হিমালয়ৰ চালে চকুৰোৱা ধৌলাধাৰ পৰ্বতমালাৰ শান্ত-সমাহিত ধৰমশালা নগৰত যোৱা ৩০ মাৰ্চত প্ৰথমবাৰৰ বাবে ' গৌৰৱ যাত্ৰা ’ অনুষ্ঠিত হৈ যায়।
এই 'গৌৰৱ যাত্ৰা’ত হাতে হাতে 'এয়া তোমালোকৰ, মোৰ, তেওঁলোকৰ, সকলোৰে ঘৰ’ শ্ল’গান সম্বলিত প্লেকাৰ্ড লৈ অসংখ্যা লোকে সমদল উলিয়াই বজাৰ অঞ্চলৰ পৰা ধৰমশালা নগৰখনৰ তিব্বতী মূলীয় লোকসকল বসবাস কৰা দালাই লামা মন্দিৰস্থিত মেকলিওগঞ্জলৈ আগবাঢ়িছিল। ইয়াৰ পিছত সমদলটো অগ্ৰসৰ হৈছিল নগৰখনৰ ব্যস্ততাপূৰ্ণ কটোৱালি বজাৰলৈ। এয়া আছিল হিমাচল প্ৰদেশত এলজিবিটিকিউআইএ+ সমাজৰ লোকসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই উলিওৱা প্ৰথমটো সমদল আৰু অধিকাংশ অংশগ্ৰহণকাৰীয়েই আছিল ৰাজ্যখনৰ সৰু নগৰসমূহৰ লগতে গ্ৰামাঞ্চলৰ।
''আমি গৌৰৱেৰে অজিব [odd] শব্দটো ব্যৱহাৰ কৰো,’’ এইদৰে কয় আয়োজকসকলৰ মাজৰ এজন তথা হিমাচল কুইয়াৰ ফাউণ্ডেশ্যনৰ সহঃপ্ৰতিষ্ঠাতা ডন হাছাৰে। ৩০ বছৰীয়া হাছাৰে আৰু কয়, ''আমি সমলৈংগিক প্ৰসংগৰ কথা ক’বলৈ হ’লে ইংৰাজী শব্দই ব্যৱহাৰ কৰো, কিন্তু হিন্দী আৰু আন স্থানীয় ভাষাৰ ক্ষেত্ৰত কি কৰা যাব? আমি এই বিষয়ে মানুহক জনাবৰ বাবে আঞ্চলিক ভাষাসমূহত গান আৰু গল্পৰো সহায় লৈছো।’’
অতি কম সময়ৰ প্ৰচাৰতে তিনি শতাধিক লোকৰ এই সমদলটোত দিল্লী , চণ্ডীগড় , কলকাতা , মুম্বাইৰ লগতে সৰু-বৰ অনেক চহৰ তথা দেশৰ ভিন্ন প্ৰাপ্তৰ পৰা অহা লোকে ভাগ লৈছিল। গৌৰৱ যাত্ৰাত ভাগ লোৱা বিশ্ববিদ্যালয়ত অধ্যায়নৰত ছিমলাৰ ২০ বছৰীয়া ছাত্ৰ আয়ুষে এই সন্দৰ্ভত কয় , '' ইয়াত [হিমাচল প্ৰদেশত] এই লৈ [সমলৈংগিক হোৱাতো] কোনেও মুখ খুলিবকে নোখোজে। ’’ ছাত্ৰগৰাকীয়ে জনোৱা মতে স্কুলীয়া দিনবোৰত বাথৰুমলৈ যাবলৈকো তেওঁ সংকোচ কৰিছিল। '' সহপাঠী ল ’ ৰাবোৰে স্কুলত মোক প্ৰায়েই দুৰ্ব্যৱহাৰ কৰিছিল। যেতিয়াই অনলাইনত এই গোটটোৰ কথা জানিবলৈ পালো তেতিয়া আগতকৈ বহুত নিৰাপদ অনুভৱ কৰিছিলো। এতিয়া মই মোক বুজি মানুহৰ সান্নিধ্য লাভ কৰাৰ সুযোগ লাভ কৰিছো। ’’
আয়ুষে এতিয়া এনেধৰণৰ বিষয়ক লৈ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত এগৰাকী অধ্যাপকক উপদেষ্টা হিচাপে লৈ মুকলি আলোচনা অনুষ্ঠিত কৰাৰ বিষয়ে চিন্তা কৰিছে। এনে কৰিলে এই সম্পৰ্কে বিশেষ ধাৰণা নথকা লোকসকলে লিংগ আৰু যৌনতাৰ প্ৰসংগত নতুন কথা শিকাৰ লগতে মনত উদ্ৰেক ঘটা প্ৰশ্নসমূহো কৰিব পাৰিব।

