পাঁচ দিন, ২০০ কিলোমিটাৰ আৰু ২৭,০০০ টকা - মহাৰাষ্ট্ৰৰ বীড় জিলাত ৰেমডেজিভিয়েৰ বেজীৰ বাবে ৰবি ববডেয়ে হাহাকাৰ কৰি ফুৰিবলগীয়া কাহিনীৰ এইখিনি সাৰাংশ।

চলিত বৰ্ষৰ এপ্ৰিলৰ শেষ সপ্তাহত তেওঁৰ পিতৃ-মাতৃৰ দেহত ক’ভিড-১৯ৰ লক্ষণ বিকশিত হোৱাৰ পিছতেই এই কাহিনী আৰম্ভ হৈছিল। ২৫ বৰ্ষীয় ৰবিয়ে মনত পেলাই কয়, "তেওঁলোকৰ প্ৰচণ্ড কাহ আৰম্ভ হৈছিল আৰু উশাহ-নিশাহত অসুবিধা হোৱাৰ লগতে বুকুৰো বিষ হৈছিল।" "সেয়ে মই তেওঁলোকক ওচৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিলো।"

চিকিৎসকে ততালিকে ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে ব্যৱহৃত এণ্টিভাইৰেল ঔষধ – ৰেমডেজিভিয়েৰৰ বাবে পৰামৰ্শ দিয়ে ঠিকেই, কিন্তু বীড়ত সেইবিধ ঔষধ পোৱাটো দুৰূহ। "মই পাঁচ দিন হাহাকাৰ কৰি ফুৰিছিলোঁ," ৰবিয়ে কয়। "মোৰ হাতত সময় নাছিল আৰু কি কৰিব লাগে মই জনা নাছিলো। সেয়ে মই এখন এম্বুলেঞ্চ ভাড়ালৈ লৈ মোৰ মা-দেউতাক চোলাপুৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰিছিলো।’’ যাত্ৰাৰ গোটেই পথচোৱা তেওঁ চিন্তাক্লিষ্ট হৈ আছিল। "মই এম্বুলেঞ্চৰ সেই চাৰি ঘণ্টীয়া যাত্ৰা কেতিয়াও পাহৰিব নোৱাৰিম।"

এম্বুলেঞ্চ চালকজনে তেওঁৰ দেউতাক অৰ্জুন (৫৫) আৰু মাক গীতাক (৪৮) মাজালগাওঁ তালুকাত থকা  গাঁৱৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বৰ চোলাপুৰ চহৰলৈ লৈ যাবলৈ ২৭,০০০ টকা ভাৰা হিচাপে লৈছিল। ‘‘মোৰ এজন দূৰ সম্পৰ্কীয় আত্মীয় এজন চোলাপুৰৰ চিকিৎসক’’, ৰবিয়ে কয়। "তেওঁ বেজীৰ ব্যৱস্থা কৰিব পাৰিব বুলি মোক জনাইছিল। গোটেই বীড়ৰ জনতাই সেইবিধ ঔষধ বিচাৰি হাবাথুৰি খাইছিল।’’

প্ৰধানতঃ ইব’লাৰ চিকিৎসাৰ বাবে বিকশিত ৰেমডেজিভিয়েৰ মহামাৰীৰ আৰম্ভণিতে চিকিৎসালয়ত ভৰ্তি হোৱা ক’ভিড-১৯ ৰোগীৰ ওপৰত কাৰ্য্যকৰী হোৱা দেখা গৈছিল। কিন্তু ২০২০ চনৰ নৱেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই ৰেমডেজিভিয়েৰৰ ব্যৱহাৰৰ বিৰুদ্ধে এক ' চৰ্তসাপেক্ষ পৰামৰ্শ ' জাৰি কৰে। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ঔষধবিধে ৰোগৰ তীব্ৰতা নিৰ্বিশেষে চিকিৎসালয়ত ভৰ্তি হোৱা ক’ভিড-১৯ ৰোগীসকলৰ জীয়াই থকা আৰু অন্যান্য ফলাফল উন্নত কৰিব বুলি কোনো প্ৰমাণ পোৱা নাই৷’’

