প্ৰথমবাৰ দীয়া পলাই সাৰিছিলেই প্ৰায়।
উদ্বিগ্ন হৈ পৰা দীয়াই বাছখনত বহি খিৰিকীৰে বাহিৰলৈ চাই আছিল। ভৰ্তি হ’লেই বাছখন চলিব। চুৰাটৰ পৰা জালোড়লৈ তাই টিকট এটা কিনিছিল। তাই জানিছিল, তাৰপৰা গুজৰাট সীমান্ত পাৰ হৈ ৰাজস্থানৰ কুশলগঢ়ৰ মাকৰ ঘৰখনলৈ এঘণ্টাৰ বাট।
তাই খিৰিকীৰে বাহিৰলৈ তেনেকৈ চাই থাকোতে পিছফালৰ পৰা ৰবি আহি ওলাল। তাই কিবা এটা কৰাৰ আগতে সি তাইৰ হাতত ধৰি বাছৰ পৰা তাইক টানি চোঁচৰাই লৈ গ’ল।
আশে-পাশে মানুহবোৰ বৰ ব্যস্ত আছিল। কোনোবাই বয়-বস্তু বোজাই কৰি আছিল, কাৰোবাৰ ধ্যান ল’ৰা-ছোৱালীৰ প্ৰতি আছিল। খঙত টিঙিৰিতুলা হোৱা ডেকা ল’ৰাজনৰ প্ৰতি কিম্বা ভয়ত বিতত কিশোৰীজনীৰ প্ৰতি কাৰো চকু নগ’ল। “চিঞৰিবলৈ ভয় লাগিছিল,” দীয়াই কয়। ৰবিয়ে খঙৰ ভমকত কি কৰিব পাৰে, তাই ভালকৈয়ে জানিছিল। সেয়ে মনে মনে থকাটোৱেই শ্ৰেয় বুলি তাই থিৰাং কৰিছিল।
সিদিনা নিৰ্মাণ ছাইটত, যিটো ছমাহ ধৰি তাইৰ ঘৰ আৰু কাৰাগাৰ দুয়োটাই - ৰাতি তাই শুব পৰা নাছিল। ৰবিয়ে তাইক কোবাইছিল আৰু ঘাঁবোৰ চেকচেকাই আছিল। “সি মোক ঘূচিয়াইছিল, গোৰ মাৰিছিল,” তাই কয়। “সি মোক মাৰিবলৈ ধৰিলে কোনোৱে ৰখাব নোৱাৰিছিল,” তাই কয়। বাধা দিবলৈ যিয়ে আহিছিল, তেওঁৰ চৰিত্ৰৰ ওপৰত ৰবিয়ে আঙুলি তুলিছিল। কোনোবাই সেইবোৰ আওকাণ কৰি সহায়ৰ বাবে আহিলেও ৰবিয়ে কৈছিল, “মেৰি ঘৰৱালি হ্যে, তুম কিউ বীচ্চ মে’ আ ৰহে হৌ (তাই মোৰ ঘৈণী, মাজত কিয় সোমাব আহিছে)?”
“যিমানবাৰ মাৰ খাইছিলো, সিমানবাৰ হস্পিতাললৈ মল্লম-পট্টি (মলম-বেণ্ডেজ)ৰ বাবে যাবলগীয়া হৈছিল, ৫০০ টকা খৰছ হৈছিল। ৰবিৰ ভায়েকে কেতিয়াবা পইচা দিছিল, কেতিয়াবা হস্পিতাললৈ লৈও গৈছিল, কৈছিল, “তুম ঘৰ পে চলে যা (নিজৰ মাৰ ঘৰলৈ গুছি যোৱা),” দীয়াই কয়। কিন্তু যোৱাৰ কোনো উপায় সিহঁতে নাজানিছিল।”


দক্ষিণ ৰাজস্থানৰ কুশলগঢ় চহৰত ভালেকেইটা বাছ আস্থান আছে, য’ৰপৰা প্ৰব্ৰজনকাৰী শ্ৰমিকে প্ৰতিদিনে চুবুৰীয়া গুজৰাটলৈ ওলায়। তেওঁলোকে পৰিয়াল লৈ ঘূৰে
দীয়া আৰু ৰবি ৰাজস্থানৰ বাঁচৱাৰা জিলাৰ ভিল আদিবাসী সম্প্ৰদায়ৰ। ২০২৩ৰ বহুমাত্ৰিক দাৰিদ্ৰ্যৰ প্ৰতিবেদন অনুযায়ী ৰাজ্যখনত এই আদিবাসী সম্প্ৰদায়ৰ স্থান দৰিদ্ৰতাৰ ফালৰ পৰা ৰাজ্যখনত দ্বিতীয়। ক্ষুদ্ৰ পৰিমাণৰ খেতিমাটি, জলসিঞ্চনৰ অভাৱ, কামৰ অভাৱ আৰু সামগ্ৰিক দাৰিদ্ৰ্যই কুশলগঢ় টেহচিলক ভিল আদিবাসী সম্প্ৰদায়ক কামৰ বাবে প্ৰব্ৰজনৰ বাবে বাধ্য কৰাইছে। এনে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ৯০ শতাংশই ভিল জনজাতীয় লোক।
আন বহুতৰ দৰে দীয়া আৰু ৰবিও এনে এটা প্ৰব্ৰজনকাৰী শ্ৰমিক দম্পতি। গুজৰাটৰ নিৰ্মাণ ছাইটত তেওঁলোকে কাম বিচাৰি ফুৰে। কিন্তু দীয়াৰ প্ৰব্ৰজন আচলতে আছিল অপহৰণ।
তেতিয়া ১৬ বছৰ বয়সৰ দীয়া তেতিয়া চুবুৰীয়া সজ্জনগঢ়ৰ স্কুল এখনত দশম মানত পঢ়ি আছিল, তেতিয়াই ৰবিক বজাৰ এখনত লগ পাইছিল। গাঁৱৰে বুঢ়ী মানুহ এগৰাকীয়ে তাইক ৰবিৰ নম্বৰটো কাগজ এখনত লিখি দিছিল আৰু ৰবিক তাইক লগ পোৱাৰ ইচ্ছা কৰা বাবে এনেয়ে হ’লেও এবাৰ দেখা কৰাৰ বাবে জোৰ কৰিছিল।
দীয়াই তাক কল কৰা নাছিল। দ্বিতীয় সপ্তাহত বজাৰলৈ আহোতে চমুকৈ তাৰ সৈতে কথা হৈছিল। “হমকৌ ঘুমনে লে জায়েগা ব’লা, বাগিডোৰা। বাইক পে। [বাগিডোৰালৈ বাইকত ফুৰাবলৈ নিম বুলি কৈছিল]। আবেলি দুই বজাত, স্কুলৰ পৰা এঘণ্টা আগতে মোক ওলাই আহিবলৈ কৈছিল,” তাই মনত পেলায়। দ্বিতীয়দিনা বন্ধু এজনৰ সৈতে সি স্কুলৰ বাহিৰত অপেক্ষা কৰি আছিল।
“আমি বাগিডোৰালৈ নগ’লো। গ’লো বাছ আস্থানলৈ। তাত তেওঁ মোক আহমেদাবাদ যোৱা বাছ এখনত উঠাই দিলে।”
ভয়ত বিতত হোৱা দীয়াই কোনোমতে ঘৰলৈ ফোন লগালে। “মোৰ খুৰাই মোক নিবলৈ আহমেদাবাদলৈ আহিল। কিন্তু ৰবিয়ে ঘৰৰ বন্ধুৰ পৰা খবৰটো আগতীয়াকৈ পাই মোক চোঁচৰাই চুৰাটলৈ লৈ গ’ল।”
তাৰ পিছৰে পৰা সি মই কাৰোবাৰ সৈতে কথা পাতিলেই সন্দেহ কৰিবলৈ ল’লে, এনেকৈয়ে সি মোক মাৰধৰ কৰিবলৈ ধৰিলে। কাৰোবালৈ ফোন কৰিবলৈ বিচৰা মানেই কাজিয়া আৰু হিংসা মাতি অনা। দীয়াৰ মনত আছে, এদিন মাক-দেউতাকৰ সৈতে কথা পাতিবলৈ বৰ মন যোৱাত তাই কাবৌ কৰিছিল, কান্দিছিল। তেতিয়া সি “মোক নিৰ্মাণ চলি থকা বিল্ডিংটোৰ প্ৰথম মহলাৰ পৰা ঠেলি পেলাই দিছিল। ভাগ্যে মই ৰবৰৰ দ’ম এটাত পৰিলো, গোটেই গাতে আঁচোৰ খালো,” এতিয়াও বিষ নোযোৱা দেহৰ অংশবোৰ দেখুৱাই তাই কয়।


বাওঁফালে: বাঁচৱাৰা জিলাৰ এখন চৰকাৰী হাইস্কুল। সোঁফালে: চহৰৰ মাজভাগত থকা কুশলগঢ় আৰক্ষী থানা
*****
দীয়াক এনেকৈ অপহৰণ কৰি নিয়া বুলি গম পোৱাৰ পিছত তাইৰ মাক ৩৫ বৰ্ষীয় শ্ৰমিক কমলাই তাইক ঘূৰাই অনাৰ বহুত চেষ্টা কৰিলে। বাঁচৱাৰা জিলাৰ চুবুৰী এটাৰ এটা কোঠাৰ ঘৰটোত মাকে সিদিনা কান্দি কান্দি তত হেৰুৱাইছিল। “বেটি ত’হ হ্যে মেৰী। অপনে কো দিল নহী হোতা ক্যা [তাই মোৰ জী, মোৰ কি বেয়া নালাগিব নেকি]?” ৰবিয়ে দীয়াক লৈ যোৱাৰ কেইদিনমান পিছত কমলাই ৰবিৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰে।
