সৰুৱে মন মাৰি ঘৰৰ বাহিৰৰ আমগছজোপাৰ তলত বহি আছে। তাইৰ কোলাত থকা পানীকেঁচুৱাটোৰ কান্দোন তাই ৰখাব পৰা নাই। “মোৰ মাহেকীয়া হোৱাৰ সময় হৈছে,” তাই কয়। “মাহেকীয়া হ’লে মই কুৰ্মাঘৰত থাকিব লাগিব।” কুৰ্মা ঘৰ হৈছে তাই ঋতুস্ৰাৱৰ সময়ত ৪-৫ দিনৰ বাবে আচুতীয়াকৈ থকা ঘৰটো।

এই কথা লৈ সৰু চিন্তাত পৰিছে (সৰু তাইৰ আচল নাম নহয়)। “কুৰ্মাঘৰত উশাহ বন্ধ হৈ যোৱা যেন লাগে, কেঁচুৱাটো লগত নাথাকিলে টোপনিও নাহে,” নমহীয়া কেঁচুৱাটোক নিচুকাবলৈ যত্ন কৰা সৰুৱে কয়। তাইৰ কন্যা সন্তান এগৰাকীও আছে, নাম কোমল (আচল নাম নহয়)। চাৰে তিনি বছৰীয়া কোমল নাৰ্ছাৰীত পঢ়ি আছে। “তাইৰো এদিন ঋতুচক্ৰ আৰম্ভ হ’ব, ভাবি ভয় লাগে,” ৩০ বৰ্ষীয় সৰুৱে কয়। মাড়িয়া জনজাতীয় সম্প্ৰদায়ৰ এই পাৰম্পৰিক ৰীতিৰ চক্ৰত এদিন তাইও সোমাব লাগিব বুলি সৰুৱে উদ্বিগ্নতা প্ৰকাশ কৰে।

সৰুৰ গাওঁখনত চাৰিটা কুৰ্মাঘৰ আছে। তাইৰ ঘৰৰ পৰা ১০০ মিটাৰমান দূৰত। এই চাৰিটা ঘৰ এতিয়া সম্প্ৰদায়টোৰ ২৭ গৰাকী কিশোৰী আৰু মহিলাই ব্য়ৱহাৰ কৰি আছে। “মই মোৰ মা আৰু আইতাক কুৰ্মাঘৰলৈ যোৱা দেখিছো। আৰু এতিয়া মই। নাজানো, কোমলো চাগে এই প্ৰথাৰ বলি হ’ব লাগিব,” সৰুৱে কয়।

মাড়িয়া আদিবাসী সম্প্ৰদায়ে ঋতুস্ৰাৱ হৈ থকা মহিলাক অপৱিত্ৰ আৰু অস্পৃশ্য বুলি গণ্য কৰে আৰু তেওঁলোকক ঋতুস্ৰাৱৰ সময়খিনিত বাহিৰত ৰাখে। “১৩ বছৰ বয়সৰ পৰাই মই কুৰ্মাঘৰলৈ গৈ আছো,” সৰুৱে কয়। তেতিয়া তাই মাকৰ ঘৰত আছিল, মহাৰাষ্ট্ৰৰ গাড়চিৰোলি জিলাৰ পূৱ অংশত অৱস্থিত মাকৰ ঘৰলৈ ইয়াৰ পৰা ৫০ কিলোমিটাৰ দূৰত্ব।

যোৱা ১৮ টা বছৰত সৰুৱে জীৱনটোৰ প্ৰায় ১,০০০ টা দিন, প্ৰতিমাহে প্ৰায় পাঁচদিন সেই কুৰ্মাঘৰত কটাইছে য’ত ভাল এটা স্নানাগাৰ নাই, পানীৰ ব্যৱস্থা নাই, বিদ্যুতৰ ব্য়ৱস্থা কিম্বা বিচনা-ফেন একো নাই। “ঘৰটোৰ ভিতৰখন আন্ধাৰ আৰু বৰ ভয় লগা। এনে লাগে যেন সেই আন্ধাৰে মোক খাই পেলাব,” তাই কয়। “এনে লাগে যেন দৌৰি গৈ মোৰ কেঁচুৱাটো কোলাত ল’ম, বুকুত সাবতি ধৰিম…কিন্তু নোৱাৰোঁ।”

Saru tries to calm her restless son (under the yellow cloth) outside their home in east Gadchiroli, while she worries about having to go to the kurma ghar soon.
PHOTO • Jyoti Shinoli

সৰুৱে তাইৰ কণমানি কেঁচুৱাটোক (হালধীয়া কাপোৰেৰে মেৰিয়াই ৰখা) নিচুকাবলৈ যত্ন কৰিছে, পূৱ গাড়চিৰোলিত, কুৰ্মাঘৰলৈ চাৰি-পাঁচদিনলৈ নিৰ্বাসিত হোৱাৰ তাইৰ চিন্তা জাগিছে