কিন্তু যিহেতু চিকিৎসা নিৰ্দেশনাত এণ্টিভাইৰেল ঔষধক অন্তৰ্ভুক্ত কৰিব নোৱাৰি, ইয়াক নিষিদ্ধ কৰা হোৱা নাই, ভাৰতীয় চিকিৎসা সংস্থাৰ মহাৰাষ্ট্ৰ অধ্যায়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অবিনাশ ভ’ণ্ডৱে এইদৰে কয়। "ৰেমডেজিভিয়েৰক পূৰ্বৰ ক’ৰোনা ভাইৰাছ (এছএআৰএছ-চিঅ’ভি-১)সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু কাৰ্য্যকৰী বিবেচিত হৈছিল, সেই কাৰণতে আমি এই ঔষধবিধ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলো যেতিয়া নতুন ক’ৰোনা ভাইৰাছ ৰোগে (এছএআৰএছ-চিঅভি-১ বা ক’ভিড-১৯) প্ৰথমবাৰৰ বাবে ভাৰতত দেখা দিছিল।"

The farm in Harki Nimgaon village, where Ravi Bobde (right) cultivated cotton, soyabean and tur with his late father
PHOTO • Parth M. N.
The farm in Harki Nimgaon village, where Ravi Bobde (right) cultivated cotton, soyabean and tur with his late father
PHOTO • Parth M. N.

হাৰকি নিমগাওঁ গাঁৱৰ খেতি য ' ৰবি ববডেয়ে ( সোঁফালে ) তেওঁৰ প্ৰয়াত দেউতাকৰ সৈতে কপাহ , চয়াবীন আৰু ৰহৰ ডাইলৰ খেতি কৰিছিল

ঔষধৰ এটা ক’ৰ্চত পাঁচ দিনৰ বাবে ছয়টা বেজী অন্তৰ্ভুক্ত থাকে। "যদি সংক্ৰমণৰ (ক’ভিড-১৯) আৰম্ভণিতে ইয়াৰ ব্যৱহাৰ কৰা হয়, ৰেমডেজিভিয়াৰে শৰীৰত ভাইৰাছৰ বিকাশ প্ৰতিহত কৰে আৰু ই ফলদায়ী হ'ব পাৰে," ডাঃ ভ’ণ্ডৱে এইদৰে ব্যাখ্যা কৰে।

অৱশ্যে যেতিয়া সংক্ৰমণ আৰম্ভ হৈছিল, বীড়ৰ ক’ভিড ৰোগীসকলৰ খুব কমেইহে ৰঙা ফিটাৰ মেৰ-পেচ আৰু ঔষধৰ অভাৱৰ বাবে ৰেমডেজিভিয়েৰৰ সুবিধা লাভ কৰিছিল। জিলাখনে ৰাজ্য চৰকাৰ আৰু প্ৰিয়া সংস্থা নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ এই যোগান লাভ কৰিছিল। এই সন্দৰ্ভত জিলা স্বাস্থ্য বিষয়া ৰাধাকৃষ্ণ পাৱাৰে কয়, ‘‘যেতিয়া এজন চিকিৎসকে ৰেমডেজিভিয়েৰৰ বাবে পৰামৰ্শ দিয়ে, ৰোগীৰ আত্মীয়সকলে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগে আৰু জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰিব লাগে। "যোগানৰ ওপৰত ভিত্তি কৰি, প্ৰশাসনে এখন তালিকা প্ৰস্তুত কৰে আৰু সংশ্লিষ্ট ৰোগীসকলক ৰেমডেজিভিয়েৰ প্ৰদান কৰে। এপ্ৰিল আৰু মে’ মাহত কিন্তু এই যোগান হ্ৰাস পাইছিল।’’

বীড়ৰ জিলা দণ্ডাধীশ ৰবীন্দ্ৰ জগতাপে দিয়া তথ্যত ৰেমডেজিভিয়েৰৰ চাহিদা আৰু যোগানৰ মাজত যথেষ্ট ব্যৱধান পৰিলক্ষিত হৈছিল। চলিত বৰ্ষৰ ২৩ এপ্ৰিলৰ পৰা ১২ মে'ৰ ভিতৰত, দেশৰ দ্বিতীয়টো ক’ভিড ঢৌৰ উত্থানৰ সময়চোৱাত জিলাখনত ৩৮,০০০ ৰেমডেজিভিয়েৰ বেজীৰ প্ৰয়োজন আছিল। ইয়াৰ বিপৰীতে কিন্তু চাহিদাৰ প্ৰায় ১৫ শতাংশ অৰ্থাৎ ৫,৭২০ টাহে উপলব্ধ আছিল৷

