নিজৰ শ্ৰেণীকোঠাত ঔচিত মাহাত্ৰেয়ে হৈ পৰিছিল একমাত্ৰ শিক্ষাৰ্থী। কিন্তু গোটেই বিদ্যালয়খনৰ ভিতৰতে অন্তিমজন আৰু একমাত্ৰ শিক্ষাৰ্থী হৈ পৰাটো তেওঁৰ নতুন অভিজ্ঞতা।

মহামাৰীৰ ফলত ১৮ মাহ বিদ্যালয়খন বন্ধ থকাৰ পিছত যোৱা ১৪ অক্টোবৰত প্ৰায় ১১ বজাত বাৰ বছৰীয়া ঔচিতে প্ৰৱেশ কৰি আচৰিত হৈ পৰিল। বিদ্যালয়খনৰ তিনিওটা কোঠা জনশূন্য। শিক্ষকজন তেওঁৰ বাবে ৰৈ আছে, কাষত এখন চকীৰ ওপৰত মহাত্মা গান্ধীৰ এখন আলোকচিত্ৰ থৈ দিয়া আছে।

২০১৫ত যেতিয়া ঔচিতে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল ছয় বছৰ। তেতিয়াও তেওঁৰ কোনো সহপাঠী নাছিল। তেওঁ কয়, “মই অকলে আছিলো।” সেই বিদ্যালয়ত নামভৰ্তি কৰা ঔচিত আছিল অন্তিমজন শিক্ষাৰ্থী। তেতিয়াও বিদ্যালয়খনত ২৫ জন শিক্ষাৰ্থী আছিল। ১১০০ মানুহৰ বাসভূমি ঘাড়াপুৰি গাঁৱৰ তিনিটা চুবুৰী যথাক্ৰমে মোৰাবান্দাৰ, ৰাজবন্দৰ আৰু শ্বেতবন্দৰৰ পৰা তেওঁলোক আহিছিল। মহাৰাষ্ট্ৰৰ ৰায়গড়ত থকা এলিফেণ্টা গুহাৰ বাবে বিখ্যাত ঘাড়াপুৰি এক জনপ্ৰিয় পৰ্য্যটন ক্ষেত্ৰ। ভাৰতৰ প্ৰৱেশপথ দক্ষিণ মুম্বাইৰ পৰা নাৱেৰে এঘণ্টাৰ বাট।

প্ৰায় এক দশকৰ আগতে ঔচিতৰ জিলা পৰিষদৰ বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ৫৫ৰ পৰা ৬০ জন শিক্ষাৰ্থী আছিল। প্ৰতিবছৰে শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিলে। ২০১৯ত মাত্ৰ ১৩ জন শিক্ষাৰ্থী থাকিল। ২০২০ৰ মাৰ্চত শিক্ষাৰ্থীৰ সংখ্যা হৈ পৰিল ৭ জন আৰু ২০২০-২১ শৈক্ষিক বৰ্ষত যেতিয়া তিনিগৰাকী শিক্ষাৰ্থীয়ে সপ্তমমানৰ পঢ়া সম্পূৰ্ণ কৰিলে আৰু দুজনে বিদ্যালয় এৰি গুছি গ’ল, বাকী থাকিল মাত্ৰ দুজন – ষষ্ঠ শ্ৰেণীৰ ঔচিত আৰু সপ্তম শ্ৰেণীৰ গৌৰী মাহাত্ৰে। “ইয়াত পঢ়া-শুনা ভালদৰে নহয়, সেইকাৰণে সকলো আন বিদ্যালয়লৈ যাবলৈ ধৰিছে,” গৌৰীয়ে কয়।

For the residents of Gharapuri, the only way to go anywhere is by boat.
PHOTO • Aakanksha
For long, the village's  zilla parishad school tried to stay afloat
PHOTO • Aakanksha

বাওঁফালেঃ ঘাড়াপুৰি গাঁৱৰ বাসিন্দাৰ বাবে একমাত্ৰ যাতায়তৰ ব্যৱস্থা হ’ল নাও। সোঁফালেঃ বহুদিনৰ পৰা গাঁৱৰ জিলা পৰিষদৰ বিদ্যালয়খন এনেয়ে পৰি আছে

শিক্ষাৰ্থীসকলে বিদ্যালয় এৰি যোৱাৰ বহুতো কাৰণ আছেঃ দূৰত্বৰ কাৰণে শিক্ষকৰ উপস্থিতি কমে আৰু বিদ্যালয়খনৰ অৱস্থিতি, দ্বীপটোত থকা দূৰ্বল আন্তঃগাঁথনি, নিম্ন উপাৰ্জনৰ বাসিন্দাসকলৰ কঠোৰ জীৱন সংগ্ৰাম আৰু কামৰ সীমিত সুবিধা, ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ অভিভাৱকসকলৰ ইচ্ছা তথা আন বিদ্যালয়ত ইয়াৰ পৰা গৈ ছাত্ৰসকলে খাপ খোৱাৰ ক্ষেত্ৰত হোৱা সমস্যা আদিৰ বাবে শিক্ষাৰ্থীসকলে তেওঁলোকৰ মাৰাঠী মাতৃভাষাৰ ঘাড়াপুৰি বিদ্যালয় এৰি যাব ধৰিছে।

যেতিয়া বিদ্যালয়খন শিক্ষাৰ্থীৰে ভৰি আছিল, তেতিয়াও জিলা পৰিষদৰ এই বিদ্যালয়ত বিজুলী বা পানীৰ সংযোগ নাছিল। ২০০০ চনমানৰ পৰা ঘাড়াপুৰিৰ মানুহে জেনেৰেটৰৰ দ্বাৰা উৎপাদিত বিজুলী সন্ধিয়া সাত বজাৰ পৰা নিশা ১০ বজালৈ পাবলৈ ধৰিলে। ২০১৮ চনৰ পৰাহে ভালকৈ বিজুলী সংযোগ আৰু সৰবৰাহ লাভ কৰিলে। গাওঁবাসীৰ এতিয়াও মনত আছে যে ২০১৯ৰ পৰা পানীৰ ব্যৱস্থাও কৰা হ’ল।

এতিয়াও বিদ্যালয়খনে নিজৰ অস্তিত্ব বজাই ৰাখিবলে চেষ্টা কৰিছে। ২০১৪-১৫ত এটা কম্পিউটাৰ আৰু এটা লেপটপ অনা হ’ল (নিশা বিজুলী সৰবৰাহ হোৱাৰ পিছত এই দুটা চাৰ্জ কৰিব পাৰি)। এতিয়া দুয়োটা শ্ৰেণীকোঠাত অব্যৱহৃত হৈ পৰি আছে। “মাজে মাজে মই ইউটিউবৰ জৰিয়তে শ্ৰুতিমধুৰ কবিতা আৰু অংক শিকাবলৈ কম্পিউটাৰৰ ব্যৱহাৰ কৰিছিলো (ফোনৰ ইণ্টাৰনেট ব্যৱহাৰ কৰি),” শিক্ষক ৰান্যা কোঁৱৰে ঔচিত বহি থকা শ্ৰেণীকোঠাটোত আমাক ক’লে।

যেতিয়া শিক্ষাৰ্থীৰ সংখ্যা যথেষ্ট আছিল, তেতিয়া শিক্ষক আছিল মাত্ৰ ৩ জন। যেতিয়া কোনো শিক্ষক বাহিৰত বহে বা মুকলিলৈ ওলাই যায়, তেতিয়া সকলো শিক্ষাৰ্থীক এটা কোঠাত সুমোৱাই লোৱা হয়।

The ZP school had as many as 55-60 students (left) more than a decade ago
PHOTO • Aakanksha
By March 2020 only 7 students remained, and slowly this number dropped to one
PHOTO • Aakanksha

প্ৰায় এক দশকৰ আগতে জিলা পৰিষদৰ বিদ্যালয়খনৰ ৫৫-৬০ গৰাকী শিক্ষাৰ্থী (বাওঁফালে)। ২০২০ৰ মাৰ্চত মাত্ৰ ৭ জন ছাত্ৰ থাকিল আৰু লাহে লাহে এই সংখ্যা কমি গৈ এজন হ’ল

বেছিভাগ শিক্ষকেই বহুবছৰ ধৰি এই দ্বীপটোলৈ অহা-যোৱা কৰিব নোখোজে। প্ৰতিদিনে তেওঁলোকে ঘাড়াপুৰিলৈ নাৱেৰে আহে, উড়ান তালুকৰ আন গাঁৱৰ পৰা নাৱেৰে আহিবলৈ প্ৰায় ৩০ মিনিট সময় লাগে – ই একমাত্ৰ যাতায়ত ব্যৱস্থা। জুনৰ পৰা ছেপ্টেম্বৰৰ বৰ্ষাকালত অতিমাত্ৰা বৃষ্টিপাত আৰু জোঁৱাৰৰ বাবে শ্ৰেণীসমূহ অধিক অনিয়মীয়া হৈ পৰে। ঘাড়াপুৰিত সা-সুবিধাৰ অভাৱ – চৰকাৰী সুলভ মূল্যৰ দোকান নাই, বেংক বা চিকিৎসা কেন্দ্ৰ নাই – এনেবোৰ কাৰণে শিক্ষকসকলক বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত উদাসীন কৰি তোলে আৰু সঘনে বদলি হয়।

“কেতিয়াবাহে কোনো শিক্ষক কেইবামাহ ধৰি থাকে, প্ৰতিজনৰ শিকোৱাৰ ধৰণ বেলেগ বেলেগ আৰু আমি খাপ খাবলৈ সময় লাগে,” ১৪ বছৰীয়া গৌৰীয়ে কয়।

বাৱন্ন বছৰীয়া শিক্ষক ৰান্যাই তেওঁৰ পত্নী সুৰখোৰ সৈতে এই গাঁৱত থাকি যোৱাৰ সিদ্ধান্ত লৈছে। মাহে ৫০০ টকা ভাড়াত তেওঁ ঘৰ লৈছে। “আমি ইয়াত বহুদিন থকাৰ পৰিকল্পনা নাই, বছৰৰ ভিতৰত মোৰ বদলি হ’বি বুলি কৈছে,” ৰান্যাই কয়। তেওঁৰ ঘৰ মহাৰাষ্ট্ৰৰ ধুলেগাঁৱত আৰু ২০১৬ৰ মাজভাগৰ পৰা ঘাড়াপুৰিত শিক্ষকতা কৰিছে। ২০১৯ৰ দেৱালীৰ সময়ত তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা হৈছিল আৰু চিকিৎসাৰ বাবে গৈছিল। তেওঁ ২০২০ৰ আগষ্টত বিদ্যালয়লৈ ঘুৰি আহি দেখে যে বিদ্যালয়ত মাত্ৰ ঔচিত আৰু গৌৰি আছে। ৰান্যাই ছুটী লোৱাৰ সময়ত এমাহৰ বাবে জিলা পৰিষদৰ কাৰ্য্যালয়ে এজন শিক্ষক নিযুক্তি দিছিল।

২০২১ৰ ৩ ছেপ্টেম্বৰত ৰায়গড় জিলা পৰিষদৰ শিক্ষা বিভাগে ঘাড়াপুৰি গাঁৱৰ গাওঁপ্ৰধান বালিৰাম ঠাকুৰলৈ এখন জাননী প্ৰেৰণ কৰি বিদ্যালয়খন বন্ধ কৰিব বিচৰাৰ মতামত লয় (কাৰণ তেতিয়া বিদ্যালয়খনত শিক্ষাৰ্থী আছিল মাত্ৰ এজন – ঔচিত) আৰু লগতে জিলা পৰিষদে পৰামৰ্শ দিয়ে যে কোনো শিক্ষাৰ্থী যদি আছে তেওঁলোকক নিকটৱৰ্তী উড়ানৰ স্কুললৈ লৈ যাব লাগে।

Teacher Ranya Kuwar (and his wife Surekha) were among the few who chose to rent a place in Gharapuri, rather than commute by boat.
PHOTO • Aakanksha
Sarpanch Baliram Thakur says, ‘If there were support for uplifting the quality [of the school] in our village then surely parents won’t leave’
PHOTO • Aakanksha

বাওঁফালেঃ নাৱেৰে অহা-যোৱা কৰাতকৈ ঘাড়াপুৰিত থাকি যাব বিচৰা কম সংখ্যক লোকৰ ভিতৰত শিক্ষক ৰান্যা কোঁৱৰ আৰু তেওঁ পত্নী সুৰেখা। সোঁফালেঃ গাওঁপ্ৰধান বালিৰাম ঠাকুৰে কয়, 'আমাৰ গাঁৱৰ বিদ্যালয়খনৰ মান উন্নত কৰিবলৈ ব্যৱস্থা কৰিলে অভিভাৱকে ল’ৰা-ছোৱালীক লৈ নাযায়'

বালিৰামে বিদ্যালয়খন চলাই যোৱাৰ পক্ষত মত দিলে। “এজন ছাত্ৰ থাকিলেও মই স্কুলখন বন্ধ কৰিব দিব নোৱাৰো। আমাৰ ক্ষেত্ৰত বিষয়টো সুকীয়া – আমাৰ গাওঁখনৰ ওচৰত আন স্কুল নাই,” তেওঁ কয়। ২০১৯ৰ শিশুৰ মুক্ত আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইনৰ প্ৰসংগ তেওঁ উল্লেখ কৰে, এই আইনত উল্লেখ আছে যে ৫ম মানলৈ শিক্ষাৰ্থীসকলে থকা ঠাইৰ এক কিলোমিটাৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ পৰিচালিত বিদ্যালয়ৰ সুবিধা পাব লাগিব আৰু অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলে তিনি কিলোমিটাৰৰ ভিতৰত চৰকাৰী বিদ্যালয়ত অধ্যয়নৰ সুবিধা পাব লাগিব।

“শিক্ষাৰ আৱশ্যকতাৰ কাৰণে নিজৰ সন্তানে যাতে পঢ়িব পাৰে, সেয়ে বহু পৰিয়াল ইয়াৰ পৰা আঁতৰি গৈ উড়ানৰ বিদ্যালয়ত নামভৰ্তি কৰাইছে। গাঁৱত যদি বিদ্যালয়খনৰ মান উন্নত কৰিবলৈ চৰকাৰে সহায় কৰিলেহেঁতেন, তেন্তে অভিভাৱকসকল আন ঠাইলৈ নগ’লেহেঁতেন,” বালিৰামে কয়।

বহুদিনৰ পৰা দ্বীপটোৰ বহুতো শিক্ষাৰ্থী পঢ়া-শুনাৰ কাৰণে উড়ান তালুক অথবা নাভি মুম্বাইৰ বেলেগ গাঁৱলৈ গুছি গৈছে। আন ঠাইলৈ গৈ কোনোবা আত্মীয়ৰ ঘৰত থাকে বা গোটেই পৰিয়ালটো স্থায়ীভাবে প্ৰব্ৰজিত হৈছে তথা ভাৰাঘৰত থাকে। মুম্বাই বেছি দূৰত নহয়। কিন্তু ইয়াত যথেষ্ট সুবিধা থাকিলেও ঘাড়াপুৰি গাঁৱৰ মানুহৰ বাবে খৰচী ঠাই। ইয়াৰ অধিকাংশ বাসিন্দা আগ্ৰি কলি সম্প্ৰদায়ৰ (অনান্য পিছপৰা জাতি হিচাপে তালিকাভূক্ত) আৰু তেওঁলোকে দ্বীপটোত সৰু সৰু দোকান দিয়ে আৰু টুপি, চানগ্লাচ, পুস্তিকা তথা আন আন সামগ্ৰী পৰ্য্যটকক বিক্ৰী কৰে অথবা এলিফেণ্টা গুহাত পৰ্য্যটনৰ লগত সম্পৰ্ক থকা কাম কৰে।

“আন ঠাইলৈ যোৱা মানে কেৱল বিদ্যালয়ৰ মাচুলেই নহয়, সঞ্চয় কৰা, ভাৰা দিয়া আৰু আন খৰচবিলাক থাকে। ইয়াৰ লগতে অভিভাৱকে কাম বিচাৰিব লাগিব।” ঔচিতৰ আশী ৩৮ বছৰীয়া মাতৃ বিনন্তি মাহাত্ৰেয়ে কয়। “আমি আন ঠাইলৈ যাব নোৱাৰিম, উপাৰ্জন কেনেকৈ কৰিম? যদি পাৰো ঔচিতক হোষ্টেলত ৰাখিম। ইয়াৰ উচ্চ-মাধ্যমিক বিদ্যালয় বন্ধ হৈ গ’ল আৰু লকডাউনৰ কাৰণে আমাৰ উপাৰ্জনো বন্ধ হ’ল (কেইবামাহৰ বাবে)।”

Several families have migrated to villages in Uran or to Navi Mumbai for schooling. But, says Vinanti Mhatre, Auchit’s mother, ‘We can’t shift, how will we earn?’
PHOTO • Aakanksha
Several families have migrated to villages in Uran or to Navi Mumbai for schooling. But, says Vinanti Mhatre, Auchit’s mother, ‘We can’t shift, how will we earn?’
PHOTO • Aakanksha

বিদ্যালয়ৰ কাৰণে বহুতো পৰিয়ালে উড়ান বা নাভি মুম্বাইৰ গাঁৱলৈ প্ৰব্ৰজন কৰিলে। কিন্তু ঔচিতৰ মাতৃ বিনন্তি মাহাত্ৰেয়ে কয়, ‘আমি যাব নোৱাৰো, কেনেকৈ উপাৰ্জন কৰিম?’

নাৱৰ পৰা নমা দলঙৰ পৰা এলিফেণ্টা গুহালৈ যোৱাৰ ১২০ টা খটখটিৰ কাষতে বিনন্তিৰ ৪২ বছৰীয়া স্বামী নীতিনৰ অস্থায়ী দোকান। ২০২০ৰ মাৰ্চত লকডাউন আৰম্ভ হোৱাৰ আগতে তেওঁলোকে মাহে ৬০০০-৭০০০ টকা উপাৰ্জন কৰিব পাৰিছিল। পৰ্য্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগে বিক্ৰী নোহোৱা হ’ল আৰু কেইবামাহ মানৰ পৰা আগৰ সমান উপাৰ্জন কৰিব পৰা হৈছে। ২০১৯ত মাহে ১২,০০০ টকা দৰমহাত শোধ পৰিষ্কাৰ কৰা কামত ঠিকাদাৰে নীতিনক নিযুক্তি দিছিল (গুহাটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা ভাৰতৰ পুৰাতাত্ত্বিক জৰীপৰ সহযোগত।) সেইবছৰ তেওঁলোকৰ ডাঙৰ ল’ৰা ১৮ বছৰীয়া আদিত্যই গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১০ম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈছিল আৰু তাক উড়ানত পঢ়িবলৈ নীতিনৰ দৰমহাৰ পৰা সুবিধা হৈছিল। (২০২০ৰ মাৰ্চত দৰমহা সংক্ৰান্তীয় বিবাদৰ বাবে নীতিনে চাফাই কৰ্মচাৰীৰ কাম হেৰুৱালে।)

আদিত্যই পঢ়ি থকা ৮ম শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ থকা ঘাড়াপুৰিৰ মাৰাঠী মাধ্যমৰ কে.ই.এছ. উচ্চ মাধ্যমিক বিদ্যালয়খন স্বেচ্চাসেৱী সংগঠন কংকান শিক্ষা সমাজে ১৯৯৫ চনত আৰম্ভ কৰিছিল। গাওঁখনৰ অংগনবাদী কৰ্মী ৪০ বছৰীয়া সুৱৰ্ণা কলিয়ে বিদ্যালয়খন আৰম্ভ হোৱাৰ সময়ত আনন্দিত হোৱাৰ কথা সোঁৱৰে।

“সপ্তম শ্ৰেণীৰ পিছত (১৯৯২ত) পঢ়িবলৈ বিদ্যালয় নাছিল, গতিকে আমাৰ পিতৃ-মাতৃয়ে আমাক বিয়া দিব বা দোকানত কাম কৰিবলৈ দিবলগীয়া হৈছিল,” সুৱৰ্ণাই কয়। সুৱৰ্ণাৰ মাতৃ গাঁৱৰ এখন হোটেলত ৰান্ধনীৰ কাম কৰে আৰু পিতৃয়ে খেতি কৰিছিল আৰু গাওঁপ্ৰধানক সহায় কৰিছিল। সুৱৰ্ণাৰ নাৰ্ছ হোৱাৰ ইচ্ছা আছিল, কিন্তু নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিলে বুলি তেওঁ কয়। “অন্ততঃ মই দশম শ্ৰেণীৰ পঢ়া সম্পূৰ্ণ কৰিলো (১৯৯৮ত), সৰ্বোচ্চ স্থান লাভ কৰি উত্তীৰ্ণ হৈছিলো।”

Anganwadi worker Survana Koli (standing, extreme right), was excited when a high school (right, foreground) opened here in the '90s. But that too shut down in 2020
PHOTO • Courtesy: Suvarna Koli
PHOTO • Aakanksha

১৯৯০ চনত যেতিয়া উচ্চ মাধ্যমিক বিদ্যালয় (সোঁফালে সন্মুখত) আৰম্ভ হৈছিল, অংগনবাদী কৰ্মী সুৱৰ্ণা কলি (একেবাৰে সোঁফালে থিয় হৈ থকা) অতিশয় আনন্দিত হৈছিল। ২০২০ত সেইখনো বন্ধ হ’ল

মাচুল দিব নলগীয়া কে.ই.এছ. মাধ্যমিক বিদ্যালয়ত চাৰিজন শিক্ষকে ৩০ গৰাকী শিক্ষাৰ্থীক পাঠদান কৰিছে। সেই শিক্ষককেইজনৰ মাজত নৱনীত কাম্বলেও আছিল। ১২ বছৰৰ ৬ বছৰ কাল তেওঁ ঘাড়াপুৰিত শিক্ষাদান কৰিছিল আৰু তেওঁ গাওঁখনত আছিল। তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত উড়ানৰ পৰা নাৱেৰে আহিবলৈ লয়। “যিসকল শিক্ষাৰ্থীয়ে অষ্টম শ্ৰেণীত নামভৰ্তি কৰে, তেওঁলোকে নতুন বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ বাবে কষ্ট কৰিবলগীয়া হয় (জিলা পৰিষদ বিদ্যালয়ৰ অনিয়মীয়া শিক্ষা শেষ কৰাৰ পাছত), আৰু বহুতৰ পঢ়াৰ ইচ্ছা নোহোৱা হয়,” তেওঁ কয়।

ক্ৰমান্বয়ে উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকৰ সংখ্যা কমিবলৈ ধৰে। বিদ্যালয়খনে পূঁজিৰ অভাৱত ভোগে, আৰু প্ৰতিবছৰে এটা এটাকৈ শ্ৰেণী বন্ধ কৰিবলৈ আৰম্ভ কৰে – ২০১৮ত অষ্টম শ্ৰেণী, ২০১৯ত নৱম শ্ৰেণী আৰু অৱশেষত ২০২০ত দশম শ্ৰেণী।

উচ্চ মাধ্যমিক বিদ্যালয় আৰু জিলা পৰিষদ পৰিচালিত বিদ্যালয়ৰ বন্ধৰ ঘোষণাটোৱে ২০২০ৰ অক্টোবৰত প্ৰকাশ পোৱা শিক্ষা প্ৰতিবেদনৰ বাৰ্ষিক স্থিতি (গ্ৰাম্য)ত তুলি ধৰা অনুমোদনাৱলীৰ এক বিপৰীত ছবি দাঙি ধৰিছিল। বন্ধ কৰাৰ পৰিৱৰ্তে তাত কোৱা হৈছিল যে লকডাউনৰ পিছত চৰকাৰী বিদ্যালয়ত পঢ়ি থকা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক সাহায্যৰ প্ৰয়োজন।

অংগনবাদী কৰ্মী সুৱৰ্ণা কলি আৰু তেওঁ সহকৰ্মীসকলে ঘাড়াপুৰিত ছবছৰৰ ভিতৰত ৪০ টা শিশুক লৈ অংগনবাদী শ্ৰেণী চলাই গৈছিল। ৬ৰ পৰা ১৪ বয়সসীমাৰ মাজৰ ২১ গৰাকী ল’ৰা-ছোৱালীয়ে দ্বীপটোৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা নাই (কলিয়ে পৃথক জৰীপৰ দ্বাৰা এই ছাত্ৰসকলৰ সংখ্যা সংগ্ৰহ কৰিছে আৰু ৰান্যা-সুৰেখা কোঁৱৰে সহযোগ কৰিছে।) চৰকাৰী বিদ্যালয়ৰ অধঃপতন আৰু ইয়াত ধ্বংস কৰা দেখি ঘাড়াপুৰিৰ পিতৃ-মাতৃসকলে উড়ানৰ আন বিদ্যালয়ত সন্তানৰ নামভৰ্তি কৰিছে।

When the high school closed, for students still studying in the ZP school it meant moving from Gharapuri right after Class 7, as did Kalpesh Mhatre (left), who eventually found work as a ‘kursiwallah’ (right) at Elephanta caves
PHOTO • Aakanksha
When the high school closed, for students still studying in the ZP school it meant moving from Gharapuri right after Class 7, as did Kalpesh Mhatre (left), who eventually found work as a ‘kursiwallah’ (right) at Elephanta caves
PHOTO • Aakanksha

উচ্চ মাধ্যমিক বিদ্যালয়খন বন্ধ হৈ পৰাৰ পিছত ঘাড়াপুৰিৰ চৰকাৰী বিদ্যালয়ত সপ্তম শ্ৰেণীৰ পঢ়া শেষ কৰা কল্পেশ মাহাত্ৰেয়ে (বাওঁফালে) এলিফেণ্টা গুহাত ‘কুৰ্চীৱাল্লা’ হিচাপে কাম পালে (সোঁফালে)

উচ্চ মাধ্যমিক বিদ্যালয় যেতিয়া বন্ধ হৈ পৰিল, তেতিয়া ঘাড়াপুৰিত সপ্তম শ্ৰেণীত পঢ়ি থকাসকলে বেলেগফালে যাবলগা হ’ল – ১৬ বছৰীয়া কল্পেশ মাহেত্ৰে নাৱা গাঁৱলৈ গ’ল – তাৰ পৰা আধাতে পঢ়া বাদ দি দিলে। “মই মিলাব নোৱাৰা হ’লো,” তেওঁ কয়। তাৰপিছত কল্পেশে দ্বীপটোত কুৰ্চীৱালাৰ কাম পালে। তেওঁ আৰু তিনিজনে কাঠৰ চকীত পৰ্যটকক গুহালৈ লৈ যায়। চাৰিজনীয়া এটা গোটে দিনে তিনি-চাৰিবাৰমান এনে কাম কৰিব লাগে, প্ৰতিবাৰত ৩০০ৰ পৰা ৫০০ টকা পায়।

ইয়াৰ মাজতে ঘাড়াপুৰিৰ কিছুমান ছাত্ৰই পঢ়িছে। গৌৰীৰ বাইদেউ ভাৱিকা মাহাত্ৰেয়ে গাঁৱৰ উচ্চ মাধ্যমিকৰ পৰা ২০১৬ত দশম শ্ৰেণীৰ পঢ়া সম্পূৰ্ণ কৰিলে। পিছত পানভেলত কলা শাখাৰ স্নাতক ডিগ্ৰী ল’লে। ২০২০ত পিতৃ-মাতৃৰ মৃত্যু হোৱা বাবে ঘাড়াপুৰিলৈ উভতি আহি চাহ-মিঠাই আৰু অলংকাৰৰ এখন দোকান আৰম্ভ কৰে। গৌৰী বৰ্তমান পানভেলৰ আত্মীয়ৰ ঘৰত থাকে, এইবাৰ ৮ম মান পাইছে।

“মা-দেউতাই আমাক বেছিকৈ পঢ়িবলৈ দিছিল। মায়ে ৮ম মানলৈ পঢ়িছিল আৰু পঢ়াৰ ইচ্ছা আছিল, কিন্তু নোৱাৰিলে। দেউতাই নৌবাহিনীত যোগ দিব বিচাৰিছিল, সেই সময়ত তেওঁৰ দেউতা ঢুকাইছিল, গতিকে পৰিয়ালৰ দায়িত্ব ল’বলগীয়া হ’ল,’’ ২০ বছৰীয়া ভাৱিকাই কয়। “তেওঁ আমাৰ ওচৰত বহি হিন্দী, অংক শিকাইছিল আৰু সকলো শিকিবলৈ কৈছিল। তেওঁ এজন স্বপ্ৰশিক্ষিত চিত্ৰশিল্পী আছিল, গাঁৱৰ বিয়া আদিৰ ডিজে আছিল। তেওঁ মোক আনুষংগিক পাঠ্যক্ৰমতো নাম লগাই দিছিল ... চিলাইৰ কাম, টাইপিং আদিত। তেওঁ আমাক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা বিচাৰিছিল আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া বা উকীল হোৱা বিচাৰিছিল।”

PHOTO • Aakanksha
PHOTO • Aakanksha

খুব কম সংখ্যকে পঢ়া চলাই নিব পাৰে, ভাৱিকা মাহাত্ৰে (বাওঁফালে) এনে এগৰাকী ছাত্ৰী যি কলা শাখাৰ স্নাতক ডিগ্ৰী ল’লে। তেওঁৰ ভনী গৌৰী (সোঁফালে) আছিল জিলা পৰিষদ বিদ্যালয়ৰ দ্বিতীয়গৰাকী অন্তিম ছাত্ৰী

ঘাড়াপুৰিত শিক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন বাধাৰ বাবে ভাৱিকাৰ দৰে দুই-একেহে শিক্ষালাভ কৰিব পাৰে। শিক্ষাৰ পাৰিবাৰিক সামাজিক হাৰ (এন.এছ.এছ.ৰ ৭৫তম সমীক্ষা, ২০১৭-১৮) অনুযায়ী গ্ৰাম্য ভাৰতৰ ১৫ বছৰ আৰু ইয়াৰ উৰ্দ্ধৰ ৫.৭ শতাংশ শিক্ষাৰ্থীয়ে স্নাতক বা ইয়াৰ ওপৰৰ শিক্ষা লাভ কৰিব পাৰে। গ্ৰাম্য মহাৰাষ্ট্ৰত এই সংখ্যা অলপ ভাল, এতিয়াও ১২.৫ শতাংশই স্নাতক পৰ্য্যায় বা তাৰ উৰ্দ্ধৰ শিক্ষা গ্ৰহণ কৰিছে যদিও এই হাৰ যথেষ্ট নহয়। শিক্ষাৰ প্ৰতি আগ্ৰহ নথকা বাবেই বহুতো ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন আধৰুৱাকৈ এৰি দিয়ে। বিষয়-বস্তুৰ লগত খাপ খাব নোৱাৰা বা শিক্ষাৰ মাধ্যম, বিদ্যালয়ৰ দূৰত্ব, আৰ্থিক অনাটন আৰু ঘৰুৱা বা উপাৰ্জনৰ লগত জৰিত হোৱা ইয়াৰ অন্যতম কাৰণ।

এইসকলৰ মাজৰ এগৰাকী হৈছে ঘাডাপুৰিৰ সোণাল মাহাত্ৰে, তেওঁৰ বয়স এতিয়া ২৩ বছৰ। তেওঁ ২০১৬ত উড়ানত দ্বাদশ শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। উড়ানত আত্মীয়ৰ ঘৰত আছিল। তেতিয়া তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জন মজলীয়া আছিল। তেওঁৰ মাতৃৰ এখন দোকান আছিল, চিপচ্ বিক্ৰী কৰিছিল আৰু পিতৃয়ে উড়ানৰ এখন নাৱত কাম কৰি মাহে ৫,০০০ টকা উপাৰ্জন কৰিছিল। এনে অৱস্থাই তেওঁক ঘাড়াপুৰিলৈ উভতি আহিবলৈ বাধ্য কৰাইছিল।

২০১৯ত বিনয় কলিয়ে উড়ানত দ্বাদশ শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰি পঢ়া এৰিলে। তেওঁ আবাসিক মাৰাঠী মাধ্যমৰ বাণিজ্য শাখাৰ ছাত্ৰ আছিল। তাত একাউণ্টচ্ পাঠ্যক্ৰম ইংৰাজীত আছিল। “ইংৰাজী পাঠ্যক্ৰম বুজিবলৈ বহুত সময় দিবলগীয়া হৈছিল,” তেওঁ কয়। ২০২০ৰ জানুৱাৰীত তেওঁ এলিফেণ্টা গুহাত ঠিকাভিত্তিত টিকট সংগ্ৰাহক হিচাপে কাম আৰম্ভ কৰে, ইয়াৰ বাবে মাহে ৯,০০০ টকা দৰমহা পাইছিল।

PHOTO • Aakanksha
PHOTO • Aakanksha

দ্বীপটোৰ বহুতো পৰিয়ালে গুহালৈ অহা পথৰ কাষত দোকান দিয়ে। সোঁফালেঃ নিৰ্বাচিত জিলা পৰিষদৰ উন্নীতকৰণৰ হেতু যোগ্যতাসম্পন্ন কৰাৰ মহাৰাষ্ট্ৰ চৰকাৰৰ আঁচনি কাৰ্য্যকৰী কৰিবলৈ ‘পথৰ ভাল যোগাযোগ’ ব্যৱস্থা এটা চৰ্ত, ইয়াৰ বাবে ঘাড়াপুৰি অৰ্হতাসম্পন্ন নহয়

দ্বাদশ শ্ৰেণীৰ পিছত কিছুমান ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিমুখী শিক্ষাৰ বাবে ইলেকট্ৰিচিয়ান, প্লাম্বাৰ, ৱেল্ডাৰ, টাৰ্নাৰ আৰু আন কিছুমান বৃত্তিৰ প্ৰশিক্ষণ লয়। “এনে পাঠ্যক্ৰমে শাৰীৰিক শ্ৰম কৰিব পৰা শ্ৰমিক গঢ়ি তুলিব পাৰে,” আহমেদ নগৰৰ শিক্ষাকৰ্মী তথা শিক্ষক ভাউচাহেব চস্কৰে কয়। “যিসকলে উচ্চশিক্ষা ল’ব নোৱাৰে, তেওঁলোক সাধাৰণতে প্ৰান্তীয় সম্প্ৰদায়ৰ হয়।”

ঘাড়াপুৰি দ্বীপত আনকি প্ৰাথমিক শিক্ষালাভৰ পথো এতিয়া বন্ধ।

২০২১ৰ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছিল যে ৰাজ্যখনৰ ৫০০ জিলা পৰিষদৰ বিদ্যালয়ক ‘আদৰ্শ বিদ্যালয়’লৈ পৰিৱৰ্তিত কৰিব – আন্তঃগাঁথনি, শিক্ষণ আৰু আন পদক্ষেপৰ দ্বাৰা উন্নত কৰা হ’ব। ইয়াৰ বাবে অৰ্হতাৰ চৰ্তসমূহ হ’ল – “বিদ্যালয়ৰ অৱস্থান মধ্যস্থানত হ’ব লাগিব আৰু বাট-পথৰ ভাল যোগাযোগ ব্যৱস্থা থাকিব লাগিব।”

স্পষ্টভাৱে ঘাড়াপুৰিৰ ইমানখিনি অৰ্হতা নাই। ঔচিতে এইবছৰ ৭ম শ্ৰেণীৰ দেওনা পাৰ হোৱাৰ লগে লগে বিদ্যালয়খনত আৰু এজনো ছাত্ৰ নাথাকিব, এপ্ৰিল মাহৰ পৰা দ্বীপটোৰ জিলা পৰিষদৰ বিদ্যালয়খন বন্ধ হৈ পৰিব।

অনুবাদ: পংকজ দাস

Aakanksha

Aakanksha is a reporter and photographer with the People’s Archive of Rural India. A Content Editor with the Education Team, she trains students in rural areas to document things around them.

Other stories by Aakanksha
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das