“স্কুললৈ সিহঁতক অনাটোৱে এক প্ৰত্যাহ্বান।”

প্ৰধান শিক্ষক শিৱজী সিং যাদৱে এই কথা তেওঁৰ ৩৪ বছৰৰ অভিজ্ঞতাৰ পৰা কৈছে। যাদৱ, যিজনক তেওঁৰ ছাত্ৰ-ছাত্ৰীয়ে মাষ্টৰজী বুলিও সম্বোধন কৰে, তেওঁ ডাবলি চাপৰিৰ একমাত্ৰ স্কুলখন চলাই আহিছে। অসমৰ মাজুলী জিলাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত থকা এই দ্বীপটোৰ ৬৩ ঘৰ বাসিন্দাৰ প্ৰায়সংখ্যক ল’ৰা-ছোৱালীয়ে এইখন স্কুলত পঢ়ে।

ধনেখনা প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শ্ৰেণীকোঠাটোৰ নিজৰ চকীত বহা শিৱজীয়ে তেওঁক আগুৰি ধৰি বহি থকা ছাত্ৰ-ছাত্ৰীবোৰলৈ চাই মিচিকিয়াই হাঁহিছে। ৪১ খন উজলি উঠা মুখ, ১ম মানৰ পৰা ৫ম মানত পঢ়ি থকা ৬ৰ পৰা ১২ বছৰীয়া প্ৰতিজনেই তেওঁলৈ ৰ লাগি চাইছে। “এই সৰু সৰু ল’ৰা-ছোৱালীবোৰক শিকোৱাটোৱে আচল প্ৰত্যাহ্বান,” তেওঁ কয়। “সিহঁত পলাই যাব খোজে!” তেওঁ পিছে পিছে যোগ দিয়ে।

ভাৰতীয় শিক্ষা ব্যৱস্থাটোৰ ওপৰত আলোচনা আগবঢ়াৰ আগেয়ে তেওঁ সামান্য ৰৈ ওপৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকেইজনক মাতিলে। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পঠিওৱা ইংৰাজী আৰু অসমীয়া ভাষাৰ সাধুকথাৰ কিতাপৰ টোপোলা এটা সিহঁতক খুলিবলৈ ক’লে। নতুন কিতাপ পালে সিহঁতে যে অকণমান সময়ৰ বাবে ব্যস্ত থাকিব আৰু তেওঁ আমাৰ সৈতে কথা পাতিব পাৰিব, তেওঁ জানে।

“চৰকাৰে কলেজৰ অধ্যাপক এজনক যি দিয়ে, সেয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনেও পাব লাগে, শিক্ষাৰ বুনিয়াদ আমিয়েই গঢ়ো,” প্ৰাথমিক শিক্ষাৰ গুৰুত্ব কিমান, সেই কথা উল্লেখ কৰি তেওঁ কয়। মাক-দেউতাকবোৰে ভাবে যে হাইস্কুলতহে পঢ়াত জোৰ দিব লাগে, প্ৰাথমিক শিক্ষাত তেওঁলোকে বেছি জোৰ নিদিয়ে - ই এটা ডাঙৰ ভুল ধাৰণা যিটো শুদ্ধ কৰিবলৈ তেওঁ কাম কৰি আছে, তেওঁ কয়।

Siwjee Singh Yadav taking a lesson in the only classroom of Dhane Khana Mazdur Lower Primary School on Dabli Chapori.
PHOTO • Riya Behl
PHOTO • Riya Behl

বাওঁফালে : শিৱজী সিং যাদৱে ডাবলি চাপৰিৰ ধনেখনা প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ কোঠাটোত পাঠদান কৰিছে । সোঁফালে : প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে দিয়া সাধুকথাৰ কিতাপক লৈ ব্যস্ত কণ কণ ছাত্ৰ-ছাত্ৰী

Siwjee (seated on the chair) with his students Gita Devi, Srirekha Yadav and Rajeev Yadav (left to right) on the school premises
PHOTO • Riya Behl

নিজৰ শিষ্য গীতা দেৱী , শ্ৰীৰেখা যাদৱ আৰু ৰাজীৱ যাদৱ (বাওঁফালৰ পৰা সোঁফাললৈ)ৰ সৈতে স্কুলৰ চৌহদত শিৱজী (চকীত বহিছে)