এই নাটনিৰ ফলত বীড়ত ৰেমডেজিভিয়েৰৰ এক বিশাল ক'লা বজাৰৰ সৃষ্টি হৈছিল। ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰতি ভাইলত ১,৪০০ টকা মূল্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে ক’লা বজাৰত এই বেজীৰ মূল্যই ৫০,০০০ টকাৰ সীমা স্পৰ্শ কৰিছিল, ফলত ই ৩৫ গুণ অধিক ব্যয়বহুল হৈ পৰিছিল।

বীড় তালুকাৰ পান্ধাৰ্য্যচিৱাড়ী গাঁৱত চাৰি একৰ কৃষিভূমিৰ মালিক সুনীতা মাগৰ নামৰ এগৰাকী কৃষকে তাতকৈ অলপ কম ধন পৰিশোধ কৰিছিল। যেতিয়া এপ্ৰিলৰ তৃতীয় সপ্তাহত তেওঁৰ ৪০ বছৰীয়া স্বামী ভৰতৰ দেহত ক’ভিড-১৯ দেখা দিছিল, সুনীতাই ২৫,০০০ টকা দি ৰেমডেজিভিয়েৰৰ এটা ভাইলকিনিবলগাত পৰিছিল। কিন্তু তেওঁক প্ৰয়োজন হৈছিল ছটা ভাইলৰ আৰু আইনীভাৱে তেওঁ কেৱল এটাহে ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। "মই কেৱল বেজীৰ বাবেই ১.২৫ লাখ টকা ব্যয় কৰিছিলো", তেওঁ এইদৰে ব্যক্ত কৰে ৷

Sunita Magar and her home in Pandharyachiwadi village. She borrowed money to buy remdesivir vials from the black market for her husband's treatment
PHOTO • Parth M. N.
Sunita Magar and her home in Pandharyachiwadi village. She borrowed money to buy remdesivir vials from the black market for her husband's treatment
PHOTO • Parth M. N.

পান্ধাৰ্য্যচিৱাড়ী গাঁৱত সুনীতা মাগৰ আৰু তাইৰ ঘৰ আছে তেওঁ নিজৰ স্বামীৰ চিকিৎসাৰ বাবে ক ' লা বজাৰৰ পৰা ৰেমডেজিভিয়েৰ ভাইল কিনিবলৈ টকা ধাৰলৈ লৈছিল

যেতিয়া ৩৭ বছৰীয়া সুনীতাই তেওঁৰ ভাইলৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰশাসনক অৱগত কৰিছিল, তেতিয়া এইটো উপলব্ধ হ'লেহে তেওঁক অৱগত কৰা হ'ব বুলি জনোৱা হৈছিল। "আমি ৩-৪ দিনলৈ অপেক্ষা কৰিছিলো, কিন্তু তথাপিও কোনো ষ্টক উপলব্ধ নাছিল। আমি চিৰদিনৰ বাবে অপেক্ষা কৰিব পৰা অৱস্থাত নাছিলো৷’’ তেওঁ এইদৰে কয়। "ৰোগীক সময়মতে চিকিৎসাৰ প্ৰয়োজন। গতিকে আমি যি কৰাটো প্ৰয়োজন সেয়াই কৰিলো।’’

ৰেমডেজিভিয়েৰ বিচাৰি সময় নষ্ট কৰাৰ পিছত আৰু শেষত গৈ ক'লা বজাৰত বিচাৰি পোৱাৰ অন্তত তাৰে দুসপ্তাহ পিছতে চিকিৎসালয়ত ভৰতৰ মৃত্যু হয়। "মই আত্মীয় আৰু বন্ধুবৰ্গৰ পৰা টকা ধাৰলৈ লৈছিলো।’’ সুনীতাই কয়৷ "তেওঁলোকৰ প্ৰায় ১০ জনে মোক সহায় কৰিবলৈ ১০,০০০ টকা লৈ দিছিল। মই ধনো হেৰুৱাইছিলো আৰু মোৰ স্বামীকো হেৰুৱাইছিলো। আমাৰ দৰে মানুহে ঔষধৰ সুবিধা নাপায়। আপুনি ধনী আৰু ডাঙৰ মানুহৰ সৈতে উঠা-বহা হ'কৰিলেহে আপোনাৰ প্ৰিয়জনক বচাব পাৰিব।’’

ৰেমডেজিভিয়েৰৰ পিছে পিছে দৌৰি বীড়ত সুনীতাৰ দৰে বহুতো পৰিয়াল সৰ্বস্বান্ত হৈছে। তেওঁ কয়, "মোৰ ল’ৰাই পঢ়া-শুনা অব্যাহত ৰাখিও আমাৰ পথাৰত মোক সহায় কৰিব লাগিব," লগতে তেওঁ এয়াও কয় যে ঋণ পৰিশোধ কৰিবলৈ তেওঁ আনৰ পথাৰতো কাম কৰিব লাগিব। "মাত্ৰ কেইদিনমানৰ ভিতৰতে আমাৰ জীৱন যেন ওলট-পালট হৈ গ’ল। মই নাজানো কি কৰিম। ইয়াত বিশেষ একো কামৰ সুবিধাও নাই।’’

কৰ্মসংস্থাপনহীনতা আৰু দৰিদ্ৰতাই বীড়ৰ কৃষক আৰু কৃষি শ্ৰমিকসকলক কাম বিচাৰি বৃহৎ সংখ্যাত চহৰলৈ প্ৰব্ৰজিত হ’বলৈ বাধ্য কৰিছে। এতিয়ালৈকে জিলাখনৰ মাৰাঠৱাড়া অঞ্চলত ৯৪,০০০ ৰো অধিক ক’ভিড পৰিঘটনা আৰু ২,৫০০ মৃত্যুৰ পৰিঘটনা নথিভুক্ত কৰা হৈছে। এই পৰিসংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক কৃষকৰ আত্মহত্যাৰ ঘটনাতকৈও বেছি। ইতিমধ্যেই জলবায়ু পৰিৱৰ্তন, পানীৰ অভাৱ আৰু কৃষি সংকটৰ বাবে ঋণত জৰ্জৰিত জিলাখনৰ লোকসকলে ৰেমডেজিভিয়েৰৰ অবৈধভাৱে ক্ৰয়ৰ বাবে অধিক ধন ধাৰলৈ ল'বলৈ বাধ্য হৈছে, এনেদৰে তেওঁলোক ধাৰত পোত গৈছে।

ৰাজ্য চৰকাৰৰ অদূৰদৰ্শিতাৰ ফলতেই ৰেমডেজিভিয়েৰৰ অবৈধ ব্যৱসায়ে গা কৰি উঠিছে, ডাঃ ভ’ণ্ডৱে এইদৰে কয়। "আমি দ্বিতীয় ঢৌৰ সময়ত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱা প্ৰত্যক্ষ কৰিছিলো। এপ্ৰিল মাহত দৈনিক (ৰাজ্যখনত) প্ৰায় ৬০,০০০ লোকৰ গাত এই ৰোগ ধৰা পৰিছিল।’’

Left: Sunita says that from now on her young son will have to help her with farm work. Right: Ravi has taken on his father's share of the work at the farm
PHOTO • Parth M. N.
Left: Sunita says that from now on her young son will have to help her with farm work. Right: Ravi has taken on his father's share of the work at the farm
PHOTO • Parth M. N.

বাওঁফালেঃ সুনীতাই কয় যে এতিয়াৰে পৰা তেওঁৰ সৰু পুত্ৰই খেতিৰ কামতো সহায় কৰিব লাগিব। সোঁফালেঃ ৰবিয়ে খেতিপথাৰত তেওঁৰ দেউতাকৰক সহায় কৰিছে

চিকিৎসকগৰাকীয়ে কোৱা অনুসৰি গড়ে ১০ শতাংশ ক’ভিড পজিটিভ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা প্ৰয়োজন। "তাৰে ভিতৰত ৫-৭ শতাংশক ৰেমডেজিভিয়েৰৰ প্ৰয়োজন হ'ব। কৰ্তৃপক্ষই চাহিদা অনুসৰি অনুমান কৰিব লাগিছিল আৰু ঔষধৰ উপলব্ধ ৰাখিব লাগিছিল, ডাঃ ভ’ণ্ডৱে এইদৰে কয়। "যেতিয়াই নাটনি হয় তেতিয়াই ক'লা বজাৰে গা কৰি উঠে। আপুনি কেতিয়াও ক্ৰ’চিন ক'লা বজাৰত বিক্ৰী হোৱা নেদেখিব ৷’’

