''গোলাম নবী, এনেকৈ তোমাৰ চকু কেইটা যাব আৰু! কি কৰি আছানো? যোৱা শুই থাকাগৈ!''

ৰাতি ৰাতি কাঠত খোদাই কৰি থকা দেখিলে মোৰ মাই প্ৰায়েই এনেকৈ কয়। মাৰ গালি শুনিলেও মই কাম কৰিয়েই যাও। আজি মই যি স্থানত আছো তাৰ বাবে যোৱা প্ৰায় ৬০ বছৰ ধৰি ইয়াৰ অনুশীলন চলাই গৈছো। মোৰ নাম গোলাম নবী দাৰ আৰু মই কাশ্মীৰৰ শ্ৰীনগৰৰ এজন বাঢ়ৈ।

মোৰ জন্ম কেতিয়া হৈছিল সেয়া মই নাজানো, কিন্তু এতিয়া মোৰ বয়স ৭০ বছৰ আৰু মই গোটেই জীৱন এই চহৰখনত মালিক চাহেব ছফকডাল অঞ্চলত বাস কৰি আহিছো। মই ইয়াৰেই এখন ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়িছিলো আৰু পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে তৃতীয় শ্ৰেণীতে স্কুল এৰিছিলো। মোৰ পিতৃ আলি মহম্মদ দাৰে চুবুৰীয়া অনন্তনাগ জিলাত কাম কৰিছিল কিন্তু মোৰ ১০বছৰ বয়সত তেওঁ শ্ৰীনগৰলৈ আহিছিল।

মোৰ মাতৃ, আজ্জি আৰু ১২টা ল’ৰা-ছোৱালীক ভৰণ-পোষণ দিয়াৰ বাবে তেওঁ এই চহৰতে শাক-পাচলি আৰু ধপাত বিক্ৰী কৰিছিল। ডাঙৰ ল’ৰা হিচাপে মই দেউতাক কামত সহায় কৰি দিছিলো আৰু মোৰ ভাতৃ বাছিৰ আহমদ দাৰেও সহায় কৰি দিছিল। যেতিয়া কাম কমিছিল, তেতিয়া আমি এনেই ঘূৰি ফুৰিছিলো আৰু সেই কথা এদিন মোৰ মোমাইদেউৱে দেউতাক কৈ দিছিল। কাঠত খোদাই কৰাৰ কাম শিকিবলৈ মোক আগ্ৰহী কৰি তোলা মানুহজন আছিল মোৰ মোমাইদেউ।

Ghulam Nabi Dar carves a jewelry box (right) in his workshop at home
PHOTO • Moosa Akbar
Ghulam Nabi Dar carves a jewelry box (right) in his workshop at home
PHOTO • Moosa Akbar

ঘৰৰ ৱৰ্কশ্বপত গহনা থোৱা বাকচত হস্তশিল্প খোদাই কৰাত ব্যস্ত গোলাম নবী দাৰ

He draws his designs on butter paper before carving them on the wood. These papers are safely stored for future use
PHOTO • Moosa Akbar
He draws his designs on butter paper before carving them on the wood. These papers are safely stored for future use
PHOTO • Moosa Akbar

কাঠত খোদাই কৰাৰ পূৰ্বে তেওঁ ডিজাইন এখন বিশেষ কাগজত অংকন কৰে। এই কাগজ পিছলৈ ব্যৱহাৰৰ বাবেও সংৰক্ষণ কৰি ৰখা হয়

এনেকৈ আমি কেইবাগৰাকী শিল্পীৰ হৈ কাঠ বাদামৰ কাঠত বিভিন্ন শিল্প খোদাই কৰিবলৈ আৰম্ভ কৰিছিলো। আমাক কাম দিয়া প্ৰথমজন মানুহে ভাইটি আৰু মোক আঢ়ৈ টকাকৈ দিছিল। আৰু সেয়াও প্ৰদান কৰিছিল একেৰাহে দুবছৰ তেখেতৰ সৈতে কাম কৰাৰ পিছত।

