গোটেই জীৱনটো গৰু-ছাগলীৰ পিছতে কটাইছো। ৰাইকা মানুহ হিচাপে আমাৰ এইটোৱে কাম, জীৱ-জন্তুৰ চোৱাচিতা কৰা।

মোৰ নাম সীতা দেৱী, বয়স ৪০ বছৰ। আমাৰ সম্প্ৰদায়ৰ লোকে যুগ যুগ ধৰি পশুপালন কৰি আহিছে। ঘাইকৈ উটপালন কৰে যদিও শেহতীয়াকৈ ভেড়া, ছাগলী, গৰু-ম’হো পালন কৰিবলৈ লৈছে। আমাৰ চুবুৰীটোৰ নাম তাৰামাগ্ৰি, ৰাজস্থানৰ পালি জিলাৰ জইতৰন খণ্ডৰ কুৰ্কি গাঁৱৰ পৰা এক কিলোমিটাৰ দূৰত চুবুৰীটো আছে।

হৰি ৰাম দেৱাচি (৪৬)ৰ সৈতে মোৰ বিয়া হৈছে। দুই পুত্ৰ চাৱাই ৰাম দেৱাচি আৰু জামতা ৰাম দেৱাচি আৰু সিহঁত দুয়োৰে পত্নী ক্ৰমে আচু দেৱী আৰু সঞ্জু দেৱীৰ সৈতে আমি থাকো। আচু আৰু চাৱাইৰ দহ মহীয়া সন্তান এটা আছে। মোৰ মা ছায়াৰি দেৱী (৬৪)ও আমাৰ লগত থাকে।

মোৰ দিনটো পুৱা ৬ বজাত ছাগলীৰ গাখীৰ দিয়া একাপ চাহেৰে আৰম্ভ হয়, মই নিজে বনাও বা মোৰ বোৱাৰীয়ে বনাই দিয়ে। তাৰপিছত আমি ৰন্ধা-বঢ়া কৰো আৰু বাৰা (গোহালি)লৈ যাও, তাত আমাৰ ভেড়া আৰু ছাগলীবোৰ থাকে। গোবৰ-পানী পৰি লেতেৰা হৈ থকা গোহালিখন চাফা কৰি গোবৰবোৰ সাৰ বনাবলৈ একাষৰীয়াকৈ থৈ দিও।

গোহালিখন আমাৰ ঘৰৰ ঠিক পিছফালে আছে, তাত ষাঠিটা ভেড়া-ছাগলী একেলগে ৰাখো। আমাৰ এটা সৰুকৈ আচুতীয়া গোহালি আছে, তাত ভেড়া আৰু ছাগলীৰ পোৱালীবোৰ ৰাখো। গোহালিৰ এটা মূৰে শুকান খেৰ-ঘাঁহ জমা ৰাখো। তাত সচৰাচৰ মাহজাতীয় উদ্ভিদৰ খেৰবোৰ ৰখা হয়। ভেড়া আৰু ছাগলীৰ উপৰিও আমাৰ দুটা গাইগৰু আছে, সিহঁতৰ কাৰণে পৃথকে ঘৰৰ সন্মুখৰ ভাগত গোহালি আছে।

Left: Sita Devi spreads the daali around for the animals.
PHOTO • Geetakshi Dixit
Sita's young nephew milks the goat while her daughter-in-law, Sanju and niece, Renu hold it
PHOTO • Geetakshi Dixit

বাওঁফালে: সীতে দেৱীয়ে ভেড়া-ছাগলীবোৰৰ বাবে ঠানিবোৰ মেলি দিছে। সোঁফালে: সীতাৰ সৰুটো ভতিজাই ছাগলীৰ গাখীৰ খীৰাইছে, তেওঁৰ বোৱাৰী সঞ্জু আৰু ভতিজা-ছোৱালী ৰেণুৱে ধৰিছে

গোলামাল, হস্পিতাল, বেংক, স্কুল আদি যিকোনো উদ্দেশ্যত আমি কুৰ্কি গাঁৱলৈ যাব লাগে। আগতে আমি জামনা জী (যমুনা নদী)লৈ আমাৰ পশুধনৰ জাকটো লৈ ৰাস্তাত শিবিৰ পাতি থাকিছিলো। এতিয়া জাকবোৰ সৰু হৈ পৰিল আৰু ইমান দূৰলৈ গৈ লাভ নাই, তাতে আকৌ আমাৰ বয়সো হৈছে। সেয়ে আমি ওচৰতে চৰাবলৈ নিও।

গোহালিটো চাফা কৰো মানে মোৰ বোৱাৰী সঞ্জুৱে ছাগলীবোৰ খীৰায়। নতুনবোৰে ছাগলী খীৰাওতে আন কোনোবাই ধৰি থাকিব লাগে, ছাগলীবোৰ চতুৰ, খীৰোৱাৰ সময়ত কেৰমেৰাই থাকে। মই বা মোৰ মানুহজনে নিজে খীৰায়, কাৰো সহায় নলয়। আমাৰ লগত ছাগলীকেইটাই বেছি ইফাল-সিফাল কৰি নাথাকে।

