ঘৰতে আবদ্ধ কৰি ৰখা, জোৰ-জবৰদস্তি বিয়া দিয়া, শাৰীৰিক তথা যৌন হিংসা আৰু ‘সংশোধনী’ থেৰাপি আদিকে ধৰি বিভিন্ন ধৰণৰ ভাবুকি আৰু অত্যাচাৰৰ সন্মুখীন হয় ভাৰতৰ এল.জি.বি.টি.কিউ.আই.এ.+ সম্প্ৰদায়ৰ লোকে। এই তথ্য ইণ্টাৰনেচনেল কমিছন অৱ জুৰিষ্টৰ দ্বাৰা ২০১৯ত প্ৰকাশিত লিভিং ৱিথ ডিগনিটি শীৰ্ষক প্ৰতিবেদনৰ এই তথ্য।

আৰুচি আৰু বিধি (নাম সলনি কৰা হৈছে)ৰ উদাহৰণেই লওঁক। তেওঁলোকে একেলগে থাকিবলৈ ক্ৰমে থানে আৰু পালঘৰ জিলাৰ নিজ ঘৰ এৰি মুম্বাইত আহি থাকিবলগীয়া হৈছে। বিধি আৰু আৰুচে (তেওঁ নিজকে ৰূপান্তৰিত পুৰুষ বুলি চিনাকি দিয়ে) মুম্বাইত তেওঁলোকে কোঠালী এটা ভাৰা লৈ থাকে। “মালিকজনে আমাৰ সম্পৰ্কৰ কথা নাজানে। আমি সেয়া লুকাই ৰাখিব লাগিব। ৰুমটো এৰি যাব বিচৰা নাই,” আৰুচে কয়।

এল.জি.বি.টি.কিউ.আই.এ.+ সমাজৰ লোকক প্ৰায়ে ভাৰাঘৰ নিদিয়ে, বলপূৰ্বক ঘৰ খালি কৰায়, পৰিয়ালৰ লোক, ভাৰাঘৰৰ মালিক, চুবুৰীয়া আৰু পুলিচে হাৰাশাস্তি কৰে। বহুতেই গৃহহীন জীৱন কটাবলগীয়া হয়, লিভিং ৱিথ ডিগনিটি শীৰ্ষক প্ৰতিবেদনত এই কথা কোৱা হৈছে।

নিন্দা-গৰিহণা আৰু সীমা চেৰাই যোৱা হাৰাশাস্তি সহ্য কৰিব নোৱাৰি ভাৰতত বহুতেই, বিশেষকৈ গ্ৰামাঞ্চলৰ পৰা ৰূপান্তৰিত লোকে ঘৰ এৰি নিৰাপদ স্থানৰ সন্ধানত ওলাই আহিবলগীয়া হয়। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ২০২১ত পশ্চিমবংগৰ ৰূপান্তৰিত সম্প্ৰদায়ৰ লোকক লৈ প্ৰকাশিত এক অধ্যয়নত কৈছে, “নিজৰ লিংগ পৰিচয় লুকুৱাবলৈ পৰিয়ালৰ লোকে তেওঁলোকক হেঁচা দিয়ে।” তাৰোপৰি পৰিয়াল, বন্ধুবৰ্গ আৰু সমাজৰ হেঁচাত এইসকল লোকৰ অৰ্ধেক অংশই ঘৰ এৰিবলগীয়া হয়।

“ৰূপান্তৰিত লোক হ’লো বুলিয়ে আমাৰ কি ইজ্জত নাই?” ৰাস্তা-ঘাট, স্কুল, কৰ্মস্থলকে ধৰি সকলোতে তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা ৰূপান্তৰিত নাৰী শীতলে কয়। “সকলোৱে কিয় আমাক এনেকৈ অৱজ্ঞাৰ চকুৰে চায়?” 'মানুহে আমালৈ এনেকৈ দৃষ্টি নিক্ষেপ কৰে যেন আমি অমংগলীয়া অপশক্তিহে' শীৰ্ষক ষ্ট’ৰিটোত তেওঁ এনেদৰে প্ৰশ্ন কৰে।