আমাৰ দ্বিতীয়গৰাকী গুৰু আছিল চুবুৰীয়া আব্দুল আজিজ ভাট। তেওঁ বহু বিদেশী গ্ৰাহক থকা কাশ্মীৰৰ এটা হস্তশিল্প প্ৰতিষ্ঠানৰ হৈ কাম কৰিছিল। শ্ৰীনগৰৰ ৰাইনাৱাৰি অঞ্চলত থকা আমাৰ কাৰখানাটোত ভালেমান দক্ষ কাৰিকৰে কাম কৰিছিল। বাছিৰ আৰু মই ৫বছৰ তাত কাম কৰিছিলো আৰু আমাৰ কাম পুৱা ৭বজাত আৰম্ভ হৈ বেলি ডুবালৈকে চলিছিল। আমি কাঠৰ গহনা থোৱা বাকচ, কফি টেবুল, লেম্প আদি তৈয়াৰ কৰিছিলো। মই কাঠৰ সৰু টুকুৰা ঘৰলৈ লৈ গৈছিলো আৰু অনুশীলন চলাইছিলো।

আমাৰ কাৰখানাটোত সম্পূৰ্ণ হৈ উঠা সামগ্ৰীবোৰ ৰখা কোঠটো সদায়ে বাহিৰৰ পৰা তলা লগাই থোৱা আছিল। এদিনাখন, মই মনে মনে ভিতৰত সোমাইছিলো। কোঠাটোত সোমায়েই চাৰিওফালে বিভিন্ন ডিজাইনৰ গছ, চৰাই আৰু আন একাধিক শিল্পকৰ্ম দেখি নিজৰ চকুকেইটাকে বিশ্বাস কৰিব পৰা নাছিলো আৰু মোৰ সৰগত থকা যেন অনুভৱ হৈছিল। তাৰপিছতে মই এই কলাটোত নিজকে সিদ্ধহস্ত কৰি তোলাৰ পণ লৈছিলো আৰু প্ৰায়ে সেই ডিজাইনসমূহ আয়ত্ব কৰিবলৈ সুযোগ পালেই কোঠাটোত ভুমুকি মাৰিছিলো। এদিন আন এজন কৰ্মচাৰীয়ে মোক ধৰা পেলাইছিল আৰু বস্তু চুৰি কৰাৰ অভিযোগ দিছিল। কিন্তু পিছত তেওঁ যেতিয়া মোৰ একাগ্ৰতা দেখিছিল তেতিয়া সেয়া ধৰি ৰখা নাছিল।

সেই কোঠাটোত সোমাই চাই চাই মই যিমান শিকিছিলো তেনেকৈ আজিলৈকে মোক কোনেও শিকাব পৰা নাই।

Left: Ghulam carves wooden jewellery boxes, coffee tables, lamps and more. This piece will be fixed onto a door.
PHOTO • Moosa Akbar
Right: Ghulam has drawn the design and carved it. Now he will polish the surface to bring out a smooth final look
PHOTO • Moosa Akbar

বাওঁফালেঃ গোলামে কাঠৰ গহনা থোৱা বাকচ, কফি টেবুল, লেম্প আদিত খোদাই কৰে। এইবোৰ দুৱাৰত লগোৱা হ’ব। সোঁফালেঃ গোলামে ডিজাইন অংকন কৰিছে আৰু খোদাই কৰিছে। এতিয়া তেওঁ সেয়া পলিছ কৰিব আৰু কামটো সম্পূৰ্ণ কৰিব

Ghulam says his designs are inspired by Kashmir's flora, fauna and landscape
PHOTO • Moosa Akbar
On the right, he shows his drawing of the Hari Parbat Fort, built in the 18th century, and Makhdoom Sahib shrine on the west of Dal Lake in Srinagar city
PHOTO • Moosa Akbar

গোলামে জনোৱা মতে তেওঁ কাশ্মীৰ গছ-লতিকা আৰু প্ৰাকৃতিক শোভাৰ পৰা ডিজাইনৰ সমল বিচাৰি লয়। সোঁফালে ১৮শতিকাত নিৰ্মাণ কৰা হৰি পৰ্বত ফৰ্ট আৰু শ্ৰীনগৰৰ ডাল হ্ৰদৰ পশ্চিমৰ মাখডুম চাহিবত থকা তেওঁৰ ডিজাইনৰ অংকন দেখুৱাইছে