৩৫০ জন লোকৰ জনবসতিৰে ডাবলি চাপৰি এন.চি. এটা বালিচৰৰ দ্বীপ। চৰ অঞ্চলটোৰ মাটিকালি ৪০০ বৰ্গকিলোমিটাৰমান হ’ব। চাপৰিখনক অ-ভুসম্পত্তীয় তালিকাত ৰখা হৈছে। তাৰমানে তাত এতিয়াও ভু-সমীক্ষা হোৱা নাই। যোৰহাটৰ উত্তৰাঞ্চল সামৰি ২০১৬ত মাজুলী জিলা গঠনৰ আগেয়ে এই চাপৰিখন যোৰহাট জিলাত অন্তৰ্ভুক্ত আছিল।

দ্বীপটোত যদি স্কুল নাথাকিলহেঁতেন, তেন্তে সেই ৬ৰ পৰা ১২ বছৰীয়া ল’ৰা-ছোৱালীহঁতে এঘণ্টাৰো বেছি সময় খৰছ কৰি মূল ভূভাগত থকা শিৱসাগৰ চহৰৰ সমীপৱৰ্তী দিচাংমুখলৈ আহিবলগীয়া হ’লহেঁতেন। দ্বীপটোৰ ঘাটলৈ ২০ কিলোমিটাৰ চাইকেল চলাই তাৰপৰা নাৱেৰে ৫০ মিনিট সময় গৈ সেই দিচাংমুখৰ স্কুলখন পালেহঁতেন।

স্কুলখনৰ পৰা দ্বীপটোৰ বাসিন্দাসকলৰ ঘৰবোৰ ২-৩ কিলোমিটাৰমান ব্যাসাৰ্ধৰ ভিতৰতে অৱস্থিত। ২০২০-২১ৰ মহামাৰীৰ দিনকেইটাত এইটো কাৰণতে স্কুলখন বন্ধ আছিল যদিও পাঠদান চলি থাকিব পাৰিছিল। শিৱজীয়ে ঘৰে ঘৰে গৈ সকলোৰে খবৰ লৈছিল আৰু শিকাইছিল। স্কুলত নিযুক্ত আনজন শিক্ষক সেই সময়ত আহিব পৰা নাছিল। তেওঁ ঘৰ নদীখন পাৰ হৈ ৩০ কিলোমিটাৰ দূৰৰ শিৱসাগৰৰ গৌৰীসাগৰত আছিল। “সপ্তাহত দুবাৰকৈ মই প্ৰতিটো শিশুক দেখা কৰিছিলো, গৃহকৰ্ম দিছিলো আৰু সিহঁতৰ বহীবোৰ চাইছিলো,” শিৱজীয়ে কয়।

তথাপি লকডাউনত শিক্ষাৰ বহুত ক্ষতি হৈছিল বুলি তেওঁ অনুভৱ কৰে। শিক্ষাৰ্থীসকল সাজু হৈছে নে নাই, সেয়া বিচাৰ নকৰাকৈ ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়াৰ চৰকাৰী নীতিক লৈ তেওঁ অসন্তুষ্ট। সেয়ে তেওঁ শিক্ষা সঞ্চালকালয়ে বিষয়াবৰ্গলৈ পত্ৰ লিখিছিল। “এটা বছৰ ৰেহাই দিবলৈ মই তেওঁলোকক কৈছিলো আৰু কৈছিলো যে এটা বছৰ ৰৈ গ’লে (একেটা শ্ৰেণীতে) সিহঁতৰ উপকাৰ হ’ব।”

*****

ধনেখনা প্ৰাথমিক বিদ্যালয়খনৰ বাহিৰৰ বেৰত অসমৰ এখন ডাঙৰ ৰঙীন মানচিত্ৰ আছে। আমাৰ দৃষ্টি আকৰ্ষণ কৰি শিৱজীয়ে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আঙুলিটো ৰাখি ক’লে, “চাওক, ইয়াতে আমাৰ চাপৰিখন মানচিত্ৰত ক’ত দেখুওৱা আছে আৰু দৰাচলতে আছে ক’ত?” তেওঁ হাঁহি মাৰি কয়, “কোনো মিলেই নাই!”

মানচিত্ৰীয় বিসংগতি দেখি শিৱজীক বিতুষ্ট হোৱা দেখা গ’ল, কিয়নো তেওঁৰ স্নাতকৰ বিষয় আছিল ভূগোল।

চৰ-চাপৰিতে জন্ম পোৱা আৰু ডাঙৰ-দীঘল হোৱা শিৱজীয়ে আন দহজনতকৈ ভালকৈ জানে যে বালিচৰ আৰু দ্বীপবোৰৰ স্থান সলনি হৈ গৈ থাকে আৰু তেনেদৰে ঠিকনাবোৰো।

A boat from the mainland preparing to set off for Dabli Chapori.
PHOTO • Riya Behl
Headmaster Siwjee pointing out where the sandbank island is marked on the map of Assam
PHOTO • Riya Behl

বাওঁফালে : মূল ভুখণ্ডৰ পৰা ডাবলি চাপৰিলৈ যোৱা এখন নাও (সোঁফালে) প্ৰধান শিক্ষক শিৱজীয়ে অসমৰ মানচিত্ৰত ডাবলি চাপৰি ক’ত আছে দেখুৱাইছে

The Brahmaputra riverine system, one of the largest in the world, has a catchment area of 194,413 square kilometres in India
PHOTO • Riya Behl

ব্ৰহ্মপুত্ৰ নদী ব্যৱস্থা বিশ্বৰ সৰ্ববৃহৎ নদীব্যৱস্থাবোৰৰ মাজৰ এটা , ইয়াৰ অৱবাহিকাই ভাৰতত ১৯৪,৪১৩ বৰ্গকিলোমিটাৰ ভূমি  আগুৰি আছে

“বৰষুণ বাঢ়িলে আমি বান আহিব বুলি নিশ্চিত হওঁ। তেতিয়া মানুহবোৰে প্ৰয়োজনীয় বয়-বস্তু আৰু জীৱ-জন্তু লৈ দ্বীপৰ ওখ স্থানলৈ যায় য’ত পানীয়ে ঢুকি নাপায়,” বছৰি হোৱা এই চলাচলৰ বিষয়ে শিৱজীয়ে এনেদৰে কয়। “পানী নকমালৈ স্কুল খোলাৰ কোনো প্ৰশ্নই নুঠে,” তেওঁ কয়।

মানচিত্ৰৰে বালিচৰৰ দ্বীপবোৰৰ খতিয়ান ৰাখিব নোৱাৰি, সেইবোৰ ভঙা-গঢ়া হৈ থাকে। ব্ৰহ্মপুত্ৰ অৱবাহিকাই আগুৰি থকা ভাৰতৰ ১৯৪,৪১৩ বৰ্গ কিলোমিটাৰ ভূভাগ পানীত তল-উপৰ হৈ থাকে।

ডাবলি চাপৰিৰ আটাইবোৰ ঘৰেই চাংঘৰ। কিয়নো বিশ্বৰ বৃহত্তম নদীব্যৱস্থাবোৰৰ মাজৰ এটা ব্ৰহ্মপুত্ৰৰ পৰা বানপানী হোৱাটো নিয়মীয়া পৰিঘটনা। বিশেষকৈ বাৰিষাৰ মাহকেইটাত। গ্ৰীষ্মৰ মাহকেইটাত হিমালয়ৰ গাত জমা হৈ থকা বৰফবোৰ গলিবলৈ ধৰে আৰু সেইবোৰ নদী অৱবাহিকালৈ বৈ আহে। মাজুলী অঞ্চলটোত বাৰ্ষিক বৃষ্টিপাত ১,৮৭০ চেণ্টিমিটাৰ। ইয়াৰে ৬৪ শতাংশ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ (জুন-ছেপ্টেম্বৰ) সময়তে আহে।