ধৰমশালাত ৩০ এপ্ৰিলত এলজিবিটি সমাজলৈ সমৰ্থন আগবঢ়াই উলিওৱা গৌৰৱ যাত্ৰাত হাতত প্লেকাৰ্ড লৈ থকা অৱস্থাত এনেদৰে দেখা গৈছে এগৰাকী অংশগ্ৰহণকাৰীক
![Ayush is a 20-year-old student from Shimla. They say, ' No one talks about this [being queer] here [in Himachal Pradesh]'](/media/images/03-DSC_0171-SD.max-1400x1120.jpg)
ছিমলাৰ ২০ বছৰীয়া ছাত্ৰ আয়ুষ। আয়ুষে কৈছে, 'ইয়াত [হিমাচল প্ৰদেশত] এই লৈ [সমলৈংগিক হোৱাতো] কোনেও মুখ খুলিবকে নোখোজে’
কাংগ্ৰা জিলাৰ পালমপুৰ মৌজাৰ এখন প্ৰত্যন্ত গাঁৱৰ বাসিন্দা শংশাক হিমাচল কুইয়াৰ ফাউণ্ডেশ্যনৰ সহঃপ্ৰতিষ্ঠাপক। ' প্ৰতিটো ক্ষেত্ৰতে মই নিজকে অনুপযুক্ত অনুভৱ কৰিছিলো। কেৱল ময়েই নহয় , ছ ’ চিয়েল মিডিয়াত লগ পোৱা আনসকলেও একেই সমস্যাৰ সন্মুখীন হৈছিল , এনেকৈ বহুতেই একপ্ৰকাৰৰ লাজ আৰু অপৰাধবোধৰ মাজত সময় কটাইছিল। আনকি মই যেতিয়া ডেটলৈ গৈছিলো তেতিয়াও প্ৰথমে অকলশৰীয়া অনুভৱ কৰাৰ কথাই ওলাইছিল ,’’ শশাংকই কয়। এনেবোৰ কাৰণতে শশাংকই ২০২০ চনত এটি হেল্পলাইন নম্বৰো মুকলি কৰিছিল।
অধিকাৰৰ হকে মাত মতাতো মূল কথা বুলি উল্লেখ কৰি শশাংকই আৰু কয় , '' গাওঁ অঞ্চলবোৰৰ সমলিংগৰ লোকসকলে অধিকাৰৰ হৈ কিয় ওলাই নাহিব ?’’ সকলোৱে যাতে মুক্তমনে জীয়াই থাকিব পাৰে তাৰ বাবে তেওঁলোকে দ্য ট্ৰেন্সজেণ্ডাৰ পাৰ্ছনছ (প্ৰটেকশ্যন অব ৰাইটছ) এক্ট , ২০১৯ৰ কেবাটাও দফা হিমাচল প্ৰদেশত প্ৰণয়ন কৰা হোৱা নাই বুলি উল্লেখ কৰি ছিমলা উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিবলৈকো যো-জা চলাইছে।
হিমাচল প্ৰদেশৰ ভিন্ন প্ৰান্তৰ ১৩ গৰাকী লোক মিলিত হৈ গঠন কৰিছে হিমাচল কুইয়াৰ ফাউণ্ডেশ্যন (HQF)। ''আমি সকলোবোৰ মাত্ৰ দুসপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিছো,’’ কলকাতাৰ পৰা অহা সহঃ আয়োজক ডনে কয়। আয়োজকসকলে প্ৰথমেই মেকলিঅ’গঞ্জৰ স্থানীয় জিলা প্ৰশাসনৰ পৰা সমদলৰ বাবে অনুমতি লোৱাৰ কাম কৰে।
ইয়াৰ পিছতে HQF-এ এই বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে আৰু আশাব্যঞ্জক সঁহাৰি পায়। ''এইবোৰে আমাক গৌৰৱ যাত্ৰাৰ প্ৰতি উৎসাহিত কৰি তুলিছিল। আমি আলোচনাবোৰ ইয়াৰ পৰাই আৰম্ভ কৰিব বিচাৰিছো,’’ এইদৰে কয় আয়োজকসকলৰ মাজৰ এদন মনীষ থাপাই।
ডনে আৰু কয় যে তেঁওলোকে এই গৌৰৱ যাত্ৰাত জাত-পাত , শ্ৰেণী বৈষম্য , ভূমিহীন , দেশহীনসকলৰ অধিকাৰৰ হকেও মাত মাতিবলৈ চেষ্টা চলাইছিল। সমদলত এগৰাকী অংশগ্ৰহণকাৰীয়ে হাতত লৈ যোৱা প্লে-কাৰ্ডত লিখা আছিল , ' শ্ৰেণী বৈষম্যৰ অৱসান অবিহনে সমলিংগৰ অধিকাৰ প্ৰহসন মাত্ৰ। জয় ভীম! ’

