“প্ৰথম ডোক্ৰা দেখাৰ দিনা মই যাদু দেখা যেন পাইছিলো,” ৪১ বৰ্ষীয় পীয়ূষ মণ্ডলে কয়। পশ্চিংমবংগৰ বীৰভূম জিলাৰ এইগৰাকী শিল্পীয়ে এই শিল্পকলাত জড়িত থকাৰ ১২ বছৰ হ’ল। প্ৰক্ৰিয়াটোত লষ্ট-ৱেক্স কৌশল প্ৰয়োগ কৰা হয়। ভাৰতৰ অতিকৈ পুৰণি এই ধাতু ঢালাই কৰা প্ৰক্ৰিয়া সিন্ধু সভ্যতাৰ দিন ধৰি চলি আহিছে।

ডোক্ৰা (ধোক্ৰা বুলিও কয়) নামটো আহিছে পূৱ ভাৰতৰ এক যাযাবৰ কাৰিকৰ গোষ্ঠীৰ পৰা।

ওড়িশা, ঝাড়খণ্ড, পশ্চিমবংগ আৰু চত্তীশগড়লৈকে বিয়পি থকা ছোটা নাগপুৰ মালভূমি অঞ্চলটোত কপাৰৰ বিশাল ভাণ্ডাৰ আছে। পিতল আৰু ব্ৰঞ্জৰ সংকৰ ধাতু বনোৱাৰ বাবে কপাৰ প্ৰাথমিক উপাদান। ভাৰতৰ বিভিন্ন অঞ্চলত ডোক্ৰা শিল্প আছে যদিও বাংকুৰা, বৰ্দ্ধমান আৰু পুৰুলিয়াৰ বেংগল ডোক্ৰাৰ ভৌগোলিক সূচাংক আছে।

ডোক্ৰাৰ ভাস্কৰ্য্য নিৰ্মাণৰ প্ৰথমটো পদক্ষেপ হৈছে আলতীয়া মাটিৰ এটা সাঁচ বনোৱা। এই সাঁচৰ ভিতৰত মৌ-সিটা বা শাল গছৰ আঠাৰে মাটিৰ সাঁচটোত তৰপ এটা দি লোৱা হয়। তৰপটো টান হোৱাৰ পিছত তাত আলতীয়া মাটিৰ লেপ এটা দিয়া হয়। তাত এটা বা দুটা বাট ৰখা হয় যাতে গলি যোৱা মমখিনি পিছত ওলাই আহিব পাৰে। একেটা বাটেৰে গলিত ধাতু ঢলা হয়।

“এই গো.টেই প্ৰক্ৰিয়াটোত প্ৰকৃতিৰ ভূমিকা গুৰুত্বপূৰ্ণ,” সীমা পল মণ্ডলে কয়। “শাল গছ নাথাকিলে মই ৱেক্স প্ৰস্তুতিৰ বাবে তাৰ আঠা নাপাম। মৌমাখি বা মৌবাহ নাথাকিলে মৌ-সিটা নাপাম।” তাৰোপৰি এই শিল্পত বতৰৰো বিশেষ ভূমিকা আছে। প্ৰক্ৰিয়াটোত বিভিন্ন ধৰণৰ মাটিৰ প্ৰয়োজন হয়, লগতে বতৰো অনুকূল হ’ব লাগিব।

আলতীয়া মাটিৰ তৰপটো শুকোৱাৰ পিছত পীয়ূষ আৰু তেওঁৰ সহযোগীসকলে ৩ৰ পৰা ৫ ফুট গভীৰ ইটা-মাটিৰ দুটা ভাতীৰ এটাত সেই আকৃতিটো পোৰে। মাটিখিনি পোৰা যোৱাৰ সময়ত মমখিনি গলি যিটো ফুটাৰে গলিত ধাতুখিনি ঢালি দিয়া হৈছিল, সেই ফুটাৰে ওলাই আহে। মাটিৰ সাঁচটো সাধাৰণতে এদিনৰ বাবে ঠাণ্ডা হ’বলৈ দিয়া হয়। তাৰপিছত সেয়া ভাঙি ভিতৰৰ ভাস্কৰ্যটো উলিয়াই অনা হয়।

ভিডিঅ’টো চাওক: ডোক্ৰা, ৰূপান্তৰৰ শিল্প

অনুবাদ: পংকজ দাস

Sreyashi Paul

Sreyashi Paul is an independent scholar and creative copywriter based out of Santiniketan, West Bengal.

Other stories by Sreyashi Paul
Text Editor : Swadesha Sharma

Swadesha Sharma is a researcher and Content Editor at the People's Archive of Rural India. She also works with volunteers to curate resources for the PARI Library.

Other stories by Swadesha Sharma
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das