এই চাপৰিত থিতাপি লোৱা পৰিয়ালটো উত্তৰ প্ৰদেশৰ যাদৱ সম্প্ৰদায়ৰ। তেওঁলোক মূলতঃ গাজীপুৰ জিলাৰ, ১৯৩২ চনতে তেওঁলোক ব্ৰহ্মপুত্ৰৰ দ্বীপলৈ আহিছিল। তেওঁলোকে উৰ্বৰ, কাৰো দখলত নথকা মাটি বিচাৰি আহি দেশৰ পূৱদিশে হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ এই ব্ৰহ্মপুত্ৰৰ চাপৰিত উঠিল। “আমি বংশগতভাৱে গৰু-ম’হ চৰোৱা পৰিয়ালৰ লোক, চৰণীয়া পথাৰ বিচাৰি আমাৰ পূৰ্বপুৰুষসকল এই ভূমিলৈ আহিছিল,” শিৱজীয়ে কয়।

“মোৰ দেউতাৰ ফালৰ ককাহঁতে প্ৰথমে ১৫-২০ টা পৰিয়ালেৰে লখি চাপৰিত উঠিছিল,” শিৱজীয়ে কয়। তেওঁৰ জন্ম হৈছিল ধনু খানা চাপৰিত, তাতেই যাদৱৰ পৰিয়ালবোৰ ১৯৬০ত থিতাপি লাগিছিল। “চাপৰিখন এতিয়াও আছে, কিন্তু ধনু খানাত এতিয়া কোনো নাথাকে।” সেই চাপৰিত ঘৰ আৰু বয়-বস্তুবোৰ কেনেকৈ প্ৰায়ে জলমগ্ন হৈ পৰিছিল, তেওঁৰ মনত আছে।

Siwjee outside his home in Dabli Chapori.
PHOTO • Riya Behl
Almost everyone on the sandbank island earns their livelihood rearing cattle and growing vegetables
PHOTO • Riya Behl

বাওঁফালে : ডাবলি চাপৰিৰ নিজ ঘৰৰ বাহিৰত শিৱজী সোঁফালে : চাপৰিৰ প্ৰায়ভাগ পৰিয়ালে গৰু-ম’হ পুহি আৰু শাক-পাচলিৰ খেতি কৰি জীৱিকা উপাৰ্জন কৰে

Dabli Chapori, seen in the distance, is one of many river islands – called chapori or char – on the Brahmaputra
PHOTO • Riya Behl

দূৰৈত সেয়া ডাবলি চাপৰি , ব্ৰহ্মপুত্ৰৰ নদীদ্বীপবোৰৰ মাজৰ এটা - এনে দ্বীপবোৰক চৰ বা চাপৰি বুলি কোৱা হয়

অসমত ৯০ বছৰ আগতে আগমন ঘটা যাদৱ পৰিয়ালবোৰে ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা বাচি থাকিবলৈ এতিয়ালৈ চাৰিবাৰ ঠাই সলাইছে। শেষবাৰৰ বাবে ১৯৮৮ত তেওঁলোকে ঘৰ সলাইছিল আৰু ডাবলি চাপৰিলৈ আহিছিল। তেওঁলোকে আগতে বসতি কৰা চাৰিটা চাপৰি ইটোৰ পৰা সিটো বেছি দূৰত নহয়, ২-৩ কিলোমিটাৰৰ ভিতৰতে চাপৰিকেইটা আছে। তেওঁলোকে এতিয়া বসবাস কৰা চাপৰিটোৰ আকাৰ আনবোৰৰ তুলনাত ‘ডাবল’ হোৱা কাৰণে চাপৰিটোৰ নাম ডাবলি হোৱা বুলি স্থানীয় লোকে কয়।

ডাবলিত থকা প্ৰতিটো পৰিয়ালৰে নিজা মাটি আছে, তাত তেওঁলোকে ধান, ঘেঁহু আৰু পাচলিৰ খেতি কৰে। পুৰ্বপুৰুষৰ প্ৰথা অব্যাহত ৰাখি তেওঁলোকে গৰু-ম’হো পালন কৰে। ইয়াৰে প্ৰত্যেকেই অসমীয়া ভাষাত কথা কয়, কিন্তু যাদৱ সম্প্ৰদায়ৰ লোকে নিজৰ মাজত আৰু ঘৰত হিন্দী ভাষাত কথা পাতে। “আমাৰ খাদ্যাভাস সলনি হোৱা নাই,” শিৱজীয়ে কয়, “কিন্তু উত্তৰ প্ৰদেশৰ আমাৰ সম্পৰ্কীয়সকলতকৈ আমি বেছি ভাত খাও।”

নতুন কিতাপৰ মাজত ডুবি থকা শিৱজীৰ ছাত্ৰ-ছাত্ৰীবোৰ লৰচৰেই কৰা নাই। তাৰে মাজৰে এজন, ৰাজীৱ যাদৱে কয় আমাক কয়, “অসমীয়া কিতাপবোৰ মোৰ ভাল লাগে।” তেওঁৰ মাক-দেউতাক খেতিয়ক আৰু গৰু-ম’হ পোহে। দুয়োজনে ৭ম মানৰ পৰা পঢ়া এৰিছে। “মই মা-দেউতাতকৈ বেছি পঢ়িম,” এইবুলি কৈ তেওঁ কিংবদন্তি অসমীয়া গায়ক ভুপেন হাজৰিকাৰ গীত ‘অসম আমাৰ ৰূপহী দেশ’ গাবলৈ ধৰে, শিক্ষাগুৰুৰ গৌৰৱৰ চকুৰে তেওঁলৈ চোৱাৰ লগে লগে ৰাজীৱৰ মাতটো আৰু বেছি শক্তিশালী হৈ পৰিল।

*****

বছৰি বুৰ যোৱা নদীৰ মাজৰ এনে এটা অস্থায়ী দ্বীপত বাস কৰাটো প্ৰত্যাহ্বানাৰে ভৰা। প্ৰতিখন ঘৰেই একোখনকৈ নাও কিনি থৈছে। চাপৰিটোত দুখন মটৰচালিত নাও আছে যদিও সেয়া সেয়া জৰুৰীকালীন অৱস্থাতহে ব্যৱহাৰ কৰা হয়। দৈনন্দিন প্ৰয়োজনীয় পানীৰ বাবে তেওঁলোকৰ দমকল আছে। বানপানীৰ সময়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বেচৰকাৰী সংস্থাই তেওঁলোকক পানী যোগান ধৰে। ৰাজ্য চৰকাৰে ঘৰে ঘৰে দিয়া সৌৰ ফলকৰ পৰা বিদ্যুৎ আহৰণ কৰে। চৰকাৰী ৰেচনৰ দোকানখন চুবুৰীয়া মাজুলী দ্বীপৰ গেজেৰা গাঁৱত আছে। তালৈ যাবলৈ ৪ ঘণ্টা সময় লাগে। প্ৰথমে নাৱেৰে দিচাংমুখলৈ আৰু তাৰপৰা ফেৰীৰে মাজুলীলৈ আৰু তাৰপিছত সেই গাওঁখনলৈ যাব লাগে।

একেবাৰে নিকটৱৰ্তী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো তাৰ পৰা ৩-৪ ঘণ্টাৰ বাট দূৰত, মাজুলী দ্বীপৰ ৰতনপুৰ মিৰি গাঁৱত। “কাৰোবাৰ বেমাৰ হোৱা মানেই বিপদ,” শিৱজীয়ে কয়। “বেমাৰ হ’লে আমি মটৰচালিত নাৱত হস্পিতাললৈ নিও, কিন্তু বাৰিষাৰ দিনত নদীৰে যোৱাটো কঠিন হৈ পৰে।” এম্বুলেন্স নাওবোৰে ডাবলিলৈ নাহে, পানী কম থাকিলে ডাবলিৰ লোকে ট্ৰেক্টৰেৰে মাজুলীলৈ যোৱাৰ চেষ্টা কৰে।

Ranjeet Yadav and his family, outside their home: wife Chinta (right), son Manish, and sister-in-law Parvati (behind).
PHOTO • Riya Behl
Parvati Yadav with her son Rajeev
PHOTO • Riya Behl

বাওঁফালে : ৰঞ্জিত যাদৱ আৰু তেওঁৰ পৰিয়ালটো, ঘৰৰ বাহিৰত: পত্নী চিন্তা (সোঁফালে), পুত্ৰ মণীষ, আৰু ভাই-বোৱাৰী পাৰ্বতী (পিছফালে) সোঁফালে : পাৰ্বতী যাদৱৰ সৈতে পুত্ৰ ৰাজীৱ

Ramvachan Yadav and his daughter, Puja, inside their house.
PHOTO • Riya Behl
Puja and her brother, Dipanjay (left)
PHOTO • Riya Behl

বাওঁফালে : নিজৰ ঘৰৰ ভিতৰত ৰামবচন যাদৱ আৰু তেওঁৰ জীয়ৰী সোঁফালে : পুজা আৰু তেওঁৰ ভায়েক দ্বীপাঞ্জয় (বাওঁফালে)

“ইয়াৰ শিক্ষাৰ্থীয়ে প্ৰাথমিক স্কুলৰ শিক্ষা শেষ কৰিলে দিচাংমুখৰ স্কুললৈ নদী পাৰ হৈ যাবলগীয়া হয়, সেয়ে ইয়াত এখন উচ্চ প্ৰাথমিক বিদ্যালয় (৭ম মানলৈ) আমাক প্ৰয়োজন,” শিৱজীয়ে কয়। “বানপানী নথকা সময়ত সিহঁতে যাব পাৰে, কিন্তু বাৰিষাৰ দিনত (জুলাইৰ পৰা ছেপ্টেম্বৰ) তেওঁলোকৰ স্কুল যোৱা বন্ধ হৈ পৰে। “ইয়াত নিযুক্তি দিয়া শিক্ষকে ইয়াত থাকিব নোখোজে। তেওঁলোকে কিছুদিনৰ বাবে আহে (আৰু ঘুৰি নাহে)। এনেদৰেই আমাৰ ল’ৰা-ছোৱালীবোৰৰ পঢ়াৰ গতি থমকি ৰয়।”

৪০ বৰ্ষীয় ৰামবচন যাদৱ ৪ৰ পৰা ১১ বছৰ বয়সীয়া তিনিটা সন্তানৰ পিতৃ, তেওঁ কয়, “মই মোৰ সন্তানকেইটাক পঢ়িবলৈ পঠিয়াম (নদীৰ সিপাৰলৈ)। পঢ়া-শুনা কৰিলেহে সিহঁতে কাম পাব।” ৰামবচনে প্ৰায় এক একৰ মাটিত খেতি কৰে। তেওঁ পানীলাও, মূলা, বেঙেনা, জলকীয়া আৰু পদিনাৰ খেতি কৰে। তেওঁৰ ২০ টা গৰু আছে, তাৰপৰা তেওঁ গৰুৰ গাখীৰ বিক্ৰী কৰে। তেওঁ পত্নী কুসুমো (৩৫) এইটো দ্বীপতে ডাঙৰ-দীঘল হৈছে। তেওঁ চতুৰ্থ শ্ৰেণীৰ পৰা পঢ়া এৰিছে। কম বয়সীয়া ছোৱালীয়ে সেই সময়ত পঢ়িবলৈ চাপৰি এৰি যোৱাৰ কোনো প্ৰশ্নই সেই সময়ত নুঠিছিল।

ৰঞ্জিত যাদৱে তেওঁৰ ছবছৰীয়া ল’ৰাটোক প্ৰাইভেট স্কুললৈ পঠিয়ায়, যদিওবা দিনে দুবাৰ নদীখন পাৰ হ’বলগীয়া হয়। “মই মোৰ ল’ৰাটোক বাইকেৰে অনা-নিয়া কৰো। কেতিয়াবা মোৰ ভাইটোৱে শিৱসাগৰলৈ গ’লে (বাওঁফালে) তেওঁক লৈ যায়,” তেওঁ কয়।

তেওঁৰ ভ্ৰাতৃপত্নী পাৰ্বতী যাদৱে কেতিয়াও স্কুললৈ নগ’ল যদিও তেওঁ সুখী যে দিচাংমুখৰ হাইস্কুল এখনত তেওঁৰ ১৬ বছৰীয়া জীয়ৰী চিন্তামণি পঢ়ি আছে। তাই দুই কিলোমিটাৰ বাট খোজকাঢ়ি স্কুললৈ যায় আৰু মাজতে নদীৰ পানী কাটিও যাবলগীয়া হয়। “কাষতে হাতী থাকিব পাৰে, তাকে লৈ চিন্তা হয়,” পাৰ্বতীয়ে কয়। দ্বীপ এৰি স্কুললৈ যাবলগীয়া শাৰীত এতিয়া ক্ৰমে ১২ আৰু ১১ বছৰ বয়সীয়া সুমন আৰু ৰাজীৱ আছে।

Students lined up in front of the school at the end of day and singing the national anthem.
PHOTO • Riya Behl
Walking out of the school, towards home
PHOTO • Priti David

বাওঁফালে : দিনটোৰ শেষত শাৰী পাতি ৰাষ্ট্ৰীয় সংগীত গোৱা ছাত্ৰ-ছাত্ৰীসকল সোঁফালে : শাৰী পাতি ঘৰ অভিমুখে ছাত্ৰ-ছাত্ৰীসকল

কিন্তু জিলা উপায়ুক্তই যেতিয়া ডাবলি চাপৰিবাসীক সুধিছিল যে তেওঁলোক শিৱসাগৰ চহৰলৈ আহিব নেকি, তেতিয়া কোনেও ইচ্ছা কৰা নাছিল। “এয়া আমাৰ ঘৰ, আমি এৰি যাব নোৱাৰো,” শিৱজীয়ে কয়।

প্ৰধান শিক্ষক আৰু তেওঁৰ পত্নী ফুলমতি তেওঁলোকৰ সন্তানৰ বিদ্যায়তনিক যাত্ৰাক লৈ সুখী। তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ সীমা সুৰক্ষা বলত নিয়োজিত, জীয়ৰী ৰীতাই (২৬) স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু গীতাই (২৫) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। আটাইতকৈ সৰু ২৩ বছৰ বয়সীয়া ৰাজেশে বাৰানসীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বি.এইচ.ইউ.)ত পঢ়ি আছে।

স্কুলৰ বেলটো বাজি উঠিল আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাবলৈ শাৰী পাতিলে। তাৰপিছত যাদৱে গেটখন খুলি দিলে আৰু সিহঁতে প্ৰথমতে লাহে লাহে আৰু পিছলৈ দৌৰাদৌৰি কৰি ওলাল। আজিলৈ স্কুল শেষ আৰু প্ৰধান শিক্ষকে সকলো সামৰিব লাগিব। সাধুকথাৰ নতুন কিতাপকেইখন সামৰি থকা সময়ত তেওঁ কয়, “আনে বেছি উপাৰ্জন কৰিব পাৰে আৰু মই শিক্ষকতাৰ পৰা পোৱাখিনি কম হ’ব পাৰে। কিন্তু মই মোৰ পৰিয়ালটো চলাব পাৰো। আটাইতকৈ ডাঙৰ কথাটো হৈছে মোৰ এই কামটো কৰি ভাল লাগে…সিহঁতে উন্নতি কৰিব, মোৰ গাওঁ, মোৰ জিলাখন আগবাঢ়িব, অসমখন আগবাঢ়িব।”

এই প্ৰতিবেদন প্ৰস্তুতিত সহায় আগবঢ়োৱাৰ বাবে প্ৰতিবেদকে আয়াং ন্যাসৰ বিপিন ধনে আৰু কৃষ্ণ কান্ত পেগুক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদ: পংকজ দাস

Priti David

Priti David is a Journalist with the People’s Archive of Rural India, and Editor, PARI Education. She works with educators to bring rural issues into the classroom and curriculum, and with young people to document the issues of our times.

Other stories by Priti David
Photographs : Riya Behl

Riya Behl is a journalist and photographer with the People’s Archive of Rural India (PARI). As Content Editor at PARI Education, she works with students to document the lives of people from marginalised communities.

Other stories by Riya Behl
Editor : Vinutha Mallya

Vinutha Mallya is Editorial Chief at the People’s Archive of Rural India. She has been a journalist and editor for more than two decades, writing and editing news, features and books.

Other stories by Vinutha Mallya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das