সমলিংগৰ অধিকাৰৰ লগতে গৌৰৱ যাত্ৰাত গুৰুত্ব লাভ কৰিছিল জাত-পাত, শ্ৰেণী বৈষম্য, ভূমিহীন, দেশহীনসকলৰ অধিকাৰৰ প্ৰসংগয়ো

গৌৰৱ যাত্ৰা সফলতাৰে সম্পন্ন কৰাত ব্যস্ত অনন্ত দয়াল, সান্য জৈন, মনীষ থাপা, ডন হাছাৰ আৰু শশাংক (বাঁওফালৰ পৰা সোঁফাললৈ)
দেওবাৰৰ দিনটোত চহৰখনৰ মাজেৰে আগবঢ়া সমদলটোৱে ৯০ মিনিটত অতিক্ৰম কৰিছিল প্ৰায় ১.২ কিলোমিটাৰ দূৰত্ব। মাজে মাজে তেওঁলোকে নৃত্য কৰিছিল আৰু ছেগা-চোৰোগাকৈ বক্তৃতাও দিছিল। '' বজাৰ অঞ্চলটোত অতি কমেও ৩০০ দোকান আছে। সেয়ে মানুহৰ চকুত পৰিবৰ বাবে আমি মূল ৰাস্তাৰে সমদল উলিওৱাতো গুৰুত্বপূৰ্ণ আছিল ,’’ গৌৰৱ যাত্ৰাৰ বাবে ব্যস্ততাপূৰ্ণ অঞ্চলটো কিয় বাচি লৈছিল বুলি সোধাত এইদৰে কয় মনীষ থাপাই।
উল্লেখ্য যে ২০১৯ চনত সমলিংগৰ লোকসকলৰ বাবে আৰম্ভ কৰা নেশ্যনেল পৰ্টেল অনুযায়ী হিমাচল প্ৰদেশত বিশেষ পৰিচয় পত্ৰ সম্বলিত মাত্ৰ ১৭ গৰাকী সমলিংগৰ লোকহে আছে।
'' হিমাচলৰ কাংগ্ৰা জিলাত বিশেষ পৰিচয় পত্ৰ লাভ কৰা ময়েই হৈছো প্ৰথমগৰাকী লোক ,’’ ডনে কয়। '' এয়া পাবলৈ মই বহুত কষ্ট কৰিবলগীয়া হৈছিল। কিন্তু এয়া কেনেকৈ পোৱা যায় সেয়া নজনাসকলৰ কি হ ’ ব ? ইয়াত ৰাজ্যিক কল্যাণ বৰ্ড নাই , আশ্ৰয় ঘৰ আৰু কল্যাণমূলক আন আঁচনিসমূহ ক ’ ত ? চৰকাৰে এই দিশটোক লৈ নীৰৱ কিয় ?’’- ডনৰ প্ৰশ্ন।
গৌৰৱ যাত্ৰা প্ৰত্যক্ষ কৰা স্থানীয় লোকসকলৰ অধিকাংশৰ মাজতে এই লৈ সজাগতাৰ অভাৱ স্পষ্টকৈ দেখা গৈছিল। আন বহু প্ৰত্যক্ষদৰ্শীসকলৰ মাজৰ এজন আছিল কটৱালি বজাৰৰ ইলেক্ট্ৰনিকছ আৰু ষ্টেশ্যনাৰী দোকানী আকাশ ভৰদ্বাজ। '' মই প্ৰথমবাৰৰ বাবে এয়া দেখিছো , তেওঁলোকে কি কৰিব গৈছে সেই বিষয়ে ভালকৈ নাজানিম , কিন্তু ডান্স চাই ভাল লাগিছে। বাকী কথা নাজানো ,’’ আকাশে কয়।


বাঁওফালৰ পৰাঃ গৌৰৱ যাত্ৰাত অংশগ্ৰহণকাৰী তিব্বতৰ প্ৰথমগৰাকী ট্ৰেন্স মহিলা টেনজিন মাৰিকো। সোঁফালেঃ শ্বহীদ ভগৎ সিঙৰ প্ৰতিমূৰ্তিৰ কাষেৰে এনেদৰে পাৰ হৈ গৈছে গৌৰৱ যাত্ৰাৰ সমদলটো
ধৰমশালাত ৫৬ বছৰ ধৰি সময় কটাই অহা নৱনীত কুঠিৱালায়ো পৰম আগ্ৰহেৰে প্ৰত্যক্ষ কৰিছিল গৌৰৱ যাত্ৰাত পৰিৱেশন কৰা নৃত্য। '' প্ৰথমবাৰৰ বাবে এয়া দেখিছো , চাই বহুত ভাল লাগিছে ,’’ লোকজনে কয়।
কিন্তু যেতিয়াই সমদলৰ উদ্দেশ্যৰ বিষয়ে জানিব পাৰিলে তেতিয়াই তেওঁৰ কথাৰ সুৰ সলনি হৈ পৰা দেখা গ ’ ল। ' এয়া ভাল হৈছে বুলি মই নাভাবো , তেওঁলোকে এইবোৰ কৰাতো ভাল হোৱা নাই কাৰণ এয়া প্ৰকৃতি বিৰুদ্ধ , তেওঁলোকৰ এনেকৈ ল ’ ৰা-ছোৱালী কেনেকৈ হ ’ ব ?’’ তেওঁ কয়।
'' মাৰিকোক [তিব্বতৰ প্ৰথমগৰাকী ট্ৰেন্স মহিলা] আমি আজি ইয়াত এনেকৈ লগ পাই বহুত সুখী অনুভৱ কৰিছো ,’’ ডনে কয়।
পদৰ দাঁতিত ৰৈ গৌৰৱ যাত্ৰা প্ৰত্যক্ষ কৰা আন এজন লোক আছিল দালাই লামা মন্দিৰলৈ গৈ থকা তিব্বতী সন্যালী ছেৰিং। ' তেওঁলোকে তেওঁলোকৰ অধিকাৰৰ হকে মাত মাতিছে , বহু দেশেই তেওঁলোকক অধিকাৰ [বিবাহৰ অধিকাৰ] প্ৰদান কৰিছে , এতিয়া ভাৰতেও এয়া কৰাৰ সময় আহি পৰিছে ,’’ ছেৰিঙে কয়।
স্মৰ্তব্য যে , ২০১৮ চনত ৩৭৭ ধাৰা প্ৰত্যাহাৰ কৰা হৈছিল যদিও সমলিংগৰ বিবাহক আজিও ভাৰতত আইনী বৈধতা প্ৰদান কৰা হোৱা নাই। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সমলিংগৰ বিবাহক লৈ জনোৱা আবেদনৰ শুনানি ইতিমধ্যে সম্পন্ন কৰিছে যদিও এই পৰ্যন্ত ৰায় প্ৰদান কৰা নাই।
গৌৰৱ যাত্ৰা চলি থকা সময়ত যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ থকা মহিলা আৰক্ষীৰ জোৱান নীলম কাপুৰেও সেয়া প্ৰত্যক্ষ কৰিছিল। ' অধিকাৰৰ হকে যুঁজ দিয়াতো ভাল কথা। সকলোৱে তেওঁলোকৰ কথা ভবা উচিত ,’’ তেওঁ কয়। মহিলা আৰক্ষী জোৱানগৰাকীয়ে আৰু কয় , ' ইয়াৰ আৰম্ভণি কৰবাত নহয় কৰবাত হ ’ ব লাগিবই , গতিকে ইয়াৰ পৰা হ ’ ব নোৱাৰিব বুলি কি কথা আছে ?’’

সমলিংগৰ অধিকাৰ সূচোৱা পতাকা হাতত লৈ আগবাঢ়িছে আয়োজকসকলৰ মাজৰ এজন অনন্ত দয়ালে

' আমি সকলো আয়োজন মাত্ৰ দুটা সপ্তাহতে কৰিছিলো ,’ ডন হাছাৰৰ মন্তব্য (বগা শাৰী পৰিহিত)

মূল বজাৰৰ মাজেৰে মেকলিঅগঞ্জস্থিত দালাই লামা মন্দিৰলৈ আগবাঢ়িছে সমদল

ব্যস্ত বজাৰ অঞ্চল কটৱালি বজাৰৰ মাজেৰে এনেদৰে আগবাঢ়িছে গৌৰৱ যাত্ৰা

গৌৰৱ যাত্ৰালৈ কৌতূহলসূচক চাৱনি একাংশ স্থানীয় লোকৰ। 'আমাক যাতে সকলোৱে দেখা ৰায়, সেয়ে মূল পথেৰে সমদল উলিওৱাতো গুৰুত্বপূৰ্ণ আছিল,’ আয়োজকসকলৰ মাজৰ এজন মনীষ থাপাৰ মন্তব্য

গৌৰৱ যাত্ৰাত ভাষণৰত অৱস্থাত মনীষ থাপা

গৌৰৱ যাত্ৰাৰ অংশগ্ৰহণকাৰীসকলৰ নৃত্য

প্ৰায় ৯০ মিনিট এনেদৰে আগবাঢ়িছিল গৌৰৱ যাত্ৰাৰ সমদলটো
![Monk Tsering looking at the parade. 'They are fighting for their rights and many other countries have given these rights [to marriage] to their people, maybe it's time for India to follow,' he says](/media/images/15-DSC_0088-SD.max-1400x1120.jpg)
ইতিবাচক ভংগীৰে গৌৰৱ যাত্ৰা প্ৰত্যক্ষ কৰা অৱস্থাত তিব্বতী সন্যাসী ছেৰিং। 'তেওঁলোকে অধিকাৰৰ হৈ যুঁজিছে আৰু আন বহু দেশে অধিকাৰ [বিবাহৰ অধিকাৰ] দিছে, এইবাৰ হয়তো ভাৰতৰ পাল,’ তেওঁ কয়

কৰ্তব্যৰত আৰক্ষীৰ সৈতে মত-বিনিময় আয়োজকসকলৰ অন্যতম শশাংকৰ

হিমাচল কুইয়াৰ ফাউণ্ডেশ্যনৰ দুই সহঃপ্ৰতিষ্ঠাপক ডন হাছাৰ (থিয় হৈ থকা গৰাকী) আৰু শশাংক (বহি থকা গৰাকী)

সমলিংগৰ লোকসকলক প্ৰদান কৰা বিশেষ পৰিচয় পত্ৰ লাভ কৰা হিমাচলৰ প্ৰথম গৰাকী সমলিংগৰ লোক ডন হাছাৰ। 'এয়া পাবলৈ মই বহু কষ্ট কৰিছো। কিন্তু যিসকলে অধিকাৰ কেনেকৈ পাব পাৰি সেয়া নাজানে তেওঁলোকৰ কি হ’ব?’ তেওঁলোকৰ প্ৰশ্ন

সাতোৰঙী পতাকা! গৌৰৱ যাত্ৰাৰ এটি বিশেষ মুহূৰ্ত

অতি কম সময়ৰ ভিতৰত আয়োজন কৰা গৌৰৱ যাত্ৰাত দিল্লী, চণ্ডীগড়, কলকাতা, মুম্বাই আৰু বিভিন্ন সৰু নগৰকে আদি কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ একাংশ

সমলৈংগিক সমাজৰ সমৰ্থনত অংশগ্ৰহণকাৰী একাংশই হাতত লৈছে এনে পোষ্টাৰ

গৌৰৱ যাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ একাংশৰ গ্ৰুপ ফটো
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি