজনাথেও পইণ্ট-এণ্ড-শ্বুট কেমেৰাৰ আগতে পলাৰইড ব্যৱহাৰ কৰিছিল। ৰাতি কাম শেষ কৰি পদপথত শোৱাৰ আগেয়ে তেওঁৰ লগতে নাৰিমন পইণ্টৰ আন কেইজনমান ফটোগ্ৰাফাৰে কেমেৰাবোৰ তাজ হোটেলৰ কাষৰে দোকান এখনত থৈছিল।

Baijnath Choudhary, who works at Narmian Point and Marine Drive, says: 'Today I see anyone and everyone doing photography. But I have sharpened my skills over years standing here every single day clicking photos'
PHOTO • Aakanksha
Baijnath Choudhary, who works at Narmian Point and Marine Drive, says: 'Today I see anyone and everyone doing photography. But I have sharpened my skills over years standing here every single day clicking photos'
PHOTO • Aakanksha

নাৰিমন পইণ্ট আৰু মেৰিন ড্ৰাইভত কাম কৰা বৈজনাথ চৌধাৰীয়ে কয় , “ আজিকালি নদাই - ভদাই সকলোৱে ফটোগ্ৰাফী কৰে কিন্তু ইয়াতে বছৰ বছৰ ধৰি প্ৰতিদিনে ফটো তুলি মই কৌশল আয়ত্ব কৰিছো

আৰম্ভণিৰ বছৰবোৰত ৬ৰ পৰা ৮ জন গ্ৰাহক পালে বৈজনাথৰ ১০০-২০০ টকা আয় হয়। সময়ৰ লগে লগে সেয়া ৩০০ৰ পৰা ৯০০ পৰ্য্যন্ত হ’ল। কিন্তু স্মাৰ্টফোন অহাৰ পিছৰে পৰা আয় আকৌ নামি গৈ ১০০ৰ পৰা ৩০০ মান হ’বলৈ ধৰিলে। আকৌ লকডাউনৰ সময়ৰে পৰা একেবাৰে নাইকিয়া হোৱাৰ উপক্ৰম হ’ল। কেতিয়াবা ১০০ টকা, আনকি ৩০ টকা হ’ল আৰু কেতিয়াবা শুদাহাতে উভতিবলগীয়া পৰিস্থিতিও আহি পৰিল।

২০০৯ মানলৈকে তেওঁ নৰ্থ মুম্বাইৰ চাণ্টাক্ৰুজ এলেকাৰ পাববোৰত ফটোগ্ৰাফী কৰিছিল, প্ৰতিখন ফটোৰ বাবদ ৫০ টকা লৈছিল। “পুৱা ৯ কি ১০ বজাৰ পৰা ৰাতিলৈকে মই এই (নাৰিমন পইণ্ট) ঠাইত ইফালৰ পৰা সিফালে দৌৰি ফুৰিছিলো। ৰাতিৰ আহাৰ খাই ক্লাবলৈ গৈছিলো,” বৈজনাথে কয়, তেওঁৰ ডাঙৰজন ল’ৰা ৩১ বছৰীয়া বিজয়েও গেটৱে অৱ ইণ্ডিয়াতে ফটোগ্ৰাফী কৰে।

বৈজনাথ আৰু আন ফটোগ্ৰাফাৰসকলে কয় যে তেওঁলোকক কাম কৰিবলৈ কোনো পাৰ্মিট নালাগে। কিন্তু ২০১৪ৰ পৰা কেতবোৰ সংস্থা যেনে মুম্বাই প’ৰ্ট ট্ৰাষ্ট আৰু মহাৰাষ্ট্ৰ পৰ্যটন বিকাশ নিগম আদিয়ে তেওঁলোকক পৰিচয় পত্ৰ দিয়া কৰিছে। স্মৃতিস্তম্ভটোৰ চৌহদত বেগ আদি বস্তু পৰিত্যক্ত অৱস্থাত পৰি থাকিলে বা মহিলাই হাৰাশাস্তিৰ সন্মুখীন হ’লে পুলিচক খবৰ দিয়া আদি আচৰণবিধি আৰু ড্ৰেছ ক’ডো ধৰি দিয়া হৈছে। (অৱশ্যে এই প্ৰতিবেদকে কথাখিনিৰ সত্যাসত্য বিচাৰ কৰিব নোৱাৰিলে।)

কেতিয়াবা আকৌ পৌৰনিগম নাইবা পুলিচে তেওঁলোকক জৰিমনা বিহি কাম বন্ধ কৰি দিছিল। তেওঁলোকৰ সমস্যাবোৰ সমাধানৰ বাবে ফটোগ্ৰাফাৰসকলে ১৯৯০ৰ আৰম্ভণিৰ ভাগত এটা কল্যাণকামী সংস্থা গঠন কৰাৰ কথা বৈজনাথ আৰু গংগাৰামে মনত পেলায়। “আমি আমাৰ কামৰ স্বীকৃতি বিচাৰিছিলো আৰু আমাৰ অধিকাৰৰ হকে থিয় দিছিলো,” বৈজনাথে কয়। কোনো অনুচিত বাধা-নিষেধ অবিহনে দীঘলীয়া সময়ৰ বাবে কাম কৰাকে ধৰি আন দাবীসমূহ উত্থাপন কৰি ২০০১ত প্ৰায় ৬০-৭০ জন ফটোগ্ৰাফাৰে আজাদ মৈদানত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা তেওঁ মনত পেলায়। ২০০০ত তেওঁলোকৰ কিছুমানে গেটৱে অৱ ইণ্ডিয়া ফটোগ্ৰাফাৰ্ছ ইউনিয়ন নামে সংস্থা এটা খুলিছিল আৰু নিজৰ দাবীসমূহক লৈ স্থানীয় বিধায়ক এজনক সাক্ষাৎ কৰিছিল।

A few photographers have started working again from mid-June – they are still not allowed inside the monument complex, and stand outside soliciting customers
PHOTO • Aakanksha
A few photographers have started working again from mid-June – they are still not allowed inside the monument complex, and stand outside soliciting customers
PHOTO • Aakanksha

মুষ্টিমেয় কেইজনমান ফটোগ্ৰাফাৰে জুন মাহৰ মাজভাগৰ পৰা আকৌ কামত ধৰিছে , কিন্তু তেওঁলোকক স্মৃতিচিহ্নৰ চৌহদত সোমাবলৈ দিয়া হোৱা নাই , গ্ৰাহকক সম্ভাষণ জনাই তেওঁলোক বাহিৰতে থিয় হৈ ৰৈছে

বৈজনাথৰ আৰম্ভণিৰ বছৰবোৰলৈ বৰকৈ মনত পৰে যেতিয়া ফটোগ্ৰাফীৰ মূল্য আছিল। “আজিকালি যিয়ে-সিয়ে ফটোগ্ৰাফী কৰিবলৈ লৈছে,” তেওঁ কয়। “আজিকালি নদাই-ভদাই সকলোৱে ফটোগ্ৰাফী কৰে। কিন্তু ইয়াতে বছৰ বছৰ ধৰি প্ৰতিদিনে ফটো তুলি মই কৌশলী হৈ পৰিছো। আমি এটামাত্ৰ ক্লিকতে ভাল ফটো তোলো, কিন্তু ডেকাবোৰে ভালেকেইখন তোলাৰ পিছতহে এখন ভাল ফটো পায় আৰু সেয়াও ইডিটিং কৰি ধুনীয়া কৰে,” তেওঁ কথাখিনি কৈ থকাৰ মাজতে পৰ্যটকৰ দল এটা আহি থকা দেখি পদপথৰ পৰা নামি তেওঁ থিয় হয়। ফটোৰ কাৰণে পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে যদিও পৰ্যটকৰ দলটো আগ্ৰহী যেন নালাগিল। তাৰে মাজৰে এজনে পকেটৰ পৰা কেমেৰাটো উলিয়াই ফটো তুলিবলৈ ল’লে।

গেটৱে অৱ ইণ্ডিয়াৰ কথালৈ ঘুৰি আহো। সুনীল আৰু আন কেইজনমান ফটোগ্ৰাফাৰে জুনৰ মাজভাগৰ পৰা আকৌ ‘অফিছ’ যাবলৈ লৈছে। কিন্তু তেওঁলোকক স্মৃতিচিহ্নৰ চৌহদত সোমোৱাৰ অনুমতি দিয়া হোৱা নাই। সেয়ে তেওঁলোকে তাজ হোটেলৰ আশে-পাশে গ্ৰাহকক সম্ভাষণ জনাই ফুৰিছে। “বৰষুণৰ দিনত আমাৰ কি অৱস্থা হয়, আপুনি চাবলগীয়া। কেমেৰা, প্ৰিণ্টাৰ, কাগজ আদি সকলো পানী নপৰাকৈ বচাই ৰাখিব লগা হয়। আমি ছাতি এটা লগত ৰাখো। আটাইবোৰ বস্তু গাত ওলমাই ভাৰসাম্য ৰাখো, তাৰ মাজতে নিখুঁত ফটো এখন তুলিবলৈ চেষ্টা কৰোঁ।”

এতিয়া পিছে স্মাৰ্টফোনৰ চেলফিৰ ঢৌ আৰু লকডাউনৰ ফলত তেওঁলোকৰ আয় একেবাৰে অনিশ্চিত হৈ পৰিছে। ভাৰসাম্য ৰখা কঠিন কাম হৈ পৰিছে। ‘এক মিনিটত ফুল ফেমিলি ফটো’ বুলি ক’লে এতিয়া মানুহে ঘুৰি নোচোৱা হৈছে।

সুনীলে বেকপেকটোত ল’ৰা-ছোৱালীকেইটাৰ স্কুলৰ মাচুলৰ বহী এটা লৈ ফুৰিছে (আটাইকেইটা কলাবাৰ ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়ে)। “স্কুলৰ পৰা অলপ সময় বিচাৰিছো (মাচুলখিনি আদায় দিয়াৰ বাবে),” তেওঁ কয়। লৰা-ছোৱালীহঁতে যাতে স্মাৰ্টফোন ব্যৱহাৰ কৰি পঢ়িব পাৰে, তাৰবাবে তেওঁ নিজৰটো এৰি এটা সৰু ফোন কিনিছে। “আমাৰ জীৱনবোৰ ভটিয়ালে। এতিয়া সিহঁতে যাতে আমাৰ দৰে প্ৰখৰ ৰ’দ গা পুৰিব লগা নহয়। সিহঁতে এচি থকা অফিছত কাম পাওঁক,” তেওঁ কয়। “প্ৰতিদিনেই মই কাৰোবাৰ বাবে স্মৃতি সাজি মোৰ ল’ৰা-ছোৱালীকেইটাক এটা ভাল জীৱন দিয়াৰ আশা কৰো।”

অনুবাদ: পংকজ দাস

Aakanksha

Aakanksha (she uses only her first name) is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Aakanksha
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das