ৰাজস্থানত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাৰ সংখ্যা দেশখনৰ ভিতৰত তৃতীয়। এনে অপৰাধৰ ঘটনাৰ অভিযোগনামা দাখিল কৰাৰ হাৰো আটাইতকৈ কম, ৫৫ শতাংশ - এই তথ্য ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ (এনচিআৰবি)য়ে প্ৰকাশ কৰা ‘ ভাৰতত ২০২০ত অপৰাধ ’ শীৰ্ষক প্ৰতিবেদনৰ।
“তেওঁলোকে গোচৰটো উঠাই ল’লে,” কুশলগঢ়ৰ আৰক্ষী উপ-অধীক্ষক ৰূপ সিঙে কয়। কমলাই কয় যে বাঞ্জাৰিয়া নামে গাঁৱৰ ন্যায়িক ক্ষমতা বহিৰ্ভূত গোট এটা ইয়াত জৰিত হৈ পৰিল। তেওঁলোকে দীয়াৰ পিতৃ-মাতৃ কমলা আৰু তেওঁৰ স্বামী কিষাণক আৰক্ষীৰ সহায় নোলোৱাকৈ বিষয়টো সমাধানৰ বাবে বুজালে। তেওঁলোকে কইনাৰ দাম - ভিলসকলৰ মাজত প্ৰচলিত এক ব্যৱস্থা য’ত দৰাপক্ষই কইনা নিবলৈ ধন দিয়ে, সেই ব্যৱস্থাৰে বিষয়টো সমাধা কৰিবলৈ মাক-দেউতাকক পৰামৰ্শ দিলে। (নিয়মটো এনেকুৱা যে পুৰুষে বিয়াখন ভাঙিলে, পইচাখিনি ঘূৰাই বিচাৰে যাতে আকৌ বিয়া পাতিব পাৰে)।
তেওঁলোকক এক-দুই লাখ টকা লৈ অপহৰণৰ এজাহাৰখন উঠাই ল’বলৈ কোৱা হৈছিল। ‘বিয়াখনে’ এতিয়া সামাজিক স্বীকৃতি লাভ কৰিছিল, দীয়াৰ নাবালিকা হৈ থকাৰ অৱস্থা আৰু সন্মতি সম্পূৰ্ণৰূপে উলাই কৰা হৈছিল। ৰাজস্থানত ২০ৰ পৰা ২৪ বছৰ বয়সৰ এক-চতুৰ্থাংশ মহিলাই ১৮ বছৰ বয়সৰ আগতেই বিয়া দিয়া হয়, এন . এফ . এইছ . এছ .- ৫ৰ এই তথ্য।
টিনা গৰাছিয়া কুশলগঢ়ৰ এগৰাকী সমাজকৰ্মী। ভিল আদিবাসী সম্প্ৰদায়ৰ এই সমাজসেৱক গৰাকীয়ে এনেকৈ দীয়াক যাবলৈ দিব বিচৰা নাই। “প্ৰায়ভাগ কেছতে এনে লাগে যে ছোৱালীজনীৰ সন্মতি নাই। আনকি সিহঁতে কোনো লাভালাভ, প্ৰেম কিম্বা সম্পৰ্কৰ সুখৰ কথা ভাবিও নাযায়,” বাঁচৱাৰা জিলাৰ আজীৱিকাৰ জীৱিকা ব্যুৰ’ৰ প্ৰধান টিনাই কয়। তেওঁ যোৱা এটা দশক ধৰি প্ৰব্ৰজনকাৰী মহিলাৰ সৈতে কাম কৰি আহিছে।
“তেনেকৈ পুনৰাই ল’ৰাৰ ঘৰলৈ গুছি যোৱাটো এটা অভিসন্ধি, সৰবৰাহৰ এক উপায় বুলি মই ভাবো। এনে মানুহ আছে, যিয়ে ছোৱালীক এনে সম্পৰ্কলৈ আনে,” টিনাই কয়। ছোৱালী এজনীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবেও পইছা দালালে লয়। “১৪-১৫ বছৰীয়া ছোৱালী এজনীৰ সম্পৰ্কক লৈ কি ধাৰণা থাকিব? জীৱনৰেই বা কি ধাৰণা আছে?”
জানুৱাৰীৰ এটা দিনত ৰাতিপুৱা, কুশলগঢ়ৰ টিনাৰ কাৰ্য্যালয়ত তিনিটা পৰিয়াল নিজৰ জীয়েকক লৈ অহা দেখা গ’ল। তেওঁলোকৰ কাহিনীও দীয়াৰ সৈতে একেই।


বাওঁফালে: টীনা (ৰঙা ছুৱেটাৰ পৰিহীত) বাঁচৱাৰা লিভলিহুড ব্যুৰ’ৰ মাইগ্ৰেণঅট ৱিমেন ৱৰ্কাৰ্ছ ৰেফাৰেন্স চেণ্টাৰৰ মুৰব্বী। আজীৱিকা ব্যুৰ’ত অনিতা বাবুলাল (বেঙুনীয়া শাড়ী পৰিহীত)য়ে জ্যেষ্ঠ সহযোগী হিচাপে কাম কৰে। কাকু (এই নামেই ব্যৱহাৰ কৰে) সংগঠন নেতা। জ্যোৎস্না (মুগা জেকেট পৰিধান কৰোঁতা)ও আজীৱিকাৰে সদস্য। সামূহিক পৰামৰ্শদাতা হিচাপে কাম কৰা জ্যোৎস্নাই থানাত পৰিয়ালবোৰক পেপাৰৱৰ্কখিনিত সহায় কৰি দিয়ে
১৬ বছৰ বয়সতে সীমাৰ বিয়া হৈছিল আৰু তাই গিৰীয়েকৰ সৈতে গুজৰাটলৈ প্ৰব্ৰজন কৰিছিল। “যাৰে লগত মই কথা পাতো, তেওঁ সন্দেহ কৰিছিল। এবাৰ ইমান বেয়াকৈ মাৰিছিল যে মই এতিয়াও সেইখন কাণেৰে শুনা নাপাও,” তেওঁ কয়।
“বহুত বেয়াকৈ তেওঁ মোক পিটিছিল। ইমান দুখ পাইছিলো যে মজিয়াত পৰি থাকিছিলো। তেওঁ গালি পাৰি থাকিছিল, কামচোৰ বুলি কৈছিল। সেয়ে মই গাত আঘাত লৈয়ে কাম কৰি গৈছিলো,” তাই কয়। তাইৰ উপাৰ্জনখিনি পোনে পোনে গিৰীয়েকে ৰাখিছিল আৰু “সেই পইছাৰে আটা নিকিনি মদতেই সমস্ত খৰছ কৰিছিল।”
আত্মহত্যাৰ ভাবুকি দি তাই শেষত গিৰীয়েকৰ কবলৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল। তেতিয়াৰে পৰা তেওঁ আন এগৰাকী মহিলাৰ লগত থাকে। “মই গৰ্ভৱতী আছিলো, কিন্তু তেওঁ আমাৰ বিয়াখন ভাঙিবলৈ নাইবা মোক বাচি থাকিবলৈ পইচা দি থাকিবলৈ অমান্তি হ’ল,” তাই কয়। গিৰীয়েকে পৰিত্যক্ত কৰা বুলি তাইৰ পৰিয়ালে থানাত এজাহাৰ দিলে। ঘৰুৱা হিংসা আইন, ২০০৫ৰ অনুচ্ছেদ ২০.১ (ডি)ৰ মহিলাৰ সুৰক্ষা শিতানত কোৱা হৈছে যে চোৱাচিতাৰ খৰছ দিবই লাগিব আৰু ইয়াৰ প্ৰসংগ ফৌজাদাৰী বিধিৰ ধাৰা ১২৫ত আছে।
১৯ বছৰীয়া ৰাণী তিনিবছৰীয়া সন্তান এটিৰ মাক আৰু দ্বিতীয়টো সন্তান জন্ম দিব। তেওঁকো গিৰীয়েকে এৰি গৈছে, কিন্তু অশেষ মৌখিক আৰু শাৰীৰিক অত্যাচাৰৰ অন্তত। “তেওঁ সদায় মদ খাই আহি তাইৰ লগত কাজিয়া কৰিছিল, কৈছিল ‘ গন্দি ঔৰত , ৰাণ্ডি হ্যে ,’” তেওঁ কয়।
যদিও তাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিলে, কিন্তু বাঞ্জাৰিয়া কমিটিয়ে ৫০ টকীয়া দলিল এখনত এইবুলি বুজাপৰা কৰালে যে গিৰীয়েকৰ পৰিয়ালটোৱে প্ৰতিশ্ৰুতি দিছে যে গিৰীয়েকে আচৰণ সংশোধন কৰিব। এমাহ পিছত আকৌ অত্যাচাৰ আৰম্ভ হ’ল। তেতিয়া বাঞ্জাৰিয়াইও পিঠি দিলে। “পুলিচৰ ওচৰলৈ গৈছো যদিও মই আগৰ অভিযোগ উঠাই লোৱাৰ বাবে সাক্ষ্য হেৰাই গ’ল,” কোনোদিন স্কুললৈ নোযোৱা, কিন্তু এতিয়া আইনী মেৰপেচত পৰি শিকিবলৈ ধৰা ৰাণীয়ে কয়। ভিল আদিবাসী মহিলাৰ সাক্ষৰতাৰ হাৰ পুতৌজনক, ৩১ শতাংশ (অনুসূচিত জনজাতিৰ পাৰিসাংখ্যিক ৰূপৰেখা, ২০১৩)।
আজীৱিকা ব্যুৰ’ৰ কাৰ্য্যালয়ত সদস্যসকলে দীয়া, সীমা আৰু ৰাণীহঁতৰ দৰে মহিলাক আইনী আৰু সামগ্ৰিকভাবে আন সমস্যাসমূহ চায়। তেওঁলোকে ‘শ্ৰমিক মহিলাৱৌ কা সুৰক্ষিত প্ৰৱাস’ বুলি এখন প্ৰব্ৰজনকাৰী মহিলাৰ বাবে পুস্তিকাও প্ৰকাশ কৰিছে। পুস্তিকাখনত মহিলাৰ বাবে হেল্পলাইন নম্বৰ, হস্পিতাল, শ্ৰমিক কাৰ্ড আদিৰ বিষয়ে চিত্ৰসহকাৰে বুজোৱা হৈছে।
কিন্তু ঘৰুৱা হিংসাৰ পৰা বাচি অহাজনে অসংখ্যবাৰ আৰক্ষী থানালৈ, আদালতলৈ যোৱা আৰু দূৰ-দূৰণিলৈ সমিধানৰ কোনো বাট দেখা নোপোৱা এক পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হয়। কিন্তু সৰু ল’ৰা-ছোৱালীৰ অতিৰিক্ত দায়িত্ব লৈ এনেকৈ থানা-আদালতলৈ দৌৰি থকাৰ বাবে তেওঁলোকৰ বহুতেই কামলৈ পুনৰাই যাব নোৱাৰা হয়।
![The booklet, Shramak mahilaon ka surakshit pravas [Safe migration for women labourers] is an updated version of an earlier guide, but targeted specifically for women and created in 2023 by Keerthana S Ragh who now works with the Bureau](/media/images/05a-PDF-Pg-1-PD-In_Banswara-domestic_ties_.max-1400x1120.jpg)
![The booklet, Shramak mahilaon ka surakshit pravas [Safe migration for women labourers] is an updated version of an earlier guide, but targeted specifically for women and created in 2023 by Keerthana S Ragh who now works with the Bureau](/media/images/05b-PDF-Pg-14-PD-In_Banswara-domestic_ties.max-1400x1120.jpg)
মহিলাৱৌ কা সুৰক্ষিত প্ৰৱাস শীৰ্ষক পুস্তিকাখন আগৰ গাইড এখনতকৈ এখন উন্নীত সংস্কৰণ, কীৰ্তন এছ. ৰাঘে ২০২৩ত এইখন পুস্তিকা মহিলাৰ উদ্দেশ্যে লিখিছিল, তেওঁ বৰ্তমান আজীৱিকা ব্যুৰ’ৰ সৈতে কাম কৰে


বাওঁফালে: কম বয়সীয়া ছোৱালীৰ সৈতে তেওঁলোকৰ ভৱিষ্যত আৰু বিভিন্ন বিষয় লৈ সন্ধিয়া এক কৰ্মশালা পাতিছে আজীৱিকাৰ সদস্য মেনকাই। সোঁফালে: টিনাই কিশোৰীবোৰক পৰামৰ্শদান কৰিছে
টিনাই কয়, “আমি দেখিছো যে বহুতেই ছোৱালীজনীক এৰি যাবলৈ ফুচুলায়। তাৰপিছত এজনৰ পৰা আনজনৰ হাতলৈ সৰবৰাহ কৰে। ইয়াক তস্কৰি (শিশু সৰবৰাহ) বুলিয়ে ক’ব লাগিব। এনে ঘটনা বাঢ়িছে।”
*****
আহমেদাবাদ আৰু তেতিয়াৰ চুৰাটত তাইৰ অপহৰণ পিছতে দীয়াক কামত লগোৱা হৈছিল। তাইৰ ৰবিৰ লগত থাকি ৰ’কড়িৰ কাম কৰিছিল। শ্ৰমিকৰ মাণ্ডিত দুয়োজন ৰৈ থাকিছিল আৰু শ্ৰমিকৰ ঠিকাদাৰে তেওঁলোকক ৩৫০-৪০০ টকা দিনহাজিৰাত কামলৈ নিছিল। তেওঁলোকে পদপথত তিৰ্পালৰ ঘৰত থাকিছিল। পিছলৈ ৰবিয়ে কাৱাম পালে য’ত তেওঁ মাহিলী হাজিৰা দিয়া হৈছিল আৰু নিৰ্মাণ ছাইটতে থাকিবলৈ ল’লে।
“কেতিয়াও মই মোৰ পইচাখিনি চুব নাপালো। সি লৈ যায়,” দীয়াই কয়। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত তাই ৰান্ধে, চাফ-চিকুণ কৰে আৰু ঘৰৰ গোটেইখিনি কাম কৰে। কেতিয়াবা আন সহকৰ্মী তিৰোতাই তাই সৈতে কথা পাতিবলৈ আহে যদিও ৰবিয়ে তাইৰ ওপৰত শেনচকু ৰাখে।
“তিনিবাৰ মোৰ পিতাইয়ে কাৰোবাৰ যোগেদি মোক পলাই আহিবলৈ বুলি পইছা পঠিয়াইছিল। কিন্তু ওলাই গ’লেই কোনোবাই দেখি খবৰ দিয়ে (ৰবিক) আৰু সি মোক যাব নিদিয়ে। সেইবাৰ বাছত উঠোতে কোনোবাই তাক খবৰ দিলে আৰু সি পিছে পিছে আহিল, তেনেকৈয়ে মোক বিচাৰি পালে,” চোঁচৰাই নিয়াৰ দিনাৰ কথা মনত পেলাই দীয়াই কয়।
ৱাংগড়িৰ উপভাষা নজনাৰ বাবে তাই অপহৰণ অথবা কোনো হিংসাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ পৰা নাইবা আন কাৰোবাৰ পৰা সহায় বিচাৰিব পৰাও নাছিল। চুৰাটত কোনেও তাইৰ কথা বুজি পোৱা নাছিল। ঠিকাদাৰে গুজৰাটী আৰু হিন্দী ক’বপৰা পুৰুষৰ যোগেদিহে মহিলা শ্ৰমিকক কামত লৈছিল, আৰু টকা-পইচাৰ লেনদেন কৰিছিল।
ৰবিয়ে দীয়াক বাছৰ পৰা নমাই চোঁচৰাই নিয়াৰ প্ৰায় চাৰিমাহ পিছতে দীয়াই গৰ্ভধাৰণ কৰে। তাত তাইৰ সন্মতি নাছিল। মাৰ-ধৰ কৰা কমিল, কিন্তু সম্পূৰ্ণৰূপে বন্ধ নহ’ল।
গৰ্ভধাৰণৰ আঠ মাহ হওঁতে ৰবিয়ে তাইক মাক-দেউতাকৰ ওচৰত থৈ গ’ল। প্ৰসৱৰ দিনা তাইক জালোড়ৰ (ওচৰতে থকা ডাঙৰ চহৰখনত) ভৰ্তি কৰালে, তাত তাই ল’ৰাসন্তান এটা জন্ম দিলে। শিশুটি আই.চি.ইউ.ত ১২ দিন ৰখাৰ বাবে তাই স্তনপান কৰাব নোৱাৰিলে, তেনেকৈ তাইৰ দুগ্ধ নিঃসৰণ নোহোৱা হ’ল।


ঘৰুৱা হিংসাৰ সন্মুখীন হোৱা মহিলাৰ ক্ষেত্ৰত অসুবিধা দুই ধৰণৰ - ঠিকাদাৰবিলাকে কেৱল তেওঁলোকৰ গিৰীয়েকৰ যোগেদিহে লেনদেন কৰে আৰু মহিলাসকলে স্থানীয় ভাষা ক’ব নজনা বাবে সহায় পোৱা অসম্ভৱ হৈ পৰে
ৰবিৰ হিংসাত্মক দিশটোৰ কথা তাইৰ পৰিয়ালটোৱে আগতে নাজানিছিল। ঘৰত কিছুদিন থকাৰ পিছত সিহঁতে তাই গিৰীয়েকৰ ওচৰলৈ ঘূৰি যোৱাটো আশা কৰিছিল। কম বয়সীয়া মাতৃয়ে নিজৰ সৰু ল’ৰা-ছোৱালীক সাধাৰণতে লগত কামলৈ লৈ যায়। “এনেক্ষেত্ৰত বিয়া হোৱা গিৰীয়েকেই একমাত্ৰ সহায়,” কমলাই বুজাই কয়। “সিহঁতে একেলগে থাকে, কাম কৰে।” মাকৰ ঘৰত থকাৰ বাবে ঘৰখনত দুজন সদস্য বাঢ়িছিল, পৰিয়ালৰ আৰ্থিক বোজা বাঢ়িছিল।
এইবাৰ অত্যাচাৰ আকৌ আৰম্ভ হ’ল, কিন্তু ফোনত। কমলাই মনত পেলায়, “বহুত কাজিয়া লাগিছিল।” ৰবিয়ে সন্তানটোৰ চিকিৎসাৰ খৰছ দিয়া নাছিল। দীয়াই ঘৰত থকা হেতুকে কিছু সাহস গোটাইছিল। “ঠিক আছে, মই পিতাইক সুধিম,” তাই উভতি ধৰিছিল।
এনেকৈ এবাৰ কাজিয়া লাগোতে গিৰীয়েকে তাইক এৰি আন তিৰোতাৰ সৈতে যাব বুলি কৈছিল। তাই উত্তৰ দিছিল, “যাব পৰাৰা যদি ময়ো পাৰো (আন মতাৰ সৈতে)।” তেনেকৈ কৈ তাই ফোন কাটি দিছিল।
কথা পতাৰ তিনিঘণ্টামান পিছতে চুবুৰীয়া টেহচিলৰে ৰবিয়ে পাঁচজন মানুহ লৈ মটৰ চাইকেলত উঠি তাইৰ ঘৰলৈ আহিল। ৰবিয়ে তাইক লগত যাবলৈ বুজালে, ক’লে যে তেওঁ আচৰণ শুধৰণি কৰিব আৰু চুৰাটলৈ তাইক লৈ যাব।
“তেওঁ মোক তাৰ ঘৰলৈ লৈ গ’ল। কেঁচুৱাটোক জৰী টনা পাতল খাটখনত থ’লে। তাৰপিছত মোক চৰিয়ালে। চুলিত ধৰি চোঁচৰাই কোঠা এটালৈ টানি লৈ গ’ল আৰু দুৱাৰ বন্ধ কৰি দিলে। তেওঁৰ ভায়েকহঁত আৰু বন্ধ আহি গোট খালে। গলত ধৰিলে আৰু আনৰ সহায়ত মোৰ হাতদুখন ধৰি থাকিল। তেনেকৈ ৰাখি তেওঁ মোৰ চুলিখিনি ব্লেড এখনেৰে খুৰাই দিলে,” তাই মনত পেলায়।
এই ঘটনাটোৱে দীয়াক বৰ আঘাত দিলে। “মই খুঁটা এটাত আউজি যিমান পাৰো কান্দিছিলো, সহায়ৰ বাবে চিঞৰিছিলো। কিন্তু কোনো নাহিল।” তেতিয়া আনবোৰ ওলাই গ’ল আৰু দুৱাৰখন বন্ধ কৰি দিলে। “তেওঁ মোৰ কাপোৰবোৰ খুলি পেলালে আৰু মোক ধৰ্ষণ কৰিলে। তেওঁ ওলাই যোৱাৰ পিছত আৰু তিনিজন আহিল আৰু এজন এজনকৈ ধৰ্ষণ কৰিলে। সিমানখিনিয়ে মোৰ মনত আছে, তাৰপিছত মই সংজ্ঞা হেৰুৱালো।”
সংজ্ঞা ঘূৰাই পাই তাই দেখে যে তাইৰ কেঁচুৱাটোৱে কান্দি আছে। পিছত তাই জানিব পাৰিলে “মোৰ ঘৰৱালাই (গিৰীয়েকে) মোৰ মাক ফোন কৰি কৈছে ‘তাই নাযায়। আমি গৈ কেঁচুৱাটো থৈ যাম।’ মোৰ মায়ে মনা নাছিল আৰু নিজে আহিম বুলি কৈছিল।”


কামলৈ প্ৰব্ৰজন কৰা কম বয়সীয়া মাতৃয়ে কেঁচুৱাবোৰক লগত লৈ যায়। দীয়াই এনেকৈ মাকৰ ঘৰত বহি থকাটোৱে পৰিয়ালটোৰ ওপৰত আৰ্থিক হেঁচাৰ সৃষ্টি কৰিছিল
কমলা আহি পোৱাৰ লগে লগে ৰবিয়ে কেঁচুৱাটো লৈ যাব কৈছিল। কিন্তু “মই ক’লো নহ’ব, মই মোৰ ছোৱালীজনীক চাব বিচাৰো।” চুলি খুৰাই পেলোৱা দীয়াই কঁপি কঁপি ওলাই আহিছিল, যেন “মৰিশালিৰ পৰা উঠি আহিছে”। “মই মোৰ স্বামীক, সৰপঞ্চ আৰু গাওঁবুঢ়াক মাতি আনিলো আৰু তেওঁলোকে পুলিচ মাতিলে,” কমলাই মনত পেলায়।
কিন্তু পুলিচ আহি পায় মানে যিদুজনে কাণ্ড কৰিছিল, সিহঁত পলাই গ’ল। দীয়াক হস্পিতাললৈ লৈ যোৱা হ’ল। “মোৰ গাত কামোৰাৰ চিন আছিল,” তাই মনত পেলায়। “কিন্তু ধৰ্ষণ সম্পৰ্কীয় একো পৰীক্ষা কৰা নহ’ল। মোৰ আঘাতৰ কোনো ফটো তোলা নহ’ল।”
ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন , ২০০৫ৰ অনুচ্ছেদ (৯-জি)ত স্পষ্টকৈ উল্লেখ আছে যে শাৰীৰিকভাবে অত্যাচাৰ কৰিলে শাৰীৰিক পৰীক্ষা কৰাব লাগে। পৰিয়ালটোৱে পুলিচক সকলোখিনি কৈছিল। কিন্তু এইজন প্ৰতিবেদকে কুশলগঢ়ৰ আৰক্ষী উপ-অধীক্ষকজনক সোধোতে তেওঁ কয় যে দীয়াই ভাষ্য় সলনি কৰিছিল, ধৰ্ষণৰ কথা উল্লেখ কৰা নাছিল আৰু এনে লাগিছিল যেন তেওঁক কোনোবাই শিকাই-বুজাই পঠিয়াইছে>
দীয়াৰ পৰিয়ালে এইকথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। “আধা আধা লিখা আৰু আধা আধা চৌৰ দিয়া (সিহঁতে আধা লিখি আধা নিলিখিলে),” দীয়াই কয়। “মই ফাইলটো আদালতত ২-৩ দিন পিছত পঢ়িলো। দেখিলো যে সিহঁতে মোক ধৰ্ষণ কৰা চাৰিজন মানুহৰ কথা লিখা নাই। মই সিহঁতৰ নাম কোৱা স্বত্ত্বেও কাৰো নাম সিহঁতে নিলিখিলে।”

স্বামীয়ে এৰি যোৱা আৰু ঘৰুৱা হিংসাৰ ঘটনাৰ অভিযোগ দাখিলৰ সংখ্যা কুশলগঢ় আৰক্ষী থানাত বাঢ়িছে
প্ৰব্ৰজনকাৰী মহিলাই দুই ধৰণে সমস্যাৰ সন্মুখীন হয় - তেওঁলোকে সমানে পৰিশ্ৰম কৰে যদিও ঠিকাদাৰে মহিলাৰ স্বামীহঁতৰ যোগেদিহে টকাৰ লেনদেন কৰে - আকৌ নিজৰ সমস্যা খুলি ক’বলৈ তেওঁলোকে স্থানীয় ভাষা নাজানে
ৰবি আৰু আন তিনিজন মানুহ, যাৰ নাম তেওঁ কৈছিল, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ পৰিয়ালৰ আন সদস্যসকলকো গ্ৰেপ্তাৰ কৰা হৈছিল। আটাইকেইজনে জামিন পাইছে। ৰবি আৰু তেওঁৰ পৰিয়ালে তাইক পৰোক্ষভাৱে দিয়া ভাবুকি চুবুৰীয়াৰ যোগেদি তাই পাই থাকে।
২০২৪ত এই প্ৰতিবেদকে তাইক লগ পাওতে তাইৰ দৈনিক দিনযাপন আছিল কেবাবাৰো আৰক্ষী থানালৈ আৰু আদালতলৈ যোৱা। আৰু কুষ্ঠৰোগ ধৰা পৰা তাইৰ ১০ মহীয়া শিশুটোৰ চোৱাচিতা কৰা।
“প্ৰতিবাৰেই আমি কুশলগঢ়লৈ আহিলে বাছত আমাৰ এবাৰত ৪০ টকা খৰছ হয়,” দীয়াৰ পিতৃ কিষাণে কয়। কেতিয়াবা পৰিয়ালটোক বৰ জৰুৰীভাৱে মতা হয় আৰু বাহন ভাৰা কৰি যাবলগীয়া হয়, এনেকৈ ৩৫ কিলোমিটাৰৰ যাত্ৰাত ২,০০০ টকা খৰছ হয়।
খৰছ বাঢ়ি আছে, কিন্তু কিষাণে কামৰ বাবে ওলাই যাবপৰা নাই। “এই গোচৰটোৰ কিবা মীমাংসা নোহোৱাকৈ কেনেকৈ যাওঁ?” তেওঁ প্ৰশ্ন কৰে। কেছটো উঠাই ল’বলৈ বাঞ্জাৰিয়াই আমাক ৫ লাখ টকা দিব বিচাৰিছিল। সৰপঞ্চে মোক কৈছিল, ‘লৈ লওঁক।’ কিন্তু মই পোনছাটে নাকচ কৰিলোঁ। আইনে তাক শাস্তি দিয়ক।
ঘৰৰ কেঁচা মজিয়াত বহি থকা দীয়াই (১৯) আশা কৰে যে দোষীৰ শাস্তি হ’ব। তাইৰ চুলিখিনি এক ইঞ্চিমান দীঘল হৈছে। “সিহঁতে যি বিচাৰিছিল, সেয়া কৰিলে। এতিয়া ভয় খাই কি লাভ? মই যুঁজিম। এনে কৰিলে কি হয় সি জানিব লাগিব। তেতিয়াহে সি কাৰো লগত এনে নকৰিব।”
তাইৰ মাতটো ডাঙৰ হৈ আহে, “সি শাস্তি পাবই লাগিব।”
এই ষ্ট’ৰিটো যৌন আৰু লিংগভিত্তিক হিংসা (এছ.জি.বি.ভি.) অতিক্ৰমী বাচি অহাজনৰ সামাজিক, আনুষ্ঠানিক আৰু গাঁথনিগত বাধাসমূহৰ ওপৰত গুৰুত্ব দি প্ৰস্তুত কৰা দেশজোৰা প্ৰতিবেদনৰ এক অংশ। ডক্টৰ্ছ ৱিদাউট ব’ৰ্ডাছৰ ইণ্ডিয়াৰ দ্বাৰা সমৰ্থিত এক প্ৰকল্পৰ অংশ।
পৰিচয় সুৰক্ষিত ৰাখিবলৈ জীৱিতজনৰ লগতে পৰিয়ালৰ সদস্যৰ নাম সলনি কৰা হৈছে।
অনুবাদ: পংকজ দাস