মোৰ মানুহজনে ভেড়া-ছাগলীকেইটাক চৰাবলৈ নিয়ে। ওচৰৰে পথাৰ এখন ভাৰাত লৈছো, গছো কিনিছো, তাতেই আমাৰ জাকটো চৰাবলৈ নিও। মোৰ স্বামীয়ে গছৰ ঠানিবোৰ কাটি সিহঁতৰ কাৰণে কাটি আনি দিয়ে। সিহঁতে খেজৰি (Prosopis cineraria)ৰ পাত খাই বৰ ভাল পায়।

সৰু পোৱালীবোৰ যাতে জাকটোৰ সৈতে ওলাই নাযায়, তালৈ আমি নজৰ ৰাখো। বাহিৰত সিহঁত নিৰাপদ নহয়। গোহালিৰ পৰা উলিয়াই নিয়া, লৈ অহা কামটোত বহুত হাই-হুই-হুৰ কৰি থাকিবলগা হয়। কেতিয়াবা পোৱালী এটাই মাকৰ পিছে পিছে ওলাই গ’লে তাক আমি দাঙি আনি ভিতৰত থও। আমাৰ এজনে গোহালিৰ দুৱাৰমুখত ৰৈ হাত জোকাৰি ভেড়া-ছাগলীবোৰ পুনৰাই গোহালিত সোমোৱাত বাধা দিয়ে। গোহালিৰ পৰা সিহঁতক উলিয়াওতে দহ মিনিটমান লাগে, তেতিয়াহে সিহঁত মূল দুৱাৰেদি বাহিৰলৈ যাবলৈ সাজু হয়।

Left: Hari Ram Dewasi herds the animals out of the baada while a reluctant sheep tries to return to it
PHOTO • Geetakshi Dixit
Right: Sita Devi and her mother Shayari Devi sweep their baada to collect the animal excreta after the herd has left for the field
PHOTO • Geetakshi Dixit

বাওঁফালে: হৰি ৰাম দেৱাচিয়ে গোহালিৰ পৰা ওলাই যাব নিবিচৰা ভেড়া এটাক উভতি ধৰিছে। সোঁফালে: গোহালিৰ পৰা ভেড়া-ছাগলীবোৰ ওলাই যোৱাৰ পিছত সীতা দেৱী আৰু তেওঁৰ মাক ছায়াৰী দেৱীয়ে মজিয়াখন চাফা কৰিছে

নতুনকৈ পোৱালী জন্ম দিয়া, বেমাৰী নাইবা সৰু পোৱালীবোৰ পিছ পৰি যায়। মই গোবৰবোৰ সাৰি জমা কৰি সেয়া আমাৰ ঘৰৰ পৰা এশ মিটাৰ মান দূৰৰ এটুকুৰা ঠাইত দ’মাই থওঁ। বিক্ৰী কৰিবপৰা হোৱালৈকে সেইখিনি জমা কৰোঁ, এয়া বৰ মূল্যবান সাৰ। আমি বছৰত দুই ট্ৰাকমান সাৰ বিক্ৰী কৰোঁ। তেনেকৈ আমি ৮ৰ পৰা ১০ হাজাৰ টকা পাওঁ।

আমাৰ উপাৰ্জনৰ আন এটা ঘাই উৎস হৈছে ভেড়া বিক্ৰী কৰা - এটা বিক্ৰী কৰি ১২ৰ পৰা ১৫ হাজাৰ টকা পাওঁ। ভেড়াৰ পোৱালী বিক্ৰী কৰি প্ৰায় ৬ হাজাৰ মান পাওঁ। পইচাৰ খুব বেছি প্ৰয়োজন থাকিলেহে বিক্ৰী কৰোঁ। বেপাৰীয়ে নি সেয়া দিল্লী আদিত পাইকাৰী বজাৰত বিক্ৰী কৰে।

ভেড়াৰ ঊণ আমাৰ আয়ৰ ভাল উৎস আছিল, কিন্তু ঊণৰ দাম কিছুমান ঠাইত কিলোগ্ৰামত দুই টকা পৰ্য্য়ন্ত নামে, এতিয়া আমি ক্ৰেতা নোপোৱাই হ’লো।

গোবৰবোৰ দ’মাই থৈ আহি মই গোহালি আহো মানে পোৱালীবোৰে ভোকত কলমলাই ৰৈ থাকে। মই সিহঁতক সেউজীয়া ঠানিবোৰ দিও। শীতকালি নিমৰ ঠানি দিও, আন দিনত বনবগৰীৰ পাত। ময়ো খৰি লুৰুকিবলৈ যাও।

Left: Sheep and goats from Sita Devi’s herd waiting to go out to graze.
PHOTO • Geetakshi Dixit
Right: When Sita Devi takes the daali inside the baada, all the animals crowd around her
PHOTO • Geetakshi Dixit

বাওঁফালে: সীতা দেৱীৰ ভেড়া-ছাগলীবোৰে চৰিবলৈ ওলাই যোৱাৰ অপেক্ষাত। সোঁফালে: সীতা দেৱীয়ে গোহালিৰ ভিতৰলৈ গছৰ ঠানি নিছে, ভেড়া-ছাগলীবোৰে আগুৰি ধৰিছে

গছৰ ঠানিবোৰ মোৰ ল’ৰা নাইবা স্বামীয়ে কাটে, কিন্তু কেতিয়াবা মই গৈ কাটি আনো। ঘৰৰ বেছিভাগ বাহিৰা কাম পুৰুষেই কৰে। গছ কিনোতে, খেতিপথাৰ বন্ধকত লওতে দৰদাম কৰা, সাৰৰ দাম নিৰ্ধাৰণ কৰা আৰু দৰৱ-পাতি অনা কাম পুৰুষে কৰে। ভেড়া-ছাগলীৰ জাকৰ বাবে গছৰ ঠানি কাটি অনা আৰু কোনো পশুৱে আঘাত পালে চোৱাৰ কামো পুৰুষৰ হাতত ন্যস্ত।

পশুৰ বেমাৰ লাগিলে মই চাও। গৰুক দানা দিও আৰু পাকঘৰৰ পেলনীয়া পাচলি আদি সিহঁতৰ দানাত মিহলাই দিও। এই কামত মোক মায়েও সহায় কৰে। তেওঁ গাঁৱৰ দোকানৰ পৰা ৰেচন আনি দিয়াতো সহায় কৰে।

পশুবোৰক দানা-পানী দিয়া শেষ হ’লে আমি বহি সচৰাচৰ বাজৰা খাও, বা ৰেচনৰ দোকানৰ পৰা অনা ঘেঁহুৰে কিবা বনাই খাও। নাইবা বতৰৰ কিবা পাচলি আদি পালে খাও। ছাগলীৰ গাখীৰৰ দৈ বনাই খাও। আমাৰ দুবিধা খেতিমাটি আছে, তাতে আমি খাবৰ কাৰণে মুগ আৰু বাজৰাৰ খেতি কৰোঁ।

আমাৰ আন কুৰ্কি মহিলাৰ দৰে ময়ো এনৰেগাৰ কামত গৈ শিবিৰ পাতি থাকো। আমি এসপ্তাহত দুহাজাৰ টকা পাও, তেনেকৈ আমাৰ ঘৰুৱা খৰছ-পাতি ওলায়।

Left: Sita Devi gives bajra to the lambs and kids in her baada
PHOTO • Geetakshi Dixit
Right: Sita Devi walks towards the NREGA site with the other women in her hamlet
PHOTO • Geetakshi Dixit

বাওঁফালে: সীতা দেৱীয়ে গোহালিত ভেড়াৰ পোৱালীবোৰক বাজৰা খাবলৈ দিছে। সোঁফালে: সীতা দেৱীয়ে চুবুৰীৰ আন মহিলাৰ সৈতে এমএনৰেগাৰ ছাইটলৈ গৈছে

এইখিনি সময়ত মই আজৰি হওঁ আৰু কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি কাম কৰোঁ। প্ৰায়ে চুবুৰীয়া মহিলা আমাৰ ঘৰলৈ আহে আৰু আমি বহি লৈ কথা পাতি কাম কৰোঁ। শীতকালত কেতিয়াবা আমি খিচিয়া আৰু ৰাবোদি (মাকৈৰ গুড়িৰে মাখন দি বনোৱা এবিধ পাতল মুৰমুৰীয়া পিঠা) বনাও।

ডেকাচামৰ বহুতেই এই গৰখীয়া জীৱনটোৰ কৌশল আয়ত্ব কৰা নাই। মই সৰুবোৰক ভালকৈ পঢ়া-শুনা কৰিবলৈ কৈ থাকো। এটা সময়ত আমি আমাৰ আটাইবোৰ পশুধন বেচি পেলাবলগীয়া হ’ব, তেতিয়া সিহঁতে কামি বিচাৰিব লাগিব। সময় একে হৈ থকা নাই।

আবেলি মই সকলোৰে বাবে আহাৰ ৰান্ধো আৰু পশুবোৰ উভতি অহালৈ বাট চাও। সাজ লাগিলে পশুবোৰ আহি ঘৰ সোমায় আৰু গোহালিটোৱে প্ৰাণ পাই উঠে। দিনটোত শেষবাৰৰ বাবে মই ছাগলীবোৰ খীৰাও আৰু সিহঁতক দানা দি দিনটো সামৰো।

অনুবাদ: পংকজ দাস

Student Reporter : Geetakshi Dixit

Geetakshi Dixit is an M.A. Development student from Azim Premji University, Bangalore. Her interest in the commons and pastoral livelihoods led her to reporting this story as part of her course’s final year research project.

Other stories by Geetakshi Dixit
Editor : Riya Behl

Riya Behl is Senior Assistant Editor at People’s Archive of Rural India (PARI). As a multimedia journalist, she writes on gender and education. Riya also works closely with students who report for PARI, and with educators to bring PARI stories into the classroom.

Other stories by Riya Behl
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das