আব্দুল চাত্তাৰে বেংগালুৰু এৰি যোৱাৰ চাৰিমাহ হ’ল, তলাবন্ধই তেওঁলোকক চহৰ এৰিবলৈ বাধ্য কৰিছিল।

“পলম হ’লেও যিকোনো প্ৰকাৰে আমি যামেই,” তেওঁ কৈছিল। যোৱা ২০ মে’ত ঘূৰ্ণীবতাহ আমফান অহাৰ সময়ৰ কথা। আব্দুল আৰু তেওঁৰ বন্ধুসকলে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ নিজৰ গাওঁ চাক লাচ্চিপূৰলৈ ১৮০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি যাবলৈ উদগ্ৰীৱ হৈ পৰিছিল।

মুম্বাইৰ পৰা বেংগালুৰুলৈ আব্দুল অহা মাত্ৰ কেইমাহমান হৈছিল। সম্ভৱতঃ জানুৱাৰী নে ফেব্ৰুৱাৰীত। তেওঁৰ পত্নী, ৩২ বছৰীয়া গৃহিণী হামিদা বেগমে তেওঁলোকৰ সন্তান চালমা খাতুন (১৩) আৰু য়াছিৰ হামিদ (১২)ক লৈ জিলাখনৰ ঘাটাল তালুকৰ নিজৰ গাঁৱৰ তিনিটা কোঠাৰ এটা সৰু ঘৰত বাস কৰে। তেওঁৰ পৰিয়ালৰ ২৪ দিছমিল (এক একৰৰ এক চতুৰ্থাংশ) মাটি আছে, সেই মাটিত তেওঁৰ ভায়েকে ধান খেতি কৰে।

আব্দুলে ৮ম শ্ৰেণীৰ পিছত স্কুললৈ যোৱা বন্ধ কৰি সূচিশিল্প শিকিছিল। গাঁৱৰ আন বহুতেই এই কাম কৰিছিল। তেতিয়াৰে পৰা তেওঁ বিভিন্ন ঠাইলৈ গৈছিল, কেইবছৰমান দিল্লীত কাম কৰিছিল, তাৰ পিছত মুম্বাইলৈ গ’ল, ৫-৬ মাহৰ মূৰত এবাৰ ঘৰলৈ আহে। “মই মেচিন এম্ব্ৰইডাৰী কৰো। মুম্বাইত বেছি কাম নাপালো, সেয়ে মই মোৰ ভতিজাৰ লগত কাম কৰাৰ কথা ভাবিলো,” তেওঁ কয়।

দক্ষিণ বেংগালুৰুত তেওঁৰ ৩৩ বছৰীয়া ভতিজা হাছানুল্লাহ শ্বেখ (আধাৰ কাৰ্ডত থকা নাম)য়ে স্থাপন কৰা ক্ষুদ্ৰ কাপোৰ চিলাই কৰা ব্যৱসায়ত ৪০ বছৰীয়া আব্দুলে যোগ দিলে। আন পাঁচজনৰ সৈতে তেওঁলোকে এটা কোঠা ভাড়ালৈ ল’লে। আটাইকেইজনৰ ঘৰ মেদিনীপুৰৰ ঢাক লাচ্চিপূৰত। ছয়োজনেই হাছানৰ দোকানৰ দৰ্জী আৰু সূচিশিল্পী হিচাপে কাম কৰে।

Despite the uncertainty, Abdul Sattar, who does machine embroidery (left) and his cousin Hasanullah Sekh (right) were prepared to brave the 1,800-kilometre journey home to Chak Lachhipur village
PHOTO • Courtesy: Abdul Settar
Despite the uncertainty, Abdul Sattar, who does machine embroidery (left) and his cousin Hasanullah Sekh (right) were prepared to brave the 1,800-kilometre journey home to Chak Lachhipur village
PHOTO • Smitha Tumuluru