অতীজত মানুহে চিনাৰ গছ, আঙুৰ, গোলাপ, পদুম আদিতো ডিজাইন কৰিছিল। এতিয়া গোলাপত ডিজাইন কৰিবলৈ মানুহে পাহৰি পেলাইছে আৰু সকলোৱে সহজে কৰিব পৰা খোদাইহে কৰে। মই তেনেধৰণৰ বহু পুৰণি ডিজাইন উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিলো আৰু অতি কমেও ১২টা নিজাববীয়া ডিজাইন খোদাই কৰিছো, যাৰ দুটা বিক্ৰী হৈছে। ইয়াৰে এটা ডিজাইন হৈছে টেবুলত হংসৰ খোদাই আৰু আনটো ডিজাইন আছিল বগাই যোৱা এজোপা লতাৰ।

১৯৮৪চনত, জম্মু-কাশ্মীৰৰ হস্ততাঁত সঞ্চালকালয়ে প্ৰদান কৰা ৰাজ্যিক পুৰস্কাৰৰ বাবে দুটা ডিজাইন প্ৰেৰণ কৰিছিলো। দুয়োটাতে মই পুৰস্কাৰ লাভ কৰিছিলো। ইয়াৰে এটা ডিজাইন কৰিছিলো কাশ্মীৰৰ এখন গাঁৱৰ পঞ্চায়ত সভাৰ আৰ্হিত। এই ডিজাইনটোত শিখ, ইছলাম, হিন্দুকে আদি কৰি বিভিন্ন সম্প্ৰদায়ৰ লোকে এখন টেবুলৰ চৌপাশে ল’ৰা-ছোৱালী আৰু কুকুৰা লৈ বহি আছিল। টেবুলখনত আছিল চাহ থোৱা পাত্ৰ, কাপ, হোকা আৰু ধপাত। টেবুলখনৰ চৌপাশে আছিল ল’ৰা-ছোৱালী আৰু কুকুৰা।

এই পুৰস্কাৰ লাভৰ পিছত মই ১৯৯৫চনত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে আবেদন কৰিবলৈ উৎসাহ অনুভৱ কৰো। এইবাৰ মই এটা বাকচত খোদাই কৰিলো। বাকচটোৰ প্ৰতিটো কোণতে আছিল মুখমণ্ডলৰ সুকীয়া অভিব্যক্তি, তাত আছিল হাঁহি আৰু উল্লাস, চকুলো বৈ অহা কান্দোন, খং আৰু ভয়। এই খোদাইৰ মাজতে তাত এটা থ্ৰী-ডি ফুলো আছিল। প্ৰথম চেষ্টাতেই মই উক্ত পুৰস্কাৰ লাভ কৰিছিলো। ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰণালয়ৰ উন্নয়ন আয়োগ (হস্তশিল্প) আৰু উন্নয়ন আয়োগ (হস্ততাঁত)ৰ হৈ তেতিয়াৰ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই মোক পুৰস্কাৰ প্ৰদান কৰিছিল। এই স্বীকৃতিয়ে মোক ''ভাৰতীয় হস্তশিল্পৰ পৌৰাণিক পৰম্পৰা উজ্জীৱিত কৰি ৰখাত'' মোক সাহস প্ৰদান কৰিছিল।

ইয়াৰ পিছতে এটা কামৰ বাবে আগতে যিসকলে মোক মাত্ৰ ১,০০০ টকা যাচিছিল সেইসকলে ১০,০০০টকা পৰ্যন্ত আগবঢ়াইছিল। এইখিনি সময়তে মোৰ প্ৰথমা পত্নী মেহবুবাৰ বিয়োগ ঘটিছিল আৰু মোৰ মা-দেউতাই সন্তান তিনিটাক চাবলৈ পুনৰ বিয়া পাতিবলৈ জোৰ দিছিল। মোৰ ল'ৰা আৰু ডাঙৰ ছোৱালীজনীয়ে দ্বাদশ শ্ৰেণীলৈ পঢ়িছে আৰু সৰু ছোৱালীজনী পঞ্চম শ্ৰেণীলৈ পঢ়িছে। ডাঙৰ ল’ৰা আবিদ এতিয়া ৩৪ বছৰীয়া আৰু মোৰ সৈতে কাম কৰে। ২০১২ চনত প্ৰথম চেষ্টাতে সি ৰাজ্যিক পুৰস্কাৰ লাভ কৰিছিল।

'Over the years, some important teachers changed my life. Noor Din Bhat was one of them,' says Ghulam. He has carefully preserved his teacher's 40-year-old designs
PHOTO • Moosa Akbar
'Over the years, some important teachers changed my life. Noor Din Bhat was one of them,' says Ghulam. He has carefully preserved his teacher's 40-year-old designs
PHOTO • Moosa Akbar

'কেইবাগৰাকী গুৰুৱে মোৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। নুৰ দিন ভাট এইসকলৰ মাজৰ এজন,’ গোলামে কয়। তেওঁ তেখেতৰ গুৰুৰ ৪০ বছৰীয়া ডিজাইন সংৰক্ষণ কৰি ৰাখিছে

Left: Ghulam's son Abid won the State Award, given by the Directorate of Handicrafts, Jammu and Kashmir, in 2012.
PHOTO • Moosa Akbar
Right: Ghulam with some of his awards
PHOTO • Moosa Akbar

বাওঁফালেঃ ২০১২ চনত জম্মু-কাশ্মীৰ চৰকাৰৰ হস্তশিল্প সঞ্চালকালয়ে প্ৰদান কৰা ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত গোলামৰ পুত্ৰ আবিদ। সোঁফালেঃ লাভ কৰা কিছু পদকৰ সৈতে গোলাম

এই সময়চোৱাত, কেইবাগৰাকী গুৰুৱে মোৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। শ্ৰীনগৰৰ নাৰৱাৰাৰ নুৰ-ৰৰ-তৈইক নামেৰে জনাজাত নুৰ দিন ভাট এইসকলৰ মাজত এজন। তেখেত মোৰ বহুত প্ৰিয়।

যেতিয়া তেখেত পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ বিচনাত পৰি আছিল তেতিয়া তেখেতক মই লগ পাইছিলো। সেই সময়ত মোৰ বয়স আছিল প্ৰায় ৪০বছৰ। মানুহে তেওঁক কাৰখানাৰ পৰা কাঠৰ টুকুৰা অথবা কফি টেবুল আনি দিছিল আৰু তাতেই তেখেতে বিচনাত শুই শুই শিল্প খোদাই কৰিছিল। তাৰ পৰা পোৱা উপাৰ্জনেৰে তেখেতে পত্নী আৰু সন্তানক চোৱা-চিতা কৰিছিল আৰু ভাইটি আৰু মোৰ দৰে কেইজনমান যুৱকক হস্তশিল্পৰ কৌশল সমূহ শিকাইছিল। যেতিয়া মই আমাক এয়া শিকাব নেকি বুলি সুধিছিলো তেতিয়া তেখেতে ৰসিকতাৰে কৈছিল, ''তুমি পলম কৰি দিলা।’’

মোৰ গুৰুৱে কিদৰে সজুঁলি, চিচ পেপাৰ ব্যৱহাৰ কৰিব লাগে আৰু ডিজাইন তৈয়াৰ কৰিব লাগে সেয়া শিকাইছিল। মৃত্যুৰ আগে আগে তেখেতে মোক মন বেয়া লাগিলে বা হতাশাত ভাগি পৰিলে বাগিছালৈ গৈ ফুলবোৰ চাবলৈ পৰামৰ্শ দিছিলঃ ''আল্লাহে কিমান ধুনীয়াকৈ এইবোৰ সজাইছে সেয়া চাবা আৰু তেতিয়াই সকলো উপলব্ধি কৰিব পাৰিবা।’’ তেখেতে মোক অইনকো এই শিল্প শিকাবলৈ উৎসাহিত কৰিছিল।

আগতে মোৰ হাত বহুত খৰকৈ চলিছিল, মই যন্ত্ৰৰ দৰে কাম কৰিছিলো। এতিয়া মোৰ বয়স বাঢ়িল আৰু হাত দুখন আগৰ দৰে নচলে। কিন্তু মই সদায়েই কৃতজ্ঞ।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Student Reporter : Moosa Akbar

Moosa Akbar recently completed his Class 12 from Sri Pratap Higher Secondary School in Srinagar, Kashmir. He reported this story during his internship with PARI in 2021-2022.

Other stories by Moosa Akbar
Editor : Riya Behl

Riya Behl is Senior Assistant Editor at People’s Archive of Rural India (PARI). As a multimedia journalist, she writes on gender and education. Riya also works closely with students who report for PARI, and with educators to bring PARI stories into the classroom.

Other stories by Riya Behl
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari