১৯৯৭ চনৰ কথা।

জ্যেষ্ঠ মহিলাৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত মুখামুখি হৈছিল পশ্চিমবংগ আৰু মণিপুৰ। বাৰ্ষিক আন্তৰাজ্যিক এই টুৰ্ণামেণ্টত পশ্চিমবংগই মণিপুৰৰ লগত যোৱা তিনিবাৰ ফাইনেল খেলত হাৰিছিল। কিন্তু এইবাৰ হালধীয়া-মেৰুন ৰঙী জাৰ্চীৰে তেওঁলোকে অগ্ৰগতি লাভ কৰিছিল। ফুটবলাৰ বন্দনা পালৰ কাৰণে পশ্চিমবংগৰ হালদিয়া চহৰৰ দুৰ্গাচক ষ্টেডিয়ামখন আছিল গৃহচহৰৰ ষ্টেডিয়াম।

হুইছেল বাজিছিল আৰু মেচখন আৰম্ভ হৈছিল।

আগতে এই চেম্পিয়নশ্বিপত এইজনা ষ্ট্ৰাইকাৰে হেট-ট্ৰিক কৰি থৈছে। সেইখন মেচত পশ্চিমবংগই গোৱাৰ বিৰুদ্ধে জয়ী হ’ল কিন্তু পালে তেওঁৰ বাওঁ আঠুটোত আঘাত পালে। “মই তথাপিও চেমি-ফাইনেললৈ (পাঞ্জাৱৰ বিৰুদ্ধে) খেলিলো, কিন্তু বিষ তীব্ৰ আছিল। আমি ফাইনেল পোৱাৰ দিনা মই থিয়ই হ’ব পৰা নাছিলো।”

পশ্চিমবংগৰ কনিষ্ঠতম খেলুৱৈ পালে সিদিনা বেঞ্চত বহি চেম্পিয়নশ্বিপৰ চুড়ান্ত খেলখন চাইছিল। মেচখন শেষ হ’বলৈ কেইমিনিটমান বাকী আছিল আৰু কোনো এটা দলেও স্ক’ৰ কৰিব পৰা নাছিল। পশ্চিমবংগৰ প্ৰশিক্ষক শান্তি মালিক অসন্তুষ্ট হৈছিল। তাতে আকৌ ১২,০০০ লোকেৰে ভৰা ষ্টেডিয়ামখনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু খেলমন্ত্ৰীও দৰ্শক হিচাপে উপস্থিত আছিল। মালিকে পালক সাজু হ’বলৈ ক’লে। “মোৰ অৱস্থাটো চাওকচোন, মই তেওঁক কৈছিলো। কিন্তু প্ৰশিক্ষকে ক’লে, ‘মোৰ মনে কৈছে, তুমি উঠিলে গ’ল এটা হ’ব’,” পালে কয়।

বিষ কমাবলৈ দুটা কুইক ইনজেক্সন লৈ আৰু আঘাত পোৱা ঠাইত ক্ৰেপ বেণ্ডেজ লগাই পাল সাজু হ’ল। মেচখন ড্ৰ হ’ল আৰু সোণালী গলটোৰ কাৰণে অতিৰিক্ত সময় দিয়া হ’ল - যিটো দলেই সেয়া কৰিব, সিটোৱেই চেম্পিয়নশ্বিপ লাভ কৰিব।

মই ক্ৰছবাৰডাললৈ লক্ষ্য কৰি মাৰিলো, বলটো সোঁফাললৈ চুইং কৰিলে। গ’লকিপাৰে জাঁপ মাৰিলে। কিন্তু বলটো তাইৰ ওপৰেৰে পাৰ হৈ গৈ নেটত সোমাল।

PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালে- বনি পালে বন্দনা পাল হিচাপে খেলি থকা সময়ৰ খেলুৱৈ জীৱনৰ প্ৰাৰম্ভিক ফটো, ২০১২ৰ ২ ডিচেম্বৰত আনন্দবাজাৰ পত্ৰিকাৰ ক্ৰীড়া পৰিপূৰকত  প্ৰকাশ পাইছিল। সোঁফালেঃ ১৯৯৮ৰ মহিলাৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত বন্দনাৰ অংশগ্ৰহণৰ প্ৰশংসাৰে এ.আই.এফ.এফ.ৰ প্ৰশস্তিপত্ৰ

এইখিনিতে পালে এজন কাহিনীকওঁতাৰ লেখীয়া বিৰাম ল’লে। “মই আঘাত পোৱা ভৰিৰে শ্বট ল’লো,” ফুটবলাৰজনে মিচিকিয়াই হাঁহি ক’লে। “গ’লকীপাৰজন যিমানেই ওখ নহওঁক, ক্ৰছবাৰ শ্বট এটা বচোৱাো টান। মই সেই সোণালী গলটো দিব পাৰিলো।”

সেই দিনটো পাৰ হোৱা আজি প্ৰায় ২৫ বছৰ হ’ল, কিন্তু ৪১ বছৰ বয়সীয়া পালে এতিয়াও গৌৰৱেৰে সেইকথা মনত পেলায়। এবছৰ পিছত পালে ৰাষ্ট্ৰীয় দলত সুযোগ পালে, তেওঁ সোনকালেই বেংককত অনুষ্ঠিত হ’বলগীয়া ১৯৯৮ৰ এছিয়ান গেমচত ভাগ লোৱাৰ সুযোগ পালেহেঁতেন।

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ ইছাপুৰ গাঁৱৰ পৰা এইজন ফুটবলাৰৰ কাৰণে এয়া আছিল সপোন পুৰণৰ দৌৰ। “মোৰ আইতাই ৰেডিঅ’ত ধাৰাভাষ্য শুনি আছিল (ফাইনেল মেচখনৰ)। পৰিয়ালটোৰ কোনেও ফুটবলত এইটো স্তৰলৈকে যাবপৰা নাছিল। তেওঁলোক আটায়ে মোক লৈ গৌৰৱ অনুভৱ কৰিছিল।”

পল যেতিয়া সৰু আছিল, তেওঁলোকৰ সাতজনীয়া পৰিয়ালোৱে গাইঘাটা ব্লকৰ ইছাপুৰ গাঁৱত থাকিছিল। তাতে তেওঁলোকে চলিবলৈ বুলি নিজৰ দুই একৰ মাটিত ধান, সৰিয়হ, মটৰমাহ, দাইল আৰু গোমধানৰ খেতি কৰিছিল। সেই মাটিৰ কিছু অংশ এতিয়া বিক্ৰী কৰা হৈছে আৰু বাকীখিনি পৰিয়ালৰ মাজত ভাগ-বতোৱাৰা কৰা হৈছে।

“মোৰ দেউতাই দৰ্জীৰ কাম কৰিছিল আৰু মায়ে তেওঁক চিলোৱা আৰু এম্ব্ৰইডেৰীত সহায় কৰি দিছিল। তেওঁ পাগুৰি, ৰাখি আৰু আন কিবাকিবি বস্তুও বনাইছিল,” পাঁচজনীয়া ভাই-ভনীৰ সৰুজন পালে কয়। “আমি সৰু থকাৰে পৰা সেই মাটিত খেতি কৰিছিলো।” সৰুবোৰৰ দায়িত্ব আছিল পৰিয়ালৰ ৭০ টা মুৰ্গী আৰু ১৫ টা ছাগলীৰ দায়িত্ব লোৱা - স্কুলৰ পৰা আহি ছাগলীকেইাৰ কাৰণে ঘাঁহ কাটিব লাগিছিল।

পালে ইছাপুৰ হাইস্কুলৰ পৰা দশমমানৰ দেওনা পাৰ কৰে। “তাত ছোৱালীৰ ফুটবল টিম নাছিল, সেয়ে মই ল’ৰাৰ লগতে খেলিছিলো,” ঘৰৰ ভিতৰৰ পৰা ৰবাব টেঙা ( Citrus maxima ) এটা আনি প্ৰাক্তন ফুটবলাৰজনে কয়। “আমি এইটোক বাটাবি বা জাম্বুৰা বুলি কওঁ। ফুটবল কিনাৰ বাবে আমাৰ হাতত পইছা নাছিল, সেয়ে আমি এই ফলবিধ গছৰ পৰা চিঙি আনি খেলিছিলো,” পালে কয়। “এনেকৈয়ে মই আৰম্ভ কৰিছিলো।”

PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালেঃ পৰিয়ালৰ ঘৰটোৰ প্ৰথম মহলাত স্বাতী আৰু তেওঁ থকা কোঠাটোত বনি বহিছে। সোঁফালেঃ দুটা ৰবাব টেঙা (বাওঁফালে), ফুটবল কিনিবলৈ পইছা নাছিল বাবে এই টেঙাবিধেৰেই বনিয়ে খেলিছিল। ফটোখনত তেওঁৰ প্ৰশিক্ষণৰ সময়ৰ জোতাযোৰ

ঘৰত বুচু দা বুলি মতা (ডাঙৰ ভায়েক) সিদনাথে ১২ বছৰীয়া ভায়েকক খেলি থকা দেখিছিল। বুচু দাই পালক বাৰাসাত চহৰত চলি থকা ফুটবল ট্ৰায়েলৰ খবৰ দিলে। তেওঁ গ’ল আৰু তেনেকৈয়ে তেওঁ বাৰাসাত যুৱক সংঘ ক্লাবৰ টিমত যোগ দিলে। তাৰে খেলত ভাল প্ৰদৰ্শন কৰাত কলকাতাৰ ইটিকা মেম’ৰিয়েলে তেওঁক নিজৰ দলত ল’লে। তাৰপিছত তেওঁ ঘুৰি চাবলগীয়া হোৱা নাই।

১৯৮৮ৰ এছিয়ান গেমচত খেলিবলৈ পালক বাচনি কৰা হৈছিল আৰু ফুটবলাৰজনৰ পাৰপত্ৰ আৰু ভিছাৰ দৰ্খাস্ত ততাতয়াকৈ কৰা হৈছিল। “আমি বিমানবন্দৰত আছিলো, যাবলৈ সাজু হৈছিলো,” প্ৰাক্তন ফুটবলাৰজনে মনত পেলায়। “কিন্তু তেওঁলোকে মোক ঘুৰাই পঠালে।”

এছিয়ান গেমচৰ প্ৰশিক্ষণৰ সময়ত মণিপুৰ, পাঞ্জাৱ, কেৰালা আৰু ওড়িশাৰ খেলুৱৈসকলে পালৰ পাৰদৰ্শিতা দেখিছিল। তেওঁলোকে পালৰ লিংগক লৈ সন্দিগ্ধ আছিল আৰু প্ৰশিক্ষকক কথাটো জনাইছিল। বিষয়টো অতি সোনকালে খেলবিধৰ পৰিচালনা সমিতি সৰ্বভাৰতীয় ফুটবল ফেডাৰেছন (এ.আই.এফ.এফ.)ৰ ওচৰ পালেগৈ।

“মোক ক্ৰম’জম টেষ্ট কৰাব দিছিল। সেই সময়ত এই সুবিধা কেৱল বম্বে বা বাংগালুৰুত আছিল,” পলে কয়। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছ.এ.আই.)ৰ পৰা ডা. লাইলা দাসে পালৰ তেজৰ নমুনা মুম্বাইলৈ পঠিয়ায়। “ডেৰমাহ পিছত প্ৰতিবেদনত কেৰিঅ’টাইপ পৰীক্ষাই ‘46 XY’ দেখুৱালে। মহিলাৰ বাবে এয়া ‘46 XX’ হ’ব লাগে। ডাক্তৰে ক’লে যে মই খেলিব নোৱাৰো (আনুষ্ঠানিকভাৱে),” পলে কয়।