মাহেকীয়াৰ সময়ত গাওঁখনৰ মহিলাই ব্যৱহাৰ কৰা কুৰ্মাঘৰটো সৰুৱে চাফা থকাটো বিচাৰে। বিষাই থকা দেহটোৰ বাবে এখন কোমল বিচনা, ঠাণ্ডাত চেনেহৰ উম থকা এখন লেপ তাই বিচাৰে। কিন্তু ঘৰটোৰ অৱস্থা তেনেই শোচনীয়। বেৰবোৰ কেঁচা আৰু টিনৰ চালিখন বাঁহেৰে বন্ধা। তেনেই হতাশ হ’বলগীয়া ঠাই। আনকি তাই যিখন মজিয়াত শুব, সেইখনো ওখোৰা-মোখোৰা। “তেওঁলোকে পঠিওৱা (স্বামী বা শাহুৱেকে) বিচনা চাদৰত শুব লাগে। মোৰ পিঠি আৰু মূৰৰ বিষ আছে, ঋতুস্ৰাৱৰ সময়ত পেটো বিষায়। পাতল বিচনা চাদৰ এখনত শোৱাটো কোনো কাৰণতে আৰামদায়ক নহয়,” তাই কয়।

সৰুৰ কাৰণে দুখ হৈ পৰে দুগুণ, কিয়নো অকলশৰে থাকিবতো লাগেই। তাতে আকৌ নিজৰ প্ৰাণৰ আপোন কেঁচুৱাটোও সেইকেইটা দিনৰ বাবে আঁতৰ হৈ পৰে। “মোৰ মনোকষ্ট আনকি মোৰ ঘনিষ্ঠজনেও বুজি নাপায়, সেয়ে বেছি দুখ লাগে।”

মহিলাৰ ঋতুস্ৰাৱৰ পূৰ্বৰ আৰু ঋতুস্ৰাৱৰ সময়ত মহিলাৰ ক্ষেত্ৰত উদ্বেগ, মানসিক চাপ আৰু হতাশাৰ দৰে মানসিক সমস্যা বৃদ্ধি পোৱাৰ সম্পৰ্ক আছে বুলি মুম্বাইৰ মনোৰোগ চিকিৎসক ডাঃ স্বাতী দীপকে কয়। “মহিলাভেদে এই লক্ষণমূহৰ তীব্ৰতা ভিন্ন। উপযুক্ত যত্ন নাপালে তেওঁলোকৰ অৱস্থা অধিক বেয়া হ’ব পাৰে,’ তেওঁ লগতে কয়। সেইখিনি সময়ত পৰিয়ালৰ মৰম-চেনেহ আৰু যত্ন অতিশয় গুৰুত্বপূৰ্ণ বুলি ডাঃ দীপকে কয়, কিয়নো বৈষম্য আৰু বিচ্ছিন্নতাই মানুহক মানসিক আঘাত দিব পাৰে।

মাড়িয়া মহিলাসকলক ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰা কাপোৰৰ পেডো ঘৰত ৰাখিবলৈ অনুমতি দিয়া নহয়। “সেইবোৰ আমি কুৰ্মাঘৰতে এৰি আহিব লাগে,” সৰুৱে কয়। পুৰণি পেটিকোটৰ কাপোৰেৰে বনোৱা কাপোৰৰ টুকুৰাবোৰ প্লাষ্টিকৰ বেগত ভৰাই কুৰ্মাঘৰতে এৰিব লাগে। তাত বাঁহৰ খুটা বা বেৰৰ ফাঁকত ওলমাই থৈ আহিব লাগে। “তাত জেঠী আৰু নিগনি আদি ঘুৰি ফুৰে, প্লাষ্টিকৰ মোনাবোৰত গৈ বহে।” লেতেৰা পেডে খজুৱতিৰ সৃষ্টি কৰে আৰু সংক্ৰমণ ঘটায়।

সেই জুপুৰী ঘৰটোত খিৰিকী নাই, ভেণ্টিলেচনৰ কোনো ব্যৱস্থা নথকা বাবে কাপোৰৰ পেডবোৰ গোন্ধায়। “বৰষুণৰ বতৰত আৰু বেয়া পৰিস্থিতি হয়,” সৰুৱে কয়। “বাৰিষাৰ দিনত কাপোৰবোৰ ভালদৰে নুশুকায় কাৰণে মই পেড (চেনিটেৰি পেড) ব্যৱহাৰ কৰোঁ,” তাই কয়। সৰুৱে ২০ টা পেডৰ পেকেট ৯০ টকা দি কিনে, সেইৰে তাই দুমাহ চলে।

তাই যোৱা কুৰ্মাঘৰটো কমেও ২০ বছৰ পুৰণি। সেইটো কোনেও মেৰামতি নকৰে। চালিৰ বাঁহবোৰ ফাঁট মেলিছে আৰু মাটি লেপা বেৰবোৰো ফাঁট মেলিছে। “গতিকে আপুনি নিজে কল্পনা কৰিব পাৰে এই জুপুৰীটো কিমান পুৰণি হ’ব পাৰে। মাহেকীয়া হোৱা মহিলাই এই ঘৰটোত থাকে কাৰণে কোনেও ঘৰটো মেৰামতি কৰিবলৈ নাহে,” সৰুৱে কয়। কিবা মেৰামতিৰ কাম থাকিলে মহিলাইহে কৰিব লাগিব।

Left: The kurma ghar in Saru’s village where she spends her period days every month.
PHOTO • Jyoti Shinoli
Right: Saru and the others who use the hut leave their cloth pads there as they are not allowed to store those at home
PHOTO • Jyoti Shinoli

বাওঁফালে : সৰুৰ গাঁৱৰ কুৰ্মাঘৰটো,তাত তাই প্ৰতিমাহে ঋতুস্ৰাৱৰ দিনকেইটা কটায় সোঁফালে : ঋতুস্ৰাৱৰ সময়ত ব্যৱহৃত কাপোৰবোৰ সৰুহঁতে ঘৰটোতে এনেকৈ ওলমাই থৈ যায়, সেইবোৰ ঘৰলৈ লৈ যোৱাৰ অনুমিত নাই

Left: A bag at the kurma ghar containing a woman’s cloth pads, to be used during her next stay there.
PHOTO • Jyoti Shinoli
Right: The hut in this village is over 20 years old and in a state of disrepair. It has no running water or a toilet
PHOTO • Jyoti Shinoli

বাওঁফালে : মহিলাৰ কাপোৰৰ পেডবোৰ কুৰ্মাঘৰত এনেকৈ টোপোলা কৰি থোৱা থাকে, সেইবোৰ পৰৱৰ্তী মাহত থাকিবলৈ আহিলে ব্যৱহাৰ কৰা হ’ব সোঁফালে : এইখন গাঁৱৰ কুৰ্মাঘৰটো প্ৰায় ২০ বছৰ পুৰণি আৰু অৱস্থা তেনেই শোচনীয় পানী কিম্বা শৌচাগাৰ একোৰে ব্যৱস্থা নাই

*****

সৰু যোৱা চাৰি বছৰে এগৰাকী সামাজিক স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী চমুকৈ আশা হোৱা স্বত্ত্বেও তেওঁক এই ঋতুস্ৰাৱৰ সময়ৰ এই প্ৰথাৰ পৰা ৰেহাই দিয়া হোৱা নাই। “মই এগৰাকী আশাকৰ্মী হোৱা স্বত্ত্বেও যোৱা বছৰকেইটাত মই গাওঁখনৰ মহিলা আৰু পুৰুষসকলৰ মানসিকতা সলনি কৰিব নোৱাৰিলো,” তাই কয়। ঋতুস্ৰাৱৰ সৈতে অন্ধবিশ্বাস জৰিত হৈ থকা কাৰণেই মানুহে এইবোৰ প্ৰথা এতিয়াও মানি চলে, সৰুৱে বুজাই কয়। “গাঁৱৰ বয়োজ্যেষ্ঠসকলে কয় যে ইয়ে (ঋতুস্ৰাৱ হৈ থকা মহিলাই ঘৰত থকাটোৱে) গ্ৰামদেৱীক বিতুষ্ট কৰিব আৰু গোটেই গাওঁখন ইশ্বৰৰ ৰোষত পৰিব।” তেওঁৰ স্বামীয়ে কলেজীয়া শিক্ষা লাভ কৰিছে যদিও “কুৰ্মা ব্যৱস্থাটো তেওঁ সমৰ্থন কৰে।”

কু্ৰ্মা প্ৰথা উলংঘা কৰিলে কুকুৰা বা ছাগলী এটা গ্ৰামদেৱীৰ নামত উচৰ্গ কৰিব লাগিব। আকাৰৰ লৈ ছাগলী এটাৰ দাম ৪ৰ পৰা ৫ হাজাৰ টকা, সৰুৱে কয়।

বিড়ম্বনাৰ কথাটো যে যদিও সৰুৱে মাহেকীয়াৰ দিনকেইটাত ঘৰত থাকিব নোৱাৰে যদিও সেইকেইটা দিনত পৰিয়ালৰ খেতিপথাৰত কাম কৰি পশুধন চৰাবলৈ দিয়া হয়। পৰিয়ালটোৰ দুবিঘা বৰ্ষানিৰ্ভৰ খেতিমাটি আছে, তাত তেওঁলোকে ধানখেতি কৰে। “জিৰণি বুলিবলৈ নাই। ঘৰৰ বাহিৰত থাকি কাম কৰিবলগীয়া হয়। কষ্ট পওঁ,” তাই কয়। এয়া ভণ্ডামি বুলিয়ে তাই কয়, “কিন্তু এই প্ৰথা বন্ধ কেনেকৈ কৰিম, মই নাজানো।"

আশাকৰ্মী হিচাপে সৰুৱে মাহে ২,০০০ৰ পৰা ২,৫০০ টকা উপাৰ্জন কৰে। কিন্তু দেশৰ আন আশাকৰ্মীসকলৰ দৰে তেঁৱো নিজৰ প্ৰাপ্য পইচাখিনি সময়ত লাভ নকৰে। পঢ়ক: ৰোগ আৰু স্বাস্থ্যৰ খতিয়ান ৰখা আশাকৰ্মীৰ খবৰ কোনে ৰাখে । “৩-৪ মাহৰ মুৰত বেংকৰ খাতাত পইচা সোমায়,” তাই কয়।

এই প্ৰথাৰ বলি হ’বলগীয়া হৈছে সৰুৰ দৰে মহিলাসকল। দেশৰ অনুন্নত জিলাসমূহৰ অন্যতম গাড়চিৰোলিৰ প্ৰায়বোৰ গাঁৱতে কুৰ্মা প্ৰথা চলি আছে। জিলাখনৰ মাড়িয়াকে ধৰি আদিবাসী লোকৰ জনসংখ্যা মুঠ জনসংখ্যাৰ ৩৯ শতাংশ। জিলাখনৰ প্ৰায় ৭৬ শতাংশ মাটি বনাঞ্চলৰ দ্বাৰা আবৃত, আৰু প্ৰশাসনিক দিশৰ পৰা জিলাখনক ‘পিছপৰা’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াত নিষিদ্ধ মাওবাদী সংগঠনৰ কেডাৰ সক্ৰিয় হৈ থকাৰ সময়তে পাহাৰীয়া অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে সঘন টহল দিয়ে।

Left: In blistering summer heat, Saru carries lunch to her parents-in-law and husband working at the family farm. When she has her period, she is required to continue with her other tasks such as grazing the livestock.
PHOTO • Jyoti Shinoli
Right: A meeting organised by NGO Samajbandh in a village in Bhamragad taluka to create awareness about menstruation and hygiene care among the men and women
PHOTO • Jyoti Shinoli

বাওঁফালে : গ্ৰীষ্মৰ প্ৰচণ্ড গৰমত সৰুৱে পথাৰত কাম কৰি থকা গিৰীয়েক আৰু শাহুৱেকৰ বাবে দুপৰীয়াৰ আহাৰ নিছে ঋতুস্ৰাৱৰ সময়ত একাষৰীয়াকৈ থাকিব দিলেও তেওঁ গৰু -ছাগলী চৰোৱা আদি কাম নকৰাকৈ থাকিব নোৱাৰে সোঁফালে : পুৰুষ আৰু মহিলাৰ মাজত ঋতুস্ৰাৱ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে ভামৰাগড় তালুকত সমাজ বন্ধ নামে বেচৰকাৰী সংস্থা এটাই এখন মেল পাতিছে

গাড়চিৰোলি জিলাখনৰ কিমানখন গাঁৱত এই কুৰ্মা ব্যৱস্থা চলি আছে, তাৰ কোনো নথিবদ্ধ তথ্য নাই। “এই প্ৰথা অনুসৰণ কৰা ২০ খন গাওঁ আমি ঢুকি পাইছো,” গাড়চিৰোলিৰ ভামৰাগড় তালুকত ২০১৬ৰ পৰা কাম কৰি থকা সমাজবন্ধু নামে বেচৰকাৰী সংস্থাটোৰ প্ৰতিস্থাপক শচীন আশা সুভাষে কয়। ঋতুস্ৰাৱৰ আঁৰৰ বিজ্ঞান, স্বাস্থ্যবিধি আৰু কুৰ্মাঘৰৰ পৰা মহিলাসকলৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা স্বাস্থ্যজনিত বিপদ সম্পৰ্কে আদিবাসী মহিলাসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে সমাজবন্ধুৰ স্বেচ্ছাসেৱকসকলে চেষ্টা চলাই আহিছে।

সজাগতাৰ এই কাম অতিকৈ প্ৰত্যাহ্বানমূলক, শচীনে কয়। তেওঁলোকৰ সজাগতা অভিযান আৰু কৰ্মশালাসমূহৰ মানুহে তীব্ৰ বিৰোধ কৰে। “কুৰ্মা ব্যৱস্থাটো হঠাতে বন্ধ কৰিবলৈ কোৱাটো সহজ নহয়। গাঁৱৰ মানুহৰ মতে এয়া তেওঁলোকৰ সংস্কৃতিৰ এটা অংশ আৰু বাহিৰা মানুহে তাত হস্তক্ষেপ কৰা উচিত নহয়।” গাঁৱৰ প্ৰভাৱশালী ব্যক্তি যেনে ভূমিয়া আৰু পেৰ্মা, গাঁৱৰ মুখিয়াল আৰু প্ৰধান পুৰোহিতে তেওঁলোকক তেনে কোনো প্ৰচাৰ নকৰিবলৈ সকিয়াই দিছে, ভাবুকিও দিছে। শচীনে বুজাই কয়, “আমি তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা কৰোঁ, কাৰণ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত মহিলাৰ তাত স্থান নাই।”

সময় বাগৰাৰ লগে লগে শচীন আৰু তেওঁৰ সতীৰ্থ স্বেচ্ছাসেৱকসকলে কিছুমান ভূমিয়াক পতিয়ন নিয়াই কুৰ্মাঘৰবোৰত বিদ্যুৎ, পানী, টেবুল ফেন আৰু বিচনা যোগান ধৰিলে। মহিলাসকলে নিজৰ কাপোৰৰ পেডবোৰ ঘৰতে, বাকচত ভৰাই থোৱাৰ সন্মতি লাভ কৰিলে। “কিছুমান ভূমিয়াই লিখিতভাৱে এইবোৰ কথাত সন্মতি দিছিল। কিন্তু কুৰ্মা ঘৰলৈ যাব নিবিচৰা মহিলাক ঘৰতে নিয়মখিনি পালন কৰিবলৈ দিয়ালৈ বহু সময় লাগিব,” তেওঁ কয়।

*****

বেজুৰত পাৰ্বতীয়ে ১০ x ১০ ফুটৰ কুৰ্মাঘৰটোত বিচনা সাজু কৰিছে। ১৭ বছৰীয়া যুৱতীগৰাকীয়ে অস্থিৰ হৈ কয়, “মই ইয়াত থাকি ভাল নাপাওঁ। ২০০ জনতকৈ কম জনসংখ্যাৰ ৩৫ টা পৰিয়ালেৰে বেজুৰ ভামৰাগড় তালুকৰে এখন সৰু গাওঁ। অৱশ্যে তাত থকা মহিলাসকলৰ মতে গাঁওখনত ৯ টা কুৰ্মাঘৰ আছে।

ৰাতি বেৰৰ জলঙাৰে সোমাই অহা জোনাকৰ পোহৰেই পাৰ্বতীক কুৰ্মাঘৰটোত থকা দিনকেইটাত অকণমান সকাহ দিয়ে। “মাজৰাতি চক খাই সাৰ পাই উঠো। কাষৰে হাবিখনৰ জীৱ-জন্তুৰ মাত শুনি ভয় খাও,” তেওঁ কয়।

বিদ্যুতৰ সুবিধা থকা তেওঁলোকৰ সুনিৰ্মিত ঘৰটো জুপুৰী ঘৰটোৰ পৰা মাত্ৰ ২০০ মিটাৰমান দূৰত। “মই ঘৰত থাকিলেহে নিৰাপদ অনুভৱ কৰোঁ। কিন্তু মা-দেউতাই গাঁৱৰ এই নিয়ম ভংগ কৰিবলৈ সংকোচবোধ কৰে,” পাৰ্বতীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি কয়। “বিকল্প একো নাই। গাঁৱৰ মানুহ এই নিয়মবোৰক লৈ কঠোৰ,” অসহায় ভাবত তাই কয়।

Left: The kurma ghar in Bejur village where Parvati spends her period days feels spooky at night.
PHOTO • Jyoti Shinoli
Right: The 10 x 10 foot hut, which has no electricity, is only lit by a beam of moonlight sometimes.
PHOTO • Jyoti Shinoli

বাওঁফালে: বেজুৰ গাঁৱৰ কুৰ্মাঘৰটো, তাত পাৰ্বতীয়ে মাহেকীয়া ঋতুস্ৰাৱৰ দিনকেইটা অকলশৰীয়াকৈ কটাবলগীয়া হয়। সোঁফালে: দহ বৰ্গফুটৰ জুপুৰীটোত বিদ্যুতৰ সুবিধা নাই, কেতিয়াবা বেৰৰ জলঙাৰে সোমাই অহা জোনাকেই একমাত্ৰ পোহৰৰ ব্যৱস্থা

পাৰ্বতী বেজুৰৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ গাড়চিৰোলিৰ এটাপল্লী তালুকৰ ভগৱন্তৰাও কলা আৰু বিজ্ঞান মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। তাত তেওঁ হোষ্টেলত থাকে, বন্ধৰ দিনত ঘৰলৈ আহে। তেওঁ কয়, “ঘৰলৈ উভতি আহিবলৈ মোৰ মন নাযায়। “গৰমৰ দিনকেইটাত অসহ্য় লাগে, এই সৰু জুপুৰিটোত সোমাই থাকিলে গোটেই ৰাতি ঘামি থাকিবলগীয়া হয়।”

কুৰ্মাঘৰত মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পানী আৰু বিদ্যুতৰ অভাৱ। পাৰ্বতীয়ে সকাহ পাবলৈ জুপুৰিটোৰ পিছফালে থকা জোপোহাবোৰৰ মাজলৈ যাব লাগে। “ৰাতি ঘোপমৰা আন্ধাৰত অকলে যাবলৈ ভয় লাগে। দিনত আমি পথচাৰীৰ ওপৰত চকু ৰাখিবলগীয়া হয়,” তেওঁ কয়। কাপোৰ-কানি ধুবলৈ আৰু চাফ-চিকুণতাৰ বাবে পাৰ্বতীৰ ঘৰৰ কোনোবাই কেতিয়াবা এবাল্টি এটা পানী দি যায়হি। ষ্টীলৰ কলহ এটাত খোৱাপানী থাকে। “কিন্তু গা ধুব নোৱাৰো,” তেওঁ কয়।

জুপুৰীটোৰ বাহিৰত মাটিৰ চৌকাত তেওঁ খাদ্য ৰান্ধে। আন্ধাৰত ৰন্ধা-বঢ়া কৰাটো সহয় নহয় বুলি তেওঁ কয়। “ঘৰত আমি বেছিভাগেই জলকীয়াৰ গুড়ি আৰু নিমখ মিহলোৱা সুস্বাদু ভাত খাওঁ। লগত থাকে কেতিয়াবা ছাগলীৰ মাংস, কুকুৰাৰ মাংস, নদীৰ মাছ...” পাৰ্বতীয়ে খোৱাবস্তুৰ তালিকাখন গাই যায়, একেখিনি বস্তু তেওঁ ইয়াতেও খায়, মাত্ৰ নিজে ৰান্ধিব লাগে। পাৰ্বতীয়ে কয়, “সেইকেইটা দিনৰ বাবে ঘৰৰ পৰা পঠোৱা পৃথক বাচন-বৰ্তন ব্যৱহাৰ কৰোঁ।

কুৰ্মাঘৰত থকাৰ সময়ত বন্ধুবৰ্গ, চুবুৰীয়া বা পৰিয়ালৰ সদস্যৰ সৈতে কথা পতাৰ অনুমতি নাই। “দিনৰ ভাগত বাহিৰত ওলাব নোৱাৰো, গাঁৱৰ ফালে যাব নোৱাৰো, তাৰো সৈতে কথাও পাতিব নোৱাৰো,” বাধা-নিষেধৰ তালিকাখন পাৰ্বতীয়ে শুনায়।

*****

ঋতুস্ৰাৱৰ সময়ত মহিলাক অপৱিত্ৰ বুলি গণ্য কৰি একাষৰীয়া কৰি ৰখাৰ এই প্ৰথাৰ ফলত ভামৰাগড়ত দুৰ্ঘটনা ঘটিছে আৰু মহিলাৰ মৃত্যুও হৈছে। “যোৱা পাঁচ বছৰত কুৰ্মা ঘৰত থকাৰ সময়ত সাপ আৰু বৃশ্বিকৰ কামোৰৰ ফলত চাৰিগৰাকী মহিলাৰ মৃত্যু হৈছে,” ভামৰাগড়ৰ চি.ডি.পি.অ’. (শিশু বিকাশ প্ৰকল্প বিষয়া) আৰ. এছ. চৱনে কয়। তেওঁ ৰাজ্যখনৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ প্ৰতিনিধি।

Left: A government-built period hut near Kumarguda village in Bhamragad taluka
PHOTO • Jyoti Shinoli
Right: The circular shaped building is not inhabitable for women currently
PHOTO • Jyoti Shinoli

বাওঁফালে : ভামৰাগড় তালুকৰ কুমাৰগুড়া গাঁৱত চৰকাৰে নিৰ্মাণ কৰি দিয়া এটা কুৰ্মাঘৰ সোঁফালে : গোলাকৃতিৰ এই ঘৰটো বৰ্তমান মহিলাৰ বসবাসৰ উপযোগী নহয়

Left: Unlike community-built kurma ghars , the government huts are fitted with windows and ceiling fans.
PHOTO • Jyoti Shinoli
Right: A half-finished government kurma ghar in Krishnar village.
PHOTO • Jyoti Shinoli

বাওঁফালে : সামূহিকভাৱে নিৰ্মিত কুৰ্মাঘৰতকৈ চৰকাৰে নিৰ্মাণ কৰা কুৰ্মাঘৰবোৰ সামান্য বেলেগ, তাত খিৰিকী আৰু চিলিং ফেন আছে সোঁফালে : কৃষ্ণৰ গাঁৱত অৰ্ধনিৰ্মিত চৰকাৰী কুৰ্মাঘৰটো

জৰাজীৰ্ণ হৈ পৰা সামূহিক কুৰ্মাঘৰৰ বিপৰীতে ২০১৯ত জিলা প্ৰশাসনে সাতটা ‘ঘৰ’ নিৰ্মাণ কৰি দিছিল, চৱনে কয়। প্ৰতিটো ঘৰত এটা সময়ত ১০ গৰাকী মাহেকীয়া হৈ থকা মহিলাৰ থকাৰ সুবিধা আছে। গোলাকৃতিৰ এই ঘৰবোৰত খিৰিকী আৰু ভেণ্টিলেচনৰ সুবিধা আছে, বিচনা আৰু বাথৰুমৰ লগতে সকলো সময়তে পানী আৰু বিদ্যুতৰ সুবিধা থাকিব লাগে।

২০২২ৰ জুনত প্ৰকাশিত এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুযায়ী কুৰ্মাঘৰৰ বিকল্প ব্যৱস্থা গঢ়াৰ বাবে গাড়চিৰোলিত ২৩ টা মহিলা বিচাৱা কেন্দ্ৰ বা মহিলাৰ বিশ্ৰাম কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল। কেন্দ্ৰ চৰকাৰৰ সহায়ত আৰু ইউনিচেফ মহাৰাষ্ট্ৰৰ প্ৰযুক্তিগত সমৰ্থনেৰে এই কেন্দ্ৰকেইটা নিৰ্মাণ কৰা হৈছে, লগতে আগন্তুক দুটা বৰ্ষত এনে ৪০০ টা কেন্দ্ৰ নিৰ্মাণৰ প্ৰকল্প জিলা প্ৰশাসনে হাতত লৈছে বুলি বিজ্ঞপ্তিখনত উল্লেখ আছে।

কিন্তু ভামৰাগড়ৰ কৃষ্ণৰ, কিয়াৰ আৰু কুমাৰগুড়া গাঁৱত নিৰ্মিত তিনিটা চৰকাৰী কুৰ্মাঘৰ পাৰিয়ে ২০২৩ৰ মে’ত সাক্ষাতৰ সময়ত সেই ঘৰকেইটা অৰ্ধনিৰ্মিত অৱস্থাত পায়, ঘৰকেইটাত থকাৰ অনুপযোগী। এই সাতটা কুৰ্মাঘৰ থকাৰ উপযোগী হৈ আছে নে নাই, সেয়া বিষয়া চৱনেও নিশ্চিতকৈ ক’ব নোৱাৰিলে। “সঠিককৈ কোৱা টান। চোৱাচিতা ভালদৰে কৰা হোৱা নাই, সেয়া সঁচা। কেইটামান কেন্দ্ৰৰ অৱস্থা ভাল নহয়, নিজে দেখিছো। আন কিছুমানত আকৌ পূঁজিৰ অভাৱত অৰ্ধনিৰ্মিত অৱস্থাতে আছে,” তেওঁ কয়।

কথাটো হৈছে, এই কুৰ্মা ব্যৱস্থাটো এনেকৈ বিকল্প ব্য়ৱস্থাৰে বন্ধ কৰিব পৰা যাবনে? “এয়া তৃণমূল পৰ্য্যায়ৰ পৰা নিৰ্মূল কৰিব লাগিব,” সমাজবন্ধুৰ শচীন আশা সুভাষে কয়। “চৰকাৰী কুৰ্মাঘৰ সমাধান নহয়। এয়া একধৰণৰ উৎসাহ যোগোৱাহে কাৰবাৰ।”

ঋতুস্ৰাৱৰ সময়ত একাষৰীয়াকৈ ৰখাটোৱে ভাৰতীয় সংবিধানৰ ১৭ নং অনুচ্ছেদটো উলংঘা কৰে, এই অনুচ্ছেদে যিকোনো ধৰণৰ অস্পৃশ্যতাৰ বিৰোধ কৰে। কেৰালা চৰকাৰ বনাম ইণ্ডিয়ান য়াং লয়াৰ্ছ এচ’চিয়েছন গোচৰটোত উচ্চতম ন্যায়ালয়ে ২০১৮ত কৈছিল : “ঋতুস্ৰাৱৰ ভিত্তিত মহিলাক সামাজিকভাৱে বিচ্ছিন্ন কৰাটো একধৰণ অস্পৃশ্যতা আৰু ইয়ে সাংবিধানিক প্ৰমূল্যবোধৰ অৱমাননা। ‘অশুচি আৰু প্ৰদূষিত’ৰ ধাৰণাই ব্যক্তিৰ গাত কলংক সানে আৰু এনে নিয়মৰ সাংবিধানিক কোনো স্থিতি নাই।”

Left: An informative poster on menstrual hygiene care.
PHOTO • Jyoti Shinoli
Right: The team from Pune-based Samajbandh promoting healthy menstrual practices in Gadchiroli district.
PHOTO • Jyoti Shinoli

বাওঁফালে : ঋতুস্ৰাৱৰ সময়ত মানি চলিবলগীয়া স্বাস্থ্যবিধি সংক্ৰান্তীয় এখন পোষ্টাৰ সোঁফালে : পুণেৰ বেচৰকাৰী সংস্থা সমাজবন্ধু গাড়চিৰোলি জিলাত ঋতুস্ৰাৱ সম্পৰ্কীয় স্বাস্থ্যবিধি অনুশীলনৰ সজাগতা সৃষ্টিৰ প্ৰচাৰ চলাইছে

Ashwini Velanje has been fighting the traditional discriminatory practice by refusing to go to the kurma ghar
PHOTO • Jyoti Shinoli

অশ্বিনী ভেলাঞ্জীয়ে কুৰ্মাঘৰলৈ নগৈ পাৰম্পৰিকভাৱে চলি অহা এই বৈষম্যমূলক প্ৰথাৰ বিৰুদ্ধে যুঁজি আহিছে

কিন্তু এনে বৈষম্যমূলক প্ৰথা পুৰুষতান্ত্ৰিক নিৰ্দেশমতে চলি আহিছে।

“এয়া ভগৱানৰ সৈতে জড়িত বিষয়। ভগৱানে আমাক এয়া (এই প্ৰথা) মানি চলাটো বিচাৰে, নামানিলে তাৰ পৰিণাম ভূুগিব লাগিব,” ভামৰাগড় তালুকৰ গোলাগুড়া গাঁৱৰ বংশানুক্ৰমিক মুখ্য পুৰোহিত যাক পেৰ্মা বুলি কোৱা হয়, লক্ষ্ণণ হয়ামিয়ে কয়। “অপায়-অমংগল নামি আহিব, মানুহৰ ক্ষয়-খতি হ’ব। বেমাৰ বাঢ়িব। গৰু-ছাগলী মৰিব… এয়া আমাৰ পৰম্পৰা। অনুসৰণ নকৰাকৈ থাকিব নোৱাৰো। ইশ্বৰৰ ৰোষত পৰি খৰাং, বানপানী বা আন কিবা দুৰ্যোগ মাতি আনিব নোৱাৰো। এই প্ৰথা সদায়েই চলি থাকিব…,” তেওঁ প্ৰথাবিধৰ সমৰ্থনত দৃঢ়তাৰে কয়।

হয়ামিৰ দৰে বহুতেই কুৰ্মা ব্যৱস্থাটোক লৈ কঠোৰ যদিও নৱপ্ৰজন্মৰ কিছুমান মহিলাই এই প্ৰথাৰ বিৰুদ্ধে থিয় দিছে। কৃষ্ণৰ গাঁৱৰ অশ্বিনী ভেলাঞ্জে তাৰে মাজৰ এগৰাকী। “মই এই চৰ্ত ৰাখিয়েই বিয়া হৈছো যে মই কুৰ্মা প্ৰথা অনুসৰণ নকৰো। এয়া বন্ধ হোৱা উচিত,” ২০২১ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা অশ্বিনীয়ে কয়। এইবছৰ মাৰ্চত তেওঁৰ ২২ বৰ্ষীয় অশোকৰ সৈতে বিয়া হয়, কুৰ্মা প্ৰথা নামানো বুলি তাই ৰখা চৰ্ত মানি লোৱাৰ পিছত।

অশ্বিনীয়ে ১৪ বছৰ বয়সৰ পৰাই কুৰ্মা প্ৰথা মানি আহিছিল। “মা-দেউতাৰ সৈতে এই লৈ তৰ্ক কৰিছিলো, কিন্তু তেওঁলোকো সামাজিক হেঁচাত পৰি একো কৰিব পৰা নাছিল,” তেওঁ কয়। বিয়াৰ পিছত অশ্বিনীয়ে ঘৰৰ বাৰান্দাতে ঋতুস্ৰাৱৰ দিনকেইটা কটায়। তেওঁ পৰিয়ালটোক লৈ মানুহে ককৰ্থনা স্বত্ত্বেও যুঁজি গৈছে। “কুৰ্মাঘৰৰ পৰা মই ঘৰৰ বাৰান্দালৈকে আহিব পাৰিছো, সোনকালেই মই ঘৰৰ ভিতৰতে থাকিব পৰা হ’ম,” অশ্বিনীয়ে কয়। “আমাৰ ঘৰখনত মই নিশ্চয়কৈ পৰিৱৰ্তন আনিম।”

অনুবাদ: পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Editor : Vinutha Mallya

Vinutha Mallya is a journalist and editor. She was formerly Editorial Chief at People's Archive of Rural India.

Other stories by Vinutha Mallya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das