PHOTO • Design courtesy: Dipanjali Singh

ক’লহাপুৰত ছাকিনাই (নাৰী হিচাপে নিজৰ নামটো ৰাখিছে) নিজৰ পৰিয়ালক তেওঁৰ যে নাৰী হোৱাৰ মন, সেই কথা বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু পৰিয়ালৰ লোকে তেওঁক (পৰিয়ালে পুৰুষ হিচাপে দেখে) ছোৱালী এজনী বিয়া পাতিবলৈ জোৰ কৰি থাকিল। “ঘৰত মই এগৰাকী পিতৃ হিচাপে, স্বামী হিচাপে দায়িত্ব পালিব লাগে। ইচ্ছা কৰিও নাৰী হিচাপে জীয়াই থাকিব মই নোৱাৰিলো। এতিয়া মনৰ ভিতৰত নাৰী আৰু বাহিৰৰ জগতখনৰ বাবে পুৰুষ হিচাপে মই জীয়াই থাকিবলগীয়া হৈছে।”

ৰূপান্তৰকামী তথা প্ৰান্তিক লিংগীয় সম্প্ৰদায়ৰ লোকৰ প্ৰতি মানুহৰ মানুহৰ তীব্ৰ অৱজ্ঞাৰ ভাৱ দেশৰ সৰ্বত্ৰে দেখা যায়। উদাহৰণ স্বৰূপে ৰূপান্তৰকামী সম্প্ৰদায়ৰ লোকে শিক্ষা, স্বাস্থ্যসেৱা, ভোটদান, পৰিয়াল আৰু বিবাহ আদি সকলো ক্ষেত্ৰতে বঞ্চনাৰ সন্মুখীন হয়, তৃতীয় লিংগ হিচাপে ৰূপান্তৰকামী সম্প্ৰদায়ৰ মানৱাধিকাৰৰ এক অধ্যয়নত এই কথা কোৱা হৈছে।

হিমাচল প্ৰদেশৰ ধৰমশালা চহৰত ২০২৩ৰ এপ্ৰিলত অনুষ্ঠিত প্ৰথমটো গৌৰৱ যাত্ৰা ক স্থানীয় কিছুমান লোক যেনে ধৰক নৱনীত কোঠিৱালাই সন্দেহৰ দৃষ্টিৰে চাইছিল। “এয়া ভাল হোৱা বুলি ভাবি ল’বলৈ টান পাইছো। তেওঁলোকে (কুইয়াৰসকলে) এনেকৈ সংগ্ৰাম কৰাটো ভুল, তেওঁলোকে যি বিচাৰিছে, সেয়া স্বাভাৱিক নহয় - তেওঁলোকৰ ল’ৰা-ছোৱালী হ’ব কেনেকৈ?”

ৰূপান্তৰিত লোকসকল দৈনন্দিন জীৱনত প্ৰায়েই বৈষম্য আৰু এঘৰীয়া হোৱাৰ দৰে অভিজ্ঞতাৰ সন্মুখীন হয়। তেওঁলোকক কাম আৰু থকাৰ সুবিধাও দিয়া নহয়। “ভিক্ষা খুজিবলৈ ভাল নালাগে, কিন্তু মানুহে আমাক কাম নিদিয়ে,” ১৩ বছৰ বয়সত নিজকে ৰূপান্তৰকামী বুলি চিনিছিল ৰাধিকা গোচাৱিয়ে

সামাজিক প্ৰত্যাখ্যান আৰু কৰ্মসংস্থানৰ ন্যায্য অধিকাৰ নোপোৱাটোও ৰূপান্তৰকামী লোকসকলৰ বাবে এক গুৰুতৰ সমস্যা। তৃতীয় লিংগ হিচাপে ৰূপান্তৰকামীসকলৰ মানৱাধিকাৰ অধ্যয়ন শীৰ্ষক (উত্তৰ প্ৰদেশ আৰু দিল্লীক লৈ কৰা) এক অধ্যয়নত দেখা গৈছে যে সমীক্ষাত অংশগ্ৰহণকাৰীসকলৰ ৯৯ শতাংশই একাধিকবাৰ ‘সামাজিক বঞ্চনা’ সন্মুখীন হৈছে আৰু ৯৬ শতাংশই ‘সংস্থাপনৰ সুযোগ-সুবিধা’ৰ পৰা বঞ্চিত হৈছে।

PHOTO • Design courtesy: Dipanjali Singh

“ক’ৰবালৈ যাবলগীয়া থাকিলে ৰিক্সাৱালাই আমাক নোতোলে, মানুহে বাছ-ট্ৰেইনত এনে ব্যৱহাৰ কৰে যেন আমি অস্পৃশ্যহে। কোনেও আমাৰ কাষত থিয় নহয়, লগত নবহে; এনেকৈ চায় যেন আমি কিবা ভূত-প্ৰেতহে,” ৰাধিকাই কয়।

এল.জি.বি.টি.কিউ.আই.এ.+ সম্প্ৰদায়ৰ লোকে ৰাজহুৱা স্থান যেনে শ্বপিং মল আৰু ৰেষ্টোৰাঁ আদিতো বৈষম্যৰ চিকাৰ হয়। তেওঁলোকক সোমাব দিয়া নহয়, ৰাজহুৱা সেৱা অস্বীকাৰ কৰা হয়, পৰিসেৱাৰ পৰা বঞ্চিত কৰা হয় আৰু ব্যক্তিগত সীমা চেৰাই তালাচি লোৱা হয় আৰু পণ্যৰ বৈষম্যমূলক দাম শুনোৱা হয়। শিক্ষা সম্পূৰ্ণ কৰাটো আন এক প্ৰত্যাহ্বান। মাদুৰাইৰ কুম্মী (পৰম্পৰাগত গীত) নৃত্যশিল্পী কে স্বস্তিকা আৰু আই. শালিনে ৰপান্তৰিত নাৰী হোৱাৰ বাবে আতিশয্যৰ সন্মুখীন হৈ ক্ৰমে বি.এ. আৰু একাদশ শ্ৰেণীৰ পৰা পঢ়া এৰিবলগীয়া হৈছিল। পঢ়কঃ মাদুৰাইৰ ৰূপান্তৰিত শিল্পী: নিপীড়িত, নিঃসংগ আৰু সম্বলহীন

২০১৫ত প্ৰকাশিত এই সমীক্ষাত (ৰূপান্তৰকামীসকলক তৃতীয় লিংগ হিচাপে উচ্চতম ন্যায়ালয়ে স্বীকৃতি দি ৰায়দান কৰাৰ এবছৰ পাছত) দেখা গৈছে যে কেৰালাৰ ৰূপান্তৰিত সম্প্ৰদায়ৰ ৫৮ শতাংশ শিক্ষাৰ্থীয়ে ১০ম মান পাৰ কৰাৰ পাছতে স্কুল এৰে। শিক্ষা অব্যাহত নৰখাৰ কাৰণ হৈছে স্কুলত অত্যধিক হাৰাশাস্তি, আসনৰ ক্ষেত্ৰত সংৰক্ষণৰ অভাৱ আৰু পৰিয়ালৰ ফালৰ পৰা বিৰোধ।

*****

“মহিলাৰ দলটোত এজন পুৰুষে খেলি আছে” - এনে কিছুমান বাতৰিৰ শিৰোনাম দেখা বনি পলৰ মনত পৰে। তেওঁ নিজকে মিশ্ৰলিংগীয় বুলি পৰিচয় দিয়ে। তেওঁ এগৰাকী প্ৰাক্তন ফুটবলাৰ, ১৯৯৮ত তেওঁক এছিয়ান গেমচৰ বাবে বাছনিত উঠিছিল, কিন্তু ঘটনাক্ৰমে তেওঁ লিংগীয় পৰিচয়ৰ কাৰণে তেওঁক দলৰ পৰা আঁতৰাই দিয়া হয়।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ উচ্চায়ুক্তৰ কাৰ্য্যালয়ে কয় যে মিশ্ৰলিংগীয় ব্যক্তিৰ এনে লিংগীয় বৈশিষ্ট (যৌনাংগ, জননগ্ৰন্থি আৰু ক্ৰমজমকে ধৰি) থাকে যে তেওঁলোক পুৰুষ বা মহিলাৰ সাধাৰণতে প্ৰচলিত সংজ্ঞাৰ সৈতে খাপ নাখায়।

PHOTO • Design courtesy: Dipanjali Singh

“মোৰ জৰায়ু, গৰ্ভাশয় আৰু ভিতৰত এটা পুৰুষ জননাংগ আছিল, বনিয়ে কয়। ” “মোৰ দৰে শৰীৰ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বত আছে। এথলীট, টেনিছ খেলুৱৈ, ফুটবলাৰ - মোৰ দৰে এনেকুৱা বহুত খেলুৱৈ আছে।”

বনিয়ে কয় যে মানুহৰ ভয়ত তেওঁ কেতিয়াও ঘৰৰ পৰা ওলোৱা নাছিল। আন্তৰাষ্ট্ৰীয় আইন অনুসৰি এল.জি.বি.টি.কিউ.আই.এ.+ সম্প্ৰদায়ৰ লোকে প্ৰায়ে তেওঁলোকৰ ব্যক্তিগত সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি আৰু আতিশয্য বা হেয় ব্যৱহাৰৰ সন্মুখীন হয়, এই প্ৰতিবেদনখনত কোৱা হৈছে। আচলতে ভাৰতত মানৱাধিকাৰ ভংগৰ ২০১৮ৰ লিপিবদ্ধ ঘটনাৰ ৪০ শতাংশতেই শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনা; আৰু তাৰ পাছতেই আছে ধৰ্ষণ আৰু যৌন আতিশয্য (১৭ শতাংশ)।

এই প্ৰতিবেদনত প্ৰকাশ যে ২০১৪ত তৃতীয় লিংগ হিচাপে সম্প্ৰদায়টোৰ লোকসকলে স্বীকৃতি পোৱা সন্দৰ্ভত আইনী অধিকাৰ সম্পৰ্কে কেৰালাত বাদে আন কোনো ৰাজ্যই জন সজাগতামূলক অভিযান চলোৱা নাই। ৰূপান্তৰকামী লোকে আৰক্ষীৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলিও প্ৰতিবেদনখনত উল্লেখ আছে।

ভাৰতত ক’ভিডৰ কাৰণে হোৱা প্ৰথমটো লকডাউনত প্ৰকাশিত ক’ৰনা ক্ৰনিকলচত কোৱা হৈছে যে লিংগীয় বিকাশৰ ক্ষেত্ৰত পাৰ্থক্য থকা বহু ব্যক্তিয়ে স্বাস্থ্যখণ্ডত “তেওঁলোকৰ নিৰ্দিষ্ট সমস্যা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে ন্যূনতম জ্ঞান হেতুকে ” আৱশ্যকীয় স্বাস্থ্যসেৱাৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছিল। পাৰি লাইব্ৰেৰীৰ ‘প্ৰান্তীয় যৌনতা আৰু লিংগ পৰিচয়’ শিতানত থকা এনে বহু প্ৰতিবেদন ভাৰতত এল.জি.বি.টি.কিউ.আই.এ.+ সম্প্ৰদায়ৰ লোকৰ স্বাস্থ্য সম্পৰ্কে বুজাৰ ক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ।

PHOTO • Design courtesy: Dipanjali Singh

ক’ভিডকালত তামিলনাডুৰ বিভিন্ন প্ৰান্তত বহু লোকশিল্পীৰ জীৱন বিধ্বস্ত হৈছে। তাৰ মাজত আটাইতকৈ দুৰ্দশাগ্ৰস্ত হোৱাসকল হৈছে ৰূপান্তৰকামী নাৰী শিল্পীসকল। এফালে তেওঁলোকৰ আয়ৰ একো উৎস নাইকিয়া হৈছে, আনফালে কোনো সাহায্য কিম্বা চৰকাৰী সা-সুবিধাও তেওঁলোকে পোৱা নাই। মাদুৰাই চহৰৰ ৰূপান্তৰিত নাৰী লোকশিল্পী ষাঠি বছৰীয়া থাৰ্মা আম্মাই কয়, “আমাৰ কোনো নিৰ্ধাৰিত দৰমহা নাই। তাতে আকৌ ক’ৰনা অহাত আমি আয়ৰ যি দুই-এটা উপায় আছিল, তাকো হেৰুৱালো।”

তেওঁ বছৰৰ প্ৰথম ছমাহত মাহে ৮ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন কৰিছিল। পৰৱৰ্তী ছমাহত থাৰ্মা আম্মাই মাহে কোনোমতে ৩ হাজাৰ টকা পাইছিল। লকডাউনে সকলো সলনি কৰি পেলালে। “পুৰুষ বা মহিলা লোকশিল্পীয়ে সহজেই পেঞ্চনৰ কাৰণে দৰ্খাস্ত কৰিব পাৰে, কিন্তু ৰূপান্তৰিত ব্যক্তিৰ বাবে সেয়া বৰ টান কাম হৈ পৰে। মোৰ দৰ্খাস্ত কেবাবাৰো নাকচ কৰা হৈছে,” তেওঁ কয়।

কাগজে-পত্ৰে হ’লেও পৰিৱৰ্তন আহিছে। ২০১৯ত ভাৰতীয় সংসদত ৰূপান্তৰকামী ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন গৃহীত কৰা হয়, গোটেই ভাৰতবৰ্ষতে এই আইন প্ৰযোজ্য। আইনখনত কোৱা হৈছে যে সাধাৰণ নাগৰিকৰ বাবে থকা শিক্ষা, স্বাস্থ্যসেৱা, নিয়োগ বা জীৱিকা, চলা-ফিৰাৰ অধিকাৰ, সম্পত্তি ক্ৰয় বা ভাৰাত লোৱা অধিকাৰ, ৰাজহুৱা দপ্তৰত পদাধিকাৰ লাভ বা জনপ্ৰতিনিধি হিচাপে থিয় দিয়া, কোনো সামগ্ৰী, থকা-মেলাৰ ব্যৱস্থা, সেৱা-সুবিধা, হিতাধিকাৰ, বিশেষাধিকাৰ বা সুযোগৰ ক্ষেত্ৰত কোনো ব্যক্তি নাইবা প্ৰতিষ্ঠানে ৰূপান্তৰকামী লোকক বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব।

আমাৰ সংবিধানতো লিংগ পৰিচয়ৰ ভিত্তিত বৈষম্যৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আছে। তাত ইয়াকো কোৱা আছে যে ৰাজ্যই নিজে মহিলা আৰু শিশুৰ কাৰণে কেতবোৰ বিশেষ ব্যৱস্থা হাতত ল’ব পাৰে যাতে তেওঁলোক নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয় বা তেওঁলোকৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা নহয়। কিন্তু প্ৰান্তীয় যৌন আৰু লিংগ পৰিচয়ধাৰী লোকৰ ক্ষেত্ৰত এনে ব্যৱস্থাৰ অৱতাৰণাৰ কথা স্পষ্টকৈ উল্লেখ নাই।

প্ৰচ্ছদ অলংকৰণ : স্বদেশা শৰ্মা আৰু সিদ্ধিতা সোনাৱানে

অনুবাদ: পংকজ দাস

PARI Library

The PARI Library team of Dipanjali Singh, Swadesha Sharma and Siddhita Sonavane curate documents relevant to PARI's mandate of creating a people's resource archive of everyday lives.

Other stories by PARI Library
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das