কোমল বগা আৱৰণ থকা মিঠা ফলটো বিচাৰি পাই কৃষ্ণন আত্মহাৰা হৈ পৰে। সি এই ফলটো ফালি উজ্বল গুলপীয়া-ৰঙা ভিতৰফালটো উলিয়াই পেলালে। ১২ বছৰীয়া আৰ. ৰাজকুমাৰে যেতিয়া অগ্ৰহেৰে ফলটোত কামোৰ মাৰিলে, তাৰ ওঠ দুটাও উজ্বল ৰঙা হৈ পৰিল। সেই কাৰণে সি আৰু তাৰ লগৰ ল’ৰা-ছোৱালীবিলাকে ‘থাপ্পাট্টিকাল্লি’ নামৰ ফলটোক ‘লিপষ্টিক ফল’ বুলি কয়। আনকেইটা ল’ৰা-ছোৱালীয়ে তাকে কৰিলে, সিহঁতেও টকালি পাৰি ফলটোত কামোৰ মাৰিলে, সিহঁতৰ মুখবিলাক ৰঙা হৈ পৰিল। এনেকৈ জংঘললৈ অহাতো সিহঁতৰ বাবে এক ৰোমাঞ্চকৰ কাৰবাৰ।

৩৫ বছৰ বয়সীয়া জি. মনিগন্দন আৰু ৫০ বছৰীয়া কে. কৃষ্ণনে ডিচেম্বৰ মাহৰ পূৱা বাট দেখুৱাই সিহঁতক জংঘললৈ লৈ গৈছিল। চেৰুক্কানুৰ গাঁৱৰ ওচৰৰ জোপোহা গছেৰে ভৰা জংঘলৰ গভীৰলৈ তেওঁলোকে বাট দেখুৱাই লৈ গৈছিল, কিছুমান গছ-লতাৰ শিপা বা আলু চিপৰাঙেৰে খান্দি উলিয়াইছিল। পাঁচটা ল’ৰা-ছোৱালী। সিহঁতৰ বয়স ডেৰ বছৰৰ পৰা ১২ বছৰলৈকে, সিহঁত আৰু সিহঁতক লৈ যোৱা লোক দুজনো ইৰুলা জনজাতীয় লোক।

সেইদিনা দেওবাৰে পুৱা সিহঁতে আলুজাতীয় ফল কাট্টু ভেল্লিকিঝাংগু বিচাৰিবলৈ ধৰিলে। ‘একেবাৰে নিৰ্ধাৰিত মাহতহে আপুনি ইয়াক খাব পাৰিব (ডিচেম্বৰ-জানুৱাৰী)। সেই সময়ত ভাল লাগে, নহ’লে আন মাহত খালে খজুৱাব,’ মনিগন্দনে ক’লে। ‘আন গছৰ মাজৰ পৰা প্ৰথমতে এই লতাডাল বিচাৰিব লাগিব। ইয়াৰ গা-গছৰ আকাৰৰ পৰা আলুৰ আকাৰ জানিব পৰা যাব আৰু মাটিৰ কিমান তলৰ পৰা খান্দি উলিয়াব লাগিব সেইটোও জনা যাব।’ সিহঁতে সেই আলু বিচাৰি আহোতেই লিপষ্টিক ফল (স্থানীয় লোকে ইয়াক নাধেল্লি পাঝাম বুলি কয়) পাইছিল।

কেইমিনিটমান ইফালে-সিফালে চোৱাৰ পিচত সিহঁতে এডাল উপযুক্ত কাট্টু ভেল্লিকিঝাংগু লতা বিচাৰি পালে আৰু কোমল আলু এটা খান্দি উলিয়ালে। ল’ৰা-ছোৱালীকেইটাও অনুসৰণ কৰিছিল আৰু সকলো পৰ্যবেক্ষণ কৰিছিল। এতিয়া আগ্ৰহেৰে আলুটোৰ ছাল গুচাবলৈ ধৰিলে আৰু খাবলৈ আৰম্ভ কৰিলে।

তামিলনাডুৰ তিৰুৱাল্লুৰ জিলাৰ তিৰুট্টানি তালুকত থকা গাওঁখনৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত থকা চেৰুক্কানুৰ ইৰুলা জনজাতিৰ বসতিপ্ৰধান বাংগালামেডুলৈ পুৱা ন বজাত ওলাই যোৱা দলটো দুপৰীয়া উভতি আহিল।

Top row: Manigandan and Krishnan find a kuttikizhangu climber in the forest; Krishnan's teeth turn red from the 'lipstick fruit'. Bottom: For the Irula children of Bangalamedu, the red-staining fruit is a delight
PHOTO • Smitha Tumuluru

ওপৰৰ শাৰীতঃ মনিগন্দন আৰু কৃষ্ণনে জংঘলত এটা কুট্টিকিঝাংগু বিচাৰি পালে। ‘লিপষ্টিক ফল’ খাই কৃষ্ণনৰ দাঁত ৰঙা হৈ পৰিল। তলৰ শাৰীতঃ বাংগালামেডুৰ ইৰুলা জনজাতিৰ ল’ৰা-ছোৱালীৰ বাবে ৰঙা ৰং বোলোৱা ফলটো এক আনন্দৰ কাম

মনিগন্দন আৰু তাৰ লগৰীয়াবোৰে সিহঁতে জংঘলত সংগ্ৰহ কৰা কিছুমান শাক-পাত মোক দেখুৱাল। কাট্টু ভেল্লিকিঝাংগুৰ উপৰি লঘু আহাৰৰূপে ব্যৱহাৰ কৰা কনকিপাঝাম নামৰ মিঠা ফল এবিধ, জলাশয়ৰ পৰা উঠাই অনা থামাৰাই কিঝাংগু আৰু শাক-পাচলিৰ দৰে ৰান্ধি খাব পৰা মাটু কালিমুলাম-ইয়াৰ পাত চোবাই উঠি পানী খালে মিঠা মিঠা লাগে, আৰু কঝি কালিমুলাম, ইয়াক য’তে-ত’তে মিলাই খাব পাৰি। এনে শাক-পাচলি বা ফল-মূলবোৰ কেৱল ইৰুলা জনজাতিৰ লোকেহে ব্যৱহাৰ কৰে।

পুৱা যেতিয়া একো আহাৰ নোখোৱাকৈ তেওঁলোকে সাত বজালৈ জংঘললৈ ওলাই যায়, বিশেষকৈ সেই ক্ষেত্ৰত কঝি কালিমূলাম বেছি কামত আহে, জংঘলৰ পৰা তেওঁলোক ঘুৰি আহে সন্ধিয়া ৫ বজাত। ‘এয়া খোৱাৰ পিচত কেইবাঘণ্টালৈ ভোক নালাগে,’ মনিগন্দনে ক’লে।

খাব পৰা শিপা, ফল-মূল, আলু আৰু ঔষধি গছ-লতা বিচাৰি কিছুমান মানুহে সদায় জংঘললৈ যায়। দীৰ্ঘকাল ধৰি জনজাতীয় লোকসকলৰ বাবে এই অৰণ্য হৈছে আহাৰ আৰু ঔষধৰ উৎস। বনৌষধি গছ-লতা, শিপা, ফুল আৰু গছৰ বাকলি কিছুমান সাধাৰণ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত কামত আহে বুলি মনিগন্দনে ক’লে। উদাহৰণ স্বৰূপে পানীত হোৱা এবিধ ভেঁটফুল- এল্লিথামাৰাই আৰু থামাৰাই কিঝাংগু-এবিধ পদুম ফুল, ইয়াৰ শিপা সিজাই খালে পেটত হোৱা ঘাঁৰ দৰে অসুখ আৰোগ্য হয়, আৰু চিন্না ইলাই, সৰু সৰু পাতৰ গছ, পোক-পৰুৱাই কামুৰিলে ছালত হোৱা ৰোগ নিৰাময় কৰিব পাৰি।

Left: A kaattu vellikizhangu tuber dug out from the forest. Right: The thamarai kizhangu, or lotus roots, help treat stomach ulcers
PHOTO • Smitha Tumuluru
Left: A kaattu vellikizhangu tuber dug out from the forest. Right: The thamarai kizhangu, or lotus roots, help treat stomach ulcers
PHOTO • Smitha Tumuluru

বাওঁফালেঃ জংঘলৰ পৰা খান্দি উলিওৱা এটা কাট্টু ভেল্লিকিঝাংগু আলু। সোঁফালেঃ থামাৰাই কিঝাংগু বা ভেঁট ফুলৰ শিপাই পেটৰ ৰোগ নিৰাময় কৰে

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষভাবে বিপদাপন্ন জনজাতীয় গোট (পি.ভি.টি.জি.)ৰ তালিকাত ইৰুলাসকলক তালিকাভূক্ত কৰা হৈছে। দেশৰ এনে ধৰণৰ ৭৫ টা পি.ভি.টি.জি.ৰ ভিতৰত এটা জনজাতিৰূপে ইৰুলাসকলক চিহ্নিত কৰা হৈছে। তামিলনাডুত এনে বিপদাপন্ন ৬টা জনজাতীয় গোষ্ঠী আছে। নীলগিৰি পৰ্বতকে ধৰি সমতলৰ কিছুমান গাঁৱত ইৰুলাসকল থাকে যদিও জনজাতীয় লোকৰ বাসস্থানৰ পৰা দুৰত থাকি ভাল পায়- তামিলনাডুৰ ভিন ভিন স্থানত তেওঁলোক আছে।

২০০৭ত গাঁৱৰ আন লোকৰ সৈতে বিবাদ হোৱাৰ বাবে চেৰুক্কানুৰ পৰা প্ৰায় ১৫ টা পৰিয়াল বাংগালামেডুৰ এই সৰু গাওঁখনলৈ আহে (কালক্ৰমত ৩৫ টা পৰিয়াল এই ঠাইলৈ স্থানান্তৰ হৈছিল বুলি মনিগন্দনে ক’লে। এই অঞ্চলতে এন.জি.অ’. এটাৰ বিদ্যালয় ছুটীৰ পিছত চলোৱা এটা শিক্ষাকেন্দ্ৰ মনিগন্দনে পৰিচালনা কৰে। এই ক্ষুদ্ৰ গাওঁখনৰ ঘৰবোৰ হ’ল মাটিৰ সৰু সৰু জুপুৰি, অৱশ্যে ২০১৫ আৰু ২০১৬ চনত হোৱা বিধ্বংসী বৰষুণৰ পিছত এন.জি.অ’.টোৱে ১২ টা পকীঘৰ নিৰ্মাণ কৰি দিছিল।

শিক্ষাকেন্দ্ৰটোৰ আন এজন শিক্ষক সুমতি ৰাজুৰ দৰে মনিগন্দনেও চেৰুক্কানুৰ পঞ্চায়ত ইউনিয়ন মিডল স্কুলত ৮ম মানলৈ পঢ়়িছিল। দশম শ্ৰেণীৰ ওপৰলৈ বাংগালামেডুৰ কোনেও আজিলৈকে পঢ়া সম্পূৰ্ণ কৰা নাই। কষ্ণনে কেতিয়াও স্কুললৈ যোৱা নাই। বহুতে ৮ম মান শ্ৰেণীৰ পিছত স্কুল এৰি দিলে, কাৰণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ইয়াৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰ হয়। সুমতিয়ে ক’লে, বহুতো ছাত্ৰৰ বাবে নতুন স্কুললৈ যোৱা টান হৈ পৰে। অটোৰিক্সা বা বাছত উঠিবলৈ ল’ৰা-ছোৱালীয়ে অকলে দুই কিলোমিটাৰ বাট খোজ কাঢ়ি যাব লাগিব, পৰিয়ালে দৈনিক এই খৰছ বহন কৰিব নোৱাৰে।

সৰু সৰু জীৱজন্তুৰ চিকাৰ আৰু খোৱাৰ উপযোগী গছ-বন বিচৰাৰ বাবে সুক্ষ্ম পৰ্যবেক্ষণ দক্ষতা আৰু জীৱ-জন্তুৰ আচৰণ, সিহঁতৰ বাসস্থান তথা স্থানীয় বতৰ সম্পৰ্কে গভীৰভাবে জানিব লাগিব

‘আমাৰ মানুহে এইবোৰ খাই জীয়াই থাকিছিল’

শিক্ষাগত সীমাবদ্ধতাৰ বাবে ইৰুলাসকলৰ বাবে কাম পোৱাৰ সুযোগ-সুবিধাও সীমিত। তেওঁলোকে চেৰুক্কানুৰ বা ওচৰৰ পঞ্চায়ত অথবা ১২ কিলোমিটাৰ দূৰত তিৰুথানি নগৰৰ ক্ষুদ্ৰ নিৰ্মাণ সংস্থাত সাধাৰণতে দিন মজদূৰৰূপে কাম কৰে। তেওঁলোকে ধানখেতি, কুঁহিয়াৰ কটা, বাঁহ কটা বা বাগিচাত পানী দিয়া কাম কৰে। নিৰ্মাণ কাৰ্যত ব্যৱহৃত ছাভুক্কু গছ কটাৰ কামো কিছুমানে কৰে। সমগ্ৰ তিৰুথানি তালুকত বিয়পি থকা ইটাৰ ভাটা বা কাঠ পোৰা কয়লা ভাটাত কিছুসংখ্যকে কাম কৰে। সকলো কাম অস্থায়ী আৰু অনিশ্চিত। দিনে ৩০০ টকাকৈ খুব বেছি মাহত তেওঁলোকে ১০ দিন কাম পায়। এটা সময়ত মহিলাসকলে দিনে ১৭০ টকা মজুৰীত চৰকাৰৰ এম.জি.এনৰেগা আঁচনিৰ কাম পাইছিল, তেওঁলোকে গছপুলি ৰোপন, নলা খন্দা বা জংঘল চাফা কৰা কাম কৰিছিল।

এটা নে দুটা ইৰুলা পৰিয়ালে গাখীৰৰ বাবে ছাগলী পুহিবলৈ আৰম্ভ কৰিছে। ওচৰৰ বজাৰত গাখীৰ বিক্ৰী কৰে। কাষৰে জলাশয়বোৰত অলপ মাছ পোৱা যায়। এসময়ত খেতিয়কবোৰে ইৰুলাসকলক এন্দুৰ ধৰিবলৈ লগাইছিল। এন্দুৰে মাটিৰ তলেৰে সুৰংগ খান্দি দ গাঁতত পথাৰৰ ধানবোৰ লৈ গৈ জমা কৰে। তেওঁলোকে এন্দুৰৰ মাংস চম্ভাৰত ব্যৱহাৰ কৰে আৰু খেতিয়কৰ খেতি এন্দুৰৰ পৰা ৰক্ষা কৰে।

সীমিত উপাৰ্জনেৰে জীৱন-ধাৰণ কৰা ইৰুলাসকলৰ শাক-পাচলি বা মাংসৰ বাবে অৰণ্য একমাত্ৰ উৎস। ‘আমি যেতিয়া কামলৈ ওলাই যাও, আহাৰৰ বাবে আমি অৰণ্যলৈ যাও। আমি সৰু সৰু জীৱ-জন্তু চিকাৰ কৰো,’ মনিকন্দনে ক’লে। ‘আমি শহাপহু, শামুক, কেৰ্কেটুৱা আৰু কিছুমান চৰাই বিচাৰো।’ কোনোবাই কেতিয়াবা শহাপহুৰ মাংস কিলোগ্ৰামত ২৫০ টকাত বিক্ৰী কৰে। তেওঁ কয়, ‘খুব ভাগ্যৱানজনেহে শহাপহু ধৰিব পাৰে। এটা শহা ধৰিবলৈ কেতিয়াবা এসপ্তাহৰ পৰা ১০ দিন পৰ্যন্ত সময়ৰ দৰকাৰ হয়। এদিনতে দুটা বা তিনিটা শহা ধৰা দিনটো আমাৰ বাবে অতি বিৰল দিন। শহাবোৰে মুকলিলৈ ওলাই নাহে। আমি দীঘল লাঠি লৈ ঘন জোপোহাৰ মাজত সিহঁতক খেদি ফুৰো, যাতে সিহঁত দৌৰি আহি আমাৰ ফান্দত পৰে। কিন্তু জোনৰ পোহৰতো শহাবোৰে ভালকৈ দেখে। মিহি তাঁৰেৰে তৈয়াৰী ফান্দ সিহঁতে দেখা পায় আৰু ফান্দ পাতি থোৱাৰ ফালে নাহে। সেই কাৰণে আমি আউসীৰ ৰাতি ওলাও। সেইদিনা আকাশত জোন নাথাকে, গতিকে আমি শহা ধৰিবলৈ ওলাও।’

Left: Krishnan and companions with a rat they caught from its tunnel in a paddy field; at times farm owners engage the Irulas to rid their fields of rats. Centre: M. Radha with a dead rabbit she and her husband Maari caught after a full day's effort. Right: The learning centre for children run by G. Manigandan
PHOTO • Smitha Tumuluru
Left: Krishnan and companions with a rat they caught from its tunnel in a paddy field; at times farm owners engage the Irulas to rid their fields of rats. Centre: M. Radha with a dead rabbit she and her husband Maari caught after a full day's effort. Right: The learning centre for children run by G. Manigandan
PHOTO • Smitha Tumuluru
Left: Krishnan and companions with a rat they caught from its tunnel in a paddy field; at times farm owners engage the Irulas to rid their fields of rats. Centre: M. Radha with a dead rabbit she and her husband Maari caught after a full day's effort. Right: The learning centre for children run by G. Manigandan
PHOTO • Smitha Tumuluru

ধাননি পথাৰৰ গাঁতৰ পৰা ধৰি অনা এন্দুৰৰ সৈতে কৃষ্ণন আৰু তেওঁৰ লগৰীয়াসকলঃ এটা সময়ত খেতিয়কসকলে এন্দুৰৰ উপদ্ৰৱৰ পৰা ধানখেতি বচাবলৈ ইৰুলাসকলক দায়িত্ব দিছিল। মাজতঃ গোটেই দিনটোৰ চেষ্টাৰ অন্তত এম. ৰাধা আৰু তেওঁৰ স্বামী মাৰিয়ে ধৰা মৃত শহাটো। সোঁফালেঃ জি. মনিগন্দনে চলাই থকা ল’ৰা-ছোৱালীৰ শিক্ষাকেন্দ্ৰটো

সৰু জীৱ-জন্তুৰ চিকাৰ কৰা আৰু খোৱাৰ উপযোগী গছ-লতা বিচাৰিবৰ বাবে সুক্ষ্ম পৰ্যবেক্ষণৰ কৌশল আৰু জীৱ-জন্তুৰ আচৰণ, বাসস্থান তথা উপযোগী বতৰ ভালকৈ বুজি পাব লাগিব। ইৰুলাসকলৰ মাজত এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এই জ্ঞান প্ৰৱাহিত হৈ আহিছে। যেনেকৈ কষ্ণন আৰু মনিগন্দনৰ লগত সেইদিনা দেওবাৰে যিকেইটা ল’ৰা-ছোৱালী জংঘললৈ গৈছিল, সেই শিশুসকলে সেই অভিজ্ঞতা লাভ কৰিলে। ‘আমি সপ্তাহৰ শেষলৈ আৰু স্কুলৰ বন্ধলৈ অপেক্ষা কৰো। তেতিয়া আমাৰ ল’ৰা-ছোৱালীহঁতৰ অভিভাৱকে সিহঁতক লৈ আমাক জংঘললৈ যোৱাৰ অনুমতি দিয়ে,’ ১৩ বছৰীয়া আৰ. অনুষাই ক’লে। তাই চেৰাক্কানুৰৰ পঞ্চায়ত স্কুলৰ ৮ম মান শ্ৰেণীত পঢ়ে।

ইৰুলাসকলৰ বাবে এসময়ত জুই জ্বলোৱা খৰি, আহাৰ, ঔষধ আৰু জীৱিকাৰ প্ৰধান উৎসস্বৰূপ ঘন হাবি-জংঘলেৰে ভৰা এই অৰণ্য দশকৰ পিছত দশক ধৰি সংকুচিত হ’বলৈ আৰম্ভ কৰিছে। খেতিৰ বাবে বা আম বাগান খুলিবলৈ বনাঞ্চলৰ কিছুমান মাটি গছ-গছনি কাটি মুকলি কৰা হৈছে। কিছুমান ঠাই মুকলি কৰি গৃহ নিৰ্মাণ কৰা হৈছে, আৰু আন কিছুমান ঠাইত ইৰুলাসকলৰ প্ৰৱেশক বাধা দিবলৈ থিৰুৱাল্লুৰ জিলাৰ অ-জনজাতীয় লোকে মাটিৰ মালিকীস্বত্ব দাবী কৰি বেৰি লৈছে।

বনাঞ্চল হ্ৰাস আৰু কামৰ সুযোগৰ অনিশ্চয়তাৰ মাজতে বহুতো ইৰুলা পৰিয়ালে ভাবে, শিক্ষা লাভ কৰাৰ দ্বাৰা তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে ভৱিষ্যতে কামৰ সুবিধা লাভ কৰিব। মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ বহুতো অসুবিধাৰ সমুখীন হোৱা স্বত্বেও ইৰুলা জনজাতিৰ বহুতে পঢ়িবলৈ প্ৰচেষ্টা চলাইছে। মনিগন্দনৰ অধ্যয়ন কেন্দ্ৰত তেওঁৰ ৩৬ বছৰীয়া ভনীয়েক কে. কান্নিয়াম্মাই তেওঁৰ নাতিনীক লৈ উপস্থিত হ’ল। তেওঁ ক’লে, ‘আমাৰ সন্তানে ভালকৈ পঢ়া-শুনা কৰক আৰু ভাল চাকৰি পাওঁক, আমি তাকে বিচাৰো। সিহঁতো আমাৰ নিচিনা হোৱা নিবিচাৰো। উপাৰ্জন কৰিবলৈ আৰু জীয়াই থাকিবলৈ যাতে সংগ্ৰাম কৰিবলগা নহয়।’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Smitha Tumuluru

স্মিতা তুমুলুৰু বাংগালুৰুৰ এগৰাকী তথ্যচিত্ৰ ফটোগ্ৰাফাৰ। তামিলনাডুৰ উন্নয়ন প্ৰকল্প সম্পৰ্কীয় তেওঁৰ আগৰ লেখাত গ্ৰাম্য জীৱনৰ প্ৰতিবেদন আৰু তথ্য প্ৰকাশ পাইছিল।

Other stories by Smitha Tumuluru