সুনীতাক কোনে ৰেমডেজিভিয়েৰ ভাইল যোগান ধৰিছিল সেই বিষয়ে তেওঁ প্ৰকাশ কৰিবলৈ অসন্মত হয়। তেওঁ কয়, "প্ৰয়োজনৰ সময়ত তেওঁ মোক সহায় কৰিছিল। মই তেওঁক বিশ্বাসঘাতকতা নকৰো৷’’

নাম প্ৰকাশত অনিচ্ছুক মাজালগাৱঁৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন চিকিৎসকে ক’লা বজাৰত কিদৰে ঔষধটো যাব পাৰে তাৰে সামান্য আভাস দিয়ে৷ "প্ৰশাসনৰ ওচৰত বেজী বিচৰা ৰোগীৰ এখন তালিকা আছে। বহুক্ষেত্ৰত, ঔষধবিধ আহিবলৈ এসপ্তাহতকৈও অধিক সময়ৰ প্ৰয়োজন হয়। সেই সময়চোৱাত যদি ৰোগীজন আৰোগ্য হয় বা মৃত্যুবৰণ কৰে তেতিয়া আত্মীয়সকলে ইয়াৰ বিচাৰ-খোচাৰ নকৰে। সেই বেজীটো ক'লৈ যায়?

অৱশ্যে, জিলা দণ্ডাধীশ জগতাপে কয় যে তেওঁ বীড়ৰ ঔষধৰ কোনো বৃহৎ পৰিমাণৰ ক'লা বজাৰৰ বিষয়ে অৱগত নহয়।

বীড় চহৰৰ দৈনিক কাৰ্য্যাৰম্ভ বাতৰি কাকতৰ সাংবাদিক বালাজী মাৰগুডেয়ে কয় যে অবৈধভাৱে ৰেমডেজিভিয়েৰ ক্ৰয় কৰা অধিকাংশৰেই ৰাজনৈতিক সম্পৰ্ক আছে। তেওঁ কয়, "দলীয়ভাৱে স্থানীয় নেতা বা তেওঁলোকৰ সৈতে জড়িত সকলে এই ক’লাবজাৰত সোমোৱাৰ সুযোগ লাভ কৰে৷ মই কথা পতা প্ৰায় অধিকাংশই এই বিষয়ে কৈছে যদিও তেওঁলোকে ইয়াতকৈ অধিক তথ্য দিব নিবিচাৰে। কিয়নো তেওঁলোকৰ প্ৰাণৰ শংকা আছে। মানুহে পৰিশোধ কৰিব নোৱাৰাকৈ টকা ধাৰে লৈছে। তেওঁলোকে নিজৰ মাটি আৰু গহণা বিক্ৰী কৰিছে। ৰেমডেজিভিয়েৰৰ বাবে অপেক্ষাৰত অৱস্থাতেই বহুতো ৰোগীৰ মৃত্যু হৈছে।’’

ডাঃ ভ’ণ্ডৱে ব্যাখ্যা কৰা অনুসৰি ৰোগী এজনৰ তেজৰ অক্সিজেনৰ স্তৰ হ্ৰাস হোৱাৰ পূৰ্বে ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰেমডেজিভিয়েৰ কাৰ্য্যকৰী হয়৷ "ভাৰতত ই কামত নাহিল, কিয়নো অধিকাংশ ৰোগীয়ে গুৰুতৰ অৱস্থাতহে চিকিৎসালয়লৈ আহে।"

বোধহয় ৰবি বডবেৰ পিতৃ-মাতৃৰ ক্ষেত্ৰতো এয়াই হৈছিল ৷

Ravi is trying to get used to his parents' absence
PHOTO • Parth M. N.

ৰবিয়ে তেওঁৰ পিতৃ - মাতৃৰ অনুপস্থিতিত অভ্যস্ত হ ' বলৈ চেষ্টা কৰি আছে

ৰেমডেজিভিয়েৰৰ নাটনিৰ ফলত বীড়ত এখন বিশাল ক'লা বজাৰৰ সৃষ্টি হৈছিল। ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰতিটো ভাইলত ১,৪০০ টকা মূল্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে ক’লা বজাৰত এই বেজীৰ মূল্য ৫০,০০০ টকা হৈছিলগৈ

চোলাপুৰৰ চিকিৎসালয়খনলৈ এম্বুলেঞ্চত নিয়াৰ পিছতে অৰ্জুন আৰু গীতা ববডেৰ এসপ্তাহৰ ভিতৰতে মৃত্যু ঘটিছিল। "চাৰি ঘণ্টাৰ যাত্ৰাত তেওঁলোকৰ অৱস্থাৰ যথেষ্ট অৱনতি ঘটিছিল। ৰাস্তাবোৰৰ অৱস্থা ভাল নহয়, সেয়েহে তেওঁলোকে যথেষ্ট কষ্ট পাইছিল বোধহয়," ৰবিয়ে কয়। "কিন্তু মই আন এটা বিকল্পৰ কথা ভাবিব পৰা নাছিলো। মই বীড়ত ৰেমডেজিভিয়েৰ পাবলৈ পাঁচ দিন পৰ্য্যন্ত অপেক্ষা কৰিছিলো।’’

পিতৃ-মাতৃহাৰা হোৱা ৰবিয়ে এতিয়া হাৰকি নিমগাঁৱৰ ঘৰত অকলে বাস কৰে। তেওঁৰ ডাঙৰ ককায়েক জলিন্দৰে প্ৰায় ১২০ কিলোমিটাৰ দূৰৰ জালনাত বাস কৰে আৰু কাম কৰে। "মই আচৰিত অনুভৱ কৰোঁ," ৰবিয়ে কয়। "মোৰ ককাইদেউ আহি মোৰ লগত কিছু সময় অতিবাহিত কৰিব কিন্তু তেওঁৰো এটা চাকৰি আছে। তেওঁ জালনালৈ উভতি যাব লাগিব আৰু মই অকলে থাকিবলৈ অভ্যস্ত হৈ পৰিম।’’

ৰবিয়ে তেওঁৰ পিতৃক খেতিপথাৰত খেতি কৰাত সহায় কৰিছিল য'ত তেওঁ কপাহ, চয়াবীন আৰু অৰহৰ ডাইলৰ খেতি কৰিছিল। ঘৰত বিচনাত উদাসীনভাৱে বহি ৰবিয়ে কয়, "অধিকাংশ কাম তেৱেঁই কৰিছিল, মই মাত্ৰ তেওঁক সহায় কৰিছিলো।’’ অতি কম বয়সতে গুৰু দায়িত্ব বহন কৰিবলগীয়া হোৱাৰ উদ্বেগে তেওঁৰ চকুপানীৰ ঢলক বাধা দিব পৰা নাছিল। "দেউতাই মোক বাট দেখুৱাইছিল। মই তেওঁক অনুসৰণ কৰিছিলো।’’

খেতি পথাৰত অৰ্জুনে দক্ষতা জড়িত কাম যেনে শস্য চপোৱা কামত মনোনিৱেশ কৰিলেহেঁতেন আনহাতে ৰবিয়ে শ্ৰমজড়িত কামত ব্যস্ত হৈ পৰিলহেঁতেন ৷ কিন্তু জুনৰ মাজভাগত আৰম্ভ হোৱা এই বছৰৰ শস্য চপোৱা বতৰত ৰবিয়ে তেওঁৰ দেউতাকৰ কৰ্মভাৰো বহন কৰিবলগীয়া হ’ল। কৃষিৰ বতৰৰ বাবে এইয়া তেওঁৰ এক ভয়ংকৰ আৰম্ভণি আছিল – কিয়নো অনুসৰণ কৰিবলৈ তেওঁৰ কোনো জ্যেষ্ঠজন নাছিল।

পিছলৈ যদি ঘূৰি চাওঁ, ৰেমডেজিভিয়েৰৰ সন্ধানত ৰবিয়ে যি হেৰুৱালে সেয়া পাঁচ দিন, ২০০ কিলোমিটাৰ আৰু ২৭,০০০ টকাইও পূৰণ কৰিব নোৱাৰিলে৷

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Parth M. N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M. N.
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder