পুডুছেৰীৰ আটাইতকৈ আকৰ্ষণীয় আৰু বিশ্ববিখ্যাত এলেকা ‘হোৱাইট টাউন’ পৰ্যটকৰ মাজত ইমান জনপ্ৰিয় হোৱাৰ কাৰণ আছে, সেয়া হৈছে ফৰাচী ভাস্কৰ্য-কলাৰে সমৃদ্ধশালী আবাসগৃহসমূহ। ফৰাচীসকলৰ গৌৰৱময়ী ঐতিহ্যৰ ধ্বজাৰ বাহক এই সুন্দৰ অট্টালিকাসমূহৰ প্ৰায়ভাগকেই বৰ্তমান সময়ত হোটেল, ৰেষ্টুৰেণ্ট বা কলা-বীথিকা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে। পুডুছেৰীৰ এই ঐতিহাসিক অভিজাত কলনিটোত এতিয়াও পিছে কেইটামান ফৰাচী পৰিয়ালে বাস কৰে। গুৰুত্বপূৰ্ণ কথাতো হ’ল হোৱাইট টাউনৰ পৌৰাণিক সৌন্দৰ্য্য আজিও অটুত। আনকি পুডুছেৰীৰ অন্য় এলেকাবোৰৰ তুলনাত ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা যথেষ্ট বেছি ৷ কাৰণ হোৱাইট টাউন জানো কোনোবাদিনা লেতেৰা হ’ব পাৰে?

দৰাচলতে হোৱাইট টাউনৰ স্বচ্ছতাৰ আঁৰত আছে কিছুমান মহিলা চাফাই কৰ্মীয়ে প্ৰতি নিশাই কৰা কঠোৰ পৰিশ্ৰম ৷ যোৱা ৮ মাৰ্চৰ দিনা উপ-ৰাজ্যপাল কিৰণ বেদীয়ে এই মহিলাখিনিৰ লগতেই নাৰী দিৱস উদযাপন কৰিছিল। কিন্তু তাৰ পিছতো তেওঁলোকৰ দৈনন্দিক জীৱন-প্ৰৱাহলৈ বিশেষ পৰিৱৰ্তন অহা পৰিলক্ষিত হোৱা নাই৷ কাৰণ এতিয়াও তেওঁলোকে হোৱাইট টাউনৰ বাট-পথৰ আৱৰ্জনা আঁতৰ কৰা কামত নিশা নিশা কাম কৰিবলগীয়া হয়৷ এই এলেকাটো পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্য়ে চাফাই কৰ্মীসকলে অতি কম সাৰি-শব্দ কৰি অশেষ কষ্টৰে ৰাস্তাৰ আশে-পাশে থকা আৱৰ্জনাবোৰ সংগ্ৰহ কৰে৷ কাৰণ হোৱাইট টাউনক সদায় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ-বিন্দু কৰি ৰখাটোৱেই তেওঁলোকৰ কাম।

এই চাফাই কৰ্মীসকল পুডুছেৰীৰ পৌৰনিগমে প্ৰত্যক্ষভাবে নিয়োগ কৰা কৰ্মচাৰী নহয়৷ কাৰণ পৌৰনিগমে এনেধৰণৰ কামৰ বাবে সাধাৰণতে ব্যক্তিগত সংস্থা কিছুমানক দায়িত্ব অৰ্পণ কৰে৷ ফটোত থকা মহিলা কৰ্মীসকল সমগ্ৰ পুডুছেৰীতে কেৱল এই কামৰ বাবে নিয়োজিত কৰা ১০০০ মান ঠিকা-ভিত্তিক শ্ৰমিকৰ ভিতৰত পৰে৷ তেওঁলোকে গড় হিচাপে মাহেকৰ মূৰত প্ৰায় ৬,২০০ টকা পৰ্যন্ত উপাৰ্জন কৰে৷ সাধাৰণতে এই কামবোৰ কৰিবলৈ তিনিটা চিফট্ নিৰ্ধাৰণ কৰা হৈছে যদিও ফটোত দেখা বেছিভাগ মহিলা কৰ্মীয়ে নিশাৰ ভাগতহে কাম কৰিব লাগে।

মই এখন চিনেমাৰ দৃশ্যগ্ৰহণ কৰিবলৈ হোৱাইট টাউনলৈ যাওঁতে পোন প্ৰথমবাৰৰ বাবে এই নৈশ-কৰ্মীসকল মোৰ দৃষ্টিগোচৰ হৈছিল৷ মই তাত এসপ্তাহ আছিলো আৰু সেইকেইদিন প্ৰতি নিশাই মই তেওঁলোকৰ কাম পুংখানুপুংখভাবে পৰ্যবেক্ষণ কৰিবলৈ সুবিধা পাইছিলো৷ হোৱাইট টাউনখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তেওঁলোকৰ স্পৃহা দেখি মই আচৰিত হৈ গৈছিলো যদিও এটা কথাই বাৰে বাৰে মোক আমনি কৰিছিল যে কিহৰ বাবে কামটোৰ প্ৰতি ইমান আগ্ৰহ৷ সেইকেইদিন সদায় ৰাতি মই মনে মনে তেওঁলোকক অনুসৰণ কৰিছিলো আৰু মোৰ কেমেৰাৰ লেন্সত তেওঁলোকক ধৰি কৰাৰ চেষ্টা কৰিছিলো৷ আমাৰ দেশত নিশাবোৰ যে মহিলাৰ কাৰণে যথেষ্ট অসুৰক্ষিত, সেই কথা জানিও এই মহিলাখিনিয়ে মাজনিশাৰ পৰা ৰাতি নুপুৱালৈকে কোনো নিৰাপত্তা অবিহনেই নিজৰ কাম কৰি থাকে৷

A woman stands alone in the dark after collecting garbage from the streets
PHOTO • M. Palani Kumar

এগৰাকী আৱৰ্জনা কঢ়িওৱা মহিলাই আন্ধাৰত ৰাস্তাত অকলে থিয় হৈ আছে

Through the nights, the women spend hours removing the garbage
PHOTO • M. Palani Kumar

এই মহিলাসকলে ৰাতি বেছিভাগ সময় ৰাস্তাৰ আৱৰ্জনা পৰিষ্কাৰ কৰি পাৰ কৰে

As the night progresses, so does the sweeping and collecting of garbage
PHOTO • M. Palani Kumar

নিশা যিমানেই গভীৰ হৈ আহে , সিমানেই তীব্ৰ গতিত তেওঁলোকে ঝাড়ু মাৰি আৱৰ্জনা চাফা কৰে

Sweeping in front of an old house now transformed into an ice cream outlet
PHOTO • M. Palani Kumar

বৰ্তমান এখন আইচক্ৰীম পাৰ্লাৰত পৰিণত হোৱা এটা পুৰণি ঘৰৰ সন্মুখভাগ ঝাড়ু দি থকা সময়ত

A sanitation worker pauses on the road she has just cleaned
PHOTO • M. Palani Kumar

এগৰাকী চাফাই কৰ্মীয়ে ৰাস্তাটো পৰিষ্কাৰ কৰি উঠাৰ পাছত ৰৈ থকাৰ মূহুৰ্তত

A lone woman and a dog at the end of the road
PHOTO • M. Palani Kumar

ৰাস্তাটোৰ শেষত এগৰাকী অকলশৰীয়া মহিলা আৰু এটা মাত্ৰ কুকুৰ

Women sweeping street at night
PHOTO • M. Palani Kumar

যদিও এই মহিলা কৰ্মীসকলে কাম কৰি থকাৰ সময়ত কোনোধৰণৰ কথা - বতৰা নাপাতে , তথাপি তেওঁলোক যেন ইটোৰ লগত সিটো জড়িত হৈ থাকে

With just a few passers-by on the road at this late hour, they continue to quietly work to keep White Town clean
PHOTO • M. Palani Kumar

হোৱাইট টাউনক পৰিষ্কাৰ - পৰিচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্য়ে তেওঁলোকে নিশা গভীৰ হ লেও মনে মনে নিজৰ কাম কৰি থাকে

At dawn, the garbage is loaded on to trucks
PHOTO • M. Palani Kumar

ৰাতিপুৱাৰ ভাগত সংগৃহীত আৱৰ্জনাসমূহ ট্ৰাকত তোলাৰ মূহুৰ্তত

And before daylight, it's taken away from White Town
PHOTO • M. Palani Kumar

দিনৰ পোহৰ ভালদৰে পৰাৰ আগে আগে হোৱাইট টাউনৰ পৰা এনেদৰেই আৱৰ্জনাবোৰ লৈ যোৱা হয়

অনুবাদ: ডেইটী

M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Translator : Deity

Deity is a translator and writer from Guwahati. She wants to live like a free bird.

Other stories by Deity