উদীয়মান ফুটবল তাৰকাজনৰ বয়স আছিল ১৭ বছৰ, কিন্তু ফুটবলত তেওঁৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছিল।

PHOTO • Riya Behl

২০১২ৰ ১৯ জুলাইত আজকল চিলিগুৰিত বনিৰ এখন ফটো, চিলিগুৰি উপসংমণ্ডল ক্ৰীড়া পৰিষদলৈ তেওঁ বায়’ডেটা দিছে

মিশ্ৰলিংগৰ ব্যক্তি, বা মিশ্ৰলিংগীয় প্ৰকৰণ থকা ব্যক্তিৰ প্ৰকৃতিগত লিংগীয় বৈশিষ্ট থাকে, যিবোৰ পুৰুষ বা মহিলাৰ দেহৰ চিকিৎসাবিষযক আৰু সামাজিক সংজ্ঞাৰ বাহিৰত। প্ৰকৰণ বাহ্যিক বা অভ্যন্তৰীণ প্ৰজনন অংগ, ক্ৰম’জমৰ চানেকি বা হৰমনৰ চানেকিৰ ক্ষেত্ৰত হ’ব পাৰে। সেয়া জন্মৰ সময়ত স্পষ্ট হ’ব পাৰে নাইবা পিছলৈও দেখা দিব পাৰে

***

“মোৰ জৰায়ু, গৰ্ভাশয় আৰু ভিতৰত এটা পুৰুষ জননাংগ আছিল। মোৰ দুয়োটা ‘চাইড’ (জননাংগ) আছিল,” প্ৰাক্তন ফুটবলাৰজনে কয়। এটা ৰাতিৰ ভিতৰতে ফুটবল অনুৰাগী মহল, সংবাদমাধ্যম আৰু পালৰ পৰিয়ালে খেলুৱৈজনৰ পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

“সেই সময়ত কোনেও জনা নাছিল বা বুজা নাছিল। এতিয়াহে মানুহে ক’বলৈ লৈছে আৰু এলজিবিটিকিউৰ সমস্যাবোৰ পোহৰলৈ আহিছে,” প্ৰাক্তন ফুটবলাৰজনে কয়।

পাল এগৰাকী মিশ্ৰলিংগৰ ব্যক্তি - এলজিবিটিকিউআইএ+ সমাজৰ আইটোৱে তেওঁক প্ৰতিনিধিত্ব কৰে। তেওঁৰ নাম এতিয়া বনি পাল। “মোৰ দৰে শৰীৰ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বত আছে। এথলীট, টেনিছ খেলুৱৈ, ফুটবলাৰ - মোৰ দৰে এনেকুৱা বহুত খেলুৱৈ আছে,” নিজকে পুৰুষ বুলি চিনাকি দিয়া বনিয়ে কয়। তেওঁ নিজৰ লিংগীয় পৰিচয়, প্ৰকাশভংগী, যৌনতা আৰু লিংগীয় নিৰ্ণয় আদি বিষয়ত চিকিৎসা বিজ্ঞানৰ সমাজখনৰ লগতে এখন বিশাল সমাজৰ সৈতে কাম কৰে।

PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালেঃ টাইমচ অৱ ইণ্ডিয়াৰ চিটি চাপ্লিমেণ্টত প্ৰকাশিত বনিৰ এটা লিখনী। সোঁফালেঃ বনি পালৰ আধাৰ কাৰ্ড. তাত বনিক পুৰুষ বুলি উল্লেখ কৰা আছে

মিশ্ৰলিংগৰ ব্যক্তি , বা মিশ্ৰলিংগীয় প্ৰকৰণ থকা ব্যক্তিৰ প্ৰকৃতিগত লিংগীয় বৈশিষ্ট থাকে, যিবোৰ পুৰুষ বা মহিলাৰ দেহৰ চিকিৎসাবিষযক আৰু সামাজিক সংজ্ঞাৰ বাহিৰত। প্ৰকৰণ বাহ্যিক বা অভ্যন্তৰীণ প্ৰজনন অংগ, ক্ৰম’জমৰ চানেকি বা হৰমনৰ চানেকিৰ ক্ষেত্ৰত হ’ব পাৰে। সেয়া জন্মৰ সময়ত স্পষ্ট হ’ব পাৰে নাইবা পিছলৈও দেখা দিব পাৰে। চিকিৎসা বিজ্ঞানৰ অনুশীলনকাৰীয়ে মিশ্ৰলিংগৰ প্ৰকৰণ থকা ব্যক্তিৰ ক্ষেত্ৰত ডিএছডি (Differences/Disorders of Sex Development) অৰ্থাৎ যৌন বিকাশৰ বৈসাদৃশ্য/বিসংগতি অভিধাটো ব্যৱহাৰ কৰে।

“ডিএছডি অভিধাটো প্ৰায়ে ‘যৌন বিকাশৰ বিসংগতি’ বুলি চিকিৎসা বিজ্ঞানৰ সমাজখনে ব্যৱহাৰ কৰে,” দিল্লীৰ ইউনিভাৰ্ছিটি কলেজ অৱ মেডিকেল চায়েন্সেজৰ শৰীৰবিজ্ঞানৰ প্ৰফেছৰ ডা. সত্যেন্দৰ সিঙে কয়। মিশ্ৰলিংগৰ ব্যক্তিৰ স্বাস্থ্য সন্দৰ্ভত অজ্ঞতা আৰু বিভ্ৰাটৰ কাৰণে মিশ্ৰলিংগৰ ব্যক্তিৰ সংখ্যা সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য নাই বুলি তেওঁ কয়।

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰূপান্তৰিত ব্যক্তিৰ ২০১৪ৰ এক প্ৰতিবেদন মতে ২,০০০ টা শিশুৰ ভিতৰত অতিকমেও এটা শিশু এনে এক লিংগীয় শৰীৰ-সংৰচনাৰ সৈতে জন্ম পায় “য’ত পুৰুষ আৰু মহিলাৰ বৈশিষ্ট এনেকৈ মিহলি হৈ থাকে যে তেনে শিশুক ল’ৰা বা কন্যা সন্তান হিচাপে আনকি বিশেষজ্ঞয়ো চিহ্নিত কৰিব নোৱাৰা হয়।”

তৎসত্ত্বেও “মানক পাঠ্যপুথিত (ভাৰতীয় চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত) এতিয়াও ‘উভয়লিংগী’ (‘hermaphrodite), ‘অস্পষ্ট জননাংগ’ (ambiguous genitalia), আৰু ‘বিসংগতি’ আদি নিন্দাসূচক শব্দ ব্যৱহাৰ কৰা হয়,” মানৱ অধিকাৰ কৰ্মী আৰু বাধাগ্ৰস্তজনৰ অধিকাৰৰ পক্ষত থিয় দিয়া ডা. সিঙে কয়।

মহিলা দলৰ পৰা উলিয়াই দিয়াৰ পিছত বনিয়ে কলকাতাৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা অনুমোদিত শাৰীৰিক পৰীক্ষা কৰায় আৰু তেওঁক মহিলাৰ ফুটবল দলত খেলাৰ অনুমতি দিয়া নহয়। “ফুটবল খেলৰ পৰা আঁতৰি আহি এনে লাগিল যেন মোৰ জীৱনটো শেষ হৈ থাকিল। মোৰ প্ৰতি অন্যায় কৰা হৈছিল,” বনিয়ে কয়।

PHOTO • Riya Behl
PHOTO • Riya Behl

সোঁফালেঃ বনিৰ হাতত এটা বাটাবি বা জাম্বুৰা (ৰবাব টেঙা)। ওপৰৰ চকলাটো ডাঠ হোৱা বাবে সৰুতে সেই টেঙাৰেই তেওঁ ফুটবল খেলিছিল। সোঁফালেঃ ট্ৰফী আৰু প্ৰমাণপত্ৰ থকা শ্ব’কেছটোৰ সন্মুখত বনি বহিছে

তেওঁ কয় যে ২০১৪ৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানে তেওঁৰ মনত আশা জগাইছিল। তাত কোৱা হৈছিল, “কোনো ব্যক্তিৰ লিংগীয় পৰিচয় মৰ্য্যাদাৰ অধিকাৰৰ বুনিয়াদী আধাৰতে নিহিত। লিংগই ব্যক্তিৰ সত্তাৰ চেতনাৰ কেন্দ্ৰত অৱস্থান কৰে আৰু ব্যক্তিৰ পৰিচয়ৰো ই এক অভিন্ন অংগ। লিংগৰ আইনী স্বীকৃতি, সেয়ে আমাক সংবিধানে নিশ্চিতি দিয়া মৰ্য্যাদা আৰু স্বতন্ত্ৰতাৰ অধিকাৰৰ এক অংশ।” ‘ৰূপান্তৰিত’ লোকৰ আইনী স্বীকৃতিৰ বাবে কাম কৰা পুজায়া মাতা নচীব কৌৰ জী মহিলা কল্যাণ সমাজ আৰু ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণে দাখিল কৰা আবেদনৰ প্ৰতি সহাঁৰি জনাই সৰ্বোচ্চ ন্যায়ালয়খনে এই ৰায়দান দিছিল। লিংগীয় পৰিচয়ৰ বিষয়টো ন্যায়ালয়ত সবিস্তাৰে আলোচনা হৈছিল আৰু ভাৰতত নন-বাইনেৰি লিংগীয় পৰিচয়ক স্বীকৃতি দিয়া আৰু ৰূপান্তৰিত ব্যক্তিৰ মৌলিক অধিকাৰ অটুট ৰখাৰ ক্ষেত্ৰত সেয়া আছিল এক ঐতিহাসিক ৰায়দান।

সেই ৰায়দানে বনিৰ অৱস্থাটোক বৈধতা দিছিল। “মোৰ এনে লাগিছিল যেন মই মহিলা দলটোৰে অংশ,” তেওঁ কয়। “কিন্তু মই কিয় খেলিব নোৱাৰো বুলি এ.আই.এফ.এফ.ক প্ৰশ্ন কৰাত মোৰ শৰীৰ আৰু ক্ৰম’জমৰ কাৰণে নোৱাৰো বুলি তেওঁলোকে উত্তৰ দিছিল।”

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ নেতাজী সুভাষ পূৰ্বাঞ্চল কেন্দ্ৰ, কলকাতালৈ আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনলৈ লিংগীয় প্ৰকৰণ থকা খেলুৱৈৰ ক্ষেত্ৰত লিংগ পৰীক্ষাৰ নীতি সন্দৰ্ভত বাৰম্বাৰ মেচেজ পঠিওৱা স্বত্ত্বেও এইজন প্ৰতিবেদকে তেওঁলোকৰ পৰা একো সঁহাৰি নাপালে।

***

সংস্কাৰৰ দৃঢ় মনোভাৱেৰে ২০১৯ৰ এপ্ৰিলত বনিয়ে ইণ্টাৰচেক্স হিউমেন ৰাইটচ্ ইণ্ডিয়া (আই.এইছ.আৰ.আই.) শীৰ্ষক এক সৰ্বভাৰতীয় মিশ্ৰলিংগ ব্যক্তি আৰু তেওঁলোকৰ সমৰ্থনকাৰীৰ এক নেটৱৰ্ক গঢ়ি তোলে। এই সংন্থাই মিশ্ৰলিংগ ব্যক্তিৰ অধিকাৰৰ হৈ কাম কৰে, পৰামৰ্শদান কৰে আৰু ওকালতিৰ যোগেদি তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু প্ৰয়োজনীয়তাসমূহ দাঙি ধৰে।

এই নেটৱৰ্কত শিশুৰ সৈতে সক্ৰিয়ভাৱে কাম কৰা একমাত্ৰ ব্যক্তিজন হৈছে বনি। “চৰকাৰী স্বাস্থ্যসেৱা আৰু শিশুকল্যাণ প্ৰতিস্থানৰ যোগেদি বনিৰ সময়োচিত হস্তক্ষেপে পশ্চিমবংগৰ লিংগীয় প্ৰভেদ থকা বহু কিশোৰ-কিশোৰীক তেওঁলোকৰ নিজৰ শৰীৰটো আৰু লিংগীয় বা যৌন পৰিচয় বুজা আৰু গ্ৰহণ কৰাত আৰু কেয়াৰগিভাৰে প্ৰয়োজনীয় তথা যথাসম্ভৱ সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰিছে,” আইএইচআৰআইৰ এগৰাকী সমৰ্থক-সদস্য পুষ্পা অচন্তই কয়।

PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালেঃ প্ৰশিক্ষক হিচাপে দৃষ্টান্তমূলক কাম কৰাৰ বাবে পশ্চিমবংগৰ শিশু অধিকাৰ সুৰক্ষাৰ আয়োগে প্ৰদান কৰা বটাৰ প্ৰশস্তিপত্ৰ পঢ়ি শুনাইছে বনিয়ে, স্বাতীয়ে চাইছে। সোঁফালেঃ ২০১৭ৰ ৯ অক্টোবৰত ইবেলাত প্ৰকাশিত এক প্ৰতিবেদনত চল্ট লেকৰ ফুটবল মেচ এখনত জয়ী হোৱা কিশলয় দলটোৰ প্ৰশিক্ষক বনিক প্ৰশংসা কৰা হৈছে

“শৰীৰৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰত যুৱ খেলুৱৈৰ মাজত সজাগতা বৃদ্ধি পাইছে। বনিৰ সময়ত তেনে নাছিল,” খেলুৱৈৰ অধিকাৰৰ হকে কাম কৰা কৰ্মী ডা. পায়ঞ্চি মিত্ৰই কয়। চুইজাৰলেণ্ডৰ লচানেস্থিত গ্ল’বেল অৱজাৰ্ভেটৰি ফৰ ৱিমেন, স্প’ৰ্ট, ফিজিকেল এডুকেচন এণ্ড ফিজিকেল এক্টিভিটিৰ মুখ্য কাৰ্য্যবাহী বিষয়া ডা. মিত্ৰই সমগ্ৰ এছিয়া আৰু আফ্ৰিকাত ক্ৰীড়াক্ষেত্ৰত মহিলাক মানৱ অধিকাৰৰ সমস্যা সমাধানত সক্ষম কৰি তোলাত সহায় আগবঢ়াই আহিছে।

“মই ঘুৰি অহাৰ পিছত স্থানীয় বাতৰিকাকতে মোক অত্যাচাৰ কৰিছিল,” বনিৰ মনত পৰে। “‘মহিলাৰ দলত এজন পুৰুষে খেলি আছে’ - এনে ধৰণৰ শিৰোনাম বাতৰিত প্ৰকাশ পাইছিল।” তেওঁ ইছাপুৰৰ ঘৰলৈ উভতি অহাৰ দুঃসহ স্মৃতি মনত পেলায়ঃ “মোৰ মা-দেউতা, ভাই-ভনী সকলোৱে ভয় খাইছিল। মোৰ দুজনী ভনী আৰু তেওঁলোকৰ শাহুৱেকহঁতে অপমানবোধত ভুগিছিল। মই পুৱাৰ ভাগত ঘৰ আহি পাইছিলো, কিন্তু আবেলিলৈ পলাই যাবলগীয়া হৈছিল।”

পকেটত ২,০০০ টকা লৈ বনি পলাইছিল। পিন্ধনত আছিল জিনস্ আৰু খেলুৱৈৰ দৰে চুটি চুলি। তেওঁক কোনেও চিনি নোপোৱা ঠাই এটুকুৰালৈ তেওঁ যাব বিচাৰিছিল।

“মই মূৰ্তি গঢ়িব জানিছিলো, সেয়ে মই এই কাম কৰিবলৈ কৃষ্ণননগৰলৈ পলাই গৈছিলো,” পাল সম্প্ৰদায়ৰ বনিয়ে কয়। “আমি মূৰ্তিকাৰি মানুহ (আমি প্ৰতীমা গঢ়ো)।” ইছাপুৰ গাঁৱতে খুৰাকৰ ঘৰৰ মূৰ্তি গঢ়া কাৰখানাত কাম কৰি তেওঁ সৰুকালিতে সেই কামটোৰ বাবে লাগতিয়াল কৌশলখিনি শিকিছিল। মাটিৰ প্ৰতীমা আৰু পুতলাৰ বাবে বিখ্যাত কৃষ্ণননগৰ চহৰত কাম পাবলৈ সেইখিনিয়ে লগা আছিল। তেওঁৰ কৌশল পৰীক্ষা কৰিবলৈ শুকোৱা ধানখেৰ আৰু মৰাপাটৰ ৰছীৰে তেওঁক মূৰ্তি সাজিবলৈ দিয়া হৈছিল। বনিয়ে কামটো পাইছিল, দিনে ২০০ টকা হাজিৰা আছিল। এনেকৈয়ে লুকাই থাকি তেওঁ নতুন জীৱন এটা আৰম্ভ কৰিছিল।

PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালেঃ ইছাপুৰৰ মূৰ্তি নিৰ্মাণৰ কাৰখানাত বনি, তাতেই তেওঁ ডাঙৰ-দীঘল হয় আৰু সেই কলা শিকে। খেৰ আৰু মৰাপাটেৰে বনোৱা মূৰ্তি এটাৰ গাঁথনি। বনিয়ে কৃষ্ণননগৰৰ কাৰখানাৰ কামটোৰ বাবে এনেকুৱা এটা মূৰ্তি নিৰ্মাণৰে পৰীক্ষা দিবলগীয়া হৈছিল

ইফালে ইছাপুৰত বনিৰ পিতৃ-মাতৃ অধিৰ আৰু নিভাই ডাঙৰজনী জীয়েক সংকাৰী আৰু পুত্ৰ ভোলাৰ সৈতে থাকিবলৈ লৈছিল। এনেকৈ বনিয়ে তিনিটা বছৰ অকলশৰে থাকিল, তেনেতে এদিন শীতৰ পুৱা তেওঁ ঘৰলৈ এবাৰ যোৱাৰ কথা মনত পেলায়। “সিহঁতে (স্থানীয় লোকে) মোক সন্ধিয়া আক্ৰমণ কৰিছিল। মই দৌৰি পলাবলৈ সক্ষম হৈছিলো। কিন্তু মোক যোৱা দেখি মায়ে কান্দি থকা দেখিছিলো।”

এয়া প্ৰথমবাৰৰ বাবে হৈছিল, বা শেষবাৰৰ বাবে হৈছিল, য’ত তেওঁ শাৰীৰিকভাৱে নিজকে বচাবলগীয়া হৈছিল এনে নহয়। কিন্তু সেইদিনা তেওঁ মন বান্ধিলে। “মই নিজে নিজৰ ভৰিত থিয় দিব পাৰিম বুলি সকলোকে দেখুৱাম। মোৰ দেহৰ যি সমস্যা আছে, সেয়া মই সমাধান কৰিম,” তেওঁ কয়। বনিয়ে শল্যচিকিৎসাৰ সহায় লোৱাৰ সিদ্ধান্ত ল’লে।

কোন ডাক্তৰে তেওঁৰ জননাংগৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব তেওঁ বিচাৰ-খোচাৰ কৰিলে। শেষত চল্ট লেকত এজন পালে, কলকাতাৰ ওচৰৰে। ৰেলেৰে সেয়া কেইঘণ্টামানৰ বাট আছিল। “প্ৰতি শনিবাৰে ডা. বি.এন. চক্ৰৱৰ্তীৱে ১০-১৫ জন ডাক্তৰ লৈ বহে। তেওঁলোকে মোক পৰীক্ষা কৰে,” বনিয়ে কয়। তেওঁলোকে ভালেকেইমাহত ভালেমান পৰীক্ষা কৰালে। “মোক চোৱা ডাক্তৰজনে একেধৰণৰ অস্ত্ৰোপচাৰ বাংলাদেশৰ তিনিজন লোকৰ ওপৰত কৰিছিল,” বনিয়ে কয়। কিন্তু তেওঁ কয় যে সকলো শৰীৰেই ভিন্ন, আৰু এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগেয়ে তেওঁ ভালেকেইবাৰ আলোচনাত বহিছিল।

শল্যচিকিৎসাত তেওঁক প্ৰায় ২ লাখ টকা লগা হৈছিল, কিন্তু তেওঁ আছিল দৃঢ়প্ৰতিজ্ঞ। ২০০৩ত তেওঁ হৰমন প্ৰতিস্থাপন থেৰাপি (এইছআৰটি) আৰম্ভ কৰে। এনেকৈ তেওঁ ২৫০ মি.গ্ৰা. টেষ্ট’ভিৰন নামে টেষ্ট’টেৰন ইনডিউচিং ইনজেক্সন লোৱাৰ বাবে মাহে ১০০ টকাকৈ খৰছ কৰিবলৈ লয়। দৰৱৰ খৰছ, চিকিৎসকৰ খৰছ বহন কৰাৰ উপৰি শল্যচিকিৎসাৰ নামত ব্যয়ৰ বাবে টকা সাচিবলৈ বনিয়ে কলকাতাত ৰং কৰা আদি বিভিন্ন দিনহাজিৰাৰ কাম কৰিবলৈ লয়। তাতে আকৌ কৃষ্ণননগৰত মূৰ্তি নিৰ্মাণৰ কামটোও আছিল।

“সুৰাটৰ এটা মূৰ্তি নিৰ্মাণৰ কাৰখানাত কাম কৰা মানুহ এজনক মই চিনিছিলো, সেয়ে তেওঁক তাতে কামত মই লগ দিলো।” তেওঁ সপ্তাহত ছটা দিন কাম কৰিছিল আৰু উৎসৱ যেনে গণেশ চতুৰ্থী আৰু জন্মাষ্টমী আদিৰ বাবে মূৰ্তি সাজি দিনে ১,০০০ টকা উপাৰ্জন কৰিছিল।

তেওঁ প্ৰতিবাৰে দুৰ্গা পুজা আৰু জগদ্ধাত্ৰী পুজাৰ সময়ত, সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহত কৃষ্ণননগৰলৈ আহে। এনেদৰেই কাম চলাৰ পিছত ২০০৬ত বনিয়ে কৃষ্ণননগৰত ঠিকা ভিত্তিত মূৰ্তিৰ অৰ্ডাৰ লোৱা আৰম্ভ কৰিলে। “সুৰাটত মই ১৫০-২০০ ফুট ওখ মূৰ্তি গঢ়া শিকিছিলো আৰু ইয়াত তাৰ বহুত চাহিদা আছিল,” তেওঁ কয়। “এনেদৰে মই এজন কৰ্মচাৰী ৰাখি আগষ্টৰ পৰা নৱেম্বৰৰ উৎসৱৰ বতৰত ভাল আয় কৰিছিলো,” তেওঁ কয়।

PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালেঃ বনি আৰু স্বাতী। সোঁফালেঃ মাক নিভাৰ সৈতে ইছাপুৰৰ পৰিয়ালৰ ঘৰত

এইখিনি সময়তে বনিয়ে কৃষ্ণননগৰৰ মূৰ্তি নিৰ্মাতা স্বাতী চৰকাৰৰ সৈতে প্ৰেমত পৰে। স্বাতীয়ে স্কুলৰ শিক্ষা আধাতে সাং কৰি মাক আৰু ভনীয়েক চাৰিজনীৰ সৈতে মূৰ্তি সজোৱা কামৰে জীৱিকা নিৰ্বাহ কৰিছিল। সেয়া আছিল বনিৰ বাবে খুবেই কঠিন সময়, তেওঁ মনত পেলায়, “মই মোৰ বিষয়ে তাইক ক’ব লাগিব। কিন্তু মোক ডাক্তৰে কথা দিছিল (মোৰ শল্যচিকিৎসাৰ সফলতা সম্পৰ্কে) হেতুকে, সেয়ে মই তাইক কোৱাৰ সিদ্ধান্ত ল’লো।”

স্বাতী আৰু তেওঁৰ মাকে খুবেই উৎসাহ যোগাইছিল। ২০০৬ত স্বাতীয়ে আনকি বনিৰ শল্যচিকিৎসাৰ সন্মতিপত্ৰখনতো স্বাক্ষৰ কৰিছিল। তিনিবছৰ পাছত, ২০০৯ৰ ২৯ জুলাইত বনি আৰু স্বাতীৰ বিয়া হয়।

স্বাতীৰ মাকে বনিক সেইৰাতি কোৱা কথাষাৰ স্বাতীৰ মনত আছে, “তোমাৰ দেহৰ সমস্যাটো মোৰ জীয়াৰীয়ে বুজি পাইছে। তাই যদি তোমাৰ সৈতে বিয়াত বহিব বিচাৰিছে, তেন্তে মই কি ক’ব পাৰো? তুমি সাথ দিবা, তুমি থাকবা (তুমি তাইৰ কাষত থাকিবা, তুমি থাকিবা)।”

***

বনি আৰু স্বাতীৰ বৈবাহিক জীৱন আৰম্ভ হ’ল বিচ্যুতিৰে। কৃষ্ণননগৰৰ মানুহে দম্পতীহালৰ বিষয়ে গুজৱ কৰিবলৈ লোৱাত দম্পতীহালে তাৰ পৰা ৫০০ কিলোমিটাৰ উত্তৰে দাৰ্জিলিং জিলাৰ মাটিগঢ়ালৈ যোৱাৰ সিদ্ধান্ত লয়, য’ত তেওঁলোকক কোনোৱে চিনি নাপাব। বনিয়ে ওচৰৰে মূৰ্তি নিৰ্মাণৰ কাৰখানা এটাত কাম কৰিবলৈ লয়। “তেওঁলোকে মোৰ কাম দেখি মোক দিনে ৬০০ টকাৰ হাজিৰা যাঁচে। ময়ো সন্মত হওঁ,” তেওঁ কয়। মাটিগঢ়াৰ মানুহে মোক বহুত মৰম দিছিল,  তাত তেওঁক কেনেদৰে সকলোৰে নিজৰ মাজৰে এজন বুলি আদৰি লৈছিল আৰু সন্ধিয়া একেলগে চাহৰ আড্ডাত বহিছিল।

PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালেঃ গাঁৱৰ চাহৰ দোকানত বনি। সোঁফালেঃ স্থানীয় কাঠ ব্যৱসায়ী পুষ্পনাথ দেৱনাথ (বাওঁফালে) আৰু নাৰিকলৰ পানী বিক্ৰী কৰা গৌৰাংগ মিশ্ৰা (সোঁফালে)

কিন্তু বনিৰ পৰিয়ালে তেওঁলোকক আদৰি নোলোৱাত দম্পতীহালে ঘৰলৈ উভতি যাব নোৱাৰিলে। বনিৰ দেউতাক ঢুকাওতে তেওঁক শেষকৃত্যত উপস্থিত থাকিব দিয়া হোৱা নাছিল। “কেৱল খেলুৱৈয়ে নহয়, মোৰ দৰে আন আন বহুত মানুহ আছে যিয়ে সমাজৰ ভয়ত ঘৰ এৰিবলগীয়া হোৱা নাই,” তেওঁ আঙুলিয়াই দিয়ে।

বনিৰ জীৱনৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ আই এম বনিয়ে ২০১৬ত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বটা লাভ কৰাৰ দিনা দম্পতীহালে তেওঁলোকৰ সংগ্ৰামে স্বীকৃতি পোৱা যেন অনুভৱ কৰিছিল। তাৰে পিছতে পশ্চিমবংগৰ শিশু সুৰক্ষা অধিকাৰ আয়োগ (WBCPCR)ৰ দ্বাৰা পৰিচালিত বাৰাসাত চহৰত থকা শিশু সেৱা প্ৰতিষ্ঠান কিশলয়া শিশুগৃহৰ ফুটবল প্ৰশিক্ষক হিচাপে তেওঁক অলপতে কামৰ অফাৰ দিয়ে। “শিশুসকলৰ বাবে তেওঁ অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে বুলি আমি অনুভৱ কৰিছিলো,” আয়োগৰ অধ্যক্ষা অনন্যা চক্ৰৱৰ্তী চেটাৰ্জীয়ে কয়। “বনিক নিযুক্তি দিয়াৰ সময়ত আমি জানিছিলো যে তেওঁ এজন অতি দক্ষ ফুটবল খেলুৱৈ যিয়ে ৰাজ্যখনৰ বাবে বহু সন্মান আনিছে। কিন্তু তেওঁ কৰ্মহীন হৈ পৰিছিল। সেয়ে তেওঁ কিমান ভাল ফুটবল খেলুৱৈ আছিল সেয়া আমি মনত পেলোৱাটো জৰুৰী বুলি অনুভৱ কৰিছিলো,” তেওঁ কয়।

বনিয়ে ২০১৭ৰ পৰা তাত প্ৰশিক্ষণ দি আহিছে আৰু তাৰোপৰি তেওঁ চিত্ৰশিল্প আৰু ভাস্কৰ্য্যশিল্পৰো এগৰাকী প্ৰশিক্ষক। তেওঁ নিজৰ পৰিচয়ৰ বিষয়ে মুকলিকৈ কয় আৰু বহুতৰে বিশ্বাসৰ পাত্ৰ। কিন্তু নিজৰ ভৱিষ্যতক লৈ তেওঁ এতিয়াও চিন্তিত। “মোৰ কোনো স্থায়ী চাকৰি নাই। কামলৈ মতা দিনকেইটাৰহে মই দৰমহা পাওঁ,” তেওঁ কয়। তেওঁ মাহে ১৪,০০০ টকা পায়, কিন্তু ২০২০ৰ ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পিছত চাৰিমাহলৈ তেওঁৰ আয় নাছিল।

২০২০ৰ ফেব্ৰুৱাৰীত বনিয়ে ইছাপুৰত তেওঁৰ মাকৰ ঘৰৰ পৰা সামান্য দূৰত ঘৰ এটা সাজিবলৈ পাঁচ বছৰীয়া ঋণ লৈছিল। আগৰ ঘৰটোতে স্বাতী আৰু তেওঁৰ ভায়েক, মাক আৰু ভনীয়েকৰ সৈতে বনি থাকে। এই ঘৰটোৰ পৰাই বনিয়ে জীৱনটোৰ বেছিভাগ সময় পলাই ফুৰিবলগীয়া হৈছিল। ফুটবল খেলুৱৈ হিচাপে বনিৰ উপাৰ্জনখিনি এই ঘৰটোতে খৰছ হৈছিল। সেইটোৰে এটা সৰু কোঠালীত তেওঁ স্বাতীৰ সৈতে থাকে। তেওঁলোকক এতিয়াও পৰিয়ালৰ লোকে সম্পূৰ্ণকৈ আদৰি লোৱা নাই। কোঠালীটোৰ বাহিৰতে সৰু গেছ ষ্টোভত তেওঁলোক দুজনে নিজৰ বাবে ভাত ৰান্ধে।

PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালেঃ ইছাপুৰৰ অসম্পূৰ্ণ নিজ ঘৰটোৰ সন্মুখত স্বাতী আৰু বনি। সোঁফালেঃ ঘৰটো সম্পূৰ্ণ হ’লে তেওঁলোকৰ ট্ৰফিবোৰ সজাই থোৱা শ্ব’কেচটোৱে এটা স্থায়ী স্থান পাব বুলি দম্পতীহালে আশা কৰে

৩,৪৫,০০০ টকাৰ ক্ষুদ্ৰ ঋণটো বনিৰ চিনেমাখনৰ স্বত্ত্ব বিক্ৰী হ’লে শুজিব বুলি ভাবি থৈছিল। কিন্তু মুম্বাইৰ চলচ্চিত্ৰ নিৰ্মাতাজনে ফালৰ পৰা সেই কাম এতিয়ালৈ হৈ উঠা নাই, সেয়ে বনিৰ ধাৰো অনাদায় হৈ পৰি আছে।

প্ৰমাণপত্ৰ আৰু চিকমিকাই থকা ট্ৰফিৰে ভৰা শ্ব’কেচটোৰ সন্মুখত বহি বনিয়ে মিশ্ৰলিংগৰ মানুহ হিচাপে তেওঁৰ জীৱনটো যুকিয়াই চাইছে। জীৱনটো অনিশ্চয়তাৰে ভৰা যদিও স্বাতী আৰু তেওঁ সযতনে বাতৰি কাকতৰ ক্লিপিং, ফটো আৰু স্মৃতি বিজড়িত নিদৰ্শনসমূহ এটা ৰঙা চুটকেচত ভৰাই থৈছে, শ্ব’কেচটোৰ ওপৰতে চুটকেচটো থোৱা আছে। দুবছৰ আগতে সাজিবলৈ আৰম্ভ কৰা ঘৰটো সম্পূৰ্ণ হ’লেই সিটোৱে স্থায়ী স্থান এটা পাব।

“কেতিয়াবা মই ১৫ আগস্তৰ দিনা (স্বাধীনতা দিৱস) আমাৰ গাঁৱৰ বন্ধুত্বসুলভ খেলত ভাগ লওঁ,” বনিয়ে কয়। “কিন্তু মই দুনাইবাৰ ভাৰতৰ হৈ খেলাৰ সুযোগ নাপালো।”

অনুবাদ: পংকজ দাস

Riya Behl

Riya Behl is a journalist and photographer with the People’s Archive of Rural India (PARI). As Content Editor at PARI Education, she works with students to document the lives of people from marginalised communities.

Other stories by Riya Behl
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das