মেচিন এম্ব্ৰইডাৰী কৰা আব্দুল চাত্তাৰ (বাওঁফালে) অনিশ্চয়তা সত্ত্বেও তেওঁৰ ভতিজা হাছানুল্লাহ শ্বেখ (সোঁফালে)য়ে ১৮০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি নিজৰ গাওঁ লাচ্চিপূৰলৈ উভতি আহিছিল

পত্নী আৰু ছবছৰীয়া সন্তানৰ সৈতে হাছান ১২ বছৰ বেংগালুৰুত আছে। হাছান আৰু তেওঁ লগৰকেইজনে এপ্ৰিল আৰু মে’ মাহৰ সময়ত বিয়া আৰু ৰমজানৰ সময়ত অধিক কাম পোৱালৈ বাট চায়। “এই কেইমাহত আমি বহুত কাম পাওঁ,” তেওঁ কয়। এই সময়খিনিত আমাৰ প্ৰতিজনে দিনে ৪০০-৫০০ টকা উপাৰ্জন কৰিব পাৰে। প্ৰতিজনে মাহে ১৫,০০০-১৬,০০০ টকা এই সময়খিনিত উপাৰ্জন কৰাৰ কথা ভাবে। সকলো খৰছ কৰাৰ পিছত হাছানৰ হাতত কমেও ২৫,০০০ টকা থাকি যায়, সেইখিনি তেওঁৰ উপাৰ্জন।

“আমাৰ বেছিভাগেই ঘৰ ভাড়াকে ধৰি খোৱা-থকাৰ বাবে মাহে ৫০০০-৬০০০ টকা ব্যয় কৰে আৰু থকা টকাখিনি ঘৰলৈ পঠিয়ায়,” আব্দুলে কয়। “মই ঘৰ চলাব লাগে, ল’ৰা-ছোৱালীৰ মাচুল দিব লাগে। মা-দেউতাৰ বাবেও অলপ খৰছ কৰিব লাগে, দৰৱ-পাতি আৰু খোৱা-বোৱাৰ খৰছ দিও।” (তেওঁৰ মা-দেউতা ডাঙৰ ককায়েকৰ লগত থাকে, তেওঁলোকৰ চাৰিজন ককাই-ভাই-ভনী। ডাঙৰ ককায়েকে ধানখেতি কৰে, ঘূৰ্ণী আমফানৰ পাছত হোৱা বানপানীয়ে সকলোখিনি ধানখেতি মাৰি থৈ গ’ল। বহুত লোকচান হ’ল।)

কিন্তু তলাবন্ধ ঘোষণাৰ পিছত আব্দুলে বেংগালুৰুত মাত্ৰ দুমাহ কাম কৰিছিল। তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ পৰাত, খাদ্য-সামগ্ৰীও নোহোৱা হ’ল। “ঘৰৰ পৰা ওলাব নোৱাৰা হ’লো,” হাছানে কয়। “আমাৰ এলেকাৰ সকলো দোকান বন্ধ হৈ পৰিল। ক’ৰ পৰা খোৱাবস্তু কিনিম, জনা নাছিলো। দৈৱাৎক্ৰমে ওচৰতে এটা মছজিদ আছিল। স্বেচ্ছাসেৱকসকলে দিনে দুবাৰ খাদ্য যোগান ধৰিবলৈ ধৰিলে।”

“ইয়াতে আমাৰ গাঁৱৰ পৰা অহা বহুত মানুহ আছে, বেংগালুৰুৰ আন আন ঠাইতো আছে,” আব্দুলে মোক ক”লে। “সকলোবোৰে আমাৰ নিচিনা একে কাম কৰে- চিলাই আৰু সূচিকৰ্ম। সাধাৰণতে ৫-৬ জনে এটা কোঠা ভাড়ালৈ লয়। আমি দেখিলো যে তেওঁলোকৰ কোনো উপায় নোহোৱা হ’ল আৰু হাতত থকা পইছাও শেষ হ’ল,” নাগৰিক স্বেচ্ছাসেৱীয়েও আমাক খাদ্যবস্তু দি সহায় কৰিছিল বুলি তেওঁ কয়। “আমিও আমি পোৱা বস্তুৰ পৰা চিনাকি মানুহখিনিক বিলাই যিখিনি পাৰো সহায় কৰিছিলো। আমি আনক সহায় কৰিবলৈ বাইকত ওলোৱা দেখি আৰক্ষীয়েও আমাক ভ্ৰমণৰ অনুমতি দিছিল।”

After returning home to his wife Hamida and children Salma and Yasir, Abdul worked as a farm labourer to manage expenses
PHOTO • Courtesy: Abdul Settar
After returning home to his wife Hamida and children Salma and Yasir, Abdul worked as a farm labourer to manage expenses
PHOTO • Courtesy: Abdul Settar

পত্নী হামিদা আৰু দুই সন্তান চালমা আৰু য়াছিৰৰ কাষলৈ ওভতাৰ পিছত, উপাৰ্জনৰ বাবে আব্দুলে কৃষি শ্ৰমিকৰূপে কাম কৰিছিল

দুমাহ কোনো উপাৰ্জন নোহোৱাকৈ আৰু পৰিস্থিতি সম্পৰ্কে অনিশ্চয়তাৰ মাজত আব্দুল, হাছান আৰু তেওঁলোকৰ গাঁৱৰ আন কেইবাজনো চাক লাচ্চিপূৰলৈ উভতি আহিবলৈ উদগ্ৰীৱ হৈ পৰিল। “সহায়ৰ বাবে আমি আনৰ ওপৰত আৰু কিমান দিনলৈ নিৰ্ভৰ কৰিম?” হাছানে সুধিছিল। “আমি যদি উভতি যাও, আমাৰ সকলো আত্মীয় তাতে আছে, অন্ততঃ খোৱাখিনি কোনোমতে যোগাৰ কৰিব পাৰিম।”

“এতিয়া আমি মাত্ৰ ঘৰলৈ উভতি যাব বিচাৰো,” আব্দুলে কয়। “আমাৰ ঘৰত থকা পৰিয়ালেও আমি ঘৰলৈ ঘূৰি যোৱাটো বিচাৰে। আমি ইয়াত আনৰ ওচৰত নিৰ্ভৰ কৰি চলিব নোৱাৰো। ক’ৰনা জ্বৰত আমাৰ এজন সম্পৰ্কীয় লোকৰ মুম্বাইত মৃত্যু হৈছে, পৰিয়াল আৰু আত্মীয়ৰ পৰা বহু দূৰত তেওঁৰ মৃত্যু হয়। আমাৰো যদি ইয়াত তেনেকুৱা কিবা হয়! আমাক চোৱাচিতা কৰিবলৈ কাষত পৰিয়ালৰ মানুহো নাই। এতিয়া উভতি যোৱাটোকে আমি খাটাং কৰিছো।”

ঘৰলৈ উভতি যোৱাও ইমান সহজ নহয়। অনুমতিৰ কাৰণে কাৰ ওচৰত আবেদন জনাব লাগিব, পশ্চিমবংগত প্ৰৱেশ কৰিবলৈ অনুমতি পত্ৰ (পাছ) লাগিব নেকি আৰু ৰেলগাড়ীয়ে কেতিয়া যাত্ৰা কৰিব আদি বিভিন্ন বিষয়ত নানান বিভ্ৰান্তি আছে। ইণ্টাৰনেট সেৱা খুব দুৰ্বল যদিও তেওঁলোকে বাধ্যতামূলক ভ্ৰমণ প্ৰপত্ৰ পূৰণ কৰিবলৈ সক্ষম হ’ল। এই কাম কৰিলে ৰাজ্য চৰকাৰৰ ‘ সেৱা সিন্ধু ’ ৱেবছাইটৰ দ্বাৰা। তাৰ পিছত তেওঁলোকে ১০ দিন এছএমএছ যোগে পাবলগীয়া অনুমোদনৰ বাবে অপেক্ষা কৰিলে। তেওঁলোকৰ ভ্ৰমণৰ অনুৰোধ পঞ্জীয়ন কৰিবলৈ আব্দুল ওচৰৰ আৰক্ষী থানালৈ গ’ল।

“মই একো খোৱা নাছিলো আৰু প্ৰচণ্ড ৰ’দত আৰক্ষী থানাৰ সন্মুখত কেইবাঘণ্টা থিয় হৈ থকাটো মোৰ কাৰণে কষ্টকৰ হৈ পৰিছিল,” তেওঁ মোক ক’লে। ৰেল সম্পৰ্কে অনিশ্চয়তাৰ লগতে ৰেলত আসন পোৱাৰ আগতে যাত্ৰাৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি যাব বুলি তেওঁ মনত ভয় সোমাল, সেয়ে তেওঁলোকৰ দলটোৱে আন উপায়ৰ কথা ভাবিলে। অনাচৰকাৰী ভেনবিলাকে পাঁচজন যাত্ৰীৰ বাবে ৭০,০০০ টকা বিচাৰিলে। বাছ পৰিচালক এজনে গোটেই যাত্ৰাপথৰ বাবে ২.৭ লাখ টকা বিচাৰিলে।

Farmers in Chak Lachhipur village, including Abdul's eldest brother, suffered huge losses due to Cyclone Amphan
PHOTO • Courtesy: Abdul Settar

আমফান ঘূৰ্ণীৰ বাবে খেতিৰ ভীষণ লোকচান হোৱা আব্দুলৰ জ্যেষ্ঠ ভাতৃকে ধৰি চাক লাচ্চিপুৰ গাঁৱৰ কৃষকসকল

নানা প্ৰচেষ্টা চলোৱাৰ পাছত, আব্দুল আৰু হাছানে অৱশেষত এখন বাছ যোগাৰ কৰিবলৈ সক্ষম হ’ল (ওপৰৰ বেটুপাটৰ আলোকচিত্ৰত)। “আমাৰ গাঁৱৰ এজনে ইয়াত বাছ চলায়, আমি তেওঁক আমাক থৈ অহাৰ কাৰণে বাছখন দিবলৈ বহুত যত্ন কৰি পতিয়ন নিয়ালো।” মে’ মাহত হাছানে মোক ক’লে। “সিহঁতে আমাৰ সকলোৰে পাছৰ ব্যৱস্থা কৰিলে আৰু পশ্চিমবংগ চৰকাৰৰ অনুমতি ল’লে। আমি ৩০ জন মানুহৰ এটা দল গোট খালো, আমি গোটেইখিনি একেখন গাঁৱৰ, আমি সকলো চিলাই আৰু সূচিকৰ্মৰ ব্যৱসায়ৰ লগত জড়িত। আমি ১.৫ লাখ টকা দিব লাগিব। কেইটামান ল’ৰাই সোণ আৰু মাটি বন্ধকত থ’লে। কাইলৈ পুৱা বাছখন আহি পাব আৰু আমি যাত্ৰাৰম্ভ কৰিম।”

অন্ধ্ৰপ্ৰদেশৰ সীমান্তত বাছখনৰ পলম হোৱা বাবে দলটোৱে পৰিকল্পনা কৰা মতে পিছদিনা পুৱা যাত্ৰা কৰিব নোৱাৰিলে আৰু তেওঁলোকে এদিন পলমকৈ ২০ মে’ত যাত্ৰা আৰম্ভ কৰিলে। সেই দিনটোতে ঘূৰ্ণীবতাহৰ ফলত পশ্চিমবংগত প্ৰৱল বৃষ্টিপাত আৰু ভূস্খলন হ’বলৈ ধৰিছিল। বিভিন্ন তালাচী চকীত ৰৈ ৰৈ আহিবলগীয়া হোৱা বাছখনে ২৩ মে’ত চাক লাচ্চিপুৰ গাওঁ আহি পায়। ঘৰ আহি পোৱাৰ পিছত আব্দুল আৰু তেওঁৰ লগৰ সকলোৱে তেওঁলোকৰ সৰু সৰু পঁজাত আইচ’লেচনত থাকিবলগীয়া হ’ল।

যেতিয়া তেওঁলোকে বেংগালুৰু এৰিলে, হাছান আৰু তেওঁৰ পৰিয়ালে ভাড়াঘৰ খালী কৰি দিলে। কিন্তু চিলাই কৰা সঁজুলি থকা দোকান ঘৰটো এৰি নিদিলে আৰু কৰ্মচাৰীসকল থকা কোঠাটোও ৰাখি থৈ আহিল। এপ্ৰিল আৰু মে’ মাহৰ দিবলৈ থকা ভাড়া আগধন হিচাপে দিয়া ১০,০০০ টকাৰ পৰা কটা গ’ল। মে’ৰ পিছৰ ভাড়াখিনি তেওঁ ঘূৰি আহি দিয়ালৈ অপেক্ষা কৰিব বুলি ভাড়াঘৰৰ মালিকনীয়ে ক’লে।

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত হাছান বেংগালুৰুলৈ উভতি আহিল। তলাবন্ধ শিথিল কৰা হ’ল যদিও তেওঁ কয় যে কাম পাবলৈ নোহোৱা হ’ল। “আনকি আমি দোকান খুলিলেও সূচিকৰ্ম বা ডাঙৰ কিবা চিলাই কৰিবলগীয়া কাম লৈ কোনোবা আহিব বুলি আশা কৰা নাই, অলপ দিন বাট চাব লাগিব। কিছুদিনৰ বাবে ব্যৱসায় মন্দা হৈ থাকিব। আমাৰ তেনেই সৰু ব্যৱসায়। দৈনিক পইছা নোপোৱাকৈ চহৰত থকাৰ কথা আমি ভাবিব নোৱাৰো।”

আব্দুল এতিয়াও গাঁৱতে আছে। ২৫ দিনৰ বাবে ৩০০ টকাকৈ দৈনিক মজুৰিৰ ভিত্তিত তেওঁ কাম পাইছে। তেওঁ কয় যে সাঁচতীয়া টকাৰে ঘৰৰ সকলো যাৱতীয় খৰছ তেওঁ কৰিছে। ইয়াৰ লগতে কৃষি শ্ৰমিকৰূপে কাম কৰি পোৱা ধনো ব্যয় কৰিছে। “গাঁৱত এতিয়া কোনো কাম নাই। গতিকে উভতি যাব লাগিব। মই বেংগালুৰুলৈ উভতি যাবই লাগিব।”

কিন্তু বেংগালুৰুত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ আব্দুল উদ্বিগ্ন। “হাছান ভাইয়ে কোৱা মতে মই বেংগালুৰুলৈ যাবলৈ ঠিক কৰিছো। উপাৰ্জন নোহোৱাকৈ আমি এইদৰে সময় কটাব নোৱাৰো। সূচিকৰ্মৰ পৰাও আঁতৰি থাকিব নোৱাৰো। আমি চহৰলৈ উভতি যাম। এবাৰ সকলো ঠিক-ঠাক হৈ গ’লেই আমি বেংগালুৰুলৈ ঘূৰি যাম।”

অনুবাদ - পংকজ দাস

Smitha Tumuluru

Smitha Tumuluru is a documentary photographer based in Bengaluru. Her prior work on development projects in Tamil Nadu informs her reporting and documenting of rural lives.

Other stories by Smitha Tumuluru
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das